মোৰ প্ৰেমৰ দুটিমান পংতি লগতে এখন চিঠি (বিকাশ দাস)

মৰমৰ
—–


মৰম ল’বি বুলি কবলৈ এতিয়া তই দেখোন মোৰ কাষতেই নাই । কুশলে আছনে নাই সেয়া । বিধাতাই হে জানে । কি সতেনো চিঠি লিখো তাকেহে ভাবি আছিলো । আতৰি যাবি বুলি জানিলে কাষ নাচাপিলো হয় । কপালখনক দোষ নিদিও । দোষ কাৰ মইও নাজানো । চেহ কিয়নো চিঠিখন লিখিম বুলি মন মেলিলো , কাক পঠাম ,কোনে পঢ়িব ? তুমি………..
বোৱতী নদীখনক সুধিছো
প্রেম মানে নো কি?
ই এক সুখালাপ
নে ধুমুহাৰ শুভসংকেত…
বিষাদৰ ডাৱৰবোৰ
লাহে লাহে আতৰি
আকাশখন ফৰকাল হব ধৰিছে …
ক্ষণ গণিছো
কেৱল একাজলি পোহৰৰ… ( ২ জুন,২০১২)
তুমি এন্ধাৰ হৈ নামি নাহিবা । এনেও অমাৱস্যাৰ ক্লান্ত নিশাবোৰ বহুত ভয়ানক হয় । হুৰহুৰাই নামি আহে নিসংগতা । কিৰিলি পাৰি উঠে নিগৰি সৰি পৰা মাণিকবোৰে । এয়া ডায়েৰিখন খুলি লৈছো । আজি লিখিম কেইটামান নগ্নতাৰে ভৰা নিৰ্লজ্য কাহিনী । মোৰ নিশাবোৰত দাগ বহি গল । জুবীনে যে গাইছিল “ দাগ মোৰ বুকুতে দাগ মোৰ তেজতে দাগ মোৰ কলিজাতে ”– সেই দাগ এতিয়াও মোৰ প্ৰতিডাল শিৰাই শিৰাই জিলিকি আছে ।
মৰম
এই শব্দটো তাই বুজি নাপালে
তাই হয়তো নাজানে ভালপোৱাৰ সুবাস…(১১ জুলাই , ২০১২)
মহাসাগৰৰ বিধ্বংসী ৰূপত মুগ্ধ
মোৰ অস্তিত্ব ;
পলে পলে যেন বিচাৰি ফুৰে
বান্ধোন এৰাব নোৱাৰা এনাজৰী… ( ১২ জুলাই , ২০১২)
প্ৰেমৰ সাগৰখনত সাতুৰি ভাগৰি পৰিছো ।
অকনমানি মৰম পাবলৈ
ৰৈ থকা
নিজান দেশৰ;
অচিন যুবকৰ,
অক্লান্ত চিঞঁৰ
শুনিবলৈ আহিব নে কোনোবা ?
ৰৈ আছো
ৰৈ থাকিম …
এতিয়া বেলিতোও ডুবিব চাগে !!
সাগৰখনৰ পাৰত বহি দিন ৰাতি কটাইছো । নাৱৰীয়াইও নাৱ পাৰ চপাইছে ।
নীলিম বুকুত
অলেখ নিশা ,
সাৰ পাই উঠে
তমসা ।।
শীতল আৱৰণ
মুগ্ধ নয়ন ,
চিঞঁৰি উঠে
যৌৱন ।।
জোনাকীৰ দৰে ৰং
কঁপি উঠে দু-নয়ন ,
শুভ্র বৰণ
সিক্ত ওঁঠৰ শিহৰণ ।।( ১৫ চেপ্তেম্বৰ ,২০১২ )
বহু ৰাতি হল । মৰমৰ…. এতিয়া এৰিছো । সময় পালে লিখিম দুটিমান পংতি মোৰ জীৱনৰ ।।
কবিতা হৃদয়ৰ বিজ্ঞাপন নহয়
কিন্তু মই জনাব খোজো তেখেতক
যাৰ বাবে মোৰ কবিতা অহৰহ নিগৰি পৰে
কোনো জাননি নিদিয়াকৈ,
তেওঁক মই পাব খোজো স্বীকৃতি প্রাপ্ত বুকুৰ ভাষাৰে ।। ( ২৯ আগষ্ট ,২০১২)
ইতি
বিকাশ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments