মোৰ জীৱনৰ প্ৰথম প্ৰেম (ৰঞ্জিতা গগৈ)

বিখ্যাত নহয় বাবে আমাক কোনো সাংবাদিক আহি এই  প্ৰেম কাহিনী নোসোধে । কিন্তু আমাৰো প্ৰেমবোৰো সুমধুৰ হ’ব পাৰে দিয়কচোন। কাৰণ সংবেদনশীলতা থাকিবলৈতো বিখ্যাত হ’ব নালাগে। প্ৰেমত কোনোবাই আজিলৈকে নাই পৰা বুলিলে মোৰ বিশ্বাস নহয়। কোনোৱে কব পাৰে মই কেৱল জীৱনৰ প্ৰেমত পৰিছো..তেন্তে কি তেওঁৰ প্ৰেয়সী নাছিল? তেওঁৰ কোনো প্ৰেমিক নাছিল? বাৰু শুনক…
তেতিয়া মই গাত চাদৰ লব পৰা হোৱা নাই। ১৯৯৩ চনৰ প্ৰথম ভাগ। স্কুললৈ যেনে তেনে পেডেল মাৰি অহা ল’ৰা এটা দেখিছিলো প্ৰায়ে। পেন্দোৱাকৈ চাই যায়। ময়ো চাওঁ। এদিন আচৰিত কৰি সি আমাৰ টিউচনৰ চাৰৰ ঘৰত দেখিলো। চাৰে বিভিন্ন ক্লাচৰ বহুত লৰা-ছোৱালী একেলগে পঢ়ুৱায়। বহুতদিনৰ পিছত আমাৰ মাত-বোল হ’ল। তাক কিবা এটা ভাল লাগি গ’ল। দেখিবলৈ একেবাৰে ভাল নাছিল সি। ময়ো পিছে শকত আৱত কোমোৰা পোৱালিটোৰ দৰে আছিলো তেতিয়া। চেহেৰা মোৰ নাই কাৰোবাক প্ৰেমত পেলাব পৰাকৈ। ইমান সৰু তাকটো আৰু ক’ব নোৱাৰি মই তোমাক ভালপাওঁ বুলি। এদিন তাৰ ইংৰাজী বহীখনৰ শেষৰ পাতত দেখিলো তাৰ লগৰ ছোৱালী এজনীৰ নাম সি খুউৱ সুন্দৰকৈ লিখি থৈছে। কিবা এক অনামি অভিমানে ক্ষুন্ন কৰিলে। অকাৰণে। দিন গৈ থাকিল ।
তেতিয়া মই কাকত আলোচনীৰ পাতত শিশু শিতানবোৰত খুউৱ লিখিছিলো। বিহু-পূজাত গাত তৰণি নাথাকে লেখা দিবলৈ। মায়ে খামৰ পৰা টিকটলৈ সকলো যোগান ধৰে। ল’ৰাটোক ক’লো কবিতা এটা লিখিবাচোন। কেনেকৈ লিখে? ধেৎ,ভবা কথাবোৰ শুৱলাকৈ সজোৱা শেৱালীক লৈ, পুজাক লৈ। বিজ্ঞৰ দৰে ক’লো। সি লিখিলে ৷ মই মোৰ লেখাৰ লগতে একেলগে পঠিয়াই দিলো । তাৰ আখৰ আৰু মোৰ সৈতে প্ৰায় একে আছিল। সময়ত দুয়োটাই প্ৰকাশ ৷ সেয়াই আৰম্ভণি।
এদিন মই ডাঙৰ হ’লো। কিবা এটা বেয়া লাগিল। কাৰণ মই এনেকুৱা বনৰীয়া আছিলো যে বন্দীত্ব মোৰ বাবে ভাল নলগা। এতিয়াও মনত পৰিলে হাঁহি উঠে। যদিও বনৰীয়া আছিলো ল’ৰাৰ লগত সৰুতে নেখেলিছিলো। ল’ৰাৰ হাতত হাত লাগিলে ল’ৰা-ছোৱালী হৈ যাব পাৰে বুলি মোৰ শৈশৱৰ ধাৰণা আছিল। কেনেবাকৈ সেয়েহে ল’ৰাৰ হাত লাগিলেই বাৰে বাৰে টেপত হাত ধোওঁ।
মোৰ শৈশৱৰ ভাললগা লৰাটোক লাহে লাহে ভাল লাগিবলে ধৰিলে তাৰ । তাৰ ভাললগা গুণ আছিল। সি কিতাপ পঢ়ে। খুউৱ ভাল বাঁহী বজায়। যিটোৰ বাবে মই তাক আজিও মনত পেলাওঁ। কিন্তু লাহে লাহে জানিলো তাৰ প্ৰেমিকা আছে। দেখাত মোতকে বহুত ভাল। সি মোৰ পৰীক্ষাৰ ভাল নম্বৰকেইটা আৰু মোৰ কবিতাবোৰৰ বাদে একো ভাল পোৱা নাছিল।
মেট্ৰিকত মই প্ৰথম বিভাগ পালো।তাৰ ভালপোৱা ছোৱালীজনীয়ে বেয়া কৰিলে। সেইদিনা কিন্তু তাৰ মন বৰ বেয়া আছিল। সি মোতকৈ ডাঙৰ বাবে কলেজ আগতেই পাইছিল। মানে আকৌ তাক পাম। সি কলা শাখাৰ। আছিল। মই বিজ্ঞান বিভাগত নাম লগালো। দিনবোৰ গৈ থাকিল….
১৯৯৮ চনৰ ২৬ আগষ্ট।পাকিস্তানৰ স্বাধীনতা দিৱস নেকি নাজানো ২৬ আগষ্টটো। সন্ধিয়া সি এখন চিঠি দিলে..আমাৰ বন্ধুত্ব অন্য এটা সম্পৰ্কলে ৰূপান্তিত কৰিব নোৱাৰোনে ? এখন ভদ্ৰ প্ৰেমৰ চিঠি । তাৰ অলপ আগত সন্ধিয়া মোৰ প্ৰিয়তম সহপাঠী এজনৰ লগত কলেজৰ পৰা আহি থাকোঁতে হঠাৎ অহা বতাহ বৰষুণে আমাক তিয়াইছিল। গোটেই গাতে সোণাৰু ফুলবোৰ পৰা দেখি সি কোৱা মনত পৰে…দেখিছা আমাক কেনেকৈ পুষ্পবৃষ্টি কৰিলে। সি মোক মাইনা বুলিয়েই মাতিছিল। দেখাত বহুত ধুনীয়া আছিল বাবে ছাগৈ তাক মই কেতিয়াও প্ৰেমৰ দৃষ্টিৰে চাব পৰা নাছিলো। যদিও সি মোৰ ছাঁৰ দৰে আছিল । মই কি পিন্ধিম,কি খাম, কি কিতাপ লাগিব সকলো খেয়াল ৰাখিছিল। প্ৰেক্টিকেলৰ পুৰণি বহী,পুৰণি প্ৰশ্নকাকতৰ পৰা সকলো যোগান ধৰিছিল। সি সেইদিনা মোক চীনৰ গল্প কিতাপ এখন উপহাৰ দিলে। লগতে সৰু চিঠি এখন…মাইনা,তুমি মাজে মাজে মোক যেন খুউৱ বেয়া পোৱা এনে লাগে। তোমাক…। এতিয়াহে বিপদ… নাহিলে নাই প্ৰেম আহিলে জীৱনলৈ যেনি তেনি আহে। কিন্তু মই সহাঁৰি দিলো দেখাত বেয়া মোক বাঁহীৰ সুৰে মোহাচ্ছন্ন কৰা সমীৰণক। তাক সমীৰণ বুলিয়েই উপনাম দিছিলো মই।
 
কিন্তু লাহে লাহে গম পালো তাৰ বহু ছোৱালীৰ লগত ভাল। চিঠি পত্ৰও দিয়ে বহুতক। মই নিজেও হাতত পৰাত পঢ়িছো। মনটো তিতা লাগিল। মই তাৰ পৰীক্ষা হ’লেই শুভেচ্ছা দিবলৈ দৌৰো। সি কিন্তু মোৰ বি.এচ,চিৰ ৰিজাল্ট ওলোৱাৰ দিনাও খবৰ এটা নকৰিল। মোৰ ধাৰণা আছিল যাক ভালপোৱা যায় তেওঁ আত্মাৰ স’তে বিলীন হয়। যিটো মই হৈছিলো ।কিন্তু সি যিকোনো ছোৱালীক ভন্টি পতাৰ পিছত ছোৱালীবোৰক চুলি টনা ,ঢকিওৱা কথাবোৰ মোৰ ভাল নলগা হৈ আহিল। এনেও মই বহুত আবেগিক। দহজনক একেলগে মন বিলাব নোৱাৰা মানুহ। সকলোতকৈ বেয়া লাগিল সি মোক ভনী বুলি চিনাকী দিয়া কথাটোত। বাদ সকলো বাদ…প্ৰেম মিছা। নিষ্ফল।
বিয়াৰ প্ৰস্তাৱ দিয়া মোৰ স্বামীক কৈছিলো এবাৰ তাৰ কথা।সুধি লওঁক । কিন্তু সি বহুত নিৰ্বিকাৰ আছিল। পিছে তাৰ বিয়া পতাৰ জোখেৰে বয়সো হোৱা নাছিল। সমবয়সীয়া লৰা-ছোৱালীক ভালপাব নালাগে সেইবাবেও কিজানি।
মোৰ মৰমৰ সহপাঠী ইজনে এখন চিঠি দি হঠাৎ আমাৰ কলেজ এৰি দিছিল। নাজানিলো কাৰণ আজিও। সি ইং.২০১২ চনত মোক দেখা কৰিবলৈ আহিছিল। লক্ষ্নৌৰ পৰা ঘৰলৈ আহোঁতে। একে পাৰফিউম,পৰিপাটী ধুনীয়া সাজ,মুখত মিঠা হাঁহি। সোনকালে ভাত দিয়া..চিঞঁৰ বাখৰ কৰি নিজে লাগি ভাগি দি এঘাৰ বছৰৰ পিছত লগ পোৱা মধুৰতাখিনি ল’লো আনন্দমনে। তুমি এই পাৰফিউম আজিও নেৰিলা…। হাঁহিলে সি।
মই জানো যাৰ কল্পনা বেছি তেওঁ ভাল প্ৰেমিক-প্ৰেমিকা হ’ব নোৱাৰে। ময়ো পৰা নাছিলো কিজানি। কল্পনাৰ প্ৰেমিকক বাস্তৱত পোৱা নাযায়। প্ৰেমে যে সাহস দিয়ে মই স্বীকাৰ কৰো। কৰি আহিছো।প্ৰেম শ্বাশ্বত। বিনিময় বিচাৰিলেই কিন্তু প্ৰেম শেষ হয়….।ভালপোৱাই ভালপোৱা নিবিচাৰিও কাৰোবাক নীৰৱে স্বাৰ্থহীন ভাৱে ভাল পাব পাৰি। মোৰ দৃষ্টিত প্ৰেম সুন্দৰ চিৰদিন।
 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Amrit kumar nath
6 years ago

so nice

4 years ago

খুব ধুনীয়া লিখিছে ।