মোৰ সেইডায়েৰীখন আৰু বৃদ্ধজন–লুতফা আখতাৰা

কথাবোৰ ৰৈ যায় বুকুৰ একোণত, অইন কোনোৱে সংগ দিয়ক বা নিদিয়ক, নীৰৱতাই এনেদৰে মোক প্ৰত্যেক দিনাই সংগ দি আহিছে৷ সেয়ে বুকুৰ ভিতৰত কিৰিলিয়াই থকা অপ্ৰকাশিত শব্দবোৰ ডায়েৰীৰ পৃষ্ঠাতেই সীমাৱদ্ধ হৈ থাকিছিল ৷ গভীৰ নিশা মন গ’লেই কেতিয়াবা পৃষ্ঠাবোৰ লুটিয়াই চাওঁ….তাৰপিছত যদি কেতিয়াবা নষ্টালজিক হৈ পৰো, আকৌ কেতিয়াবা আবেগবোৰ সাৱটি দুটোপাল তপত লোতক দুগালেৰে নিগৰাই উজাগৰী নিশা কটাই দিওঁ৷
সকলোবোৰ ঠিকেই চলি আছিল৷ কিন্তু, সিদিনা এজাক দোপালপিটা বৰষুণে মোৰ সকলোবোৰ সলনি কৰি পেলালে৷ মোৰ সংগী বুলিবলৈ নো কোন আছে! নতুন বছৰত মায়ে উপহাৰ দিয়া বেগটো, বেগটোৰ ভিতৰত ডায়েৰীখন, মোবাইলটো, দেউতাই যোৱাবছৰ জন্মদিনত উপহাৰ দিয়া ৰঙীণ ছাতিটো আৰু মাস্ক এখন, সেইখনো আকৌ ক’ৰণাৰ পৰা পৰিত্ৰাণ পাম বুলি নহয়, পুলিচ খুড়া কেইজনে ফাইন লগোৱাৰ ভয়ত হে যেনিবা লগত ৰাখোঁ ৷ পৰিচয় পত্ৰ বুলিবলৈকো ডায়েৰীখনেই মোৰ বাবেই সকলো৷ তাতেই জীৱনৰ সুখ-দুখৰ পৃষ্ঠাবোৰো আৱদ্ধ হৈ আছে৷
  সিদিনা ৰুমৰ পৰা খৰধৰকৈ ওলাওঁতেই ছাঁতিটো বাৰাণ্ডাৰ চকীখনতে এৰি থৈ যাব লাগে নে! আবেলি সময়ত হঠাতে অহা দোপালপিটা বৰষুণজাকে মাজ ৰাস্তাতে পাই গোটেই মানুহজনীকে তিয়াই পেলালে৷ দৌৰি দৌৰি আহি এখন বন্ধ হৈ থকা সৰু দোকানৰ চালিৰ তলত আশ্ৰয় লৈ খকামকাকৈ বেগটো খুলি ডায়েৰীখন চালো৷ চেহ gel পেনেৰে লিখা ডায়েৰীখনৰ প্ৰথমৰ বহুখিনি পৃষ্ঠাৰ নীলাবোৰ বিয়পি গৈছে৷ Ball পেনেৰে লিখা পিছৰ পৃষ্ঠাবোৰৰ লগতে গোটেইখনে হয়তো আৰু কিছুসময় তিতিলে উৱলি গ’লহেতেঁন৷ গাত লৈ থকা কটনৰ তিতা চূৰ্ণীখনেৰে পানীখিনি যিমান পাৰো টুকিলো, নাই লাভ নাই বেছিকৈয়ে বেয়া হ’ব যেন লাগিল…অইন দিনা বৰষুণত তিতি তিতি
“ক’ৰে এজাক সপোন যেন বৰষুণ
ধূলিৰ ওৰণি ঠেলি ভাঁহি আহে….“
গোৱা ছোৱালীজনীৰ সেইজাক বৰষুণলৈ সিদিনা বৰকৈ খং উঠিছিল৷ অজানিতে দুচকু সেমেকি উঠিছিল৷ মনতে ভাবি লৈছিলো, যি হয় হ’ব বৰষুণ নকমালৈকে আজি ইয়াতেই থিয় হৈ থাকিম৷ ইপিনে সিপিনে চাই দূৰ দূৰলৈ ৰাস্তাটোত মোৰ নিচিনা বৰষুণত জুৰুলি জুপুৰি হোৱা কোনো প্ৰাণীয়েই নেদেখিলো৷ বহিবলৈয়ো ঠাই অকণ নাই, তেনেই সৰু দোকান৷ চকুৰ সন্মুখেৰে বিলাসী গাড়ীবোৰ ইখনৰ পিছত সিখনকৈ পাৰ হৈ গৈ আছে৷ লাহে লাহে চোন আন্ধাৰো নামিব লৈছে, কিন্তু বৰষুণজাক হে কমিব বিচৰা নাই, চেহ মোবাইলটোও আজিহে চাৰ্জ শেষ হৈ অফ হৈ থাকিব লাগে নে…কি যে কৰো এতিয়া!!
মনটোৱে এবাৰ কৈছিল, গাড়ী অহা দেখিলেই হিন্দী চিনেমাৰ ষ্টাইলত দৌৰি ৰাস্তাৰ মাজলৈ গৈ হাতখনেৰে ভংগীমা দি লিফ্ট লিফ্ট কৈ চিঞৰি দিম নেকি? এহ নাই নাই পাগলী বুলিহে ক’ব কোনোবাই, এনেই মেলি ৰখা ভিজা চুলিকোচা আউল বাউল হৈ আছে, চুৰিদাৰযোৰো তিতি গোটেই গাতে লাগি ধৰিছে, অকলশৰীয়া ছোৱালী বুলি সুবিধা লৈ অচিনাকি কোনোবাই যদি অপকৰ্ম কৰিবলৈ সুবিধা লয়! উফ্! কি যে বিৰক্তিকৰ জীৱন! এনেকুৱা সময়তেতো কিয় নাৰী হৈ জন্ম ল’লো বুলি নিজৰ ওপৰতেই ধিক্কাৰ ওপজে!
দোকানখনৰ বেৰতে ভেঁজা দি ঈশ্বৰকে চিন্তিবলৈ ল’লো, যিয়েই যি নকওক, এই নেদেখা শক্তিটোৰ প্ৰতি যে মোৰ অগাধ বিশ্বাস আছে৷ এনেদৰে কিছু সময় থকাৰ পিছত এখন ৰিক্সা আহি থকা দেখিলো, যি হয় হ’ব ভাবি দৌৰি গৈ ৰিক্সাখনৰ আগত থিয় হৈ ৰখাই, একেটা উশাহতে ৰিক্সাৱালাজনক ক’লো, “খুড়া, মোক অনুগ্ৰহ কৰি বাছ ষ্ট’পেজলৈ থৈ আহিব নে? মই বৰ বিপদত পৰিছো, বৰষুণজাকো এৰা নাই, আন্ধাৰ হৈ আহিছে… আপুনি ভাড়াৰ কথা চিন্তা কৰিব নালাগে, মই আপোনাৰ মতে মিলাই দিম… ৷”
মই আৰু একো ক’বলৈ নাপাওঁঁতেই তেওঁ মোক ইংগিত দি ৰিক্সাখনত বহিবলৈ ক’লে৷ ৰিক্সাখন বাছ ষ্টেণ্ডৰ পিনে ঘূৰাই তেওঁ লাহে লাহে চলাবলৈ ল’লে৷ তেওঁৰ মুখখনত সম্পূৰ্ণকৈ বয়সে আঁচোৰা চিন, ৰিক্সাখন যেন বহু কষ্টেৰে কেকোঁজেকোকৈ হে চলাইছে, হয়তো পেটৰ তাড়নাত, এমুঠি অন্নৰ বাবে তেওঁ এই বৃদ্ধ হ’লেও এইখিনি কষ্ট কৰিবই লাগিব, বৰষুণৰ বতৰত ভাড়াও মিলাকৈ পোৱা নাই চাগে আজি…. সেয়ে মোক থ’বলৈ অসন্মতি প্ৰকাশ নকৰিলে৷ নহ’লে আজিকালি ৰিক্সাৱালা কিছুমানৰো যিহে তাও, মুখলৈকে নাচায়৷ বাৰু যি নহওক মই ঈশ্বৰক মনেৰেই ধন্যবাদ জ্ঞাপন কৰিলোঁ৷
প্ৰায় ১০ মিনিটমান পিছত ৰিক্সাৱালাজনক মই সুধিলোঁ-
অ খুড়া, আপোনাৰ ঘৰ ক’ত?
তেওঁ মুখেৰে একো নামাতিলে৷
তেওঁ শুনা নাই ভাবি এইবাৰ অলপ জোৰকৈ সুধিলো-খুড়া আপোনাৰ ঘৰত কোন কোন আছে?
তেওঁ মনে মনে থাকিল, মোক একো উত্তৰ নিদিলে৷ মাথোঁ মাজতে তেওঁ ডিঙিত লৈ থকা গামোচাখন হাতেৰে ঠিক কৰি লৈছে যেন লাগিল৷
ময়ো আৰু একো নক’লো৷ অলপ ভয়ো লাগিছিল, নাজানো কোন তেখেত, কিয় একো নকয়৷ ৰাস্তাটো সঠিককৈয়ে আহি আছে, বাছষ্টেণ্ডলৈ আৰু বেছিদূৰ নাই… সেয়ে আকৌ এবাৰ চিঞৰি সুধিলো, “খুড়া আপোনাক ভাড়া কিমান দিম?“
তেওঁ এইবাৰো একো নকৈ বাছষ্টেণ্ডৰ ওচৰৰ লাইটৰ পোহৰ পৰি থকা দোকান এখনৰ সন্মুখত ৰিক্সাখন ৰখাই মোলৈ ঘূৰি চাই মোক নামিবলৈ ইংগিত দিলে৷
মই বেগটোৰ পৰা ভিজি সেমেকি যোৱা ১০০ টকীয়া নোট এখন উলিয়াই ল’লো, যদিওঁ সেইখিনিলৈ ভাড়া ৫০ টকামান হে হ’ব৷
ৰিক্সাখনৰপৰা নামিয়েই তেওঁলৈ চাই পইচাটো তেওঁক দিব লওঁতেই তেওঁ ক’লে- “মোৰ সৰু ধুনীয়া ঘৰ এখন আগতে আছিল আই এতিয়া নাই, কাঢ়ি নিলে নিজৰ মানুহেই, এতিয়া য’তে ৰাতি ত’তে কাটি৷ ঈশ্বৰে ওপৰলৈ নমতালৈকে আছো এনেকৈয়ে৷ পৰিয়াল বুলিবলৈ ছোৱালী এজনী আছিল, কলেজলৈ পঢ়িবলৈ যাওঁতে তাইকো কোনোবাই ধৰ্ষণ কৰি মাৰি ৰাস্তাত পেলাই থৈ গৈছিল৷ সেইদিনাৰ বতৰটোও এনে আছিল আই… আজি তই যেনেকৈ অকলে আছিলি তায়ো চাগে এনেকৈয়ে অকলে আছিল আই…..পাৰিলে এন্ধাৰ হোৱালৈ বৰ বেছিকৈ বাহিৰত নাথাকিবি… মোক ভাড়া নালাগে, আজি বাছষ্টেণ্ডতে নিশাটো কটাম, দিনতে দুটা ভাড়া পাইছিলো৷ ৰাতিৰ সাঁজৰ বাবে চলি যাব… কুশলে থাকিবি৷ তেনেকৈ কৈয়ে তেওঁৰ সোঁতোৰা পৰা দুগালেৰে বৈ অহা চকুপানীখিনি ডিঙিৰ গামোচাখনেৰে মচি লৈ ৰিস্কাখন চলাই দিলে…
তেওঁৰ কথাখিনি শুনি মই শিলৰ মূৰ্ত্তিৰ দৰে থৰ হৈ তেওঁলৈ চাই ৰৈছিলো, হঠাতেই ৰিক্সাখন চলাই যোৱা দেখি পিছে পিছে দৌৰি গৈ পইচাটো ল’বলৈ বহুত জোৰ কৰিলো, তেওঁ নল’লে৷
অলপ কমিবলৈ লোৱা বৰষুণজাক আৰু বেছি জোৰকৈ দিলে, এইবাৰ কোনো সংকোচ নকৰাকৈ বৰষুণজাকত তিতি তিতি মই লাহে লাহে খোজ কাঢ়িলো৷ মানুহজনৰ কথাখিনিয়ে মোৰ বুকুখন গধুৰ কৰি পেলাইছিল৷ অচিনাকি দুখত পাৰ ভাঙি বৈ অহা চকুপানীখিনিক মই ৰখাব পৰা নাছিলো৷
ততাতৈয়াকৈ বেগৰ পৰা ডায়েৰীখন উলিয়াই শেষবাৰৰ বাবে বুকুত সাবটি আকাশৰ পিনে চাই নিজকে ক’লো, “ সেই ব্যক্তিজনে বুকুত কঢ়িয়াই লৈ ফুৰা দুখবোৰ আৰু তই ডায়েৰীত কঢ়িয়াই লৈ ফুৰা দুখবোৰৰ লগতচোন একো তুলনাই নহয়৷ তেওঁ বুকুত গোট মাৰি যোৱা তেজবোৰ কঢ়িয়াই সংগ্ৰাম কৰি আছে৷ তেওঁৰ জীৱনত না কিবা পোৱাৰ আশা আছে না হেৰুৱাৰ! জীৱন জীয়াই থাকিব লাগে বাবে সংগ্ৰাম কৰি হ’লেও জী আছে৷ “
অলপ দূৰ খোজকাঢ়ি গৈ পকী দলংখনৰ ওপৰত থিয় হৈ, দলংখনৰ তলেৰে বৈ যোৱা নৈখনৰ বুকুত ডায়েৰীখন এৰি থৈ আহিলোঁ…….

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 months ago

বহুত ভাল লাগিল

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক