মোৰ লক্ষ্য (গীতাৰ্থ বৰদলৈ)

মই তৰুণ গগৈ হ’ম,
সদায় আঁচনিৰ কথা ক’ম,
কাছাৰৰ ধন থাকিম লেখি
অসমত থাপিম বাংলাদেশী,
হাজাৰ হাজাৰ কম্পিউটাৰ বিলাই
বাহ্‌-বাহ্‌ ল’ম,
মই তৰুণ গগৈ হ’ম।
মই হ’ম পৰাক্ৰমী হিমন্ত,
দুৰ্নীতিৰ কথা ক’লে নপৰে অন্ত,
কথাই কথাই হাতীৰ বদনাম গাম,
দেশে-বিদেশে অগাধ সম্পত্তি গোটাম,
কেৱল ‘মাৰুতি ৮০০’ত ঘূৰি ঘূৰি
মেডিকেল কলেজ খুলিম অনন্ত,
মই হ’ম পৰাক্ৰমী হিমন্ত।

 

মই হ’ম প্ৰফুল্লৰ দৰে,
সদা কেলেংকাৰীৰ পিছে পিছে লৰে,
এল.অ’.চি.ৰ ধন জেপত ভৰাম,
ৰাতি ৰাতি গুপ্তহত্যা কৰাম,
হাতৰ বাবে চিন্তা নাই
পৰস্ত্ৰীয়েহে টোপনি হৰে !
মই হ’ম প্ৰফুল্লৰ দৰে।

 

মই হ’ম অখিলৰ দৰে
মৰি গ’লেও নাঙল নধৰে,
বক্তৃতা দিম নকৰোঁ খেতি,
এইবাৰ ‘হাত’ৰ খহামেই ভেঁটি |
প্ৰতিটো কথাতে নাক গুঁজিম,
কৃষকৰ দুখ কেলেই বুজিম ?
প্ৰতিবাদ বুলিলেই জঁপিয়াই পৰে
মই হ’ম অখিলৰ দৰে।

 

মই হ’ম সমুজ্জল ভট্ট
ডাড়ি পকিলেও মই ছাত্ৰ,
আছুৰ গাড়ী অকলেই টানিম,
টকা নিদিলে ‘বিশাল’ ভাঙিম,
খিলঞ্জীয়াৰ অধিকাৰ লৈ চিৰকাল মত্ত
মই হ’ম সমুজ্জল ভট্ট।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক