মোৰ বৈবাহিক জীৱনৰ ৰসাল এসন্ধ্যা (নিৰ্মালী বৰঠাকুৰ)

বহুত দিনৰ বিৰতিৰ অন্তত আপোনালোকলৈ বুলি একলম । মোৰ মনৰ কুঠৰীত সোমাই থকা বৈবাহিক জীৱনৰ ৰসাল এসন্ধ্যা আপোনালোকৰ মাজত ব্যক্ত কৰিবলৈ মন মেলিছো । কিছুমান স্মৃতিয়ে মানুহক অকলসৰীয়া অৱস্থাত বাৰুকৈয়ে হঁহুৱাই ।‘বিবাহ’ নামৰ আনুস্থানটো এহাল পুৰুষ-মহিলাৰ মাজত এটা উপযুক্ত বয়সত পতা হয় । এই বিবাহ দুই ধৰনৰ—প্ৰেমবিবাহ আৰু ঘৰৰ পচন্দত হোৱা বিবাহ । মোৰ জীৱনলৈও আহিছিল এনে এটা শুভমুহুৰ্ত । মোৰ পিচে প্ৰেমবিবাহ নহয় দেই । সেয়েহে অলপ দিন লাগিছিল প্ৰেম হবলৈ মানে বুজি পাবলৈ । ই স্বাভাৱিক ।আমি বিয়াৰ পিচত ঘৰৰ পৰা আঁতৰি চাকৰিৰ ঠাইত থাকিবলৈ লঁও ।বাৰু— ,দিন বোৰ থুনুক-থানাক কৈ যাবলৈ আৰম্ভ কৰিছিল । তেওঁ মানে মোৰ মানুহজন বিৰাতেই ব্যস্ত । ব্যস্ততাৰ মাজতে অফিচত এবাৰ conference আৰম্ভ হ’ল তিনিদিনীয়াকৈ । আটাইকেইটা Branch ৰে অফিচাৰবিলাক লগ হৈছিল । শেষৰ দিনা ৰাতিলৈ party । মই নতুন কাৰনে যোৱাৰ ইচ্ছা নকৰিলো । তেওঁ ও জোৰ নকৰিলে ,কিয় নাজানিলো তেতিয়া ! ৰাতি বাৰ বাজি গ’ল,তেওঁৰ কোনো খা-খবৰ নাই—–মোৰ চিন্তা লাগিছিল ,তাতে অকলে আছো ঘৰত ।তেনেতে কলিং বেলটো বাজি উঠিল । মই দৌৰ মাৰিয়েই গৈ দুৱাৰ খন খুলি দিলো । দুৱাৰ খন খুলিছোহে মাত্ৰ ,এটা বিয়াগোম গোন্ধে নাক,মন ,হৃদয় ভেদি গ’ল !! হে’ৰা আজি যে কি হ’ল আৰু মোৰ চাৰ্ট——–মোৰ তেওঁৰ কথা শুনিবলৈ যে সময়েই নাই ! মুখৰ পৰা কোনো শব্দ নোকোৱাকৈ ৰূমৰ দুৱাৰ মাৰি গংগা-যমুনা দুয়োখনেই বোৱাবলৈ ধৰিলো । তেওঁ নিৰুপাই, গমেই পোৱা নাই ঘটিছে কি ?? বাৰেপতি সুধিছে কি হৈছে ,কিয় কান্দিছো !! ভিতৰৰ পৰা মোৰ বাক্যবান—‘তুমি মোক ঠগিলা—-তুমি চিগাৰেট খোৱাটোৱেই মোৰ সহ্য হোৱা নাছিল এতিয়া মদো খাই আহিছা —-এঁএঁএঁ ।মই কালিলৈকে ঘৰলৈ যামগৈ !!’’ তেওঁ তেতিয়াহে বুজিলে আচল কথাৰ গুৰিটো ক’ত । তেওঁ হাঁহিবলৈ ধৰিলে । তেওঁৰ হাঁহি শুনি মোৰ বৰষুণত শিল-ধুমুহা আহিবলৈ (বাক্যবান) ধৰিলে । তেওঁ মোক বুজাবলৈ ধৰিলে যে আমাৰ নতুনকৈ বিয়া হোৱা বাবে কাজিয়া লাগে নে নালাগে চাবলৈ লগৰ কেইজনে তেওঁৰ গাত বিয়েৰ ঢালি পঠাইছিল । “ অ’ জান,মই শপত খাই কৈছো —মই মদ খোৱা নাই—–I love you …….মোক বিশ্বাস কৰা ,তুমি কান্দিলে মোৰ সহ্য নহয়।”যিষাৰ কথা শুনিবলৈ পুৱাৰ পৰা গধুলিলৈ বাট চাই থাকো,সেইদিনা কথাষাৰে বুকুত বিন্ধিছিল ।মই কোনোপধ্যে তেওঁক বিশ্বাস নকৰো।মোৰ মতে তেওঁ “ মদপী ” । সেইসময়ত ম’বাইল আমাৰ নাছিল,বেচেৰা landline টো মোৰ ৰুমত বন্দী । গতিকে তেওঁ উপাই নাপাই —- দুৰ্গাদেৱীক শান্ত কৰিবলৈ মাজৰাতি pco বিচাৰি— ঘৰলৈ মানে মোৰ শাহুলৈ ফোন লগালেগৈ । তেনেতে ৰুমৰ ফোনটো বাজি উঠিল । হেল্ল’—–ইফালে শাহুআইৰ মাত শুনি ,বাৰিষাৰ বানে হৃদয়ৰ ভেটা ভাঙি দিলে । শাহুআইয়ে যেতিয়া সকলো কথা ভালদৰে বুজাই দিলে , তেহে দুৰ্গাদেৱী শান্ত হ’ল । নিজৰ immaturity ত বাৰুকৈয়ে লাজ পাই ৰুমৰ দুৱাৰ খুলি দি পতিদেৱৰ ওচৰত মাফ খুজিলো । তেতিয়াৰ পৰা এতিয়ালৈকে এনেকুৱা অভাৱনীয় পৰিস্থিতি আৰু কোনো দিনাই হোৱা নাই । আশাকৰো মোৰ স্মৃতিয়ে সকলোকে আনন্দ দিলে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments