মোৰ শৈশৱৰ নলবাৰী আৰু ভোগালী (মনোহৰ দত্ত)

(বিহুৰ দিনা পুৱাই মেজি জ্বলোৱা হৈছিল। সেই মেজিত অগ্নিক প্ৰণাম কৰাৰ পিছত সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ লৈছিল। হৃদয়ত এক অনন্য সুখানুভূতি জাগিছিল। সিদিনা সমনীয়াৰ স’তে কণী ভঙা খেল খেলিছিলোঁ। কণী ভাঙিব পাৰিলে ভঙা কণীটো যিয়ে পাইছিল তাৰ আনন্দ লাগিছিল। ইয়াত পাকৈত সকলৰেই বেছিকৈ জয় হৈছিল।)

অসমৰ এখন ঐতিহ্যপূৰ্ণ ঠাই হ’ল নলবাৰী। পুতলা নাচ, ওজাপালি, নাগাৰা নাম আদি উল্লেখযোগ্য সাংস্কৃতিক পৰম্পৰা আজিও জিলাখনত বিদ্যমান। নলবাৰী তথা নামনি অসমৰ অন্য এটি জনপ্ৰিয় উত্‍সৱ হ’ল ভঠেলি। তেনেকৈ নলবাৰীৰ ৰাস মহোত্‍সৱ হ’ল নলবাৰীবাসীৰ বাবে এক অন্তৰমুখী উত্‍সৱ। যি উত্‍সৱে ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে হৃদয়ৰ এনাজৰীৰে বান্ধে।

নলবাৰী জিলাৰ, নলবাৰী নগৰৰ মাজমজিয়াত আমাৰ ঘৰ। আমাৰ শৈশৱ কালৰ নলবাৰী বুলিলে কেইটামান প্ৰধান পথৰহে পকীকৰণ হৈছিল। তাৰ বাহিৰে, যাতায়তৰ সুচল ব্যৱস্থা থকা পথ নাছিল। ক’বলৈ গ’লে তেতিয়াৰ নলবাৰী নগৰখন এতিয়াৰ এখন উন্নত গাঁও আছিল। তেতিয়াৰ শিক্ষানুষ্ঠান বুলিলে আছিল চৰকাৰী গৰ্ডন স্কুল, দেৱীৰাম হাইস্কুল, নলবাৰী ছোৱালী হাইস্কুল, নলবাৰী মহাবিদ্যালয়, নলবাৰী সংস্কৃত মহাবিদ্যালয় আদি| তেতিয়া নলবাৰীত আজিৰ দৰে ঘন জনবসতি নাছিল। স্থানীয় লোকে ইজনে সিজনক বা পৰিয়ালক চিনি পাইছিল। কেইখনমান চাহদোকানেই আছিল অনেকৰ বাবে আড্ডাৰ ঠাই, য’ত নলবাৰীৰ বহু সামাজিক অনুষ্ঠানৰ যো-জা চলিছিল। সাংস্কৃতিক দিশত নলবাৰী আৰ্ট স্কুল, গীতশ্ৰী সংগীত বিদ্যালয় আদি আছিল অগ্ৰণী অনুষ্ঠান। ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত নলবাৰী হৰিমন্দিৰ, বড় মছজিদ, জৈন মন্দিৰ আদি অন্যতম।

তেনে এটি পৰিবেশত আমি ডাঙৰ দীঘল হৈছিলোঁ। সেই সময়ত আমাৰ ঘৰৰ পশ্চিম দিশে আছিল বিস্তৃত মুকলি খেতিপথাৰ। সেই পথাৰৰ নৰা পুহ মাহৰ মাজভাগৰ পৰা সমনীয়াৰ সৈতে কাটিছিলোঁ। বাঁহ আৰু নৰাৰে ভোগালী বিহুৰ বাবে মেজি সাজিছিলো। খেৰ, নৰা, কল-ঠৰুৱা আদিৰে সাজিছিলো ভেলাঘৰ, য’ত উৰুকাৰ ৰাতি সমনীয়াৰ স’তে ভোজ খাইছিলো। অৱশ্যে আমি বয়সত সৰুখিনিয়ে ভেলাঘৰত ৰাতি শুৱলৈ পোৱা নাছিলো, পৰিয়ালৰ পৰা পোৱা বাধাৰ বাবে। তথাপি নিশা বাৰমান বজালৈ আমি তাত থাকিব পাৰিছিলো। সেই সময়ত আমি নিজে মেজি বান্ধি থাকোতে, মেজি সজোৱাৰ পৰিবেশ চাবলৈ বুলি ওচৰৰ অন্য গাঁওবোৰলৈ গৈ দেখিছিলোঁ তাত মেজি গঢ়াৰ বাবে হোৱা প্ৰতিযোগিতা। কোনোৱে যদি ১০০ ফুট ওখ মেজি সাজিছে, আন কোনোৱে ১১০ ফুটলৈ সাজিছে। কোনো পুৰস্কাৰৰ বাবে নহয়, পাৰদৰ্শিতা দেখুৱাবলৈ আৰু মনৰ তৃপ্তিৰ বাবে তেনে আয়োজন হৈছিল। সেই আয়োজনত আছিল একনিষ্ঠ মনোভাব আৰু দক্ষতা প্ৰদৰ্শনৰ প্ৰচেষ্টা। ৰাতি ভেলাঘৰৰ সন্মুখত জুই ধৰা হৈছিল, চুবুৰীয়াৰ বাঁহৰ বেৰ, খৰি আদি চুৰি কৰি। যিটো ভোগালী বিহুৰ এটি পৰম্পৰা। পিছলৈ বাঁহৰ অভাৱ হোৱাত গৃহস্থই নিশা পহৰা দিয়াৰ ব্যৱস্থা কৰিলে আৰু ল’ৰাবোৰে চুৰ কৰিব নোৱৰা হ’ল।

এনেকৈ আমি মেজি বন্ধা কামত ব্যস্ত হৈ অফুৰন্ত আনন্দ লাভ কৰিছিলো। ঘৰত মা, খুৰী, পেহী আৰু ভণ্টীহঁতে লাড়ু, পিঠা, সান্দহ আদি তৈয়াৰ কৰিছিল। বিহুৰ কেইদিনমান আগৰ পৰাই ঢেঁকীৰ শব্দই সংগীতময় পৰিবেশ ৰচনা কৰিছিল। সেই সময়ত কলগছ কাটি, কলগছডাল পথালিকৈ বাঁহৰ দুটা খুঁটিৰ ওপৰত মাটিৰ পৰা কিছু ওখকৈ সজোৱা হৈছিল, যাতে তাত দুই ফুটমান আকাৰৰ বাঁহৰ চুঙা, অলপ হেলনীয়াকৈ থৈ তলত জুই দিব পৰা যায়। গধূলি বা নিশাৰ ভাগত, চাউলৰ গুৰি বাঁহৰ চুঙাত ভৰাই সাজি থোৱা কলগছডালত থৈ, তাত জুই দি, সেই জুইত বাঁহৰ চুঙা পুৰি বনোৱা হৈছিল চুঙাপিঠা। চুঙাপিঠা তৈয়াৰ কৰাৰ দৃশ্য আছিল অতি মনোৰম। গৰমে গৰমে গুড়েৰে চুঙাপিঠা খোৱাৰ অন্য এক মজা আছিল। যিটো পৰিবেশ এতিয়া আৰু আমাৰ ইয়াত নাই।

তেনেকৈ আমি উৰুকাৰ ৰাতি সকলোৱে মাছ, মঙহেৰে নানান ব্যঞ্জনৰ সোৱাদ লৈছিলো। স্থানীয় তথা ডাঙৰ মাছৰ তেতিয়া অভাৱ নাছিল। সৰভোগৰ পৰা দৈ, মিঠাই, ক্ৰীম আদি বিক্ৰী কৰিবলৈ কিছু বেপাৰী নলবাৰীলৈ আহিছিল। কিয়নো সৰভোগৰ গাখীৰৰ সামগ্ৰী সোৱাদযুক্ত আৰু কম দামত পোৱা গৈছিল।

বিহুৰ দিনা পুৱাই মেজি জ্বলোৱা হৈছিল। সেই মেজিত অগ্নিক প্ৰণাম কৰাৰ পিছত সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ লৈছিল। হৃদয়ত এক অনন্য সুখানুভূতি জাগিছিল। সিদিনা সমনীয়াৰ স’তে কণী ভঙা খেল খেলিছিলোঁ। কণী ভাঙিব পাৰিলে ভঙা কণীটো যিয়ে পাইছিল তাৰ আনন্দ লাগিছিল। ইয়াত পাকৈত সকলৰেই বেছিকৈ জয় হৈছিল। তথাপি হাৰিলেও খেল খেলাৰ এক সুখানুভূতি পোৱা গৈছিল।

এনেকৈ শৈশৱৰ ভোগালী আজিও মোৰ দৰে বহুতৰ বাবে স্মৰণীয় হৈ আছে। অৱশ্যে অসমৰ বিভিন্ন ঠাইত এতিয়াও তেনে পৰিবেশ আছে। বিশেষকৈ গ্ৰামাঞ্চলত এনে পৰিবেশ বিৰাজমান। অসমৰ কিছু ঠাইত নৰাৰ পৰিৱৰ্তে কাঠ আদিৰে মেজি সজা হয়। পিছে বেয়া লাগে এই কথা ভাবি যে আমাৰ দৰে নগৰ অঞ্চলৰ লোকে, এতিয়াৰ ল’ৰা-ছোৱালীবোৰক সেই আনন্দ মধুৰ পৰিবেশ দিব পৰা নাই। আমাৰ ঘৰৰ পশ্চিম দিশে থকা বিস্তৃত মুকলি পথাৰত উপায়ুক্তৰ কাৰ্যালয় স্থাপিত হোৱাৰ পৰাই, তাত খেতি নোহোৱা হ’ল আৰু মেজি সাজিবলৈ নৰাৰ অভাৱ হ’ল। স্বাভাৱিকতে এনে পৰিস্থিতিৰ মুখামুখি আমি হ’বই লাগিব। অৰ্থনৈতিক জীৱন যাত্ৰাই আমাক দিনে দিনে বিলাসী জীৱনৰ প্ৰতিহে আকৃষ্ট কৰিব। তথাপি আমি কেন্দ্ৰীয়ভাৱে নগৰখনৰ কোনো এঠাইত মেজি, ভেলাঘৰ সাজি আজিৰ প্ৰজন্মক ভোগালী বিহুৰ প্ৰকৃত সোৱাদ দিব নোৱাৰোনে? বিহুৰ হুঁচৰি যেনেকৈ মঞ্চলৈ আহিল, তেনেকৈ ভোগালী বিহু উদ্‌যাপনৰ এক নতুন পৰিবেশ গঢ়ি তুলিব পাৰিলেহে নতুন প্ৰজন্মই, বিশেষকৈ নগৰৰ ল’ৰা-ছোৱালীয়ে ভোগালীৰ এনে মুকলি আনন্দ উপভোগ কৰিব পাৰিব। হয়তো তেনে দিন আহিব।

(এতিয়াও ভোগালী বিহু পালেহি যিমান ভাল লাগে কিবা এটা বেজাৰে মনতো আৱৰি  ধৰে । বিহুৰ দিনা মায়ে অকস্মাতে আমাক এৰি থৈ গুছি গ’ল । এওঁলোকৰ ঘৰত বিহু খাই  আমাৰ ঘৰলৈ আহিলো কিন্তু মাক নাপালোঁ । মায়ে আমাৰ বাবে বাট নাচালে ।)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments