মোৰ চেণ্টিয়াগ’: বৰদেউতা মহিম বৰাক সুঁৱৰিছোঁ ( মুকুতা বৰা )

মধ্যবিত্ত ঘৰখনত মই তৃতীয় কন্যা সন্তান জন্ম হ’লোঁ। ল’ৰা এটি পাবলৈ আশা কৰি থকা মোৰ মাৰ মূৰত আকাশ ভাগি পৰিল। গভীৰ হতাশাত ভুগিলে মায়ে; ওচৰ-চুবুৰীয়া, আত্মীয়-কুটুম্ব – দেউতাৰ মাষ্টৰী চাকৰিৰ একমাত্ৰ আৰ্জন। মা-দেউতাই মোৰ নাম ৰাখিলে “অনিচ্ছা-ইচ্ছা নথকা”। পানী-কেঁচুৱা চাবলৈ বৰদেউতা-বৰমা নগাঁৱৰ পৰা কলিয়াবৰলৈ থপলিয়াই আহিল; আহিয়েই বৰদেউতাৰ তৰ্জন-গৰ্জন। মাৰ ওপৰত গালি-শপনিৰ শিলাবৃষ্টি, “তুমি কিহৰ গ্ৰেজুৱেট হৈছা, ইমান ঠেক মনটো লৈ? তাইৰ নাম আমি ৰাখিছোঁ জিমি জিমি কাৰ্টাৰ-প্ৰছিডেণ্ট জিমি কাৰ্টাৰ।” পিছলৈ আমাৰ পৰিয়ালত হোৱা বিয়া-বাৰু ভোজ-ভাত অনুষ্ঠানত এই ঘটনাটো আলোচনা কৰি সকলোৱেই অকণ ৰস লয়। মা-দেউতাই অতিকৈ লাজ পাই অকপটে নিজৰ ভুল স্বীকাৰ কৰে আৰু মই কথাটোৰ সুবিধা লওঁ, “মই তোমালোকৰ অনিচ্ছা-ইচ্ছা নথকা সন্তান আৰু বৰদেউতা মোৰ Life Saver” নিৰ্দোষ ফূৰ্তি।

বৰদেউতাৰ লগত আমাৰ যি ব্যক্তিগত সম্পৰ্ক তাক বুজাই ক’ব নোৱাৰোঁ। তেওঁৰ সাহিত্যৰ, তেওঁৰ সৃষ্টিৰ, তেওঁৰ কৰ্মৰাজিৰ বাচ-বিচাৰ, আলোচনা-সমালোচনা অসমৰ ৰাইজে, অসমৰ পঢ়ুৱৈয়ে কৰিব। তথাপিও মই অকপটে স্বীকাৰ কৰোঁ, সাহিত্যৰ প্ৰতি প্ৰেম মই তেওঁৰ পৰাই পাইছোঁ। তেওঁৰ লিখনিয়ে মোক যেনদৰে মোহাচ্ছন্ন কৰে, যেনেদৰে টানি নিয়ে বহুত কম লিখকৰ লিখনিৰ প্ৰতি মই একে টান অনুভৱ কৰোঁ। তেওঁৰ লিখনিশক্তি যেন ঐশ্বৰিক। তথাপিও লিখনৰ আঁৰৰ মানুহজন আমাৰ আপোন বৰদেউতাজনক মই মানুহ হিচাপে আটাইকৈ বেছিকৈ সন্মান কৰোঁ। আমাৰ পৰিয়ালটোৰ তেওঁ বৰগছ। সৰুৰে পৰা দেখি আহিছোঁ কিমান সযতনে, কিমান সুন্দৰকৈ তেওঁ ঘৰ এখন, পৰিয়াল এটি মৰম-চেনেহেৰে বান্ধি ৰাখিছে। অতিকৈ আচৰিত হওঁ বৰদেউতা, দেউতা, খুৰা-জেঠাইহঁতৰ মাজত থকা মৰম-চেনেহ, মিলা-প্ৰীতি, ইজনৰ আনজনৰ প্ৰতি থকা সন্মান দেখি। সেইদৰে মা-বৰমা-খুৰীহঁতো খুব মিলা-প্ৰীতিৰে চলা দেখি আহিছোঁ। কলিয়াবৰৰ হাটবৰৰ আমি থকা ঘৰখন ঘাইঘৰ হোৱা বাবে উৎসৱ-পাৰ্বণবোৰত আমাৰ ঘৰখনতেই মানুহবোৰ বেছিকৈ গোট খাইছিল। ককা-আইতা নথকা আমাৰ পৰিয়ালটোত বৰদেউতা-বৰমাৰ পৰামৰ্শ নোলোৱাকৈ কোনো এটি কাম কৰা আজিলৈ দেখা নাই। প্ৰতিবাৰ বিহুৰ উৰুকাত বিহুৱান আৰু পিঠা-পনাৰ টোপোলা লৈ দেউতা পোন-প্ৰথম বৰদেউতাৰ গাঁৱৰ ঘৰলৈ যায় আৰু আমি বাট চাই থাকোঁ সন্ধিয়া উভতি আহিবলগীয়া আনটো টোপোলালৈ। আমাৰ আটাইকেইখন বিয়াতে প্ৰতিটো মুহূৰ্তত বৰদেউতাৰ বিশেষ Green Signal নহালৈকে দেউতাই এখোজো আগ নাবাঢ়ে। বৰদেউতাই প্ৰতিটো ঘৰুৱা সমস্যা, দুখ-কষ্ট, পাৰিবাৰিক সুখ-শান্তিৰ প্ৰতিটো খৱৰেই জানিছিল। ঠিক তেনেদৰে বৰদেউতাৰ গা বেয়া হোৱাত বা অন্য যিকোনো সমস্যা, প্ৰতি মুহূৰ্ততে দেউতাক মাতি পঠিওৱা – এইবোৰ আমাৰ শৈশৱৰ মধুৰ সজীৱ স্মৃতি।

বৰদেউতাৰ অবিহনে দেউতা আৰু খুৰাই জীৱনটো কেনেকৈ ল’ব মই ভাবিবলৈ অপাৰগ। আমি ডাঙৰ হৈ অহাৰ লগে লগে বৰদেউতাক আৰু বেলেগ ধৰণে বুজি পালোঁ। সৰুতে আমাৰ কাৰণে বৰদেউতাৰ “তেজিমলা” ঘৰৰ বিশেষ আকৰ্ষণ আছিল জকমকাই ফুলি থকা এখন ফুলনি, আপুৰুগীয়া সতেজ ফুলেৰে সজোৱা ফুলদানিবোৰ, মজিয়াৰ পকাত মুখ চাব পৰা চিকচিকিয়া ঘৰ, শ্বেখব্ৰাডাৰ্চৰ বিশেষ কেক-মিঠাই, টেবুলত অনৰতেই থকা বিভিন্ন আচাৰ আৰু ঘিঁ-বাটাৰৰ ধুনীয়া ধুনীয়া পট আৰু সকলোতকৈ আকৰ্ষণীয় ঠাহ খাই থকা নিত্যনতুন কিতাপৰ আলমাৰী-ৰেক। বৰদেউতাৰ সংগ্ৰহত থকা তেনে এখন কিতাপ আছিল “The Old Man and The Sea”। Earnest Hemingway-ৰ সেই বিখ্যাত এশ সাতাশ পৃষ্ঠাৰ কিতাপখন বৰদেউতাৰ পৰা সাহিত্যৰ ছাত্ৰী হোৱাৰ বাবে পঢ়িবলৈ পালোঁ। কিতাপখন বৰদেউতাৰ বিয়াত স্বৰ্গীয় মহেশ চন্দ্ৰ দেৱগোস্বামীয়ে উপহাৰ দিছিল। গোট গোট পৰিষ্কাৰ আখৰেৰে লিখা আছিল, “বিয়াৰ সময়ত মহিমলৈ মৰমেৰে”। কিতাপখন মোৰ অতি প্ৰিয় কিতাপবোৰৰ এখন হৈ পৰিল। বুজন হোৱাৰ লগে লগে বেছিকৈ বুজিলোঁ চেণ্টিয়াগ’ৰ যুঁজ আৰু ক’ব নোৱাৰাকৈ মোৰ কাৰণে বৰদেউতা যেন প্ৰকৃত চেণ্টিয়াগ’ হৈ পৰিল। হেমিংৱেই কোনোবা এটি সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ চেণ্টিয়াগ’ এটি কাল্পনিক চৰিত্ৰ, যদিও জৰ্জিন ফুয়েণ্টেছ নামৰ বিশেষ বন্ধুজনৰ চৰিত্ৰ ছাঁ আছে – যিজনে বৰশী বাওঁতে, মাছ মাৰোঁতে সংগ দিছিল। কিন্তু বৰদেউতাক জনাৰ পিছত মোৰ মনত সদায় উকমুক দিছিল বেলেগ এটা চিন্তাইহে। মোৰ বৰদেউতাই চেণ্টিয়াগ’ – সাগৰৰ সমান দুৰ্যোগ লৈ ক্ষীণ শৰীৰ আৰু দুৰ্যোগেৰে ভৰা অতীতৰ ক্ষত-বিক্ষত ঘাঁৰ ধুমিহাজাক মূৰৰ ওপৰেদি পাৰ কৰি অহা এই মানুহজনক লৈয়ে হেমিংৱেই সৃষ্টি কৰিছিল Santiago. পিছলৈ “মাছ আৰু মানুহ”, “টোপ” আদি গল্পবোৰ বুজি পোৱাকৈ পঢ়াৰ পিছত মোৰ বিশ্বাস আৰু দৃঢ় হ’ল। অতি কম বয়সতে মাক আৰু তাৰ পিছত দেউতাক ঢুকোৱাৰ পিছত ভায়েক-ভনীয়েকহঁতৰ পঢ়া-শুনা, থকা-খোৱাৰ সমস্ত অভিভাবকত্ব বৰদেউতাই কান্ধ পাতি ল’বলগীয়া হয়। সেয়ে হয়তো দেউতাহঁত আজিও অতিকৈ কৃতজ্ঞ ককাইদেৱেকৰ প্ৰতি। “ককাইদেউ”ৰ অকণমান কাঁহ বেছি হ’লে দেউতা-খুৰাৰ বুকুত বিষ হয়।

বৰদেউতাৰ দুয়ো ল’ৰা উপযুক্ত – ডাক্তৰ আৰু ইঞ্জিনিয়াৰ। বৰমা নগাঁও গাৰ্লচ স্কুলৰ শিক্ষয়িত্ৰী। তথাপিও সাধাৰণ জীৱন-যাপন, সৰু পৰিষ্কাৰ ঘৰ। ক’ৰবালৈ অতি জৰুৰীভাৱে যাবলগীয়া হ’লেহে এম্বেচাডৰ এখন ভাড়া কৰি আহে – ঘৰত গাড়ী নাই। আমি অবাক হওঁ কেতিয়াবা – ইমান চাৰিটাকৈ ভাল চাকৰি – কিয় গাড়ী এখন নাই? কেনেকৈ থাকিব? দুয়োটা ল’ৰাই বৰদেউতাৰ সজ, পৰিষ্কাৰ মন জন্মসূত্ৰে পালে। কলিয়াবৰলৈ বদলি হৈ অহা ডাঙৰ দাদা অমিতাভৰ বহুতকেইজন বন্ধুৱে কাৰোবাৰ আগত কোৱা আমাৰ পৰিয়ালে শুনা পাওঁ – “অমিতাভ যে একেই থাকিল, ভয়াতুৰ – টকা খাব নেজানে একেবাৰেই!” ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ নিতু দাদা মানে অমিতাভে এতিয়াও এখন সাধাৰণ স্কুটাৰেৰে অফিচলৈ অহা-যোৱা কৰে। ইলেকট্ৰিচিটি বিভাগৰ তেওঁ এতিয়া AGM (Assistant General Manager) – ইমান সাধাৰণ জীৱন-যাপন! আৰু এটা ঘটনাই মোৰ মনটোক প্ৰায়ে খোঁচা-বিন্ধা কৰি থাকে; বৰদেউতাৰ সৰু ল’ৰা অতনু দা-ৰ (ডাঃ অভিজিত বৰা) আকস্মিক মৃত্যু। অতনু দা অতিকৈ মেধাবী ল’আ আছিল। অতি অকল্পনীয়ভাৱে ২০০৫চনৰ মাঘ বিহুৰ উৰুকাত মটৰচাইকেল দুৰ্ঘটনা হৈ গুৰুতৰবাৱে মগজুত আঘাত পাই অতনু দাৰ মৃত্যু হয়। সেই মটৰবাইকখন কোনোবা এটি লটাৰীত অতনু দাই পুৰস্কাৰ পাইছিল। সেয়া মোক আৰু আমাৰ পৰিয়ালক মনত কষ্ট দিয়া অতিকৈ দুখ লগা মুহূৰ্ত আছিল যেতিয়া আশীতিপৰ বৰদেউতাই মাজ ৰাষ্টাত উৰুকাৰ ৰাতি কুঁৱলীৰ মাজত থিয় হৈ অতনু দাক হাস্পতাললৈ নিবলৈ হাত দাঙি দাঙি গাড়ী ৰাখিবলৈ সংকেত দি আছিল। বাহিৰত কোনো ৰক্তক্ষৰণ নোহোৱাৰ বাবে দুৰ্ঘটনাটোৰ গুৰুত্ব নুবুজি মানুহবোৰে অতনু দাক ঘৰত থৈ গৈছিল আৰু আঘাতপ্ৰাপ্ত সৰু ডাক্তৰ পুত্ৰক চিকিৎসালয়লৈ নিবলৈ তেওঁ গাড়ী বিচাৰি আছিল। পিছত গম পাইছিলোঁ, আৰু কিছিসময়ৰ আগতে অতনু দাক চিকিৎসা দিয়াব পৰা হ’লে হয়তো তেওঁ জীয়াই থাকিলহেঁতেন! ইয়াৰ কেইবছৰমান আগতে জৰায়ুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আমাৰ বৰমা আৰু বৰদেউতাৰ প্ৰিয়সংগীগৰাকী গুছি গৈছিল। অতনু দাৰ মৃত্যুৰ পিছত বৰদেউতাৰ কান্ধত আৰু দায়িত্ব পৰিল। দুটা এমা-ডিমা নাতি মিতিল আৰু লুবু, অতনু দাৰ জীয়া গাভৰু পত্নী নিকু বৌৰ দায়িত্ব আকৌ তেওঁ ল’বলগীয়া হ’ল। মোৰ চকুৰ আগতে দেখিলোঁ, মানুহটো ইমান দুৰ্যোগতো অস্থিৰ হোৱা নাই। ধৈৰ্য আৰু প্ৰচণ্ড সাহস মন-মগজুত লৈ খুব গভীৰভাৱে দুয়োটা মৃত্যুকে মানি লৈছে। অতনু দাৰ এক্সিডেণ্ট হৈ GNRC-ত থকা সময়ত বৰতাই নিজেই ঘনে ঘনে ফোন কৰি দেউতাক খৱৰ দিছিল, কৈচিল অৱনতি হৈ থকা অৱস্থাৰ বিষয়ে। শ্মশানলৈ অতনু দাৰ অন্তিম যাত্ৰা কৰাৰ প্ৰাক্-মুহূৰ্তত গালে-মুখে মৰম কৰি প্ৰচুৰ চুমাৰে ওপচাই দিয়াৰ পিছতো অকণো বিচলিত নোহোৱাকৈ, মাতত অকণো বিহ্বলতা ননাকৈ এটা দীঘলীয়া ঘোষা গাইছিল; মাত পৰিষ্কাৰ, চাফা। এয়াই প্ৰচণ্ড থৈৰ্যশীল বৰদেউতা। তাৰপিছত বৰতা যেন আকৌ জীয়াবলৈ ল’লে; পিতৃহাৰা লুবু-মিতিলক ডাঙৰ কৰিবলৈ তেওঁ যেন ৰুগ্ন শৰীৰেৰে পণ কৰিলে। বৰতাৰ নিজৰ ভাষাত, “অতনুৱে তাৰ দহবছৰ আয়ুস মোক দি গৈছে, ল’ৰা দুটা ডাঙৰ কৰিবলৈ!” সঁচাকৈয়ে বৰতাৰ কথাই সঁচা হ’ল।

অতনু দা ঢুকোৱাৰ পিছত বৰদেউতা এঘাৰ বছৰ জীয়াই থাকিল। সেয়ে হয়তো GNRC-ত জীৱন-মৃত্যুৰ যুঁজ দি থকা ককাকক চাই মিতিলে মোক ফোনত কৈছিল, “ককা ঢুকালেহে লাগিব মোৰ যে সঁচাকৈয়ে দেউতা নাই।”

পিছৰফাললৈ বৰতাই বহুত সময় গোঁসাই ঘৰত সোমাই থাকিবলৈ লৈছিল। দিনটোৰ পাঁচ-ছয় ঘণ্টা অকণমানি গোঁসাইঘৰটোত থাকিয়ে সময় কটাইছিল। বৰদেউতাৰ ভাষাত, “মোৰ প্ৰাৰ্থনাবোৰ কেতিয়াবা মেকানিকেল হয়। কিন্তু কি কৰিম, এনেয়ে থাকিলে যে মোৰ বৰ বেয়া চিন্তা আহে! প্ৰাৰ্থনাই মনত শক্তি দিয়ে।” হয়তো দুৰ্ভাগ্য দেখি দেখি তেওঁ সংশয়ত দিন কটাইছিল। জন্মান্তৰবাদ, কৰ্মফলক খুব বিশ্বাস কৰিছিল। সত্য চায়বাবাৰ অতি ভক্ত আৰু মানৱতাবাদত বিশ্বাসী বৰতাই পিছলৈ গোঁসাইঘৰটো “Escapism” হিচাপে ব্যৱহাৰ কৰিছিল।

মাত্ৰ কেইমাহমানৰ আগতে তেওঁৰ এটি দীঘলীয়া সাক্ষাৎকাৰ লৈছিলোঁ। দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ CATA (Centre for Academic Translation & Archiving)-ৰ জড়িয়তে মোৰ জীৱনসঙ্গী ৰাজৰ্ষিৰ সহযোগত এটি অ’ডিঅ-ভিডিঅ’ সাক্ষাৎকাৰ ল’লোঁ। তাত বৰতাই হিয়া উবুৰিয়াই কথা কৈছে – কেনেকৈ ৪ৰ্থমান শ্ৰেণীত থাকোঁতে কবিতা লিখি পুৰস্কাৰ পোৱা চাৰিঅনাৰ দাপোনখন তেওঁৰ আটাইতকৈ অমূল্য বস্তু আছিল, মাকৰ হাতত পুৰস্কাৰটো দিয়াৰ সময়ত মাকৰ মুখত ফুটি উঠা মৰম, গৌৰৱ, সুখানুভূতিৰ ছবি, তেওঁ ৰোমন্থন কৰে খেলৰ প্ৰতি থকা প্ৰচণ্ড নিচাৰ বাবে কেনেকৈ চিৰযুগমীয়াকৈ আগদাঁত দুটা হেৰুৱায়, ৰেডিঅ’ৰ ধনবৰ কাই হৈ থাকোঁতে পোৱা জনপ্ৰিয়তাৰ কথা, ৰেডিঅ’ত দুটা পইচা বেছি পাই ঘৰলৈ পঠিয়াই নিজে সন্তুষ্টি লোৱাৰ কথা; অতি আন্তৰিকতাৰে স্মৰণ কৰিলে শৈশৱ, কৈশোৰ, যৌৱন, প্ৰৌঢ়ত্বৰ কাহিনী আৰু দুখৰ যন্ত্ৰণাবোৰো। বৰতাৰ আৰ্থিক দুৰ্যোগবোৰ আৰু মানুহৰ পৰা পোৱা অপকাৰ আৰু হিংসাৰ কথাবোৰ জানি চকু সেমেকি উঠিল। কলিয়াবৰখন বৰতাই বুকুত লৈ ফুৰে। সেয়ে হয়তো “কাঠনিবাৰী ঘাট”ৰ নায়িকাজনী কলিয়াবৰৰ শাকমুঠি গাঁৱৰ এগৰাকী নবৌ, এধানি মাহীজনী বৰদেউতাৰ কলিয়াবৰৰ নিজা দুই-এজনী পেহীয়েকৰ সংমিশ্ৰণ। কথাৰ মাজত প্ৰকাশ কৰিছিল, কিদৰে তেওঁ স্বাধীনতা সংগ্ৰামত জড়িত আছিল; অথচ মৃত্যু পৰ্যন্ত তেওঁ কোনোধৰণৰ মুক্তি যুঁজাৰু পেঞ্চন নাপালে। মনৰ ক্ষোভেৰে প্ৰকাশ কৰিলে তেওঁৰ জীৱিতকালতে তেওঁৰ কৰ্মক স্বীকৃতি নিদিয়া কেইখনমান অনুষ্ঠানৰ কথা, নগাঁৱৰ ছোৱালী কলেজ প্ৰতিস্থাৰ হাস্য-মধুৰ স্মৃতি, কলিয়াবৰ ছোৱালী এম.ই. স্কুল স্থাপন কৰাৰ স্মৃতি (যি এতিয়া বিখ্যাত কলিয়াবৰ গাৰ্লচ হায়াৰ ছেকেণ্ডাৰী স্কুল হ’ল), হাতে লিখা আলোচনী “মলয়া”ৰ কথা, তেওঁৰ প্ৰিয় শিক্ষকসকলৰ সোঁৱৰণ আৰু বৰতাৰ স্মৃতিৰ বৰপেৰা কুৰুকি কুৰুকি ওলোৱা আৰু বহুতো ৰোমন্থন।

কায়িকভাৱে বৰদেউতা আমাৰ মাজৰ পৰা গ’লগৈ। আমাৰ মনত বহুত দুখ আৰু ক্ষোভ থাকি গ’ল – কিছুমান আশা তেখেতৰ জীৱনকালত পূৰণ কৰিব নোৱাৰিলোঁ। শেষসময়ত ওচৰৰ পৰা এবাৰ চাবলৈ নাপালোঁ। যোৱা ৬জুলাইত তেওঁৰ তিৰানব্বৈ বছৰীয়া জন্মদিনত কথা পাতোঁতে খিলখিলিয়া শিশুসুলভ হাঁহিটোৰে সুধিছিল, “স্বপ্ননাভে (মোৰ চাৰিবছৰীয়া ল’ৰা জোনাকক বৰদেউতাই নাম দিছিল “স্বপ্ননাভ) কেনেকৈ হিন্দী কয়? সি কি কি অসমীয়া গান শিকিছে?” নিজৰ নামটো ইণ্টাৰনেটত প্ৰকাশ পোৱা, ৰাজৰ্ষি আৰু মই অনুবাদ কৰা গল্প সমগ্ৰ পৃথিৱীয়ে ইচ্ছা কৰিলে পঢ়িব পাৰিব বুলি কওঁতে শিশুসুলভ আনন্দত চকুৱে-মুখে হাঁহি দিয়া মোৰ বৰদেউতাজন যে সঁচাকৈয়ে ইমান কোমল মনৰ মানুহ আছিল! জলকীয়া খাই ভাল পোৱা, মনে মনে বাৰীৰ পৰা জলকীয়া ছিঙি আনি ড্ৰয়িংৰুমত লুকুৱাই থৈ দিয়া, ঘনে ঘনে চাহ খোৱা, পেট পেলাই লিখা-মেলা কৰা, কুকুৰ-মেকুৰী, চৰাই-চিৰিকতিৰ প্ৰতি থকা অফুৰন্ত মৰম-যত্ন – এইবোৰ সদায় আমাৰ চকুত, মনত ভাহি থাকিব৷ অলপতে লোৱা সাক্ষাৎকাৰটোত কৈছিল, “মই গল্পবোৰ পেটত গোৰাই থওঁ, মৰাপাটৰ দৰে কেতিয়াবা বহুত বছৰ – তাৰ পিছতহে প্ৰকাশ কৰোঁ; পেটৰ পৰা উলিয়াওঁ লিখিবলৈ!” ক্ৰিয়াপদৰ ব্যৱহাৰ অতি প্ৰণালীবদ্ধভাৱে লিখকসকলে ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়া বৰতাই তেওঁৰ দুটা সমাপ্তপ্ৰায় গল্পৰ বিষয়ে কৈছিল, “এই দুয়োটা গল্পই মোৰ শেষ গল্প হ’ব৷” বিভিন্ন স্নেপশ্বটেৰে গল্প দুটা লিখিছে বুলি কৈ তেওঁ জনাইছিল গল্প দুটাৰ টেকনিক আৰু ষ্টাইল আন গল্পৰ দৰে নহয়৷ “ৰঙা জিঞা”ৰ কবিৰ অতিকৈ প্ৰিয় সৃষ্টি ৰি বুলি সোধাত হাঁহি মাৰি কৈছিল, “মাক-দেউতাকে জানো ক’লা-বগাৰ বাচ-বিচাৰ কৰে, সকলো ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ চকুত সমান৷ তথাপি “চক্ৰবৎ” মোৰ আটাইতকৈ প্ৰিয় গল্প৷ মোৰ দেউতাৰ চাইকেলখন, মোৰ শৈশৱটো তাত সোমাই আছে৷ চকাৰ গতি সুখ আৰু দুখ; এবাৰ সুখ এবাৰ দুখ৷

মোৰ বৰদেউতাই অমৰত্ব পালে৷ ৰাইজৰ মৰম-চেনেহ, আশীৰ্বাদ নগাঁওবাসীৰ লগতে সমগ্ৰ অসমে জনোৱা অকৃত্ৰিম ভালপোৱাৰ বাবে আমি পৰিয়ালবৰ্গ সকলোৰে ওচৰত কৃতজ্ঞ৷

মোৰ বৰদেউতা Santiago, দুৰ্যোগক জয় কৰা, দুখ-যন্ত্ৰণাৰ উৰ্ধত থাকিব পৰাজন Santiagoয়ে হ’ব লাগিব৷ সাগৰ সমান বিপদ-বিঘিনি বৃদ্ধ-ৰুগ্ন শৰীৰেৰে কোনো আপোচ নকৰাকৈ মুখামুখি হোৱা বৰদেউতা তুমি যেন জনমে জনমে আমাৰ আপোন হৈয়ে জন্ম লোৱা!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments