মোৰ জীৱনৰ মধুৰতম সময়খিনি আৰু জিতেন্দ্ৰ নাথ গোস্বামী (গৌৰী শংকৰ ভূঞা)

সেইটো সময়ৰ কথা, যেতিয়া ভাৰতৰ চন্দ্ৰ অভিযানে সংবাদ মাধ্যম তোলপাৰ লগাই আছিল। ড°জিতেন্দ্ৰ নাথ গোস্বামী তেতিয়া সৰ্বত্ৰ চৰ্চিত নাম। তেনেসময়তে পালোঁ এটা আনন্দৰ খবৰ। খবৰটো কি কোৱাৰ আগতে অকণমান প্ৰস্তাৱনা—

PRL – Physical Research Laboratory, ভাৰতৰ পদাৰ্থ বিজ্ঞানৰ এক অগ্ৰণী অনুষ্ঠান; য’ৰ পৰা হৈছিল চন্দ্ৰযানৰ সমস্ত পৰিকল্পনা। এই অনুষ্ঠানটোৰ সঞ্চালক ড° জিতেন্দ্ৰ নাথ গোস্বামী। গুজৰাটৰ আহমেদাবাদত অৱস্থিত এই অনুষ্ঠানটিৰ মুখ্য চৌহদ। তাৰ বাহিৰেও থালটেজ নামৰ ঠাইত আছে ইয়াৰ জ্যোতি-পদাৰ্থবিজ্ঞানৰ শাখা, উদয়পুৰত আছে সৌৰ-পদাৰ্থবিজ্ঞানৰ শাখা আৰু পশ্চিম ভাৰতৰ সৰ্বোচ্চ শৃংগ মাউণ্ট আবুত আছে এটা অতি উচ্চ মানৰ মহাকাশ বীক্ষণাগাৰ। মুঠতে পদাৰ্থ বিজ্ঞানৰ যিকোনো ছাত্ৰৰ বাবেই PRL বা Physical Research Laboratory এক সপোন।

আমি তেতিয়া স্নাতক দ্বিতীয় বৰ্ষত। কলেজৰ এটা অনুষ্ঠানলৈ আহিছিল সেই Physical Research Laboratoryৰ ডীন, তাত্ত্বিক পদাৰ্থবিজ্ঞানী ড° উৎপল সৰকাৰ। ড° সৰকাৰ এজন নামী বিজ্ঞানী। নোবেল জয়ী আব্দুছ চালামৰ সৈতে একেলগে গৱেষণা কৰিছিল তেখেতে। আমাৰ কলেজত তেখেতে লাৰ্জ হেড্ৰন কলাইডাৰ আৰু ঈশ্বৰ কণিকাৰ ওপৰত ভাষণ ৰাখিলে। তেখেতৰ সন্মুখত থিয় হৈ কিবা কোৱাৰ বা সোধাৰ সাহস নহ’ল; তেখেত যোৱাৰ পাছতে আমি দুজনমানে তেখেতলৈ মেইল কৰিলোঁ। ক’লো আমাৰ কথা; যে আমাৰ পদাৰ্থবিজ্ঞানত বহুত ৰাপ আছে, কিন্তু প্ৰকৃত অধ্যয়নৰ সমল, পৰিবেশ আৰু guidance একোৱেই নাপাওঁ। Physical Research Laboratoryৰ দৰে ঠাইত কেনেধৰণৰ কাম হয় আভাস পোৱা হ’লে!
এনেকৈ মেইলটো দিলোঁ আৰু পাহৰি গ’লোঁ। কাৰণ তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্বিদ্যালয়ৰ বহুতো অধ্যাপকক এনেকৈ মেইল দি, লগ কৰিও একো সঁহাৰি নাপাওঁ; তেখেততো পি.আৰ.এল.ৰ ডীন!

পিছে উত্তৰ আহিল! উৎপল সৰকাৰে লিখিছে – আমাৰ ইয়াত সাধাৰণতে ভিজিটিং ষ্টুডেণ্টৰ কাৰণে কাৰ্যসূচী ৰখা নহয়; তথাপি তোমালোকে যেতিয়া ইচ্ছা কৰিছা আমি তোমালোকৰ কাৰণে ১৫ দিনমানৰ এটা প্ৰ’গ্ৰেম পৰিকল্পনা কৰিছোঁ। সেইকেইদিনৰ থকা-খোৱাৰ লগতে লাইব্ৰেৰী আদিৰ পূৰ্ণ সুবিধা তোমালোকে লাভ কৰিবা!

সেইদিনা শোৱা নহ’ল। জীৱনটো যেন সম্পূৰ্ণ হৈ গ’ল এনে লাগিল..। Physical Research Laboratoryত ১৫ দিন!! বিশ্বাসেই যেন নহয়!

১ জানুৱাৰী, ২০১৩। আমি গুজৰাটৰ আহমেদাবাদত নামিলোঁগৈ। PRLৰ গেষ্ট হাউচত আমাক থাকিবলৈ দিয়া হ’ল। ঠিক ৰূম নহয়, আমি তিনিজন ল’ৰাৰ বাবে দিয়া হ’ল দুমহলীয়া এটা ঘৰ, ভিতৰত টিভি, কিটছেন, বেলকনী, দুটা বেডৰুম (প্ৰতিটোতে দুখনকৈ বিচনা), দুটা বাথৰুম। মুঠতে আমাক হতভম্ব কৰি দিয়াকৈ সুবিধা। নিজকে ভি.আই.পি. যেন লাগিল।

পাছদিনা ড° সৰকাৰক লগ কৰিলোঁ। তেখেতে আমাক পদাৰ্থ বিজ্ঞান পঢ়ুওৱাৰ কথা। পিচে প্ৰথম দিনটো অকণমান বেলেগকৈ কটাবলৈ পৰিকল্পনা কৰি থৈছিল চাগে তেওঁ। সেইদিনা তেখেতে আমাক লৈ গ’ল ড° জিতেন্দ্ৰ নাথ গোস্বামীৰ ওচৰলৈ। পৰিস্থিতিৰ আকস্মিকতাত আমাৰ মাত হৰিল। পিছে সেই সংকোচ বেছি দেৰী নাথাকিল। একেবাৰে ঘৰুৱা ভাষাতে ড° গোস্বামীয়ে আমাৰ লগত কথা-বতৰা আৰম্ভ কৰিলে। তেখেতৰ কথা শুনিলে ধৰিব‍ই নোৱাৰি তেখেত যে ইমান এজন ডাঙৰ মানুহ। এটা উদাহৰণ দিওঁ— তেখেতৰ আগৰ দিনৰ কথা ওলালত ক’লে, পেপাৰে-পত্ৰ‍ই পায়ে থাকা চাগে ম‍ই স্কুলত বৰ ভাল ৰিজাল্ট কৰিছিলোঁ বুলি, আচল কথাটো কি জানা ম‍ই মানে বেলেগৰ টিকা চাই ভাল নেপাওঁ!

হৰি হৰি… ভাষা শুনি হাঁহি ওলাই আহিল। গণ্য-মাণ্য সমাজত ব্যৱহাৰ নোহোৱা এই বিশেষ শব্দটো শুনি গম পালোঁ তেখেত কিমান সহজ-সৰল ব্যক্তি। কাষতে বহি থকা ড° সৰকাৰে অসমীয়া বুজি নাপায় কাৰণে তেখেতক শব্দটো বুজাই ক’লে “this part is called tika”। তাৰপাছত এটাৰ পাছত এটা কৌতুক কৌতুক যেন লগা কথা…। কথাবোৰ জমনি নহ’লেও তেখেতৰ প্ৰকাশভংগীয়ে সেয়া এটা খুহুতীয়া কথা কৰি পেলাইছিল। এবাৰ কথাৰ মাজতে ক’লে, ম‍ই আচলতে একো নাজানো। চবেই মোক বৰ জনা মানুহ বুলি ভাৱে সেয়ে চেমিনাৰ-টেমিনাৰত কিবা কিবি মিলাই মেলি কৈ থৈ আহোঁ, চব কনফিউজ হৈ যায়.., ম‍ই বাচি যাওঁ হাঃ হাঃ হাঃ….।
মোক সুধিলে, টীয়কৰ ল’ৰা ছায়েন্স কলেজত পঢ়ি আছা, পিছে কলেজলৈ ঘূৰুং ঘূৰুংখন (মানে বাইক!) নিয়ানে কি? ম‍ই বোলো নাই ছাইকেল হে নিওঁ। তেওঁ বোলে, ভাল কথা ময়ো আগতে কিমান চাইকেল চলাওঁ.., আকৌ নিজৰ কথা, হাঁহি উঠা তেখেতৰ সৰু কালৰ দুষ্টামিবোৰ…।
অলপ সময় এনেকৈ আমাৰ Ice-Breaking কৰি লোৱাৰ পাছত কথা লাহেকৈ ছিৰিয়াচ হ’ল। কেনেকৈ ফিজিক্স পঢ়িব লাগে, কিমান কষ্ট কৰিব লাগে সেইসম্পৰ্কে বৰ ধুনীয়াকৈ বুজাই দিলে।  তাৰ পাছত ক’লে ১৫ দিন পঢ়ি লোৱা, শেষত মোৰ লগত কথা হ’বা। সেইদিনালৈ সিমানতে শেষ।

ইমানদিনে জিতেন্দ্ৰ নাথ গোস্বামীৰ বিষয়ে পঢ়ি, পদাৰ্থ বিজ্ঞানলৈ তেখেতৰ অৱদানসমূহৰ কথা জানি তেখেতৰ প্ৰতি যিটো শ্ৰদ্ধাৰ ভাৱ গঢ় লৈ উঠিছিল সেয়া পলকতে কেইবাগুণো বৃদ্ধি পালে। ইমান সফলতা, ইমান সন্মানৰ পাত্ৰ হৈও ইমান সহজ সৰল মানুহ! পি.এইচ.ডি. কৰিয়েই মানুহক ভালকৈ মাতিব নোখোজা আমাৰ গৱেষককেইজনৰ প্ৰতি পুতৌ উপজিল!
১৫ দিন পদাৰ্থ বিজ্ঞান পঢ়িলোঁ। ইমান প্ৰখ্যাত বিজ্ঞানীক লগ পালোঁ, অভিভূত হ’লোঁ তেওঁলোকৰ সৰলতা দেখি। উৎপল সৰকাৰে আমাক PRLৰ ভিতৰতে অ’লৈ ত’লৈ লৈ ফুৰি বিভিন্ন বিভাগবোৰ দেখুৱালে। ইমান এজন ব্যস্ত বিজ্ঞানীয়ে আমাৰ কাৰণে এনেকৈ সময় খৰচ কৰিছে! যেতিয়া লিফ্টত সোমাও, তেতিয়া তেখেতে “য়েচ প্লীজ” এনেকে কৈ আমাক আগত সোমাবলৈ দিয়ে! ইমান বিনয়ী!! আমাৰ নিজৰে লাজ লাগে, কাৰণ আমি যে ইমানৰ মানুহ নহয় এই ভাৱটো পাছলৈ ইমানেই প্ৰৱল হ’ল যে আমি অকলে থাকিলে ছিৰিৰে অহা-যোৱা কৰোঁ। ইমান ডাঙৰ ডাঙৰ বিজ্ঞানীয়ে ব্যৱহাৰ কৰা লিফ্টখন আমিনো কেনেকৈ ব্যৱহাৰ কৰোঁ!

যি কি নহওঁক, শেষৰ দিনা আমাৰ গাইড ড° সৰকাৰে আমাক আকৌ জিতেন্দ্ৰ নাথ গোস্বামীৰ ওচৰলৈ লৈ গ’ল। তেখেতে আমাক কিবা কিবি সুধিব মানে। মস্ত ডাইনিং টেবুল এখনত আমি বহিলো, চাহ দিলে। সেইদিনা ড° গোস্বামী চিৰিয়াচ, আমাৰ ডিঙি শুকাই কৰ্কৰীয়া দিছে। প্ৰশ্নবোৰ একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ৰ, পিছে উত্তৰ দিবলৈ টান। Fundamental Knowledge বুলিলে যি বুজাই সেই ধৰণৰ প্ৰশ্ন। যেনে, হিগচ বচন বা ঈশ্বৰ কণিকাৰ কথা ওলাওতে তেখেতে আমাক তাৰ জটিল গণিতখিনিৰ পৰা একো সোধা নাছিল, তেখেতে সুধিছিল এই ধাৰণাটোনো কিয় আনিব লগা হ’ল মানে? নহ’লেনো কি দিগদাৰ আছিল? ম‍ই একো নাজানো বুজাই দিয়াচোন… এনেকুৱা ধৰণৰ প্ৰশ্ন। বুজাবলৈ গৈ বাৰে বাৰে উজুটি খাওঁ। নতুন বিষয়, তাতে জিতেন্দ্ৰ নাথ গোস্বামী, উৎপল সৰকাৰ দু্য়ো সন্মুখত!

আমিকেইটা সম্পূৰ্ণ নাৰ্ভাছ। চাহ কাপতে চেঁচা হৈছিল, বিস্কুট তেনেকেই পৰি আছিল। তেনেতে তেখেতে ক’লে, ক’লাকেইটা খোৱা আক’… বৰ ভাল খাবলে…।
মানে?
বিস্কুট অ’.., ক’লা বিস্কুটটো।

প্লেটলৈ চাই দেখিলোঁ চকলেট বিস্কুট কেইটামান প্লেটতে পৰি আছে…, ৰংটো ক’লা!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments