মোৰ ডায়েৰী পাতৰ এখিলা পাত (ৰ’দালি সপোন বৰগোহাঁই)

ৰ’দালি সপোন বৰগোহাঁই

(১)

বহুত দিনৰ পিছত লিখিবলৈ লৈছো….বহুত দিনৰ পাছত মন মুকলি হ’ল। ধন্যবাদ ইয়াৰ জৰিয়তে দিলো মোৰ নিজা অতি মৰমৰ ভাইটি ৰাজৰ্ষি সপোন বৰগোহাঁইক।

মানুহৰ মনটোৰ সমান জটিল আৰু সহজ বস্তু পৃথিৱীত নাই। যদি কেতিয়াবা কাৰোবাৰ মন বহুত পৰিস্কাৰ যেন লাগে; কেতিয়াবা আকৌ কাৰোবাৰ মন বহুত লেতেৰা যেন অনুভৱ হয়। যি নহওঁক বেলেগ কথালৈ আহোঁ…..

মা চৰকাৰী উকীল হোৱা বাবে বহুতখিনি কথা শিকিবলৈ, জানিবলৈ পাইছো(অৱশ্যে কিতাপৰ যি বৃহৎ আকাৰ আমনি লাগে কেতিয়াবা)। দেউতা ধ্রুৱজ্যোতি বৰগোহাঁই আৰু কেতিয়াবা বৰদেউতা যতীন্দ্রকুমাৰ বৰগোহাঁই আলোচনাত বহে, কেতিয়াবাহে কিবা কওঁ। অৱশ্যে আমাৰ মানে মত কেতিয়াবাহে মিলে….শিক্ষক, উকীল, ৰাজনীতিবিদ ও ব্যৱসায়ীৰ লগত মন মিলাটো অলপ টান। বহুত কথাই শিকিবলৈ পাওঁ কেতিয়াবা। অৱশ্যে এটা কথা ভাল লাগে, সৰু সদস্য বুলি নিজস্ব মতামত দিয়াত বাধা নাই। মাত্র কেনা লাগে কেতিয়াবা পক্ষ কাৰ ল’ম? নিৰপেক্ষ হৈ থাকিলে মাৰ দৰে হৈছো বুলি কয়, খাৰাংখাছ ক’লে দেউতাৰ পক্ষ লৈছো বুলি কয় আৰু যুক্তি দিলে বৰদেউতা হৈ গ’লো…এতিয়া মই ক’ম কি বাৰু?

 

(২)

কেতিয়াবা মাৰ ওপৰত বিৰাট অভিমান হয় মোৰ, হয়তো আপোনাৰো হয়। দোষ হয়তো মোৰ বা আপোনাৰ গাত। কিন্তু অভিমান কৰি নামাতো দুদিনলৈ। সৰু ছোৱালী নিচিনাকৈ মুখ ফুলাও “তুমি এইবোৰ কি বনাই দিছা নাখাওঁ যোৱা”, “লুচিখন কিয় কিয় চেপেটা কৰি দিলা”, “তুমি কিয় চাকৰিলৈ যোৱা সদায়, চবৰে মা দিনত ঘৰত থাকে তুমি কিয় নাথাকা”….অভিমানবোৰ যেন শেষ নহ’ব। মায়ে কেৱল হাঁহে, ৰাতিপুৱা ঘৰৰ সকলোতকৈ সোনকালে উঠি গোসাঁই ঘৰৰ পৰা পাকঘৰৰ কাম কৰি মোৰ মা জনীয়ে মোৰ অভিমান আতঁৰায়। আজিলৈকে কুটা এগছো কৰিব নিদিয়া মাৰ ওপৰত অভিমান কৰো সৰু সৰু কথাতে, হয়তো আপুনিও কৰে। কেতিয়াবা অভিমান কৰি ৰাতিপুৱা দেৰিকৈ উঠো,দেউতাই আনি দিয়া ভালুকৰ পুতলাকেইটা গৈ ৰুমৰ য’তে ত’তে পৰি থাকে আৰু কাম কৰা বাঈজনী আহিলেও মায়ে মোৰ ৰুমটো চিজিল কৰে। কিবা কাম কৰিব খুজিলেও মাৰ আপত্তি “মই জীয়াই থকালৈকে একো নকৰিবা, ল’ৰা ছোৱালীয়ে কাম কৰিলে মই বেয়া পাওঁ”। এইগৰাকীয়ে মোৰ মা, মাক কষ্ট দিব পাৰিমনে মনত? ভালপোৱা খোৱা বস্তুবোৰ আনি টেবুলত থৈ ‘হিয়া খঙ কৰি নোখোৱাকৈ নাথাকিবা’। আপোনাৰ মা মোৰ মাৰ নিচিনাই। সকলোৰে মা একেই হয়। কেতিয়াবা মোৰ লগৰ কাৰোবাক নিজৰ ছোৱালী নিচিনা মৰম কৰিলেই মোৰ অভিমান হয় মাৰ ওচৰত গৈ চিঞৰোঁ ‘তুমি বেলেগক কিয় মৰম কৰিছা? মোলৈ বনোৱা বস্তুবোৰ কিয় দি দিছা? নহ’ব“। মায়ে কেৱল হাহেঁ। কয় “মাকৰ বাবে বেলেগৰ ল’ৰা-ছোৱালী নিজৰ নিচিনা, নাপাই নহয় হিয়া এনেকৈ ক’বলৈ“। যদি মায়ে মোক কেতিয়াবা অলপো মাতটো টানকৈ কোৱা যেন পাওঁ মোৰ অভিমান আৰম্ভ ‘কিয় মাতিবা এনেকৈ?”, লাগিলে মোৰেই দোষ হওঁক। ঠেহ আৰম্ভ। কিন্তু যিমানেই ঠেহ নাপাতো মোৰ মাক জানো কষ্ট দিম আৰু বেলেগৰ মাকো একেই নহয় জানো।

কেতিয়াবা কোনোবাই কোনোবাই আহি দুঃখ কৰে মাৰ ওচৰত আহি বোৱাৰীজনী অহাৰ পিছৰ পৰা মাক-দেউতাকক নাচায় পুতেকে, জীয়েকবোৰে বহুত বুজে। কিবা লাগিলেও নিজৰ পুতেকক নুখুজি কাক খুজিব। তাতেই কাজিয়া কৰে বোৱাৰীয়েকে। আচৰিত লাগে কেনেকৈ বোৱাৰীয়ে কাজিয়া কৰে?! তেওঁৰো জানো নিজৰ মা নাই, তেওঁৱো জানো জীয়ৰী নহয়? মোৰ মাৰ মুখলৈ চাওঁ। সহজ-সৰল,  মোৰ বাবে বহুত ধুনীয়া মোৰ মা জনীৰো এনেকুৱা হ’বলৈ নিদিওঁ। যেনেকৈ মোৰ মায়ে মোক মৰমত ডাঙৰ কৰিছে ঠিক তেনেদৰে অন্যৰ মাকেও নিজৰ পুতেকক জানো ডাঙৰ কৰা নাই? বোৱাৰীজনীৰ মাকে যদি তেওঁক কিবা খোজে, কাজিয়া কৰিবনে?

কেতিয়াবা মাৰ হাতখন চাব মনে মনে। আমাৰ বাবে কাম কৰি হয়তো হাতখন খহটা হৈ পৰিছে, পাকঘৰৰ কাম কৰোতে কৰোতে কটাৰীদি হাতৰ আঙুলীত কটা দাগবোৰ দেখিব, ভৰিৰ তলুৱাখন কেতিয়াবা মন কৰিলে দেখিব কষ্ট কৰি কৰি আমাক ডাঙৰ কৰোতেঁ খহটা হৈ পৰিছে। মোৰ মা এতিয়াওঁ বহুত সহজ সৰল, আপোন-পৰ এইবোৰ বাচ-বিচাৰ কৰিবলৈ নিশিকালে। ভৱিষ্যতে আপুনি বা মই নিবিচাৰিম নিশ্চয় মায়ে কষ্ট পাওঁক। পৃথিৱীৰ ভিতৰত নিঃস্বাৰ্থভাৱে ভালপোৱা মা-দেউতাকক কষ্ট দিয়াৰ সমান ডাঙৰ অপৰাধ নাই। সৰুতে আমাক সকলো বস্তু দিয়া মা দেউতাকৰ বয়স হোৱাৰ পিছত জানো অলপ সময় দিব নোৱাৰো,কি লাগে নালাগে চাব নোৱাৰো। মা-দেউতা চিৰদিনৰ বাবে হেৰাই গ’লে কাজিয়া কৰা ব্যক্তিয়ে জানো আনি দিব পাৰিব আপোনাৰ বা মোৰ মা-দেউতাক।

(৩)

দুবৰি বনত
পৰি ৰোৱা বগা বুটা বচা শেৱালি ফুলবোৰ
দেখিলে মনবোৰ কেনে লাগে বুজাব

নোৱাৰি আৰু এনে লাগে যেন সুবাসত
ল’ৰালি কালটো উভটি আহিছে।
ভাইটিয়ে অকণমানি মৰম
লগা বগা গোলপীয়া হাত দুখনত
শেৱালী ফুল দুপাহমান বুটলি আনি থুনুক
থানাক মাতেৰে”অ বা দায়
হৈ গ’ল”বুলি চিঞৰবোৰ আৰু তাৰ লগত
দৌৰি দৌৰি পদূলি মূৰত কোচঁ ভৰাই
বুটলি অনা দিনবোৰ যেন
শেৱালীবোৰে উভতাই আনিলে।

এতিয়াওঁ দুহাতত শেৱালিবোৰ বুটলি চাওঁ, ভাললাগে।

ক’বলৈ মন যায়
কেতিয়াবা আপোন আপোন যেন
কোনোবাজনক ‘শেৱালী,কহুঁৱা,
আকাশ,বৰষুণ,সোণ পৰুৱা,জোনাক. আৰু
নৈৰ পানীত শিলগুটি দলিয়াই
টুপুংকৈ হোৱা ……………”প্রিয় এইবোৰ।

কাকো ক’ব নোৱাৰিলো কেতিয়াওঁ আৰু হয়তো এতিয়াওঁ নোৱাৰিম….

কিয় জানো ক’ব নোৱাৰিলোঁ আৰু এতিয়াওঁ ৰৈ যাওঁ

….ভাল লগাজনৰ অতীত,বৰ্তমান সকলোবোৰ আপোন হয়,

প্রিয় হয় আৰু তেওঁৰ ভাল লগাবোৰো…..

এই শেৱালি ফুলৰ দৰেই সকলোবোৰ..

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক