মোৰ জীৱনৰ সঁচা ভৌতিক অনুভৱবোৰ – জিতেন্দ্ৰ জিতু শইকীয়া

মানুহৰ জীৱনত ঘটা কিছুমান অদ্ভুত ঘটনা বুজিব নোৱাৰাকৈ ৰহস্য হৈয়েই থাকি যায়৷ মোৰ জীৱনৰ কিছুমান অনুভৱ লোমহৰ্ষক হৰৰ কাহিনীতকৈ কম নহয়৷ তেনে কিছুমান সঁচা ঘটনা আজি আপোনালোকক কবলৈ মন গ’ল৷ ভৌতিকতাৰ ওপৰত মোৰ তিলমানো বিশ্বাস নাই যদিও সেই দিনবোৰৰ অনুভৱখিনিক কোনো বৈজ্ঞানিক যুক্তিৰে আজিলৈকে বিচাৰ কৰিব নোৱাৰিলো৷
দেউতাৰ চাকৰিসূত্ৰে আমি তেতিয়া ঢেকীয়াজুলিৰ পৰা বাইশ কিঃমিঃ ভিতৰলৈ থকা অসম-ভূটান সীমান্তৰ ৰাক্ষসমাৰী নামৰ ঠাইখনত অস্থায়ী ভাবে থাকিবলৈ লৈছিলো৷ মই তেতিয়া সৰু৷ প্ৰাইমাৰী স্কুলৰ শিক্ষা তাতে আৰম্ভ কৰিছিলোঁ৷ নতুনকৈ মাটি কিনা মানুহ হিচাপে আমাৰ ঘৰটোৱেই ঠাইখনৰ শেষ ঘৰ আছিল৷ অস্থায়ী ভাৱে সাজি লোৱা আমাৰ সৰু ঘৰটোৰ ঠিক পিছফালে, দুশ মিটাৰমান আঁতৰৰ পৰা এখন মৰিশালিৰ আৰম্ভ হয়৷ মৰিশালিৰ ঠিক কাষতে আছিল সংৰক্ষিত বনাঞ্চল হিচাপে এখন পাতল হাবি৷ ঘৰৰ সন্মুখত আছিল ভূটান সীমান্তলৈকে যাব পৰা কেঁচা, শিলগুটি দিয়া ৰাস্তাটো৷ ৰাস্তাটোৰ সিপাৰে ধাননি পথাৰ, তাৰ পিছত সৰু নদী এখন আৰু নদীখন পাৰ হৈয়েই চাপই নামৰ চাহৰ বিশাল বাগানখন৷ আমাৰ ঘৰটোৱেই গাঁওখনৰ সীমা আছিল আৰু আমাৰ ঘৰৰ পৰা এক কিঃমিঃ মান যোৱাৰ পিছতহে এখন স্কুল আৰু তাৰ পিছত মানুহৰ পাতল বসতি আৰম্ভ হৈছিল৷ মুঠতে এক জয়াল পৰিৱেশ৷ গাঁওখনলৈ তেতিয়া কাৰেণ্ট অহাই নাছিল৷
চাকৰি সংক্ৰান্তত দেউতা প্ৰায়ে ঘৰৰ পৰা বাহিৰত কটাবলগীয়া হৈছিল৷ অকলশৰীয়া মা আৰু মোক ৰখিবলৈ সদায় মামা বা মাহীহঁত আহিবলগীয়া হৈছিল৷ ৰাতি শুই থকা অৱস্থাত আমি সকলোৱেই কিছুমান আচৰিত শব্দ শুনিবলৈ পাইছিলোঁ৷ যেনে ঘৰৰ চালৰ ওপৰেৰে গধুৰ ভাৰলৈ কোনোবাই খোজ কাঢ়ি যোৱাৰ শব্দ, গভীৰ নিশা গৰুৱে ঘাঁহ খোৱাৰ দৰে শব্দ, মৰক-মৰক কৈ জেওৰাবোৰ ভাঙি থকাৰ শব্দ…. ইত্যাদি৷ শব্দবোৰ শুনি ভয়ত ৰাতি আমি কোনেও একো নেমাতি ইটোৱে সিটোক সাৱটি নিস্তব্ধ হৈ শুই থাকিছিলো যদিও ৰাতিপুৱা মা-মামাহঁতে এই বিষয় প্ৰায়ে আলোচনা কৰিছিল আৰু সকলোৱে যে স্পষ্ট কৈ শব্দবোৰ শুনিছিল, সেই কথা নিশ্চিত কৰিছিল৷ ৰাতি গৰুৱে ইমানকৈ ঘাঁহ খোৱাৰ শব্দ শুনা গৈছিল যদিও ৰাতিপুৱা উঠি কিন্তু গৰুৱে কিবা খোৱাৰ একোৱে চিন পোৱা নগৈছিল৷ মায়ে কৰি থোৱা লাই-পালেং-ধনিয়াৰ খেতি দৰাও অক্ষত অৱস্থাতে পোৱা গৈছিল৷
আমাৰ শোৱনি কোঠা আৰু কাষতে লাগি থকা আনটো কোঠাৰ দুৱাৰখনৰ ওপৰ অংশত বেৰ নথকাত উন্মুক্ত হৈ থাকিছিল৷ মায়ে বহুতবাৰ কোৱা শুনিছিলো যে ৰাতি আমি শুই থকা অৱস্থাত ছয় ফুটতকৈয়ো বেছি ওখ দৰ্জাখনৰ ওপৰৰ সেই ফাঁকটোৰে দীঘল ডিঙিৰ মানুহ এটাই প্ৰায়ে ডিঙিৰ পৰা মূৰ অংশ সুমুৱাই দি আঙঠাৰ দৰে ৰঙা চকুকেইটাৰে টৰ-টৰকৈ আমালৈ চাই থাকিছিল৷ প্ৰায়বোৰ ৰাতিতেই আমি সকলোৱে বেৰত গৰুৱে পিঠি ঘহোঁৱাৰ দৰে শব্দও শুনিবলৈ পাইছিলো যদিও ৰাতিপুৱা বেৰবোৰত তেনে কোনো চিন বিচাৰি পোৱা নাছিলো৷
এদিনাখনৰ কথা৷ গৰমৰ দিন আছিল৷ একেখন বিছনাতে মা সন্মুখত, তাৰ পিছত মাহী আৰু একেবাৰে শেষত মই শুইছিলোঁ৷ কাৰেণ্ট নথকাৰ বাবে বিচনীৰে বিচি বিচি মাহীও শুই পৰিছিল৷ মোৰ তেতিয়াও টোপনি অহা নাছিল৷ হঠাৎ লক্ষ্য কৰিলো মাৰফালে আঠুৱাখনৰ বাহিৰত, আঠুৱাখনৰ সমানেই বিৰাট এখন মুখ৷ তেল আৰু পানীৰ সংমিশ্ৰণৰ ফলত সৃষ্টি হোৱা ৰঙচঙীয়া জিলিকি থকা বৰণৰ প্ৰকাণ্ড মুখখন দেখি আতংকত মই উশাহ বন্ধ কৰি জঠৰ হৈ পৰি ৰ’লো৷ উশাহটো ল’বলৈয়ো মোৰ ভয় হৈছিল জানোছা উশাহ ল’লেই মই সাৰ পাই আছোঁ বুলি গম পাই মুখখনে মোক গিলি পেলাবহি৷ ভাষাৰে বুজাব নোৱাৰা আতংকৰে আতংকিত হৈ নিথৰ ভাৱে পৰি থাকোঁতেই অনুভৱ কৰিলো…. মোৰ মূৰ-শিতানেৰে কোনোবা এটা সন্তৰ্পনে খোজ কাঢ়ি আঁতৰি গৈছে আৰু সেই আগন্তুকৰ হিম-শীতল শৰীৰে মোৰ শৰীৰৰো বহু অংশ চুই গৈছিল৷ ৰাতিপুৱা কথাটো মাক কোৱাত মাই প্ৰায় চিঞৰি দিয়াৰ দৰে কৈছিল… সেইদিনা ৰাতিও সেই ডিঙি দীঘল ক’লা আকৃতিটোৱে জুমি থকা মায়ে দেখিছিল৷ কথাবোৰ মাহঁতে মামাক নকৈছিল, কাৰণ মামা সদায় আমাৰ কাষৰ ৰূমটোতে অকলে শুইছিল৷ সি শোৱা কোঠাটোৰ পৰাই সেই ডিঙি দীঘল আকৃতিটোৱে আমালৈ জুমি জুমি চাই আছিল৷ তাৰ চকুবোৰ আন্ধাৰতো অঙঠাৰ দৰে ৰঙা হৈ জিলিকি থাকিছিল৷
মামা তেতিয়া চেঙেলীয়া ডেকা৷ সেয়েহে লগৰবোৰৰ লগত সময় কটাই মামা প্ৰায়ে ৰাতি আমাক ৰখিবলৈ দেৰিকৈ আহি পাইছিলহি৷ মামালৈ নৰৈ মই, মা আৰু মাহীয়ে ভাত খাই শুই পৰিছিলো৷ তেওঁ আহিলে মা বা মাহীয়ে গৈ দৰ্জা খুলি দিছিল৷ এদিন তেনেদৰে ৰাতিৰ সাজ খাই আমি শুবলৈ লৈছিলোহে মাত্ৰ, হঠাৎ শুনিবলৈ পালোঁ, মামাই ৰাস্তাৰ পৰাই “বাইদেউ, নুলাবি অ’… বাহিৰত এইটো বাকচ ভুত… খ্ৰীষ্টান ভুত….” বুলি চিঞৰি চিঞৰি ওলোটাই লৰ মাৰে৷ ৰাতিপুৱা মামাক এই বিষয়ে সোধাত মামায়ে কয় যে আমাৰ পদূলি মুখতে তেওঁ হেনো বতাহতে ওপঙি নিজে নিজে গৈ থকা এটা কফিন দেখিছিল৷ স্মৰ্তব্য যে আমাৰ ঘৰৰ পাছফালৰ শ্মশানখন খৃষ্টান সকলৰ কবৰস্থান আছিল৷ দিনত পকীৰ কবৰবোৰৰ ওপৰত বনোৱা যোগ চিনৰ দৰে আকৃতিবোৰ দূৰৰ পৰা দেখিলেও মোৰ কিবা এটা ভয় ভাব জন্মিছিল৷ ৰাতি সেই কবৰবোৰৰ মাজে মাজে লুকাই শিয়ালবোৰে চিঞৰি চিঞৰি পৰিৱেশটো আৰু ভয়ানক কৰি তুলিছিল৷
সেই দিন ধৰি মামাই আমাক ৰখিবলৈ অহা বাদ দিছিল৷ ভাগ্য ভাল যে এইবাৰ সৰু মামাই দায়িত্বটো মূৰ পাতি লৈছিল৷
পথাৰৰ ধানে সোণোৱালী বৰণ ল’লেই ধান খাবলৈ ভূটানৰ পাহাৰবোৰৰ পৰা শীতৰ ৰাতিবোৰত প্ৰায়ে জাক জাক হাতী নামি আহিছিল৷ হাতীৰ উপদ্ৰৱ আৰু হাতী খেদিবলৈ হাতত জুই লৈ অহা মানুহৰ কোলাহলত আঘোণ – পুহমাহৰ ৰাতিবোৰ প্ৰায়ে মুখৰ হৈ পৰিছিল৷ আমাৰ ঘৰটোৰ পাছফালে এজোপা বৃহৎ বাঁহ আছিল৷ গভীৰ ৰাতি প্ৰায়ে বাঁহ ভগাৰ বিকট শব্দই আমাক জগাই তুলিছিল৷ হাতী আহি বাঁহজোপাত সোমালহি বুলি ভাবি আমি খুব ভয় খাইছিলো আৰু হাতী অহাৰ খবৰ দিবলৈ পহৰাত থকা প্ৰহৰী কেইজনে কথাটো গম নোপোৱাত আচৰিত হৈছিলো৷ সচৰাচৰ হাতী আহিলে গাঁৱৰ ৰাইজে গম নোপোৱাকৈ নাথাকে৷ হাতীয়ে বাঁহ ভাঙিলে যদি আমাকো গছকি পিটিকা কৰিবহি বুলি ভয়ত তিনিওটা এটা হৈ বিছনাখনতে পৰি ৰৈছিলোঁ৷ কিন্তু ৰাতিপুৱা অক্ষত অৱস্থাতে থকা বাঁহজোপা দেখি আমি সকলো আচৰিত হৈছিলো৷ গাঁৱৰ বাকীবোৰ মানুহেও তেনে দিনবোৰত হাতী অহাৰ কথা অস্বীকাৰ কৰিছিল৷ অক্ষত অৱস্থাত থকা ধাননি পথাৰবোৰেও হাতীৰ উপস্থিতিৰ কথা মিছা বুলি প্ৰমাণিত কৰিছিল৷
মাৰ মুখত এটা বৰ্ণনা বহুবাৰ শুনিছিলো৷ চিলমিল টোপনিত কেতিয়াবা তেওঁ অনুভৱ কৰিছিল যে কোনোবা এটাই তেওঁৰ বুকুৰ ওপৰত বহিলৈ দুহাতেৰে ডিঙিত টিপা মাৰি ধৰিছিলহি৷ খপজপকৈ সাৰ পাই দৰ্জাখনলৈ চালে দেখিছিল, ডিঙি দীঘল সেই ভয়ানক আকৃতিটোৱে দৰ্জাখনৰ ওপৰেৰে ডিঙি ভৰাই তেতিয়াও আঙঠাহেন চকুকেইটাৰে আমালৈ চাই থাকিছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments