মোৰ ছালৰ খজুৱতি – চৈয়দা চেমিন ইছলাম


কেবাদিনো ধৰি গুপুত ঠাই ডোখৰত খজুৱতি এটা আৰম্ভ হৈছে৷ নিজকে নিজে যিমান পাৰি চিকিৎসা কৰিলোঁ৷ কুহুমীয়া পানীত নিমখ, নেমুৰ ৰস, নিম পাতৰ পৰা ডেটল চাবোনলৈ একো বাকী নাৰাখিলোঁ৷
পিছে, ভাল নহয় হে নহয়৷
কেতিয়াবা এনেকৈ খজুৱতি ধৰে যে লাজ-সন্মান বহু যোজন দূৰৈত ৰাখি থৈ প্ৰথমে খজুৱাই ল’ব পাৰিলেহে মনটোত শান্তি লাগে৷
উপায় নাপাই ফাৰ্মাচী এখনৰ শৰণাপন্ন হ’লোঁ৷ মলম এটা আৰু খোৱা ঔষধ দুটামান দিলে৷ দুদিনমানলৈ হেৰোৱা সন্মান পুনৰ উভতি ঘূৰি আহিল যেন লাগিল যদিও এইবাৰ নতুন বিপদ এটা চপাই লোৱাৰ দৰে হ’ল৷ অনবৰতে বিছনাখনে মাতি থকা হ’ল মোক৷ য’তেই বহো তাতেই নিদ্ৰাদেৱীয়ে আহি লম্ভা হ’ল৷ অলপ সময়ো শান্তিৰে নীৰৱে বহি একো এটা কাম কৰিব নোৱাৰা হৈ পৰিলোঁ৷ চিৰিয়েল বোৰ চাওঁতে প্ৰায় আধৰুৱা হৈ পৰিল৷ কিতাপ এখন হাতত ল’লেও হাতৰ পৰা বাগৰি পৰি থাকে৷ নাকৰ বতাহত যেনিবা পৃষ্ঠাবোৰ আগুৱাই যায়৷ মুঠতে শান্তি নোহোৱা হ’ল মোৰ৷
এশ এবুৰি চিন্তা কৰি এইবাৰ মহিলা চিকিৎসক এগৰাকী বিচাৰি হাবাথুৰি খাব ধৰিলোঁ৷ প্ৰথমতে কৈছিলো নহয় -একেবাৰে গুপুত স্থান৷ অৱশ্যে আমাৰ কাৰণে হে৷ নতুন ষ্টাইলৰ জিনচ পেণ্ট পিন্ধা ল’ৰাবোৰৰ কাৰণে কিন্তু সেই স্থানৰ কাৰণে একেবাৰে চিন্তা নাই৷ বাইক চলাই গৈ থাকোঁতে পিছ ফালৰ পৰা উন্মুক্ত হৈ ওলায়েই থাকে সেই ঠাই ডোখৰ৷ গতিকে তেনেকুৱা যুৱক সকলক দেখা পোৱা সকলে অলপ হ’লেও বুজি পাইছে চাগৈ মোৰ খজুৱতি ক’ত হৈছে?
অৱশেষত যেনিবা মহিলা চিকিৎসক এগৰাকী বিচাৰি পালোঁ৷ তেওঁৰ সমুখত মোৰ সমস্যাৰ কথাটো ভাঙি পাতি কোৱাৰ পিছত বহু পৰ মোৰ সেই ঠাই ডোখৰ পিটিকি পিটিকি চালে৷
তাৰ পিছতে মোলৈ অলপ সন্দেহৰ চাৱনিৰে চাই ভেকাহি মাৰি সুধিলে মোক –
: ক’ত গা ধোৱে আপুনি?
: পুখুৰীত আকৌ!
: এনেই জোবোৰা মাৰি ধুই আহে, নহয়নে?
: কিয় এনেই জোবোৰা মাৰি ধুম?
দস্তুৰমত চাবোন লগাই গা ধোওঁ৷
: ঠিকেই!
পিছে, তেল চেল কিবা সানি লয় নে?
: কিয় নাসানিম?
দস্তুৰমত সানো৷
পুখুৰীৰ পাৰতে বহি ৰ’দ লগাই তেল চেল সানিহে ঘৰলৈ উভতি আহো মই!
: অ’!
পিছে, পুখুৰীৰ পাৰত বহি আপোনাৰ এই ঠাই ডোখৰতো তেল লগাব পাৰে নে?
: কি কথা সোধেহে আপুনি?
পুখুৰীৰ পাৰত বহি এইবোৰ ঠাইত তেল লগাব পাৰি নেকি?
: সেই কাৰণেইতো ছালখন ফাটি চিৰাচিৰ দিছে আপোনাৰ৷ ইমান শুকান ছালখন বাৰু নখজুৱাই থাকিব পাৰে নে?
ঠাণ্ডা হ’লেও গাটো অলপ ভালকৈ ঘঁহি পিহি ধুব৷ বুজিছেনে?
পাৰিলে তেল, গ্লিছাৰিণ অথবা ভেচলিনো গোটেই গাত সানিব৷ নহ’লে আপোনাৰ এই খজুৱতি কোনেও কোনো কালে ভাল কৰিব নোৱাৰিব কিন্তু! কৈ দিলোঁ৷
বুজিলেনে কিবা?
: বুজবাৰ বাকী নাই আৰু তোক!
তোৰ মতে তাৰমানে মই গা নোধোও ভালকে!
হয় না?
এনকে ডাক্তাৰী কইৰবা আইছা?
ৰহ্, গোটেই ৰাইজৰ আগত কৈ দিম তই মোক বেয়া ব্যৱহাৰ কৰা বুলি!
তোৰ অৱস্থা কি হবু ইতা চাই থাক৷
ৰখি থাক৷
লাজতে ৰঙা চিঙা পৰি ডাক্তৰণী জনীকে “ভুৱা দম এটা“ দি ওলাই গুছি আহিলোঁ৷
পিছে যোৱা দুদিনৰ পৰা বৰ শান্তিত আছো মই৷ মানুহ জনে সাজি দিয়া বাঁহৰ গা ধোৱা ঘৰটোৰ ভিতৰত গাটো ধুই ভালদৰে তেল আৰু ভেচলিন সানি পৰম শান্তিত আছো এতিয়া!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments