মোৰ কলম্বিয়াৰ ভ্রমণৰ ডুখৰীয়া ছবি : কনচেং বৰগোহাঁই

(সাত)

কলম্বিয়াত পুৰুষ আৰু মহিলাই সমানে কাম কৰে আৰু কামৰো কোনো ভাগ নাই বা দিন ৰাতি বুলি কোনো কথা নাই। মাথো চৰকাৰী নিয়ম অনুযায়ী ১৮ বছৰ বয়সৰ তলৰ কোনো লৰা বা ছোৱালীয়ে ক’তো কাম কৰিব নোৱাৰে আৰু মহিলাৰ বাবে আৰ্মীত যোগদান কৰাটো বিশেষ ভাবে মানা আছে। ৰিগত দেখিছো পাতল-গধুৰ বুলি কোনো ভাগ ৰখা নাই লৰাৰ লগত ছোৱালীবোৰেও সমানে কাম কৰিছে। এদিন দেখিলো ড্ৰিলিং বিভাগত ট্ৰেইনি হিচাবে থকা এগৰাকী ছোৱালী বান্দৰৰ চাং (Monkey Board) লৈ বগাই গৈছে। (ৰিগটোৰ ওখই হল প্ৰায় ৪৫-৫০ মিটাৰ পৰ্য্যন্ত। মাটিৰ পৰা প্ৰায় ৮-১০ মিটাৰ ওপৰত এখন ফ্লৰ থাকে। ডেৰিক (Derrick) নামৰ এজন আধুনিক ৰিগ নিৰ্মাতাৰ নামেৰে ফ্লৰখনক ডেৰিক ফ্লৰ বোলা হয়। এই ফ্লৰৰ ওপৰতে দীঘল ড্ৰীল পাইপবোৰ থিয়কৈ ৰখা হয়। পাইপবোৰৰ ওপৰৰ মূৰটো আউজাই থবলৈ এখন ৰেলিঙৰ দৰে এখন চাং থাকে ইয়াক Monkey board বোলা হয়। ডেৰিক ফ্লৰৰ পৰা প্ৰায় ২৫ মিটাৰমান ওখত এই চাংখন থাকে। ড্ৰীল পাইপবোৰ উলিওৱা আৰু সোমোৱাৰ সময়ত পাইপবোৰ ধৰি বৰ্ডৰ ফিংগাৰত ঠিকমতে ভৰাই ৰাখিবলৈ মানুহে বান্দৰৰ দৰে বগাই গৈ এই চাংখনত কাম কৰিব লাগে। ইয়ালৈ উঠি যাবলৈ থিয় চিৰি থাকে আৰু বগোৱাৰ সময়ত ককালত ৰক্ষক বেল্ট লগাব লাগে। ওলোমাই থোৱা এই বেল্ট ডালে ওপৰলৈ উঠি যোৱা সময়ত মানুহজনৰ ওজন কিছু পৰিমাণে বহন কৰে। তথাপি ভাগৰ লাগিলে মানুহজন থিয় হব পৰাকৈ চিৰিৰ মাজ ভাগতে আৰু এখন সৰু চাং থাকে)। আনকি আমাৰ চিকিউৰিটিৰ দায়িত্বত ৰাতি এজনী ছোৱালীও আছে। তাই ভৰিত গধুৰ জোতাযোৰে সৈতে এটা হুইছেল আৰু ৱাকী টকীলৈ যেতিয়া বাউন্ডেৰীত ৰাতি ঘুৰি ফুৰে তেতিয়া তাইক এজন আৰ্মীৰ জোৱানতকৈ কোনো গুণে কম নহয় যেন লাগে। ইয়াৰ প্ৰায়বোৰ অফিছ, বেংক আদিত মহিলা চিকিউৰিটি প্ৰয়োভৰ দেখা যায়। এওঁলোক চৰকাৰীভাবে ট্ৰেইনিং লোৱা, গতিকে কোনো আনুষ্ঠান প্ৰতিস্হান সমূহত পুৰুষৰ সমানে মহিলাসকলক এই কামৰ বাবে যোগ্য বিবেচনা কৰা হয়। অন্যহাতে, তেওঁলোকে নিজ উপাৰ্জনেৰে থিয় দিবলৈ ভাল পায়। ইয়াৰ মহিলাসকল বৰ মুকলিমুৰীয়া আৰু স্বাধীনচিতীয়া। হয়তু এনেবোৰ কাৰণতে বিয়াৰ পাচত প্ৰায়ে বিচ্ছেদ হোৱা দেখা যায়। লিভিং টুগেদাৰ প্ৰথাত থকাটো একপ্ৰকাৰ সাধাৰণ। মোৰ লগত থকা মেইলিন আৰু এৰিক দুয়ো নিজৰ নিজৰ ফ্ৰেন্ডক ইতিমধ্যে বিদায় দিছে। এৰিকৰ কোনো সন্তান নাই তেওঁ তিনিবছৰ ফ্ৰেন্ডৰ লগত একেলগে আছিল কিন্তু মেইলিনৰ এটি পাঁচ বছৰীয়া পুত্ৰ সন্তান আছে। এৰিকে কোৱামতে-মেইলিনৰ সন্তানটো তাইৰ মাকৰ ওচৰত থৈ মাহ ধৰি ঘৰৰ পৰা আঁতৰি চাকৰি কৰে। তথাপি তাই বৰ হাঁহি মাতি থাকে। ময়ো কোনোদিন মন মাৰি থকা থকাটো দূৰৈৰ কথা সততে ডাঙৰ ডাঙৰকৈ হহাঁহে দেখিলো। আমাৰ দেশৰ মহিলাসকলৰ কথা ভাবিলে বৰ দুখ লাগে – মুকলিমুৰীয়া জীৱন এটা যাপন কৰিব নোপোৱাকৈ সৰহ সংখ্যক মহিলাই মৃত্যু বৰণ কৰিবলগীয়া হয় ……..।
কামৰ সৰহ সময় জিয়’চাৰ্ভিচেচৰ ইউনিটত আমি বহিব লাগে। সেয়ে কথাবতৰাও কিছু হয় জিয়’চাৰ্ভিচেচৰ মেইলিন আৰু এৰিকৰ লগত। এদিন এনেদৰে কাম কৰি থাকোতে মেইলিনে কাষতে তাইৰ লেপ টপত গান বজাই তালে তালে গা নচুৱাই আছিল। মণিটৰত নাচি থকা ছালচা নাচটো (তেতিয়ালৈ ডান্স ইন্ডিয়া ডান্স, নাচ বলিয়ে আদি অনুষ্ঠান চাই নাচবোৰ কিছু চিনি পোৱা হৈছো) দেখি মই সুধিলো-তুমি নাচিব জানানে ? তাই লগৰজনক মানে এৰিকক কলে- “বৰগোঁহাইক কৈ দিয়া এই নাচ আমি সকলোৱে জানো আৰু মই কেতিয়াবা লৰাছোৱালীকো নাচ শিকাওঁ” নাচ মানে পৃথিবীৰ বহু জনাজাত নাচ চালছা। নাজানিবই বা কিয়-এইখন ছাকিৰাৰ দেশ। ছাকিৰা সেই বিখ্যাত বেলী নাচ নচা আৰু কলম্বিয়াৰ শ্ৰেষ্ঠ গায়িকা। দক্ষিণ আফ্ৰিকাত ২০১০ চনত ৱৰ্ল্ড কাপ ফুটবল খেলৰ মধ্যমণি গীতটো Waka Waka.. This time for Africa গাই যি গোটেই পৃথিবীতে তোলপাৰ লগাইছিল তেওঁৱেই ছাকিৰা। ছাকিৰাই নিজে গোৱা, সুৰ দিয়া আৰু লিখা এই গানটো দক্ষিণ আফ্ৰিকাই খেলৰ বাবে নিৰ্বাচন কৰি অকণো ভুল কৰা নাছিল। গানটোৰ জনপ্ৰিয়তাই তাৰ প্ৰমাণ। ছাকিৰাৰ সৰুকালৰ কথাবোৰ বৰ ৰসাল। তেওঁৰ জন্ম হৈছিল ১৯৭৭ চনৰ ২ ফেব্ৰুৱাৰীত বাৰানকিযা Barranquilla (ll-হলে ‘য’ উচ্ছাৰণ কৰে)নামৰ এখন পাহাৰীয়া চহৰত। তেওঁ চাৰি বছৰ বয়সতে সুন্দৰ কবিতা লিখা দেখি দেউতাকে কোনোবা এটা খ্ৰীষ্টমাছত টাইপ ৰাইটাৰ এটা উপহাৰ দিছিল – লেখিবলৈ উৎসাহ যোগাবৰ বাবে। ছাকিৰা কিন্তু গানৰ ক্লাচত মুঠেই ভাল নাছিল সেই বাবে চেকেন্ড ষ্টেন্ডাৰ্ডত উত্তীৰ্ণ হব পৰা নাছিল। গানৰ শিক্ষকে তেওঁৰ গান হেনো ছাগলীৰ বেবনিৰ লগতহে তুলনা কৰিছিল। সেয়ে বেলী ডান্স কৰিবলৈ লয় আৰু স্কুলত তেওঁ বেলী ডান্সাৰ (কিয় জানো পেট নচুৱা নাচনী বুলিবলৈ ভাল লগা নাই) হিচাবেহে জনাজাত হৈছিল। নিজৰ ওপৰত বিশ্বাস আৰু কঠোৰ সাধনাই জীৱনৰ লক্ষ্যত উপনীত হোৱা ছাকিৰা এক জলন্ত উদাহৰণ। আজি তেওঁ গায়িকা লগতে বেলী ডান্সাৰ হিচাবে জগত খ্যাত। এটা সময়ত তেওঁ মডেলিং আৰু এক্টিংঙো কৰিছিল। তেওঁ ক’ৰবাত নিজেই কৈছে-তেওঁ নাচৰ বহু সঞ্চালন আৰবিয়ান সংস্কৃতিৰ পৰা লোৱা আৰু বহু দেশৰ নাচৰ সংমিশ্ৰণ, যিটো আমি ফিউজন বুলি কওঁ। আনকি তেওঁৰ “Hips Don’t Lie” এই গানটো ভাৰতীয় মূলৰ ওপৰত গোৱা আৰু নচা বুলি কয়। ছাকিৰাৰ আচল নামটো হল-Shakira Isabel Mebarak Repoll আৰু “ছাকিৰা’ এই আৰবিয়ান শব্দটো অৰ্থ হল-Women full of Grace। পূৰা নামটো মাক আৰু দেউতাকৰ নামৰ সংমিশ্ৰণ। দেউতাক আছিল লেবানিজ আৰু মাক আছিল কলম্বিয়ান। মেইলিনক জোকাবৰ মনেৰে কলো তুমি আৰু ডান্স….? (তাই বেছ শকত বাবে তেনেকৈ কলো) মোৰ কথাত তেওঁ ফটকৰে উঠি গৈ এৰিকক টানি আনি ককাঁলত ধৰি নাচিবলৈ ধৰিলে, যিটো মোৰ সপোনৰো অগোচৰ। কিছুপৰ নাচি হে তেওঁ শান্ত হল। মোকো জোৰ কৰিছিল, কিন্তু বিহু নাচিব নজনা মানুহটোৱে কি আনৰ ককাঁলত ধৰি নাচিম। তথাপি মণিপুৰীৰ উজু নাচৰ পাক এটা মাৰি দেখুৱালো, তেওঁলোকে পাৰেমানে হাঁহিলে। মইও হাঁহিলো যদিও, মনতে ভাবিলো এইবাৰ ঘৰলৈ গৈ কিবা নাচ এটা শিকিব লাগিব। বিহু নাচিম বুলি ভাবিছিলো যদিও হাত ভৰি মেলি নাচিবলৈ ৰুমটো ঠেক। তাতে ভালদৰে কঁকাল ভাঙিব নাজানো কেৱল নাচৰ নামত কিলাকুটি মাৰিলে পানীৰ পৰা উঠি আহি হাঁহে যেনেকৈ পাখি মাৰে মোক তেনেকুৱা যেন লাগিব। অবশ্যে মই তেওঁলোকক এদিন বিহু নাচ নাচি দেখুওৱাৰ প্ৰতিশ্ৰুতিও দিলো। মণিপুৰী নাচটো কেনেকৈ শিকিলো তাৰো এটা কাহিনী আছে। ইউনিভাৰচিটিত ৰিৰ্চাছ স্কলাৰ হিচাবে থাকোতে ক’টেজত মোৰ লগত এজন মণিপুৰী বন্ধু আছিল, নাম- হিজম হোমেন্দ্ৰ সিং। সিঙক মই বাপু আৰু সি মোক বোপাই বুলি মাতিছিল। বোপাই বৰ চিৰিয়াচ ধৰণৰ লৰা। এতিয়া সি নামৰূপ কলেজত প্ৰাণীবিজ্ঞান বিষয়ৰ শিক্ষক। বহুদিন সংযোগ নাই মানে মই তাক লগ ধৰিব নোৱাৰাৰ বাবে ঠেহ পাতি আছে। আৰ তাৰ মুখেৰে মোৰ খবৰ খাতি লৈ থাকে বুলি জানিব পাৰিছো। ডিব্ৰুগড়ত একেলগে থাকোতে, বিশ্ববিদ্যাললয়ৰ সপ্তাহৰ সময়ত মণিপুৰী লৰাছোৱালীবোৰে এটা সাংস্কৃতিক অনুষ্ঠান (এক সমুহীয়া নাচ) কৰিবৰ বাবে যা-যোগাৰ কৰিলে। বাপু হল টীমটোৰ লীডাৰ। বাপুৱে সদায় ৰিহাৰচেলৰ বাবে মোক লৈ যায়। মইও বাধ্য লৰাৰ দৰে তাৰ লগত গৈ সিহঁতৰ নাচবোৰ চাই থাকো। অনুষ্ঠানৰ ঠিক দুদিন আগতে সিহঁতৰ নাচৰ গ্ৰুপৰ এজন লৰা ভৰি বিষৰ বাবে নাচিব নোৱাৰা হল। ইফালে সিহঁতৰ নাচটোত লৰা আৰু ছোৱালীৰ যোৰা পাতি নাচিব লাগে। সেই লৰাটোৱে নানাচিলে এতিয়া ছোৱালীজনীয়েও নাচিবলৈ সুবিধা নাপাব। বাপুৱে ভাবি চিন্তি মোকেই ধৰিলে নাচটোৰ বাবে। মই নাই নুই কৰিলো যদিও বাপুৱে মোৰ কথালৈ কাণ নিদিলে। অবশেষত বাপুৰ ওচৰত হাৰ মানিবলৈ বাধ্য হলো। সেই দুদিন বাপুৱে দিনটোৰ প্ৰায় সকলো সময়তে মোক নচুৱালে। সময়ত, সফলভাৱে নাচ মঞ্চত পৰিবেশন কৰা হল। আজি তাকে কামত খটুৱালো। সচাঁই কোনো কাম কৰিলে বা শিকিলে কোনো লোকচান নহয়, বৰঞ্চ লাভহে হয়। অবশ্যে স্পেনিচ ভাষাটো নিশিকাৰ দুখটোৱে আকৌ মনটোক আমনি কৰিবলৈ ললে।
মই ইয়ালৈ অহাৰ আগতে এটা কথা শুনিবলৈ পাইছিলো যে কলম্বিয়ানসকলে হেনো লেতেৰা হৈ থকাতকৈ এসাঁজ নোখোৱাকৈ থাকিবলৈহে ভাল পায়। কথাষাৰ মিছা নহয় যেন লাগিল। সঁচাকৈ তেওঁলোকৰ পৰিস্কাৰ পৰিচন্নতা শলাগিবলগীয়া। ৰিগটোৰ কেম্পাচৰ ভিতৰত লোহাৰ টুকুৰা, কাঠৰ টুকুৰাতো বাদেই কাগজৰ টুকুৰা এটাও ক’তো পৰি থকা দেখিবলৈ পোৱা নাছিলো। অফিচ ৰুমবোৰৰ ওচৰে পাজৰে জাবৰ পেলাবৰ বাবে জাবৰৰ বাকচ সুন্দৰকৈ সজোৱা থাকে _পেপেল, প্লাষ্টিক’ আৰু অৰগেনিক’ আদি নামৰ তিনিটাকৈ বেলেগ বেলেগ ৰঙৰ জাবৰৰ বাকচ একলগে ৰাখে যাতে কাগজ, প্লাষ্টিক আৰু খোৱা বস্তুৰ পেলনীয়া ভাগে ভাগে পেলাব পাৰে। প্ৰত্যেকদিনা পুৱাই চেফটি অফিচাৰ বা পৰিবেশ নিয়ন্ত্ৰণৰ দায়িত্বত থকাজনে নিজেই গাড়ীত সেইবোৰ উঠাই দিয়া মই দেখিছো। লোহাৰ লংকৰৰ বাকচ জাতীয় বা মেচিনেৰী কিবা ওপৰঞ্চি ৰাখিব লগা হলে ঠাইডোখৰ হালধীয়া ফিটা মাৰি বেঢ়ি থব। ভাৰতত ড্ৰীল চাইটত কাগজৰ টুকুৰা বাদেই যেনিতেনি লোহাৰ পাইপ, অন্যান্য সামগ্ৰীৰ লগতে পেলনীয়া বা পেলাব নলগা বস্তুৰে গোটেইখন ভৰি থাকে। তাৰোপৰি চাইটত বাৰিষা অফিচ ৰুমকেইটালৈ চিমেন্টৰ বস্তাত বালি ভৰাই কোনোমতে বেঙা মেলি যাব পৰাকৈ ৰাস্তা এটি বনাই লয়, কিন্তু দুগন্ধৰে ভৰি পৰে। মহ ডাঁহৰটো কথা কবই নালাগে। ইয়াত তেনেকুৱা অবস্হা হলে নিশ্চয় কাম বন্ধ হৈ যাব। সকলোতে পৰিস্কাৰ, নিৰাপদ আৰু সুৰক্ষা প্ৰথম। ড্ৰীল চাইটৰ ইঞ্জিনৰ শব্দবোৰ বাদ দিলে সৰু এখন পৰিস্কাৰ টাউনত থকাৰ দৰে অনুভৱ হয়। যিটো আমি ভাৰতত এতিয়াও কল্পনা কৰিব পৰা অৱস্হা এটা হোৱাগৈ নাই। এইকেইদিন ইয়াত থাকি এটা কথা স্পষ্টভাৱে বুজি পাইছো যে- মানুহৰ দৰে জীয়াই থাকিবলৈ হলে প্ৰথমে মানুহ হৈ জী থাকিব জানিব লাগে..।
কলম্বিয়ানসকলৰ অন্য এটি দিশ মোৰ চকুত পৰিছিল। কামৰ সময়ত কাম কোনো ফাঁকি ফুকা নাই, সেইদৰে ছুটী বুলিলেও ছুটী। বন্ধবাৰত অফিচৰ পৰা ফোন কৰিলেও সাধাৰণতে ফোন নধৰে। কেতিয়াবা চৰকাৰী বন্ধবোৰ সপ্তাহৰ মাজত পৰিলে তাক শনিবাৰ দেওবাৰৰ লগত জোৰা লগাই দীঘলীয়া কৰি লয়। শনিবাৰ দেওবাৰ কেইটাত মানুহবোৰ বাহিৰত ফুৰিবলৈ যায়, ৰাস্তাবোৰ প্ৰায় শূণ্য হৈ পৰে আৰু লৰাছোৱালীবোৰে ইয়াৰ পূৰা মাত্ৰাই সদ ব্যৱহাৰ কৰে অৰ্থাৎ ৰাস্তাত বিভিন্ন খেল খেলে। তেওঁলোক বৰ আমোদ প্ৰিয় । তেওঁলোকে বছৰেকত বহু উৎসৱ পালন কৰে অন্তত: মাহত এটামানকৈ পৰিব চাগে। অবশ্যে ভিন্ন সময়ত ভিন্ন ঠাইত উৎসৱ সমূহ উৎযাপন কৰে। তাৰে উল্লেখযোগ্য কেইটামান হল- বাৰানকিযা উৎসৱ, কেলি ফেয়াৰ উৎসৱ, বগা কলা উৎসৱ ইত্যাদি। বাৰানকিযা উৎসৱ পৃথিবীৰ ভিতৰতে এটা ডাঙৰ উৎসৱবোৰৰ এটা। বাৰানকিযা (Barranquilla) ঠাইডোখৰৰ নামেৰে উৎসৱটোৰ নাম। ফেব্ৰ্ৰ্ৰুৱাৰী মাহৰ ১৮ ৰ পৰা ২১ তাৰিখলৈকে এই উৎসৱ পালন কৰা হয়। দেশৰ বিভিন্ন ঠাইৰ মানুহৰ লগতে ইয়াত স্পেইনৰ মানুহেও আহি ভাগ লয়। সেইকেইদিন ষ্টেডিয়াম, ৰাস্তা পদূলি মানুহেৰে ঠাহ খাই পৰে। কলাকুশলীসকলে তেওঁলোকৰ নাচ গানৰ পাৰদৰ্শিতা দেখুৱায়। সেইদৰে কেলি ফেয়াৰ (Cali Fair) উৎসৱ ২৫ ডিচেম্বৰৰ পৰা নববৰ্ষৰ আৰম্ভণিলৈকে। এই ছদিনীয়া উৎসৱটো কেলি নামৰ নগৰত বিভিন্ন কনৰ্চাট, নাচ গানৰ প্ৰয়োভৰ, ঘোঁৰা পেৰেড, ষাঁড় গৰুৰ যুঁজ ইত্যাদিৰে বিভিন্ন সংস্কৃতিৰ পয়োভৰ। বুৰঞ্জী মতে, এই উৎসৱ আৰম্ভ হয় ১৯৫৭ চনত Feria de la Cana de Azucar (Sugar cane fair) আৰু ই কেবল ষাঁড় গৰুৰ যুঁজতে সীমাবদ্ধ আছিল আৰু প্ৰায় এমাহ ধৰি পালন কৰিছিল। এতিয়া দেশৰ সকলো ঠাইৰ মানুহে উৎসৱৰ দিনকেইটা ইয়াত ভিৰ কৰেহি। আন এটা উৎসৱ হল _ বগা আৰু কলা উৎসৱ। এইদিনটোতে স্পেনিচসকলে ১৯১২ চনত আফ্ৰিকান দাসবোৰক মুকলিকৈ খেলা ধূলা ৰং ৰহইচ কৰিবলৈ অনুমতি দিছিল, ফলত উদ্ভৱ হৈছিল এই উৎসৱৰ। ৪ ৰ পৰা ৬ জানুৱাৰীত তিনিদিনীয়াকৈ অনুস্হিত হোৱা এই উৎসৱৰ প্ৰথমদিনা মানুহবোৰে গাত কলা ৰং ঘঁহি বিভিন্ন নাচ গান কৰে আৰু দ্বিতীয় দিনা তেওঁলোকে বগা ৰং সানি ৰাস্তাত বা খেলপথাৰত নাচ গান কৰে। এই উৎসৱ কলম্বিয়াৰ দক্ষিণ পশ্চিম অণ্চলৰ পেষ্ট’ নামৰ নগৰত উৎযাপন কৰা হয়। এওঁলোকৰ অন্যান্য উৎসৱবোৰ হ’ল-ফুল, কবিতা, লোকগীত, সেউজীয়া জোন, নাটক, মম আৰু লেম্পৰ কাৰনিভেল ইত্যাদি বিশেষভাবে বিখ্যাত। ইয়াৰ উপৰিও কলম্বিয়ানসকলে দুটাকৈ স্বাধীনতা দিবস পালন কৰে। ২০ জুলাই ১৮১০ চনত ব’গ’টা আৰু কাষৰীয়া ঠাইৰ কলম্বিয়ানসকলে বহু আন্দোলন কৰি কিছু স্বাধীনতা পাবলৈ সক্ষম হয়। তেতিয়াৰ স্পেনিচ ভাইচৰয়ে প্ৰথমে সীমিত ভাবে তেওঁলোকক কিছু স্বাধীনতা প্ৰদান কৰে। প্ৰকৃততে তেতিয়াৰ যোগাযোগৰ অভাৱ বা যোগ্য নেতৃত্বৰ অভাৱ ইত্যাদি বিভিন্ন কাৰণত কলম্বিয়ানসকলে প্ৰথমে সমগ্ৰ দেশ জুৰি বিদ্ৰোহ কৰিব পৰা নাছিল। পাচলৈ অবশ্যে সকলোবোৰ সৰু সৰু ৰাজ্যবোৰে একগোট হৈ বিদ্ৰোহ কৰিবলৈ সক্ষম হৈছিল। ফলস্বৰুপে স্পেনিচসকল তেওঁলোকৰ ওচৰত হাৰ মানি ১৮১৯ চনৰ ৭ আগষ্টত সম্পূৰ্ণ স্বাধীনতা দিবলৈ বাধ্য হয়। সেয়ে কলম্বিয়ানসকলে এই দুয়োটা দিন স্বাধীনতা দিবস হিচাবে পালন কৰে। হয়তু, কলম্বিয়াই পৃথিবীৰ প্ৰথম দেশ যি দুটাকৈ দিন স্বাধীনতা দিবস হিচাবে পালন কৰে ।
==============================

শেষ খণ্ড

দিনবোৰে ব্যস্তভাৱে মোক এৰি পাৰ হৈ গৈছে। কামৰ হেচাঁত ইফাল সিফাল কৰিবলৈ সময় পোৱা নাই। পুৱা ব্ৰেকফাষ্ট কৰাৰ পাচত আগৰদিনাখনৰ পুৱা ৬ বজাৰ পৰা পাচৰদিনা পুৱা ৬ বজালৈকে পূৰা ২৪ ঘন্টাৰ কামৰ এটা ৰিৰ্পটৰ লগতে অন্যান্য লাগতিয়াল কথা বা আঁচনি খবৰবোৰ তৈয়াৰ কৰি প্ৰত্যেকদিনাই অফিচলৈ পঠাব লাগে। সেয়ে শুবলৈ যাওঁতে প্ৰায় ১০/১০.৩০ হয়গৈ। তাৰপাচত পঢ়া বা লেপটপটো মেলি কিবাকিবি পঢ়ি/লিখি থাকোতে ১২.৩০ বাজে। দিনৰ কথা, টোপনি আহোতে পলম হয় ইফালে সন্ধ্যা ৬ বজাত পুনৰ অফিচত বহিব লাগে। অবশ্যে মি. কুমাৰ সন্ধ্যা ৮ বজালৈকে অফিচত থাকে বাবে বেছি অসুবিধা হোৱা নাই। তথাপি দিনটোৰ আৰু ৰাতিটোৰ কৰিবলগীয়া কামখিনিৰ এটা সামজ্নস্য ৰাখিবৰ বাবে দুয়ো আলোচনা কৰিবলৈকে সোনকালে অফিচত আহিলে ভাল। সেয়ে ইটো সিটো কৰিবলৈ সময় নাথাকেগৈ। তাৰ মাজতে, এদিন পুৱা আহাৰৰ পাচতে মই আৰু ড্ৰীলিংৰ ইনৰ্চাজ মি. শুক্লাৰ লগ হৈ গাড়ীখন লৈ ওলাই গলো (দিনত মোৰ কাম নাথাকে) আমাৰ অলপতে খন্দা খাদটো চাবলৈ। ইয়াৰ পৰা ঠিক ৫/৬ কি.মি মান হব। বাটটো সেই একেই শিলগুটি আৰু দুয়োকাষে গৰুৰ চৰণীয়া পথাৰ অ’ত ত’ত দুই এটা ঘৰ। খাদটোত চাবলগা বিশেষ একো নাই। মুকলি বেৰা দিয়া ঠাই এডোখৰৰ মাজত X-Mass Tree অৰ্থ্যাৎ বিভিন্ন ভালভৰ সমাহাৰে খাদটোৰ মূৰটো বন্ধ কৰা আছে। ই দেখাত মাটিৰ ওপৰত যোগ চিনটোৰ দৰে থিয় হৈ আছে। আৰু কেইটামান তেলখাদ সম্পূৰ্ণ হলে একেলগে পাইপৰ দ্বাৰা সংযোগ কৰি উৎপাদন আৰম্ভ কৰিব পৰা যাব। খাদটো চাই ঘুৰিবলৈ লওঁতে শুক্লাজীক সুধিলো ইয়াৰ ওচৰ পাজৰে কতো টাউনচিপ নাই নেকি ? তেওঁ ততাতৈয়াকৈ ড্ৰাইভাৰক গাড়ীখন ঘুৰাই টাউন এখনৰ ফালে লৈ গল। লাহে লাহে ঘৰবোৰ ঘন হল। বৰ বেছি ভাঙৰ নহয় নগৰখন। প্ৰায় ৭০০ মিটাৰমান হব দীঘলে। কংক্ৰীটৰ ৰাস্তা। ৰাস্তাৰ দুকাষে পকী পদপথ আৰু কিছু ফুলৰ গছ। মাজতে এখন পুলিচ চকি বা থানা আৰু কিবাকিবি অফিছ। আমাৰো ইয়াত এটা অফিচ আছে আৰু ৰ’জা নামৰ এজনী ছোৱালীয়ে অফিচটো চম্ভালে _ তেওঁৱে পৰিবেশ উন্নয়নৰ বাবে অ’নজিচিয়ে কৰিব লগা কামখিনিৰ আচঁনি বা কামৰ পৰ্য্যবেশন কৰা লগতে স্হানীয়লোকৰ ওজৰ আপত্তিবোৰ লয়। ইবোৰ সিবোৰ দোকানৰ লগতে কেইখনমান ৰেষ্টুৰন্ট। নগৰখনৰ জনবসতি প্ৰায় ১০০০ মান। শুনি আচৰিত লাগিল ঘৰবোৰত পাইপ গেচৰ যোগান থকা বুলি জানি। নগৰখনৰ আন্ত:গাঠনি সচাঁকৈয়ে মনকৰিবলগীয়া। দুজনমানে বিয়েৰ পি থকা দেখিলো। তেতিয়া সময় প্ৰায় ১১ টা। পাচোজনমান পুৰুষ আৰু তিৰোতা লগলাগি ৰাস্তাটোৰ চাফাই কৰি থকাও দেখিলো। মূল ৰাস্তাটোৰ পৰা লম্ব ভাবে কেইটামান ৰাস্তা ভিতৰলৈ সোমাই গৈছে। ৰাস্তাটোৰ এটা মূৰত এখন পাৰ্ক আৰু তাৰ গাতে এখন নদী। নদীত সৰু সৰু নাও মানে ঠেক কিন্তু দীঘলীয়া একোটা ইঞ্জিনেৰে একোখন মটৰ ব’ট। নদীখনৰ দূৰৈত দেখিলো এখন দলং। দুখন সৰু জাহজৰ দ্বাৰা দুয়োপাৰ লগলগাই দলংখন সজোৱা যেন অনুভৱ হল। নদীখনৰ নগৰখনৰ ফালে দ, সিফালে বাম হৈ বালিবোৰ বহল হৈ পৰি আছে। বালিত ডাঙৰ টেন্ট কেইটামান লগোৱা আছে আৰু এখন মঞ্চ সজাই থোৱা আছে। ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে তাত এক উৎসৱ উৎযাপন কৰা হৈছিল। তাৰ চিন এই টেন্ট কেইটা। সেই উৎসৱৰ দিনকেইটাত আমাক সকলোকে ৰিগৰ কেম্পাচৰ বাহিৰলৈ নাযাবলৈ অফিচৰ পৰা এক নিৰ্দেশ পঠিয়াইছিল। আচলতে কলম্বিয়াত সৰু বৰ উগ্ৰপন্হীৰ গ্ৰুপ ভালেকেইটা আছে। FARC (Fuerzas Armadas Revolucionarias de Colombia or Revolutionary Armed Forces of Colombia) বোলা সংগঠনটোৱেই ইয়াত আটাইতকৈ পুৰণা আৰু ডাঙৰ গোট। কলম্বিয়ান কমিউনিষ্ট পাৰ্টিৰ মিলিটেৰী ভাগটোকে ৰ্ফাক বোলা হয়। এই সংগঠনটোৰ জন্ম হয় ১৯৬০ চনৰ আগে পিচে। সংগঠনটোৱে কব বিচাৰে যে -তেওঁলোকে দেশৰ দুখীয়াসকলক প্ৰতিনিধিত্ব কৰে, অৰ্থনৈতিক অসমানতাৰ বিৰোধ কৰে, মাটিৰ সম বিতৰণ বিছাৰে, নৰ্থ আমেৰিকাৰ ৰাজনৈতিক হস্তক্ষেপৰ বিৰোধিতা কৰে, চৰকাৰৰ গ্ৰাম্য উৎসৰ ওপৰত কৰা ম’ন’পলি কাৰ্য্যৰ বিৰোধিতা কৰে আৰু তেওঁলোকে ভাৱে যে চৰকাৰে সাধাৰণ নাগৰিকৰ ওপৰত অযথা হাৰাশাস্তি কৰে। মাটি সংস্কৰণৰ লগতে তেওঁলোকে ক’কা (এই গছৰ পাতৰ পৰাই কোকেইন উৎপন্ন্ হয়), মাৰিজোৱানাৰ আদিৰ ব্যৱহাৰ (স্পেনিচ শব্দ Marihuana ৰ পৰা Marijuana শব্দটোৰ উৎপত্তি। ইয়াৰ আন এটা নাম হল Canabis) আদিৰ পৰা তৈয়াৰ হোৱা দৰব আৰু উদ্যোগিক বিকাশ থলুৱা সংস্কৃতিৰ লগত জড়িত হৈ থকা বাবে এইবোৰ উদ্ভিদ স্হানীয় ভাবে (ঠাই বিশেষে) উৎপাদনৰ বাবে চৰকাৰী অনুমতিৰ প্ৰদানৰ প্ৰস্তাব আগবঢ়াইছে। কলম্বিয়াৰ উত্তৰ পশ্চিম অণ্চলৰ পৰা কোকেইন আৰু মাৰিজোৱানা দ্ৰাগচৰ চোৰাংভাবে বিশেষকৈ আমেৰিকালৈ সৰবৰাহ হোৱাৰ কথা সৰ্বজনবিদিত। ৰ্ফাক সংগঠনটোক ব্ৰাজিল, ভেনিজুৱেলা, ইকুৱেডৰ, আৰ্জেন্টিনা, আৰু নিকাৰাগুৱা আদি দেশৰ চৰকাৰে সমৰ্থন কৰে, অন্যহাতে আমেৰিকা, কানাডা চিলি, নিউজিলেন্ড আৰু ইউৰোপিয়ান মহলে উগ্ৰপন্থী হিচাবে গণ্য কৰে। আজি কিছুদিনৰ আগতে তেওঁলোকে যুদ্ধ বিৰতি ঘোষণা কৰি চৰকাৰৰ লগত আলোচনা মেজলৈ আহিব খুজিছিল। কিন্তু এই লেখাটোৰ সময়ত এটা খবৰ পঢ়িবলৈ পালো যে যুদ্ধ বিৰতি দিন উকলিল আৰু ৰ্ফাক গোটটোৰ মূৰব্বীজনে অতি দুখেৰে জনাইছে যে তেওঁলোকৰ দাবী মানি লোৱাত চৰকাৰ বিফল হৈছে আৰু তেওঁলোকে পুনৰ গোপন স্হানলৈ ঘুৰি যাব। দেশখনৰ বহুবোৰ ঠাইত অন্য সৰু সৰু গোটে স্হানীয় কিছুমান দাবীক লৈ মাজে মধ্যে কিছুমান বিক্ষিপ্ত ঘটনাৰে নিজৰ স্হিতিক প্ৰমানিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। সাধাৰণতে এখন দেশ যেতিয়া অৰ্থনৈতিক ভাবে দুৰ্বল হয়, বহিৰাগত সমস্যা, সামাজিক ভাঙোন বা জাতিগত সমস্যা, ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি আহে আৰু প্ৰশাসনীয় ব্যৱস্হাটোত কেৰুণ বা দুৰ্বলৰ ওপৰত সুৰক্ষাবাহিনীৰ অযথা হাৰাশাস্তি হয় তেতিয়াই বিদ্ৰোহে গা কৰি উঠে। সমস্যাবোৰৰ সাময়িকভাবে আওকাণ কৰা, তাৰ মূল কাৰণ বিচাৰ নকৰা, ৰাজনৈতিক সদিচ্ছা নথকা বা মুনাফা লাভৰ বাবে সমাধানৰ চিন্তা নকৰা বাবে বিদ্ৰোহ দীৰ্ঘদিন ধৰি জীয়াই থাকে আৰু ইয়াৰ পৰিণাম বহু দশক জুৰি সাধাৰণ প্ৰজাই ভুগিব লগাত পৰে আৰু সেই দেশ বা জাতি সময়তকৈ পিচপৰি ৰয়।

যোৱাকালি দিল্লী অফিচৰ পৰা তিনিজন আহি পাইছে, সেয়ে আজি ইয়াৰ পৰা তিনিজন যাবলৈ ওলাইছে। মোৰ পাৰ্টনাৰ মি. কুমাৰো যাবগৈ, তেওঁৰ সলনি মি. ভগত থাকিব। মি. ভগত কলম্বিয়াৰ প্ৰথম খাদটোৰ পৰাই ইয়াৰ কামৰ লগত জৰিত। কামৰ হেচাঁত ঘৰলৈ যোৱা চিন্তাইও বিশেষ ভাবে আমনি কৰা নাছিল। আনহাতে কাম কৰি থাকোতে স্কাইপটো খুলি থওঁ – সেয়ে ঘৰৰ ফালৰ পৰা যেতিয়াই সময় হয় আমি তেনেদৰে কথা পাতো। লৰা দুটাই স্কুলৰ পৰা আহি কাপোৰ নসলোৱাকৈয়ে মোৰ লগত কথা পাতিবলৈ কম্পিটাৰৰ সন্মূখত বহি যায়। অবশ্যে এই কথাটোত সিহঁতে মাকৰ পৰা মৃদু গালি খাবলগীয়াত পৰে। ইবোৰ সিবোৰ সকলো দেখি থকাৰ বাবে ঘৰৰ পৰা আঁতৰি থকা যেন লগা নাছিল। আজি তেওঁলোক যাবলৈ ওলোৱাত মনটো অলপ বেয়া লাগিল। অবশ্যে মইও মাত্ৰ দুদিনৰ পাচতে ঘৰলৈ যাবগৈ পাৰিম। এইকেইদিন কামৰ হেঁচা আৰু বাঢ়িছে, কেতিয়াবা দিনটোত ১৮/১৯ ঘন্টালৈকে কাম কৰা হৈছে। চেলেঞ্জিং বিধৰ কাম। এনে কাম কৰাৰ ৰিস্কও আছে তেনেদৰে মজাও আছে। আমি তেনে এটা কামত সফল হোৱা বাবে আজি দিল্লী অফিচৰ পৰা অভিনন্দন বাৰ্তা পাইছো, সেয়ে মনটো ভাল লাগিছে আৰু আত্মবিশ্বাস বাঢ়ি যোৱা যেন লাগিছে। শুভেচ্ছা বা অভিনন্দন জাতীয় শব্দবোৰ শব্দ হিচাবে তেনেই সাধাৰণ। কিন্তু এই শব্দবোৰ সঠিক সময়ত ব্যৱহাৰ কৰিলে গ্ৰহণ কৰোতাজনক অভাৱনীয় প্ৰভাৱ পেলাব পাৰে। এনেবোৰ নিমাখিত শব্দৰ শক্তি বহুত, প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰাতো অতি প্ৰয়োজনীয় আৰু তাৰ ফল বহু মিঠা হব পাৰে।
পুৱা অফিচৰ পৰা আহি বাথৰুমত সোমালো। যাবলৈ আৰু এটা দিন আছে ভাবিলো আজি অলপ চুলিৰ যত্ন লোৱা যাওঁক। মূৰ ধুই থাকোতে হঠাৎ এটা বিপ বিপ কৰা তীৰ্যক শব্দ এটা শুনিলো। প্ৰথমে পানীৰ ফোঁৱৰাটো বন্ধ কৰি শব্দটোৰ উৎস জানিবলৈ কাণখন উনাই ৰলো অলপ পাচতে শব্দটো নাইকিয়া হল। পুনৰ পানীৰ টেপ খুলি মূৰ ধুবলৈ ধৰিলো। আকৌ শব্দটো হবলৈ ধৰিলে। এইবাৰ টেপটো বন্ধ কৰি টাৱেলখন নুৰিয়াই বাথৰুমৰ পৰা ওলাই আহিলো। শব্দটো যে মোৰ ৰুমতে হৈছে সেইটো নিশ্চিত হলো। ওপৰলৈ চাই দেখিলো স্ম’ক ডিটেক্টৰৰ সৰু লাইটো টিপ টাপ কৰি আছে আৰু শব্দৰ উৎসটো সেইটোৱেই। মোৰ বুজিবলৈ বাকী নাথাকিল, অলপ পাচতে মোৰ ৰুমত মানুহেৰে ভৰি পৰিব। তথাপি মই লৰালৰিকৈ প্ৰথমে এচি অন কৰিলো, টইলেটৰ দুৱাৰ খুলি ফেনখন চলালো আৰু তাৰপাচত মুল দুৱাৰখন কিছু সময় খুলি দিলো। তেতিয়ালৈ শব্দ নিসৰণ হল। অলপ সময় তেনেকৈ ৰৈ থাকিলো। ভাগ্য ভাল যে কোনো নাহিল। এইবাৰ গৰম পানীৰ নলটো নুখুলাকৈ গা ধোৱা সম্পন্ন কৰিলো কাৰণ গৰম পানীৰ বাবেই এৰ্লাম বাজিছিল। দুপৰীয়া মিটিংত কথাটো উলিয়ালো – মোৰ ৰুমৰ স্ম’ক ডিটেক্টৰে কাম ঠিকেই কৰি আছে কিন্তু ইয়াৰ সংযোগ মূল এৰ্লামৰ লগত এতিয়াও কৰা হোৱা নাই বা ক’ৰবাত বিজুতি আছে। স্ম’ক ডিটেক্টৰ লগত মূল জুই লগা সংকেতৰ লগত সংযোগ থাকে তেনে ক্ষেত্ৰত স্ম’ক ডিটেক্ট কৰাৰ পাচত জুই লগা সংকেত বাজিব লাগিছিল। ইয়াৰ বাবে নিৰাপদ বিভাগৰ দায়িত্বত থকাজনে দুখিত হৈ জনালে যে অতি সোনকালে ইয়াৰ সংশোধন কৰা হব। ইয়াৰ স্ম’ক ডিটেক্টৰৰ চেনচিটিভিটি ইমানেই বঢ়াই ৰাখিছে যে সামান্য গৰম পানীৰ অলপীয়া ভাবটোতে এলাম বাজিছিল। আচলতে সাধাৰণ গৰম পানীৰ ভাৱটোতে স্ম’ক ডিটেক্টৰৰ সংকেতটো বাজিব নালাগিছিল। ভাৰতত আজিলৈকে কোনো লেন্ড ৰিগত মই স্ম’ক ডিটেক্টৰ দেখা নাই। ইয়াৰ ড্ৰীল চাইটত ৰুমত নালাগে বাহিৰত কতোৱেই চিগাৰেট খাব নোৱাৰে, ইয়াৰ বাবে গেটৰ ওচৰত ফিটা মাৰি মুকলি ঠাই এডোখৰ নিদিষ্ট কৰি থোৱা আছে। সেয়ে ধুম্ৰপান কৰা কেউজনে লগ হৈ চিগাৰেট শৰাধৰ লগতে একোখন মনোৰম আড্ডাৰ জগতত বিচৰণ কৰে আৰু পুনৰ নতুন উদ্যমেৰে কাম কৰিবলৈ শক্তি আহৰণ কৰে।
সন্ধিয়া মি. দৰিয়াল মোৰ ওচৰলৈ আহিল- “বৰগোহাঁই এট হোৱাট টাইম ইউ লাইক তো মুভ টুম’ৰ’ ?” -“ৰাতিপুৱা ব্ৰেকফাষ্টৰ পাচতে গ’লে কেনে হয় ?” মই ওলোটাই সুধিলো। ঠিক আছে বুলি কৈ তেওঁ ওলাই গ’ল। কালিলৈ আমি মানে মই আৰু দৰিয়াল ইয়াৰ পৰা যামগৈ। সেয়ে তেওঁ কথাষাৰ সুধিবলৈ আহিছিল। কলম্বিয়াত থকা প্ৰায় এমাহেই হ’ল। ৰাতি মেইলিন আৰু এৰিক দুয়োকে যোৱাৰ কথা ক’লো। দুয়োকে অলপ বিষন্ন হোৱা যেন অনুভৱ হ’ল। হয়, আজি এমাহে তেওঁলোকৰ লগতে কটালো, এটা বন্ধুত্ব ভাৱ গঢ় লৈ উঠিছিল। পৃথিবীৰ সকলো মানুহ একে। সকলোৱে একোখন হৃদয় থাকে। হৃদয় থকা বাবেই আমি মানুহ।
২০ ফেব্ৰুৱাৰী দিনা আমি ব’গ’টা পালোহি। সেইদিনাই অফিচলৈও পাক এটা মাৰিলো। পিচৰ দিনা বজাৰৰ পৰা দুই এপদ বস্তু ল’লো, চিন স্বৰূপে। সময় থকা বাবে ওচৰৰ মোনচাৰেট পাহাৰলৈ গ’লো। তাৰ পৰা ব’গ’টা চহৰখন সম্পূৰ্ণকৈ দেখি। সঁচাকৈয়ে এক মনোৰম দৃশ্য। আইফেল টাৱাৰৰ পৰা পেৰিচ নগৰখন এবাৰ দেখাৰ সৌভাগ্য হেছিল। তাৰ সৌন্দৰ্য অলপ বেলেগ। সকলো ঠাইৰে নিজা এক সৌন্দৰ্য আছে। __ৰাতি নবজাত হোটেল এৰিলো। এয়াৰপৰ্টৰ পৰা আকৌ এবাৰ চহৰখন চাই ল’লো। অজস্ৰ লাইটৰ পোহৰেৰে ৰৈ ৰৈ জিলিকি পৰিছে ব’গ’টা চহৰখন -আকৌ জানো কেতিয়াবা আহিম। এটা সময়ত আমাক লৈ আকাশী যানখনে ব’গ’টাৰ আকাশত উৰা মাৰিলে। ঘৰলৈ অহাৰ উন্মাদনাত ব’গ’টাৰ স্মৃতিবোৰ হৃদয়ৰ এটা কোণত কুঁচি মুঁচি পৰি ৰ’ল ………।

উপসংহাৰ- কলম্বিয়ান বন্ধু সকলৰ লগত যোগাযোগ অব্যহত ৰাখিছো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক