মোৰ প্ৰিয় ঔপন্যাসিক ৰংবং তেৰাং, ৰংমিলিৰ হাঁহি আৰু হংক্ৰাম (-মংগলসিং ৰংফাৰ)

 

অসম প্ৰকাশন পৰিষদৰ মাহেকীয়া আলোচনী ‘প্ৰকাশ’ত ধাৰাবাহিক ভাৱে প্ৰকাশ পাইছিল ৰংবং তেৰাঙৰ প্ৰথম উপন্যাস ‘ৰংমিলিৰ হাঁহি’। সেয়া ১৯৭৯ চনৰ কথা। আমি তেতিয়া হাইস্কুলৰ তলৰ শ্ৰেণীৰ ছাত্ৰ। ‘প্ৰকাশ’ আলোচনীত সেই তাহানিতে পঢ়া ‘ৰংমিলিৰ হাঁহি’ৰ প্ৰথম খণ্ডৰ ‘ফাগুনৰ এটি ধূসৰ সন্ধিয়া’ৰ চিত্ৰটো এতিয়াও মনত সজীৱ হৈ আছে।উপন্যাসখন পঢ়ি আমি ইমানেই প্ৰভাৱিত হৈছিলোঁ যে আলোচনীখনৰ পৰৱৰ্ত্তী সংখ্যাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিলো।১৯৮০ চনত উপন্যাসখনৰ অন্তিম খণ্ড প্ৰকাশ হোৱাৰ পিছত বহুদিনলৈকে মনত উপন্যাসখনৰ চৰিত্ৰবোৰৰ কথাই দোলা দি আছিল।১৯৮১ চনত ‘ৰংমিলিৰ হাঁহি’ কিতাপ আকাৰে প্ৰ্কাশ হোৱাত আমি আকৌ এবাৰ পঢ়িবলৈ সুযোগ পালো।rangabang terang
আমি কটন কলেজত থাকোতে ১৯৮৫ চনত ৰবীন্দ্ৰভৱনত ‘ৰংমিলিৰ হাঁহিৰ’ নাট্যৰুপ চাইছিলোঁ।চাই ভাল লাগিছিল,কিন্তু নাট্যকাৰে ‘ৰংমিলিৰ হাঁহি’ক মঞ্চত সফলভাৱে উপস্থাপন কৰিব পৰা নাছিল।পঢ়া সমাপ্ত কৰি আমি কৰ্মৰ সন্ধানত ১৯৯৩ চনত গুৱাহাটী দূৰদৰ্শনত ‘প্ৰগ্ৰেম এছিষ্টেন্ট’ পদৰ বাবে সাক্ষাৎকাৰ দিবলৈ গৈছিলো।আমাক সাক্ষাৎ লৈছিল কেন্দ্ৰ সঞ্চালকে নিজে আৰু লগত আছিল বিশিষ্ট নাট্যকাৰ দুলাল ৰয়।সাক্ষাৎকাৰৰ সচৰাচৰ প্ৰশ্ন কেইটামান সোধাৰ পিছত দুলাল ৰয়ে মোক ‘ৰংমিলিৰ হাঁহি’ৰ বিষয়ে সুধিছিল।মোৰ প্ৰিয় উপন্যাসখনৰ বিষয়ে ক’বলৈ মই ভালেই পালোঁ।তকৰ্মক্ষেত্ৰত সোমাই, চাকৰি সূত্ৰে অসমৰ দিহিঙে দিপাঙে ঘূৰি ফুৰি শেষত পশ্চিম কাৰবি আংলঙৰ ৰংখাঙত ভৰি দিলোঁ । তাতে এদিন শুনিলোঁ-বৈঠালাংছ’ৰ ওচৰৰ হংক্ৰামত ৰংবং তেৰাঙৰ বহুপঠিত বিখ্যাত ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখনৰ টিভি ছিৰিয়েলৰ শ্বুটিং চলি আছে।পিছত গুৱাহাটী দূৰদৰ্শনত সম্প্ৰচাৰিত ‘ৰংমিলিৰ হাঁহি’ৰ ধাৰাবাহিকখনে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেতিয়াই ধাৰাবাহিকখনকলৈ এটা বিতৰ্কও সৃষ্টি হৈছিল। তেতিয়াই আমি ‘ৰংমিলিৰ হাঁহি’খন পুনৰ পঢ়িছিলোঁ। এইবাৰ পঢ়োতেহে মই বহুত নতুন কথা আৱিস্কাৰ কৰিলোঁ।এয়া দেখোন মোৰ কৰ্মস্থল ৰংখাং অঞ্চলৰ চিনাকি পটভূমিত লিখা উপন্যাস ! উপন্যাসখনত উল্লেখ কৰা প্ৰায়বোৰ ঠাইলৈকে ইতিমধ্যে মই গৈছোঁ।
ইমান দিনে মনত উদয় হোৱা নানান প্ৰশ্নৰ উত্তৰ পাবলৈ, মোৰ প্ৰিয় ঔপন্যাসিকজনক সাক্ষাৎ কৰিবলৈ মনত বহুদিনৰ পৰাই এটি ইচ্ছা পুহি ৰাখিছিলোঁ। তাতে ছাইদু হাংমিজি হাঞ্চেই স্মৃতি গ্ৰন্থৰ বাবে ৰংবং তেৰাং ছাৰৰ সাক্ষাৎকাৰ ল’বলৈ তাগিদা দিয়াত, এদিন সন্ধিয়া পৰিবাৰ আৰু ছোৱালীজনীক লগত লৈ আমি ‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা ঔপন্যাসিকজনক পূৰ্ব নিৰ্ধাৰিত সময় মতে ডিফুৰ নিজা বাসভৱনত লগ কৰিবলৈ গৈছিলো।ডিচেম্বৰ মাহ; ছাৰে তেতিয়া জুহালত জুই পুৱাই আছিল।আমি গৈ পোৱাত ছাৰে সেই চিৰ পৰিচিত হাঁহিৰে আমাক আথে-বেথে আদৰি ড্ৰয়িং ৰুমলৈ লৈ যাব বিচাৰিছিল।আমি কিন্তু ছাৰৰ লগত জুহালতে বহি ল’লোঁ।ছাৰে ঘৰত থকা ছোৱালীজনীক চাহ কৰিবলৈ ক’লে।আমাৰ ভাল-বেয়া খবৰ ল’লে; আমিও ছাৰৰ খবৰ ল’লোঁ।তাৰ পিছত আমি যোৱাৰ উদ্দেশ্যৰ কথা ক’লোঁ। ‘ৰংমিলিৰ হাঁহি’ৰ বিষয়ে নানান কথা পাতি ছাৰৰ লগত এটা অন্তৰংগ সন্ধ্যা পাৰ কৰিলোঁ।

‘ৰংমিলিৰ হাঁহি’ উপন্যাসখন ৰচনা কৰাৰ প্ৰেৰণা বাৰু ৰংবং ছাৰে ক’ৰ পৰা পাইছিল -এই কথাটো বহুদিনৰ পৰাই জানিবৰ ইচ্ছা হৈছিল।ছাৰৰ নিজৰ ভাষাত- “অসমীয়া সাহিত্যৰ ভঁৰালত অসমৰ কাৰবি সমাজ সম্বলিত কাহিনীমূলক সাহিত্যৰ অভাৱ অনুভৱৰ বেদনাৰ গভীৰতা, ডঃবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘ইয়াৰুইংগম’(১৯৬০)আৰু লুম্বেৰ দাইৰ ‘পৃথিৱীৰ হাঁহি’(১৯৬৩)ত প্ৰকাশিত জনজীৱনৰ কাহিনী, অসমৰ সমসাময়িক পৰিস্থিতিৰ লগতে অসমৰ পাহাৰ-ভৈয়াম সম্প্ৰীতিক সাহিত্য-সংস্কৃতিয়ে ব্ৰহ্মপুত্ৰৰ জলধাৰাৰ দৰেই একেটা ৰুপত প্ৰৱাহিত কৰি ৰাখিব পাৰে -এই শ্বাশ্বত সত্যৰ উপলব্ধিয়ে সঞ্চাৰ কৰা প্ৰেৰণাতে সৃষ্টি হৈছিল ‘ৰংমিলিৰ হাঁহি’। আৰু কাৰবি আংলঙৰ মাটি আৰু মানুহক বহিৰ্জগতৰ সৈতে পৰিচয় ঘটোৱাৰ সপোন তাহানিখনৰেই । সেই সপোন বাস্তৱত ৰুপান্তৰ ঘটোৱা মাধ্যমেই ‘ৰংমিলিৰ হাঁহি’।’’ উপন্যাসখন ৰচনা কৰাৰ প্ৰেৰণাৰ কথা আমি বাৰু জানিলোঁ ! কিন্তু উপন্যাসখনৰ সৃষ্টি কৰাৰ নেপথ্যৰ কথাবোৰো আমি জানিবলৈ বিচাৰিছিলোঁ, ছাৰৰ মুখৰ পৰা । যেনে ধৰক-কাৰবি আংলংখন এটা বিশাল অঞ্চল । কিন্তু উপন্যাসখনৰ কাহিনীৰ পটভূমি হ’ল পশ্চিম কাৰবি আংলঙৰ ৰংখাং অঞ্চলৰ বৈঠালাংছ’ আৰু ইয়াৰ দাঁতি- কাষৰীয়া অঞ্চল ।আমি জানো যে তেৰাং ছাৰ ৰংখাং অঞ্চলৰ বাসিন্দা নহয় । তেনেস্থলত ‘ৰংমিলিৰ হাঁহি’ উপন্যাসৰ পটভূমি ৰংখাঙত নিৰ্বাচন কৰাৰ প্ৰেৰণা ক’ৰ পৰা কেনেকৈ পালে, সেইকথা সোধাত
ছাৰে আমাক কৈছিল – “জয়ছিং দলৈ চি ই এম হৈ থাকোতে (১৯৭২-৭৮) কাৰবি আংলং জিলা পৰিষদে প্ৰখ্যাত বোলছবি পৰিচালক শিৱ প্ৰসাদ ঠাকুৰৰ পৰিচালনাত ‘প্ৰগতিৰ পথত কাৰবি আংলং’ নামৰ এখন তথ্য চিত্ৰ নিৰ্মাণ কৰিছিল । সেই তথ্য চিত্ৰখনৰ চিত্ৰনাট্য ৰচনাৰ দায়িত্ব দিয়া হৈছিল ৰংবং তেৰাং আৰু ৰয় ইংহিক । ৰয় ইংহিয়ে অৱশ্যে পিছত এই কামৰ পৰা আঁতৰি আহে । ফলত ৰংবং তেৰাঙে অকলে শিৱ প্ৰসাদ ঠাকুৰৰ লগত গোটেই কাৰবি আংলংখন বিস্তৃতভাৱে ভ্ৰমণ কৰিব লগা হৈছিল । তেতিয়াই তেওঁ পশ্চিম কাৰবি আংলঙৰ ৰংখাং অঞ্চলৰ ৰংহাং, ৰংবঙৰ পৰা আৰম্ভ কৰি উমৰাছি, উমতিলি, টিকা আৰু ৰংমান্দু আদি ঠাইবোৰ ভ্ৰমণ কৰিছিল আৰু কাৰবিসকলৰ ৰংখাং অঞ্চলৰ চহকী পৰম্পৰাগত সমাজ-সংকৃতিৰ স্বকীয়তাই তেওঁক প্ৰভাৱাম্বিত কৰিছিল।কাৰবি সকলৰ ৰজা আৰু হাবে পিনপ’ আদি এতিয়াও কাৰবি সমাজ ব্যৱস্থাত ৰংখাং অঞ্চলতেই আছেগৈ।সেই কাৰণে তেওঁ উপন্যাসখনৰ বাবে ৰংখাং অঞ্চলহে পটভূমি হিচাপে নিৰ্বাচন কৰিছিল।
ৰংবং ছাৰক তেতিয়াই মই এটা প্ৰশ্ন সুধিছিলোঁ – “‘ৰংমিলিৰ হাঁহি’খনত হংক্ৰামৰ দাঁতি-কাষৰীয়া অঞ্চল ,যেনে-বি-হেনৰু , লংৰে , উমৰু ,টীকা আৰু চেকছ’ আংলং আদি অঞ্চলৰ আচল নাম উল্লেখ কৰিছে । কিন্তু ইয়াত হংক্ৰামৰ নাম ক’তো উল্লেখ নাই।অৱশ্যে হংক্ৰামৰ লাংকুং হাবে, ছাৰছিং হাবেৰ কথা উল্লেখ আছে। ‘ৰংমিলি’ গাওঁখন আমি হংক্ৰাম গাওঁখনেই বুলি ধৰিব পাৰো নেকি?” ছাৰে তেতিয়া ক’লে যে- “হংক্ৰাম গাওঁখনেই ৰংমিলি গাওঁখন বুলি ঠিক নকওঁ; কিন্তু হংক্ৰামলৈ আহিহে মই প্ৰথমে শাৰী শাৰী ছাংঘৰ দেখিছিলোঁ , হাবে পিনপ’ক লগ পাইছিলোঁ – গতিকে ‘ৰংমিলি’ গাওঁখন অংকণ কৰোতে হংক্ৰামৰ পৰোক্ষ প্ৰভাৱ নিশ্চয় পৰিছে।’’ ৰংবং তেৰাং হংক্ৰামৰ জোঁৱাই বুলি বোধহয় বহুতে নাজানে। তেওঁ হংক্ৰামৰ জীয়ৰী, জয়ছিং হাঞ্চে আৰু কাএৎ তেৰনপীৰ কন্যা আৰু বিশিষ্ট লিখক আৰু ৰাজনীতিবিদ ছামছিং হাঞ্চেৰ বায়েক কানাম হাঞ্চেপীৰ পতি।প্ৰকৃততে ৰংবং তেৰাং পূব কাৰবি আংলঙৰ বাসিন্দা । তেওঁৰ জন্ম বকলীয়াঘাটৰ লাংবুংদিংপি এৰাগাঁৱত ১৯৩৭ চনৰ ১৩ জানুৱাৰীত।পিতা বিনহুম তেৰাং আৰু মাতৃ বা-ইক ৰংহাংপী। তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল লংকাত, কলেজীয়া শিক্ষা নগাওঁ কলেজত।তেওঁ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লয় আৰু ডিফু চৰকাৰী কলেজত অধ্যপনা কৰে। কলেজখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হৈ থাকোতে তেওঁ অৱসৰ গ্ৰহণ কৰে।
ৰংবং তেৰাং ছাৰে ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখনৰ কাহিনী আৰু চৰিত্ৰ সম্পৰ্কে নিজে এই বুলি লিখিছিল-‘প্ৰাগ-স্বাধীনতা যুগৰ কাৰবি সমাজৰ ওপৰত ভিত্তি কৰি লেখা হেতুকে বহুতো প্ৰভাৱশালী ব্যক্তিৰ কথাও প্ৰসংগত আনিবলগীয়া হৈছে । সেইসকলক অৱমাননা কৰিবৰ মোৰ সাহস নাই । উপন্যাসখনৰ চৰিত্ৰবোৰৰ পৰা তেখেত সকলক আঁতৰত ৰাখিহে কাহিনী পৰিবৰ্ধিত কৰা হৈছে। ইয়াৰ কাহিনী আৰু চৰিত্ৰসমুহ সম্পূৰ্ণ কাল্পনিক।”
“অইনপিনে আমি সকলোৱে জানো যে উপন্যাসখনত বহুতো আচল চৰিত্ৰ সন্নিৱিষ্ট হৈছে-কিন্তু উপন্যাসখনৰ কাল্পনিক চৰিত্ৰ ছাৰইক, অমফু, কাদম আদি চৰিত্ৰ অংকন কৰোঁতে বাৰু কোনোবা প্ৰকৃত চৰিত্ৰসমূহৰ ওপৰত ভেঁজা দি অংকন কৰিছিল নেকি ? আমি শুনা মতে ছাৰইক চৰিত্ৰটোত আপোনাৰ হুপ’ অৰ্থাৎ শশুৰ দেউতা জয়ছিং হাঞ্চেৰ চৰিত্ৰ কিছু প্ৰতিফলিত হৈছে ? কথাটো কিমান দুৰ সঁচা?”- এই প্ৰশ্নত
তেৰাং ছাৰে পোনচাটে ইতিবাচক উত্তৰ নিদি ক’লে যে- “মই আগতেও কৈছোঁ ,উপন্যাসখনত হংক্ৰামৰ পৰোক্ষ প্ৰভাৱ পৰিছে বুলি । গতিকে মই যিহেতু হংক্ৰামৰেই জোঁৱাই আৰু উপন্যাসখনৰ পটভূমি সেই অঞ্চলৰ ওপৰত ভিত্তি কৰা, গতিকে কিছুমান চৰিত্ৰৰ প্ৰভাৱ নিশ্চয় পৰিছে । সেইটো স্বাভাৱিক কথা । কিছুমান চৰিত্ৰ অংকন কৰোঁতে মোৰ ব্যক্তিগত অভিজ্ঞতাত কিছু কল্পনাৰ ৰহণ সনা হৈছে।ধৰক, হেমাইৰ কাম্পুৰ স্কুললৈ পঢ়িবলৈ যাওঁতে নাৱেৰে পাৰ হোৱা বৰ্ণনাটো । সেইবোৰ কথা লিখোতে মোৰ ল’ৰালি কালত লংকাত পঢ়িবলৈ যাওঁতে যমুনা নদীঘাটত নাৱেৰে পাৰ হোৱা অভিজ্ঞতা, হংক্ৰামৰ ফু মোহনহঁতে হংক্ৰামৰ পৰা কম্মপুৰত পঢ়িবলৈ যোৱা অভিজ্ঞতাবোৰৰ মোক যি বৰ্ণনা দিছিল, সেইবোৰ অভিজ্ঞতা একেলগে সাঙুৰি মই কিছু কল্পনাৰ ৰহণ সানি বৰ্ণনা কৰিছোঁ ।গতিকে প্ৰভাৱ নিশ্চয় পৰিছে।”
উপন্যাস সাহিত্যত আঞ্চলিক উপন্যাস বুলি এটা শাখা আছে।ডঃপ্ৰফুল্ল কটকীয়ে তেখতৰ ‘স্বৰাজোত্তৰ অসমীয়া উপন্যাসৰ সমীক্ষা’ নামৰ কিতাপখনত আঞ্চলিক উপন্যাস সম্পৰ্কে আলোচনা কৰোঁতে এই বুলি লিখিছিল -‘আঞ্চলিক উপন্যাস বুলিলে টমাছ হাৰ্ডিৰ সুবিখ্যাত ৱেছেক্স উপন্যাস সমুহলৈ মনত পৰে।ৱেছেক্স অঞ্চলৰ প্ৰকৃতিয়ে সেই অঞ্চলৰ অধিবাসী বা তাৰ লগত কোনো প্ৰকাৰে জড়িত কিছুমান চৰিত্ৰৰ(মূখ্য বা গৌণ) জীৱনৰ হাৱ-ভাৱ, ধ্যান-ধাৰণা, চলন-ফুৰণ,মাত-কথা ইত্যাদি কেনেকৈ প্ৰভাৱাম্বিত কৰে সেই কথা সেই উপন্যাসবোৰত দেখুউৱা হৈছে।সেইবোৰ উপন্যাসত অঞ্চলটোৰ প্ৰভাৱ ইমান দৃঢ় আৰু সুদূৰপ্ৰসাৰী ভাৱে চিত্ৰিত হৈছে যে, কোনো চৰিত্ৰই তাৰ পৰা আঁতৰি থাকিব নোৱাৰে।
সাৰ্থক আঞ্চলিক উপন্যাস বুলি দাবী কৰিবলৈ হ’লে উপন্যাসখনত অঞ্চলটোৰ লয়লাস, গতিভংগী ধৰণ-কৰণ সমস্তই সামগ্ৰিক ৰুপত পৰিসফুট হৈ কলাৰ পৰ্যায়লৈ উঠিব লাগে, পাঠকৰ মানসপটত জীৱন্ত হৈ ৰোৱাকৈ চিত্ৰিত হ’ব লাগে।”‘ৰংমিলিৰ হাঁহি’ত পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং অঞ্চলৰ মাত-কথা, সমাজ ব্যৱস্থা, জীৱনধাৰা আৰু ঠাইবোৰৰ বিষয়ে ইমান জীৱন্ত চিত্ৰ অংকন কৰিছে যে ই অনাকাৰবি পাঠকক অভিভূত কৰিছে আৰু কাৰবি সমাজ আৰু ঠাইবোৰৰ বিষয়ে অন্তৰত গভীৰভাৱে সাঁচ বহুৱাব পাৰিছে।আমি বাৰু ‘ৰংমিলিৰ হাঁহি’ক এখন সাৰ্থক আঞ্চলিক উপন্যাস বুলিব পাৰোঁনে?”-এনেকৈ সোধাত
ছাৰে স্বভাৱজাত বিনম্ৰতাৰে ক’লে যে- “সেইদৰে চাবলৈ গ’লে ‘ৰংমিলিৰ হাঁহি’ক আঞ্চলিক উপন্যাস বুলি কোৱাত মোৰ আপত্তি নাই।কিন্তু কিমানদূৰ সাৰ্থক আঞ্চলিক উপন্যাস হৈছে মই ক’ব নোৱাৰোঁ, সেয়া পাঠক সমাজেহে বিচাৰ কৰিব ।মই মাত্ৰ লিখিছোঁ-ইমানেই।ভাল-বেয়া বিচাৰ পাঠকে কৰিব।ছাৰে আমাক কোৱা মতে ‘ৰংমিলিৰ হাঁহি’ লিখি সম্পূৰ্ণ কৰোতে প্ৰায় ছয় মাহ সময় লাগিছিল।প্ৰায় এবছৰ ধৰি তথ্য চিত্ৰ নিৰ্মানৰ কামত ঘূৰি ফুঁৰোতে শেষত ছাৰ টান অসুখত পৰে।ফলত তেওঁ প্ৰায় ছয় মাহ ধৰি শয্যাশায়ী হ’ব লগা হয়।সেই সময়ত তেওঁ শোৱাপাটীতে বহি উপন্যাসখন লিখি উলিয়াইছিল।
ছাৰে নিজে স্বীকাৰ কৰিছে যে-কাৰবি সমাজৰ নাৰী সম্বন্ধীয় খুটি-নাটি কথাবোৰত সহধৰ্মিণীয়ে সহায় নকৰাহ’লে, কাৰবি সমাজৰ চিত্ৰ বহুখিনি অনুজ্জ্বল হৈ ৰ’লহেতেন।ছাৰৰ সহধৰ্মিণী কানাম হাঞ্চেপীয়ে অসুখৰ সময়ত শুশ্ৰুষা কৰাৰ উপৰিও উপন্যাসখন লিখি থাকোতে বিভিন্ন ধৰনে সহায় কৰিছিল।নাৰী সম্বন্ধীয় কথাবোৰৰ উপৰি ৰংখাং অঞ্চলৰ কাৰবি সমাজৰ সামাজিক গাঁঠনি আৰু সাংস্কৃতিক জীৱন-ধাৰা , ৰীতি-নীতি সম্পৰ্কে বহুতো তথ্য দি কাৰবি সমাজৰ চিত্ৰ অংকন কৰাত যথেষ্ট সহায় কৰিছিল।
‘ৰংমিলিৰ হাঁহি’ টিভি ছিৰিয়েলখনে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিলেও ৰংবং ছাৰ উপন্যাসখনৰ চিত্ৰনাট্যৰুপত সন্তুষ্ট নহয়।আমি কাৰণ জানিব বিচৰাত ক’লে যে-“উপন্যাস উপন্যাসেই।ইয়াক চিনেমালৈ ৰুপান্তৰ কৰাটো অতি কঠিন কাম।সেয়া সম্ভৱো নহয়।কাৰণ মানুহৰ অন্তৰৰ অনুভুতি কিছুমানক চিত্ৰৰ ৰুপ দিব নোৱাৰি। ইয়াক কেৱল লিখিত ৰুপত পঢ়িবহে পাৰি।উপন্যাস আৰু চিনেমা সম্পূৰ্ণ বেলেগ মাধ্যম।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments