মোৰেই আছুতীয়া (‘আঙিছে জোৰায়’) [মুল: ঝৰ্ণা ৰাভা চিকাচাম] অনুবাদ: উপেন ৰাভা হাকাচাম

মোৰ হেনো আছুতীয়া ধন, আছুতীয়া ধান অজস্ৰ৷ মানুহে কয়৷ সেয়েহে নেকি খেনো খেনোৱে ঈৰ্ষাতে মোৰ নামত নানা কথা লগায়৷ কৰক মানুহে তাচ্ছিল্য – নেদেখাজনে নকৰিলেই হ’ল৷ হে অভ্যাগত, মোৰ বিষয়ে যৎকিঞ্চিৎ কথা শুনিবলৈ মন নাযায়নে? ইমানবিলাক আছুতীয়া সা-সম্পত্তি মোৰ জিম্মাত কেনেকৈ গোট-পিট খাবলৈ পালে? আহাচোন, মোৰ নামত থকা সা-সম্পত্তি, ধন-জনৰ গম-গতি লওঁ৷ মোৰ আছুতীয়া পশুধনৰ ভিতৰত আছে— এগৰালকৈ হাঁহ-কুকুৰা, এটা বৰ ডাঙৰ খাহী কৰা গাহৰিৰ লগতে সৌ-সিদিনাহে জগা এপাল গাহৰি পোৱালিৰ সৈতে বগী মাইকী গাহৰি এজনী, গাই গৰু তিনিজনী, গৰিয়াৰ পৰা আধিয়াৰিকৈ পুহিবলৈ অনা ডঢ়ীয়া ছাগলী এটা—, থাউকতে ক’বলৈ গ’লে ধৰা এইকেইটাই৷ সেইদৰে লাগনী গছৰ ভিতৰত হ’লে বাগিচাভৰা টেঙামৰা, ঝুমতলী ভৰা কাঠআলু, কলেৰে ভৰপূৰ বাগিচা এখন, পাহাৰৰ দাঁতিত গজি উঠা কিন্তু মোৰ চৌহদৰ ভিতৰৰে বাৰমহীয়া আম এজোপা, থোক ভৰি ৰঙচুৱা বৰণ ধৰা বগৰীজোপা, ধান দাওঁতে খাবলৈ বুলি পকাই থ’ব পৰা ৰবাব টেঙাৰ বুঢ়া গছজোপা, ভাত ৰান্ধিবলৈ বুলি আগধৰি আহি বাৰীৰ চুকত পকাই থৈ খাব পৰা কঁঠালৰ গছজোপা— নাই নাই বুলিলেও আছে দিয়াচোন৷

সেইদৰে ল’ৰালিতে পথাৰত লেছেৰি বুটলি ফুৰোতে হেৰা পোৱা বুলি নকটা ধানৰ শীহৰ পৰা বা চপাই নিনিয়া ধানৰ ভৰা মুঠিৰ পৰা আত্মসাৎ কৰি পোৱা ধান আৰু সেই ধানকে আটকীয়া সময়ত সুদ লগাই এগুণৰ ঠাইত দুগুণ কৰি লৈ সাঁচি সাঁচি যতনোৱা এভঁৰাল ধান, গিৰীয়েক-ঘৈণীয়েক দুয়ো মিলি লুকাই-চুৰকৈ খাবলৈ বুলি সাঁচি ৰখা কেইচুঙামানি ‘সিন্দল’ (শুকান মাছ), লাগ বুলিলেই দিব পৰাকৈ পাতি থোৱা ঘৰৰ চুকৰ মাখাম-মদ এহাড়ী, কাপ্লুক ভিনদেউক হকে বিহকে নিমন্ত্ৰণ কৰি আনি খুৱাব পৰাকৈ পাতি থোৱা সাঁচতীয়া পোহন-মদ, বুঢ়া কুকুৰাৰে হওক বা শুকান গাহৰি মঙহেৰে হওক, ৰান্ধিবলৈ বুলি সাঁচি থোৱা ধোঁৱাচাঙৰ কেইটামান পকা ৰঙালাও, নেগুৰীয়া শামুকৰ খোলাৰে ৰান্ধি খাবলৈ বুলি থৈ দিয়া এটোপোলা মাটিমাহ, আৰু কেইজোপামান বাৰীৰ আদা, পানীলগা হ’লে আউটি খাবলৈ বুলি ঔষধৰ দৰে ৰখা এলাও শোকোতা, মৰা-চুৱা আদিত গা ধুই শুচি হ’বলৈ বুলি সাঁচি থোৱা এখালৈ ঘিলাগুটি, কানি-কাপোৰ ধুবলৈ বুলি থৈ দিয়া এচুঙা মণিছাল ইত্যাদিৰেই বা হিচাপ ৰাখিছেনো কোনে?

মোৰ শাহুআইক মানে নিজা মোমাইদেউৰ গৃহিণীক (আমাৰ তেখেতৰ বুঢ়ী) দাবী-হুমকি দি আছুতীয়া মাটিৰ ধান বুলি জোৰকৈ জোখাই লৈ তাক বেচি পোৱা সকলো ধন-সম্পত্তি, বেলেগীয়া হৈ খাই জেওৰা দি এখন চোতালক দুখন কৰাৰ দৰে তেওঁৰ বোপা ককাৰ দিনৰে টিনচালি দিয়া ঘৰখনকো মোৰেই আছুতীয়া অৰ্জন বুলিব পাৰি দিয়াচোন৷ বৰ তাজ্জব মানিবৰ কথা এইটোৱে যে – গাভৰুকালতে গা-খালাচ কৰা আৰু মোৰ হোলাৰ ভাই মোলা মানুহজনৰ অগোচৰে গা-ভাৰী হোৱাকে ধৰি (সেই যে প্ৰথমবাৰ উপায় নাপাই গা-খালাচ কৰিলোঁ — সেইটো কাপ্লুক ভিনদেউৰে যে আছিল এইটো নিৰ্ঘাত, তোমাক বুলিহে গোপনে কৈ থ’লো দিয়া) এতিয়ালৈকে মোৰ পেটৰ দুটা ল’ৰা আৰু দুজনী ছোৱালীৰ জন্ম-ৰহস্য একমাত্ৰ মোৰেই আছুতীয়াকৈ জ্ঞাত৷

এইদৰে আছুতীয়া সা-সম্পত্তিৰ হিচাপ নিকাচ ৰখাটো যিমান কষ্টকৰ তাতকৈ কম কষ্টকৰ নহয় ইবিলাকৰ প্ৰতিবিধৰে আৰ্জনৰ কাহিনীটো মনত ৰাখি তাক নিৰালি লগাকৈ ব্যক্ত কৰাটো৷ ইবিলাকৰ মাজত এনে কিছুমান আছুতীয়া কথা আছে যিটো সকলোৰে আগত যেনেদৰে ঘটিছিল তেনেভাৱে খোলোচাকৈ কৈ দিয়াত আপত্তি আছে৷ লাগিলে সি যিমান যি প্ৰিয়, হিয়া দিয়া-নিয়া কোনোবা মনৰ মানুহজন বা সুখ-দুখৰ সমভাগী জীৱন-সংগীয়েই হওক৷ মোৰেই কথাকে ধৰাচোন— আনৰনো ক’বলৈ যাম কিয়?

যেতিয়াৰ পৰা মই বুজন হৈছো তেতিয়াৰ পৰাই মোক এটা কথাই খুলি খুলি খাইছে আৰু নিৰন্তৰে সেই কথাকে ভাবি আহিছোঁ৷ সুযোগ-সুবিধা লৈ পালেই কওঁ কওঁকৈ মনতে পুহি ৰখা সেই কথাটো মই এতিয়াও কাৰো আগত ক’ব পৰা নাই৷ কথাটো হ’ল —সতীত্ব অৰ্থাৎ দেহাৰ শুচিতা বোলা বস্তুটো আচলতে মনৰ নে দেহৰ? কথাৰ লাচতে কথা উলিয়াই আমাৰ তেখেতক সুধিলে ই ব্যক্তিগৰাকীৰ একান্ত মনৰ কথা বুলিয়ে ক’ব বিচাৰে৷ কোনো এজন পুৰুষে যদি কোনো এগৰাকী নাৰীৰ লগত জোৰ-জুলুমকৈ যৌনকাৰ্য্যত লিপ্ত হয় আৰু তাত যদি নাৰীগৰাকীৰ সন্মতি নাথাকে অৰ্থাৎ সুস্থ শৰীৰে দেহা দান নকৰে তেন্তে সেইগৰাকী নাৰী অসতী নহয়, মানে হ’ব নোৱাৰে৷ যেনেকৈ অহল্যা, সীতা, দ্ৰৌপদী, কুন্তী ইত্যাদি নাৰী অসতী নহয়৷ সেইদৰে কোনোবাগবাকী নাৰী যদি অভাৱৰ তাড়নাত পৰি বা বিপদগ্ৰস্ত হৈ, ধৰা— চিৰৰুগীয়া গিৰীয়েকৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা ধনৰ বিনিময়ত নিজৰ শৰীৰ দান কৰে আৰু সময়ত গিৰিয়েকজনা সুস্থ হৈ উঠে তেন্তে তেৱোঁ অসতী নহয়৷ এই একে কথাকে গাভৰুকালত মানে আমাৰ তেখেতক বৰণ নকৰোঁতে কাপ্লুক ভিনদেউৱেও ক’ব বিচাৰিছিল৷ সেই সময়ত কাপ্লুক ভিনদেউ ৰিনচামাই বাইদেউক বিয়া কৰোৱাই নাছিল৷ আমাৰ ঘৰলৈ তেতিয়া তেওঁৰ আহ-যাহ খুব বেছি৷ এদিন ছেগ চাই আছুতীয়া কোঠাত বাইদেউ গা ধুবলৈ যোৱাৰ সময়ছোৱাত ময়েই অকলে ভিনদেউৰ লগত কথা পাতি থাকোতে কথাৰ লাচতে ভিনদেউক এই কথাটোকে সুধিছিলো৷ — ভিনদেউ, ভিনদেউ! নাৰীৰ সতীত্ব দেহত নে মনত?

: মনত৷ এই কথাটি তোমাক কিয়নো লাগিছে ?
: এনেয়েই৷
: এনেয়েই নহয় ?
: তেন্তে কি?
: তাৰমানে তুমি সুধিব বিচাৰিছা নেকি মই তোমাব বায়েৰাক ভাল পাওঁ বাবে তোমাকো মৰম কৰা নাযাব বুলি৷
: নাই কথাত লাগি থাকি ভাল পায় ভিনদেউৱে৷

—এই বুলি ক’বলৈহে পালো তেওঁ মোক মোৰ আউলিবাউলি চুলিকোছাত হাত বুলাই দি থুতৰিটো ওপৰলৈ দাঙি ধৰি তপৰকৈ চুমা খাই সাবটি ধৰিলে৷ সেই তেতিয়াতে মই প্ৰথমে জানিবলৈ পাইছিলোঁ – দেহত শিহৰণ তোলা যৌৱনকালটো কিমান মাদকতাৰে ভৰা৷ এনে অৱস্থাতো, ইয়াৰ মাত্ৰ তিনি বছৰ আগতে পাটগাভৰু বয়সত ভৰি দিছোঁ কি নাই দিয়া তেনেতে মোৰ দেহৰ সতীত্ব বোলা বস্তুটো হেৰুৱাব লগা হৈছিল— এজন পিতৃ বয়সীয়া ৰাক্ষসৰূপী ৰাৱণৰ চক্ৰান্তত সীতা আয়ে জই পৰি যোৱাৰ দৰে মই নিজেও স্বয়ং৷ এতিয়াও সেই দৃশ্যটি মনত পৰিলে মোৰ দেহ-মন শিয়ঁৰি উঠে৷ নোম ডাল ডাল হয়৷

কিন্তু এই কথাটো মই কাৰোবাক নিজৰ মানুহ বুলি বিশ্বাসত লৈ ক’ব পাৰিম জানো! কোনোবা লোকে শুনি বুকু ডাঠি ক’ব পাৰিবনে – ইয়াত তোমাৰ অকণো দোষ নাই৷ দোষ, তোমাৰ শৰীৰৰ৷ উঠি অহা তোমাৰ ফুটন্ত যৌৱন দেখি সেই লেখীয়া আদবয়সীয়া লোকৰ কামভাব জাগৃত হোৱাটো প্ৰকৃতিৰে বিভ্ৰাট৷ হওক হ’লে সি নিজৰ তেনেই ওচৰ-সম্পৰ্কীয় আত্মীয়ৰ নতুবা হোকা-পানী নচলা দূৰ-সম্পৰ্কীয় বিজাতিৰ কন্যা৷ কিন্তু কোনে শুনিব, কাক ক’ম৷ — যিয়ে শুনিব তেৱেঁ লঠিয়াব, ঘৃণা কৰিব, মোৰ নামত থুৱাব৷ সেয়ে এই ঘটনাটো মোৰ তেনেই আছুতীয়া আৰু এইটো মোৰ তেনেই ব্যক্তিগত কাহিনী নহয় জানো?

সিদিনাখনো শপত খাইছিলো— পুৰুষ জাতিৰ বিশ্বাস নাই৷ সিহঁতক প্ৰশ্ৰয় দিয়া আৰু কামুৰিব খোজা কুকুৰক মিঠাই খুওৱা একে কথা৷ তথাপি সংসাৰৰ চাকনৈয়াত উতনুৱা যৌৱনৰ ধামখুমীয়াত পৰি তথাকথিত ভিনদেউহঁতৰ দৰে কিমানজনক যে ঠাই দিব লগা হৈছে মোৰ দৰে অবলা নাৰীবিলাকৰ উদাৰ আৰু ৰিক্ত হৃদয়ত— সিহঁতৰ থুনুকা যৌৱনৰ মিছা ফুচুলনিত ভোল গৈ৷ ভিনদেউৱে মোৰ যৌৱনকালটোক নতুন জীৱন দিছিল— তেওঁৱে মোক ফুলৰ দৰে ফুলি শত-সহস্ৰ ভোমোৰাজাকক প্ৰলোভিত কৰি ৰাখিবলৈ শিকালে৷ ফুল ফুলে, সুৰভি বিলায়, ভোমোৰা আকৰ্ষিত হয়, ভোমোৰা বিতাড়িত হয়৷ ভোমোৰাৰ দৰে ফুলৰ মৌ চুহি খাই হ’লে কোনোবাজনে এবাৰলৈ হ’লেও উভতি আহে আৰু কোনোবা জনে চিৰকালৰ বাবে একেবাৰে আতৰি যায়৷ থাওঁক৷ তাত আমাৰ নাৰী জাতিৰ কি আহে, কি যায়!

তেনেতে এদিন ভিনদেৱে মোৰ হৈ পোতক তুলিবলৈ যাওঁক, শুভ সন্দেহৰ বাহানা কৰি মা-দেউতাৰ লগত পূৰ্বৰে পৰা বিয়ৈ-বিয়নী সম্বোধনেৰে বান্ধ খাই থকা কাংকেৰাম মহাজনৰ পুত্ৰ ফাংকাৰামক বলাবলৈ৷

প্ৰিয় অভ্যাগত! এইখিনিতে এটি সৰু কথা তোমাকো কাণ চোৱাই থওঁ৷ আমাৰ মা-দেউতাই আমাক নিছলাৰো নিছলা কৰিয়েই শিয়াল-গাহৰিৰ দৰে এজাক ভাই-ভনীৰ জন্ম দিছিল৷ যাৰ বাবে সৰুৰে পৰা আমি (ডাঙৰজনী বাইদেউৰ বাহিৰে) আনৰ ঘৰত বন কৰি খাব লগীয়া হৈছিল৷ সৰুৰে পৰা মা-দেউতাৰ মৰম-চেনেহৰ পৰা বঞ্চিত হ’বলগীয়া হ’লো, যিবা অলপ মৰম পালো— একমাত্ৰ কাপ্লুক ভিনদেউৰে পালোঁ৷ (অৱশ্যে বাইদেউজনীয়েও এতিয়ালৈকে মোক বৰকৈ মৰম কৰে৷) আৰু কাংকেৰামৰ দৰে মহাজনৰ স্বাৰ্থনিহিত সেই মৰমৰ তুলনা নাই (কিয় মৰম কৰিছিল আজি বেছ কিছুদিনৰ পৰা সকলো গম-গতি মই নোপোৱা নহওঁ)৷ অৱশ্যে এতিয়ালৈকে মই যিমানদূৰ জানো মোৰ তেওঁ হ’লে সঁচা-সঁচিকৈ মোৰ মৰমতে বলিয়া৷ মানুহজনো তেনেই বেঙা নহয়৷ মই বুলি ক’লে পৰি মৰিব পাবে তেওঁ৷

পোন প্ৰথমতে ফংকাশ্বৰক (মোৰ তেওঁক)৷ কাপ্লুক ভিনদেউৱে হেনো অলপ টুকুৰিয়াই চাইছিল– তেওঁৰ হেনো উত্তৰটো পোনপটীয়া নাছিল— ‘দেউতাইহে জানে ভাই! দেউতাক বলাব পাৰিলে মোৰ একো আপত্তি নাই৷ মিয়ছাজনীৰো আমাৰ ঘৰলৈ ৰঙা ৰিহা গাত লোবাৰ আগৰে পৰা আহি আমাৰ ঘৰতে বৰ এজনী গাভৰু হৈ নাই যোৱা জানো? আজিলৈ দুই-এবছৰমান হে হ’ল- তোমাৰ তালৈ তাইৰ বায়েকে গা যাচি বিয়াত সোমোৱাৰ পিছৰ পৰাহে কোনোমতে ঘৰত থিতাপি লৈছেহি৷ মানুহজনী দেখোনে-পিন্ধোনে বৰ লাগী৷ দেউতাক হাত কৰাচোন৷’ তাৰপিছত ভিনদেউৱে হেনো দেউতাক কাংকেৰামৰ ওচৰত ছল চাই কথাটি উলিওৱাত তেওঁ হেনো কৈছিল –‘অ’ মিয়ছা নামৰ ছোৱালীজনী কেলৈ বিয়ৈৰে ছোৱালী নহয় জানো? আমাৰ ঘৰতে বন কৰিছিল যেন পাওঁ! নে তাইৰ বায়েকজনীহে আছিল৷ বাৰু হ’ব দেচোন – হ’ল বুলিও কাম-বনৰ গম-গতি নোলোৱাকৈ একমাত্ৰ ল’ৰাটিক তেনেকৈ যধে-মধে গুৰি-গোষ্ঠী নজনা ছোৱালীৰ লগত ঘৰ পাতি দিব নোৱাৰি দিয়াচোন৷ যদিহে ঘৰখনে ৰাজী হয় তেন্তে এটা কাম কৰিব পাৰা এবছৰ বা দুবছৰলৈ বিনা পাৰিশ্ৰমিকত অভ্যস্ত হোৱাৰ সুবিধাৰ্থে ঘৰত বন কৰি দিব লাগিব৷ ভাল পালে অবশ্যেই কথা দিছোঁ- ৰাখি পেলাম৷ আমাৰ বোপা ফংকাশ্বৰ কিন্তু অলায়ক নহয়; বাপেক চাইহে পুতেক৷ মই যদি ওঁ বোলো সি না-নুই নকৰে—৷ নিশ্চয়কৈ জানিবা৷ শুভস্য শীঘ্ৰম৷ যিমান পাৰা সোনকালে পঠিয়াবা৷’
ভিনদেউৱে আহি মোক বুজাই-বঢ়াই ক’লে— ‘যোৱা ওলোৱাগৈ৷ এয়ে সোণালী সুযোগ৷ পোতক তোলাৰ৷ তোমালোক ছোৱালীবিলাকে পুৰুষবিলাকক এনেকৈয়ে পোতক তুলিব লাগিব৷’

সিদিনাখন মই ভিনদেউৰ বহল বুকুত মূৰ গুজি বহুপৰ কান্দিছিলো৷ ভিনদেউৱে মোক নিজৰ বুকুত আলফুলে আকোৱালি লৈ যেতিয়া মোৰ দুগালেদি বৈ অহা চকুলো মচি দিছিল, তেতিয়াই মই মোৰ হিয়া-ফুল পূৰ্ণৰূপত মেলি দি ভিনদেউৰ ওচৰত সঁপি দিছিলো৷ ভিনদেউৱেও দুগুণে উৎসাহিত হৈ মৰমৰ সুধা আকণ্ঠ পান কৰি মোৰ সোণাময় নৱউদ্ভিনা দেহাত দুহাতেৰে পৰশ বুলাই মোক কাংকেৰাম মহাজনৰ ঘৰলৈ আগবঢ়াই দিছিলহি – তিনিবছৰ বিৰতিৰ পিছত হেৰুওৱা মৰ্য্যাদা পুনৰ ঘূৰাই পোৱাৰ স্বাৰ্থত৷

দিন যায়৷ মাহ বাগৰে৷ এমাহ পিছত হঠাৎ এদিন কাংকেৰাম মোমাইদেউ মদৰ নিচাত ঘৰত এনেয়ে লাং খাই পৰি থকা দেখিলোঁ৷ সিদিনা মামী বিহু-মেলা – চাবলৈ বুলি ওলাই গৈছিল৷ মোৰ তেওঁৱো বোধহয় বিহু মেলালৈকে গৈছিল৷ ঘৰৰ লগুৱা-লিগিৰী আটায়ে ওলাই গৈছিল৷ ঘৰত মই আৰু মোমাইদেউ৷ লাজ মান কাটি কৰি সোমাই পৰিলোঁহি কাংকেৰাম মোমাইহঁতৰ বৰ ঘৰত— “মোমাইদেউক চোক উকলা ‘গোৰা’ মদ আৰু নালাগে নেকি?’ বোলাৰ ছলেৰে৷

: অ’ মিয়ছা! ক’তা তেনেকৈ চোকহীন হৈ যোৱাগৈ নাই নহয়৷ তথাপিতো তাক আৰু নধৰো৷ পাৰা যদি সাঁচতীয়া পোহন মদকে উলিয়াই দিয়াচোন ভাগিনী৷

‘ভাগিনী নহয়, তোমাৰ হবলগীয়া বোৱাৰীজনীহে মই৷’ – মই মনতে ভাবি লৈ তেনেই চোকা পোহন মদেৰে এবাটি পুৰ কৰি লৈ মোমাইদেউক যতনাই দিলো৷ মানে যতনাই নহয় লচপচী ৰচকীজনী হৈ তেওঁৰ মুখতে বাকি দিলোঁগৈ৷ আৰু দুয়ো ঢাৰিখনৰ ওপৰতে একেলগে বিহুৰ সাঁজলগা পৰত – বিহুময় বতৰত… তাতে বুঢ়াটো বেচেৰা— বয়স ভাটি গৈছে৷ ক’তনো পাৰে মোৰ দৰে এই তেজ ফুটো ফুটো চেহেৰাৰ পূৰ্ণবয়স্কা তৰুণী এগৰাকীৰ লগত৷ তাতে মই হ’লো এতিয়া তেজৰ সোৱাদ পোৱা ডাংকাটি শাঁখিনী৷ তাতে এইবেলি ভিনদেউ কাপ্লুকৰ দৰে এজন পৰিপক্ব সুঠাম দেহৰ ডেকাই শিকাই-বুজাই পঠিয়াই দিছেহি৷

বুঢ়া কাংকেৰামে জঁই পৰি লতাৰ দৰে কোচ-মোচ খোৱা দেখি বৰ ৰং পালো৷ বেচেৰা মোমাইদেউ! তুমিয়েই নাছিলা জানো তিনি বছৰ আগতে মোক প্ৰথমে এইদৰে ফুলকলিতে তচ-নচ কৰা পাষণ্ডজন৷ ধেমালি কৰি সুধি চালোঁ – “অ’ মোমাইদেউ! চোকহীন ‘গোৰা’ মদতে তোমাৰ এইহেন অৱস্থা? তাতে ৰসেৰে চৌ-চৌৱা ৰহী মদ হলে দেখোন কথা বিষমেই আছিল৷’

: মিয়ছা আইজনী৷ তুমি মোক এই হেন বৃদ্ধকালত কি অপূৰ্ব পুলক জগালা৷ যদি তুমি এইদৰে দিনে-ৰাতি তোমাৰ ৰহী মদৰ দৰে ৰসে চৌ-চৌৱা যৌৱন পান কৰাই থাকিলাহেঁতেন৷
: কেলৈ? যিমান দিনলৈ তোমাৰ ঘৰত মই থাকিম, সিমান দিনলৈ তুমি পাইয়েই থাকিবা – নিতে নিতে ভৰপূৰ হৈ থকা মৌ-বিচনীৰূপী মোৰ দেহা৷ কিন্তু অকল তোমাকেই মাথো পান কৰাই, তুমি মাথোন পান কৰি টুটাব পাৰিবানে মোৰ এই তলমল যৌৱনৰ ৰহঘৰা?’

পুনৰ শেষবাৰলৈ সেই বুঢ়াটোৱে দুগুণ ব্যাকুল হৈ মোক কাষলৈ চপাই আঁকোৱালি ধৰিলেহি৷ ময়ো চকু মুদি সেই বুঢ়াটোক প্ৰলোভিত কৰাই এইদৰে বিহুময় এসন্ধা পাৰ কৰিলো৷ এমাহ পিছত যেতিয়া মোৰ গা-বন্ধ হোৱা কথাটো গম পালো তেতিয়া এনেয়ে ছল-চাটুৰি কৰি এৰাতি ফংকাশ্বৰৰ (মোৰ তেওঁ) আছুতীয়া কোঠাত মাজনিশা সোমাই পৰি গা-মন ইচাট-বিচাট কৰা কথাৰে ব্যতিব্যস্ত কৰি তাক মোৰ লগত সহবাসত লিপ্ত কৰাইহে এৰিলোঁ৷ তাতো এটি তেনেই আছুতীয়া কথা আছে —
ফংকাশ্বৰে, ধুৰন্ধৰ বাপেকৰ পুত্ৰ হৈয়ো এই কাৰ্য্যত সাহস গোটাব পৰা নাছিল৷
: ‘মিয়’ছা! তোমাৰ লগত শুব পাৰিলেতো মই …..মই তোমালৈকে বাট চাই আছো…. যিদিনাখন দেউতাই হা বুলি কব সিদিনাই মই…….
: কিন্তু ! কিন্তু কি! তোমাক, একমাত্ৰ তোমাক বিচাৰিয়ে মই অবলা নাৰী হৈয়ো লাজ-মান কাটি কৰি থৈ সোমালোঁহি তোমাৰ ইয়াত— আৰু তোমাক যদি নাপাওঁ এনে নিৰলা ক্ষণত ময়ো আত্মহত্যা কৰি মৰিমেই মৰিম৷ —এইবুলি মই মিছাকৈয়ে তেওঁৰ শোৱা ঢাৰিৰ ওপৰত পাৰি থোৱা বিছনা চাদৰখনত উচুপি উচুপি মূৰ গুজিছিলোঁ৷
: মিয়ছা —মোক নিচুকাবলৈ বুলি তেওঁ চাগৈ সমব্যথিত হৈছিল- নাকান্দিবা! কিন্তু …!
: আৰু কি কিন্তু কিন্তু! তোমাৰ বাবেই মই তেজক পানী কৰি খাটিছো আৰু তুমি… এইবুলি কোৱাৰ লগে লগে মই মোৰ গা ঢালি-তেওঁৰ গা কাষলৈ চপাই লৈ জোৰকৈ তেওঁৰ গাত উবুৰি খাই পৰিলোঁ৷ তেওঁ সাহস পাই মোক সাবটি ধৰাৰ লগে লগে তেওঁৰ থাকিবলগা পুৰুষৰ সমস্ত লাজ লজ্জা মোৰ নাৰী দেহৰ মাজেৰে নিগৰাই পঠালে৷

সেই তেতিয়াৰ পৰাই – হয়, সেই তেতিয়াৰ পৰাই তেওঁক মই এতিয়াও নচুৱাই আছোঁ৷ তেওঁ মোৰ পোহ মনা মইনা পোৱালি৷ যেতিয়া মোৰ গাত তিনিমহীয়া লেঠা তেতিয়া লাহেকৈ তেওঁক সকলো অৱগত কৰালো আৰু মাতৃগামী কাংকেৰাম, সেই তাহানিতে মোক যে ধৰ্ষণ কৰিছিল সেই কথাটো মই কি সতেনো কওঁ৷ তথাপিতো আজি সকলো ক’ম৷

এদিনাখন খেতি চপোৱা বতৰত কিছু আগতীয়াকৈ আহিছিলোঁ মই ঘৰলৈ– ভাত ৰান্ধো বুলি৷ ফংকাৰাম, মামী আৰু হালোৱাবিলাক পথাৰতে আছিল৷ গা ভালে নথকাৰ অজুহাতত আৰু মদৰ ৰাগীত মূৰ আচন্দ্ৰাই কৰাৰ বাবে কাংকেৰাম মোমাইদেউ ধানৰ টোম বন্ধাৰ সুবিধা কৰি প্ৰায়েই ঘৰতে ৰৈ যায়৷ মই ভাত ৰান্ধিবলৈ অহাৰ শেষত ফংকাৰাম ভিনদেউৱে নিজ হাতে ধানৰ ডাঙৰি বান্ধি মুৰৰ ওপৰত কেঁকো-জেকোকৈ তুলি পঠিয়াই দিছিল আৰু ইফালে খৰকৈ ঘৰলৈ আহি মই সেই ধানৰ ডাঙৰি থওঁ বুলি খোলা ঘৰত সোমাবলৈ পাইছো মাথোঁ– কোন পলকত আহি মোমাইদেউ তাত হাজিৰ হ’লহি তৎ ধৰিবই নোৱাৰিলোঁ৷ “মিয়ছা! ফংকাহঁত? অ’৷ তুমিহে যে বোজা কঢ়িয়াই মৰিছা? ইটো কি কথা?’

‘আহোতে আহেঁতে আনিলোঁগৈ আৰু৷ ভিনদেউহঁত ধানৰ ডাঙৰি বান্ধিবলৈ লৈছে৷ আহিবৰ বেছ কিছুপৰ আছে চাগৈ৷’
‘সোণজনী তুমিয়ে আমাৰ ঘৰৰ লখিমী৷ তুমিয়েই আমাৰ শুশ্ৰূষাকাৰিণী-সহায়কাৰিণী৷ তুমি নাথাকিলে আমাৰ সকলো থাকিও নথকাৰ দৰেই – পুত্ৰ-পৰিবাৰ …৷’ বুলি কোৱাৰ ছলেৰে মোক সাবটি ধৰি তাতেই তেনেকৈয়ে ধানৰ ডাঙৰিবোৰৰ মাজত তেওঁ মোক বগৰাই লৈ তচ-নচ কৰি পেলাইছিল৷ একান্ত অনিচ্ছা সত্ত্বেও ময়ো তেওঁক ঠেলি-হেঁচুকি আঁতৰাই পঠাবলৈ শক্তি নোপোৱা হৈ গৈছিলো৷

কিন্তু এইবেলি মই এগৰাকী অভিজ্ঞ নাৰী৷ কোন মুহূৰ্তত কাক কেনেকৈ বশ কৰিব লাগে৷ আৰু কাক কেনেকৈ ভয় খুৱাব লাগে সেই কথা এতিয়া মোৰ কুক্ষিগত৷ সেয়ে তেনেকৈ মোৰ প্ৰশ্ৰয় পাই পিছৰবাৰ কাংকেৰাম মোমাইদেউ মোৰ ওচৰ চাপি আহোঁতে মই কন্দনামুৱা হৈ ক’লেহি— “মোমাইদেউ! মোৰ গাত লেঠা আছে নহয়৷ নহ’লে তোমাক আৰু না কৰোনে!” তেওঁ কথাটো শুনি তৎমুহূৰ্ততে লাজ পাই তলমূৰকৈ ওলাই আহিছিল৷ আৰু ময়ো তেতিয়াৰে পৰা মুক্ত৷ এই একেখিনি কথাকে পিছত ফংকেশ্বৰক তেওঁৰেই ঔৰসজাত বুলি দাবী কৰাত তেওঁ দেউতাকৰ অনুমতি বিচাৰিব বুলি সহজতে সৈমান হ’লহি৷ তাৰ ঠিক এসপ্তাহ পিছতে ফংকেশ্বৰৰ লগত মোক কুকুৰ কাটি বিয়া দি দিয়া হ’ল৷ তাৰ পিছৰ পৰাই মোমাইদেউৰ মতে মোমাইদেউ আৰু মোৰ মতে মই৷ তাৰ মাজতে তল পৰিল মোৰ তেওঁ, অমুকৰ বাপেক ফাঁকোৰাম ওৰফে ফংকেশ্বৰ৷

এতিয়াও মাজে-সময়ে কাপ্লুক ভিনদেউ আহিবলৈ এৰা নাই৷ আৰু মোৰ তেওঁ, অমুকৰ বাপেক বেচেৰাটো মাহেকত এবাৰতে নিবাৰ৷ মোমাইদেৱেও কেতিয়াবা কেতিয়াবা মোৰ ফালে কাতৰভাৱে চাই পঠিয়াবলৈ এৰা নাই— কিন্তু মইহে তেওঁক পাত্তাই নিদিওঁ৷

এই দৰে মোৰ আছুতীয়া কথা শুনিবলৈ হ’লে, মোৰ আছুতীয়া কাহিনী লিখিবলৈ হ’লে— ঘৰত মানুহ নথকা নিজান পৰ্বতহে আহিবা দেই৷ অভ্যাগত ডাঙৰীয়া তোমালোক আহিলে কেতিয়াবা মই গাহৰি মঙহেৰে হওক, নেগুৰীয়া শামুকেৰে হওক – পিঠাগুড়িবে ৰন্ধা থপথপীয়া মাটিমাহৰ আঞ্জাৰে ভাত এমুঠি নতুবা জহা ধানব চাউলেৰে পিঠা-পনা, সান্দহ-কৰাই আদিৰ জলপান খুৱাবলৈ সময় নাপালেও বৰা চাউলৰ নিচাযুক্ত মাখাম মদ আৰু ৰহী মদ খুৱাই পঠিয়াবলৈ সময় অকণ উলিয়াই ল’মেই ল’ম৷ কিন্তু তোমালোকে মোৰ তালৈ আহিবলৈ ওলালে মোৰ পদূলিত পদ ধূলা দিবলৈ হ’লে নিজৰ সমস্ত ইচ্ছা-অনিচ্ছা বিসৰ্জন দিহে আহিবা কিন্তু হে অভ্যাগত৷ তেনেকৈ আহিলেহে লোকে নুশুনাকৈ মনে মনে কাণৰ ওচৰত ফুচফুচ-ফাচফাচকৈ সকলো আছুতীয়া কথা বিৱৰি ক’ব পৰা যাব৷ নহ’লে মোৰ পেটৰ ভিতৰত গুজৰি গুমৰি থকা তেনেই আছুতীয়া কথা কেইটা চিৰদিন চিৰকাল মোৰেই একান্ত গোপনীয় হৈ থাকিব — আৰু এই কথাটো ময়েই আমৃত্যু বহন কৰিয়েই যাব লাগিব৷
☆★☆

[‘আঙিছে জোৰায়’ নামৰ গল্পটিৰ লেখিকাগৰাকীয়ে নাৰী মনস্তত্ত্বৰ বহু কথা অকপটে স্বীকাৰ কৰি পুৰুষতান্ত্ৰিক সমাজত বেছ আলোড়নৰ সৃষ্টি কৰিছিল৷ ৰাভা ভাষাত ‘জোৰায়’ শব্দটিয়ে কোনো লোকৰ একান্ত ব্যক্তিগত সম্পত্তি, গিৰীয়েক ঘৈণীয়েকৰ উমৈহতীয়া সম্পত্তি আদি সূচায়; যাৰ সমকক্ষ শব্দ অসমীয়াত পাবলৈ নাই৷ সেয়েহে ইয়াত কিছু ওচৰ চপা ‘আছুতীয়া’ শব্দৰ ব্যৱহাৰ কৰা হৈছে৷ তেনেদৰে কেইটামান ৰাভা সমাজ-সংস্কৃতিৰ লগত জড়িত শব্দ অবিকলভাৱে ৰখা হৈছে৷ —অনুবাদক]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments