মোৰ মনৰ বৰষুণজাক (অমৃতা দেৱী)

মোৰ মনৰ বৰষুণজাক

কণ কণ মুকুতাৰ দৰে

ডাল ভৰি ভৰি লাগি থাকে,

কোমল বতাহ জাক

ঈৰ্ষাত পুৰি মৰে ,

ইফালে সিফালে চাই

ঠুনুকা হেঁচা এটা মাৰে,

ইস্ তাই নাজানেহে যেনিবা

চুই চাম বুলিলেই চোন

লঠৰ ঠৰকৈ সৰি পৰে!!!!!!!

সময়, সময়ৰ কথানো কি কম ! সময় দুৰন্ত, যুঁজাৰু অনন্ত শক্তি তাৰ ! কোনোবা যেন যুঁজিবলৈ আহিলেই ৰক্তবীজৰ দৰেই বৃদ্ধি পায় তাৰ শক্তিৰ প্ৰকোপ । সময়ৰ হাতৰ মুঠিত সোমালেই বৰ্তমান অতীত হয়, অতীত হৈ পৰে ঝাঁও বনত পৰি ৰোৱা কুকুহা……ৰোৱাৰ কোনো নামেই নাই…সকলো সামৰি লৈ যায় ..মাথো দি যায় স্মৃতিৰ মেট-মৰা ভঁৰাল ।

এইখিনিত অৱশ্যে সময় বৰ উদাৰ। সেয়ে হয়তো দুচকু মুদিলেই গুৰি পৰুৱাৰ লানিটোৰ  দৰেই স্মৃতিবোৰ আগবাঢ়ি আহে । ৰ’বলৈ সময় নাই ….সময়নো থাকে কাৰ!!!!!

২০১২চনৰ আৰম্ভণিতেই স্বামীৰ চাকৰিৰ খাতিৰতে আমেৰিকাৰ ৱাশ্বিংটন প্রদেশৰ ছিয়াটল নামৰ ঠাইখনলৈ আহোঁ। আহিবলৈ ওলাওঁতেই লগৰ দুজনমানে ধেমালিতে কৈছিল বৰ বেয়া বতৰ হে, হতাশাগ্রস্ততাত ভুগিবা আকৌ চাবা ….। অহাৰ পাছতহে গম পালো হতাশ কৰিব পৰা কথাবো মনৰ আশে পাশে হেন্দোলাৰ আগতেইচোন একোজাক নতুন বৰষুণে সকলোবোৰ ধুই নিকা কৰি থৈ যায়। বাহিৰত  অহৰহ বৰষুণ পৰি আছে। যোৱা দুটা বছৰে যেন বৰষুণৰ চিৰসেউজ বাগিচা এখনতহে বসবাস কৰি আছো। বছৰৰ তিনিটা মাহৰ বাদে গোটেই সময় ছোৱা পাহাৰ  বোৰত নতুবা গছৰ আগবোৰত কপাহৰ দৰে ডাৱৰ বোৰ কুঁৱলীৰ চাদৰ এখন হৈ ওলমি থাকে…যেন অকণমান বতাহৰ বা এটা লাগিলেই  সৰি পৰিব বৰষুণ এজাক হৈ। বৰষুণ বুলি ক’লেই জেপ-জেপিয়া হৈ পৰা মনটোত মাজে মাজে ভয় এটা হয়, বৰষুণৰ প্রতি এই মোৰ আকুলতা হঠাৎ যদি শেষ হৈ যায়? ভাবিবলৈও ভাল নালাগে মোৰ । কোনোবা একোটাহঁত দিনত আকাশখনত কোনোবাই কি যেন ৰং একোটা বোলাই থৈ যায়…. ৰাতিপুৱাৰ পৰা গধূলিলৈকে সময় চোন একেটা ৰূপতেই ৰৈ যায় ,লগতে বৰষুণজাকটো আছেই । কোঠাৰ ভিতৰৰ পৰা চাই থাকো বৰষুণজাকক । প্রায়েই চিপ চিপকৈ আৰু কেতিয়াবাহে হুৰহুৰাই নামি অহা বৰষুণজাকত এদিনো তিতি পোৱা নাই…ইমান ঠাণ্ডাত তিতিবলৈও সাহস নহয়চোন । তথাপি চাই থাকো আৰু ক’ব নোৱাৰাকৈয়ে  মনৰ আকাশেৰেই  তিতি বুৰি জুৰুলি জুপুৰি হওঁ ।

দুচকু মুদি ভাবিবলৈ চেষ্টা কৰোঁ বা নকৰোঁ প্রতিজাক বৰষুণে মোক ঠেলি ঠেলি লৈ যাব খোজে শৈশৱৰ  দিনবোৰলৈ । গৈ গৈ ৰাস্তাৰ মাজৰ পানীৰ ডোঙাটোৰ ওচৰৰ উচপিচ ভৰি দুখনত ৰৈ যায় সময় ! পকী ৰাস্তাৰ নামত ম’হৰ ঘুলিত পৰি থকা ম’হ কেইটাৰ ওলাই থকা  ক’লা পিঠিখনৰ দৰে অ’ত ত’ত ক’লাচেপেটা একোডোখৰ  । তাৰ বাদে ভগা ৰাস্তাৰ হাতীখুজীয়া গাঁতবোৰত  প্রতিজাক বৰষুণেই সৃষ্টি কৰা ল’ৰালিৰ হেঁপাহৰ পুখুৰী একোটাহঁত । কোনে কিমান পানী খচিব পাৰে তাৰেই যেন প্রতিযোগিতা…. হাৱাই চেণ্ডেল পিন্ধি স্কুললৈ যোৱাৰ সুবিধাই বহুত আছিল । অথচ এতিয়া ল’ৰা-ছোৱালীয়ে জোতা-মোজা পিন্ধিও পানীৰ ওচৰলৈ গ’লেও চিঞৰি উঠোঁ ।অৱশ্যে আজিকালিৰ ল’ৰা-ছোৱালীৰ দৰে  আমাৰ স্কুলৰ বাহিৰত ৰৈ থকা নাছিল কোনো উৎসুক অভিভাৱকৰ দল। সময়ো যে একে হৈ থকা নাই সকলোকে নিশ্চিত কৰি ৰাখিব পৰাকৈ ।

কচু পাতত পৰি ইফাল সিফাল কৰি থকা পানীৰ টোপালটোলৈ  মোৰ বৰ আকৰ্ষণ আছিল ।পানীৰ টোপালটোৱে যে কচু পাতখনক তিয়াব নোৱাৰে সেই কথাটো তেতিয়াও মগজে ঢুকি পোৱা নাছিল নে নিজেই চেষ্টাই ক’ৰা নাছিলোঁ ক’ব নোৱাৰোঁ…মাথো আপ্লুত হৈছিলোঁ এইখিনি ভাৱি যে কচু পাত খনে পানীৰ টোপালটোক যেন স্বচ্ছ   মণিলৈহে ৰূপান্তৰিত কৰিছে । কিমান দিন কিমান সময় ঘৰৰ কাষৰ অথবা স্কুলৰ ওচৰৰ কচুৱনিৰ পৰা সেই মণিবোৰ বুটলিবলৈ চেষ্টা কৰিছিলোঁ তাৰ ঠিকনা নাই….।   বুটলি ল’ব নোৱাৰি ভাবিছিলোঁ…কচু পাত খনৰ নিশ্চয় কিবা যাদুকৰী শক্তি আছে নহ’লেনো মই চুই দিলেই মণিবোৰ পানী হৈ যায়নে!!!!!!

বৰষুণত তিতি কিমান যে ভাল লাগিছিল । প্রথম প্রথম অলপ অলপ ঠাণ্ডা লাগিলে কি হ’ল…তিতি জেপ-জেপিয়া হোৱা গাটোত অলপ সময় পাছতে কিবা আমেজ লগাকৈ উম লাগি আহিবলৈ ধৰে..। বৰযুণত তিতিবলৈকে ছাতিটো স্কুলতে মাজে মাজে এৰি থৈ আহিছিলোঁ। কেতিয়াবা আকৌ ছাতিটো ক’লা হ’লে এনেয়েই নেমেলাকৈ থাকোঁ, বজ্ৰপাত পৰে যদি? তাতকৈ তিতিবলৈকেতো ভাল….আৰু  ক’লা ছাতি মেলি গছৰ তলেৰে গ’লে বজ্ৰপাত পৰিবই সেইটো খাটাং…অহ! কিমান যে ভয় আছিল…।

বৰষুণজাক এতিয়াও  চলি আছে….ভিতৰৰ পৰা একো গম নাপায় অৱশ্যে। বিদেশৰ মাটিত এই নিশব্দতাত বাহিৰত হৈ থকা বৰষুণ জাকৰ নিজস্ব গোন্ধ আৰু শব্দবোৰ আকৌ এবাৰ যেন জোকাৰি চাবলৈ চেষ্টা কৰিছোঁ। কেনে আছিল বাৰু বৰষুণৰ অনুভৱ….এই যেন শুনা পাম টিনৰ চালত প্রথমে মিহি মিহিকৈ খিৰ খিৰ কুটুং কাটাংকৈ আৰু তাৰপাছত হৰহৰকৈ নামি অহা বৰষুণজাকৰ শব্দ । অলপ পাছতে যেন ভৰি পৰিব পানীপোতাৰ এলুমিনিয়ামৰ চৰিয়াটো,পানীৰ ছিটিকনিয়ে  ৰাতিপুৱাই মচি নিয়া ৰঙা মাটিৰ পিৰালিটোৰে আকৌ মূৰ তুলি ওলাই অহা তেতিয়াও কোমল হৈ থকা কেচু মতা বোৰ একেবাৰেই তিয়াই পেলাব । পিছফালৰ বাৰাণ্ডাত জঁপিয়াই থকা উজানত উঠা মাছৰ কেচেমা-কেচেম গোন্ধটোও চোন কিবা ভাল লগা । অলপ জোৰকৈ অহা বৰষুণজাকে সৃষ্টি কৰা পুখুৰীৰ পানীৰ সংগীতৰ আখৰাত ভাগ ল’বলৈ অহা ভেকুলীৰ কোৰাছৰ শব্দবোৰ  এই  যেন কানৰ কাষতে বাজি উঠিব । বাৰিষাৰ প্রথমজাক বৰষুণে ধূলিয়ৰি মাটিৰ সতে মিতিৰালি কৰি  সৃষ্টি কৰা সেই গোন্ধ, আস্, কাকো যেন বুজাই ক’ব নোৱাৰি…..। বৰষুণত তিতি তিতি পথাৰৰ কোমল বোকাত সোমাই থকা ৰোৱনীৰ  হাতৰ প্রতি গোছা কঠীয়াই সৃষ্টি কৰা চুপুক চুপুক শব্দৰ মধুৰতাখিনি ভূঁই ৰুই পোৱাজনেহে ভালকৈ অনুভৱ কৰিব পাৰিব। পাতল চিপচিপিয়া বৰষুণ এজাকত গেৰধৰা গাখীৰতী ধাননি এডৰাৰ মাজে মাজে গৈ থাকোঁতে হৃদয়লৈকে উজাই উজাই ব্যাখ্যাতীত সুবাসৰ অৰণ্য এখনত ওপঙি পাইছেনে বাৰু????? উস্ এতিয়াও যেন নাকৰ আগটো সুৰ-সুৰাই যাব । আকৌ কোনোবা একোটাহঁত দিনত  জাৰৰ দিনৰ বৰ্ষামুখৰ সন্ধিয়াবোৰ জুহালৰ কাষত আইতা দেউতাহঁতৰ মুখৰ শেষ হ’ব নজনা একোটাহঁত সাধুকথালৈ ৰূপান্তৰিত হে পৰে। আজিও পাৰিলে যেন সেই সাধুকথাবোৰৰ পেটলৈ কুৰুকি কুৰুকি সোমাই যাম ।

দুই-তিনিটা মাহ বাদ দি বছৰজুৰি হৈ থকা বৰষুণজাকৰ বাবেই হয়তো গোটেই ঠাইখন আৰু ইয়াৰ আশে-পাশেও অসংখ্য হ্ৰদেৰে ভৰি আছে। আৰু হ্ৰদৰ কাষে কাষে ঘেৰি আছে লানি নিছিগা ডাৱৰ আৰু কুঁৱলীৰে মায়াময় সেউজ পাহাৰ…বিচাৰি চালেই যেন সন্ধান পোৱা যাব পাহাৰৰ সিপাৰে ৰূপকথাৰ মায়াবী জগতখনৰ। ডাৱৰ আৰু কুঁৱলীবোৰ এতিয়াও জুতি পুতি ধৰি লাগি আছে গছবোৰৰ ডালে পাতে।। সঁচাকৈয়ে মায়াবী মায়াবী লগা বতৰ..নষ্টাল’জিয়াত বুৰ যাবলৈ মন যোৱা বতৰ। সময় যেন বাৰেপতি থমকি থমকি ৰৈ যায় কোনোবা এটা বিন্দুত। দ্রুতগতি মার্গেৰে বৰষুণৰ বতৰত ওলাই গ’লে কি যে মোহনীয় লাগে….দূৰৰ পাহাৰবোৰে যেন কপাহৰ শুকুলা কিৰীটি পিন্ধি থাকে। অথবা কোনোবা দিনা পাহাৰৰ গাত এঢলীয়া  বাগিচা এখন হৈ আকাশৰ সতে কথা পাতি থকা সৰল গছবোৰৰ ওপৰেৰে মণিপুৰী চাদৰ এখনহে যেন কোনোবাই চটিয়াই থৈ গৈছে । কিয় জানো এইখিনিতেই  সুহুৰি এটা হৈ ওলাই আহিব খোজে স্বর্গীয় ভূপেন হাজৰিকাদেৱৰ   লিয়েন মাকাও….গীতটি…।

এনে নহয় যে বৰষুণে কঢ়িয়াই অনা প্রকৃতিৰ অনন্য  ৰূপ আগতে দেখাই নাই ….গোটেই উত্তৰ পূর্বাঞ্চলখনকেইতো বৰষুণে নিজ হাতেৰে গঢ়ি তোলা…সুজলা সুফলা শস্য শ্যামলা মোৰ দেশ..। তথাপি ইয়াৰ এই অভিজ্ঞতা যেন কিছু পৃথক । শীতকাল হওকেই বা নহওঁক কুঁৱলীৰ চাদৰ খন গাত নল’লে সূৰ্য্য দেৱে যেন চকু মেলিবই নোৱাৰে । সুদূৰৰ বৰফে ঢকা র্পবতৰ চূড়াবোৰ চকুতপৰাটো যে বহু ভাগ্যৰহে কথা। বিয়াৰ পিছৰে পৰা বেছিভাগ সময় থকা মহাৰাষ্ট্রখনেও বৰষুণ জাকে চুই যোৱাৰ পাছতহে প্রাণ পাই উঠে। বম্বে-পুণা হাইৱেত বৰষুণে সৃষ্টি কৰা সৰু-বৰ অস্থায়ী জলপ্ৰপাত আৰু কোমল সেউজীয়া ঘাঁহ বনেৰে ঢাক খাই থকা পাহাৰৰ ওপৰেৰে ভাঁহি ফুৰা ডাৱৰবোৰটো কম মোহনীয় নহয়…। কিন্তু সেয়া যে তেনেই খন্তেকীয়া । বছৰৰ মাত্র তিনিটা মাহহে এই ৰূপ….বাকী সময়ছোৱা পাহাৰ পথাৰ জুৰি বিয়পি থাকে শুকান শুকান উদাসীন হালধীয়া সময়….!!!!!!!!!!!!

বৰষুণজাকে আমনি নকৰাও  নহয় …..বৰষুণজাকে কঢ়িয়াই অনা বানপানীৰ ভয়াবহতাত হেৰাই যোৱা হেজাৰ-বিজাৰ অসহায় হৃদয়ৰ হাহাকাৰবোৰো  উলাই কৰিব নোৱাৰি। উৰুখা পঁজাৰে নামি অহা বৰষুণজাকেতো আৰু কাকো মিঠা সপোন দেখুৱাব নোৱাৰে।  তথাপিচোন  বৰষুণজাকক বেছিসময় বেয়া পাই থাকিব নোৱাৰি। এই শব্দ বৰ্ণময় বৰষুণজাকৰ ওচৰত মই যেন হৈ পৰো মৰুভূমিত মৰীচিকা খেদি ফুৰা এজন তৃষ্ণাতুৰ পথিক। হেঁপাহেই নপলাই চোন। মই যে উমলি আছো ডাৱৰৰ বাগিচা এখনত….য’ত বৰষুণ ফুল হে ফুলে, ফল হে সৰে…বুটলি ল’লেই কলিজা সেমেকি উঠে….উশাহত জী উঠিব খোজে  সেউজীয়া এডৰা পথাৰ….শেষ নোহোৱা এজাক বালিমাহী চৰাইৰ গীত….।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক