মোৰ অনুভৱেৰে কাটাৰ (মল্লিকা কলিতা)

 

 

‘কাটাৰ’- তিনিটা বছৰত আপোনৰ পৰা আপোন হৈ পৰে ঠাইখন আমাৰ। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছত চহকী এখন সৰু দেশ। মধ্য-প্ৰাচ্যৰ আটাইতকৈ শান্তিপ্ৰিয় দেশ বুলি ক’লেও অত্যুক্তি কৰা নহ’ব চাগে। আয়তনৰ ফালৰ পৰা আমাৰ ত্ৰিপুৰা ৰাজ্যৰ সমান। মুছলমান অধ্যূষিত দেশ, কিন্তু ধৰ্মীয় গোঢ়ামী নাই। মন্দিৰ নাই, কিন্তু নিজ গৃহত উপাসনা কৰাত বাধ্য-বাধকতা নাই। ছটা চাৰ্চ আছে। সাজ-পোচাকতো বাধা আৰোপ নাই, মাথোঁ শালীনতা বজাই ৰাখিলেই হ’ল। মহিলাই ড্ৰাইভিং কৰিব পাৰে, যিটো চুবুৰীয়া দেশ চৌদি আৰবত নিষিদ্ধ। মহিলাই ভোট দিব পাৰে। নিজৰ পোছাক যোৰক ইমান ভাল পায় কাটাৰী সকলে— পুৰুষ মহিলা, সৰু-ডাঙৰ আটাইয়ে ইমান গৰমত, য’ত নেকি উত্তাপ সৰ্বোচ্চ ৫০ ডিগ্ৰীৰ ওপৰলৈ গতি কৰে, বছৰৰ আঠ মাহেই গৰম, নাইবা পাশ্চাত্যৰ সকলো সুবিধাৰেও পৰিপূৰ্ণ, তথাপি নিজৰ পোছাকক জলাঞ্জলি দিয়া নাই। পুৰুষসকলৰ কাপোৰযোৰ কেনেকৈ ইমান বগা হৈ থাকে সকলো সময়তে আৰু কাঢ়া ইষ্ট্ৰি কৰা ভাবি নাপাও। কিন্তু কাপোৰযোৰ ভৰিৰ পানীগাঠি ঢকা বাবেই নেকি পুৰুষৰ খোজটো মহিলাৰ দৰে দেখায়। মদ কেৱল অ-মুছলমানৰ বাবেহে, তাকো পাৰমিত পৰিমাণে। মদ খাই গাড়ী চলাব নোৱাৰে। পবিত্ৰ ৰমাদান মাহত মদ বিক্ৰী নিষিদ্ধ। মদ নিষিদ্ধ, কিন্তু চিগাৰেট শেৱনত বাৰুকৈ আসক্ত ডেকা চাম। ৰেডিঅ’ এফ.এম. চেনেলত জানিবলৈ পালোঁ কাটাৰত মেদবহুলতা, মধুমেহ আৰু চিগাৰেট শেৱন দ্ৰুতগতিত বৃদ্ধি পাইছে, আৰু এয়া চিন্তনীয় বিষয় ৰূপেই পৰিগণিত হৈছে। জুৱা নিষিদ্ধ। যিটো আমাৰ অসমত কল্পনাৰো বাহিৰত। জানি ভাল পাব গাড়ী চলাবলৈ শিকিব বিছাৰিলে ড্ৰাইভিং স্কুলত ভৰ্তি হৈ ৪০দিনৰ কোৰ্চ সমাপ্ত কৰি পৰীক্ষাত উত্তীৰ্ণ হ’লেহে লাইচেঞ্চ লাভ কৰিব পাৰে।

 

মোৰ ব্যক্তিগত দুটি উদাহৰণ দাঙি ধৰিবলৈ বিচাৰিছোঁ, কোনো ধৰ্মীয় অনুভূতিত আঘাত দিয়াৰ উদ্দেশ্য আমাৰ নহয়—

১) ইয়ালৈ অহাৰ কিছুদিন পিছত আমি এবাৰ চিকিৎসকৰ কাষ চাপিবলগীয়া হ’লত স্বামীৰ সৈতে ‘ডোহা ক্লিনিক’ গৈ পালোঁ। তেতিয়া যিমান দূৰ মনত পৰে পবিত্ৰ ‘ৰমাদান’ মাহ আৰম্ভ হৈছিল। মোৰ গৃহস্থই ডাক্তৰৰ দৰজাখনত সামান্য টুকুৰিয়াই সোমাই আকৌ ‘চৰি’ বুলি ওলাই আহিল। মই তেওঁৰ মুখলৈ হতবাক হৈ চাওতে ক’লে মহিলা ডাক্তৰ গৰাকীয়ে মজিয়াত ‘নামাজ’ পঢ়িবলৈ লৈছিল। সেয়েহে তেওঁৰ মুখত আপচোচ মিহলি অভিব্যক্তি। অৱশ্যে লগে লগে ভিতৰৰ পৰা ডাক্তৰৰ মাত শুনা গ’ল ‘সোমাই আহক’। আমি আকৌ চৰি বুলি কৈ উঠিলো। তেখেতে কিন্তু একো নাই এনে ভাৱ হে দেখুৱালে। আমিও সকাহ পালোঁ। চেম্বাৰৰ পৰা ওলাই অহা পৰত (সহায়কাৰী) নাৰ্চগৰাকীয়ে মোৰ (শ্লিভ লেচ চুড়িদাৰ যোৰৰ) বাউসী দুটা চুন্নীখনেৰে ঢাকি দিলে হাঁহি মুখে, আৰু আৰবী ভাষাত ডাক্তৰক কিবা ক’লে। মোৰ কিয় জানো মনত এটা জোকাৰণি অনুভৱ হ’ল। তেতিয়াহে লক্ষ্য কৰিলোঁ দুয়োগৰাকীৰে সৰ্বশৰীৰ মুৰৰ চুলি পৰ্য্যন্ত, ঢাকি ৰখা আছিল। নাছিল মাথো মুখ আৰু আঙুলি। দুয়োগৰাকীয়েই ইজিপ্তিচিয়ান আছিল।

২) আমাক ডাক্তৰে জনাই দিছিল দ্বিতীয়বাৰো আমাৰ ছিজাৰিয়ানেই হ’ব। ইয়াত পিছে প্ৰথমবাৰ ছিজাৰিয়ান হ’লেও দ্বিতীয়বাৰ নৰ্মেল ডেলিভাৰী কৰাবলৈ চেষ্টা আৰু উৎসাহ দিয়া দেখা যায়। অস্ত্ৰোপচাৰ কক্ষলৈ লৈ যাওঁতে আমাক এক দীঘলীয়া পথ মুখখন কাপোৰেৰে ঢাকি (শুই থকা অৱস্থাত) লৈ গৈছিল, ইপিনে সৰ্বশৰীৰও ঢাক খোৱা। কৌতুহলবশত, মই নাৰ্চ গৰাকীক সুধিলো কিয় তেনে কৰা হৈছে বুলি। সন্মুখত পুৰুষ থকা হেতু তেনে কৰা হৈছিল বুলি জনোৱা হ’ল আমাক। অস্ত্ৰোপচাৰ কক্ষত দেখা পালোঁ আটাইকেইগৰাকী মহিলা, এনেস্থেচিয়াৰ পৰা আদি কৰি মোৰ অস্ত্ৰোপচাৰ কৰা দুয়োগৰাকী ডাক্তৰেই মহিলা, তথা চেলাইন, মোৰ পালচ পৰীক্ষা কৰালৈকে প্ৰত্যেকগৰাকী আছিল মহিলা। মহিলাৰ বিচক্ষণতা দেখি মোৰ খুবেই ভাল লাগিছিল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক