মোৰ অতি মৰমৰ প্ৰান্তিক (-ভবিতা দাস)

মোৰ অতি মৰমৰ প্ৰান্তিক
(নাম কাঢ়ি লিখা কাৰণে বেয়া নাপাবা )
মোৰ অকৃত্ৰিম মৰম ল’বা।মোৰ অকৃত্ৰিম শব্দটোত তোমাৰ বিশ্বাস নহ’ব, মই জানো।তোমাৰ বিশ্বাস অবিশ্বাসৰ বাবে অৱশ্যে কোনো ঠাই নৰখাকৈয়ে এই চিঠিখন লিখিবলৈ বহিছো।এই চিঠিখন পঢ়ি উঠাৰ পিছত তুমি মোক কেনেভাৱে গ্ৰহণ কৰা নাজানো।এইটো ক্ষেত্ৰত তুমি উভতি চাবলৈ নিবিচাৰিবা বুলি মই শতকৰা এশভাগেই নিশ্চিত।তথাপি প্ৰতিটো দিনেই মোৰ জীৱনৰ শেষ দিন বুলি ভাবিবলৈ শিকিছোঁ আৰু সেয়ে চিঠিখন লিখি পেলোৱা উচিত হব বুলি ভাবিছোঁ।
এটা মুদ্ৰাৰ ইপিঠিসিপিঠি লুটিয়াই লুটিয়াই চোৱাৰ দৰে অশান্ত মোৰ মনটিক ঘনে ঘনে লুটিয়াই চাই অৱশেষত মোৰ মনক যন্ত্ৰণাৰ মাজতো পৰম শান্তিত ডুবাই দিব পাৰিছো। সেই ফালটোকে স্থিৰ কৰি মই মোৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ ওলাইছোঁ আৰু ইয়েই হয়তো হ’ব তোমাৰ অগ্নি পৰীক্ষা।তুমি ইচ্ছা কৰিলে মোৰ ইমান দিনৰ শুভেচ্ছা আৰু মৰমক মনত পেলাই তোমাৰ মনত জ্বলি থকা জুইকুৰাক শীতল কৰি মুক্ত্ হৈ উঠিবা।তেনেকুৱা দাবী মই নকৰোঁ। সেয়া মোৰ বিবেকে নকয়।
ক’ৰপৰা কথাবোৰ আৰম্ভ কৰিম ভাবি পোৱা নাই। মন অতীতলৈ উৰি গৈছে। মনত পৰিছে তোমাৰ মোৰ ফুলশয্যাৰ নিশালৈ। তোমাৰ ঘৰৰ মানুহে দুয়োকে কোঠাত সুমুৱাই দি মোক কৈছিল ভৰি চুই প্ৰণাম কৰি তাৰ আশীষ লৈহে বিছনাত উঠিবা।
তুমি ভৰি দুটা নিঃসংকোচে মোলৈ আগবঢ়াই দিছিলা, মোৰ মূৰ আৰু হাত, তোমাৰ ভৰিত লগালৈ। মই তোমাৰ মুখলৈ চাই আশা কৰি আছিলো শুনিবলৈ আহা মোৰ কাষত বহা, তোমাৰ স্থান ভৰিত নহয়, মোৰ হৃদয়ত। তুমি মোৰ জীৱনৰ শ্ৰেষ্ঠতম বন্ধু আৰু মোৰ সুখ দুখৰ সমভাগী। আগৰ দিনৰ পত্নীৰ দৰে দাসী স্বামীৰ সম্বন্ধ আমাৰ মাজত নচলিব। প্ৰান্তিক, মোৰ মনে তোমাৰ পৰা তেনে এষাৰ কথা শুনিবলৈ ৰৈ আছিল। হোমৰ জুইক সাক্ষী কৰি সাতপাক লওঁতে মই ভাবিছিলো আমি ইজনে আনজনৰ শ্ৰেষ্ঠ বন্ধু হবলৈ আগবাঢ়িছো। কিন্তু তোমাৰ মনত লুকাই থকা গোপন অভিসন্ধিৰ কথা মই তিলমানো গম পোৱা নাছিলো। অকল সেইটো নিশাই কিয়, প্ৰতিদিনে প্ৰতিনিশাই মই তোমাৰ ভৰি চুই তোমাৰ কথামতে উঠা বহা কৰিলেই বেছি ভাল পালাহেঁতেন।
আজি আমাৰ বিয়াৰ ১২টা বসন্ত পাৰ হ’ল। পৰস্পৰে পৰস্পৰৰ শ্ৰেষ্ঠ বন্ধু হোৱাৰ প্ৰতিশ্ৰুতি দিওঁ আমি পদে পদে ব্যৰ্থ হ’লো। তুমি নিজে মুক্ত মনেৰে ঘুৰি পকি ফুৰিও মোৰ মনটোক শিকলি লগাই দিলা।আনকি ঘৰলৈ অহা মানুহৰ লগতো মোক মুকলি মনেৰে কথা পাতিবলৈ নিদিছিলা।কথা পাতিলে, হাঁহিলেই তুমি মোক বিভিন্ন ধৰণে আঘাত কৰিছিলা।যিবোৰ আঘাতৰ কাৰণ আৰু অৰ্থ মই আজিও বিছাৰি নাপালো।মই কাষত থাকোতেও তুমি অন্য গাভৰুক মন্ত্ৰমুগ্ধ দৃষ্টিৰে কিমান বাৰ যে চাইছিলা !তাৰ বাবে মই কিন্তু তোমাক দোষ দিয়া নাছিলো।দোষ দিছিলো মোৰ সৌন্দৰ্য্যক।
তোমাৰ অসুখ হ’লেই যিকোনো কষ্টৰ বিনিময়ত গোটেই নিশা উজাগৰে থাকিও তোমাৰ সেৱা কৰিবলৈ মই কোনো ধৰণৰ ত্ৰুটি কৰা নাছিলোঁ। আৰু কেতিয়াবা যদি মোৰ গাটো বেয়া লাগে, তুমিযে মোক কিমান ধৰনৰ ককৰ্থনা কৰিছিলা ! তুমি মোক অকণমানো বুজিবলৈ চেষ্টাই নকৰিছিলা।সামান্য কথাৰ অজুহাততে কিমান যে ঔ-কিল মোৰ পিঠিত দিছিলা। বিয়াৰ এমাহৰ পিছৰ পৰাই তুমি মাৰ-পিট আৰম্ভ কৰিছিলা। তুমি ইতিমধ্যে প্ৰমাণ পাই গৈছিলা যে মোক দমন কৰিবলৈ অন্য অস্ত্ৰ হ’ল শাৰিৰীক অত্যাচাৰ। মনত পৰেনে সেই ৰাতিটোৰ কথা ? সেইদিনাও তুমি আনদিনাৰ দৰে সুৰাপান কৰি নিছাগ্ৰস্ত হৈ ঘৰ সোমাইছিলা। ঘৰ সোমায়েই তুমি আমাৰ ঘৰলৈ আলহী খাবলৈ অহা বীৰেন খুৰাৰ ছোৱালী জনীৰ ওপৰত যে বাঘৰ দৰে জপিয়াই পৰিছিলা।মই তোমাৰ হাতে-ভৰিয়ে ধৰিও তাইক তোমাৰ কবলৰ পৰা মুক্ত কৰিব পৰা নাছিলো। বৰঞ্চ তুমি মোক এখন হাতেৰে চুলিত টানি নি   আনখন হাতেৰে গালত হেপাহ পলুৱাই চৰ দিছিলা। এগৰাকী নাৰী হৈও আন এগৰাকীক কৰা অত্যাচাৰৰ মই মাথো নীৰৱ দৰ্শক হৈ ৰৈছিলো।আৰু সেইদিনাই মই তোমাক অভিশাপ দিছিলো  “মোৰ ওপৰত তুমি যিমান পাশৱিক অত্যাচাৰ কৰিছা, তাৰ ফল তুমিও এদিন পাবা”। কিন্তু পিছমুহুৰ্ত্তত যেতিয়া তোমাৰ মৰমসনা মাতেৰে মোক মাতিছিলা, মই সকলোবোৰ দুখ পাহৰি ঈশ্বৰক খাটনি ধৰিছিলো মোৰ অভিশাপটো নফলিয়াবলৈ।
তাৰ পিছতেই ঘটিছিল ডাঙৰ অঘটনটো। মই খুৰাৰ ল’ৰাজনক তুমি মোৰ ওপৰত কৰা অত্যাচাৰবোৰৰ কথা কৈ থাকোতেই ক’ৰপৰা তুমি আহি মোৰ কথাবোৰ যে শুনি আছিলা আৰু তাৰ পিছৰ পৰাই তুমি এটা হিংস্ৰ জন্তুৰ ৰুপ লৈছিলা। শাৰিৰীক আৰু মানসিক ভাবে অত্যাচাৰ কৰি ৰাতি হ’লেই তোমাৰ মিঠা কথাৰে মোক মানসিক ভাবে ভাৰসাম্যহীন কৰি তুলিছিলা। মই নিজক প্ৰতিষ্ঠা কৰিবলৈ অপাৰগ হৈ পৰিছিলো। ইণ্টাৰভিউ দিবলৈ গৈ মই নিজৰ নাম পৰ্য্যন্ত পাহৰি গৈছিলো। তোমাৰ প্ৰতি ব্যাখাহীন মমতাবোধ, দায়িত্ববোধত মই তোমাৰ দাসী হৈ পৰিলো। তুমি প্ৰায়েই কৈছিলা পতি-পত্নী দুয়োজনেই একেলগে প্ৰতিভা বিকাশ কৰিব নোৱাৰে। পুৰুষ-প্ৰধান সমাজত নাৰী যিহেতু পুৰুষৰ ঘৰলৈ আহে পুৰুষে সেই সুবিধা গ্ৰহণ কৰিবই।
ক’ব নোৱৰাকৈয়ে মই হেৰুৱাই পেলাইছোঁ জীয়াই থকাৰ আনন্দ। ২৭-২৮ বছৰ বয়সতো কাপোৰ পিন্ধিছোঁ মাত্ৰ শৰীৰ ঢাকিবলৈ। কোনো খুঁত নোহোৱাকৈয়ে সেৱা আগবঢ়াইছো, তোমাৰ দৈনন্দিন জীৱনৰ। প্ৰান্তিক, আজিকালি তুমি খুউব সুখী। ঘৰলৈ আজিও যদি কোনোবা গাভৰু ছোৱালী আহে তুমি চঞ্চল হৈ উঠা। কথা পতাৰ নানা চেলু উলিয়াই লোৱা। অৱশ্যে বৰ কৌশলেৰে। আগৰ দৰে মই দেখাকৈ নহয়।প্ৰথম অৱস্হাত মই ঈৰ্ষাত ভুগিছিলো। এতিয়া কথাবোৰ মই সহজ ভাবে গ্ৰহণ কৰিব পাৰো। মই হেৰুৱাই পেলালো- সকলো স্বাভাৱিক অনুভুতি, খং, ক্ষোভ হিংসা, ঈৰ্ষা আৰু আনন্দ আনকি ঘৃণাও। বহুদিন বহুনিশা মই এনেকৈ পাৰ কৰিলোঁ। হঠাতে এজাক প্ৰচণ্ড ধুমুহা আহিছিল। কোনো আগজাননী নিদিয়াকৈ অহা ধুমুহাজাকে তছনছ কৰি পেলাইছিল মই ইমান দিনে সোমাই থকা টান খোলাটো। আৰু মধুময় ৰিমঝিম ৰিমঝিম বৰষুণজাকে ধোৱাই নিছিল মোৰ মন , হৃদয়, শৰীৰ।আনি দিব খুজিছিল ব’হাগ, চ’তৰ ৰুক্ষ বতৰক নিমিষতে শান্ত কৰি দিছিল। তুমি দেখিছিলা প্ৰান্তিক, সিক্ত আৰু উজ্বল হৈ উঠা পৃথিবীৰ গোন্ধত মই কিদৰে মতলীয়া হৈ উঠিছিলো ! মৌচুমী কঢ়িয়াই অনা প্ৰচণ্ড ধুমুহাজাকক মই পুৱা-গধূলি পুজা কৰাত লাগি গ’লো। অত্যন্ত প্ৰাণময় শক্তিশালী এযোৰ পাখি মোক গুঁজি দি ধুমুহাজাক আঁতৰি গৈছিল। মই উচ্ছল হৈ উৰি ফুৰিছিলোঁ বিনন্দীয়া পৃথিৱীক, আকাশক চাই চাই। চুমা দিছোঁ আজি মোৰ পৃথিৱীৰ প্ৰতিটো অংগত।
তুমি আজিকালি মই গোপনে বিচৰা আৰু নিবিচৰা সকলো দিবলৈ উঠি পৰি লাগিছা। মই যদি কওঁ মোক আকাশৰ তৰাটো লাগে, সেইটোও তুমি আনি দিবলৈ চেষ্টা কৰিবা। খুউব সম্ভৱ তোমাক এৰি থৈ গৈ তোমাৰ আত্মসন্মানত আঘাত দিম বুলি ভয় কৰিছা। মই মোৰ দায়িত্ব বুজোঁ বুলিয়েই ভাবিছোঁ। সকলোবোৰ যন্ত্ৰণাৰ পিছতো তোমালৈ মোৰ এটাই অনুৰোধ- তুমি মাথো কাটি নিদিবা মোৰ প্ৰাণৰ পাখিযোৰ। ‘নহলে মই পুনৰ মৃত হৈ উঠিম। সেই ৰিমঝিম বৰষুণত মই ধুই ললোঁ মোৰ শৰীৰ, মোৰ অন্তৰাত্মা। নিজক প্ৰসাৰিত কৰিব খুজিছো মহাজীৱনলৈ। আশাকৰোঁ তুমি বাধা নহ’বা। তোমালৈ অলপ ঘৃণা থাকিলেও মই তোমাক আজিও ভাল পাওঁ।
ইতি
মই

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক