মোৰ স্মৃতিৰ গৰ্ভৰ পৰা (২) (প্রদ্যুতজ্যোতি শইকীয়া)

মোৰ স্মতিৰ গৰ্ভৰ পৰা
প্রদ্যুতজ্যোতি শইকীয়া

(২)

আজিৰ পৰা প্ৰায় ১০ বছৰৰ আগৰ ঘটনা। ম‍ই তেতিয়া অষ্টম শ্ৰেণীত। তেতিয়া আকৌ কথা এফাঁকি প্ৰায়েই শুনিছিলোঁ ককাৰ পৰা। ক্লাছ এইট, গুণ্ডা গেইট। মানে অষ্টম শ্ৰেণী পালেই ল’ৰাবোৰ গুণ্ডা হয়। গুণ্ডা পাচতহে হ’লোঁ। তাৰ আগতে হ’লোঁ উ‍ত্‍পতীয়া। আমাৰ ঘৰৰ মানুহৰ ভাষাত “খটাসুৰ”। স্কুললৈ অহাৰ পাছত স্কুলবেগটো দলিয়াই আমাৰ খটাসুৰগিৰি আৰম্ভ হৈছিল। খৰালি হাবিৰ মাজত বিভিন্ন খেল। গৰম কালি ফল-মূল বিচাৰি ফুৰাই প্ৰধান কাম আছিল। তাৰ লগতে আছিল বানপানী হ’লে ভূঁৰ সাজি খেলি ফুৰা। মুঠতে নানা ৰকমৰ কাণ্ড কাৰাখানা।

তেনেকুৱা এটা গৰমদিনতে আমাৰ তাত বানপানী এটা হৈছিল। ঘৰৰ চোতাল পাওঁ পাওঁ হৈছিল। স্কুললৈ যাব নোৱাৰা অবস্থা। ঘৰতেই বন্দী। পিছে কাম ওলাল। ভূঁৰ এখন সাজি ল’লোঁ জেঠাইৰ ল’ৰাটোৰ লগ লাগি। জালিয়া তাৰ নাম। সিয়ে ময়ে সমনীয়া। কামে কথাই দেখাই শুনাই সমান। দুইটা লগ খালে ঘৰৰ মানুহে গম পায়েই আৰু আজি কিবা এটা অঘটন ঘটিব। গতিকে লগ হ’বলৈ নিদিয়ে। দুইটাই তিনিডাল শকত-আৱত ভীমকল বগৰাই ভূঁৰখন সাজিলো কোনোমতে। ইতিমধ্যে জেঠুৱে জালিয়াক মোৰ লগত দেখিলে‍ই। লগালগ কাণতলীয়া এটাৰে মুহুদী কৰাই কাণত ধৰি লৈ গ’ল তাক। ভূঁৰখন সজাৰ প্ৰধান উদ্দেশ্য আছিল বৰালি মাছৰ কাৰণে পথাৰৰ বানপানীৰ পৰা ওলাই থকা ঠাইবোৰত বৰশী পতা। খাঃ বাপ্পেকে ভীমকলটো! কি কৰ কৰ এতিয়া? সোঁহাতখনেই চিগিল। পিছে চয়তানি মাথাত বুদ্ধি এটা ওলাল। বৰালি মাছ কালিলৈ খাম। আজি দেখোন ভোকোলাহঁতৰ বৰজামুকজোপাৰ জামুক খাব পাৰি। শুনিছোঁ বোলে পকিছে। ভোকোলাৰ পিতাক ঘটোত্‍কচ ৰখীয়া হৈ থাকে। পিছে জামুক ৰখিবলৈ নহয়। জামুক খাবলৈ আহি তলত থকা কঠীয়া নষ্ট কৰে বুলিহে। কাৰণ গছজোপালৈ যাবলৈ হ’লে কঠীয়ানীডৰাৰ মাজেৰে যাব লাগে। অলপ নষ্ট হয় এবেগেতমান ওখ হোৱা কঠীয়াবোৰ। মনতে ভাবিলো “যাঃ, এই বানপানীৰ দিনত কোন থাকিব কঠীয়া ৰখি। বানত বুৰিলেই কিজানি কঠিয়ানী। ” সাত পাঁচ নগণি ভূঁৰ এৰি দিলোঁ। এনেও সাত পাঁচ বাদ দিয়া, এশ দুশও গণা মানুহ ম‍ই নহয়। মেলি দিলো ভূঁৰ লুকুমজানৰ ভটীয়নী সোঁতত। বেছি দূৰ নহয় দুইৰ পৰা তিনি কি:মি:ৰ ভিতৰত হ’ব কঠীয়ানীখন। গামোচাৰ খুচনিত দেউতা আৰু ককাইদেউৰ কাৰণে জামুক আনিবলৈ পলিথিন এটা খোঁচ মাৰি ল’বলৈ পাহৰা নাই। চতুৰ্দিশ পানী। কলমৌবোৰৰ টিকনিবোৰ সাগৰৰ ডলফিনবোৰৰ দৰে পানীৰ পকনীয়াত পৰি এবাৰ পানীৰপৰা ওলাইছে আৰু এবাৰ সোমাইছে। অৱশ্য কাণ্ডটো পানীত ডুব যোৱা মানুহৰ লগতো ৰিজাব পাৰি। ওলাইছে সোমাইছে। পুঠিমাছ আৰু দৰিকনাবোৰে ভূঁৰৰ কাষে কাষে জপিয়াইছিল। তামাম ভাল লাগে চাই। সদ্য অলপ ডেকা ডেকা ভাৱ এটা মনলৈ আহিছেহে। ভাল লাগি যায় অকলে অকলে পথাৰৰ মাজত। পিছে ভয়ো লাগে ককাই শুই থাকোতে কোৱা কাহিনীবোৰৰ কেঁচা মাছ খোৱা বাঁকবোৰলৈহে।

লাহে লাহে গৈ কঠীয়ানীখনৰ ওচৰ পালোঁ। আচলতে কঠীয়ানী বুলি ক’লে ভুল কোৱা হ’ব। কঠীয়ানীৰ নাম গোন্ধেই নাই। সব পানীৰ তলত। একমাত্ৰ জামুকগছজোপা ওলাই আছে, কাষত থকা অন্য এখন কঠীয়ানীৰ বাঁহ এজোপা। দুডালমান হালি আহি জামুকজোপাটো লাগিছেহি। পানী ইমান বাঢ়িছে বুলি ধৰিব পৰা নাছিলোঁ। জামুকজোপালৈ চালোঁ। লমালমে লাগি পকি আছে বৰজামুক। গছজোপাৰ গুৰিত উঠিবলৈ সহজ যদিও ওপৰৰ ডালবোৰ অলপ ঠিয়। অলপ কষ্ট হয়। পিছে অমুকাৰো এটা সুনাম আছে নহ্য় “যেনেকুৱাই গছ নহওক, গা-গছৰ ব্যাসৰ অলপ বেছিলৈকে যদি সাৱটিব পাৰোঁ তেন্তে অমুকা উঠিব পাৰে। ৰেকৰ্ড আছে। আমাৰ গাঁৱত এজোপাও অন্তত ফল-মূলৰ গছ নোলাব যি জোপাত মই বগোৱা নাই। হেঃ হেঃ”। কঠীয়ানীখন পানীত বুৰিল কাৰণে ঘৰৰ মানুহ কোনো নাই ৰখীয়া হৈ। মনটো নাচি উঠিল। “জয় বাবা ভোলানাথ” বুলি জামুকজোপাত লাফ মাৰি উঠিলোঁ। লফিয়াই উঠি গ’লো ওপৰলৈ। তাৰ পাচত ডালে ডালে ভৰি দি একেবাৰে “টিকো” পালোঁগৈ। একেবাৰে ওপৰতহে আচল পকা পকা জামুকবোৰ আছে। বগলী দুটামান উৰি গ’ল ওপৰলৈ মোক উঠি অহা দেখি। কেইটামান অন্য এটা ডাললৈ উৰি গ’ল। মন নাই সিহঁতৰ উৰি যাবলৈ। যাব ক’লৈ? বহুত দূৰ যাব লাগিব অন্য এজোপা গছলৈ যাবলৈ হ’লে। গতিকে ইমান কষ্ট নকৰাই ভাল বুলি ভাবিলে চাগৈ! নহ’লে মোকো কোনোবা বানপানীত আতুৰ প্ৰাণী বুলি ভাবিলে চাগৈ। পকা জামুক দুটামান খাই জিভাখন বেঙুনীয়া কৰি বাকীবোৰ পলিথিনটোত ভৰাবলৈ লাগি গ’লোঁ। ককাইদেউলৈ মনত পৰিল। সি প্ৰথমে গালি পাৰিব যদিও পাচত বিচাৰিব। জামুক খাই ভাল পাই সি। বেলি পৰাৰ আগতে উভতিব লাগিব। সোনকালে পলিথিন ভৰ্তি কৰাত গুৰুত্ব দিলোঁ। গৰমৰ দিন। মাটিৰ পৰা প্ৰায় ৫০-৬০ ফুট ওপৰত থকা কাৰণে ফিৰফিৰীয়া বতাহ এজাক লাগি আছে। বৰ ভাল লাগি আছে। গাত গেঞ্জী এটা। মোৰ বহি থকা ডালটোৰ পৰা অলপ তলৰ ডাল এটালৈ হাত মেলি জামুক চিঙিব লওঁতেই “ফোঁচ” কৰি শব্দ এটা শুনিলো। থমকি ৰ’লো। আকৌ হাত খন আগবঢ়াব লওঁতেই “ফোঁচ”। তেতিয়াহে দেখিলো। তলৰ ডালটোত স্বয়ং শিৱ বাবা বিৰাজমান। মানে ঠানি দুটামানত পাতে চাতে পকাই প্ৰকাণ্ড ধুন্দুলী ফেঁটি এটাই মোলৈকে চাই ফনা তুলি ৰৈ আছে। তেখেতৰে ফোঁচ ফোঁচ শব্দ। মোৰ পৰা ছয় ফুট মান দূৰৈত। মাটিখিনিক “বেছ” হিচাপে ল’লে কিজানি তাৰ আৰু মোৰ কোণীয়া-কোণী অৱস্থান ৬O ডিগ্ৰীমান হ’ব। গোটেই গাটো ভৰিৰ ফালৰ পৰা চেঁচা লাগি আহিল। ঢোক এটা গিলিলোঁ। “ঘুটুক!” আচলতে মই ওপৰলৈ আহোঁতে নাগ বাবাজী উঠি অহা নাছিল। পাচত ঠানিটোৰ কাষতে লাগি থকা বাঁহজোপা দেখিহে বুজি পালোঁ। মই উঠোঁতে সিও কিজানি সেই হালি থকা বাঁহডালত আছিল। জামুকৰ লোভত ওপৰলৈ চাওঁতে বাঁহজোপালৈ মন কৰিবলৈ নহ’ল। এতিয়া আহি আহি ওচৰ পালে। নাগ বাবাজী ওপৰলৈ উঠি অহাৰ একো কাৰণ বিচাৰ নাপালোঁ। অৱশ্য বতাহ খাবলৈও আহিব পাৰে। পিছে এতিয়া দেখিছো বাবাজীৰ কিবা বিষেদাগাৰ। কাৰণ বতাহত অলপ হালিলেও তেৰাই ফোঁচ ফোঁচ কৰি উঠে। হে হৰি কোনটো পানী খোৱা পুখুৰীত বিহ দিছিলোঁ তোমাৰ! এনেয়ে তোমাৰ নাম নলওঁ কিন্তু সেই বুলি কোনো নামঘৰৰ আগত ম‍ই মুতা নাই। অলপ ল’ৰামতীয়া মনটোত তেতিয়া সেইটোৱেই ভাৱ আহিছিল, কাৰণ মায়ে দঢ়াই দঢ়াই কৈছিল “নামঘৰৰ আগত নুমুতিবি। ভগৱানে দোষ ধৰিব।” ম‍ই অলপ কষ্ট কৰি ওপৰলৈ উঠিব লওঁতেই কেৰেক কৰি উঠিল ডাল এটা। ইফালে বাবাজীও ফোঁচ কৰি এফুটমান উঠি আহিল। পলিথিনটো এহাতত আৰু এহাতে ডালত ধৰি বান্দৰ বহাদি বহি আছোঁ। সিও নমাৰ নাম নলয় আৰু সি নানামিলে ময়ো নামিব নোৱাৰোঁ। কাৰণ বাবাজীয়ে পকাই ধৰি থকা ঠানিটোৰ এহাতমান কাষেদিয়ে ম‍ই নামি যাব লাগিব। “জয় বাবা ভোলানাথ” বুলি নামি যাব পাৰোঁ। কিন্তু বাবাজীয়ে মৰমতে বা খঙতেই হওক চেলেক এটা মাৰি দিলেই মোৰ আয়ুসৰ কলহত থকা চাউল শকত-আৱত ফুটাইদি সৰসৰকৈ তললৈ পৰিবলৈ বেছি সময় নলগাব। এনেও ধুন্দুলী ফেঁটিৰ বিষ বেছি বুলি সুনাম এটা নথকা নহয়। বাবাজীও বহি আছে ম‍য়ো ৰৈ আছোঁ। অলপ লৰচৰ হ’লেই ফোঁচ। পিছে অলপো লৰচৰ নকৰাকৈ এখন হাতেৰে এবাৰ এটা অলপ বুজন ঠানি এতা পাতে চাতে ভাঙি ল’লোঁ। শেষ উপায়। বাবাজী যদি আৰু ওপৰলৈ আহে দুবাৰ মান চাটৌপ চাটৌপ দিয়েই তললৈ জাপ দিম। চাই ল’লোঁ কোনখিনিত পানী দ’ হ’ব পাৰে। ৮ ফুটমান দূৰৈত দুইখন কঠীয়ানীৰ মাজৰ বহল খালটো। তালৈকে জপিয়াই দিম বাপ্পেকে। ইতিমধ্যে বাবাজী নাগৰাজৰ আগমনত হতাশ মনেৰে বগলীকেইটাই আকাশৰ তলত দূৰ দিগন্তলৈ ঢাপলি মেলিলে। বেলিও পৰোঁ পৰোঁ হ’ল। নাগৰাজ নানামেহে নানামে। কিজানি বতাহখোৱা ঠাই টুকুৰা ম‍ই অধিকাৰ কৰাৰ বাবে এই বিষেদাগাৰ। প্ৰায় গধূলি হ’বৰে হ’ল। চিন্তাও লাগি আহিল। থাকোঁৱেই বাৰু বাবাজী ননমালৈকে। কিন্তু আন্ধাৰ হোৱাৰ লগে লগে একো নেদেখিম। বাবাজীৰ সেইটো ক্ষেত্ৰত অলপ এদভানটেজ আছে। কিবা বোলে ছ’নগ্ৰাফীক পাৱাৰ আছে। মালৈ মনত পৰিল। দঢ়াই দঢ়াই কৈ থাকে “ত‍ই জামুক বিছাৰি য’তে ত’তে উঠি নুফুৰিবি। সাপ থাকে গছত। ” পিছে ভাগ্যই সেইদিনা আয়ুসৰ কলহটোত ফুটা হোৱাটো বিচৰা নাছিল কিজানি। হঠাতে অলপ বেছিকৈয়েই বতাহ এজাক আহিল। মোকটো অলপ বিপৰীত দিশে হলাই লৈ গ’লেই। ইফালে বাবাজীয়ে মহতিয়াই ধৰি থকা ঠানি দুটাৰ এটাই ফেটেৰ কৰি এৰখাই গ’ল। লগতে বাবাজীও ধুপুচকৈ কাষৰে বাঁহ হালি পৰি থকা ফেৰেঙনিটোত পৰিলগৈ। ম‍ই সময়ৰ অপচয় নকৰি দুমুহাৰ গতিৰে নামি আহিলোঁ। ১২ ফুটমান থাকোঁতেই জাপ মাৰি দিলোঁ ভূঁৰখনলৈ। মুখত জামুকেৰে ভৰ্তি পলিথিনৰ গাঁঠি মৰা টোপোলাটো। ভূঁৰত পৰিয়েই সৰ্ব শক্তিৰে চৈ মাৰিত হেঁচা দিলোঁ। ৫০০ মিটাৰমান আঁতৰিহে উশাহ ল’লোঁ। কলমৌৰ মাজত আকৌ কিবা ওলাব পাৰে বুলি পথাৰৰ ওপৰেৰে ভূঁৰ চলাই নিলোঁ বহি বহি। অলপ সাহস আহিবলৈকে তেতিয়া ৰেকৰ্দত শুনা মোৰ প্ৰিয় গানটো গাবলৈ আৰম্ভ কৰিলোঁ….”টু শ্ৰী নয়ন কাকতি ,,,পি অ’ নাহৰজান মোৰ জান ঐ…..”

 
(৩)

১৯৯৫ চন। মোৰ বয়স তেতিয়া সাত বছৰ। তৃতীয় শ্ৰেণীত পঢ়ি আছোঁ। গৰমৰ দিন। গৰমৰ দিনটো ম‍ই ককাৰ লগত শুওঁ। খুব চিগাৰেট খায় ককাই তেতিয়া। ৰাতি আকৌ ম‍ই ককাৰ লগত শুলেহে ককাৰ টোপনি আহে। প্ৰথমে কিন্তু টোপনি নাহে চিগাৰেটৰ গোন্ধত। তথাপি শুব লাগে। মায়ে নিদিয়ে লগত শুবলৈ। ম‍ই হেনো খুব মুৰামুৰি কৰি থাকোঁ টোপনিত। দেউতা আৰু দাদাৰ ওচৰলৈ যাব‍ই নোৱাৰি। গতিকে ককাৰ বাহিৰে অন্য গত্যন্তৰ নাই। ম‍ই আৰু ককা শুৱা বিচনাখনেই মোৰ পঢ়া টেবুল , শুৱা আৰু খেলা ঠাই। নিজাকৈ টেবুল নাই। ঘৰত এখনেই টেবুল। তাকো ককাইদেউৱে ব্যৱহাৰ কৰে। তাৰ নিজৰ বেপাৰ-বাণিজ্যৰ হিচাপৰ পৰা পঢ়া কিতাপলৈকে সকলোবোৰ থাকে। শুৱা বিচনাখনৰ কাষতে থাকে মোৰ ফলি-পুথি। যেতিয়াই মন যায় তেতিয়াই পঢ়িব পাৰি। গ্ৰেট এদভানটেজ। ৰাতিপুৱা ককাই সুন্দৰ কবিতা এটাৰ সৈতে মোক জগাই দিয়ে। অলপ অলপ মনত আছে মোৰ কবিতাটো –

“উঠা সোণ ফেৰি উঠা গিৰি খায়
ৰাম হৰি যদু উঠিল আটায়
পূব আকাশত সৌ ৰঙা বেলিটিয়ে
উকি মাৰি আহি ধলফাট দিলে…”…

আৰু আছিল। বৰ দীঘলীয়া কবিতাটো। কিন্তু খুব সুন্দৰ। জগাই দিয়াৰ পাচতেই এবাৰ পিঠিখন খজুৱাই দিয়ে ককাই। গৰম দিনত ঘামচি ঢেৰ ওলায় মোৰ পিঠিত। তাৰ পাচত উঠিয়েই মুখ-হাত নোধোৱাকৈ আৰম্ভ হৈ যায় মোৰ ককাই শিকোৱা নেওতা “এঘাৰং এঘাৰং এশ একৈশ……। ভুল হ’লে চাহ বাকি থকা মায়ে চিঞৰে ” ঐ ধুন….ভুল হৈছে তোৰ। চিটিপনি পোৱা নাই নহয় বহুত দিন। ৰহ গৈছোঁ”। তাৰ আগতেই ককায়ে মেছ-ফিক্সিং কৰি গেজু খেলাৰ নিচিনাকৈ শুধৰাই দিয়ে ভুলটো। আকৌ প্ৰথমৰ পৰা আৰম্ভ কৰো “এঘাৰং এঘাৰং এশ একৈশ …..”।

সেই কেইটা দিনতে আমাৰ ব্লেক এণ্ড হোৱাইট টিভিটোত ভাৰত আৰু কোনোবা এখন দেশৰ ক্ৰিকেট খেল চলি আছিল। ক্ৰিকেট ভক্ত ককাৰ স্থিৰ দৃষ্টি টিভিত। মাজে মাজে উত্তেজনাত অলপ ভোৰভোৰাই উঠে। মুখত কেপষ্টেইন চিগাৰেট। মোক অৰ্ডাৰ দিয়ে মাজে মাজে। “ঐ অকণি , পেপৰ এখিলা জোখত কাটচোন “। ম‍ইও কাটি দিওঁ। হাজাৰ চেষ্টা কৰাৰ পাচতো চিগাৰেট নেৰে ককাই। আইতাই ১৯৮৬ তে এৰি গ’ল। ম‍ই নেদেখিলোঁৱেই। ককাইদেউৰ ৰিণিকি ৰিণিকি মনত আছে হেনো। তাৰ পাচৰ পৰাই হেনো চিগাৰেট খোৱা আৰম্ভ কৰিলে ককাই। “এহ ইণ্ডিয়া হাৰিব যেন পাইছোঁ, বুজিছ! মাৰক ক’ লাল চাহ এটোপা খাই লওঁ। পেঞ্চনৰ কথা সুধিবলৈ পদ্মেশ্বৰ ফুকনৰ ঘৰলৈয়ো যাবলৈ আছে।” মাজতে এবাৰ ককা উঠি যাওঁতেই হঠাৎ টিভিটো থকা টেবুলৰ এচুকত লাগি টিভিটো পৰিছিলেই। ভাগ্য কাষতে থকা কনডাইয়ে( একেবাৰে সৰুজন দদাইদেউ) ধৰিলে বুলিহে। ককা অলপ তলকা মাৰি ৰ’ল। কনদাইক উদ্দেশ্যি ক’লে “কাঠ মিস্ত্ৰী শংকৰক মাত। টিভি টেবুল এখন সাজক। ” কনদাই অলপ আচৰিতেই হ’ল। তেতিয়া আমাৰ ঘৰৰ অৱস্থা চাই ইমান দামী টিভি টেবুল এখন সজোৱাটো অলপ টাম কাম আছিল। কিন্তু এবাৰ কথা ক’লে পিছ হুঁহুকি নহা বিধৰ মানুহ মোৰ ককা। ককাই ক’লে “যি হ’ব দেখা যাব। শংকৰক মাত।” শংকৰক মাতি কনদাই গ’লগৈ পলিটেকনিকৰ হোষ্টেললৈ।

পাছদিনা পুৱাই বিহাৰৰ কাঠমিস্ত্ৰী শংকৰ আহি ওলালহি। ককাৰ লগত বহি বহি কেনে হ’ব টিভিৰ টেবুলখন ডিজাইনসহ দামৰ বিৱৰণ দিলে। মজবুত হ’বনে বুলি সোধোতে শংকৰে ক’লে,”আপুনি ওপৰত উঠি নাচি থাকিব পাৰিব”। ১৩ হাজাৰ টকাত দাম দৰ ফিক্স কৰি পিচবেলাৰ পৰাই কাম আৰম্ভ কৰিলে শংকৰে। মোৰ তামাম ফূৰ্তি। স্কুলৰ পৰা আহিয়েই কাঠৰ চুচঁলি সোপা লৈ উমলি থাকোঁ। জেঠাইৰ ল’ৰা জালিয়াৰ স’তে কোমল কোমল লগা কাঠৰ চুচবোৰৰ ওপৰত জপিয়াওঁ। সৰু সৰু ৰাহি হোৱা কাঠৰ টুকুৰাবোৰেৰে কিবাকিবি সাজোঁ। তেতিয়াই মোৰ জীৱনৰ প্ৰথম কাঠৰ পীৰা এখন সাজিছিলোঁ। বহুত দিন আছিল ঘৰত সেইখন। পাচলৈ বাৰু দদাই আৰু দুই ভতিজা মিলি তিনিখন সুন্দৰ পালেং সাজি উলিছিলোঁ। কিন্তু কাঠৰ কাম হিচাবে সেই পীৰাখন ম‍ই বহুত দিন সাঁচি ৰাখিছিলোঁ। বাৰু যাহওক শংকৰে বৰ খৰখেদাকৈ কাম কৰিছিল। শংকৰহঁতে নিজৰ ভাষাত আমাৰ ঘৰৰ কাৰণে সজা টিভি টেবুলখনক এটা বিশেষ নামেৰে মাতিছিল। নামটো শুনিবলৈ আচহুৱা বাবে জালিয়া আৰু ম‍ই খুব আওঁৰাইছিলো। কিবা “চত্তৰ পাল্লা মজিত টিভি টেবিল”। মানে চাউণ্ড বক্স থ’ব পৰা ঠাইৰ সহিতে টিভি টেবুল। চত্তৰ পাল্লা মজিত টিভি টেবুল। শংকৰে ভাত খাবলৈ গ’লেই তিনিখলপীয়া টিভিৰ টেবুলখনৰ একেবাৰে ওপৰলৈকে উঠি চাওঁ। কিমান মজবুত হৈছে। শংকৰ অহাৰ আগতেই নামোঁ। পিছে সি দেখিলেও একো নকয়। টেবুলখন লাহে লাহে সম্পূৰ্ণ হৈ উঠিছিল। কেৱল মাত্ৰ লক লগাবলৈ বাকী আছিল। মোৰ চখো বাঢ়ি গৈছিল টেবুলখনত উঠাৰ।

পাচদিনাই শংকৰে টেবুলখন ককাক গতালে। টকা প‍ইচাৰ লেনা দেনা শেষ কৰি শংকৰক বিদায় দি পেঞ্চনৰ কামৰ বাবে ককা শিৱসাগৰলৈ গ’ল। দেউতা আছে। দেউতাক কোনে পাত্তা দিয়ে। এনেয়ো খুব কমেই পিতে মোক দেউতাই। ঘৰত কম মানুহ থকাৰ সুবিধা লৈ খুব উঠিলোঁ টিভি টেবুলখনৰ ওপৰত। আবেলি কোন তলকত আহি ককা ওলালহি গমেই নাপালোঁ। টিভি টেবুলৰ ওপৰতে ম‍ই। ককাই মোক একো নক’লে। তাৰ মানে একো অসুবিধা নাই। পিচে কোমলকৈ এবাৰ ক’লে “নামি আহ”। ম‍ই গুৰুত্ব‍ই নিদিলোঁ। ওপৰত উঠি ঘৰৰ চটিটোত উঠাৰ চেষ্টা কৰি আছোঁ। কোনফালৰ পৰা আহি জানো ককাই সোঁহাতখনত ধৰি টান মাৰি এনেকুৱা এটা ঠেকেচা দিলে! ঠেকেচা মাৰিয়েই নহয় মজিয়াখনলৈ দলি মাৰি দিলে মোক। দলি মাৰি দিয়াৰ মুহূৰ্ততে সোঁহাতখনৰ মাজত এলব’ৰ(elbow joint) পৰা অলপ তলত কেৰেক কৰি উঠিল। পাছত গম পাইছিলোঁ পেঞ্চনৰ কাম একো আগ নবঢ়াৰ বাবে খুব খঙত আহিছিল ককা। দেউতাই ককাৰ খং দেখি দৌৰি আহি মোক ডাঙি নিলে মাৰ ওচৰলৈ। বিষত তৎ পোৱা নাই। উখহি উঠিছে অলপ। ককাৰ খং মিশ্ৰিত চিঞৰ “তাক নালাগে যত্ন ল’ব, পৰি থাকক দে”। মায়ে সুধিলে, “বেছি বিষাইছে নেকি?” “নাই বিষোৱা মা”, তপৰাই উত্তৰ। ম‍ই এনেয়ো দুখ পালে ঘৰত নকওঁ। উখহি থকা দেখি মনদায়ে (মাজু দদাইদেউ) ফটাকানি অলপেৰে সৈতে হাতখন ডিঙিত ওলমাই বান্ধি দিলে। পিছে বিষ ভাল নহ’ল। দুদিন মান স্কুললৈয়ো গ’লোঁ তেনেকৈয়ে। লিখাৰ চেষ্টা চলাওঁ কিন্তু আঙুলিটোৱে পেঞ্চিলডালকে ধৰিব নোৱাৰি। ভাগ্য গৰমৰ বন্ধ দিলে এমাহ তেতিয়াই। আৰাম হ’ল মোৰ।

৮ দিনমান হ’ল ককাৰ লগত শুৱা নাই। প্ৰচণ্ড অভিমানী আছিলোঁ সৰুতে। কিন্তু দোষ মোৰেই। হালধি বান্ধি থোৱা হাতখনৰ সৈতে মাৰ লগত শুইছোঁ। মাজে মাজে মাৰ হাত লাগিলেই বিষ উঠে। নদিনৰ দিনা কনদাই আহি চায়েই ক’লে “ভাগিল হ’বলা।” তাৰ পাচত মোক নি শিৱসাগৰ অসামৰিক চিকিত্‍সালয় পোৱালেগৈ। ডাঃ বাবুল শ‍ইকীয়া ছাৰে এক্সৰে কৰিলে। এক্সৰেখন ডাঙি চাই আছে শ‍ইকীয়া ছাৰে। ম‍য়ো জুমি জুমি চাই আছোঁ। তাকে দেখি খুব আমোদ পালে ছাৰে। এক্সৰেখন দেখুৱাই সুধিলে কি দেখিছ ? জুপি চাই দেখো পাতল বগা এখিনিৰ মাজত অলপ ডাঠ বগা সাপৰ দৰে দুদাল মাৰিৰ নিচিনা বস্তু। মাজতে অলপ বেঁকা হৈ এটুকুৰা উঠি গৈছে। মোক এক্সৰে কৰোঁতে চাই আছিলোঁ সেই কলা ফ্লিমখন। সকলোবোৰ জুকিয়াই লৈ হাতখনলৈ চাই উত্তৰ দিলোঁ “ভাগিলে ছাৰ”। ছাৰে হাঁহি উঠিল। লগতে নাৰ্ছ বাইদেউৱেও। “ঐ তীখৰ আহ, প্লাষ্টাৰ কৰি দিওঁ” ছাৰে মাতিলে কাষৰ কোঠালৈ। ছাৰে প্লাষ্টাৰ কৰি দিলে ধুনীয়াকৈ। ২১ দিন পাছত মাতিলে আমাক। গুছি আহিলোঁ ঘৰলৈ। তাৰ পাচত ঘৰত কি আদৰ! পেহীয়ে খুৱাই-পিন্ধাই দিয়ে, মায়ে ঢাৰি পাৰি বহুৱাই পেপাৰখন দিয়ে চিঞৰি চিঞৰি মাতিবলৈ। ককাই মোক এইকেইদিন মতাও নাই। পেপাৰ পঢ়িবলৈও দিয়া নাই। ম‍ই নিজেহে পেপাৰ পঢ়ি দৃষ্টি আকৰ্ষণ কৰাৰ বৃথা চেষ্টা চলাইছোঁ।

ম‍ই তেতিয়াও মাৰ লগতে শুই আছোঁ। দুদিনমানৰ পাচতে ককাই মাতিলে “ঐ অকণি এইফালে আহ”। মোৰ টোপনি ধৰা নাই এই কেইদিন। আজি লগত শুবি। ম‍য়ো ক’লোঁ “নোৱাৰোঁ, হাতত প্লাষ্টাৰ। ৰাতি পানী খাবৰ হ’লেও মায়েহে খুৱাই দিয়ে “। ককাই আকৌ ক’লে “এহ এনে বৰ পানী খোৱাটো ৰাতিখন। মোৰ লগতেই শুই আহিছ ইমান বছৰ। ৰাতি দেখোন ত‍ই পানী নাখাৱ”। ককাই ভেকাহি মাৰি উঠিল। ম‍ই আকৌ ক’লোঁ “ঠিক আছে শুম। কিন্তু আপুনি আৰু কেপষ্টেইন চিগাৰেট খাব নোৱাৰিব। নহ’লে ম‍ই আপোনাৰ লগত কেতিয়াও নুশুওঁ, কেতিয়াও নুশুওঁ” অলপ তলকা মাৰিলে ককাই। ” হ’ব দে নাখাওঁ” স্থিৰ উত্তৰ ককাৰ। ককাৰ কাষতে বহি ভাত খোৱাৰ পাচত ৰাতিলৈ সেইদিনাৰ পৰা আকৌ ককাৰ লগত শুলোঁ। শুৱাৰ পাচতেই মোৰ কণমানি শৰীৰটোত সাৱধানে হাত ফুৰাই দিলে ককাই। লাহে লাহে টোপনি গ’লোঁ ম‍ই। ৰাতিপুৱা আকৌ আগৰ দৰে গতানুগতিক কবিতাৰে আৰম্ভ হ’ল। ভগা সোঁহাতখন লৈ আকৌ আৰম্ভ হ’ল নেওতা “বাৰং বাৰং এশ চৌৰাল্লিছ…

( বিঃ দ্ৰঃ- সম্পূর্ণ এমাহৰ মূৰত মই ঠিক হৈছিলোঁ। বাবুল শইকীয়া ছাৰেই প্লাষ্টাৰ কাটিছিল। ককাই নিজৰ কথা ৰাখিছিল। ঘৰৰ সকলো মানুহ আচৰিত হৈছিল পাচদিনা। কাৰণ পাচদিনাৰ পৰাই ককাই চিগাৰেট বাদ দিছিল। লগৰ মানুহে চিগাৰেট আগবঢ়ালে খুব আনন্দৰে উত্তৰ দিছিল “সৰু নাতিটোৱে বেয়া পায়। নাখাওঁ দিয়ক”। সেইদিনাৰ পৰা ম‍য়ো ঘৰত থাকিলে এদিনো বাদ নেপেলাই ককাৰ লগত শুইছিলোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ ছাত্ৰ আৱাসলৈ যোৱাৰ দিনালৈকে শুইছিলোঁ ককাৰ লগত। ঘৰলৈ আহিলেই ককাৰ লগত। ককাৰ অন্তিম যাত্ৰাৰ সময়তো ম‍ইয়েই আছিলোঁ লগত। এতিয়াও ককা শুৱা পালেংখনত ম‍ই শুওঁ। অকলে। ককাৰ হাতৰ পৰশ এতিয়াও লাগে সপোনত| লেখাটি ২০১০ চনৰ ডিচেম্বৰ মাহত দেহান্ত হোৱা মোৰ ককাৰ চৰণত উত্‍সৰ্গা কৰিলোঁ। )

ম‍ই মলিয়াচুক গাঁৱৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ি থকা দিনৰ কথা। ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ মাত্ৰ উত্তীৰ্ণ হৈছোঁ। জানুৱাৰী মাহ। পঢ়া শুনা বিশেষ নাই। মাত্ৰ খেল খেল আৰু খেল। তেতিয়া মাৰ্বল আৰু কাবাদীয়েই বেছি। যিহেতু আমাৰ স্কুলখন চৰকাৰী নাছিল, সেয়ে খেলা-ধূলা সামগ্ৰীৰ অলপ অভাৱ। খেলাৰ নামত একোৱেই নাই। গতিকে নিজৰ মাজত খেলিব পৰা বস্তুবোৰেই বেছি। তাৰেই কাম চলাওঁ। আমাৰ স্কুলৰ চকীদাৰ মলিয়াচুকৰ বীৰেন মলিয়া নামৰ এজন বৰ মৰমিয়াল ব্যক্তি আছিল। আমিও মৰমতে মাতিছিলো বীৰেনকাই বুলি। বীৰেনকাইয়েও আমাক নিজৰ ভায়েক ভনীয়েকৰ দৰে মানিছিল।

 

মোৰ দদাইদেউ যিহেতু সেইখন স্কুলৰে হেদমাষ্টৰ আছিল, গতিকে খেলাৰ সামগ্ৰীৰ কথা ম‍ই কেপ্তেইন হিচাপে ক’ব নোৱাৰিছিলোঁ। কিন্তু বীৰেনকাইক কুটুৰী কুটুৰী ফুটবল এটা খেলাৰ বাবে লাগে বুলি কথাষাৰ হেডমাষ্টৰ আৰু স্কুল কৰ্ত্তৃপক্ষৰ কাণ পোৱালোগৈ। আমাৰ প্ৰতি সদয় হৈ এটা ফুটবল ল’ৰাবোৰোৰ বাবে আৰু তিনি চাৰিডালমান স্প্ৰীং ছোৱালীবোৰ জপিয়াবৰ বাবে অনাৰ অনুমোদন হ’ল। তাৰ দুদিন পাচতেই বীৰেনকাইয়ে “অসম গৌৰৱ” লিখা ফুটবল এটাৰে সৈতে ওলালহি। এইবাৰ আৰু আমাক পাই কোনে। স্কুল থাকে ৯ টাত আমি আহোঁ ৮ টাত। উদ্দেশ্য নিজকে মাৰাডোনা হিচাপে প্ৰতিষ্ঠিত কৰা। বকতাৰ মাৰাডোনা। আমি গোটেই মখা জপিয়াই পৰোঁ ফিল্ডত আমাৰ মৰমৰ “অসম গৌৰৱ”টোৰ পাছত।

 

প্ৰথমে ঠিকেই আছিল। কাৰণ খৰালি ফুটবল খেলিলেও গাত বোকা নালাগে। কিন্তু বাৰিষা অহাৰ লগে লগেই দিগদাৰ আৰম্ভ হ’ল। ফুটবল খেলিলেই গোটেই লেতেৰা হৈ যায় চাৰ্ট-পেণ্ট। পিছে আমিও কম নহয়। উপায় ওলাল। ফিল্ডৰ কাষতে থকা শৰ্ম্মা দদাইটিহঁতৰ ঘৰৰ টিউবেলত লেতেৰা কাপোৰ ধুই আকৌ নতুন কাপোৰ পিন্ধি লওঁ। পিছে তাতো পয়মাল। এখন টাৱেল আৰু এযোৰ ইউনিফৰ্মৰ পেণ্ট-চাৰ্ট লগা হ’ল। তাৰো উপায় ওলাল। বেগত সদায় এযোৰ চাৰ্ট-পেণ্ট আৰু এখন গামোছা থাকেই সেইবাবে। মায়ে আৰু মোৰ ইউনিফৰ্ম ধোৱাৰ সুযোগেই নোপোৱা হ’ল। সদায় পেণ্ট-চাৰ্ট নিজেই শৰ্মাহঁতৰ ঘৰত ধুই স্কুলৰ জেওৰাত ছাৰহঁতে নেদেখাকৈ মেলি দিওঁ।

 

এই বাৰিষাৰ দিন কেইটাতে ফিল্ডৰ কাষতে থকা ৰাষ্টাৰ সিপাৰৰ পুখুৰীটো পানীৰে ভৰ্ত্তি হয়। সংসাৰৰ গেলা-পঁচা আৰু মেটেকাৰে ভৰা পুখুৰীটোত কেতিয়াবা আমাৰ “অসম গৌৰৱ” লিখা ফুটবলটো গৈ পৰে। হাঁকুটীয়াই আনিব পৰা হ’লে আনো পানীত ননমাকৈ। কিন্তু কেতিয়বা ঢুকি নোপোৱা হয়গৈ। তেতিয়া তাত জপিয়াই পৰি ফুটবল অনাৰ দায়িত্ব আমাৰ তিনিটাৰ মাত্ৰ। জালিয়া, ধৰ্মেন্দ্ৰ আৰু মোৰ। পাল পাতি পাতি থওঁ। কাৰণ আমি তিনিটাই ভালকৈ সাঁতুৰিব জানো। পানীত নামিলে চাৰ্ট পেন্ট তিতাৰ ভয়ো নাই। কাৰণ, ইতিমধ্যে এযোৰ পেণ্ট-চোলা বেগত ৰিজাৰ্ভ থাকেই। গতিকে আগ-পাছ নুগুণি জপিয়াই দিওঁ। পুখুৰীৰ পাৰতে গজেন দদাইটিৰ ঘৰ। তিনিজনী ছোৱালী আৰু ঘৈণীয়েকৰ সৈতে। আমাৰ ল’ৰামখাক সদায় খুৰীয়ে ফুটবল খেলা চাই থাকে। কিন্তু আমাক পুখুৰীত নমা কেতিয়াও দেখা নাছিল তেওঁ। কাৰণ তেওঁ নিজৰ সৰু ছোৱালীজনী পুখুৰীত পৰে বুলি ভয় কৰে চাগৈ। সেয়ে ছোৱালীজনী লৈ প্ৰায়ে তেওঁ ঘৰৰ ভিতৰতে থাকে। আমাৰো পুখুৰীত জপিওৱাৰ সুবিধা হয়।

 

সেইদিনা আছিল সোমবাৰ। বতৰ অলপ সেমেকা। ম‍ই আৰু আমাৰ সৈন্যগণ পুৱা ৮ টাতেই গৈ ফিল্ডত হাজিৰ। খেল আৰম্ভ হ’ল। খুৰীটি সেইদিনা আগফালে কামত ব্যস্ত। এবাৰ দীপকৰ এটা তীব্ৰ শ্বট গ’লকীপাৰক ভেদি গেলা পুখুৰীটোত পৰিলগৈ। দুৰ্ভাগ্যক্ৰমে সেইদিনা পুখুৰীত নমাৰ দায়িত্ব মোৰ। জাপ দি দিলোঁ জপংকৈ। এনেয়ো মোৰ কিবা কৰাৰ আগত চিন্তা কৰিবলৈ সময় নাথাকে। পানীত কিবা পৰাৰ শব্দ শুনিয়েই চাগৈ খুৰীটি লৰ মাৰি আহিল। কিন্তু তাৰ আগতেই ম‍ই খুৰীয়ে নেদেখাকৈ পাৰলৈ বলৰ সৈতে উঠি আহিলোঁ। চোলা গেঞ্জী খুলি আকৌ খেলত জপিয়াই পৰিলোঁ। খেল শেষ হোৱাৰ পাছত শৰ্মা দদাইটিহঁতৰ ঘৰত গা পা ধুই ওলাই অহাৰ পাচত খুৰীটিয়ে মোকেই আগ ভেটি সুধিলে “অ’ ভাইটী, পুখুৰীত পৰাটো উঠিলনে ?” ম‍ইও অলপ ৰগৰ কৰাৰ ভাৱেৰে ক’লো “জানো , নাই উঠা নেকি ?” ঘণ্টা পৰিল স্কুলৰ, প্ৰাৰ্থনাৰ সময়। পিচে মোৰ পিছে পিছে আহি সমস্ত ঘটনা খুৰীটিয়ে আমাৰ আটাইতকৈ খঙাল ছাৰ “গোপাল ছাৰ”ৰ কাণতহে পেলালে। গোপাল চাৰে হেড ছাৰক কৈ ডাঙৰ দুডাল বেত লৈ আমাৰ ক্লাচলৈ আহিল। আহিয়েই ক’লে ” কোন নামিছিলি পুখুৰীত ক’বিনে ? ডুবি মৰি যোৱা হ’লে কি হ’লহেঁতেন ? ক’বিনে নে গোটেই মখাই মাৰ খাবি ” ছোৱালীবোৰক আঁতৰাই আমাক পিটিবৰ বাবে উদ্যত হ’ল গোপালছাৰ। কোনেও মোৰ নাম কোৱা নাই। ম‍য়ো মনে মনে আছোঁ। নাই সৈ নাকাঢ়িলোঁ আৰু। পিটন খোৱাৰ পৰা ৰক্ষা পৰিলোঁ যদিও মোৰ কাৰণে(?) গোটেই মখাই আঁঠু কাঢ়িব লগা হ’ল। ছুটীৰ পাছত ৰাষ্টাত লগৰ এটায়ো মতা নাই। দীপক, ধৰ্মেন্দ্ৰ, জালিয়া, অচ্যুত, মুনু কোনেও মতা নাই। মানে “ৰফা খফা হেই মোঝপৰ”। বাৰু মনাম তহঁতক পিচবেলা বুলি ঘৰত সোমাওঁতেই দদাইদেউৰ পাচফালৰ পৰা চিটিপনিৰ চাটৌপ চাটৌপ পিটনৰ লগতে বকনি ” হোঃ পুখুৰীত নমাটো তোৰ বাহিৰে বেলেগ হ’ব‍ই নোৱাৰে , গোটেইমখাৰ তয়েই চৰ্দাৰ বুলি নাজানো বুলি ভাবিছ নেকি ? কালিৰ পৰা ফুটবল খেলিলেই ভৰি ভাঙি দিম “। পিটন পোৱাৰ পাচতো শাস্তি হিচাবে আমাৰ সাজি থকা ঘৰটোৰ প্লাষ্টাৰ কৰি থাকোঁতে মছলা ট্ৰে ধৰিবলৈ পালোঁ আৰু গোটেই অংকৰ কিতাপখনৰ অংক তিনিদিনত শেষ কৰিব লগা হ’ল। মোৰ মাৰডোনা হোৱাৰ সপোন সেইদিনাৰ পৰাই শেষ হ’ল। পাছদিনাৰ পৰা ৯টা বাজিবলৈ ৫ মিনিট থাকিলেহে ঘৰৰ পৰা ওলোৱাৰ হুকুম হ’ল। মৰি গ’ল মনটো। এতিয়া মাজে মাজে ফুটবল খেল দেখিলেই আঁঠু কঢ়া আৰু ঘৰত পোৱা শাস্তি কেইটালৈ মনত পৰে।

 

(বিঃদ্ৰঃ -এটা কথা নক’লে আধাৰুৱা হ’ব।আমাৰ সেই মধ্য ইংৰাজী বিদ্যালয়খন ভাগি গ’ল। জালিয়া এতিয়া সফল কুটীৰ শিল্প আৰু ব্ৰয়লাৰ ব্যৱসায়ী। দীপকে বিয়া কৰালে, নিজৰ গাড়ী চলায় অ.এন.জি.চিত। ধৰ্মেন্দ্ৰ গুৱাহাটীত ঘৰৰ পেইণ্টিঙৰ কাম কৰে। অচ্যুতেও ব্যৱসায় আৰম্ভ কৰিছে। মুনুৱেও গাড়ীৰ ব্যৱসায়ত হাত দিছে। গোপাল ছাৰে বিয়া কৰাই খেতিত মন মেলিছে। মোৰ হেড মাষ্টৰ দদাইদেউৱে জুনিয়ৰ ইঞ্জিনীয়াৰৰ পদবীত কোম্পানীত যোগদান কৰিলে। বীৰেনকাই ঘৰতে আছে বিয়া কৰাই। আমাৰ সেই “অসম গৌৰৱ” ফুটবলটো‍ও নাই, স্কুলখনো নাই। কিন্তু কেতিয়াবা মনটোত আকৌ পুখুৰীত জাপ দি বল তুলি আনি বকতাৰ মাৰাডোনা হোৱাৰ হেঁপাহ জাগি উঠে।)

 

 

১৯৯৩ চনৰ আগভাগ। ম‍ই প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আছিলোঁ হ’বলা। দৰা-ক‍ইনা খেলা ছোৱালীৰ আগত লাজৰ কথা। সেইবাবে দৰা ক‍ইনা বাদ দিছোঁ যদিও জেঠাইৰ পুতেক জালিয়াৰ লগত কেতিয়াবা লুকাই চুৰকৈ আমি খেলোঁ। তাৰ কাৰণে নিজেই ঘৰত দুটামান ফটাকাণিৰ পুতলা তৈয়াৰ কৰি লৈছিলোঁ। যেতিয়া ছোৱালীবোৰে স্কুলত দৰা ক‍ইনা খেলে তেতিয়া আমি পেঞ্চিলেৰে ক্লাছৰ বহা বেঞ্চত কেৰম বৰ্ডৰ নিচিনাকৈ খেলা এবিধ খেলোঁ। প্ৰায় ডেৰ মিটাৰমান দূৰত্বত থকা এডাল পেঞ্চিলত ষ্ট্ৰাইকাৰ হিচাপে লোৱা আন এডালে লগালেই খেলত জিকা। অৰ্থাৎ বিপক্ষৰ পেঞ্চিল নিজৰ। কিন্তু মনে মনে দৰা-ক‍ইনাৰ প্ৰতি আগ্ৰহ নথকাও নহয়। উলিয়াইও নিদিওঁ। কাৰণ চতুৰ্থ মানৰ ল’ৰাবোৰে জাবৰৰে তৈয়াৰ কৰি লোৱা বলটো খেলিবলৈ নাপাবও পাৰোঁ। আমাৰ দ্বিতীয়মানৰ কেইটাৰ মাজৰ পৰা গ’লকীপাৰ ৰাখে চতুৰ্থমানৰ কেইটাই। ম‍ই তাৰ মাজৰে এটা। থপিয়াই বল ধৰিব পাৰোঁ। গ’লকীপাৰ হোৱাৰ পাছৰ পৰা আৰু দৰা ক‍ইনা খেলা বন্ধ হ’ল। টেঙা বল আৰু লুকাভাকু খেলিবলৈ ল’লোঁ। পাছত সন্ধ্যা ভাগৰত আহি ককাৰ কাষত শুই শুই ইংৰাজৰ দিনত হোৱা ঘটনাবোৰৰ বর্ণনা নহ’লে মাৰ কাষত বহি সাধু। ককাই কথা কোৱাৰ ধৰণবোৰ বৰ্ণনামূলক হোৱা বাবে শুনি ভাল লাগিছিল কথাবোৰ।

 

প্ৰায় এলাগী হোৱা পুৰণি দৰা-ক‍ইনা খেলা পুতলাবোৰ ম‍ই ককাইদেউক অন্য এটা কামত ব্যৱহাৰ কৰিবলৈ দিলোঁ। মোৰ মৰমৰ বেঞ্চি(প্ৰথম)ক প্ৰশিক্ষণ দিয়াৰ উপযুক্ত সামগ্ৰী হৈ পৰিল সেইটো। সেই ফটাকাণিৰ পুতলাটোৰে বেঞ্চিক জপিয়াবলৈ আৰু চিকাৰ মুখেৰে কামুৰি আনি মুখৰ আগত পেলাবলৈ শিকাইছিল মোৰ দুই ককাইদেউৱে। ম‍ই আমাৰ আগফালৰ বননিখনত শুই থাকিলে পিঠিত উঠি বহি থাকিবলৈও শিকাইছিলোঁ তাক। শুই থাকিছিল সি মোৰ গাত মূৰ-কাণ পেলাই। হেণ্ডচেক কৰিবলৈও শিকাইছিলোঁ তাক। কিন্তু সেইটোতকৈ বেঞ্চিয়ে ফটাকাণিৰ পুতলাটোহে আঁজুৰি ফালি আনন্দ পাইছিল। সেইটো মুখেৰে ধৰি ফালিব পাৰিলেহে তাৰ শান্তি।
সেই সময়তে আৰম্ভ হ’ল আলফা ধ্বংসকাৰী অপাৰেচন ৰাইন’। মোৰ দেউতা এনেও মানসিক ভাৱে বাধাগ্ৰস্ত। তেওঁ পুলিছ আৰু আৰ্মী বহুত ভয় কৰে। ভয় কৰে মনে দেখিব‍ই নোৱাৰে। অৱস্থাই বেয়া হৈ যায়। আমাৰ ঘৰটো তেতিয়া কেঁচা আছিল। বন্ধৰ দিন এটাতে খেলি আছিলোঁ চোতালত বেঞ্চিৰ স’তে। লগত মোৰ দেউতা। দেউতা আৰু ম‍ই বেঞ্চিৰ স’তে আঁজুৰি আছোঁ ফটাকানিৰ পুতলাটো। হঠাৎ গুৰুপ-গুৰুপ শব্দৰে আমাৰ কেঁচা আলিবাটটোত আগবাঢ়ি আহিল চিপাহীৰ পল্টন এটা। সেই কেইদিন শুনি আছিলোঁ চিপাহীৰ পল্টন গাঁৱত ঘূৰি ফুৰা। মা আৰু ককাইদেউৱে দৌৰ মাৰি আহি বেঞ্চিৰ লগত খেলি থকা পুতলাটোত আমাৰ ককাৰ দুনলীয়া বন্দুকটোৰ গুলী চাৰিটা সোমোৱালে। তাৰ পাছত পলিথিন এটাত পুতলাটো সুমুৱাই দলিয়াই দিলে আমাৰ নেওৰাৰ(পানীপতাত পতা টিং) ওপৰলৈ। আমি তিনিওটা ভূত লগাদি থৰ লাগিলোঁ। আনকি বেঞ্চিয়েও ঘটনাটোত একো উৱাদিহ নাপালে।ওপৰলৈ চাই ভুকি থাকিল। কিন্তু হঠাতে দেউতাই ঘৰৰ আগফালে আৰ্মী দেখি পগলা হোৱাৰ দৰে হ’ল। লৰ মাৰি গৈ সোমাল পাকঘৰত। দৃশ্যটো দেখি প্ৰায় ২০ টামান চিপাহী সোমাই গ’ল বন্দুক টোঁৱাই আমাৰ ভাতৰ চৰুলৈ। পাছে পাছে বেঞ্চি। আৰ্মী এটাই বন্দুকেৰে খুন্দা মাৰি দিয়াত বেঞ্চিয়ে কেঁকাই কেঁকাই আঁতৰি গ’ল।দৃশ্যটো মোৰ মনে সহ্য কৰিব নোৱাৰা বিধৰ। ম‍য়ো আৰ্মী ভয় কৰিছিলোঁ। সেই বাবেই কিজানি মাৰ আঁচলৰ পাছফালে ম‍ই আৰু বেঞ্চি দুইটা সোমালোঁগৈ।আৰ্মী সোপাই দেউতাক দৌৰি যোৱা দেখি ভাবিয়েই লৈছিল কিজানি দেউতা কোনোবা সংগঠনৰ লগত জড়িত মানুহ বুলি। মা, ককা আৰু বাকী কাৰো বুজনিত ওলাই নহাত অসমীয়া নুবুজা চিপাহীকেইটাই আৰু সন্দেহ কৰিলে। টানি টানি পাকঘৰৰ পৰা চোঁচৰাই উলিয়াই লৈ আনিলে কথাও ভালকৈ ক’ব নজনা দেউতাক। দেউতাই মাত্ৰ চিঞৰি চিঞৰি কান্দিছিল। মাৰ পাছ ফালে থাকিলেও দেউতাক টনা-আঁজোৰা কৰা দেখি ক্ষোভত মোৰ কণমানি মনটো কিবা হৈ গৈছিল। মন গৈছিল তেতিয়া ঘৰত থকা দুনলীয়া বন্দুকটোত টিঙৰ ওপৰলৈ দলি মাৰি দিয়া গুলীকেইটা খাজি গোটেই কেইটাৰ লাওখোলা উলিয়াই দিয়াৰ। কথাটো ভাগ্যে হিন্দীজনা গাঁৱৰে অসমীয়া প্ৰাক্তন চিপাহী এজনে আহি গোটেই ঘটনাটো সিহঁতক বুজাই ক’লে। তাৰ পাছত লাহে লাহে ওলাই গ’ল চিপাহীৰ দলটো। মোৰ সেই ঘটনাটোৱে খুব সৰুতেই মনত আৰ্মীৰ প্ৰতি এটা ঘৃনাৰ ভাৱ সৃষ্টি কৰিছিল, যিটো হয়তো এতিয়াও অৱচেতন মনত কম বেছি পৰিমাণে বিৰাজমান।

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments