মোৰ কাপোৰ নায়েই – সদানন্দ দত্ত

হৰেন চালাক-চতুৰ মানুহ যদিও কথাত লাগি পত্নী মাধুৰীক যুক্তিত হৰুৱাব নোৱাৰি এদিন ভালুকৰ খোজলৈ মনত পেলাই প্ৰয়োগ কৰি চাব খুজিলে৷ ভালুকৰ খোজ বোলে ওলোটা৷ হৰেনে বাৰাণ্ডাত বহি চাহ খাই খাই সুধিলে –“মোৰ নতুন গেঞ্জী দুটা ক’ত থলা হে?”

মাধুৰীয়ে ক’লে –“বিছনাৰ ওচৰত থকা আলমাৰিটোত”৷

হৰেনঃ–মোৰ লংপেণ্টকেইটা বাওঁফালৰ চেম্বাৰত থৈছা ন?”

মাধুৰীঃ–তাত থকাবোৰ মোৰ, আপোনাৰ তাত একো নাই, ফেনা-ফেন নকৰিব৷

হৰেনঃ–ওপৰৰ চেম্বাৰত থৈছা ন?

মাধুৰীঃ–নাই তাত, সেইখিনি মোৰ, তাত আপোনাৰ নাই৷

হৰেনঃ–ভিতৰৰ সৰুটোত আছে তাৰমানে!

মাধুৰীঃ–নাই, তাত মোৰ বিয়াত পিন্ধাযোৰ থৈছোঁ৷

হৰেনঃ–তলৰ চেম্বাৰটোত থৈছা?

মাধুৰীঃ–কিহে পালে? ইমান কাপোৰৰ কথা যে! আমাক কয় দেখোন? আমি বোলে কাপোৰ বুলিলে পাগল হওঁ!

হৰেনঃ–ধেইত, এনেয়ে কওঁ আৰু! লংপেণ্টবোৰ আলমাৰিটোত আছে ন?

মাধুৰীঃ–নাই, নাই৷ আলমাৰিটোত আপোনাৰ গেঞ্জী তিনিটাৰ বাদে একো নাই৷

হৰেনঃ–আউ, ছয়ফুট ওখ ষ্টিল আলমাৰিটোত কেৱল তোমাৰ কাপোৰ থৈছা?

মাধুৰীঃ–তাতে কি জগৰ ধৰেনো?

হৰেনঃ–ক’তনো জগৰ ধৰিলোঁ, সুধিছোঁহে৷ ভি.আই.পি বেগটোত থৈছা ন?

মাধুৰীঃ–নাই সেইটোত, সেইখিনি মোৰ কাপোৰহে আছে৷ খুচৰি বৰবাদ নকৰিব, ধুনীয়াকৈ জাপি ৰাখিছোঁ৷

হৰেনঃ–অ’ হয় নেকি, নকৰোঁ দিয়া৷ তুমি ইমান ধুনীয়াকৈ ৰাখিছা৷ তলা মাৰি থলেই ভাল৷ কেতিয়াবা পাহৰি চাওঁ যদি গালি খাব লাগিব তু! তাৰমানে মোৰ লংপেণ্টকেইটা ফুৰিবলৈ নিয়া ট্ৰলীবেগ দুটাৰ এটাত থৈছা?

মাধুৰীঃ-কি সুধি আছে অ’৷ সেইকেইটা আপোনাৰ কোঠাৰ আলমাৰিটোত কালি থলোঁ৷ ট্ৰলীকেইটাত মোৰ পুৰণা কাপোৰবোৰ থৈছোঁ৷ ক’তনো ঘনাই বাহিৰলৈ যাম হয়৷ এনেয়ে আছে, সেইবোৰকে থৈছোঁ৷

হৰেনঃ–তাকে নোকোৱা কিয় হে৷ ক’লেই হল, সুধি নাথাকোঁ নহয়৷ ৰমেন আৰু গীতিকাৰ কাপোৰবোৰ ক’ত থলা৷

মাধুৰীঃ–গীতিকাই সৰহখিনি লগত নিছে৷ বাকীখিনি নতুনকৈ লোৱা আলমাৰিটোত থলোঁ৷ ৰমেনেও পৰহি যে আলমাৰিটো ললে, তাতে তাৰখিনি বেলেগ কৰি থলেগৈ৷

হৰেনঃ-আউ, মই ঘৰত তিনিদিনহে নাই৷ আলমাৰি আনি সকলো ভাগ ভাগ কৰি পেলালা৷ কিবা মতলব নেকি?

মাধুৰীঃ-কিনো মতলব হব৷ বিচাৰিলে কাপোৰ নেপাওঁ, এতিয়া সকলোৱে ভালকৈ থলেই হল৷

হৰেনঃ–মোৰবোৰ ক’ত থলা৷ দেখা নাই বাবে সুধিলোঁ আৰু৷ বেয়াকৈ নেভাবিবা৷

মাধুৰীঃ–আপোনাৰ বাকী গোটেইখিনি কাপোৰ আপোনাৰ কিতাপখিনি ৰেকবোৰত থৈ আলমাৰিটোত ভৰালোঁ৷ বহুত সময় গল৷ আজিৰপৰা ভালকৈ থব৷ গোটেই আলনাত খিচিংখাচাঙকৈ নথব৷

হৰেনঃ—হব বাৰু৷ হেৰা, সিদিনা যে কলিতানী আমাৰ গাড়ীৰে দিগন্তৰ লৰাৰ বিয়ালৈ গৈছিল, গাড়ীখনত উঠিয়ে কি কৈছিল বাৰু?

মাধুৰীঃ–বাইদেৱে গাড়ীত এটা ভৰি থৈ ইটো নুঠাওঁতেই কৈছিল, ”আঃ মাধু, তুমি ইমান ধুনীয়া কাপোৰযোৰ পিন্ধি আহিলা! কেতিয়া ল’লা, একেবাৰে বিয়াখন খাম বুলি আজি ল’লা নেকি? ইমান ভাল লাগিছে, আই ঔ, ক’ত ল’লা এইযোৰ?”

হৰেনঃ–বাঃ, একেবাৰে একেদৰে কৈ দিলা দেখোন! শুনি বৰ ভাল লাগিছিল ন? তুমি যে কৈছিলা–নাই বাইদেউ, এইযোৰ পুৰণা৷ মোৰ কাপোৰ নায়েই! এযোৰ লমহে৷ কেতিয়া লবা হয়?

মাধুৰীঃ–সিদিনা মনুৰ মাকৰ লগত গৈ চাই থৈ আহিছোঁ৷ বৰ ভাল কিন্তু৷ মোৰ পচন্দৰ ৰং৷ পাবলৈ নায়েই, এহেজাৰ দি বুক কৰি আহিছোঁ, আৰু এঘাৰ হেজাৰ দিব লাগিব৷ মোৰ হাতত চাৰি হেজাৰ টকা আছেই, বাকীখিনি দিব দেই আপুনি৷

হৰেনঃ–দিম, দিম, নিদিম নো কেলেই৷ ভাতকেইটা খাব লাগিব নহয় জানো? ছয়ফুটীয়া আলমাৰিত, ট্ৰলী দুটাত, ভিআইপি বেগত, আলনাডালত কাপোৰ, কাপোৰ আৰু কাপোৰ, তোমাৰেই কাপোৰ৷ মানুহৰ আগত কোৱা মোৰ কাপোৰেই নাই৷ এবাৰ পিন্ধাযোৰ যদি আন এখন বিয়াত পিন্ধিব নোৱাৰা, কোনোবাই হাঁহিব বুলি ভাবা, তেন্তে হেজাৰ হেজাৰ টকা খৰচ কৰি কাপোৰযোৰবোৰ কিনা কিয় হে?

মাধুৰীঃ–বৰ কিবা মানুহটো অ, বেয়া পালোঁ৷ এনেকুৱা কথা কয় নেকি? কি মানুহ অ’! লোকৰ কাপোৰ বেছি দেখে, নিজৰখিনি পিছে! ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক