মৌখিক পুৰাণ – ভীষ্ম হাজৰিকা

“শুনিয়োক সৰ্বজন আমাৰ বচন
মৌখিকৰ যাতনাৰ কথা শুনা সৰ্বজন ঐ শুনা সৰ্বজন”
বহুদিনৰ আগৰ কথা ৷ আমাৰ গাঁৱত তেতিয়া এটা ৰাজহাঁহৰ দাম ৫০ টকা ৷ অলপ দয়ালু মানুহৰ ঘৰত  কেতিয়াবা ৪০ টকাতো পায় ৷ দুটা একেলগে কিনিলে ৫ টকা মান কম হয় ৷ সেই তেতিয়াৰ দিনতেই আমাৰ গাঁৱৰ স্কুলবিলাকত চতুৰ্থ শ্ৰেণীলৈকে মৌখিক বুলি এটা বিষয় আছিল ৷ বিষয় ঠিক নহয় ই আমাৰ বাবে সদায় এটা ভয়লগা বস্তু হৈয়েই থাকিল ৷ এই বিষয়টোৰ পাঠদান নহয়, কেৱল প্ৰশ্ন হয় ৷ উত্তৰ দিব লাগে কাগজ কলম ব্যৱহাৰ নকৰাকৈ ৷ যিবোৰ ছাত্ৰ অংকত ভাল তেওঁলোকে অলপ সময় লৈ ভূল-শুদ্ধ কিবা উত্তৰ দিব পাৰে ৷ কিন্তু মোৰ নিচিনা ছাত্ৰ  যি পঢ়াৰ নাম শুনিলেই সাত জাঁপ মাৰি উঠে, যাৰ মূৰত অংকই  প্ৰবেশ কৰিবলৈ বাট  বিচাৰি নাপায়, তেওঁলোকৰ কাৰণে মৌখিক যেন সাক্ষাৎ যমৰাজ ৷ এইফালে আকৌ মৌখিকৰ ক্লাছত হাতত যমৰ দণ্ড যেন বেত লৈ প্ৰবেশ কৰিব স্কুলৰ আটাইতকৈ খঙাল শিক্ষকজন ৷ প্ৰায়বিলাক স্কুলতে বোলে আটাইতকৈ খঙাল শিক্ষকজনেই মৌখিক লয় ৷
সপ্তাহটোত এদিন মৌখিক থাকে, শনিবাৰে ৷হেডছাৰেও কিবা ৰাহু-কেতু গ্ৰহ গতি চাই মৌখিক থকা দিনটো নিৰ্দ্ধাৰণ কৰে ৷ শনিবাৰ দিনটো এনেও কিবা ভাল নালাগে ৷ সপ্তাহটোত শনিবাৰ নাথাকি অকল বাকীকেইটা বাৰ থকা হ’লেও কি মহাভাৰতখন অশুদ্ধ হ’লহেতেন ৷ অন্ততঃ আমি শান্তিৰে জীয়াই থাকিব পাৰিলোহেঁতেন ৷কেতিয়াবা কিবা-কিবি বেমাৰ হোৱাৰ নিখুঁত অভিনয় কৰি স্কুল যোৱাৰ পৰা বাচিবলৈ চেষ্টা কৰোঁ এই দিনটোত ৷ অভিনয় নিখুঁত হলেই সেইদিনলৈ ৰক্ষা ৷ কেতিয়াবা নিখুঁত অভিনয় কৰি থকাৰ মাজতে হঠাৎ মুখৰ পৰা ওলাই যোৱা মিচিকিয়া হাঁহিটোৱে ভালেমান দিনলৈ স্কুল খতি নকৰাত অৰিহণা যোগায় ৷  দেউতাই মিঃ ইন্ডিয়াৰ ওমৰীশ পুৰীৰ ৰূপ ধৰি কঢ়া অধিসূচনা জাৰি কৰে  “আজিৰ পৰা যি বেমাৰ হ’লেও স্কুল খতি কৰিব নোৱাৰ’ , মৰিলেও স্কুলতে মৰিবি ” ৷ লগতে মাতৃদেৱীয়ে আৰু দুষাৰমান যোগ কৰি হাতত হেতা বা ঝাৰু জাতীয় অস্ত্ৰ লৈ কেতিয়াও স্কুল খতি নকৰাৰ প্ৰতিশ্ৰুতি আদায় কৰি লয় | কোনোপধ্যেই ৰক্ষা নাই ৷ স্কুল যাবই লাগিব ৷
মৌখিক থকা দিনা ৰাতিপুৱা কাৰো লগত মাতবোল নকৰো ৷ মুখৰ পৰা যিকেইটা কথা ওলায় একেবাৰে থোকাথুকি হৈ ওলায় ৷ শুই উঠিয়েই থৰক-বৰক কৈ খোজ কাঢ়িবলৈ চেষ্টা কৰো ৷ বেছি দুৰ্বল হোৱা যেন দেখুৱাওঁ৷ মোৰ হাতত যেন আৰু বেছি সময় নাই, মা-দেউতা মোক ক্ষমা কৰিবা ৷ মই পৃথিৱীৰ সকলো ভোগ-বিলাস ত্যাগ কৰি আপোনালোকক অকলশৰীয়া কৰি এই জগতৰ পৰা বিদায় ল’বলৈ ওলাইছো ৷  নাই কোনো লাভ নাই ৷ কাৰো মোৰ প্ৰতি ভ্ৰূক্ষেপেই নাই ৷  ৰাতিপুৱাৰ নিয়মমাফিক কামখিনি সমাধা কৰি আবেগিক হৈ স্কুল যাবৰ বাবে সাজু হওঁ ৷ মাতৃদেৱীয়ে আগবঢ়াই দিয়া ভাতৰ কাঁহীখনৰপৰা মাত্ৰ দুগৰাহমান ভাত খাই বা কেতিয়াবা একেবাৰে নাখাই অন্তৰৰ দুখৰ কথা প্ৰকাশ কৰিবলৈ চেষ্টা কৰো ৷ নাই কোনো প্ৰতিক্ৰিয়া নাই, মই যেন তেওঁলোকৰ সন্তান নহয়েই ৷ ইমান কঠিন অন্তৰৰ মাতৃ থাকিব লাগেনে ! চুবুৰীটোৰ বাকি লগৰবিলাকৰো একেই অৱস্থা ৷ এক গোমা পৰিবেশ ৷কাৰো মুখত মাত নাই ৷ সকলোৱে যেন একলগে বলিশাললৈ আগবাঢ়ি গৈ আছো |  গৈ থাকোঁতে বাটত কোনোবাই ঘৰৰ পৰা চিঞৰি কয় “আমাৰ ই আজি স্কুল নেযায়, গা ভাল নাই ” ৷ মনতে ভাৱো, আমাৰেই দুৰ্ভাগ্য কিবা পাপৰ ফলত এনেকুৱা এখন ঘৰত জন্ম নহ’লো ৷ ভগৱানক হিয়া উজাৰি গালি পাৰো মোক এখন হৃদয়হীন মানুহৰ ঘৰত জন্ম দিয়া বাবে ৷ অনুভৱ হয়, আমাৰ মা-দেউতাই যেন এইখন ঘৰৰ পৰা বহুত শিকিবলগীয়া আছে ৷
দুখে-বেজাৰে ম্ৰিয়মান হৈ স্কুল পাওঁগৈ ৷ তৃতীয় পিৰিয়দত মৌখিক ৷ প্ৰথম দুটা
পিৰিয়দত কি পঢ়ায় আমাৰ মূৰত একো নোসোমায়  ৷ আৰু বেছি সময় নাই ৷ দুই এজন বাদ দি সকলোৱে ত্ৰাসমান ৷ কি হ’ব ? হৃদস্পন্দন অস্বাভাৱিক গতিত বাঢ়ি যায় ৷ মনলৈ অহা সকলো দেৱ-দেৱতাক স্মৰণ কৰো, পাৰিলে নতুন দুজনমান দেৱতা সৃষ্টি কৰিও স্মৰণ কৰো ৷ সঘনাই বাহিৰলৈ যাওঁ | তৃতীয়
পিৰিয়দত যমৰাজৰ প্ৰবেশ ৷ ক্লাছত অস্বাভাৱিক নিৰৱতা ৷ একমাত্ৰ যমৰাজৰ বাহিৰে সকলোৱে যেন উশাহ লবলৈ পাহৰিছে | ক্লাছত প্ৰৱেশ কৰিয়েই যমৰাজে যমাস্ত্ৰ নিক্ষেপ কৰা আৰম্ভ কৰিব এযোৰ ৰাজহাঁহৰ দাম ৯০ টকা হ’লে, তিনিটা ৰাজহাঁহৰ দাম কিমান ?
চাৰিওফালে হাঁহাকাৰ অৱস্থা ৷ সকলোৱে নিৰৱে তলমূৰ কৰি আছে ৷ যমাস্ত্ৰ ইতিমধ্যে ধনুৰ পৰা ওলাই গৈছে ৷ লক্ষ্য বহুত ৷ যমাস্ত্ৰই এতিয়া কাৰ হৃদয় বিদীৰ্ণ কৰিব কোনো নিশ্চয়তা নাই ৷ সকলোৱে অবাঞ্ছিত মৃত্যুৰ ক্ষণ গণি আছে ৷ আজিয়েই আমাৰ বাবে শেষ দিন ৷
হঠাৎ যমৰাজে মোৰ ফালে এক অদ্ভুত চাৱনি দিয়ে ৷ তাৰ মানে মই থিয় হৈ উত্তৰ দিব লাগে, মানে দিবই লাগে ৷ কোনো বিকল্প নাই ৷ যমাস্ত্ৰৰ অব্যৰ্থ লক্ষ্য ৷ মনত পৰা সকলো ভগৱানক আকৌ এবাৰ স্মৰণ কৰি লওঁ ৷ নিজৰ দুৰ্ভাগ্যক ধিক্কাৰ দিওঁ ৷ যমাস্ত্ৰই ইমানবোৰ লক্ষ্যৰ ভিতৰত মোকেই বিচাৰি পাব লাগেনে ! নিজকে কোনোমতে চম্ভালি লৈ কঁপি-কঁপি থিয় হওঁ ৷যিকণ সাহস বাকী থাকে সেইকণ সাহসেৰে উত্তৰ দিবলৈ চেষ্টা কৰো ৷ নহ’লে কোন মুহূ্ৰ্তত যমদণ্ড আমাৰ পিঠিত পৰিবহি ঠিক নাই ৷….. মূৰে একো কাম কৰা নাই ৷ এযোৰৰ দাম ৯০ টকা …..তিনিটাৰ দাম কিমান……? যমৰাজে কোৱা দামটো দেখোন আমাৰ গাৱঁৰ লগত মিলা নাই ৷ কিবা ভুল হ’ল নেকি !  মনত সাহস কৰি থোকাথুকি মাতেৰে সুধিলো” ছাৰ এযোৰৰ দাম কিমান ক’লে ? “
ঐ গৰু, এবাৰ ক’লে শুনা নাপাৱ? ৯০ টকা ৷ মনে-মনে হাঁহি উঠিল ৷ হওঁক দে , ছাৰে আমাক গৰুতকৈ তলৰ প্ৰাণী বুলি ভৱা নাই ৷আকৌ এবাৰ চেষ্টা কৰি চালোঁ ৷ নাই নোৱাৰি ৷ হঠাৎ মনত পৰিল দুদিনমান আগতে মা আৰু খুড়ীয়ে একোটাকৈ ৰাজহাঁহ বিক্ৰী কৰিছিল ৷…কিন্তু মায়ে বিক্ৰী কৰিছিল ৪০ টকাত আৰু খুড়ীয়ে বিক্ৰী কৰিছিল ৪৫ টকাত ৷ কিন্তু এতিয়া তিনিটাৰ দাম লাগে ৷ কি কৰা যায় ! মোৰ হিচাপ মতে দুটাৰ বা এযোৰৰ দাম হয় ৮৫ টকা , তেতিয়াও যমৰাজে কোৱা দামৰ লগত নিমিলে ৷ এতিয়া তিনি নম্বৰ হাঁহটোৰ দাম ৪০ টকা ধৰিম নে ৪৫ টকা ধৰিম ৷আৰু চিন্তা কৰিব নোৱাৰি ৷ মনৰ ভিতৰতে যোগ-বিয়োগ কিবা এটা কৰি কলোঁ
: ছাৰ ১২৫ টকা
: ঐ গৰু এইফালে আহ।
বুজিলো , এই পৃথিৱীত আজিয়েই মোৰ শেষ দিন ৷ ইয়াৰ পাছত কি হ’ব তাক বৰ্ণনা দিবলৈ মই জীয়াই নাথাকো ৷কেনেবাকৈ জীয়াই থাকিলেও কি হ’ল কাকো একো নকওঁ | চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ হলে কি হ’ব, আমাৰো মান-সন্মানৰ কথা আছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments