মোৰ বেগ বেঙ্ক

সাৰদা শ্ৰেষ্ঠ

 

মই লগত লৈ ফুৰা মোৰ ভেনিটী বেগটোত মোৰ মোটামুটি সৰু-সুৰা সংসাৰ এখনেই থাকে বুলিব পাৰি । সৰু-সুৰা সংসাৰ মানে, এই ধৰক দিনটোত লাগতিয়াল বস্তুবোৰ । টিফিন বক্স, পানীৰ বটল, প্ৰয়োজনত মূৰ ফণিয়াব পৰাকৈ এখন ফণি, এটা লিপষ্টিক, এটা সৰু ক্ৰীমৰ টেমা, এখন নোটবুক, দুডালমান কলম, সৰু মানিবেগ, দুখন ৰুমাল, মোবাইল, কিবাকিবি লাগতিয়াল অলাগতিয়াল কাগজ,ৰচিদ ইত্যাদি । কাৰ্যালয়লৈ আহোঁতে সদায় টেম্পু বা ট্ৰেকাৰেৰে আহোঁ । ভাড়া দিওঁতে প্ৰায়েই দহটকীয়াখন উলিয়াই দিওঁ, খুচুৰা পইচা থাকিলেও খুচৰি উলিওৱাৰ এলাহতে, অৱশ্যে কেতিয়াবা সুবিধাও নাপাওঁ । সিহঁতে বিনিময়ত ঘূৰাই দিয়া খুচুৰা পইচা কেইটা বেগটোৰ জেপত ভালেখিনি জমা হয় গৈ কেতিয়াবা, বেগটো গধুৰ হৈ পৰে । এবাৰ খুচুৰাকে দিওঁ বুলি বেগটো খুচৰিলো, মাথো দুটকাহে ওলাল । হাৰে, কি হল খুচুৰা টকাকেইটা ! মইতো খৰচো কৰা নাই ! সেইবাৰো দহটকাকে দিলো । উভতি যাওঁতে ভাড়া বিচৰাত ভাবিলো খুচুৰাকেইটাকে দিওঁ । নাই এইবাৰো নাপালো । এইবাৰ ঘৰলৈ আহি, সময় উলিয়াই বেগটোত চাফাই অভিযান চলালো । এটা এটাকৈ সকলো বস্তু জাৰি জোকাৰি চালো । নাই, খুচুৰা পইচা কেইটা নাই । এইবাৰ বেগটোকে লুটিয়াই দিলো । লুটিয়াই দিয়াৰ লগে লগে খুচুৰা পইচা কেইটাই জুনজুনাই উঠিল । অলপ সময় সেইকেইটাক বিচৰাৰ অন্তত বুজিলো, মোৰ বেগটোৰ পিছফালৰ পকেটটোৰ এফালে চিলাই খুলি সৰু ফুটা এটা হৈছে । পইচা কেইটা বেগটোৰ গহ্বৰ পাইছেগৈ । ফুটাটোৰে দুটা আঙুলি কোনোমতে সুমুৱাই টকা কেইটা বাহিৰ কৰিলো । তাৰপাছত চিলাই কৰি ফুটাটো মাৰি দিলো ।

টকা ভালেখিনি গোট খালে, এটকীয়া, দুটকীয়া, পাঁচটকীয়া কৰি প্ৰায় পঞ্চাশ টকাৰো বেছি । আকৌ আগৰ গতিত দিনবোৰ বাগৰিল । এইবাৰ খুচুৰা পইচাবোৰ মই বেগটোৰ ভিতৰ ফালে থকা সৰু জেপটোত ৰাখিবলৈ আৰম্ভ কৰিলো, ভাবিলো সেইফালে হাতৰ দুৰ্বল চিলাই খুচুৰা পইচা কেইটাৰ উৎপাতত আকৌ ফালিবহে ! কিছুদিনৰ পাছত খুচুৰা পইচা কেইটা বিচাৰি আকৌ হাইৰাণ । এইবাৰ দেখিলো ভিতৰৰ জেপটো ফাটিল । পলম নকৰি টকাকেইটা উলিয়াই আকৌ সেইফালৰ ফুটাটো চিলাই কৰি মাৰি দিলো । মাজে সময়ে বেগটো চাফা কৰোঁ । বহুতো অলাগতিয়াল বস্তু জমা হৈ থাকে । এবাৰ তেনেকৈ চাফা কৰোঁতে বেগটোৰ ভিতৰত কিবা থাকিল নেকি বুলি লুটিয়াই দিলো । একো নোলাল ঠিকেই, কিন্তু বেগৰ গহ্বৰত থকা খুচুৰাকেইটাই ‘বাচাও’, ‘বাচাও’ কৈ যেন চিঞৰি উঠিল । খং উঠি আহিল । এহ্, বেছিদিন হোৱাই নাই চিলাইছিলোহে, আকৌ ফাটিল হবলা জেপটো ! ভাবটো মনলৈ অহাত পুনৰ নিৰীক্ষণত লাগিলোঁ । নাই দুয়োফালৰ জেপ একদম মজবুতকৈ চিলোৱা আছে, সেইফালেদি টকাকেইটা সৰকি যোৱা নাই । আকৌ আনকৰবাত চিলাই এৰিলে চাগে, ভাবি ধামধুম বিচাৰিলো ফটা ঠাইখিনি । নাই, কোনো ফালে কোনো অকণো ছিদ্ৰ নাই । বুজিলো পাছৰবাৰ ফুটা ঠাইৰে খুচুৰা টকা গোটোইথিনি নোলাল । লিৰিকি বিদাৰি চাই দেখিলো, তাত ভালেখিনি টকা গোট খাইছেগৈ । বহুপৰ চেষ্টা কৰিলো কেনেকৈ টকাকেইটা উলিয়াব পৰা যায় । নাই,মই কোনো উপায়েই নাপালো । মাত্ৰ এটাই উপায় আছে, চিলোৱা ঠাইখিনিৰ চিলাই খুলিলেহে সেইকেইটা উলিয়াব পৰা যাব । আকৌ এলাহটোৱে উক্ দিলে । এহ্ থাকক, পাছত কেতিয়াবা মন গলে কৰিম । মন আৰু নোযোৱাই হল । সেইকেইটা খুচুৰা নিচিন্তমনে বেগৰ গহ্বৰত জুপুকা মাৰি শুই আছে !

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক