মোৰ বিলৈ – বন্দিতা ভূঞা

কেতিয়াবা অলপ সৰহীয়াকৈ আলহী আহিলে আপোনালোকৰ কি দশা হ’য় নাজানো দেই৷ মোৰ কিন্তু থৰকবৰক অৱস্থা হ’য়, ইটো কৰোঁ নে সিটো কৰোঁ, মগজুৱে কাম নকৰা হ’য়৷ আজিকালি অৱশ্যে অলপ চালাক হ’লো, পৰিস্থিতিয়ে বহুখিনি শিকালেও৷ পিছদিনা যদি দুপৰীয়া ভাত খোৱাকৈ আলহী আহিব লগা আছে, তেনেহলে আগদিনাই গৃহস্থক কৈ মাছ, মাংস দুয়োবিধ আনি একদম ঠিকঠাক কৰি থৈ দিও, মানে মাংসখিনি মা- মছলা দি অকণমান ফ্ৰাই কৰি ফ্ৰীজত থৈ দিওঁ আৰু মাছখিনি পুৰা তেলত ভাজি একদম ৰেডি কৰি থৈ দিওঁ যাতে পিছদিনা জোলখিনি বনাই মাছখিনি তাত পেলাই দিব পাৰোঁ৷ মুঠতে সহজ পদ্ধতিবোৰ বিচাৰি থাকোঁ৷

আলহী আহিলে যদি ৰন্ধা-বঢ়াতেই ব্যস্ত থাকোঁ, তেনেহলে কথা পাতিম কেতিয়া? কিন্তু তথাপি মোৰ বিলৈৰ অন্ত নাই৷ এবাৰ এওঁৰ এজন বন্ধু সপৰিয়ালে আমাৰ তাত দুপৰীয়া ভাত খোৱাকৈ আহিল৷ দূৰৈৰ বন্ধু, বহুদিন দেখা সাক্ষাৎ হোৱা নাছিল, গতিকে এওঁৰ গাত ততেই নাই৷ বন্ধু হেনো বহুত জুতিখোৱা, গতিকে মোৰ গাত তত নাই৷ ৰাতিপুৱাৰপৰা পাকঘৰতেই ব্যস্ত বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰাত৷ মাজে মাজে ভণ্টীক ফোন কৰি প্ৰস্তুত প্ৰণালীৰ বিষয়ে অৱগত হওঁ৷ তাই আকৌ এইবিধ বিষয়ত খুবেই পাকৈত৷ মুঠতে মূৰৰ ঘাম মাটিত পেলাই (খাদ্য বস্তুত পৰা নাই দেই আক’) বন্ধুৰ কাৰণে বিভিন্ন ডিচ্ তৈয়াৰ কৰিলোঁ৷ শেষত যেনিবা পাকঘৰৰপৰা মুক্ত হ’লোঁ৷ গা-পা ধুই ফ্ৰেছ হৈছিলোঁহে আলহী আহি হাজিৰ৷ গতিকে তৎপৰতাৰে আলহী সোধপোছৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ল৷

বিভিন্ন কথাৰ মহলা মাৰি উঠাৰ পিছত, ইতিমধ্যে চাহৰ বৃহৎ পৰ্বৰ সামৰণি ঘটিছিল৷ বন্ধু হেনো বৰ খাদ্যৰসিক মানুহ, গতিকে গৃহস্থই চকুৰ থাৰেৰে মোক ভাতৰ যা-যোগাৰ কৰিবলৈ ইংগিত দিলে৷ মই উঠি আহিলোঁ, পিছে পিছে বন্ধুপত্নীও উঠি আহিল, মোক হেনো যা-যোগাৰ কৰাত সহায় কৰি দিব৷ মই আকৌ এদিনীয়া আলহীক কাম কৰিবলৈ দিমনে? জোৰকৈ বহুৱাই থৈ ভাতৰ টেবুল সজোৱাত লাগিলোঁ৷ বন্ধুৱে আৰঁচকুৰে লক্ষ্য কৰি থকা যেন লাগিল৷ বৰ থুলন্তৰ চেহেৰাৰ মানুহ, গতিকে পেটত চাগে নিগনি দৌৰিছে৷ মই দৌৰাদৌৰিকৈ টেবুল সজাই আলহীক ভাতৰ টেবুললৈ আদৰি আনিলোঁ৷ সকলোৱে উছাহেৰে খাবলৈ বহিল৷

এনেতে এওঁ কোৱাতহে চকু গ’ল, অ সকলো দিয়া হৈছে, আচল বস্তু ভাত দেখোন দিয়াই নাই৷ লগেলগেই প্ৰেচাৰ কুকাৰটো দাঙি আনি খুলিছোহে, হায় এয়া কি? প্ৰেচাৰ কুকাৰটো চোন খালী, ইয়ে ৰাম, বিভিন্ন বস্তু প্ৰস্তুত কৰি থাকোঁতে চাউল সিজাবলৈ পাহৰিয়েই গলোঁ৷ ক’ত লুকাও, কি কৰোঁ, মোৰ অৱস্থা কাহিল হ’ল৷ খালী থালকেইখন আগত লৈ আলহীয়ে ভাতৰ কাৰণে মোৰ পিনে আগ্ৰহেৰে বাট চাই থাকিল, আৰু মই খালী প্ৰেচাৰ কুকাৰটো আগত লৈ “ ফাট মেলা বসুমতী, পাতালে লুকাও“ এই অৱস্থা হ’ল৷ হায়, মোৰ বিলৈ …..

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Prodip Bora
1 year ago

সাংঘাতিক ঘটনা ৷প্ৰেক্টিকেল পৰীক্ষা হ’লেও ৮০% নম্বৰ পালে হেতেন ৷ কিন্তুু ইয়াত ফেইল মাৰিব নেকি ?

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক