মোৰ প্ৰেম, মোৰ সত্তা (মামণি গোস্বামী)

সুনন্দা। দেউতাই দিয়া মোৰ প্ৰিয় নামটো। লগৰ সবেই মোক কৈছিল— নামে মানুহে একেবাৰে মিলি যোৱা বুলি। মাত্ৰ মাজু মামাই কৈছিল— ধেৎ, তোৰ নামটো সুনয়নাহে হ’ব লাগিছিল— দেউতাৰে ভুল কৰিলে। মই সুনন্দা হৈয়ো ৰূপ-গুণৰ বহুতো নাম কিনিলোঁ। সুনয়না হৈ পাৰিলোঁহেঁতেন নে নোৱাৰিলোঁহেঁতেন আজি ঠিক ধৰিব পৰা নাই৷ মোৰ অতীত, মোৰ বৰ্তমান এতিয়া সব সানমিহলি হৈ গৈছে। মোৰ একাকীকত্ব মোৰ একান্ত নিজৰ হৈ পৰিছে। মোৰ দুখ-বেদনা কিবা আছেনে নাই, মই নিজেই ধৰিব নোৱাৰা হৈছোঁ। মোৰ বেদনাৰ অংশ এটা কেতিয়া জানো দেউতাৰ বুকুলৈয়ো কুৰুকি কুৰুকি সোমাই গৈছিল। সেই বেদনা লৈয়ে মোৰ মৰমৰ দেউতা এদিন এই ধৰাৰ পৰা সৰগলৈ গুচি গৈছে। এখন দুৱাৰ- এন্ধাৰ চাৰিওফালে-তাতে যেন এজনী ছোৱালী ছাঁ এটাৰ দৰে থিয় হৈ গোটেই আকাশখন চকুৰেই ফালি ফালি চাইছে- দেউতাক ক’ৰবাত আছে নেকি ! নাই ক’তো নাই। তাইহে অকলশৰে থিয় হৈ আছে। সুনন্দা দুৱৰা। বনৰীয়া জুৰি এটিৰ দৰে চঞ্চলা, উদ্ভিন্ন যৌৱনা, অতি মেধাযুক্তা সুনন্দা দুৱৰা। দিল্লী বিশ্ববিদ্যালয়ৰ সকলোৰে পৰিচিত সুনন্দা। শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আটাইবোৰৰে প্ৰিয়পাত্ৰী সুনন্দা। ছাত্ৰ ইউনিয়নৰ সাধাৰণ সম্পাদিকা হৈ বিপুল ভোটত জিকি অহা সুনন্দাক অভিনন্দন নজনোৱা মানুহ কোনোৱেই নাছিল। আটায়ে তাইক জিকাইছিল, ভাল পাইছিল আৰু ইউনিয়নখন প্ৰাণচঞ্চলা হোৱাটো বিচাৰিছিল। সুনন্দায়ো যৎপৰোনাস্তি চেষ্টা কৰি, নিজৰ creative মনৰ পৰিচয় দি এই সময়তে বহুত কাম কৰিছিল। তাইক এই সময়ছোৱাত সৰ্বতোপ্ৰকাৰে সহায় কৰিছিল পাতিয়ালাৰ পাঞ্জাবী ল’ৰা সৰঞ্জিতে। এই সৰঞ্জিতৰ লগতে একে ঠাইৰে একেলগে পঢ়া বিন্দুও আহি সুনন্দাৰ বন্ধু হৈ পৰিছিল। সিহঁত দুয়ো শৈশৱৰে বন্ধু। বিন্দুৱে মাজে মাজে সুনন্দাক জোৰ কৰিছিল— তাইৰ ককায়েক মনিন্দৰ সিং , আই.এ.এছ অফিচাৰক বিয়া কৰাবলৈ। তিনি বন্ধুৱে বহুত কাম বহুত সময়ত একেলগে কৰা, কথাৰ পিছত এদিন সুনন্দাই নিৰিবিলি মুহূৰ্ত এটাত বিন্দুক কৈছিল, সৰঞ্জিত তাইৰ হৃদয়ৰ আসনত নিকপকপীয়াকৈ বহি লৈছে। একেবাৰে প্ৰাণসখাৰ ৰূপত। বিন্দুৰ ‘কোই বাত নেহি’য়ে সুনন্দাৰ প্ৰেম গাঢ় হোৱাত সহায় হৈছিল। সৰঞ্জিত সুনন্দাই পিছলৈ ‘Indian Foreign Service’ লৈ সুখ্যাতিৰে জীৱন নিৰ্বাহ কৰিছিল। কৰ্মক্ষেত্ৰত বহু ঠাইলৈ অহা-যোৱা কৰিবলগীয়া হওঁতে দুয়ো বেলেগ বেলেগ ঠাইত বিন্দুৰ ককায়েক মনিন্দৰ সিঙক লগ পায়। বিন্দুৰ বন্ধুক মনিন্দৰে ভনীয়েক বিন্দুৰ দৰেই চেনেহ কৰিছিল। বিন্দুৱে পঢ়া শেষ হওঁ-নহওঁতেই আমেৰিকালৈ গুচি গৈছিল। তাতে তাই পাঞ্জাবী ল’ৰা এজন বিয়া কৰাই ঘৰ-সংসাৰ গঢ়ি দুটা ল’ৰা-ছোৱালীৰ মাক হৈছিল। (মনিন্দৰে দিয়া, বিন্দুৱে সিহঁত দুয়োকে দি থকা খা-খবৰে আটাইকে আনন্দিত কৰি ৰাখিছিল।) বিন্দুৱে আমেৰিকাত Media Management-ৰ ভাল চাকৰি কৰিছিল। সিহঁতৰ ল’ৰা-ছোৱালীহালক লৈ বিন্দুহঁত এবাৰ আহি সৰঞ্জিত সুনন্দাৰ ঘৰত আলহী হৈ থাকি গৈছে। গোটেইবোৰৰ এখন ডাঙৰ ছবি এতিয়াও সুনন্দাৰ দ্ৰয়িংৰুম শুৱাই আছে। ছবিখন গুচাই পেলাব বুলি ঠিক কৰিও সুনন্দাই আঁতৰাব পৰা নাই। বিন্দুৰ গাৰ ৰং আৰু জোঙা নাক, দেউতাক যশবিন্দৰৰ ওখ-পাখ ঋজু দেহৰ সুষমাই, সুন্দৰ মাত-কথাই, সিহঁতহালে সৰঞ্জিত সুনন্দাৰ হৃদয় অধিকাৰ কৰি থৈছে৷ যশবিন্দৰ সিং যথেষ্ট ৰক্ষণশীল আৰু কথা-বতৰা কম কয়৷ অতি ভদ্ৰ আৰু আমেৰিকাৰ সামাজিক প্ৰভাৱ তেওঁৰ মনৰ ওপৰত সম্পূৰ্ণকৈ পৰিছে বুলি ধাৰণা এটা লগ পোৱা মাত্ৰেই হয়৷ যশবিন্দৰ আমেৰিকাতে জন্ম হৈ ডাঙৰ-দীঘল হৈছে৷ ল’ৰা-ছোৱালী দুটাৰ খুব মৰমীয়াল পিতৃ যশবিন্দৰ৷ সিহঁত দুটাৰ ৰক্ষণাবেক্ষণৰ প্ৰতি সদাসচেতন৷ বিন্দুৰ প্ৰতিও তেওঁৰ অপাৰ মৰম আছিল৷ বিন্দুৱে মোৰ ঘৰত থাকোঁতে এদিন কৈছিল— “যশবিন্দৰ বৰ মৰমিয়াল মানুহ বুইছ, সুনা, ‘I am almost in sea of love’ তইও চাগে নহয়? সৰঞ্জিতক মই আৰু চিনি পাবলৈ বাকী নাই। সেই ল’ৰালি কালৰে পৰা একেলগে ডাঙৰ-দীঘল হ’লো- মই তাক হাড়ে-হিমজুৱে চিনি পাওঁ। সি অত্যন্ত কোমল অন্তৰৰ ল’ৰা। তহঁতৰ সংসাৰ বঢ়োৱাৰ পৰিকল্পনা নাই নেকি?’ প্ৰিয় বান্ধৱীৰ আগত স্বীকাৰ কৰি পেলাইছিল তেওঁৰ জীৱনৰ আটাইতকৈ গুৰুতৰ দুৰ্বলতাটো। সৰঞ্জিতৰ প্ৰেম একান্ত মোৰ নিজৰ কৰি ৰখাৰ বাবেই এই ব্যৱস্থা। আমাৰ প্ৰেম আমাৰ ভালপোৱা কেৱল আমি দুজনৰ বাবেহে। অতি সংৰক্ষিত। আনৰ অনুপ্ৰৱেশ তাত নাই। গতিকেই আমাৰ ‘Sea of Love’ নহয় – ‘Pond of Love’ হে। ‘Sea’ হ’লে খুব বেছি অসীম হয় – বহুতৰ তাত প্ৰৱেশ ঘটিব পাৰে। দুইজনীয়ে দুয়োৰে কথাত যিমান পাৰে হাঁহিছিল আৰু কথাই কথাই বহুত কথা সিহঁত দুজনীয়ে কৈ পেলাইছিল। কথাবোৰ কিন্তু সুসংৰক্ষিত নাছিল।

প্ৰেড়িত আৰু জীৱিত এতিয়া আঠ, ন বছৰীয়া। কুন্দত কটা চেহেৰা লৈ সিহঁত দুটা আকৰ্ষণ বিন্দু আছিল সকলোৰে। বিন্দুৱে সৰঞ্জিত আৰু সুনন্দাক সকলো খা-খবৰ সদায়ে ফোনেৰে আমেৰিকাৰ পৰা জনায়ে আছিল। এদিন ফোনতে বিন্দুৱে কৈ দিলে যশবিন্দৰৰ লগত তাইৰ মনোমালিন্য হৈছে। তাইৰ প্ৰেমৰ সাগৰত কেৱল বালিহে আৰু তাকো শামুকৰ খোলৰে ভৰা। তাই প্ৰেড়িত আৰু জীৱিতক লৈ অসমলৈ ঘুৰি আহিব- একেবাৰে উভতি যোৱাৰ পথ বন্ধ কৰি। সিহঁতৰ আইতাকে খুব কন্দা-কটা কৰিছে। তাইৰ হৃদয় এতিয়া শিলেৰে বন্ধোৱা- তেওঁৰ অনুকম্পাই তেওঁক এতিয়া গলোৱা টান। যশবিন্দৰ ইজ ফাইন। ‘He will have lots of fun while we are gone.’ সিহঁত আহি দিল্লীতে ‘Settle’ কৰিবহি বুলি ঠিক কৰিছে। টকা পইচা যথেষ্ট আছে। অভাৱ বুলি কথা নাই। গতিকে সিহঁতক কৰাত সহায় বিচাৰিছে- সৰঞ্জিত আৰু সুনন্দাৰ পৰা। কোনো অসুবিধা নোহোৱাকৈ সিহঁতৰ থকা মেলাৰ বাবে ফ্লেট, স্কুল, দোকান-পোহাৰ, চিনেমা, ৰেষ্টোৰা, পাৰ্ক, চুইমিং পুল আটাইবোৰৰ অৱস্থান অনুসৰি ‘Housing Plan’ হৈ গ’ল। সৰঞ্জিতে চব অকলেই কৰিছে। কেতিয়াবা ‘Supervise’ কৰিবলৈ সুনন্দাক লগত লৈ যায়। আমেৰিকাৰ ফোন কলে সৰঞ্জিতৰ দিনটোৰ বেছি দিন সময় অধিকাৰ কৰি ল’লে। বিন্দু হ’ত আহি পাবৰ হ’লহি। সিহঁত তিনিও প্ৰথম সাতদিন সৰঞ্জিত আৰু সুনন্দাৰ লগত থাকিব। তাৰ পিছতহে ফ্লেটত সোমাবগৈ।


সুনন্দাহঁতৰ ঘৰটোলৈ এজাক বলিয়া ধুমুহাহে যেন সোমাই আহিল। মালপত্ৰবোৰ আহি নোপোৱালৈকে বিন্দু আৰু ল’ৰা-ছোৱালী দুটা সিহঁতৰ ঘৰত থাকিল। সৰঞ্জিতে মাজে-মাজে অফিচো খতি কৰিবলগীয়া হ’ল। সুনন্দা অফিচ গৈ থাকিল। প্ৰমোচন এটাও অতি সোনকালে হৈ গ’ল আৰু ভাবিব নোৱাৰা ধৰণেৰে ব্যস্ততাও বাঢ়ি গ’ল। বিন্দুহঁত ফ্লেটটোলৈ গ’লগৈ। অফিচৰ পৰা আহি সুনন্দাৰ কিবা বৰ খালী খালী লাগিল। বিন্দুলৈ ফোন কৰি কথাটো ক’লে। বিন্দুৱে হাঁহি হাঁহি ক’লে- সৰঞ্জো আমাৰ ইয়াতে আছে। আমাৰ বিছনাখন ‘fit’ হোৱা নাই বাবে মিস্ত্ৰী লগাইছে। তই মিছ কৰিছ যদি মই ড্ৰাইভাৰৰ লগত প্ৰেড়িত আৰু জীৱিতক এইমাত্ৰ তোৰ তালৈ পঠাই দিছোঁ। সুনন্দাই একপেকেট চেন্দুইচ আৰু দুই বটল ক’কাকোলা লৈ ফুলনিতে বহি থাকিলগৈ। প্ৰেড়িত আৰু জীৱিত ৰাতিলৈকে থাকিল। ভাত-পানী খাই বেচ দেৰিকৈ সিহঁত ঘৰলৈ যাবলৈ ওলাল। সুনন্দা আৰু সৰঞ্জিত উভতি ঘৰলৈ আহোতে মাজনিশা। ৰাতিপুৱাই বহু কাম আছে বুলি দুয়ো শুবলৈ গ’ল।

প্ৰায় ছমাহমান লাগিল বিন্দুহঁতৰ থানথিত লাগি উঠিবলৈ। এক অৰ্থহীন ‘Rate Race’ত আমি দুইটা পৰিয়াল দৌৰিবলৈ লাগিলোঁ। কাৰো ক’তো, কোনোফালে চাবলৈ, ৰ’বলৈ সময় নাই। কেৱল চৰৈৱেতি চৰৈৱতি। অফিচৰ কামকে লৈ অতিশয় ব্যস্ত থকাৰ পাছত হঠাৎ নিজকে আৱিষ্কাৰ কৰিলোঁ- এজনী ডেউকা ভঙা, নীৰহাৰা পক্ষীৰ ৰূপত। মোৰ ভৰিৰ তলৰ মাটিখিনি তেতিয়া প্ৰচণ্ডভাৱে লৰিছিল, মোৰ মূৰৰ ভিতৰখন তেনেই শূন্য যেন লাগিছিল।  আৰু অবিশ্বাস্য একাকীকত্বই এফালৰ পৰা মোক গ্ৰাস কৰি আনিছিল। মোৰ ত্ৰাণকৰ্তা কোনো নাছিল। ঈশ্বৰবিহীন এখন পৃথিৱীত বাস কৰা ময়েই যেন একমাত্ৰ বাসিন্দা। মোৰ ফোনৰ Emergency Button টো টিপিছোঁ, উস্ , ইমান আন্ধাৰ কিয়?

        এয়া মই সুনন্দা দুৱৰা- মিচেচ সুনন্দা সৰঞ্জিত, আই .এফ . এচ . বহি আছে বিখ্যাত চাইকিয়াট্ৰিক কন্ চাল্ টেন্ট  অশোক ডি . মেহৰাৰ সমুখত। তেখেতে মোক খুব কাতৰ অনুৰোধ জনাইছে-মিচেচ্ সুনন্দা, প্লিজ আপুনি ক’অপাৰেট্ কৰক। আপোনাৰ কথা মোক জানিবলৈ দিয়ক। সব কথা খুলি কওক। আপোনাক কিহে আমনি কৰিছে? আপোনাৰ অফিছৰ কামৰ খতি হৈছে- আপুনি যিমান সোনকালে পাৰে কামত যোগদান কৰক। আপুনি অলপ আউটিং কৰি আহক। চুইমিং কৰি ভাল পায়নে? ৰেলত যাওক। জাৰ্ণি কৰিলে দুই এক বন্ধু থাকিলে ভাল লাগিব। অলপ দূৰ ঠাইলৈ যাওক, দুমাহমান থাকি আহিলে চব ঠিক হৈ আহিব। I wish you all the success. ড° অশোক ডি . মেহৰাই পেচেন্টৰ টোকাত লিখি দিলে- Almostba hopeless case. No co-opreation from the patient. Sorry.

   অসমৰ পৰা দেউতাৰ ফ’ন আহিল। সেহাই-সেহাই বহুত সময় ডিঙিটো পৰিস্কাৰ কৰি কৰি দেউতাই মোক কৈছিল-মাজনী, তোৰ লগত এয়া মোৰ শেষ কথা চাগে। মোৰ গা অত্যন্ত বেয়া-মই আৰু নাবাচিম। মোৰ ভিতৰত থকা দেউতা সত্তাটোৱে তোৰ সমগ্ৰ দুখ, বেদনা-অপমান নিজৰ বুকুলৈ কঢ়িয়াই আনি দুখ উপলব্ধিৰ চেষ্টা কৰিছোঁ । তোৰ দুখ বেদনাবোৰ মোৰ হৃদয়লৈ স্থানান্তৰ কৰ।তই সুস্থিৰ হ। তোক চাবৰ বৰ মন গৈছে। এবাৰ আহিবিনে সোণজনী? মোৰ ফোনৰ তাঁৰডাল মই আজুৰি চিঙি দিলোঁ। দেউতা, মই আৰু সহ্য কৰিব নোৱাৰোঁ । মোৰ পাগলৰ দৰে কান্দোনৰ শব্দই তচ্ মিনা বাইক মোৰ ওচৰলৈ দৌৰাই আনিছিল। তচ্ মিনাই মোৰ হাত ভৰি, বুকু পিঠি চবতে হেঁচি-হেঁচি পিটিকি আছিল। মোৰ বুকুত হাত দি কৈছিল-বাইদেউ, আৰু কিমান কান্দিবি? তোৰ বুকুৰ পাঁজৰা ভাগি যাব। বদ্লা ল’ব পাৰিবি বাইদেউ? বদ্লাৰ বাহিৰে একো নাই এই দুনিয়াত। দাদাই তোক ঠগিছে-শেষ কথা তোক কি ক’লে বাইদেউ? ফোনটো তই কিয় চিঙিলি? কি কৈছে তোক? ফটোখন কিয় ভাঙিলি তহঁ‌ত দুটাৰ? ফোন কলটো দাদাৰৰ নাছিল তচ্ মিনা। মৃত্যুমুখী মোৰ দেউতাৰহে আছিল। দেউতাই শেষ কথাটো মোক কৈছিল-তেওঁ‌ৰ পিতৃসত্তাৰ দোহাই দি। প্ৰেড়িত জীৱিতৰ মৰম আব্দাৰে তেওৰ ভিতৰত শুই থকা পিতৃ সত্তাটোক কেনেধৰণেৰে জগাই দিলে-কেনে ধৰণে বাৎসল্য প্ৰেমৰ পাৰ ভাগি দিলে আৰু প্ৰায় অজানিতে কেনেকৈ সিহঁ‌ত হালৰ দেউতাকলৈ ৰূপান্তৰিত কৰিলে তাৰ কাহিনী। বিন্দুৱেও নিশ্চয় তেওক ভাল পাইছিল। সেয়ে সৰঞ্জিত আজি সুনন্দাৰ জীৱনৰ পৰা হেৰাই গৈছে। আৰু এইমাত্ৰ, মোৰ প্ৰাণাধিক দেউতাই এই সংসাৰৰ পৰা বিদায় ল’বৰ পৰত একে ধৰণৰ পিতৃসত্তাৰ দোহাই দি মোৰ বেদনাভৰা অন্তৰ সম্পূৰ্ণ খালী কৰি নিয়াৰ প্ৰয়াস কৰিছে। মোৰ অন্তৰ, মওৰ হৃদয়, মোৰ সত্তা আৰু মোৰ আৱেগ আজি শূন্য হোৱাৰ পথত। মোৰ হৃদয়-মোৰ একান্ত আপোন মোৰ মন আজি ৰিক্ত, শূন্য আৰু প্ৰেৰণাহীন। মই মোৰ বুকুৰ টনটনাই থকা দুখটো লৈ আৰু কিমান দিন এনেকৈ চলিম তচ্ মিনা? বদ্ লা মই কেনেকৈ ল’ম? মোৰ দ্ৰেচিং আইনাখনৰ সমুখত সেয়া মোৰ আৰু সৰঞ্জিতৰ যুগ্ম ফ’টোখন-তলৰ কেপ্চনটো ময়েই দিছিলোঁ- সুসৰঞ্জিত। সৰঞ্জিতে খুব ভাল পাইছিল কেপচনটো। ফ’টোখন কালি ময়েই ভাঙি পেলালোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments