মোৰ শৈশৱ মোৰ গৌৰৱ (মনজিৎ)

: আৰম্ভনি :
‘শৈশৱ’ । মাথো এটি শব্দ নহয় ই তেজত প্রবাহিত এক নষ্টালজিয়া। খং অভিমান, কৌতুহল মৰম, চেনেহ, বিশেষকৈ এজাক নির্দোষ বদমাছি দুষ্টামিৰে ভৰি থকা সোঁৱৰণিৰ এটি আচুতীয়া বৰপেৰা। এনে সোঁৱৰণিৰ যাৰ সোৱাদ ঠিক বোকাখাটৰ পেৰাৰ দৰে,  এটুকুৰা খাই কেতিয়াও মন নভৰে। যাক কোনোদিনে ঘুৰাই নোপোৱাৰ দুখ এটাই মোক আপোনাক বা আমি সকলোকে প্রায়েই আমনি কৰে । নাইবা যাক লৈ আমি সুবিধা পালেই আমাৰ অনুজ সকলৰ আগত গৌৰৱৰে বুকু ফুলাই কওঁ
“ বুইছ তহঁতে এইয়া কি দেখিছ ? তহঁতৰ বয়সত আমিইই………. ”
ৰোমন্থন কৰি কৰিও ভাগৰ নলগা ই এজাক আলফুলীয়া অনুভৱেৰে ঠাহ খাই থকা এটি মন জুৰুৱা ৱার্ডড্রব ।

এটা কাম কৰোঁ আহক, প্রথমে শৈশৱক কেইটিমান ভাগত ভাগ কৰি লওঁ । ভাগ ভাগ কৈ মনত পেলাই বেছি মজা লাগিব। মই ভগাই লোৱা ভাগ কেইটা ঠিক এনে ধৰণৰ,
ক) শৈশৱৰ কেইটিমান বিশেষ ভাললগা সময়….
খ) শৈশৱৰ বিনোদন
গ) শৈশৱৰ উপার্জন
ঘ) শৈশৱৰ খেলধেমালি
ঙ) শৈশৱৰ ইঞ্জিনিয়েৰিং
চ) শৈশৱৰ চাচপেন্স থ্রীল ড্রামা ৰোমান্স
ছ) শৈশৱৰ ভয়

আহক এতিয়া এটি এটিকৈ এই বিভাগকেইটিৰ বোকোচাত উঠি লাহে লাহে নিজকে ল’ৰালিৰ দিনলৈ ওভতাই লৈ যাওঁ । আৱাহ সংগীত হিছাপে
“মনলে উভতি আহে ল’ৰালি, তোৰে মোৰে এটি এটি ধেমালি”
গানটো মিহিকৈ বজাই ল’লে সোৱাদটো জোখতকৈ বেছি পাব।

ক) শৈশৱৰ বিশেষ কেইটিমান ভাললগা সময়
———————————————–
১. বিশেষ ভাল লগা সময় বুলি ক’লে প্রথমে মনলে আহে সদায় ৰাতি মায়ে ‘আহ ভাত হ’ল খাই ল’হি’ বুলি কোৱা মুহুর্তটো। কাৰণ সন্ধিয়া প্রার্থনা কৰি উঠাৰ পৰা ৰাতি ন বজালৈকে পঢ়ি পঢ়ি একে ঠাইতে বহি বহি বিৰাটেই আমনি লাগে। ইফালে দেউতাই পঢ়া টেবুলত বৰশী বোৱা দেখিলে হিংসাত্মক নীতিৰে মৰম কৰাৰো ভয়। সেয়ে সেইয়া সদায় বিশেষ ভাল লগা সময়।
২. দ্বিতীয়তে ঘৰত আলহী আহিলে বা আহিব বুলি গম পালে দিল খুছ হৈ যায়।  মন মে পেহলা লাড্ডু ফুটি নিজকে কওঁ “য়েএএএ…. এইকেইদিন নপঢ়িলেও হ’ব, গালি বা মাৰ খোৱাৰ চান্সো কম” । মন মে দুচৰা লাড্ডু ফুটি নিজকে আকৌ কওঁ “য়েএএএ… ঢেৰ ঢেৰ মিঠাই আনিব চুৰ কৰি কৰি খাম” ।
৩. তাৰপিছত পুজা বা বিহুত নতুন কাপোৰ উপহাৰ পোৱা সময় খিনি। সচাঁই কণমাণি মনবোৰ প্রতিবাৰেই ভৰি উঠে উৎসৱৰ আগমণত। ছোৱালীয়বোৰৰ আকর্ষণ জিলিক জালাক ফ্রক ৰঙা হালধীয়া ক্লিপ, বেণ্ড । আৰু আমি ল’ৰা বোৰৰ আকৌ ঢেৰ পকেট থকা পেন্ট, খোজ কাঢ়িলে লাইট জ্বলা একচন বা লিবার্টীৰ জোতা । উফ..ফ  এমাহ মানলৈ চিনেমাৰ হি’ৰ হেন ভাৱটো নুগুছেই।
৪. পৰীক্ষা শেষ হোৱাৰ দিনটোও খুব ভাল লগা।  উফফফফ দুই তিনি মাহ আগৰে পৰা পঢ়া টেবুলত বহি বহি খেলাধুলাত সান্ধ্য আইন লগাই, বেলেগ কথা ভাবিবলে পাহৰি আনকি কাৰোবাৰ টিকাত খহু আছিল যদি সমান হৈ যোৱাকৈ কষ্ট কৰি শেষত যেতিয়া পৰীক্ষাৰ অন্ত পৰে, কি ক’ম স্বর্গ বেলেগে নিবিছাৰো আৰু সেইদিনা ।
৫. গৰম বন্ধত আলহীৰ ঘৰত ফুৰিব যোৱা সময়খিনিও বেছ মনোৰম । গৰম বন্ধত আলহীৰ ঘৰত ফুৰিবলে যোৱা বিশেষ কৈ মামাৰ ঘৰত। ছমহীয়া পৰীক্ষা সামৰি মুকলি পখী হৈ তাত মাথো মৰম মৰম আৰু মৰমৰ মাজত হিয়া উজাৰি খেলা ধুলাৰ মাজত নিজকে হেৰুৱাই পেলোৱা ।
৬. লগতে অসুখৰ সময়ত যেতিয়া সকলোৱে খুব মৰম কৰে যত্ন লয় তেতিয়া খুব ভাল লাগে। নিজকে স্পেচিয়েল এজন যেন লাগে। কি খাবি কি নেখাবি সুধি, ঢেৰ কিবা কিবি খুৱাই, কাষত বহি থাকে মৰমেৰে কপালত হাত বুলাই দিয়ে।  বিৰাটেই ভাল লাগে।
৭) হাফ পেডেল মাৰি মাৰি তলত চলাই চলাই এটা সময়ত যেতিয়া ওপৰত উঠি চাইকেল চলাব পৰা হৈছিলো,  সেই মুহুর্তখিনিও মোৰবাবে সদায় বিশেষ মুহুর্তই হৈয়ে থাকিব।

খ) শৈশৱৰ বিনোদন
———————
১. টেলিভিচন। ই এনে এক আবিষ্কাৰ যাৰ আগমণত আমাৰ শৈশৱ বাৰুকৈয়ে ধন্য হৈছিল। আৰু আমি হেঁপাহ পলুৱাই বিনোদন লৈছিলো। দেওবাৰে ৰংগোলী, চন্দ্রকান্তা, মহাভাৰত, শ্রী কৃষ্ণ, মুগলি কেপ্তেইন ব্যোম, আবেলি আকৌ অসমীয়া চিনেমা। শুক্র আৰু বুধবাৰে চিত্রহাৰ চাবলে মনপুতি পঢ়া যেন দেখুৱাইহে যোগ্যতা আর্জিছিলো। তাৰ উপৰিও যুগমীয়া হিন্দী চিৰিয়েলৰ ভিতৰত বমকেছ বক্সি, মালগুডি দেইজ, চি হ’কছ, চুৰাগ, য়ুগ, জয় হনুমান, স্বাভিমান, শান্তি ,শক্তিমান ইত্যাদি ইত্যাদিয়ে মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গৈছে। তেনেকৈ অসমীয়াত পাপু নিকু সংবাদ, বৃকোদৰ বৰুৱাৰ বিয়া ইত্যাদি অন্যতম। দুর্যোধন বুলিলে পুণিত ইচাৰ, হনুমান বুলিলে দাৰা সিং, ভীষ্ম বুলিলে মুকেশ খান্না, দ্ৰৌপদী বুলিলে ৰূপা গাংগুলি এনে কিছু চৰিত্র যাক আজিও দেখিলে সেই প্রথমৰ চৰিত্র কেইটাই মনলৈ আহে। ইফালে ভাৰতৰ ক্রিকেট খেল থাকিলেটো দিনটোলে ৰক্ষা নাই আৰু। আৰু ফুটবল ৱর্ল্ডকাপৰ সময়ত সোনকালে এঘুমতি শুই মাজনিশা আকৌ উঠি দেউতাৰ সতে ৰোনাল্ডো, ৰিভাল্ডো, ৰবার্টৌ কার্লছৰ খেলা চোৱা।
২. ৰেডিঅ’। মার্কনিৰ (বহু দিনলৈকে মহিলা বুলিয়েই ভাবি আছিলো ) এই মহান আবিষ্কাৰবিধেও আমাৰ শৈশৱত আন এক ৰঙ ভৰাই তুলিছিল। আঞ্চলিক বাতৰি, সুৰ সংগম, বিবিধ ভাৰতী, সৈনিক ভায়ৌ কা কাৰিক্রম, গৰমৰ দিনৰ দুপৰীয়াৰ বাঁহৰ তলত বা গছৰ ছাঁত কেৰমৰ আড্ডাত বহি মিঠা মিঠা পুৰণি অসমীয়া বা হিন্দী গান। টি ভিত টেলিকাষ্ট নকৰা ক্রিকেট খেলৰ চলন্ত বিৱৰণী( অ’ৰ য়ে লাগা নটৰাজ চৌকা)। আৰু শ্রাব্য নাটকো উপভোগ কৰিছিলো নিশাৰ ভাগত নাইবা দুপৰীয়া।
৩) আইতাৰ সাধু। ৰসৰাজৰ সেই অনুপম সৃষ্টিৰ দৰে আন বহু কাহিনী যেতিয়া আইতাৰ সোলা দাঁতৰ ফাকেৰে নিগৰে… উফফ এক বুজাব নোৱাৰা অনুভূতি। ৰাতি ভাত খোৱাৰ পিছত তামোলৰ খুন্দনাটো লৈ তামোল খুন্দি দি তেল দিওঁ, যাতে নতুন নতুন সাধুকথা ৰজা মহাৰজাৰ বা পৰীৰ দেশৰ নাইবা কোনোবা সাহসী নাৰী পুৰুষৰ বীৰত্বৰ কথা কৈ শুনাই। মাজে মাজে আকৌ ভূতৰ কাহিনীও কয় বাগৰি গৈ থকা কোমোৰা, ঘোৰাপাক, শুকুলা ঘোঁৰাত ঘূৰা নামঘৰ ডাঙৰীয়া, ধনগুলৈ ,পৰুৱাই পোৱা, ৰাস্তাত বাঁহ হাউলি পৰা, তলেৰে গ’লে হেঁচা মাৰি ধৰে ওপৰেৰে গ’লে ডাঙি ওফৰাই দিয়াৰ দৰে ৰহস্যঘন কথা। যিদিনা এইবোৰ শুনো সেইদিনা বিচনাত প্রায়েই সৰুপানী চোৱা হৈছিল। পুৱালৈ আইতাৰ কেটকেটনি।
৪) শ্ব টাইম। বাগান শ্ব’ৰ বগা পর্দাত হিন্দী বা অসমীয়া চিনেমাৰ সোৱাদ। মাজে মাজে আকৌ বাছ ভাড়া কৰি হলত হিট চিনেমা চাব যোৱা। বিয়া বা তেনে অনুস্থানত ভাড়ালৈ অনা ভিচিআৰ বা ভি চি পিত ডাঙৰ ডাঙৰ কেছেট ভৰাই ৰভা তলত এজাক মানুহে এগেলগে চিনেমা চোৱা । কি যে দিন আছিল ঐ ভাবিয়েই ভাল লাগে। তাৰোপৰি জেঠত নামঘৰৰ ভাওনা, আঘোণত ৰাস,  গৰমৰ বন্ধত বা পৰীক্ষাৰ শেষত মঞ্চত নাটক এই বোৰেও বেছ মনোৰঞ্জন কৰিছিল। আৰু মন ভৰাই উপভোগ কৰিছিলো।
৫) মইনামেল,নাটকৰ কর্মশালা, ৰচনা, কবিতা, আকস্মিক বক্তিতা, কুইজ, আবৃত্তি, তর্ক আদি বিভিন্ন প্রতিযোগীতাত ভাগ লোৱা । সঁচাই বেছ ভাল লগা সময় আছিল সেইবোৰ ।
৬) আজৰি পৰত পঢ়িবলে মৌচাক, টিংকল, নতুন আবিষ্কাৰ অলপ ডাঙৰ হোৱাৰ পিছত প্রান্তিক বিস্ময়, ৰঞ্জু হাজৰিকাৰ উপন্যাস, দস্যু ভাষ্কৰ, ৰকম ৰকম কমিকচ, নাগৰাজ ফেন্টম আৰু যে কত কি। চিকাৰী সম্ভূ, তন্তী নামৰ মন্ত্রী, সুপন্দি, বীৰৱল, গোপাল ভাড় ইত্যাদি আজীৱন মনত থাকি যোৱা চৰিত্র।
৬)পিকনিক যোৱা, তাত গৈ ধুনীয়া প্রাকৃতিক পৰিবেশত পজ দি ৰীল থকা কেমেৰাৰে ফটো উঠাটোও বিনোদনৰ ভিতৰতেই পৰে বুলি ধৰি ল’লো আৰু।

গ) শৈশৱৰ উপার্জন
———————
১) ঘৰৰ পৰা স্কুল অহাযোৱা আৰু টিফিন খাবলে দিয়া পইছাৰ পৰা বচাই বচাই মাটিৰ টেকেলিত গোটোৱা।
২) আলহীৰ ঘৰত ফুৰিব গ’লে বা আমাৰ ঘৰত আলহী ফুৰিব আহিলে মৰমতে কোনোজনে ১০, কোনোজনে ২০ কোনোজনে ৫০ আৰু কেতিয়াবা দিলদাৰ জনে দিয়া ১০০ টকাটো। ১০০ টকা দিয়াজন ভগৱানতকৈ কম নাছিল সেই সময়ত। সেই পইছাবোৰ জ্যামিতি বাকচৰ তলত বাতৰি কাগজ পাৰি তাৰ তলত লুকুৱাই ৰাখিছিলো আলফুলে।
৩) দেউতাই দৰমহা পালে মনে মনে ফাক মৰা বেয়া অভ্যাস এটাও পুহি ৰাখিছিলো সৰুতে।
৪) দুই এপইছাৰ আশাত ঘৰৰ ইফালে সিফালে পৰি থকা লোহা লংকৰ, পুৰণি কিতাপ বহি বাতৰি কাকত আদিও বেছিছিলো।
৬) ককা খুড়া বা বৰদেউতাহঁতৰ পকা চুলি আৰু ঘামচি ফুটাই দিও মাজে মাজে তেতেলি খাবলে বা বাবুল গাম খাবলে দুই এটকা ওলাইছিল।
৭) বাচে মটৰে গ’লে আগ ফালে দেউতা আছে দেউতাই দিব বুলি ভাড়া নিদিয়াকৈ পিছ দুৱাৰেদি নামি পইছা বচাইও বাহৰ চুঙাত ভৰোৱা হৈছিল । এই আটাইবোৰতে পাইছিলো এক অনাবিল তৃপ্তি যাক ভাষাৰে বুজাই শেষ কৰিব নোৱাৰি।

ঘ) শৈশৱৰ খেলধেমালি
————————
১)শুকান নাৰিকলৰ পাতেৰে বনোৱা বেট আৰু বাঁহৰ মুঢ়াৰ বলেৰে খেলা ক্রিকেট, ৰবাব টেঙাৰে খেলা ফুটবলে শৈশৱৰ এটা ভাগ অকলেই দখল কৰি থাকিব সদায় । ক্রিকেটৰ বলে কাৰোবাৰ খিড়িকীৰ আইনা ভঙা তাৰ পিছত সেইফালৰ পৰা অহা গুৱাল গালিয়ে আমাক উৎসাহিত কৰিছিল আকৌ এখন আইনা ভাঙিবলে। বহুবাৰ সপোনত দেখিছিলো দামী ক্রিকেটৰ চেট এটা আৰু ৱৰ্ল্ডকাপত খেলাৰ দৰে ধুনীয়া ফুটবল এটা বাটত হেৰাই পোৱা বুলি।
২)মার্বলখেলৰ প্রিয় ডগিলটো, মাৰি এডালেৰে মৰিয়াই লৈ ফুৰা চাইকেলৰ দোকানৰ বেয়া টায়াৰটো, চোঁচোৰাই লৈ ফুৰা, তামোলৰ ঢকুৱা খন, তামোল গছত ৰছী এডাল বান্ধি তাতে বস্তা বা পুৰণা গাৰু দি বনোৱা ঝুলনা খন। এই প্রতিটোৱেই একো একোটা সুখদ স্মৃতি। তাৰোপৰি কাগজৰ টিকেট বনাই চোৰ-পুলিছ, ৰাম লক্ষ্মণ, পাঁচটা শিলগুটিৰে খেলা চেঙ গুটি, কলহৰ টুকুৰাৰে খেলা ঘিলা খেল, কাবাডী, কড়ী এইবোৰটো আছিলেই ।
৩) মাছ মৰা বৰশী বোৱাটোও একপ্রকাৰৰ খেলেই আছিল আমাৰ বাবে। বৰশীৰ টোপ বিচাৰি কঁদো বা বৰলৰ বাঁহ ভঙা, কেচু খন্দা, একো নাপালে ময়দা মঠি সৰু সৰুকে টোপ বনোৱা। তাৰ পিছত বৰশী বাই থাকোতে টেঙৰ মাছটোৱে বাৰে বাৰে টোপ খাই পেলালে খং উঠা । এটা সময়ত সেই মাছটো বৰশীত লাগিলত যুদ্ধ জয়ৰ আনন্দ পোৱা আৰু যে কত কি ।

ঙ) শৈশৱৰ ইঞ্জিনিয়েৰিং
————————-
এইটো বিভাগত শৈশৱে কিছু মজা ল’লে দেই। অনুসন্ধিৎসু মনৰ তাড়ণাত কত যে কি কি কৰিলো । কি আবিষ্কাৰ বা সৃষ্টি হ’ল নাজানো কিন্তু সৰু ডাঙৰ বহু কিবা কিবি ধংস কিন্তু কৰিলো ভালকৈ। শৈশৱৰ ইঞ্জিনিয়েৰিঙত এপাক ভুমুকি মাৰো আহক..
১) অলপ খেৰেক খাৰাক কৰিলেই ঢকিয়াই জোকাৰি টি ভি, ৰেডিঅ’ , টেপ আনকি ঘড়ীও ঠিক কৰাটো স্বভাৱ হৈ পৰিছিল। বেছিভাগ সময়ত ভাল হয় যদিও মাজে মাজে টিভি বা ৰেডিঅ’টো,  কমাতো গুছি যায় আকৌ দেউতাই গালি পাৰি পাৰি ভাল কৰাই আনি দিয়ে।
২) ভাল পিকচাৰ আহিবলে টি ভি এন্টিনাত ফুটা ফুটা কৰি চালনি জাতীয় কিবা গাঠি দিয়া। এটাক টিভিৰ সমুখত ৰাখি এন্টিনাৰ বাঁহ ডাল ঘূৰাই ঘূৰাই ভিতৰৰটোক — ঐ আহিছেনে ?? ঐ আহিছে  নে, কৈ সুধি থকা। পিছলে কেবল আহিলত কেবলৰ তাৰ ডাল অলপ গুছাই তাৰ পৰা চিগনেল চুৰ কৰিব চেষ্টা কৰা। এইবোৰে বাৰে বাৰে ভিতৰৰ ইঞ্জিনিয়াৰ জনক জগাই তুলিছিল।
৩)চাইকেলৰ চেইন পৰিলে প্রথমে এফালৰ কেৰেঙত উঠাই ইফালে মাৰি এডালেৰে পেডেল পাত পকাই চেইন উঠোৱা। চাইকেলৰ স্পকত বেলুন বান্ধি শব্দ উঠাই নিজকে হিৰ’ হেন ভাবি চাইকেল চলোৱাটো বেছ চখৰ কাম আছিল।
৪) আতচি কাঁচৰ মাজেৰে সূর্য্যৰ পোহৰ পাৰ হ’বলে দি কাগজ বা শুকান পাত জ্বলোৱা, স্কেল বা ফণি ঘঁহি ঘঁহি কাগজৰ সৰু সৰু টুকুৰা টানি অনা। মাটিৰ কলহত পুৰণি স্পীকাৰ ৰাখি ৰেডিঅ’ বা টেপৰ সতে লগলগাই চাউণ্ড বঢ়োৱা আদিও এই ইঞ্জিনিয়াৰিং পাঠ্যক্রমৰেই অর্ন্তভুক্ত আছিল।
৫) বেগৰ বা পেন্টৰ চেইন বেয়া হ’লে মম ঘঁহি ঠিক কৰা, কাগজেৰে নাওঁ আৰু উৰাজাহাজ পদুমফুল সজা, বাঁহৰ কামি চাঁচি খৰাহী বিচনী আদি সাজি স্কুলৰ হাতৰ কামৰ অভ্যাস কৰা। নাৰিকলৰ কোৰোকা দুটাত দুফালে ৰছি বান্ধি টেলিফোন টেলিফোন খেলাও আছিল অন্যতম ।
৬) থু দি বা কলগেট দি চিনেমাৰ ডিস্কখন মোহাৰি আকৌ সুমুৱাই দি চিনেমা উপভোগ কৰা, কেছেটৰ ৰীল ফছি গ’লে উলিয়াই আনি তাক আকৌ পেঞ্চিলেৰে পকাই আগৰদৰে কৰা। টেপ বা ডেকৰ হেডটো গেঞ্জিত থু অকণ লগাই চাফা কৰি দিয়া কথাবোৰেও মাজে মাজে আহি মুখত হাঁহি বিৰিঙাই যায়।
৬)ভন্টীয়ে গোটোৱা মাটিৰ টেকেলিটো নভঙাকে কেতিয়াবা পইছা উলিয়াব লগা হ’লে সৰু ফুটাটোত ব্লেড এখন পাতি টেকেলিটো ওলোটাই টেকনিকেলি পইছা উলিয়াইছিলো।

চ) শৈশৱৰ বদমাছি চাচপেন্স থ্রীল ড্রামা ৰোমান্স
————————————————
এজাক সৰু সৰু দুষ্টামি বদমাছি আৰু অঘাইটং কাণ্ড কাৰখানাৰ বাবেই শৈশৱটো সদায় সোঁৱৰণিৰ প্রথম পৃষ্ঠাতে থাকিব। প্রতিটো কামতেই শিহৰণ আছিল, কৌতুহল আছিল, বেছিভাগ সময় এটাই চিন্তা “..চ্চল আজ কুছ তুফানি কৰতে হে”।

১)চাচপেন্স: লোকৰ বাৰীত দুপৰীয়া সোমাই আম লিচু বগৰী চুৰ কৰাই হওঁক বা মাঘৰ বিহুৰ উৰুকাৰ নিশাবোৰত হাঁহ পাৰ আলু কচু জেওঁৰা জপনা চুৰ কৰাই হওঁক, হাজাৰ গালি খালেও কৰিবলে এৰা নাছিলো।
২)থ্রীল: স্কুলৰ পৰা পলাই চিনেমা চাবলে যোৱাই হওঁক বা শেষৰ বেঞ্চত বহি বন্ধুৰ সতে নিষিদ্ধ কিতাপ পঢ়াই হওঁক ধৰা পৰাৰ ভয় থাকিলেও নকৰাকৈ থকা নাছিলো। পৰীক্ষাৰ মাজত লুকাই চুৰকৈ ক্রিকেট মার্বল খেলা, বিয়াত দৰাৰ লগত সৰু বোৰক যাবলে নিদিয়ে বাবে আগতেই বাছৰ পিছৰ চিটত লুকাই থকা। দৌৰি গৈ চাইকেলৰ কেৰিয়াত জপিয়াই উঠা নাইবা ট্রাক ট্রেকক্টৰ বা গৰুগাড়ীত ওলমা এইবোৰৰ বিনিময়ত গালি মাৰ খাইছিলো যদিও মাৰৰ ভয় চকুপানীত উটুৱাই দিছিলো।
৩)বদমাছি: কাঠৰ স্কেলপাত বা উইনচাং পেনৰ তল ফালটো বেঞ্চত ঘহাই ঘহাই গৰম কৰি পুৰি যোৱাকৈ লগৰীয়াৰ গাত লগোৱা। ভাইটি ভন্টিক এনেই মাৰপিত কৰা আমনি কৰা। বাট পথে পালে চাৰ বা বাইদেউক লুকাইলৈ তেওঁৰ জোকোৱা নামেৰে মতা এইবোৰ আমাৰ বদমাছিৰেই অংশ আছিল।
৪)ড্রামা: নাটকো কৰিব লগা হৈছিল মাজে মাজে। ক্লাছৰ মাজত অন্যমনস্ক হৈ থাকোতে চাৰে ঘপহকে থিয় কৰাই কিবা টান প্রশ্ন এটা সুধি দিলে এনে গহীনটি হৈ দেখাওঁ, যেন মনত পুৰা জোৰ দি ভাবিছো, উত্তৰটো জানোৱেই কিন্তু জিভাতহে অহা নাই । ক’ৰবাত কাজিয়া লাগি কাপোৰ ফালি আহিলে ঘৰত মিছাকে জেওঁৰাত লাগি ফলা বুলি কোৱা। স্কুল যাব মন নগ’লে বা পঢ়িবৰ মন নগ’লে কাষলতি তলত পিয়াজ সুমুৱাই গা গৰম কৰি জ্বৰ উঠাৰ ভেশচন ধৰা। কেতিয়াবা পেট কেতিয়াব মুৰ কেতিয়াবা দাঁত বিষাইছে বুলি অজুহাত উলিওৱাটো মোৰ দৰে চাগে সকলোৰেই স্থায়ী বাহানা আছিল।
৬) ৰোমান্স: সেই সময় এই সময় নাছিল। ৰোমান্সৰ বাবে দুই এজনেহে সাহস গোটাব পাৰিছিল। ভাল লগা ছোৱালী জনী দূৰৰ পৰা চাই থাকোতেই বহু সময় পাৰ হৈছিল। লগৰীয়াই গম পাই সাহস দিয়াত যেতিয়া প্রথম প্রেমৰ প্রথম পত্রখন লিখিছিলো অপৈণত ভাষাৰে, নিজে দিয়াৰ সাহস নাছিল বাবে লগৰ খামী ডাঠ বন্ধু এজনেই দায়িত্ব লৈছিল। চিঠি দিয়াৰ দিনা অৱস্থা বেয়া বুকুত ধানবনা দি বানিছিল কি হ’ব কি হ’ব ভাৱত। পিছে পিছদিনালে আৰু অৱস্থা বেয়া যেতিয়া চিঠি দিবলে যোৱা জনক কৈ পঠালে যে আমি দুয়োটাৰ কথা তাইৰ মাক আৰু আমাৰ মাক কৈ দিয়া কথা। সেইদিনা সৰুপানী চুইহে তত পাইছিলো। পিছে সেই প্রেম চৰকাৰী আধাৰশিলাৰ দৰে আগেই নাবাঢ়িলে আৰু সেই ঠাইতেই ৰৈ গ’ল । থাকি গ’ল মাথো কিছুমান সুৰীয়া সোঁৱৰণি।

ছ) শৈশৱৰ ভয়
—————-
সেই সময়ৰ ভয় বোৰ অলপ বেলেগ আছিল আজিৰ দৰে পেট্রলৰ দাম বা পিয়াজৰ দাম বঢ়াৰ ভয় নাছিল নাইবা ক’ৰবাত বোমা ফুটা বা দুর্ঘটনাৰো ভয় নাছিল। সেই সময়ত মই ভয় কৰিছিলো ভূত-প্রেত, চোৰ, সোপাধৰা, দেউতাৰ বাঘঢকা, স্কুলৰ আটাইটকৈ খঙাল চাৰৰ বেতৰ কোব,  প্রেয়সীৰ মাক আৰু সবতকে বেছি ভয় কৰিছিলো পৰীক্ষাক যিটোৱে আজিও পিছ এৰা নাই।

: সমাপ্তি :
এইয়েই মোৰ শৈশৱ মোৰ গৌৰৱ। কৈ কৈ কাহানিও শেষ কৰিব নোৱাৰা অনুভৱ। যিমান মনলে আহিল সিমানখিনিকে কৈ কি-বোর্ডত আঙুলি বোলাই সামৰিবলে চেষ্টা কৰিলো। বাকী বহুতেই ৰৈ গ’ল । পিছে এই মুহুর্তত মনলে অহা নাই। মই ভাবো এই শৈশৱৰ মাজত মোৰ বোধেৰে আপোনালোকেও নিজকে বহু পৰিমাণে বিছাৰি পাব । লগতে অনুৰোধ আপুনি আপোনাৰ সোঁৱৰণিৰ চন্দুকটো খুলি আমাকো যেন ভাগ দিয়ে। সেই বুলিয়েই আশা ৰাখিলো। লেখাটো  যথেষ্ট দীঘল হ’ল তাৰ বাবে ক্ষমা প্ৰার্থী।
শৈশৱ সোঁৱৰণি
ভাবি ভাবি নালাগে আমনি
আমিয়েই তাৰ হিৰ’ হিৰালাল, মুংগেৰীলাল.. এইয়া আমাৰেই কাহিনী ।।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক