মোৰ অনুৰ্ব্বৰ মস্তিষ্কৰ সীমাৱদ্ধতাত সৃষ্ট কিছু ফাল্টু চিন্তা (সুৰজিৎ নেওগ)

মোৰ অনুৰ্ব্বৰ মস্তিষ্কৰ সীমাদ্ধতাত সৃষ্ট কিছু ফাল্টু চিন্তা

সুৰজিৎ নেওগ

 

(১)

২০১৩ চনৰ শ্রীমন্ত শংকৰদেৱ বঁটা প্রদান অনুষ্ঠান হৈ গ’ল। বঁটাপ্রাপক শৰ্মীলা ঠাকুৰে বঁটা পালে; ভাৰতৰ ৰাষ্ট্রপতিয়ে বঁটা প্রদান কৰিলে। অসম চৰকাৰে গুৰুজনাৰ নাম যশ, তেখেতৰ কৰ্মৰাজী অসমৰ বাহিৰত প্রসাৰতাৰ হেতু কেইবা বছৰ ধৰি এই বটা প্রদান কৰি আহিছে। প্রতি বছৰেই হোৱাৰ দৰে এইবাৰো এই অনুষ্ঠান উপলক্ষে বহুজনে শ্রীমন্ত শংকৰদেৱৰ ওপৰত বিভিন্ন ভাষণ দিলে; শুনোতাই শুনিলে। আমিও টিভিৰ পৰ্দাত দেখিলোঁ … দেখহ শুনহ . . . অভিনেত্রী শৰ্মীলা ঠাকুৰ এই বঁটাৰ বাবে যোগ্য ব্যক্তি হয় নে নহয় বা তেখেতে শ্রীমন্ত শংকৰদেৱৰ চিন্তা চৰ্চাক কেনেধৰণে আগলৈ বিশ্ববাসীৰ মাজলৈ আগুৱাই নিব সেই লৈ এতিয়া চাৰিওফালে কথা-বাৰ্তা, আলোচনা আদি চলিছে। এইবোৰ চলি থাকিব। তাৰ পিছত দুদিনমান পিছত তাপ মাৰিব; আকৌ অহা বছৰ একেই প্রক্রিয়া আৰম্ভ হ’ব। আমিও হয়তো ফেচবুক বা অন্য নেটৱৰ্কিং চাইটত আকৌ এনেধৰণৰ পষ্ট/মন্তব্য দি বাৰে বাৰে ৰসাল আলোচনা, বিতৰ্ক আদি কৰিম।

যিকোনো বঁটাৰ ক্ষেত্রত বঁটাপ্রাপকৰ যোগ্যতা, বঁটা দিওঁতাৰ অৰিহণা বা বঁটা প্রৱৰ্তকৰ বঁটাপ্রাপক সম্পৰ্কত নিৰ্বাচন আদি কথাবোৰ সদায় বিতৰ্কৰ বিষয়। কোনোৱে সমৰ্থন কৰে, কোনোৱে নকৰে। এইধৰণৰ বিতৰ্কই আক’ কেতিয়াবা চূড়ান্ত ৰূপ ধৰে যেতিয়া এনে বঁটাবোৰত অলপ হলেও ৰাজনীতিৰ ৰহ সনা থাকে। থাকিবই; কাৰণ ৰাজনীতিৰ মুনাফা লুটাৰ লোভ সম্বৰণ কৰা বৰ কঠিন আৰু তাতে যেতিয়া ৰাজনীতি আটাইতকৈ বেছি ধুৰন্ধৰ, দগাবাজ, দুৰ্নীতিগ্রস্থ, দাগী অপৰাধীবোৰৰ আশ্রয়স্থলী (শেষ নহয়) হয়।

যোৱাকালি শ্রীমতী শৰ্মীলা ঠাকুৰে তেওঁৰ অসমৰ লগত সম্পৰ্ক বুজাবলৈ তেখেতৰ ককাকৰ কথা উল্লেখ কৰিছিল। মানে আমাক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে তেখেতৰ অসমৰ লগত কিমান নিবিড় সম্পৰ্ক আছে যাৰ বাবে হয়তো আমাৰ গুৰুজনাৰ নামত প্রৱৰ্তিত বঁটাটো পোৱাৰ ক্ষেত্রত তেওঁ আন কোনো লোকতকৈ কম যোগ্যতা সম্পন্ন নহয়। আগতেই কৈছোঁ, মোৰ এই চকুচৰহা দোষটোৰ কাৰণে ঢেৰ কিবা কিবি ফাল্টু চিন্তাই মূৰত কিল বিলাই থাকে… তেনে এক চিন্তাৰেই ফলশ্ৰুতিত মই অভিনেত্রী শ্রীমতী শৰ্মীলা ঠাকুৰ আৰু শ্রীমন্ত শংকৰদেৱৰ মাজত এটা যোগসূত্র হয়তো বিচাৰি পাইছোঁ। গুৰুজনাৰ অশেষ অমূল্য সৃষ্টিৰ ভিতৰত নাটকসমূহ অন্যতম। নাটক মানেই চৰিত্র আৰু অভিনয়। অভিনেত্রী হোৱাৰ হেতু শ্রীমতী ঠাকুৰৰ অভিনয় দক্ষতা সন্দেহাতীত আৰু গতিকে এই অভিনয়ক ‘কমন থ্রেড’ হিচাপে লৈয়ে কিজানি আমাৰ বঁটা নিৰ্বাচক সকলে এইহেন এগৰাকী দক্ষ লোকক এই বঁটাৰ বাবে নিৰ্বাচন কৰিলে…. এয়া মোৰ ফাল্টু চিন্তাৰ ফল দেই। ঠিক একেদৰে বঁটা দিওঁতা এগৰাকী লগা হ’ল। সেইবাবে, এসময়ত ভৱিষ্যতৰ প্ৰধানমন্ত্রী পদৰ একমাত্র দাবীদাৰ, নেহৰু গান্ধী পৰিয়ালৰ অবিসম্বাদী আজন্ম সেৱক, কিন্তু পিছলৈ এই পৰিয়ালৰে এজন কনিষ্ঠ ধ্বজাবাহকৰ ভৱিষ্যতৰ পথত হেঙাৰ হৈ পৰাৰ সম্ভাৱনা থকাত একমাত্র বিকল্প হিচাপে যোগ্যতাৰ মাপকাঠিৰে নুজুখি পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰৰ প্রথম নাগৰিক কৰি দিয়া লোকজনতকৈ আৰু উৎকৃষ্ট কোন হ’ব পাৰে??

যিকি নহওক, এই ফাল্টু কথাবোৰ ভাবি থাকোতে মোৰ এটা খেলিমেলি লাগি গ’ল। বছৰে বছৰে এই বঁটা সমূহৰ প্রাপকসকলক কোনে নিৰ্বাচন কৰে বাৰু? সাংস্কৃতিক সঞ্চালকালয়ৰ কোনো বিষয়াই কৰে নেকি বাৰু? বিজ্ঞজনে জনাবচোন। মোৰ অনুৰ্ব্বৰ মস্তিস্কৰ সীমিত চিন্তাৰে আকৌ এটা ফাল্টু কথা মনলৈ আহিল… আমাৰ গুৰুজনাক বিশ্বদৰবাৰত তুলি ধৰিবলৈ কোনো কোনোৱে নিজাববীয়াকৈ আৰু বিভিন্ন সংগঠনে আজি বহু বছৰ ধৰি প্রকৃতাৰ্থত অহোপুৰুষাৰ্থ কৰি আহিছে। এনে বিজ্ঞলোকৰ এখন বানি সমিতিয়ে এই কামটো কৰিব নোৱাৰেনে? নিশ্চয় পাৰিব। অৱশ্যে এইক্ষেত্রত ৰাজনৈতিক ধুৰন্ধৰবোৰৰ হিচাপ নিকাচবোৰে হয়তো খেলি মেলি লগাব।

এদিন আগলৈকে চহৰীয়া বানত উটি-ভাহি ককবকাই থকা মহানগৰবাসীৰ দুখ দুৰ্দশাৰ কোনো উমান নোপোৱা আৰু এজন লোকৰ আগমত সহস্রাধিক লোকে কেইবাঘন্টা ধৰি প্রখৰ ৰ’দত জীয়াতু ভুগী থকা কথাটোৰ বিষয়ে জ্ঞাত হৈও নেদেখা নুবুজাৰ ভাও দিয়া অসংবেদনশীল মনৰ গৰাকী হাজাৰ বছৰীয়া সভ্যতাৰ দেশ ভাৰতবৰ্ষৰ প্রথম গৰাকী নাগৰিকৰ “ব্ৰাহ্মণেই হওক বা চণ্ডালেই হওক —- সকলো মানুহ। মানৱসেৱা জীৱনৰ শ্ৰেষ্ঠ ধৰ্ম।” বুলি দিয়া নিয়মমাফিক ভাষৰ লগত ময়ো তাল মিলাই কওঁ শ্রীমন্ত শংকৰদেৱ বঁটাই গুৰুজনাৰ বিষয়ে কাক কিমান কি শিকালে সেইটো নাজানিলেও অন্ততঃ অভিনেত্রী শৰ্মীলা ঠাকুৰে শ্রীমন্ত শংকৰদেৱ বুলি এজনযে ‘লোক’ আছিল, সেইটো জানিলে, বুজিলে। আৰু তাতেই আমাৰ সাৰ্থকতা…!!!

[মোৰ অনুৰ্ব্বৰ মস্তিস্কই কৈছে, অহাবছৰ এই বঁটাটো দক্ষিণৰ হিৰ’ ৰজনীকান্তক দিলে আমাৰ গুৰুজনাই হয়তো বেছি প্ৰচাৰ আৰু প্ৰসাৰতা পাব। অ’বামা, বিল গেটছ্‌ আদিৰ কথা পিছত চিন্তা কৰিম ..নে কি কয়?]

(২)

৮০ বছৰ। মানে চাৰি কুৰি। সাধাৰণতে মানুহে এই বয়সত পাৰ কৰি অহা কালছোৱাৰ হিচাপ নিকাচ কৰে। কি ভাল কৰিলে, বা কি বেয়া কৰিলে তাৰ এক অৱলোকন। কোনোবা ভাগ্যৱান লোকৰ, যাৰ শাৰীৰিক শক্তি এনে বয়সতো অটুট থাকে তেনে লোকে জীৱনটো নিশ্চয়কৈ কিছু গঠনমূলক কামত, ভাল কালত, সমাজহিতকৰ কামত উপভোগ কৰে। এনে বয়সত হয়তো আৰু একো পাবলগীয়া নাথাকে; গতিকে বাকী সময়খিনি সুখে শান্তিৰে থাকি কাৰো একো অপকাৰ নকৰি, অসৎ চিন্তা নকৰি পাৰ্য্যমানে আধ্যাত্মিক চিন্তাত কটায়। এয়া আমাৰ অসমীয়া, ভাৰতীয় মানসিকতা বা সংস্কাৰ যি যুগ যুগ ধৰি চলি আহিছে।

আজিৰ চিকিৎসা বিজ্ঞানে অনা অভাৱনীয় পৰিৱৰ্তনত আমাৰ সমাজত লাহে ৮০ উৰ্ধৰ মানুহৰ সংখ্যা বাঢ়িছে। কিন্তু মূল চিন্তা ভাৱনা একেই আছে। অৱশ্যে সকলো ঠাইতে থকা ব্যতিক্ৰমৰ দৰে ইয়াতো কিছু নগণ্য সংখ্যক ব্যতিক্ৰম থাকে; যেতিয়া নেকি আমি দেখোঁ এজন তেনে বয়সৰ লোকে কিবা এটা এনে নকৰিবলগীয়া কাম কৰিছে। আমি ধিক্কাৰ দিওঁ, গৰিহণা দিওঁ। কাৰণ এজন ৮০ বছৰীয়া বৃদ্ধৰ বাবে তেনে কাম শোভা নাপায়।

মনমোহন সিং তেনে এজন অক্টাজেনেৰিয়ান লোক, ৮০ উৰ্ধৰ মানুহ। হয়, কেইদিনমান আগতে আমাৰ গুৱাহাটীলৈ অহা মনমোহন সিঙৰ কথাই মই কৈছোঁ। যিজনৰ আগমনত আমি সকলোৱে অলপ হলেও জীয়াতু ভুগিলোঁ। কিন্তু মোৰ এই চিন্তা সেই ৰাজনীতিক বা ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে অহা মনমোহন সিঙক লৈ নহয়; এজন ৮০ বছৰীয়া বৃদ্ধ চৰ্দাৰজী, যি ভালকৈ কথা ক’ব নোৱাৰে, ভালকে খোজ কাঢ়িবও নোৱাৰে, এসময়ৰ গুণী-জ্ঞানী অৰ্থনীতিবিদ, স্বল্পভাষী মনমোহন সিঙৰ কথা কৈছোঁ যি হাড়ে হিমজুৱে পঞ্জাৱী। অস্বীকাৰ কৰি লাভ নাই। এই ৮০ বছৰীয়া বৃদ্ধজনৰ আৰু কি প্ৰাপ্তি থাকি গ’ল যাৰ বাবে তেওঁ পুনৰ এনে এটা বৃত্তিৰ সৈতে জড়িত হ’বলৈ ওলাইছে য’ত সাৰে থকা সমষ্ট সময় খিনি কেৱল মিছা কথা কৈয়ে থাকিব লগা হয়! আনকি এই বৃত্তিৰ লগত জড়িত (আজিৰ সমসাময়িক কথা কৈছোঁ) লোকসকলে হেনো সপোনটোও ‘মিছা’ দেখে!!! ভাৰতবৰ্ষৰ দৰে এখন দেশৰ বিত্ত মন্ত্ৰী, দুবাৰকৈ প্ৰধানমন্ত্ৰী হৈ সুদীৰ্ঘকাল কেৱল কিছু ধূৰন্ধৰ, মিছলীয়া, অপৰাধী, দুৰ্নীতিগ্ৰস্ত লোকেৰে পৰিবেষ্টিত হৈ থাকিও এই বৃদ্ধ গৰাকীৰ হেঁপাহ পলোৱা নাই!! মুখামুখি নিৰ্বাচনত ভাৰতীয় ভোটাৰৰ দ্বাৰা প্ৰত্যাখ্যাত, এচাম ধূৰন্ধৰ ৰাজনীতিকৰ দ্বাৰা বাৰে বাৰে নিৰ্বাচিত হৈ গৌৰৱ অৰ্জা এনে এজন লোক যিজনে সজ্ঞানে নিশ্চয়কৈ জানে তেওঁৰ পেচাগত সীমাবদ্ধতা। তেওঁ এইটোও নিশ্চয় জানে যে বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ নামত প্ৰসহন কৰা নেহৰু-গান্ধী পৰিয়ালৰ কনিষ্ঠতম আৰু একমাত্ৰ অপদাৰ্থ অযোগ্য ৪০ বছৰীয়া ‘ডেকাজন’ যিদিনাই আমাক শাসন কৰিবলৈ ‘যোগ্য’ বুলি ‘বিবেচিত’ হৈ ‘ঘোষিত’ হ’ব, সেইদিনাই তেওঁকো একেগোৰেই লঠিয়াই পেলাই দিব। তথাপিও, ইমান লোভ নে? লোভ বা বেমাৰ যিয়েই নহওক; এয়া নিশ্চয়কৈ এক যুগমীয়া ব্যতিক্ৰমী নিদৰ্শন!!

হে বৃদ্ধ, আপোনাৰ পৰা আমাৰ এনে কি আৰু পাবলগীয়া থাকিল যি দিবৰ বাবে আপুনি ইমান অধীৰ হৈ ঢপলিয়াই আহি আমাক ধন্য কৰিলেহি? কেইটামান দিন, হয়তো কেইটামান বছৰহে বাকী আছে, যাওক, স্বৰ্ণমন্দিৰলৈকে নিতৌ পুৱা-গধূলি যাওক; মানৱসেৱা তেনেকৈও কৰিব পাৰিব। ইমান দিনে, বছৰে আমাৰ অসমৰ বাবে একো নকৰিলেই যেতিয়া এতিয়াও একো কৰিব নালাগে। আমি বেয়া নাপাওঁ। আমি অসমীয়াবোৰ এনেয়েই বহু উদাৰ; আমি কাকো বেয়া নাপাওঁ। আপোনাকো নাপাওঁ। এই বৃদ্ধ বয়সত, পৰকতি লৰা বয়সত কিমান আৰু মিছা কৈ কৈ কটাব। যাওক, হৰি নামকে লওকগৈ !!

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

ভাল লাগিল পঢ়ি ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক