মোৰ বাবে নাৰী কিয় অৰ্ধাকাশ নহয় বা মই নাৰীবাদত বিশ্বাসী নহওঁ কিয়…(সুৰজিত নেওগ)

 

মোৰ বাবে নাৰী কিয় অৰ্ধাকাশ নহয় বা মই নাৰীবাদত বিশ্বাসী  নহওঁ কিয়…

সুৰজিত নেওগ

 

এটা থিম, এক বিষয় আৰু তাৰ ওপৰত আলোকপাত কৰি এক লেখনী । বিভিন্ন লেখক লেখিকাৰ ভিন্ন স্বাদৰ লেখাসমূহ যেতিয়া পঢ়ো, তেতিয়া নিজকে এনে এক লেখকৰ ৰূপত কল্পনা কৰি চাওঁ; কিজানিবা মইও লেখিব পাৰিম । কলম কাগজৰ লগত সম্পৰ্ক ছেদ হওঁ হওঁ, বিশেষকৈ নিজ মাতৄভাষাটোৰ ক্ষেত্রত; কাৰক বহুবোৰ । কম্পিউটাৰটোৰ জহত যেনিবা অসমীয়া লিপিটো ভুলে শুদ্ধে লেখিব পৰা হৈছোঁ গৈ । তথাপিও লেখক আৰু মই ? নিজৰ সীমাবদ্ধতাৰ বিষয়ে জ্ঞাত মই; মইনো কি লেখিম ? অকপটে স্বীকাৰ কৰো, মোৰ কাহানিও আৰু ভবিষ্যতে কেতিয়াও এজন ‘লেখক’ বা ‘সাহিত্যিক’ হ’ব পৰাৰ নূন্যতম জ্ঞান, টেলেন্ট বা ধৰ্য কোনোটোৱেই নাছিল, নাই আৰু নহ’বও । এজন ‘লেখক’ হ’বলৈ যিটো প্র্ধান গুণৰ দৰকাৰ, মানে লেখা বিষয় এটাৰ ওপৰত থাকিব লগীয়া সম্যক আৰু নূন্যতম জ্ঞান, বিশ্লেষণাত্মক দৃষ্টিভংগী, বিষয়বস্তুটো নিয়াৰিকৈ সজাই পৰাই পাঠকে সহজে বুজি পোৱাকৈ তুলি ধৰা, এইবোৰৰ কোনো এটাই মোৰ নাই । তথাপিও চেষ্টা এটা চলাই চাওঁচোন… কিজানিবা, ক’ৰবাত, কেতিয়াবা …. । যিকি নহওক, পাতনি মেলিলোঁ যেতিয়া শেষ কৰিবও লাগিব ।”

 

হয়, মই নাৰীক ‘অৰ্ধাকাশ’ বুলি নাভাবোঁ । ফ্রয়েদিয়ান তত্ব্ যি পুংখানুপুংখভাৱে নাৰী পুৰুষৰ চিৰন্তন বান্ধোন বা সম্পৰ্কৰ ওপৰত আলোকপাত কৰিছে, সামাজিক বা অসামাজিক যি পৰিস্থিতিতেই নহওক কিয়, আমি বহুতেই বহু সময়ত তাক অৱজ্ঞা কৰি আহিছোঁ । নিজ নিজ চেতন আৰু অৱচেতন মনৰ দ্বাৰা চালিত হৈ আমি আমাৰ চৌপাশৰ ক্রিয়া-প্রতিক্রিয়া, আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন প্রয়োজন বা আত্মীয় স্বজন, বন্ধু-বান্ধৱৰ প্রতি আমাৰ ব্যৱহাৰ, বিপৰীত লিংগৰ প্রতি আমাৰ বৈধ বা অবৈধ আকৰ্ষণ আদি বহু কথা সামৰা ফ্রয়েদিয়ান তত্ব্ক পিছে আমি একেষাৰে নুই কৰিব নোৱাৰোঁ । পুৰুষৰ দৃষ্টিত নাৰী ‘অৰ্ধাকাশ’ বা সেই একেই দৃষ্টিৰে নাৰীয়েও পুৰুষক অৰ্ধাকাশ বুলি কোৱাটো ফ্রয়েদ কেতিয়াও মানি লোৱা নাই । মানৱৰ সৃষ্টিৰ আৰম্ভণিতে আডাম আৰু ইভে যেতিয়া সেই নিষিদ্ধ আপেলটো খাইছিল, তেতিয়া বাৰু আডামে ইভ’ক তেওঁৰ অৰ্ধাকাশ বুলি ভাবিছিল নে ? বা আডামে এবাৰলৈও ‘নাৰীবাদ’ৰ বিষয়ে ভাবিছিল নে ? এইবুলি ভবাৰ কিবা থল আছিল নে ? মোৰ মতে, নাই ভবা । কিয় মই তেনেকৈ ভাবো, পিছত ক’ম ।

এই ‘অৰ্ধাকাশ’ৰ ধাৰণাটো তেন্তে আহিল ক’ৰ পৰা ? মই যিমান দূৰ বুজি পাওঁ, আমি ৩৬০ ডিগ্রী কোণত দেখা আকাশখনৰ আধাই অৰ্ধাকাশ; নহ্য়জানো ? মোৰ ৪৫ বছৰীয়া জীৱনৰ বিভিন্ন সময়ত বিভিন্ন নাৰীৰ প্রভাৱ অপৰিসীম আৰু মই নিশ্চিত, এনে প্রভাৱ ভবিষ্যতলৈও থাকিব । যাৰ জহত মই এই বিনন্দীয়া ধৰাখন দেখা পালো, সেইগৰাকী নাৰী, মোৰ মাৰ উমাল বুকুত সোমাই যেতিয়া মই একো বুজি নোপোৱাকৈ বা একো নজনাকৈয়ে আটাইতকৈ নিৰাপদ অনুভৱ কৰিছিলোঁ, সেইগৰাকী নাৰী মোৰ বাবে অৰ্ধাকাশ কেনেকৈ হ’ব ? তেওঁ মোৰ বাবে সেই সময়ত এক সম্পূৰ্ণ আকাশেই আছিল । ঠিক আকাশখনৰ দৰেই এটা মমতাৰ ছাটিৰ তলত যেন তেওঁ মোক নিৰাপদে ৰাখিছিল । পৰিবেশ, সময় বা বয়স অনুসৰি এই ছাটিটো সলনি হ’ব পাৰে কিন্তু ই কেতিয়াও আধাখোলা হৈ থাকিব নোৱাৰে । কৈশোৰ পাৰ হৈ যৌৱনৰ দুৱাৰডলিত থিয় হৈ যেতিয়া ‘প্রেম’ নামৰ শব্দটোৰ বিষয়ে ধুঁৱলী-কুঁৱলী কিবা এটা ৰঙীন ধাৰণাই গঢ় ললে তেতিয়াও কোনো এগৰাকী নাৰী মোৰ বাবে এক সম্পূৰ্ণ আকাশ যেনেই আছিল । যদিও সেয়া সচৰাচৰ infatuation য়েই আছিল, তথাপিও সেই সময়্ত সেই নাৰীগৰাকীয়ে মোৰ মুৰৰ ওপৰত থকা ‘ছাটিটো’ সম্পূৰ্ণৰূপে আৱৰি আছিল । পিছলৈ বয়স বাঢ়ি অহাৰ লগে লগে মনটো কিছু পৈণত হ’ল আৰু তেতিয়াহে কিজানি ‘প্রেম’ৰ আচল সংজ্ঞাটো অনুধাৱন কৰিবলৈ সক্ষম হলো; সেইসময়তো এগৰাকী নাৰীয়ে মোৰ ওপৰৰ সম্পূৰ্ণ আকাশখন আৱৰি আছিল । আৰু সেইগৰাকী নাৰী এতিয়া মোৰ অৰ্ধাংগিনী কিন্তু মোৰ ‘অৰ্ধাকাশ’ নহ্য় । সেই একেগৰাকী নাৰীয়েই মোৰ বাবে আৰু মোৰ ল’ৰাটোৰ বাবেও এক সম্পূৰ্ণ আকাশ; হয়তো ভিন্ন প্রয়োজনত । আৰু মই নিশ্চিত যে এই আকাশখনে মোক সম্পূৰ্ণৰূপে ঢাকি ৰাখিব আমৄত্যু ।

নাৰীবাদৰ দৰে পুৰুষবাদ আছে নেকি ? নাই । কাৰণ এই ‘নাৰীবাদ’ৰ সমগ্ৰ চিন্তাধাৰাটোৰ সৃষ্টি হৈছে পুৰুষসকলে (ব্যতিক্ৰমী কিছু সংখ্যকক বাদ দি গৰিষ্ঠ সকলে) যুগ যুগ ধৰি নিজ সুবিধা অনুসৰি নাৰীৰ ওপৰত চলাই অহা অনাধিকাৰ আধিপত্যৰ ফলশ্ৰুতিত । পুৰুষৰ ‘মইবৰ’ ভাৱ, অহমিকা আৰু উচ্চাত্মিকাবোধ (superiority complex) কিজানি দেহৰ ৰন্ধ্রে ৰন্ধ্রে সিৰাই উপসিৰাই বিৰাজমান । কেতিয়াবা যদি চিকিৎসা বিজ্ঞানে এনে কিবা উপায় উলিয়াব পাৰে যাৰ দ্বাৰা পুৰুষৰ এই গুণবোৰ (দোষ ?) জুখিব পৰা যাব, তেতিয়াহে আচলতে আমি উপলব্ধি কৰিব পাৰিম কিজানি এই ‘নাৰীবাদ’ৰ সৄষ্টিৰ আঁৰৰ কথা !! মন কৰক, নাৰীবাদ বা নাৰী-স্বাধীনতাৰ ওপৰত লেখা মেলা কৰা সৰহভাগেই কিন্তু পুৰুষ । এইকথাটোৱে যদিও একো প্রমাণ কৰিব নোৱাৰে, তথাপিও আকাৰে ইংগিতে বহু কথাই কৈ যায় । “লাউ যিমানেই ডাঙৰ নহওক, সদায় পাতৰ তল” – নিশ্চিত ৰূপে ক’ব পাৰি, এইষাৰি কোনো নাৰীৰ সৄষ্টি নহয় । আমি যদি সকলোৱে ভাৱো আৰু উপলব্ধি কৰোৱেই যে নাৰী আৰু পুৰুষ সমান তেন্তে নাৰীবাদক লৈ আলোচনা কৰাৰ থল ক’ত ? অৱশ্যে এইটো সঁচা যে ‘নাৰীবাদ’ৰ ওপৰত বহু কিবা কিবি লেখি নিজকে এজন চিন্তাশীল লেখক, সাহিত্যিক হিচাপে প্ৰতিস্থিত কৰিব পাৰি ।

নাৰীবাদৰ লগত নাৰী স্বাধীনতাৰ ওতঃপ্ৰোত সম্পৰ্ক নিশ্চয়কৈ আছে । কিন্তু আমাৰ মাজত এনে কেইজন পুৰুষ আছে যিয়ে এগৰাকী নাৰীৰ স্বাধীনতা সম্পৰ্কে সচেতন ? যদি এনে পুৰুষৰ সংখ্যা বেছি, তেন্তে আমি নিশ্চয় এখন ওখখাপৰ সমাজৰ বাসিন্দা । সমগ্র দেশৰ তুলনাত আমাৰ ৰাজ্যখনত আমি নাৰীক এক সুকীয়া উচ্চ আসন দিও; ই আমাৰ বাবে অত্যন্ত গৌৰৱৰ কথা । সৌ সিদিনা এগৰাকী লেখিকাৰ এই বিষয়ৰ লেখা এটাত পঢ়িলো এগৰাকী নাৰীয়ে কিয় তেওঁৰ শিক্ষাগত অৰ্হতাটো আনৰ আগত কমকৈ ক’ব লগা হয়…! মই খুব ওচৰৰ পৰা জনা এক অসমীয়া দম্পত্তি, দুয়োৰে উচ্চতম শিক্ষা আছে, তিনিটা ল’ৰা-ছোৱালীৰে এক সুখৰ সংসাৰ । বিদেশৰ নাগৰীকত্বও পাইছে । কিছুদিন আগতে বিবাহ-বিচ্ছেদ হৈছে; কাৰণ, স্ত্রীয়ে স্বামীতকৈ বেছি উপাৰ্জন কৰে । মোৰ আগত স্ত্রীগৰাকীয়ে অকপতে স্বীকাৰ কৰিছে । কি ক’ম ? আমি নাৰীবাদৰ, নাৰী স্বাধীনতাৰ আৰু নাৰীৰ সম অধিকাৰৰ কথা আওৰাই থাকো, অথচ চিটিবাচত নাৰীৰ বাবে সুকীয়া আসনৰ ব্যৱস্থাও ৰাখোঁ । সংসদত নাৰীৰ বাবে সুকীয়া আসন সংৰক্ষণৰ ব্যৱস্থা ৰাখি আচলতে আমি কি সূচাইছো ? ‘হে নাৰী সকল, তোমালোক আমাৰ সমান নহয় আৰু সেইদৰে সম্পূৰ্ণ স্বাধীনো নহয়; সেয়ে তোমালোকৰ বাবে বেলেগকৈ আসন সংৰক্ষণ কৰিছোঁ ।’ যদি সংৰক্ষণ কৰিবই লাগে, তেন্তে সমানভাৱে ৫০-৫০ নহয় কিয় ? আটাইতকৈ আচৰিত আৰু উদ্বেগজনক কথা হ’ল এইযে এনেধৰণেৰে কিছু শতাংশ সংৰক্ষণেৰে নাৰীক যে পুতৌ কৰা হৈ আছে তাৰ প্র্তিবাদ কিন্তু নাৰীসকলৰ ফালৰ পৰা তেনেই ক্ষীণ ….।

কৈ থাকিলে বহু কথা ওলাই থাকিব । মোৰ বদ্ধমূল ধাৰণা, যেতিয়ালৈকে আমি পুৰুষসকলে নাৰীক এক সুকীয়া সত্বা বুলি ভাবি শ্রদ্ধা কৰিব নোৱাৰিম, তেতিয়ালৈকে এনে নাৰীবাদ, নাৰীস্বাধীনতা বা ‘নাৰী, তুমি অৰ্ধাকাশ’ জাতীয় চিন্তা-চৰ্চা চলিয়েই থাকিব ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments