“মোৰ দেউতা মৰিল“ (– দেৱ প্ৰতিম)

সৰু ল’ৰা-ছোৱালীৰ লগত ভালদৰে কথা নপতাৰ কথা মোৰ লগৰ প্ৰায় সকলোৱে গম পাইছিল৷ তেনে অৱস্থাত মোৰ দোকানৰ আগত কান্দি থকা সেই সৰু ল’ৰাটোৰ লগত কি কৰো মই একো ভাৱিব পৰা নাছিলোঁ৷ দোকান বন্ধ কৰাৰ সময় হৈছিল৷ বাহিৰলৈ ওলাই আহিলো৷
-“দোকান বন্ধ হৈছে৷ যা ইয়াৰপৰা, তোক দিব পৰা একো নাই মোৰ ওচৰত৷ ”
-“মোৰ দেউতা মৰিল৷ অলপ সহায় কৰক৷ ”
এনে ধৰণৰ পৰিস্থিতিৰ কেতিয়াও সন্মুখীন হোৱা নাছিলো৷ ১২-১৩ তেৰবছৰীয়া ল’ৰা এটাৰ এনে কথাত কি কৰিম একো ভাবিব পৰা নাছিলো৷
-“ক’ত ঘৰ তোমাৰ? তুমি সঁচাকৈয়ে কৈছা নে? ”
-“অ’ সঁচাকে কৈছোঁ, ব’লকচোন মোৰ লগত দাদা৷ সেই গলিটোতে আমাৰ ঘৰ৷ ”
একে উশাহতে ল’ৰাটোৱে কি উঠিল কথাখিনি৷
-“ৰ’বা মই গৈছো তোমাৰ লগত৷ তুমি শান্ত হোৱা৷ ”
মোবাইলটো উলিয়াই ১০০ ডাইল কৰিলো৷ এনে অৱস্থাত পুলিচত খবৰ দিয়াটোৱে উচিত বুলি ভাবিলোঁ৷ প্ৰায় এক কিলোমিটাৰ মান দুৰত এটা সৰু গলিত ল’ৰাটোৰ ঘৰ৷
* * * * * * *
ঘৰটোৰ বাহিৰত মানুহ জমা হৈ আছিল৷ পুলিচৰ দুখন গাড়ী বাহিৰত, বোধহয় কোনোবাই মোতকৈ আগতেই পুলিচত খবৰ দিছিল৷
-“তুমি ঘৰলৈ যোৱা৷ চিন্তা কৰিছে কিজানি ঘৰৰ মানুহে৷ ”
সি পাছফালেদি ঘৰৰ ভিতৰলৈ লৰ মাৰিলে৷
ঘৰৰ বাহিৰতে থকা মানুহ এজনক সুধিলো,
-“কেতিয়া হ’ল ঘটনাটো? ”
-“দুঘণ্টা মান হ’ল কিজানি৷ বৰ ভাল মানুহ আছিল৷ একমাত্ৰ ল’ৰাটোক লৈ মাক-দেউতাক বৰ চিন্তাত আছিল৷ তাৰ মানসিক ৰোগটো ভাল কৰিবলৈ কি কি যে নকৰিলে৷ ”
-“অ’ বেয়াই লাগে ল’ৰাটোলে৷ বৰ দূৰ্ভগীয়া সি৷ ”
-“কি কথা কয় হে? দূৰ্ভগীয়া আৰু সি? হত্যাকাৰীকে দুৰ্ভগীয়া বোলে নেকি? বাপেকক মাৰি ল’ৰা গায়ব কেতিয়াবাই৷ ”
মোৰ মূৰত যেন সৰগ হে ভাগি পৰিল৷ কি কথা কৈছে মই একো বুজিব নোৱাৰিলোঁ৷ মানে সেই ল’ৰাটোৱেই
-“কি হ’ল দাদা৷ একো নোকোৱা হ’ল যে? ”
তেনেতে ঘৰৰ ভিতৰৰ পৰা এজনী মাইকী মানুহৰ আৰ্তনাদ শুনিবলৈ পালোঁ৷ ল’ৰাটো বাহিৰলৈ ওলাই লৰ মাৰিছিল৷ পিন্ধি থকা চোলাটো তেজেৰে লুতুৰী-পুতুৰী, তাৰ পিছে পিছে পুলিচ৷ সি চিঞঁৰি চিঞঁৰি কৈ গৈছিল “মোৰ মা মৰিলে, মোৰ মা মৰিলে”৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments