মোৰ জীৱনৰ ব্ৰহ্মপুত্ৰ পাৰ যাত্ৰাৰ শিহৰিত কাহিনী—ৰাজেন পূজাৰী

মোৰ শৈশৱ জীৱনত লোহিত আৰু ব্ৰহ্মপুত্ৰ নদী পাৰ হোৱা এক স্মৰণীয় ঘটনা আছে। যিটো ঘটনাই সঁচাকৈয়ে মোক নষ্টালজিক কৰি তোলে। তেতিয়া মই সপ্তম শ্ৰেণীত পঢ়িছো। সেই বয়সতে মিছিং গাঁও বিলাকৰ মাজেদিয়ে মোৰ জীৱনৰ ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰা দু: সাহসিক এই পথ যাত্ৰা হৈছিল।
লক্ষ্মীমপুৰৰ লালুকৰ মামা ঘৰৰ পৰা জামুগুৰি বনপুৰৈ হৈ চিকাৰী ঘাটেদি দেৰগাঁৱলৈ অহা যাত্ৰা পথত কেনে অবৰ্ণণীয় শাস্তি ভোগ কৰিছিলো সেয়া ভাৱিলে মই আজিও শিহৰিত হৈ পৰো। সেই দিনা যে মই কি: মি: দৌৰিলো আৰু খোজ কাঢ়িলো ভাষাৰে বুজাব নোৱাৰো। ষষ্ঠ /সপ্তম শ্ৰেণী পঢ়ি থকা সময়তে মই অকলে মামা ঘৰ আৰু তেজপুৰৰ মাহী ঘৰ লৈ যাব পাৰিছিলো। নদীপৰীয়া যোগাযোগ বিচ্ছিন্ন অত্যন্ত পিছপৰা ঠাইৰ পৰা বাহিৰৰ আগবঢ়া ঠাইলৈ হাতত ধৰি বহল মুকলি মন গঢ়াৰ উদ্দেশ্যে মোৰ বৰদাদাই বিভিন্ন ঠাইলৈ লৈ গৈছিল। অকলে অকলে দূৰনি ঠাই লৈ যাবলৈ শিকিছিলো। মোক আৰু ভাইতিকো দাদাই বহল দৃষ্টিভংগী হওক বুলি গাঁৱৰ পৰা আনি চহৰত পঢ়ুৱাইছিল। দাদাই ভাৱিছিল গাঁৱত থাকিলে আমাৰ মনবোৰ ঠেক হৈ যাব। কিচুমান ঘটনা ঘটিছিল গাঁৱত যিবোৰ ঠেক চিন্তাধাৰাৰ মাজত থাকিলে আমি ভৱিষ্যৎ মানুহ হৈ নাথাকিম বুলি দাদাৰ আশংকা হৈছিল। কথাটো হয়, বাহিৰলৈ ওলাই আহি নপঢ়া হ’লে আমি আজি এইকণ চিনাকি দিব পৰাকৈ মানুহেই নহ’লোহেতেন। অবিবাহিত হৈ থকা দাদাৰ বহুত ত্যাগ আছে আমাৰ ঘৰ খনৰ কাৰণে। সেই বুলি জীৱনৰ ভেটি এই গাঁওখনৰ লগত কোনোদিন মোৰ আত্মিক সম্পৰ্ক হেৰুওৱা নাই।
সেই ঘটনাৰ দিনটো শীতকালৰ আছিল। বোধকৰো নৱেন্বৰ – ডিচেম্বৰ মাহ। সেই দিনা লালুকৰ মামাৰ ঘৰৰ পৰা বাছেৰে আহি ঢলপুৰত আৰু তাৰ পৰা জামুগুৰি বনপুৰৈ ঘাট পোৱা খন্তেক আগতে ১১/১২বজাত মেচিন নাঁওখন এৰি দিলে। আমি মেচিন নাঁও কওঁ। নিমাতী ঘাটত ফেৰী বুলি কয়। ইয়াৰ পাৰ্থক্য কি বুজি নাপালো। বোধকৰো এখন প্ৰকাণ্ড নাঁৱত মেচিন লগাই যাত্ৰী কঢ়িয়ালে মেচিন নাঁও কয়। দুখন প্ৰকাণ্ড নাঁও যুৰীয়াকে লৈ মেচিনৰ সহায়েৰে যাত্ৰী কঢ়িয়ালে ফেৰী বোলে।
মেচিন নাঁও গুছি গ’ল। এতিয়া মই কি কৰো? উভতি মামাৰ ঘৰলৈ যোৱাৰ চিন্তা নকৰিলো। উজনি সোঁতত মেচিন নাঁওখন ধীৰে ধীৰে হে যাব পাৰিছে। লোহিতৰ গড়াৰ কাষে কাষে মেচিনখন গৈ আছে। মই ভাৱিলো মেচিনৰ সমান্তৰালকৈ বামে বামে গৈ থাকি মাতিলে ৰাখি দিব। আৰম্ভ কৰি দিলো মাৰাথান দৌৰ। মই মেচিন নাঁওখন ৰখাবলৈ হাত দাঙি চিঞৰি চিঞৰি বামেৰে দৌৰি গৈ থাকিলো। মেচিন নৰখাইহে নৰখাই। কিমান দূৰ যে মেচিনৰ লগে লগে দৌৰি গৈ আছো ক’ব নোৱাৰো। সেই শক্তি ক’ৰ পৰা পালো নাজানো। বোধকৰো কেবা কি: মি: গ’লো। তথাপি মেচিন নাঁও নাৰাখিলে। দৌৰি দৌৰি ভাগৰত জৰ্জড়িত হ’লো। মই খঙত ক’ব নোৱৰা হৈছো মেচিনৰ চালক জনলৈ। তাক অতি নিৰ্দয় বুলি গালি পাৰিলো। এটা সময়ত মেচিন নাঁও চকুৰে মনিব নোৱৰাকৈ দূৰলৈ গুছি গ’ল। ময়ো পিছলৈ ঘূৰি আৰু নাচালো। মেচিন নাৱেৰে যোৱাৰ আশা আশা এৰিলো। । হাত নাৱেৰে পাৰহৈ হ’লেও দক্ষিণ পাৰলৈ যোৱাৰ মোৰ মনৰ দৃঢ়তা ল’লো। ইফালে ভৰিৰে নটনা হৈ গৈছে। ফোপাবলৈ ধৰিলো। অৱস হৈ পৰিছো। দৌৰাৰ শক্তি হেৰুৱাই পেলালো। তথাপি মনোবল লৈ এই বাৰ বেগাই খোজ ল’লো।
কেবা কি: মি: আহি পালোহি চেলেক মিচিং গাঁও ঘাট। লোহিতৰ পাৰৰ অপূৰ্ৱ প্ৰাকৃতিক দৃশ্যৰে ভৰ পূৰ এই মিছিংগাঁওখনি। মাহ, সৰিয়হ খেতিৰ নয়ণাভিৰাম দৃশ্য উপভোগ কৰি ঘাট কেনি সুধি সুধি চাপৰি মাজৰ লুংঙীয়া ৰাষ্টাৰে গৈ আছো। মিছিং মানুহক সুধিলে আঙুলিয়াই দেখুৱাই কয় সৌ ওচৰতে, এক মি: মি: দূৰ। কিন্তু কেবা কি: মি: দূৰ গৈ হে পাবা গৈ সেই ঠাই। আমাৰ মানুহে কথাতে কয় মিছিং মানুহক কোনো ঠাইলৈ দূৰত্ব কিমান সুধিব নাপায়। আচলতে তেওঁলোককো দুষিব নোৱাৰি। য’ত যান -বাহনৰ চলাচল নাই। নিৰ্দিষ্ট পথ নাই। নদীপৰীয়া হাবি-জংঘল। ঈশ্বৰে দিয়া বাহন -ভৰিৰ হে লেখ তাত। তাতনো কি মাইল /কি: মি: হিচাব থাকিব? সকলো আন্দাজতে চলে। বঠাখনা, বৰুৱাচুক, কাচিকটা আদি মিচিং গাঁও পাৰ হৈ আহিলো। জাক _জাক গৰু -ছাগলী, গাহৰি চৰি আছে। মিছিং মহিলাই বুকুত মেথনি মাৰি পিঠিত কেঁচুৱা বান্ধি লৈ উৰালত ধান বনাৰ দৃশ্য আৰু ভাঁহি অহা শব্দ ভাল লাগিল। পালোহি চেলেক মিচিং গাঁৱত। কিমান গাঁও পাৰ হ’লো এতিয়া পাহৰিলো।
চেলেকত হাত নাৱৰ ঘাটেৰে পাৰ হৈ মাজুলীলৈ পাৰ হ’লো। মই থিক কৰিলো যে হাত নাৱেৰে হ’লেও দেৰগাঁৱলৈ পাৰ হ’ম। খৰালি কালত ব্ৰহ্মপুত্ৰত হাত নাঁৱৰ ঘাট কেবাটাও পাৰ হ’ব লাগে। চকুৰে মনিব নোৱৰাকৈ বালি ওপৰে ওপৰে খোজ কাঢ়িব লাগে। বালিত খোজ কঢ়া কষ্টকৰ। । ঠিক কৰিলো বাটত লাগিলে মানুহৰ ঘৰ পালে ৰাতি থাকিয়ে দিম। খোজ কাঢ়ি কাঢ়ি গৈ আছো পূৱ ফালে বাটত বিভিন্ন জনক সুধি সুধি গৈ আছো। কমেও ১৫ কি: মি: মান খোজ কাঢ়ি গৈ ননৈ নামৰ ইপাৰ -সিপাৰ মনিব নোৱৰা ব্ৰহ্মপুত্ৰৰ এটা প্ৰকাণ্ড সুঁতিৰ পশ্চিম পাৰৰ ঘাট পালোগৈ। এই ঠাই পূৰ্বে ফাকুৱা -বিলতীয়া গাঁও আছিল। নদীয়ে খহাই নিলে। আগতে ইয়াত কংকুৰ সুঁতি নামৰ এটা সৰু ব্ৰহ্মপুত্ৰৰ সুঁতি আছিল। এই সৰু সুঁতিটো ক্ৰমে প্ৰবল হৈ মাজুলীৰ আহঁতগুৰি মৌজাৰ মাজেদি ৮০ চনৰ আগে পিছে প্ৰকাণ্ড ব্ৰহ্মপুত্ৰখন উত্তৰা-দক্ষিণাকৈ বৈ গৈ লোহিতত পৰেগৈ। আহঁতগুৰি মৌজাটো দ্বিখণ্ডিত কৰিলে এই সুঁতিটোৱে। এই সুঁতিৰ নামনি অংশত শ’লমাৰী গাঁৱত আমাৰ ঘৰ আছিল। ব্ৰ্হ্মপুত্ৰই আমাৰ গাঁও খহাই নিছিল। মোৰ জন্ম মাজুলীতে। সুতিটোৰ পূৱ পাৰত আছিল কৰতিপাৰ। মই নাৱেৰে পাৰহৈ গৈ কৰতিপাৰ পালোগৈ। গধূলি কৰতি পাৰত উপস্থিত হ’লো।
কৰতিপাৰ পৰা কমলাবাৰীলৈকে মূল মাজুলীৰ ভূ ভাগ। কৰতিপাৰৰ মথাউৰি ওপৰতে খহনীয়া বিধ্বস্ত লোকে চালিঘৰ সাজি আশ্ৰয় লৈছে। আহঁতগুৰি হাইস্কুলখন নদীয়ে খহোৱাত মথাউৰি ওপৰতে চালি পাঠদান দি আছিল। মই কৰতি পাৰত মথাউৰি ওপৰত আশ্ৰয় লৈ থকা আহঁতগুৰি হাইস্কুলৰ শিক্ষক গোপাল শৰ্মাৰ ঘৰতে ৰাতি থাকিলো। পিছদিনাও মই তেখেত সকলৰ ঘৰত থাকিব লগা হ’লো। শৰ্মা চাৰ মোৰ সৰু মামা ফালৰ সম্পৰ্কীয়। তেখেত সকলৰ স্থায়ী ঘৰ বিপুৰীয়াত। কৰতিপাৰ পৰা বদতি ঘাট হৈ লক্ষ্মীমপুৰলৈ যাব পাৰি। এসময়ত বদতিঘাট জাহাজঘাট আছিল। তেখেত সকলৰ ঘৰত বৰ ভাল আতিথ্য পালো-সেয়া পাহৰিব নোৱাৰো। এতিয়া শৰ্মাছাৰ আছে নে নাই নাজানো।
।মাজুলীত মানুহৰ অকৃত্ৰিম মৰম চেনেহ পোৱা
যায়। অতিথিৰ আদৰ মাজুলীত বৰ বেছি।
সেই পিনেদি যোৱা চিকাৰীঘাটৰ মেচিন নাঁও এদিন এৰি এদিন আহ-যাহ কৰে। দুদিন তাত কটাই কৰতিপাৰ পৰা মেচিন নাৱেৰে পাৰ হৈ আহি দক্ষিণৰ পাৰৰ চিকাৰীঘাটত উপস্থিত হওহি। এনেদৰেই দুদিনৰ মূৰত মোৰ জীৱনৰ তিক্ততাপূৰ্ণ ৰোমাঞ্চকৰ যাত্ৰাৰ অন্ত পৰে। মোৰ জীৱনত এই শিহৰিত যাত্ৰাই ভাল শিক্ষা দিলে। ধৈৰ্য, আত্ম বিশ্বাস, মনৰ দৃঢ়তাৰে আগবাঢ়ি যাবলৈ আৰু পিছলৈ ঘূৰি নোচোৱাৰ শিক্ষা দিলে ঘটনাটোৱে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক