মোৰ পৃথিৱীত ইঞ্জিনীয়াৰ (১) (অজয় লাল দত্ত)

মোৰ পৃথিৱীত ইঞ্জিনীয়াৰ  (১) (অজয় লাল দত্ত)

ইঞ্জিনীয়াৰ শব্দটো শুনাৰ লগে লগেই ইয়াৰ লগত এটা ইঞ্জিন লাগি থকা যেন লাগে৷ তথাপি শৈশৱতে ইঞ্জিনীয়াৰ বুলি কলে যিবোৰ ধাৰণা গঢ় লৈ উঠিছিল- সেয়া আছিল ইঞ্জিনীয়াৰ আহে সেই ক’লা ভটভটী মানে ৰাজদূত মটৰ চাইকেলখন লৈ৷ তাৰ ইঞ্জিনৰ শব্দই গাঁওৰ বাট পথ কঁপাই তুলে, ধূলি উৰুৱাই৷ ল’ৰা-মেথা সকলোৱে ডিঙি মেলি চাই৷ চা-সৌৱা বাটেদি ইঞ্জিনীয়াৰ গৈছে, ভটভটীৰ পাছৰ ছীটত চাগে সেয়া মহৰী৷ ইঞ্জিনীয়াৰ মানেই লগত লাগি থকা আন দুটা শব্দ আছিল- ঠিকাদাৰ আৰু মহৰী৷

তেতিয়া আমাৰ ঠাইখন জিলা হোৱাই নাই, মহকুমা সদৰ৷ অফিচ বুলিবলৈ বান-নিয়ন্ত্ৰণৰ অফিতটো, বাটাম দিয়া ঘৰ৷ আমাৰ নতুনকৈ গঢ় লোৱা টাউনৰ চকুত লগা বৃহাদাকাৰ ঘৰ৷ তিনিআলিৰ ফালে হেনো কিবা পি ডব্লিউ ডি আছে, ৰুলাৰ থকা অফিচ৷ ৰেল ষ্টেচনৰ ফালে টেপৰ পানী দিয়া অফিচ৷আৰু এটা ইঞ্জিনীয়াৰ থকা অফিচ আছিল, পথাৰত পানী দিয়া অফিচ৷ বচ সিমানেই৷

অলপ দিনৰ পাছত আমাৰ নাতি দূৰতে ভটভটী লোৱা ইঞ্জিনীয়াৰ এজনে মাটি কিনি ঘৰ বান্ধিলে৷ ইঞ্জিনীয়াৰক কাষৰ পৰা পালো৷ লাহে লাহে জানিলো, তেওঁ হেনো কিবা অভয়চাৰ, মানুহে জুনিয়ৰ ইঞ্জিনীয়াৰ বুলি কয়৷ ভাবিলো, কামবোৰ সঠিককৈ হৈছেনে নাই, সেইবোৰ চাই, ওপৰৱালাক অভয় দান কৰে চাগৈ! মহৰীয়ে কাম চাই, তেওঁ চহী কৰে৷ জ্ঞান সিমানেই৷ আৰু মাহঁতে কোৱা শুনো, অভয়চাৰবোৰে বোলে গাঁৱৰ আটাইতকৈ ধুনীয়া ছোৱালীবোৰ বিয়া কৰাই নিয়ে৷ আমাৰবোৰ ঠাইত অভয়চাৰলৈ ছোৱালী বিয়া দিয়া সকলৰ নিচিনা ভাগ্যবান লোক নাই৷ তেতিয়ালৈ বৰগছ দেখা নাছিলো বাবে, এৰাগছেই বৰগছ মানিছিলো৷ ঘৰৰ কাষৰ ধুনীয়া অভয় চাৰ ইঞ্জিনীয়াৰ খুড়ীৰ মুখলৈ পলক নপৰাকৈ ৰ` লাগি লাগি চাওঁ৷ আমিও ভালকৈ পঢ়ো, এনেহেন এজনীনে পাওঁ বুলি ভাবো৷ তেতিয়াৰ সৰল কল্পনা!

অলপ ডাঙৰ হ’লো, তেতিয়া পঞ্চম শ্ৰেণী পাইছো বোধহয়৷ খুড়াৰ ছোৱালীজনীৰ বিয়া৷ ভিনি আকৌ পথাৰত পানী দিয়া ইঞ্জিনীয়াৰ৷ মানুহৰ মুখত গম পালো, তেখেতহে হেনো আচল ইঞ্জিনীয়াৰ, মানে ডাঙৰজন৷ তেওঁৰ তলত অভয়চিয়াৰ সকল থাকে৷ ভিনি খুড়াহঁতৰ ঘৰতে ভাড়া আছিল, টেনত থকা বাইদেউৰ সতে প্ৰেম হ’ল, একাদশত বিয়া৷ লাহে লাহে ইঞ্জিনীয়াৰৰ কনেচপ্টটো সলনি হ’ল৷ ময়ো ডাঙৰ ইঞ্জিনীয়াৰ হম৷ ডাঙৰ ইঞ্জিনীয়াৰ মানে, যি আহি চাকৰি জইন কৰে, অফিচৰ মূৰব্বী হয়, অভয়চাৰ, মহৰী পাছে পাছে, যাৰ ঘৰত ভাড়া থাকে, তাৰে ঘৰৰ ধুনীয়া ছোৱালীজনীক বিয়া কৰিব পাৰি, বহুত সুবিধা!

আমাৰ ঠাইখন কি ক’ত কিয় বিখ্যাত শিতানত সদায় বানপানীৰ বাবেই বিখ্যাত৷ ছমাহটো পথাৰত পানী নুগুচেই৷ অ’ত ব্ৰহ্মপুত্ৰৰ মথাউৰি চিগে, জীয়াঢলৰ পানী, গাই নৈৰ বান, ৰিলিফ কেম্পৰ বাবে আমাৰ স্কুল মুনিহ-তিৰোতা-শিশু-বৃদ্ধৰে ভৰি থাকে৷ স্কুল বন্ধ, পথাৰত-ঘৰ বাৰীত পানী শুকালেহে মানুহবোৰ যায়গৈ, স্কুলো খুলে।

মাছখোৱাত মামাৰ ঘৰ, আমি বন্ধ পালেই তালৈ যাওঁ, চৰকাৰী ৰঙা বাছত দুটকা দিলেই মামাৰ ঘৰ৷ তালৈ যাওতে পথৰ দুয়ো কাষে পথাৰত মাটিৰ ওপৰত পকা কৰা ডাঙৰ ডাঙৰ নলা৷ সেইবোৰ হেনো আমাৰ ভিনি মানে পথাৰত পানী দিয়া বিভাগৰ৷ তাকে আজিও বুজি নাপালো, যিবোৰ পথাৰত কেতিয়াবাহে পানী শুকাই, তাৰ বাবেও পথাৰৰ বুকুত তিনিফুটমান ওখকৈ খৰালি পানী যোগান দিবৰ বাবে সেই যুগতে পকা নলা৷ মামাহঁতৰ পথাৰত তাহানিতে দেখিলো, কিযে অনাহক অথচ তামাম ইঞ্জিনীয়াৰিঙ!

লাহে লাহে হিচাববোৰ বুজিলো, ভিনিৰ হেনো দেধাৰ পইচা, অলপ দিনৰ ভিতৰতে নিলম্বনো হ’ল৷ খুড়ীটিৰ মুখৰ পৰা গম পালো, নিলম্বন হোৱাটো হেনো ইঞ্জিনীয়াৰ সকলৰ বাবে ভালহে, গুৱাহাটীৰ ফালে হেনো ইঞ্জিনীয়াৰ জোঁৱাই কেইবাৰ নিলম্বন হৈছে তাকে লৈ শাহু সকলে গৌৰৱ কৰে৷ যিমানবাৰ নিলম্বন হয়, সিমানেই হেনো ইঞ্জিনীয়াৰ হিচাবে হেনো নাম হয়। মই ভাবিলো, ময়ো নাম কৰা ইঞ্জিনীয়াৰেই হম এদিন নহয় এদিন! (ক্ৰমশঃ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক