মোৰ যে কিমান হেঁপাহ- (জ্যোতি কুমাৰী শৰ্মা বৰঠাকুৰ)

মোৰ যে কিমান হেঁপাহ

জ্যোতি কুমাৰী শৰ্মা (বৰঠাকুৰ)

বুকুত এজাক হেঁপাহৰ ধুমুহা লৈ চটফটাই আছিল তেওঁ –চটফটাই আছিল সমগ্ৰ পৃথিৱীখনকে দুহাতেৰে আঁকোৱালি ল’বলৈ। আৰু সেই চটফটনিতে বোধহয় সৃষ্টি হ’ল অসমীয়া সংগীত জগতৰ কালজয়ী কেইটামান হৃদয়স্পৰ্শী গীতৰ। সমাজৰ সকলো স্তৰৰে মানুহৰ অন্তৰৰ সুপ্ত অনুভুতিক চুই যাব পৰা সেই অনবদ্য গীতকেইটাৰ গীতিকাৰ সাহিত্য অ’কাদেমী বঁটাবিজয়ী মানুহৰ শিল্পী গীতিকবি কেশৱ মহন্ত

পাৰৰ পাখিত গাঠি দিলো

ফুলাম চিঠিখনি

জনাওঁ বুলি জগতখনক

বিহুৰ ওলগনি’।

ব’হাগৰ অনিৰ্বচনীয় সুৰৰ বতৰতে সমগ্ৰ জগতখনতে শান্তিৰ ফুলাম চিঠিখনি বিলাবলৈ ব্যাকুল হৈ পৰা কবিৰ এয়া অপূৰ্ব অনন্য বিহুৰ ওলগনি।

‘বাঘৰ গোজৰ গুলীৰ গুৰুম

খং শিঙাৰ ধ্বনি

বেয়া লাগিব হাই-কাজিয়া

আৰু হনাহনি ….’

কিমান প্ৰাঞ্জল অথচ গভীৰ অনুভূতিপূৰ্ণ সকীয়নি! স্বাভাৱিকতে বিহু বুলিলেই এক জাতীয় চেতনাই উদ্বুদ্ধ কৰে প্ৰতিজন অসমীয়াক। অথচ এই বিহুৰ বতৰতে বৰ্তমানৰ হিংসা-সন্দেহ আস্থাহীনতাৰে কলুষিত এচামক সোঁৱৰাই দিবলগীয়া হৈছে বিশ্ব ভাতৃত্বৰ সেই মধুৰ বান্ধোনৰ কথা…

‘কোৱা যদি মানুহ আমাৰ ভাই-ভনী বুলি

লোৱা যদি সদৌটিকে বুকুত আঁকোৱালি/লাগিব ভাল…’।

‘অ’ দুখীয়া, কান্দিবি কিয় তই,তোৰ যে হাততে সমাজ ভাঙি গঢ়াৰ সঁচাৰ কাঠি আছে জগতজোৰা’ বুলি সাহসেৰে ক’ব পৰা কেশৱ মহন্তৰ প্ৰতিটো গীততে সুস্পষ্ট আৰু সংহত ৰূপ প্ৰকাশ পাইছে সাহিত্যিকসকলৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতা। স্বাৰ্থপৰ সুবিধাবাদীহঁতৰ পৰা পদে পদে সতৰ্ক কৰি থকা সত্ত্বেও এচামে সুবিধবাদীহঁতৰ নিৰ্মম চলনাত ভোল গৈ নিজৰ ঘৰতে জুই লগাইছে। শোষণকাৰীহঁতৰ সুবিধা আদায়ৰ হাথিয়াৰ হৈ পৰিছে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোক। এক অন্ধ মোহৰ জালত পৰি এতিয়া মানুহে মানুহক নিচিনে,কুটুমে কুটুমক নিচিনে। এইবোৰ দেখি-শুনি এচামে চকু মুদি দিছে। কিন্তু মহন্তই বাস্তৱৰ মুখামুখি হৈছে নিৰ্ভীকভাৱে। তেওঁ নিৰ্লোভ সাহসেৰে সেই চলনাবন্দী মানুহখিনিক সকিয়াইছে –

ইয়াতো আছে ডেকা মনৰ তগবগীয়া হেঁপাহ।

আকৌ –

‘মোৰ যে ইমান হেঁপাহ/মোৰ শব্দৰ ধমনীত বোৱাওঁ বুলি

তোমাৰ তেজৰ প্ৰবাহ’।

—-কিমান গভীৰ- প্ৰিয়জনৰ তেজৰ পলসেৰে অক্ষম হৃদয়ৰ শব্দ জীপাল কৰিব খোজো এই হেঁপাহ।

জীৱন আৰু প্ৰকৃতিৰ অভিন্ন সম্পৰ্ক! কেশৱ মহন্তৰ প্ৰকৃতিৰ সৈতে যি একাত্মবোধ সেয়া নিগৰি নিগৰি পৰিছে তেওঁৰ গীতসমূহত। প্ৰকৃতিৰ মাজেৰে তেওঁ দৃষ্টি প্ৰসাৰিত কৰিছে জীৱনৰ গভীৰৰ পৰা গভীৰতৰলৈ-

‘এই পূৰ্ণিমা ৰাতি এই পাহাৰৰ দাঁতি

আমি ডেকা-গাভৰুৱে নাচো জুম পাতি’।

সেইদৰে, জুমি চাইছে দুৱৰিৰ বুকুত সৰি পৰা সৰগৰ তৰাৰ দৰে সৰু লাহী বকুল ফুলবোৰ,চিনি পাইছে লুইতৰ বুকুৰ পালতৰা ডিঙৰাখন, য’ত জিৰায় কবিৰ উৰণীয়া ৰিঙা মন।

এই দুৰ্নীতিগ্ৰস্ত সমাজৰ বঞ্চিত বহুজনৰ নিস্পেষণৰ দুখ সাহসেৰে প্ৰকাশ কৰাৰ উপৰি এই প্ৰগতিবাদী সাহিত্যিকগৰাকীয়ে পোনপটীয়াকৈ আইলৈ বুলি সম্বোধি লিখা গীতসমূহো মৰ্মস্পৰ্শী। এনে কিছুমান গীতে (কিছুমান বাণীবদ্ধ হোৱা নাই) জ্যোতিপ্ৰসাদৰ দেশপ্ৰেমমূলক গীতসমূহৰ মাজলৈ আমাক লৈ যায়। এটা কথা স্বীকাৰ কৰিবই লাগিব যে জয়ন্ত হাজৰিকা অবিহনে যিদৰে নিৰ্মলপ্ৰভা বৰদলৈৰ গীত অসম্পূৰ্ণ হৈ ৰ’লহেঁতেন, তেনেদৰে সুৰকাৰ, গায়ক খগেন মহন্তৰ অবিহনে যেন গীতিকাৰ কেশৱ মহন্তও অসম্পূৰ্ণ হৈ ৰ’লহেঁতেন। যেতিয়া খগেন মহন্তৰ প্ৰাণৱন্ত উদাত্ত কণ্ঠৰ ‘বুকুত এজাক ধুমুহা’ বা ‘পাৰৰ পাখিত গাঁথি দিলো ফুলাম চিঠিখনি’ বা ‘অ’ দুখীয়া মন মৰা কিয়’ বুলি শুনিবলৈ পাওঁ তেতিয়া ক’ব নোৱাৰি যে এয়া খগেন মহন্তৰ বুকুৰ ধুমুহা বা হিয়াৰ আৱেগ-আকুলতা নহয়। কেশৱ মহন্তই যেন ঠিক সেই সুৰ সেই কণ্ঠৰ বাবেই এই গীত লিখিছে। গীতৰ জগতত স্বৰ্ণযুটীয়ে এক বলিষ্ঠ আৰু আপুৰুগীয়া বৰঙণি যোগাইছে। অৱশ্যে শিল্পী গুণদা দাস, পুলক বেনাৰ্জী আদি অসমৰ কেইবাজনো জনপ্ৰিয় শিল্পীয়ে মহন্তৰ গীতক চিৰযুগমীয়া সুৰ আৰু কণ্ঠেৰে সজাইছে। কিন্তু সংখ্যাত কম। আচলতে মহন্তৰ গীতৰ কথাবোৰ যিদৰে সহজ-সৰল অথচ ভাৱব্যঞ্জক, তেনেদৰে অসমৰ থলুৱা লোকসংগীতৰ সুৰেৰে প্ৰভাৱান্বিত হোৱৰ বাবে মানুহে সেয়া নিজৰেই প্ৰাণৰ কথা বুলি দ্বিধাহীনভাৱে উপলব্ধি কৰিব পাৰিছে।

গভীৰ প্ৰত্যয়ভৰা কেশৱ মহন্তৰ গীতসমূহে হতাশা জৰ্জৰিত হাজাৰজনক নতুন সাহস যোগাওঁক। বিশেষকৈ আজিৰ উশৃংখল যুৱ মানসিকতাক তেওঁৰ প্ৰেমৰ চিৰন্তন মানৱ প্ৰেমৰ সুসংহত প্ৰকাশে এক ছন্দোবদ্ধ, গতিশীল গভীৰতা প্ৰদান কৰক। মহন্তৰ দৰেই যেন আমি সকলোৱে গভীৰ আত্মপ্ৰত্যয়েৰে গাব পাৰোঁ –

‘তোৰে মোৰে ফুলনীৰে ফুলবোৰ /তয়ে ময়ে সাঁচি ৰখা হাঁহিবোৰ।

কোনে হৰিব / কোনে পাৰে কৰি নিব চুৰ…’।

কোনে পাৰিব আঁতৰাব /আমাৰ হাতবোৰ…’।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক