মোৰ প্ৰথম প্ৰেম – ডলী তালুকদাৰ

মধুমিতা কলেজৰ কিয় তাই থকা চহৰখনৰে যুৱক সকলৰ সপোন কু্ঁৱৰী৷ দেখিবলৈ যিমান ধুনীয়া তাতোকৈ অন্তৰখন আৰু মৰমীয়াল৷ সকলোকে মৰম বিলাই ফুৰে৷ সকলোৱে তাইৰ পৰা মৰম অকন পাবলৈ বিচাৰে৷ এনেয়েও দেখিবলৈ ধুনীয়া, পঢ়া শুনাত চোকা, শিল্পী মনৰ ল’ৰা দেখিলে মধুমিতাৰ মৰম কৰিব বৰ মন যায়৷ এনেকৈয়ে হাইস্কুলত থাকোতে প্ৰধান শিক্ষকৰ ল’ৰা ৰিদিপক তাই বহুত মৰম দিছিল৷ ৰিদিপ পঢ়াত চোকায়েই নহয় সেই সময়ত স্কুলৰ ভাল টেনিচ খেলুৱৈ আছিল৷ সকলোৱে তাক মহেশ ভূপতি, লিয়েন্দাৰ পেজ বুলিয়ে মাতিছিল৷ ভৱিষ্যতৰ ভূপতি আৰু পেজ হোৱাৰ সপোন দেখিছিল৷ মধুমিতায়ো এজন খেলুৱৈক মৰম দিয়াৰ সপোন দেখিছিল৷ তদুপৰি হেড চাৰৰ পুতেক হোৱা বাবে পঢ়া শুনাত বাকীবোৰত কৈ আগুৱাই আছিল৷ আনকি পৰীক্ষাৰ প্ৰশ্নও ৰিদিপে জানে কি কি আহিব৷ দশম শ্ৰেণী পোৱাত মধুমিতাই ৰিদিপক তাইৰ মনৰ কথা ক’লে৷ সি যে তাইৰ “প্ৰথম প্ৰেম৷“ ৰিদিপে প্ৰথমে বিশ্বাসে কৰা নাছিল নিজৰ কাণ দুখনক৷ তাৰ সপোন কুঁৱৰী যে নিজে আহি ধৰা দিব৷ সিও লগে লগে তাইৰ মৰমৰ সহাঁৰি দিলে৷ মধুমিতাৰ মৰমতে ৰিদিপে তাইক চুলিত মৰা ক্লিপ, ৰাবাৰ বেণ্ড, ফোটৰ পেকেট আদি উপহাৰ দিলে৷ কেৱল সেইয়াই নহয় তাৰ পঢ়াৰ নোটবোৰো তাইক মৰমতে পঢ়াই দিয়ে৷ মধুমিতাই ভালকৈ বুজিছিল যে ৰিদিপ তাইৰ প্ৰথম আৰু শেষ প্ৰেম৷ এনেকৈ মধুমিতা আৰু ৰিদিপে মেট্ৰিক পাছ কৰিলে৷ মেট্ৰিকত অসমৰ ভিতৰত স্থান লৈ পাছ কৰিব বুলি ভাবি থকা ৰিদিপে দ্বিতীয় বিভাগহে পালে আৰু কেতিয়াও পাছ নকৰিব বুলি ভবা মধুয়ে সুন্দৰকৈ প্ৰথম বিভাগ পালে৷ চহৰৰ ভাল কলেজ খনত ছিটো পালে৷ আনফালে ৰিদিপে জুনিয়ৰ কলেজ এখনত বাণিজ্য শাখাত ভৰ্ত্তি হ’ল৷ কলেজত সোমোৱাৰ পিছত মধুমিতাৰ চিন্তা ধাৰা বোৰ উন্নত হ’ল৷ তাই যে ৰিদিপতকৈ উচ্চ খাপৰ হ’ল সেই কথাটো বুজি পালে৷ ৰিদিপৰ লগত হোৱা প্ৰেম যে প্ৰথম নহয় তাই বুজি পালে৷ সেইয়া যে শৈশৱতে ধেমালিহে আছিল তাই ৰিদিপক বুজাই দিলে৷
কলেজত ইমানবোৰ ধুনীয়া ল’ৰা আছে মৰম দিবলৈ গতিকে তাইনো কোন স’তে মৰম নিদিয়াকৈ থাকে৷ সুন্দৰী মধুমিতাক কলেজত প্ৰথম দেখাৰ দিনাই প্ৰেমত পৰে বিমলে৷ সাধাৰণ বেশভূষাৰে অতি সহজ সৰল বিমলক কোনোদিনে চকুতে নপৰিল মধুমিতাৰ৷ কিয়নো কলেজত আহিয়ে লগ পালে জীৱনক৷ প্ৰথম দেখাৰ দিনাই মধুমিতাৰ হিয়াখন মৰমেৰে চপচপীয়া হৈ পৰিছিল৷ বিশেষকৈ তাৰ চাৰ্টিফিকেটৰ নম্বৰ কেইটা দেখি আৰু দামী সাজপাৰ দেখি বহুত মৰম কৰিবলৈ মন গ’ল৷ সুন্দৰী মধুমিতাক দেখি জীৱনৰো হিয়া মৰমেৰে উপচি পৰিল৷ এদিন দুয়োৱে মনৰ কথা কৈ দিলে ইজনে সিজনক৷ বিমলে নীৰৱে সকলো চাই থাকে৷ সকলো জানিও তাৰ মধুমিতাৰ প্ৰতি থকা প্ৰেম কম নহয়৷ এদিন তাৰ সমুখতে ক্লাছত শিক্ষক নহাত মধুমিতাই জীৱনক কোৱা শুনে “তুমিয়ে মোৰ প্ৰথম প্ৰেম৷“ বিমলৰ হিয়া ভাগে কিন্তু মধুমিতাই নেদেখে৷ ক্লাছ খতি কৰি জীৱনে আজি পাৰ্ক, কালি ৰেষ্টুৰেণ্ট, পৰহি চিনেমা চায় পাৰ কৰে; প্ৰথম বাৰ্ষিক পাৰ হৈ দ্বিতীয় বাৰ্ষিকলৈ প্ৰমোচন পায় সকলোৱে৷ মধুমিতাৰ মৰমত জীৱনৰো নম্বৰ কমে কিন্তু মধুমিতাই নিজৰ মান ৰাখে৷ হঠাৎ এদিন জীৱনে আৰু মৰম দিব নোৱাৰো বুলি কয়৷ এইবাৰো মধুমিতাই বুজি পালে জীৱন তাইৰ প্ৰথম প্ৰেম নহয়৷ সোতৰ বছৰীয়াহে তাই গতিকে এইয়াও শৈশৱতে ধেমালিহে৷ কিন্তু বিমলৰ হিয়া ভাগে জীৱনে তাইৰ মৰম দলিয়াই পেলোৱা বাবে৷ এইবাৰ মধুমিতাৰ মৰমীয়াল হিয়া খনে মৰম বিলালে তাইতকৈ দুবছৰ চিনিয়ৰ বিজ্ঞান শাখাৰ ৰনেনক৷ অতিপাত চোকা আৰু ধুনীয়া ৰনেনো মধুমিতাৰ মৰমত বলীয়া আছিল৷ মধুমিতাই তাকো ক’লে “তুমিয়ে মোৰ প্ৰথম প্ৰেম৷“ কিন্তু দুদিন মান পিছতে সি মধুমিতাক দেখিলে নেদেখা ভাও জোৰা হ’ল৷ মধুমিতাৰ মুখৰ হাঁহি নোহোৱা হ’ল৷ মুখৰ উজ্জ্বলতাও ম্লান পৰিল৷ বিমলে বুজি পায় তাইৰ চকুৰ ভাষা৷ প্ৰথম প্ৰেম যে হিয়া জ্বলিবই৷ সিহে দুৰ্ভগীয়া যে তাইৰ প্ৰথম প্ৰেম হ’ব নোৱাৰিলে৷ তাৰ বন্ধু মলয়ৰ বাহিৰে কোনেও নাজানে৷ কিন্তু সি মুঠেও সহিব নোৱাৰে মধুমিতাক৷ স্বাৰ্থপৰ বুলিহে কয়৷ কিন্তু হঠাৎ এদিন মধুমিতাৰ দুচকুত তিৰবিৰণি আৰু ওঁঠত মিচিকিয়া হাঁহি দেখা পায় সকলোৱে৷ প্ৰথমতে আচৰিত কিন্তু লগে লগে ৰহস্যৰ ভেদ ওলাল৷ কলেজৰ আটাইতকৈ হেন্দচাম লগতে কলেজৰ সাধাৰণ সম্পাদক জনক এইবাৰ মৰমীয়াল মধুমিতাই মৰম দিছে৷ এইবাৰ মধুমিতাই ক্লাছৰ সকলোকে ক’লে যে এইবাৰহে তাইৰ প্ৰথম প্ৰেমৰ লগতে সঁচা প্ৰেম হৈছে৷ কলেজৰ কেণ্টিন, লাইব্ৰেৰী, কলেজৰ কাষৰ ৰেষ্টুৰেণ্ট সকলোতে দুয়োকে দেখা পোৱা গ’ল৷ কিন্তু এবছৰ মান পিছত সিও মধুমিতাক দেখিলে পলোৱা হ’ল৷ এইবাৰো মধুমিতাই লগৰ জনীক ই মোৰ প্ৰথম প্ৰেম নহয় বুলি কান্দিব ধৰিলে৷ পিছফালে বহি থকা বিমলৰ হিয়া আকৌ ভাঙিলে৷ মধুৰ দুখত সিও দুখী৷ এনেদৰে কলেজৰ শেষ বৰ্ষ পালে৷ বিমলৰ মধুমিতাক মনৰ কথা কোৱা নহ’ল৷ মৰমীয়াল মধুমিতাৰ মৰম বিমলে খুজিব নোৱাৰিলে৷ হঠাৎ এদিন মধুমিতাই বিমলক ক্লাছ কৰি ওলাই আহোতে মাত লগালে৷ বিমলে আচৰিত হোৱাৰ লগতে ভয়ো খালে৷ মধুমিতাই বাৰু কেনেবাকৈ জানিলে নেকি তাৰ মনৰ কথা৷ ভয়ে ভয়ে সি মধুমিতাৰ ওচৰলৈ গ’ল৷ সেহাই সেহাই কোনোমতে ক’লে কি হ’ল মধু? মধুমিতাই ক’লে লাইব্ৰেৰীলৈ ব’লা৷ মন্ত্ৰমুগ্ধৰ দৰে বিমল মধুমিতাৰ পিছে পিছে গৈ থাকিল৷ লাইব্ৰেৰীৰ এখন কোনৰ ডেস্ক বেঞ্চত দুয়ো বহিল৷ মধুমিতাই একো পাতনি নেমেলাকৈ বহী এখন বিমলক আগবঢ়াই দিলে৷ এইবোৰ কি বিমল? আৰু আজি চাৰিবছৰ ধৰি চলি আছে অথচ মই গমেই নাপাওঁ৷ বিমলে ভয়ে ভয়ে বহীখন লুটিয়াই চালে আৰু চক খাই উঠিল৷ হাৰে এইখন দেখোন তাৰে বহী য’ত আজি চাৰিবছৰে মধুমিতাৰ নামত লিখা সকলো কবিতা আছে৷ কিন্তু এইখন তুমি ক’ত পালা? আজি এমাহ আগতে হেৰাইছিল মোৰ বেগৰ পৰা৷ বিমলে ক’লে৷
হেৰোৱা নাই৷ তোমাৰ বন্ধুৱে মোক দিছিলে পঢ়িবলৈ৷ মধুমিতাই লগে লগে ক’লে৷ তুমি আজি চাৰি বছৰে মোক ভাল পাই আছা অথচ মই গমেই নাপাওঁ৷ তুমিতো জানাই মই কিমান আঘাত পালো আজি চাৰিবছৰে৷ পৰীক্ষাৰ বাবে ভালকৈ পঢ়িবও পৰা নাই৷ নোট বনাবও পৰা নাই৷ মই ভাবিয়েই পোৱা নাই৷
তুমি মোক সহায় কৰিবানে বিমল? এইবুলি বিমলৰ হাতত মধুমিতাই খামুচি ধৰিলে৷ বিমলৰ দেহত এক অবুজ শিহৰণ বৈ গ’ল৷ সি লগে লগে ক’লে মধু মই তোমাক সহায় কৰিম৷ কিয়নো মই তোমাক ভাল পাওঁ৷ এই সকলো কবিতা মই তোমাৰ বাবে লিখিছো৷ মধুমিতায়ো লগে লগে কৈ উঠিল ময়ো তোমাক ভাল পাওঁ৷ তোমাৰ কবিতা পঢ়াৰ পৰা মই তোমাৰ প্ৰেমত পৰিলো৷ প্লীজ বিশ্বাস কৰা “তুমিয়ে মোৰ প্ৰথম প্ৰেম৷“ বিমলে ক’লে ব’লা যাওঁ৷ কাইলৈ কৰবাত লগ ধৰি ভালকৈ কথা পাতিম৷ মধুমিতাই ক’লে পানবজাৰত লগ কৰো কাইলৈ দুপৰীয়া৷
পিছদিনা দুপৰীয়া ১২ বাজিবলৈ দহ মিনিট থকাৰ আগেয়ে বিমল উপস্থিত হ’ল৷ ৰেষ্টুৰেণ্ট এখনত বহিল দুয়ো গৈ৷ কিন্তু ই কি বিমলে দৌৰি ৰেষ্টুৰেণ্টৰ পৰা ওলাইছে আৰু বাহিৰত মলয় ৰৈ আছিল৷ বিমলে দৌৰি আহি মলয়ৰ বাইকৰ পিছত বহি তাক ক’লে সোনকালে ব’ল৷

সামৰণি

মধুমিতাক দেখিলে আজিকালি বিমলৰ বুকুত ঢপ ঢপনি নাবাঢ়ে৷ ইফালে ঘটনাটোৰ পিছৰ পৰা মধুমিতাৰো আজিকালি মৰম কৰিবলৈ মন নোযোৱা হ’ল কোনো ল’ৰাকে৷ আচলতে তাইক সঁচা মৰম দিব পৰা আৰু তাই প্ৰথম প্ৰেম কৰিব পৰা কোনো ওলোৱাই নাই আজিলৈ৷ আৰু বিমলক দেখিলে আজিকালি মধুমিতাৰ দুচকু ভমককৈ জ্বলি উঠে সি কৰা প্ৰতাৰণাৰ বাবে৷
ৰ’ব, বিমলৰনো হঠাতে মধুৰ প্ৰতি থকা অতদিনৰ প্ৰেম কিয় নাইকিয়া হ’ল জানিবলৈ মন নাযায় নে? কিয় হঠাতে বিমলে মধুমিতাক অকলে এৰি পলাই গ’ল৷ সেইদিনা বহুত হেঁপাহেৰে এথোপা ৰঙা গোলাপ লৈ গ’ল মধুমিতালৈ৷ মধুমিতাই আগৰে পৰা নেহেৰু পাৰ্কত ৰৈ আছিল৷ এটা চকলেটেৰে ফুলথোপা মৰমৰ মধুলৈ আগবঢ়াই দিলে৷ মধুয়েও ধুনীয়া হাঁহিৰে সৈতে গ্ৰহণ কৰিলে৷ ফুলৰ সুগন্ধ লৈ আহ কি সুন্দৰ বুলি তাইৰ ধুনীয়া চকুযুৰিৰে বিমললৈ চালে৷ পাৰ্কৰ একোনত বহি কিছু সময় দুয়ো দুয়োৰে চকুলৈ চায় থাকিল৷ মধুমিতাই ক’লে তুমি ইমান ৰোমাণ্টিক বুলি ভবাই নাছিলো৷ ইমান দিনে তুমি মোক কিয় কোৱা নাছিলা মনৰ কথা? বিমলে ক’লে তোমাৰ মোলৈ চাবলৈ সময়ে নাছিল দেখোন? বিমলে পানবজাৰৰ নাককাটা পুখুৰীৰ পাৰত থকা “ৰেৱতী“ ত লৈ গ’ল৷ কিন্তু মধুমিতাই ক’লে ইয়াত প্ৰাইভেচি নাই গতিকে ভাল ৰেষ্টুৰেণ্টত গৈ বহি লওঁ ব’লা৷ বিমলে মধুৰ কথাত সন্মতি জনাই তাইৰ পিছে পিছে ওচৰতে থকা এ.চি. ৰেষ্টুৰেণ্ট খনত সোমাই গ’ল৷ ৰেষ্টুৰেণ্ট খনৰ আদব কায়দা দেখি বিমল আচৰিত হৈ গ’ল৷ সাধাৰণ ভাবে থকা ল’ৰা সি৷ এইবোৰ ৰেষ্টুৰেণ্টত কেতিয়াও অহাই নাই৷ মধুমিতা যে তাতকৈ কিমান উচ্চ খাপৰ সি বুজি পালে৷ ৱেইটাৰজন আহিল অৰ্ডাৰ ল’বলৈ৷ মেনুখন বিমললৈ আগবঢ়াই দিলে৷ মেনু খনত থকা বস্তু বোৰৰ নাম আৰু দাম দেখি বিমল জ্বৰ ঘমাদি ঘামিলে৷ বিমলে মেনুখন হাতত লৈ কি অৰ্ডাৰ দিব ভাবোতে মধুমিতাই ক’লে চাইনীজ খাম হা৷ মই যে চাইনীজ ফুড খায় ইমান ভাল পাওঁ৷ দিয়া মই অৰ্ডাৰ দিওঁ৷ বিমলে ক’লে নালাগে ৰ’বা মইয়ে দিওঁ, এইবুলি সি চিকেন ফ্ৰাইদ ৰাইচ একপ্লেট, চিলি চিকেন একপ্লেট আৰু চ্যুপৰ অৰ্ডাৰ দিলে৷
মধুমিতাই এইয়া তুমি খাবা ন? ৰ’বা এইবাৰ মোৰ কাৰণে অৰ্ডাৰ দিওঁ এইবুলি মেনুখন বিমলৰ হাঁতৰ পৰা টানি অনাদি আনিলে৷ ময়ো চাইনীজ খাই বৰ ভাল পাওঁ৷ গতিকে চাইনীজে অৰ্ডাৰ দিওঁ৷ এইবুলি তাই প্ৰথমে চিকেন মম’ একপ্লেট, চিকেন চাউমীন একপ্লেট, চিকেন মঞ্চুৰীয়ান একপ্লেট, চিকেন হট গাৰ্লিক চচ অৰ্ডাৰ দিলে৷ তাৰ পিছত মেনুখন উৰাই ঘূৰাই আকৌ ৱেইটাৰক চিজলাৰ এটা, চিকেন পেপাৰ চিলি পিজ্জা এটা, চিকেন চালাড অৰ্ডাৰ দিলে৷ লগতে থাই কাৰী আৰু থাই ৰাইচ অৰ্ডাৰ দিলে৷ ৱেইটাৰ জনে ক’লে মেম পেকিং কৰিম ন? মধুমিতাই ক’লে পেকিং নহয় খাবলৈ৷ অ’ শুনা ডিজাৰ্ট দিয়া নাই নহয়? তুমি ডিজাৰ্টত লেমন চিজ কেক, ফ্ৰুট চালাড আৰু আইচক্ৰীম আনিবা ভেনিলা উইথ চকলেট৷ আৰু পেকিং কৰাৰ কথা কৈছা যেতিয়া ৰাতিৰ কাৰণে নহ’লে মাটন বিৰিয়ানী দুই প্লেট আৰু মাটন কাবাব, শ্বাহী পনীৰ পেকিং কৰি দিবা৷ ইফালে বিমলে হা কৰি মুখখন মেলি চাই থাকিল৷ সি মধুমিতাক লাহেকৈ ক’লে মই যে অৰ্ডাৰ দিলো সেইখিনি কি হ’ব? সেইখিনি তুমি খাবা আৰু যদি বেছি হয় মইয়ে খাম দিয়া৷ মই খাদ্যৰ অপচয় মুঠেও নকৰো৷ বিমলে আটাইবোৰ খোৱাৰ হিচাপ কৰিলে সি অৰ্ডাৰ দিয়া খিনিৰ বাহিৰে মধুমিতাই অৰ্ডাৰ দিয়াখিনি আঢ়ৈ হাজাৰ টকা হৈছে৷ বাকী ভেট, চাৰ্ভিচ টেক্স বাদ দি৷

আইচক্ৰীম, ফ্ৰুট চালাড, চিজ কেকতে আঠশ টকা আৰু পেকিং কৰি লোৱাখিনি এহেজাৰ টকা তাৰ নিজৰখিনি ছশ টকা৷ সৰ্বমুঠ পাঁচ হাজাৰ দুশ৷
তাৰ মুৰতো আচন্দ্ৰাই কৰিব ধৰিলে৷ চকুৰে ধোঁৱা ধোঁৱা দেখা পালে৷
তুমি খোৱাচোন বুলি সি বাথৰুমলৈ গ’ল৷ মলয়ক ফোন কৰি দহ মিনিটৰ ভিতৰত আহিবলৈ ক’লে৷
মলয়ে সুধিলে কি হ’ল? তোৰটো আজি ডেট আছিল ন তোৰ সপোন কুঁৱৰীৰ লগত?
আৰে সপোন কুঁৱৰী নহয় ৰাক্ষসী বুলি ক ৰে, বিমলে ক’লে৷ তই মুঠতে সোনকালে আহি যা আৰু মোক বচা দোস্ত৷
মলয়ে ক’লে ঠিক আছে মই গৈ আছো৷
বিমলে আহি দেখে ৰাক্ষসী জনীয়ে চ্যুপ শেষ কৰি এহাতেৰে মম’ত ধৰিছে আৰু আনখনেৰে চাউমীন৷
তুমি ক’ত গৈছিলা? মই খাবলৈ আৰম্ভ কৰিলোয়ে মধুমিতাই ক’লে৷
বিমলে একো নামাতি কোনোমতে চ্যুপখিনি খালে কিন্তু মলয় কেতিয়া আহি পাব তাৰ মনত সেইটোহে চিন্তা লাগি থাকিল৷ এনেতে মলয়ৰ ফোন আহিল৷
বিমলে ফোনটো ৰিচিভ কৰি মোক লগ ধৰিবি? অ ঠিক আছে মই গৈ আছো৷
মধুমিতাই সুধিলে কাৰ ফোন? সি ক’লে বাহিৰত মলয় ৰৈ আছে কিবা কথা আছে বোলে৷ মই সাউতকৈ আহি আছো৷ তুমি খোৱা৷ এইবুলি সি ওলায় আহিল আৰু আহোঁতে সি অৰ্ডাৰ দিয়া খাদ্যখিনিৰ বিল দি আহিল৷
বিমলে ওলাই আহিয়ে চিধা মলয়ৰ বাইকত বহি দিলে আৰু ক’লে বল তাৰাতাৰি ৰূমলৈ৷ মলয় আৰু বিমল যেতিয়া আহি সোমালে ৰূমত৷
মলয়ে ক’লে এতিয়া ক কি হ’ল? তোৰ সপোন কুঁৱৰীক তেনেকৈ এৰি থৈ অহাৰ কাৰণ? আৰু তাই কি ভাবিব৷
এ যি ভাবে ভাবিব বিমলে ভেকাহি মাৰি ক’লে৷ আজিৰ পৰা মোৰ সপোন কুঁৱৰী নহয় তাই৷ মই এতিয়াহে বুজি পালো তাইক দেখিলে আগৰ প্ৰেমী কেইজনে কিয় পলাই ফাট মেলে৷
মানে? মলয়ে সুধিলে৷
আৰে ভাই ৰাক্ষসী জনীয়ে যে ৰেষ্টুৰেণ্ট খনৰ গোটেই দিনটোত অহা কাষ্টমাৰৰ খাদ্যবোৰ অকলে খাব কোনে জানে? ৰাক্ষসী জনীয়ে ৰেষ্টুৰেণ্ট খনৰ গোটেই পাকঘৰটোকে খালে যেন পাইছো ইমান সময়ে৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments