মোৰ ডায়েৰীৰ এখিলা পাতঃ (ৰ’দালিসপোন বৰগোহাঞি)

মোৰ ডায়েৰীৰ এখিলা পাতঃ (ৰ’দালিসপোন বৰগোহাঞি)

মোৰ ডায়েৰীৰ পাতৰ এখিলা পাত,,,,,,,(বন্ধু তোক সচাঁকৈ কিল্ দিবলৈ মন গৈছে)
আজি অজানিতে এগৰাকী অচিনাকী ছোৱালীয়ে ফোন কৰিছিল,,,মোৰ বন্ধু এজনেই ফোন নম্বৰ দিছিল তেওঁক…সেই ছোৱালীজনীক চিনি নাপাওঁ যদিও ফোনতে চিনাকী হ’লো…বহুতো কথাই পাতিলে….মোতকৈ যদিও তেওঁ ডাঙৰ আছিল কোৱা নাছিলো…নিজৰ জীৱনৰ কথাবোৰ যেন ক’বলৈ উচপিচাই আছিল…কেৱল শুনি গৈছো কথাবোৰ..তেওঁ সৰু ছোৱালীও নহয় যে জীৱনৰ কথাবোৰ এগৰাকী অচিনাকী ছোৱালীৰ ওচৰত ক’ব…কিন্তু সকলোবোৰ কৈ গৈছে…কি ক’ম ভাবি নাই পোৱা….মোৰ বন্ধুজনক যেনেকৈ উৎসাহ দিওঁ নেকি তেনেকৈ..আৰু মোৰ বন্ধুজনৰ ওপৰতো খঙ উঠিছে মই কিবা পৰামৰ্শদাতা নেকি?..কিন্তু এই অচিনাকী ছোৱালীজনীৰ কথাবোৰ অলপ ভাবিবলগীয়া…মই জানো ইমান ডাঙৰ?মোৰ জানো ইমান অভিজ্ঞতা আছে জীৱনৰ?নাই দেখুন….কি বুলি তেওঁক ক’ম….ইমান সময় ফোনত পইচাতো খৰছ হৈছে তেওঁৰ….আৰু মই মাত্র M.A 1st sem ৰ ছাত্রী…জীৱনৰ ক,খ খিনিয়ে দেখোন মোৰ বাবে এতিয়াও অচিনাকী…এতিয়াও দেখোন যিকোনো কথাৰ বাবে দেউতাৰ আঙুলিতে খামোচ মাৰি ধৰোঁ….সেই ছোৱালীজনীকো নিৰাশ কৰিব নোৱাৰো…অলপ উৎসাহকে দিওঁ বুলি ভাবিলো…কিছুমান কথা ক’লো (মোৰ মনলৈ যিবোৰ আহিছিল ভুল ক’লো নে শুদ্ধই ক’লো নাজানো)….”জীৱনৰ প্রতিটো মূৰ্হুত আমি যেনেকৈ ভাবিম তেনেকৈ যে হ’ব লাগিব তাৰ জানো যুক্তি আছে……নিজৰ কৰিবলগীয়া খিনি কৰি যাওঁক কাৰো অন্যায় নকৰাকৈ…সময়ৰ ওপৰত গোটেইখিনি এৰি দিয়ক। চাব সময়ে যিবোৰ লৈ গৈছে সেই সময়ে আপোনাক আপুনি ভাবিব নোৱাৰা ধৰণে বহুত দি থৈ যাব…আপোন মানুহখিনিক পাহৰি নাযাব। সুখে দুখে তেওঁলোক সদায় আপোনাৰ লগত….হাতৰ পাঁচোটা আঙুলি যেনেকৈ সমান নহয়, তেনেকৈ সকলোবোৰ একে নহয়…..নিশ্চয়কৈ এইটো জীৱন আমি ঘূৰাই নাপাওঁ বা এই সময়খিনিও…কিন্তু এনে কাম কৰা উচিত নহয় যে পিছলৈ নিজকে আইনাত চাবলৈও সাহস নাথাকিব আৰু বাকী সকলোবোৰে আঙুলি টোঁৱাই যিকোনো কথাই ক’বলৈ সাহস পাব…..মই এইটো নাই কোৱা যে বেলেগ হওঁক, পিঞ্জৰাত সোমাই থাকক কোনোবাই কিবা ক’ব বুলি….নিজৰ পৰিয়ালৰ লগত,বন্ধু-বান্ধৱীৰ লগত ফুৰক, ধেমালী কৰক….এইটো নহয় যে বেলেগে যি খাইছে বা যি কৰিছে আপুনিও কৰিব লাগিব…..এনে নকৰিলে যিবোৰৰ ওচৰত নিজৰ কিবা সন্মান নাথাকিব বুলি ভাবে তেওঁলোকে জানো আপোনাৰ বিপদত সহায় কৰিব বা আপোনাৰ জীৱনৰ কিবা উন্নতি কৰাব….আমি ছোৱালী মানুহ হয়। নিজৰ জীৱনটোৰ বিষয়ে আমিয়ে ভাবিব লাগিব….এইটো নহয় যে ভয় ভয় কৈ জীয়াই থাকিব লাগিব….আজিৰ ছোৱালীবোৰে জানো প্রতিটো ক্ষেত্রতে আগবাঢ়ি যোৱা.নাই….
জীৱনত ভুল হয় ….. কাৰণ আমি মানুহ হয়….নিজৰ ভুল মানি শুধৰাব খোজাজনহে আজিৰ যুগত সাহসী আৰু সৎ মানুহ…..টকা-পইচাৰে মানুহ নুজুখিব….এইটোও সচাঁ যে আজিৰ যুগত আপুনি যদি টকা-পইচাৰ গৰাকী তেন্তে আপোনাৰ আশে পাশে হাজাৰজনে চালাম দিব ….কিন্তু তাৰপিছত কি হ’ব? যিদিনা টকা-পইচা আপোনাৰ নাথাকিব….ভাবিব ভৱিষ্যতৰ কথা……………………………………………..”
বহুত কিবা কিবি কথা পাতিলো ঘৰুৱা কথা…..ভাবিছো আজি সেই অচিনাকী ছোৱালীজনী কিবা বৰ দুখীয়া ঘৰৰ সেইটো নহয়…..টকা-পইচাৰ অভাৱ নথকা ভাল পৰিয়ালৰ ছোৱালী…..জীৱনৰ প্রতি কি ধাৰণা আছে নাজানো তেওঁৰ…যোৱাকালি সুধিছে লগ পাব পাৰিবনে মোক তেওঁৰ পৰিয়ালৰ সৈতে ৫ মিনিটৰ বাবে মই পঢ়াঁ কলেজৰ সন্মুখত…
কিন্তু এতিয়া মোৰ ভয়হে লাগিছে…..যি মন যায় কৈ দিছিলো নহয় মই…. আৰু সেই বন্ধু জনকো দুটামান কিল্ দিব পৰা হ’লে

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments