মোৰ স্বামীৰ পাকিস্তান ভ্ৰমণ (প্ৰাৰ্থনা দেৱী)

প্ৰাৰ্থনা দেৱী


বিয়া হৈ অহা মোৰ এবছৰ হৈছে মাত্ৰ। বাবা তেতিয়া “পেনালাইটিকেল (PANalytical)”, মুম্বাইৰ ব্ৰান্সত কৰ্মৰত। চাকৰি সংক্ৰান্তত পৃথিৱীৰ বিভিন্ন দেশলৈ যাব লাগে। এবাৰ এনে এটা সংবাদ আহিল যে আমাৰ সকলোৰে মুখৰ মাত হেৰাল। তেওঁ বোলে ইছলামাবাদলৈ যাব লাগিব। মোৰ তত্‍ক্ষণাত চকু চলচলীয়া হ’লেই। ১২/০৫/২০০৮ তাৰিখে যাব লাগিব। অফিছৰ পৰা ভিচাৰ প্ৰছেচিং আৰম্ভ হৈ গৈছিল। “পাকিস্তান ভিচা”ৰ সকলো কাম কাজ দিল্লীৰ পৰা হয়। বিজনেচ ভিচা গ্ৰাণ্ট হওতে বেছি সময় নালাগে যদিও “ভাৰত-পাকিস্তান” ছেণ্টিমেণ্টৰ কাৰণে অলপ সময় লাগিল। মোৰ শাহু-শহুৰো তেতিয়া মুম্বাইতে আছিল। আমাৰ চবৰে ইমানযে ভয় লাগিছিল; ঘৰত সদায় এক গোমা পৰিৱেশ। বাবাৰ সমুখত অৱশ্যে নৰ্মেল হৈয়েই থাকো, নহ’লে ছোৱালী মানুহৰ আলসুৱা স্বভাৱটোৰ বিষয়ে সমালোচনা কৰিবলৈ পালে তেওঁক আৰু কোনে পায়!!

 

মুম্বাই-দিল্লী-লাহোৰ-ইছ্লামাবাদ, এনে আছিল ইটিনিয়েৰি। যাত্ৰাৰ দিন ওচৰ চাপি আহিল। আৰু মই সদায় ভাবো “হে ভগৱান, প্ৰগ্ৰেমটো কেনচেল হ্য় যেন”….যিটো নহ’ল। তেওঁ কেমেৰাটো লৈ যাব খুজিছিল আৰু মই ভয়তে নিদিলো, কিজানি “এয়াৰপৰ্ট ছেকিং”ত ধৰেই (তাৰ বাবে এতিয়াও পস্তাই থাকো, কিয়নো পাকিস্তান যোৱাৰ সুযোগ আৰু কেতিয়াও নাহে)।

দিল্লীৰ পৰা পি.আই.এ(পাকিস্তান ইনটাৰনেশ্যনেল এয়াৰলাইনছ)ত যাত্ৰা আছিল, সময় লাগে প্ৰায় ২-৩ ঘ্ণ্টা। ভাৰতৰ লগত সময়ৰ তাৰতম্য ৩০ মিনিট মাত্ৰ। বাবাৰ এয়াৰটেল ম’বাইলত ইনটাৰনেশ্যনেল ৰ’মিং এক্টিভেট কৰা আছিল, গতিকে সময় মতে ফোন কৰিলোঁ, কিন্তু নাপাওঁ। “ন’ নেটৱৰ্ক ক’ভাৰেজ” বুলি কয় বাৰে বাৰে। আমি তিনিওটাই ইটোৱে সিটোৰ মুখলৈ চাই বহি আছো, কাৰো মুখত মাত নাই। লাহে লাহে মোৰ ধৈৰ্য্যৰ সীমা চেৰাল। ইন্টাৰনেটত পি. আই. এ. ৰ ৱেবচাইটত ফ্লাইট ষ্টেটাচ চালোঁ, “ন’ আপদেট” দেখুৱাইছে। ইছলামাবাদৰ বতৰ চালোঁ। বতাহ-ধুমুহা। এইবাৰ মই সচাঁকে পাগলৰ দৰে হ’লোঁ। এইবাৰ মই বাবা থাকিবলগীয়া “জে. ডব্লিউ. মেৰিয়ত”ৰ ফোন নাম্বাৰ বিচাৰি উলিয়াই হোটেললৈ ফোন কৰিলোঁ। ৰিছেপশ্যনিস্টক সোধাত ক’লে যে তেনে কোনো মানুহৰ নামত “বুকিং”ৰ ৰেকৰ্ড নাই। আগপিছ নাভাবি মই কান্দিবলৈ আৰম্ভ কৰিলোঁ আৰু মা-দেউতাৰো অৱস্থা নাই। এতিয়া মই কাক ফোন কৰোঁ, তেতিয়া ৰাতি দুই বাজিছে। মোৰ মানসিক অৱস্থাৰ কথা বুজাবলৈ মই অসমৰ্থ…আৰু এইয়া হৈছিল পাকিস্তানৰ প্ৰতি থকা আমাৰ তথাকথিত সন্দেহৰ বাবে।…তাৰ পাছত যেনিবা ঘৰৰ ফোনটো ৰিং কৰিল, “পাৰি, মই আহি পালোঁ ঠিকে-ঠাকে, বতৰ বেয়া আছিল বাবে ফ্লাইট লেট, আৰু ভাৰতৰ কোনো ম’বাইলে কাম নকৰে ইয়াত। মই হোটেলৰ পৰা কৰিছোঁ” মোৰ উশাহটো ঘূৰাই পোৱা যেন লাগিছিল। বাবা তাত ১৫ দিন আছিল। যথেষ্ট ছিকিউৰিটি দি ৰাখিছিল, আনকি পি.চি.অ’লৈও যাব দিয়া নাছিল। বেলেগ এখন চিম কাৰ্ড দিছিল ঘৰৰ লগত যোগযোগ কৰিবলৈ। এয়াৰপৰ্টৰ পৰা ওলোৱাৰ লগে লগে ক’লা গ্লাছ লগোৱা আইনাৰ কাৰত উঠিবলৈ দিছিল আৰু আগে-পিছে দুখন পুলিছৰ ভেন যেন ভাৰতৰ প্ৰধানমন্ত্ৰীহে! ভাৰতৰ পৰা কোনোবা গ’লে এনেকুৱাই কৰে বোলে। যিকেইদিন তাত আছিল, তাৰ মানুহৰ আতিথ্যৰ কতো ত্ৰুতি নাছিল। আহিবৰ পৰত হাতত সুস্বাদু মিঠাইৰ টোপোলা দি পঠাইছিল…।বাবাৰ মতে পাকিস্তানী আৰু ন’ৰ্থ ইণ্ডিয়ান মানুহৰ কোনো পাৰ্থক্য নাই।  একেই ব্যৱহাৰ, প্ৰায় একেই ভাষা।

কেমেৰা নিয়া নহ’ল কাৰণে ম’বাইলতে কিছু ফটো তুলি আনিছিল। এতিয়াও তাৰ কেইজনমান মানুহৰ লগত তেওঁৰ ই-মেইল যোগে সম্বন্ধ আছে। এজনে ঘৰলৈও লৈ গৈছিল আৰু খুউব ভালদৰে আপ্যায়ন কৰিছিল।

২০/০৯/২০০৮ ত জে.ডব্লিউ.মেৰিয়ট. খন আত্মঘাতী বোমাৰে উৰুৱাই দিয়া হৈছিল। বহুতো লোকৰ মৃত্যু ঘটিছিল।

ইয়াত মোৰ এজনী ভাল পাকিস্তানী বান্ধৱী আছে, দেখাত একেবাৰে ইউৰোপীয়ানৰ দৰে। তাইৰ ঘৰ পেশাৱৰত। মাত কথা খুউব মিহি, আদৱ কায়দা বৰ নম্ৰ। তাইক এই কথাতো কওঁতে আচৰিত হৈছিল। সিহঁতৰ জগতখন আমাতকৈ সম্পূৰ্ণ বেলেগ। ছোৱালী মানুহৰ স্থান কেনেকুৱা তাই কয় মোক। শুনি অবাক লাগে। তাইৰ বিয়াত মোক লৈ যাম বুলি কয়।


 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক