মোৰ দেউতা এজন কংগ্ৰেছী : বিতোপন দাস

মোৰ দেউতা এজন কংগ্ৰেছী

বিতোপন দাস

মই তেতিয়া পঞ্চম শ্ৰেণীত। ল’ৰাজন দিনে-দিনে ৰুগীয়া হৈ গৈ আছোঁ। এদিন এৰি এদিনৰ মূৰে-মূৰে জ্বৰ উঠে। একেলেঠাৰিয়ে বহুদিন ধৰি এণ্টিবায়টিক খাই আছিলোঁ, আৰু নানা ৰকমৰ ঔষধ। ফল স্বৰূপে দেখা দিলে অন্যান্য উপসৰ্গ আৰু বেমাৰে। আৰম্ভ হ’ল মোৰ চকুৰ অসুখ। মায়’পিয়া। মায়ে খুব কান্দিলে। প্ৰায় সদায় গুৱাহাটীলৈ অহা-যোৱা কৰোঁ। ভালৰো ভাল ডাক্টৰসকলক দেখুৱাওঁ। মা-দেউতাৰ আশা- কিজানি ‘চকুৰ পাৱাৰ’ ঘূৰি আহেই, যদিও সকলোৱে একেটা কথাকে কৈছিল যে কেতিয়াবা কিবা ভাগ্যৰ বলত হয়তো নিজে-নিজে ঠিক হ’ব পাৰে; কিন্তু বৰ্তমান চশমা লোৱাৰ বাহিৰে গত্যন্তৰ নাই। কোনোবা এটা মংগলবাৰে দেউতাই অফিচৰ পৰা আহোতে চশমাযোৰ লৈ আহিছিল। ডাঙৰ, ঘূৰণীয়া ফ্ৰেমৰ। সেই সন্ধিয়া চশমা পিন্ধি জীৱনত প্ৰথমবাৰৰ বাবে পঢ়া শব্দটো আজিও স্পষ্টকৈ মনত আছে। Gulmohar। ভণ্টিৰ কিতাপ এখনৰ নাম আছিল। পিছদিনা লাজ-লাজকৈ স্কুললৈ চশমা পিন্ধি গৈছিলোঁ। চশমা, চছমিছ ইত্যাদিৰে লগৰবোৰে বিভূষিত কৰিছিল। কাৰোবাৰ লগত কিবা লাগিলেই সিহঁতৰ ব্ৰহ্মাস্ত্ৰপাত মোৰ ফালে দলিয়াইছিল- এক ঘোচাত চশমা ভাঙি দিম। মোৰ ক’বলৈ একো নাথাকে। কন্দাৰ বাহিৰে কৰিবলৈ একো নাথাকে। চশমাযোৰ পিন্ধিবও নোৱাৰোঁ, দলিয়াই পেলাবও নোৱাৰোঁ। লাহে-লাহে ডাঙৰ হ’লোঁ। প্ৰিয় কাম কিছুমান এৰি দিবলৈ বাধ্য হওঁ। খেলি থাকোতে দুদিন চশমা উফৰি পৰোতে কান্দি-কান্দি বিচাৰি ফুৰিছিলোঁ। মোৰ প্ৰিয় ফুটবল আৰু ক্ৰিকেট তেতিয়াৰ পৰাই বাদ দিলোঁ। চশমাযোৰ অবিহনে মই একো ভাবিব নোৱাৰোঁ। অনবৰত সন্ত্ৰস্ত হৈ থাকোঁ- ক’তো যাতে চশমাযোৰ নেহেৰুৱাওঁ, কোনো কাৰণতে যাতে চশমাযোৰ নাভাঙে। কিন্তু ভাঙিছিল। প্ৰথম চশমা পিন্ধাৰ ছমাহমানৰ ভিতৰত দুবাৰমান চশমা ভাঙিছিল। দেউতাই গালি পাৰিছিল। যদিও বুজিছিল যে চশমা আইনাৰ বস্তু যিহেতু ভাঙিবই। কিন্তু দেউতাৰো উপায় নাছিল। নতুন এযোৰ চশমাৰ বাবে দেউতাৰ হাতত পইছা নাছিল। কেইদিনমান চশমা নিপিন্ধাকৈ অথবা যদি ৰাবাৰ বেণ্ড বা গাঁঠি মাৰি চলিব পাৰি তেনেকৈয়ে চলি যাওঁ। বৰ কষ্ট হয়। লাজত মৰি যাওঁ। দেউতাক খাটনি ধৰোঁ সোনকালে চশমাযোৰ কিনি দিবলৈ। দেউতাই দিম ৰ’, দিম ৰ’ কৈ থাকে। কেতিয়াবা খঙতে কয়- পইছা নহ’লে মই কি কৰোঁ? অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰী দেউতাৰ ঘৰখন চলাবলৈও সেই সময়ত হাতত পইছা নাছিল। কিয়? কাৰণ সেই সময়ত অগপ চৰকাৰৰ দিনত অইন বহুতো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে দেউতায়ো মাহৰ পিছত মাহ ধৰি দৰমহা নোপোৱাকৈ আছিল। ফলত ঘৰখনৰ অৱস্থা কেনেকুৱা হৈছিল তাৰ ছবি এখন দাঙি ধৰিবলৈ যত্ন কৰিলোঁ।

মই চশমা পিন্ধিবলগীয়া হোৱাৰ সময়ৰ কথা। আমাৰ ঘৰত এটা নিয়ম আছে। কোনেও কাৰো এৰেহা নাখায়। নিয়মটোৰ প্ৰৱৰ্তক দেউতা। মায়ে অপত্য স্নেহত গলি আমাৰ উচ্ছিষ্ট খায় কেতিয়াবা, কিন্তু দেউতাই কেতিয়াও নাখায় আৰু আমাকো নুখুৱায়। ইয়াৰ কিবা বৈজ্ঞানিক কাৰণ আছে নাই সেইবোৰ পিছৰ কথা। মুঠতে নাখায় আৰু নুখুৱায়। আমি দেউতাৰ লগত মাজে-মাজে ধেমালি কৰিছিলোঁ। অফিচৰ পৰা আহি দেউতাই চকীখনত বহি আমাক কেতিয়াবা কয়- পানী এগিলাছ আনচোন। আৰু আমি কৰোঁ কি- পানী গিলাছ দি দেউতাৰ খোৱা হ’লে আমি জোকাওঁ দেউতাই আমাৰ জুঠা খালে, জুঠা খালে বুলি। দেউতাই হাঁহে আৰু কয় গম নোপোৱাকৈহে খালোঁ বুলি, লগতে মৰমেৰে বুজায় কেতিয়াও কাৰো ভাৱনা, ধৰ্ম, খাদ্যাভাস বা আদৰ্শৰ লগত খেলিব নাপায়। তেতিয়া এইবোৰ কথা কিমান বুজিছিলো নাজানো, কিন্তু আজি সেইবোৰ কথা পদে-পদে মানিবলৈ যত্ন কৰোঁ। কৈ আছিলোঁ মই চশমা পিন্ধিবলগীয়া হোৱাৰ সময়ৰ কথা। প্ৰায় সদায় গুৱাহাটীলৈ অহা-যোৱা কৰিবলগীয়া হৈছিল। গাড়ী ভাৰা, ডাক্টৰৰ ভিজিট, ঔষধ, দুপৰীয়া হোটেলত খোৱা-লোৱা কৰা ইত্যাদিৰ নামত কিমান টকা খৰছ হয় হিচাব নাই। দেউতাৰ অৱস্থা নোহোৱা হয়, মাহৰ পিছত মাহ ধৰি দৰমহা নাই। বাকীৰ দোকানে বস্তু দিবলৈ বন্ধ কৰিবৰ উপক্ৰম। এদিন পাঁচ কেজি চাউল বাকীকৈ নিবলৈ অহা বাবে দোকানীয়ে মোক সন্ধিয়া পাঁচ বজাৰ পৰা চাৰে আঠ বজালৈ ৰখাই থৈছিল। ভূতলৈ মোৰ খুব ভয় আছিল। সিদিনা কিন্তু বাঁহনিডৰাৰ মাজে-মাজে আন্ধাৰ ৰাতি চলচলীয়া চকুৰে খোজ লওঁতে কিবা এক অদ্ভুত সাহস পাইছিলোঁ। দোকানীজনে বাৰে-বাৰে সকীয়াই আছিল- বাপেৰক কবি বাকীৰ পইছা নিদিলে কালিৰ পৰা মাল দিয়া বন্ধ। মই কৈছিলোঁ- দৰমহা হ’লেই দিব। দৰমহা কেতিয়া হ’ব? মোৰ উত্তৰ- নাজানো। অজান আশংকাত মই কঁপি উঠিছিলোঁ। কাইলৈৰ পৰা যদি মাল নিদিয়ে? সেই ৰাতি সিদিনা মই পঞ্চম শ্ৰেণীত পঢ়া দহ-এঘাৰ বছৰীয়া খীণ-মীন ল’ৰাজনে পাঁচ কেজিৰ সলনি দহ কেজি চাউল কেকোঁ-জেকোঁকৈ দাঙি আনিছিলোঁ। তাৰ দুদিনমান পাছৰ আৰু এটা ঘটনা- যিটোৱে মোক আজিলৈকে কন্দুৱাবলৈ এৰা নাই। সিদিনাও গুৱাহাটীলৈ আহিছিলোঁ। উদ্দেশ্য আছিল কোনোবা এজন ডাক্টৰক মোৰ চকু দেখুওৱা। ৰাতিপুৱাই একো নোখোৱাকৈ আহিছিলোঁ। দুপৰীয়া ভোকত থাকিব নোৱাৰা অৱস্থা। কওঁ-নকওঁকৈ দেউতাক ক’লোঁ ভোক লাগিছে বুলি। দেউতাই হোটেল এখনলৈ লৈ গ’ল। ভাতৰ অৰ্ডাৰ দিলে। মোৰ সৰুৰে পৰা এটা অভ্যাস যে যিমানে কি ভোক নালাগক কিয়, পেটত ভাত দুটামান পৰিলেই ভোক পলাই যায়। সিদিনাও দুগৰাহমান খাইয়েই হাত ধুবলৈ বুলি উঠি গ’লোঁ আৰু উভতি আহি দেখিলোঁ সেই মৰ্মান্তিক দৃশ্য- মই এৰি যোৱা ভাতকেইটা পৰম তৃপ্তিৰে দেউতাই খাই আছে। কোনোদিনেই আমাৰ এৰেহা খাই নোপোৱা দেউতাই সিদিনা কিয় মোৰ ৰোৱা ভাত কেইটা মচি মচি খাই আছিল তাৰ উত্তৰ আপোনালোকক নিশ্চয় দিব নালাগে। সিদিনাও কন্দাৰ বাহিৰে মোৰ আৰু অইন একো উপাই নাছিল। এনেকুৱা আৰু বহু দুৰ্যোগ আমাৰ মূৰৰ ওপৰেৰে পাৰ হৈ গৈছিল। তাৰপিছত আহিল কংগ্ৰেছ চৰকাৰ। দেউতাহঁতে নিয়মীয়াকৈ দৰমহা পাবলৈ ল’লে। দোকানীবোৰে হাতত পইছা নাথাকিলেও মাল দি পঠিওৱা কৰিলে- পিছত দিবি যা বুলি কৈ। আনকি ঘৰলৈ দোকানী যোৱা আৰম্ভ কৰিলে- বাকী-চাকী লাগিলে আমাৰ দোকানতে খাবি আৰু বুলি।

এতিয়া ৰাইজ আপোনালোকেই কওক আমাৰদৰে মধ্যবিত্ত পৰিয়ালৰ মানুহখিনিয়ে কাক ভোট দিব? নিশ্চিতভাৱে কংগ্ৰেছক। নহয় জানো? কংগ্ৰেছে কেনেকৈ দেশখন বিক্ৰী কৰি দিছে, দুৰ্নীতি কৰি কেনেকৈ নিজৰ পেটতো ডাঙৰ কৰিছে সেইবোৰ কথাই দেউতাহঁতক পাহৰাই নেপেলায় ল’ৰা-তিৰোতাৰ শুকান, সেমেকা, চকুপানীয়ে কৰাল মৰা মুখবোৰৰ কথা। দহ কেজি চাউল কঢ়িয়াই অনাৰ কাহিনীটো কওঁতে দেউতাই কান্দিছিল। আমি মধ্যবিত্ত পৰিয়ালৰ মানুহ। বৰ্তমানটোৱেই আমাৰ বাবে সকলো। দেউতাহঁতে কংগ্ৰেছক ভোট নিদি কাক দিব কওক।

এতিয়া অলপ ব্যক্তিগত। মই ডাঙৰ হ’লোঁ। বিভিন্ন মাধ্যমৰ জৰিয়তে কংগ্ৰেছ চৰকাৰে কৰা দুৰ্নীতিৰ কথা গম পালো। দেশখন কেনেদৰে শেষ কৰি দিছে সেই কথাও জানিলো। মাৰ্ক্স পঢ়িলোঁ, লেনিন, এংগেলছ্, মাও চে তুং পঢ়িলোঁ। ফিডেল কাস্ট্ৰো, চে গুৱেভাৰাৰ আদৰ্শৰে অনুপ্ৰাণিত হ’লোঁ। মই কংগ্ৰেছ চৰকাৰক কোনো কাৰণতেই সমৰ্থন কৰিব নোৱাৰোঁ। নিজকে প্ৰস্তুত কৰিছোঁ। দেউতাহঁতৰ দৰে অৱস্থা হ’লেও যেন হাৰ নামানো। অখিল গগৈৰ মই দুৰ্ঘোৰ সমৰ্থক। কিন্তু এতিয়াও নিৰ্বাচন আহিলেই দেউতাই মোক ক’ব- ভোটতো কংগ্ৰেছকে দিবি যা। দেউতাক মই কেতিয়াও বুজাব নোৱাৰোঁ। তিনিকুৰি বছৰীয়া অভিজ্ঞতাৰে পুষ্ট এজন মানুহ। কংগ্ৰেছক ভোট নিদিবি বুলি দেউতাক বুজোৱাৰ সাহস মোৰ নাই। তেন্তে কোনে বুজাব? ফে’চবুকৰ গোটত বা টি,ভি-বাতৰি কাকতত এইবোৰ লিখি বাঃ বাঃ লোৱাৰ অৰ্থ নাই। সঁচায়ে যদি কংগ্ৰেছক উৎখাত কৰিব খুজিছে তেন্তে দেউতাহঁতৰ দৰে মধ্যবিত্তসকলৰ ওচৰলৈ যাওক। সোধক কংগ্ৰেছক কিয় ভোট দিয়ে আৰু বুজাওক কংগ্ৰেছক কিয় ভোট দিব নালাগে। বাতৰি কাকত আৰু টিভিয়ে কেতিয়াও দেশ সলাব নোৱাৰে। মধ্যবিত্তসকলে বাতৰি কাকত আৰু টি.ভি.ক মনোৰঞ্জনৰ মাধ্যম হিচাপেহে ব্যৱহাৰ কৰে। পাৰ্টি নকৰিলেও মোৰ দেউতা এজন কংগ্ৰেছী। কংগ্ৰেছে দেশখন শোষণ কৰিছে বুলি জানিও, মনেৰে অখিল গগৈহঁতক সমৰ্থন কৰিও মোৰ দেউতা এজন কংগ্ৰেছী। কিন্তু আটাইতকৈ দুখৰ কথা হ’ল- একমাত্ৰ অ-কংগ্ৰেছীবোৰৰ বাবেই মোৰ দেউতা আজি কংগ্ৰেছী।

Subscribe
Notify of
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Pabitra Borah
7 years ago

বঢ়িয়া

Anonymous
7 years ago

কবলৈ একোকে নেৰিলে

nabajit
7 years ago

কবলৈ একোকে নেৰিলে

7 years ago

real scenerio.

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক