মোৰ অনুভৱৰ সোপানে সোপানে মামণি ৰয়ছম (- অনামিকা বৰুৱা)

নোবেল বঁটা বিজয়ী সাহিত্যিক “ ভি এছ নাইপল”এ কৈছিল—এই পৃথিৱীত ড. ইন্দিৰা গোস্বামী (মামণি ৰয়ছম)ৰ দৰে সৌন্দৰ্যময়ী (চাৰ্মিং) আৰু আশ্চৰ্যময়ী নাৰী দ্বিতীয় গৰাকী মই দেখা নাই|

মোৰ জীৱনক গভীৰভাৱে প্ৰভাৱাম্বিত আৰু আলোড়িত কৰা ব্যক্তিসকলৰ ভিতৰত মামণি ৰয়ছম অন্যতম| যিমানেই তেখেতক জানিবৰ বুজিবৰ যত্ন কৰোঁ সিমানেই মোৰ বুকুৰ স্পন্দন দ্ৰুত হৈ যায়| কিমান বিশাল তেওঁৰ ব্যাক্তিত্ব! দু:খ আৰু যন্ত্ৰণাৰ উত্তৰণ ঘটাই অভিজ্ঞতাৰ হাত ধৰি জীৱনৰ সত্য উন্মোচন কৰি তেওঁ যি অমৰ সাহিত্য সৃষ্টি কৰি গ’ল তাক মোৰ ক্ষুদ্ৰ কলমেৰে বৰ্ণনা কৰা দুৰূহেই নহয় অসম্ভবো| মামণি ৰয়ছম গোস্বামীক মহিলা লেখিকা হিচাপে বিচাৰ কৰিবলৈ গ’লে তেখেতৰ সাহিত্য প্ৰতিভাৰ প্ৰতি অন্যায় কৰা হ’ব| প্ৰগতিশীল, নাৰীবাদী এনে ধৰণৰ বিশেষণেৰে তেখেতক সাঙুৰিব নোৱাৰি| অসমীয়া সাহিত্যৰ অন্যতম শক্তিশালী নাৰী চৰিত্ৰকেইটাই মূৰ্ত ৰূপ পাইছে তেখেতৰ উপন্যাস সমূহত ইয়াত কাৰো দ্বিমত নাই| কিন্তু তেখেতৰ কোনোটো চৰিত্ৰই বাস্তৱজগতত থাকিব পৰা চৰিত্ৰ এটাৰ বিশালতাৰ সম্ভাৱনীয়তাক অতিক্ৰম বা অস্বীকাৰ কৰা নাই| যদিও তেখেতৰ ৰচনাৰ কোনোবাটো চৰিত্ৰ্ৰ নাৰীবাদী, সেই নাৰীবাদ এগৰাকী তিৰোতাৰ জীৱনৰ প্ৰতি অহা উত্পীড়ন বা ভাবুকিবোৰক অতিক্ৰম কৰাৰ প্ৰয়াসহে| সেই চিন্তাত তছ্‌লিমা নাছ্‌ৰিণৰ দৰে পুৰুষৰ প্ৰতি ঘৃণাৰ অনল নাই| মানৱসত্তা প্ৰতিষ্ঠা কৰাত তেওঁৰ যি প্ৰয়াস তাক কেৱল নাৰীবাদীৰ আখ্যা দিব নোৱাৰি| মামণি ৰয়ছম গোস্বামীৰ ৰচনাৰ প্ৰতিটো চৰিত্ৰই নিষ্পেষিত আৰু শোষিত| যদিও নিৰুপমা বৰগোহাঞিৰ দৰে মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত স্পষ্ট প্ৰতিবাদৰ সুৰ নাথাকে তথাপিও তেখেতৰ উপন্যাসে যি সামগ্ৰিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সি বেছি ক্ৰিয়াশীল| আৰু এইয়া সম্ভৱ হৈ উঠে তেখেতৰ হৃদয়গ্ৰাহী বৰ্ণনাভংগীৰ বাবে|

মামণি বাইদেউৰ বিষয়ে প্ৰথম পঢ়িছিলোঁ প্ৰান্তিকৰ পাতত কোনোবা এটা প্ৰৱন্ধত| কি চন আছিল তেতিয়া? বোধকৰোঁ ১৯৮৬-৮৭! ভালকৈ মনত নাই| তেতিয়া উপন্যাস পঢ়াত মোৰ খুউব নিচা| কাৰণ ঘৰত বাইদেৱে কয়, স্কুলত ছাৰে কয় উপন্যাস নপঢ়িবি বুলি| অৱশ্যে কেৱল উপন্যাস বুলিয়েই নহয় তেতিয়ালৈ কিতাপ পঢ়াটোৱে মোৰ একমাত্ৰ নিচা হৈ উঠিছিল| তেতিয়াতে পঢ়ি শেষ কৰিছিলোঁ—নজ্বলা ধূপৰ ইতিকথা, শেষ সীমান্তৰ সূৰ্য্য, স্বপ্ন সত্য বাস্তৱ, সোণালী সূতাৰে বন্ধা, সূৰুজমুখীৰ স্বপ্ন, স্বপ্নভংগ, এমুঠি তৰাৰ জিলিমিলি, উদাসী সন্ধ্যা, পিতা-পুত্ৰ, অন্যজীৱন, অভিযাত্ৰী, অসীমত যাৰ হেৰাল সীমা, ডাৱৰ আৰু নাই, মান-সন্মান(বাংলা), মৰম মাথো মৰম(অনুবাদ), আচল মানুহ, বৈৰী মানুহ, এয়েতো জীৱন, এজাক মানুহ আৰু এখন অৰণ্য, মৃত্যুঞ্জয়, আই, অশান্ত প্ৰহৰ, অন্তৰীপ আৰু বহুতো| মোৰ এই কিতাপ পঢাক আৰু বেছি তীব্ৰ কৰি তোলাত ইন্ধন যোগাইছিল মইনা দাহঁতৰ আলমাৰীটোৱে| ঠাকে ঠাকে সযতনে সজায় থোৱা কিতাপবোৰে মোক চুম্বকৰ দৰে টানিছিল| কেৱল কিতাপ বিচাৰিয়েই মই তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ| কাৰণ সেইসময়ত কিনি কিতাপ পঢ়াৰ সামৰ্থ মোৰ নাছিল| মইনা দাই এবাৰত দুখনতকৈ বেছি কিতাপ নিদিয়ে| অৱশ্যে সেই দুখন উভতাই দিলে লগে লগেই আন কিতাপ দিয়ে তথাপি মোৰ আক্ষেপ থাকি যায়| কিতাপখিনিতো মোৰ নহয়! তাতে মইনা দা নাথাকিলে কিতাপৰ আলমাৰী কোনেও খুলিব নোৱাৰে| চাবি বিচাৰি নাপায়|

মইনা দাই প্ৰথম মোক ”দঁতাল হাতীৰ উঁইয়ে হাওদা”খন পঢ়িবলৈ দিছিল| অভ্যাসবশত: পঢ়িছিলোঁ যদিও উপন্যাসখন পঢ়ি বৰ এটা সোৱাদ পোৱা নাছিলোঁ| ইয়াৰ কাৰণ দুটা আছিল—প্ৰথম, উপন্যাসখনত ব্যৱহৃত কথনভংগী যিটো সম্পূৰ্ণৰূপে মোৰ বাবে অপৰিচিত আছিল| দ্বিতীয়, ইয়াৰ অগতানুগতিক বৰ্ণনাশৈলী| তেখেতৰ ৰচনাত একাত্ম হ’বলৈ গৈ বাৰে বাৰে মই উজুতি খাইছিলোঁ| বুজা-নুবুজাৰ দোমোজাৰেই উপন্যাসখন পঢ়ি শেষ কৰিছিলোঁ| তাৰ পাছত যেতিয়া প্ৰান্তিকত তেখেতক লৈ লিখা প্ৰৱন্ধটো পঢ়িলোঁ মোৰ মনত তেওঁক জনাৰ এক উত্সু কতাৰ উত্পন্ন হৈছিল যিটো আজিও অব্যাহত আছে| তাৰ পাছত কলেজত ভৰি দিওঁতেই পঢ়িছিলোঁ—”অহিৰণ”| ইতিমধ্যে তেখেতৰ লিখনি বা তেখেতৰ বিষয়ে লিখা প্ৰৱন্ধ ঘুকুতি ফুৰাটো মোৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছিল| তাৰপাছত যেতিয়া “আধা লেখা দস্তাবেজ” হাতত তুলি ল’লো তেওঁ কেৱল লেখিকা বা সাহিত্যিক হৈ নাথাকিল; মোৰ বাবে তেওঁ হৈ পৰিল ৰূপকথাৰ নায়িকা| আধা লেখা দস্তাবেজৰ প্ৰতিটো শব্দ, প্ৰতিটো শাৰী, প্ৰতিখিলা পাত মোৰ মুখস্থ হৈ গৈছিল| তেওঁৰ দু:খ আৰু য্ন্ত্ৰণাবোৰ তেজ হৈ মোৰ শৰীৰৰ মাজেৰে প্ৰবাহিত হ’বলৈ আৰম্ভ কৰিছিল| মই মোৰ নিজস্বতা এৰি আন এক সত্তা ধাৰণ কৰিছিলোঁ—দু:খ আৰু যন্ত্ৰণাৰ, প্ৰেম আৰু মমতাৰ|

সময়ৰ তাগিদাত ব্যস্ততাৰ আঁৰত আধা লেখা দস্তাবেজ মোৰ হাতৰ পৰা সৰি পৰিল| তথাপি তেখেতৰ জীৱনজোৰা খ্যাতি আৰু সাধনাই আজিও মোক অনুপ্ৰাণিত কৰে| তেখেতৰ জীৱনবোধ আৰু উপলব্ধিয়ে অহৰহ মোক জীপাল কৰে| যুক্তিৰ উৰ্ধলৈ গৈ নিষ্পেষিত জীৱনক সাহিত্যৰ আধাৰত তেওঁ যিদৰে অংকিত কৰি গৈছে সি চিৰদিনেই উত্সাহিত কৰে মোক| সংস্কাৰৰ বেষ্টনী ভেদি নিজক মুক্ত কৰাৰ বাবে সমাজৰ প্ৰচলিত ধ্যান ধাৰণাৰ বিপৰীতে তেওঁ যি সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল তাক সুস্থ মানসিকতাৰ প্ৰত্যেকজন লোকেই সন্মান জনায়| ১৯৮৯ চনত ডুমডুমাত অনুষ্ঠিত সাহিত্য সভাৰ অধিবেশনলৈ আহিছিল তেওঁ| গাখীৰত সেন্দুৰ মিহলোৱাৰ দৰে উজ্জ্বল বগা তেওঁ গাৰ ৰং| চকুত ডাঠকৈ সনা কাজল| ওঁঠত গাঢ় লিপ্‌ষ্টিক| কপালত ডাঙৰকৈ লোৱা এটি ফোঁট| ৰঙা ব্লাউজেৰে পাৰি দিয়া চাদৰেৰে শুভ্ৰ সাজত তেওঁক দেখা পোৱাৰ সেই বিৰল দৃশ্য আজিও স্পষ্টকৈ মনত আছে মোৰ| দুৰ্ভাগ্যজনকভাৱে নিচেই কাষৰ পৰা নাপালো তেওঁক| অনুতাপ হয় বহুত| আমাৰ কলেজৰ অধক্ষ মহোদয় ৰবীন চৌধাৰী ছাৰৰ ঘৰত আতিথ্য গ্ৰহণ কৰিছিল তেওঁ| পাছত ছাৰে কৈছিল তেখেতৰ অধ্যয়ন স্পৃহাৰ কথা| নিশা প্ৰায় দুই-আঢ়ৈ বজালৈকে তেওঁ লিখা-পঢ়া কৰে| এঘণ্টা বা দুঘণ্টামানহে শোৱে| পুৱা চাৰি বজাতে শোৱা-পাতি এৰে| নিতৌ ধ্যান কৰে| প্ৰাৰ্থনা কৰে| ধৈৰ্য্য-সহ্য-কষ্টসহিষ্ণুতাৰ বিপৰীতে তেওঁৰ স্বভাৱ সদায় ধীৰ-স্থিৰ, শান্ত| হাঁহিমুখীয়া বাইদেউ সদায় উন্মুখ হৈ ৰয় জীৱনক যোগাত্মকভাবেৰে গ্ৰহণ কৰিবলৈ| সৃষ্টিৰ মাজেৰে নিজকে বিলায় দিবলৈ| বিশুদ্ধতা আৰু সচেতনতাৰ আন এক নাম মামণি ৰয়ছম গোস্বামী– ছাৰে এনেকৈয়ে কৈছিল আমাক|

জন্ম আৰু মৃত্যু ৰহস্যময় বুলিয়েই হয়তো জীৱ্ন ইমান আকৰ্ষণীয়| যদি কাহানিবা মানুহে জন্ম আৰু মৃত্যুৰ ৰহস্যৰ পুংখানুপুংখ বিশ্বাসযোগ্য আৰু সৰল ব্যাখ্যা পাই যায়, তেতিয়া আৰু কোনো আকৰ্ষণ নাথাকিব মানুহৰ এই জীৱনৰ প্ৰতি|…মামণি বাইদেউৰ সমস্ত ৰচনাৱলী মই নাই পঢ়া| কিন্তু যিখিনি পঢ়িছোঁ সেইখিনিয়েই তেখেতৰ ব্যক্তিত্বক দাঙি ধৰিবলৈ যথেষ্ট| তথাপি তেখেতৰ লিখনিতকৈ তেখেতৰ নিজস্ব জীৱনৰ বিষয়ে লিখা লিখনি বা প্ৰৱন্ধই মোক বেছিকৈ আকৰ্ষণ কৰে| তেওঁৰ বিষয়ে যিমানে পঢ়োঁ সিমানে এক ৰহস্যময়তাত সোমায় পৰোঁ| মোৰ ব্যক্তিগত সীমাবদ্ধতাৰ অপূৰ্ণতাক পাহৰি জীৱ্নক অকৃত্ৰিমভাবে সাবটি লোৱাৰ প্ৰেৰণা পাওঁ| মনৰ মাজত সৃষ্টি হোৱা অনেক দ্বিধা-দ্বন্দ্বৰ সমিধান পাওঁ|

কৈশোৰ-যৌবনতে কে’বাবাৰো আত্মহত্যাৰ চেষ্টা কৰি হাস্পতালত পৰি থাকিব লগা হোৱা পাগলী (নে ৰহস্যময়ী) মামণি বাইদেউক বিয়া কৰাবলৈ তেতিয়া কোনো ভাল ঘৰৰ যুৱক আগবাঢ়ি অহা নাছিল| বাৰে বাৰে বিয়াৰ যোগাযোগ কৰিবলৈ গৈ বিফল হোৱা তেখেতৰ মাতৃয়ে তেখেতৰ সোঁৱৰণী গণকক দেখুওৱাত গণকে মাকৰ আগত আটাহ পাৰি উঠিছিল—“এইজনী ছোৱালী বিয়া দিয়াতকৈ দুটুকুৰা কৰি কাটি নদীত ভহাই দিয়াই ভাল হ’ব|” কোনোবা মূধাফুটা জ্যোতিষীয়ে দিহা দিছিল বগলা দেৱীৰ মন্দিৰত বলি উত্সৰ্গা কৰিবলৈ| বলি দিয়া তেজেৰে কপালত ফোঁট লৈ কান্দি উঠিছিল বাইদেউ| কোনোবাই আৰ্তনাদ কৰি উঠিছিল-“অমঙ্গল! অমঙ্গল! এইবোৰ চব অমঙ্গলৰ পূৰ্বাভাস|” বগলা দেৱীৰ পূজাৰ পাছতো তেওঁৰ বিয়া হোৱা নাছিল|…প্ৰেমিকৰ অভাৱ নাছিল তেওঁৰ| হতাশাই বিবৰ্ণ কৰি পেলাইছিল তেওঁক| এদিন মাকৰ বিয়াৰ বাবে চলোৱা ব্যৱহাৰত অতিষ্ঠ হৈ তেওঁৰেই এক প্ৰেমিকৰ লগত কৰ্ট-মেৰেজত বহিছিল তেওঁ ঘৰৰ মানুহে গম নোপোৱাকৈ| কিন্তু কৰ্ট-মেৰেজ কৰি অহাৰ পাছতো তেওঁ সেই মানুহজনৰ ওচৰলৈ গুচি যাব পৰা নাছিল| পাছত যেতিয়া সকলোৱে কথাবোৰ গম পাইছিল তেতিয়া ঘৰৰ মানুহৰ মধ্যস্থতাত সেই বিয়া ভাঙি গৈছিল| পাছত মহীশূৰৰ ইঞ্জিনীয়াৰ মাধবেন ৰয়ছম আয়েঙ্গাৰৰ লগত তেওঁৰ বিয়া হৈছিল|

আধুনিক অসমীয়া কথা সাহিত্যৰ এক বিস্ময়কৰ প্ৰতিভা হ’ল মামণি ৰয়ছম গোস্বামী| নাৰী জীৱনৰ দ্বন্দ্ব-সংঘাত আৰু ৰহস্যময়তাৰ সাৰ্থক ৰূপায়ন ঘটিছে এই গৰাকী সুলেখিকাৰ ছত্ৰে ছত্ৰে| তেখেতৰ লিখনিয়ে অসম তথা ভাৰতবৰ্ষতেই নহয় বিশ্ব সাহিত্যতো তেওঁৰ পৰিচয় দাঙি ধৰিছে| তেৰ বছৰ বয়্সৰ পৰাই তেওঁ লিখা-মেলা আৰম্ভ কৰিছিল| নিজক যন্ত্ৰণাৰ পৰা মুক্ত কৰাৰ একমাত্ৰ মাধ্যম আছিল কলমৰ আশ্ৰয়| গল্প, উপন্যাস বা কবিতা যিয়ে নিলিখক কিয় তেওঁ লিখি গৈছিল নিৰ্মোহভাৱে| নিজৰ জীৱনৰ উপলব্ধিৰে যন্ত্ৰণাক সাহিত্যলৈ ৰূপান্তৰ ঘটাইছিল| আওপুৰণি সংস্কাৰৰ প্ৰতিবাদ কৰিছিল সাহিত্য সৃষ্টিৰ মাজেৰে| বাস্তৱ জীৱনতো তাক অনুসৰণ কৰিছিল| জীৱনত জীয়াই থকাৰ তাগিদাত সহজ অৰ্থত স্বীকাৰ কৰিব পৰা জীৱনবোধক তেওঁ সমৰ্থন কৰিছিল| বিয়াৰ আগতে আৰু বিয়াৰ পাছত মাধবেনৰ মৃত্যুৰ পাছত তেওঁ যি দু:সহ যন্ত্ৰণাৰ মুখামুখি হৈছিল তাক ভাষাৰে বৰ্ণনা কৰা নাযায়| তথাপি তেওঁৰ শুভাকাংক্ষীসকলৰ সহযোগত আৰু সাহিত্য ৰচনাৰ কামত ব্ৰতী হৈ তেওঁ জয় কৰিছিল সেই যন্ত্ৰণাক| লিখনিৰ মাজেৰে বিচাৰি লৈছিল জীয়াই থকাৰ অৱলম্বন| প্ৰেম আৰু বিষাদৰ এক অপূৰ্ব গাঁথা থাকে তেওঁৰ লিখনিত| বাস্তৱৰ ঘটনাবোৰৰ পৰাই তেওঁ লিখে| জীৱনত বিভিন্ন সময়ত লগ পোৱা মানুহকে লেখনিৰ চৰিত্ৰ হিচাপে গঢ় দিয়ে| আচলতে ক’বলৈ গ’লে মামণি ৰয়ছম গোস্বামীৰ প্ৰতিটো গল্প বা উপন্যাসেই আত্মকথা অথবা আত্মজীৱনীৰ উপাদানেৰে সমৃদ্ধ| তথাপি এই লিখনিবোৰ আৰু আত্মজীৱনীৰ মাজত প্ৰভেদ-ৰেখা স্পষ্ট|

হৃদয়গ্ৰাহী বৰ্ণনাভংগীৰ বাবে জনপ্ৰিয় এইগৰাকী লেখিকাৰ প্ৰতিটো চৰিত্ৰৰ হা-হুমুনিয়াহ পাঠকৰ অন্তৰৰ গভীৰ কোণত ৰি ৰি কৈ বাজি থাকে| লেখিকাৰ দক্ষতাৰ বাবে চৰিত্ৰসমূহৰ প্ৰতিবাদৰ সুৰক সংবেদী পাঠকে নিজৰ কণ্ঠত ধাৰণ কৰে| অসমীয়া সাহিত্যত বোধকৰোঁ ইয়াৰ আগেয়ে আন কোনো মহিলা সাহিত্যিকে নিজকে ইমান নিষ্ঠুৰভাৱে প্ৰকাশ কৰা নাই| নাৰী জীৱনৰ দ্বন্দ্ব, সংঘাত, দ্বিধা, সীমাবদ্ধতা, দৈন্যতা, যন্ত্ৰণা সকলোবোৰকে সৰল আৰু নিৰ্মমভাবে দাঙি ধৰিছে তেওঁ তেওঁৰ লিখনিবোৰত| সাহিত্য একাডেমীৰ বঁটা বিজয়িনী মামণি ৰয়ছমে সাহিত্য জগতত এক অনন্য মন লৈ প্ৰবেশ কৰিছে| তেওঁৰ এই যাত্ৰাপথ নি:সঙ্গ| কিন্তু এই কথাও সত্য যে সাহিত্যত তেওঁ ক’তো কাৰো সতেই ’কম্প্ৰমাইজ’ কৰা নাই| তেখেতৰ সৃষ্টিশীল সত্তাক কোনোদিনেই সমালোচকৰ সুতীক্ষ্ণ বাণে ৰক্তাক্ত কৰিব পৰা নাই| সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত তেওঁৰ নিজৰ ভাষাতেই—“মই লিখা প্ৰায় সকলো গল্প বা উপন্যাসৰ চৰিত্ৰবোৰকে মই বাস্তৱত লগ পাইছো| কিন্তু মোৰ গল্প, উপন্যাস আৰু আত্মজীৱনীৰ মাজত পাৰ্থক্য আছে| কিয়নো আত্মজীৱনীৰ প্ৰত্যেকটো কথাই সঁচা আৰু তথ্যসমৃদ্ধ হ’ব লাগিব| সেইবাবেই জীৱনত লগ পোৱা বহু চৰিত্ৰক আত্মজীৱনীত হুবহু প্ৰকাশ কৰিব পৰা নাযায়| কোনো মানুহৰ সবলতাখিনিৰ কথা বাদ দিওঁ, কিন্তু দুৰ্বলতাবোৰক যদি আত্মজীৱনীত হুবহুকৈ স্থান দিওঁ, তেন্তে মানুহজনৰ প্ৰতি অন্যায় কৰা যেন লাগে| কিন্তু গল্প বা উপন্যাস আকাৰে লিখিলে, মানুহজনক হুবহু ৰূপত প্ৰকাশ কৰিলেও তেওঁৰ প্ৰতি অন্যায় কৰা নহয়| কাৰণ গল্প-উপন্যাসত কোনো সঁচা তথ্য দিয়াৰ প্ৰয়োজন নহয়| কেতিয়াবা মানুহজনৰ নাম, কেতিয়াবা বৃত্তি, পদবী নাইবা কেতিয়াবা ঘটনাৰ ঠাই সলাই পেলাব পাৰি| নাঙঠ চৰিত্ৰবোৰক কেতিয়াবা পিন্ধাই দিব পাৰি ধুনীয়া সাজ-পোছাক”….

সদায়ে অৱহেলিত আৰু অপমানিত সকলৰ জীৱনক লৈ লিখা তেওঁৰ সাহিত্যৰ সাধনাই মোৰ দৰে ক্লান্ত আত্মাৰ জীৱনক নতুন ৰূপত বিচাৰি যোৱাৰ, যন্ত্ৰণাক আপোন কৰি লোৱাৰ, বিষাদক জয় কৰাৰ পথ দেখুৱায় যায়| হে মহীয়সী নাৰী—তোমাক মোৰ শত-সহস্ৰ কোটি প্ৰণাম|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments