মৌচুৰী -ঋতুৰাজ বৰদলৈ

আমি ডিচেম্বৰৰ ৩০ তাৰিখে মৌচুৰীলৈ যাত্ৰা আৰম্ভ কৰিলো ৷ ৰাতিপুৱা ৬:৪৫ ৰ শতাব্দী এক্সপ্ৰেছ দিল্লীৰ পৰা ডেৰাডুনলৈ ৷ ১৫ মিনিত পলমকৈ ৭ বজাত ট্ৰেইনখনে যাত্ৰা আৰম্ভ কৰিলে ৷ নতুন দিল্লীৰ পৰা ডেৰাডুনলৈ যোৱা, বহা আসনযুক্ত বাতানুকুল ট্ৰেইনখনে যাত্ৰা আৰম্ভ কৰাৰ অলপ সময়ৰ পাছতে এটা ল’ৰাই পানীৰ বটল আৰু চাহ দি গ’ল৷ ৯টা মান বজাত জলপানৰ ব্যৱস্থা৷ দিল্লীৰ পিছত উত্তৰপ্ৰদেশৰ মাজেৰে উত্তৰাঞ্চলৰ ডেৰাডুনলৈকে মুঠ দূৰত্ব ২৭৫ কিমি৷ উত্তৰাঞ্চলত প্ৰবেশ কৰাৰ পাচত ট্ৰেইনখনে পাহাৰীয়া একা বেকা বাটেৰে আগুৱালে আৰু পাৰ কৰিলে দুটামান সৰু সৰু সুৰঙ্গ৷ নিৰ্দ্ধাৰিত সময়তকৈ অলপ পলমকৈ প্ৰায় ১:৩০ মান বজাত আমি ডেৰাডুন পালো৷ ষ্টেচনৰ পৰা ওলাই খোজেৰে আগবাঢ়িলো টাওনৰ ফালে দুপৰীয়াৰ আহাৰৰ সন্ধানত৷ প্ৰায় ৫০০ মিটাৰ মান দুৰতে কেইবাখনো হোটেল আছে৷তাৰে এখনত সোমাই ভাতৰ অৰ্ডাৰ দিলো৷ যাত্ৰাপথত আমিষ বৰ এটা স্ৱাস্থ্যজনিত বুলি নাভাবো, সেইবাবে নিৰামিষ ভাতকেইটামান খাই পৰিবাৰ আৰু ছোৱালীজনীক হোটেলতে থৈ মই ওলাই আহিলো মৌচুৰী যোৱাৰ ব্যৱস্থা কৰিবলৈ৷ বাহিৰত খা-খবৰ কৰি গম পালো তাৰ পৰা মৌচুৰীলৈ যাবলৈ কেইবাটাও ব্যৱস্থা আছে৷ বাচ, স্বেয়াৰ্ড টেক্সী আৰু নিজাকৈ ভাৰা কৰি টেক্সীলৈও যাব পাৰি৷ স্বেয়াৰ্ড টেক্সীত ২০০ টকাকৈ লয়৷ তাত ভাল ব্যৱস্থাটো হ’ল প্ৰিপেইড টেক্সী সেৱা৷ কোনো দৰ দামৰ কথা নাই এটা নিৰ্ধাৰিত মূল্য নিৰ্দিষ্ট ঠাইলৈ৷ আমাৰ ইয়াৰ তুলনাত ভাৰা অলপ বেছি, হয়তু পাহাৰীয়া ৰাষ্টাৰ বাবে৷ যিকিনহওক, আমি নিজাকৈ এখন টেক্সী লৈ মৌচুৰীলৈ যাত্ৰা আৰম্ভ কৰিলো৷ ডেৰাডুনৰপৰা মৌচুৰীলৈ প্ৰায় ৩৫ কিমি৷ পাহাৰীয়া একা-বেকা পথটোৰে আমি আগবাঢ়িলো৷ পথৰ এফালে সুউচ্চ পাহাৰ আৰু আনফালে হাজাৰ ফুট দ খাৱৈ৷ এনে পথত গাড়ী অতি সাৱধানে চলাবলগীয়া হয়৷ বিশেষকৈ কেঁকুৰীবোৰত সন্মুখৰপৰা অহা গাড়ীবোৰ দেখাপোৱা নাযায়, গতিকে নিজৰ ট্ৰেকৰ পৰা অলপ ইফাল সিফাল হ’লেই দূৰ্ঘটনা অৱশ্যাভাম্বী৷ মৌচুৰীৰ সমগ্ৰ অঞ্চলটো হিমালয়ৰ দাতি কাষৰীয়া (Himalayan Range)৷ ইয়াৰ গড় উচ্চতা সমূদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৬০০০ ফুট৷ আমি থকা হোটেলখন মাল ৰ’ড (Mall Road) ৰ ওচৰত৷ প্ৰায় সকলো পাহাৰীয়া পৰ্য্যতন ক্ষেত্ৰতে এই মাল ৰ’ড পোৱা যায়৷ এই মাল ৰ’ডটোক মৌচুৰীৰ বানিজ্যিক প্ৰাণকেন্দ্ৰ বুলিব পাৰি৷ ই দোকান, বজাৰ আদিৰে ভৰি থকা প্ৰায় ২৫ ফুটমান বহল এটা পথ ৷ হোটেললৈকে গাড়ী যাব নোৱাৰে, গতিকে আমি খোজেৰেই পোনালো৷ মুল পথৰ পৰা ৩০০ ফুটমান উচ্চতাত হোটলখন৷ আগৰেপৰা বুক কৰি থোৱা কোঠা এটাত অলপ সময় জিৰায় পূণৰ ওলাই আহিলো মাল ৰ’ডৰ ফালে৷ পত্নী আৰু ছোৱালীজনীয়ে ইখন দোকানৰ পৰা সিখন দোকানলৈ পিত-পিতাই ফুৰিলে আৰু মই চাহ খাই, পান চোবাই সময় কটালো৷ এনেও ছোৱালীবোৰৰ বজাৰত পিত-পিতাই ফুৰাৰ দৰে ভাল লগা কাম নাই আৰু আমাৰ মতামানুহবোৰৰ, তাৰ দৰে আমনিদায়ক কাম নাই কিজানি৷ মৌচুৰীৰ বজাৰখন গৰম কাপোৰ, জেকেট, চুৱেটাৰ আদিৰ বাবে ভাল৷ দামবোৰ নিচেই কম নহয়, কিন্তু বস্তুবোৰ উন্নত৷ খোৱাৰ ভাল সৰু সৰু হোটেল ভালেমান আছে৷ আমিষ (Fast food) ভোজনৰ বাবে ভাল (আচলতে মই নিজে আমিষ ভাল পাওঁ)৷ আমিও তাৰে এখনৰ পৰা কয়লাত পোৰা মুৰ্গী অলপ আৰু বিৰিয়ানী অলপ লৈ হোটেলতে খাম বুলি গুছি আহিলো৷ দিনটো যাত্ৰাৰ বাবেই ভাগৰ লাগিছিল, সেয়ে সোনকালে খাই বৈ শুই থাকিলো৷

মৌচুৰি
৩১ ডিচেম্বৰ, ২০১৫৷ ৰাতিপুৱা ৯ টা মান বজাত ওলালো ফুৰিবলৈ৷ মাল ৰ’ডৰ কাষতে প্ৰিপেইড টেক্সীস্টেন্ড আছে৷ তাতে এখন বোৰ্ডত ছবিৰেসৈতে চাবলগীয়া ঠাইবোৰৰ চমুটোকা লিখা আছে৷ লগতে উল্লেখ কৰা আছে সেই ঠাইবোৰলৈ গ’লে নিৰ্ধাৰিত কৰি থোৱা ভাৰাৰ নিৰিশ৷ ফুৰিবলৈ ১০ খনমানৰ ওপৰত ভাল ঠাই আছে যদিও সময়ৰ অভাৱত ৪ খন ঠাই নিৰ্বাচিত কৰি গাড়ী এখন ঠিক কৰিলো৷ প্ৰতিখন ঠাইৰ মাজত ৫ৰ পৰা ১০ কিমি দুৰত্ব৷ প্ৰতিখন ঠাই চাবলৈ নিৰ্দিষ্ট সময় বান্ধি দিয়া থাকে৷ প্ৰথমে আমি যাত্ৰা কৰিলো কেম্পটি জলপ্ৰপাত (Kempty Falls) চাবলৈ৷ মৌচুৰীত মুঠ ৪ টামান জলপ্ৰপাত আছে৷ জলপ্ৰপাতটো ওচৰৰ পৰা চাবলৈ প্ৰায় ৫০০ ফুটমান তললৈ নামি যাব লাগে৷ তললৈ নামিযাবলৈ চিৰিৰ ওপৰিও ৰছী বাহন (Rope Way) আছে৷ আমি যাওঁতে চিৰিয়েদি গ’লো আৰু আহোঁতে ৰছী বাহনত আহিলো৷ কাৰণ নামি যাবলৈ কষ্ট নহয়, ওপৰলৈ বগাবলৈহে কষ্ট৷ নামি যোৱা চিৰিটোৰ কাষে কাষে না না ধৰণৰ দোকান আছে৷ বেছিভাগেই সজোৱা বস্তুৰ আৰু গহনা গাঠৰিৰ দোকান৷ লগতে আছে কিছুমান তাৰ স্থানীয় পোচাক ভাৰা দিয়া দোকান৷ এজোৰ পোচাকত ২০টকাকৈ লয় পিন্ধি ফ’টো তোলাৰ বাবদ৷ যদি ফ’টোৰ প্ৰিন্ট লাগে, তেতিয়া ফ’টোৰ আকাৰ হিচাবে মূল্য লয়৷ গতিকে এইবোৰ চাইচিতি নামি যাওঁতে কিছু সময় ল’লে৷ সজোৱা বস্তুবোৰৰ ভিতৰত কাঠেৰে স্থানীয়ভাৱে নিৰ্মিত কিছুমান সামগ্ৰী বেচ মনোমোহা৷ জলপ্ৰপাতটো চৰকাৰে বেচ সুন্দৰকৈ সজাই ৰাখিছে৷ জলপ্ৰপাতৰ পানীখিনি যিঠাইত পৰিছে তাৰ চাৰিওফালে ঘুৰনীয়াকৈ পকাৰ চাং দি, তাৰ ওপৰত বিভিন্ন দোকানৰ ব্যৱস্থা কৰি দিছে৷ মাজৰ অংশটোৰ পানী পৰা ঠাইখিনিত সাতুৰিব পৰা ব্যৱস্থা আছে৷ বহুতে তাত সাতুৰি জলপ্ৰপাতৰ পানীত গাধোৱাৰ আনন্দ লয়৷ ইমান ঠান্ডাত মোৰ পিছে সেই সাহস নাই দেই, গতিকে চাহৰ দোকান এখন বিচাৰি চাহ একাপ খোৱাতহে মনোনিবেশ কৰিলো৷ ইয়াত আমাৰ সময়ৰ পৰিমান আছিল ডেৰ ঘন্টা৷ নিৰ্দিষ্ট সময়ত আহি গাড়ীৰ ওচৰ পালোহি৷ ইয়াৰ পাছত আমি যাত্ৰা কৰিলো কোম্পানী বাগানলৈ (Company Garden) বুলি৷ ই পাহাৰৰ খলাবমা বোৰৰ মাজত প্ৰতিষ্ঠাকৰা এখন ফুলৰ সৰু বাগিছা৷ যদিও তাত বিশেষ আকৰ্ষনীয় একো নাপালো, আনন্দমেলাৰ দৰে সৰু ল’ৰা ছোৱালীৰ খেলাৰ যতন বহুত আছিল৷ সকলোতে টিকটৰ মূল্য ২০ টকা৷ বাগিছাৰ কাষতে এখন খোৱা হোটেল৷ অলপ ভোক লগাত পকৰি একপ্লেট খাই ল’লো (পিছে লগত আমাৰ অসমৰ ঘুগুনীটো নাপালো)৷ হোটেলখনৰ ওপৰত আছে এটা মমৰ যাদুঘৰ (Wax Museum)৷ ইয়াৰ পিচত আমি যাত্ৰা কৰিলো মৌচুৰী লেক (Mussoorie Lake)৷ ই পহাৰৰ মাজত প্ৰাকৃতিক ভাৱে সৃষ্টিহোৱা এটা সৰু হ্ৰদ৷বৰ্তমান চৰকাৰে ইয়াক সজায় পৰাই বনভোজৰ ঠাই কৰিছে৷ এই হ্ৰদটোত নৌকাবিহাৰৰ ব্যৱস্থাও আছে৷ তাতে থকা হোটেল এখনত দিনৰ আহাৰ গ্ৰহন কৰি ওপৰলৈ উঠি আহিলো৷ সময় তেতিয়া প্ৰায় বিয়লি ৩ বাজি গ’ল৷ ইয়াৰ পিছত আমাক লৈ গ’ল মৌচুৰীৰ আটাইতকৈ ওখ ঠাই লাল টিব্বা (LalTibba) লৈ৷ তালৈ যোৱা পথটো যঠেষ্ট থিয় আৰু ঠেক৷ যেনে তেনে পথৰ কোনো কোনো ঠাইত দুখন সৰু গাড়ী পাৰ হ’ব পাৰে৷ এক সচাঁই ভয়ঙ্কৰ পথ৷ কেনেবাকৈ অলপ ইফাল সিফাল হ’লেই কিমান হাজাৰ ফুট তলত পৰিবগৈ তাৰ ঠিকনা নাই৷ এই ঠাইখনৰ উচ্চতা সমূদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৭৫০০ ফুট৷ ইয়াৰ পৰা বৰফাবৃত হিমালয় সুন্দৰকৈ দেখা পোৱা যায়৷ ইতিমধ্যে বেলিয়ে লহিয়াবলৈ আৰম্ভ কৰিলে, গতিকে আমিও সিদিনালৈ যাত্ৰাৰ সামৰণি মাৰিব লগা হ’ল৷ সেইদিনা ৩১ ডিচেম্বৰ হোৱাৰ বাবে মাল ৰ’ডৰ দোকান পোহাৰবোৰ মাজনিশালৈকে খোলা আছিল৷ আমিও মাজনিশালৈকে ৰাষ্টাত তহল দি ২০১৬ ৰ ১ জানুৱাৰীৰ পুৱা ১বজাত বিচনাত পৰিলোহি৷
পিচদিনা পুৱা ১০ মান বজাত আমি মৌচুৰী এৰি যাত্ৰা আৰম্ভ কৰিলো ধনৌল্টি (Dhanaulti)লৈ৷ মৌচুৰীৰ পৰা ধনৌল্টিলৈ দূৰত্ব প্ৰায় ৩০ কিমি৷ উচ্চতা সমূদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৭৫০০ ফুট৷ বিভিন্ন সৰু বৰ পাহাৰৰ মাজে মাজে গৈ ধনৌল্টিৰ পূৰ্ণনিৰ্দ্ধাৰিত হোটেলখন পাওঁতে আমাৰ দুঘন্টামানেই লাগিল৷ অলপ সময় হোটেলত ৰৈ খোজ কাঢ়ি ওলাই আহিলো ওচৰতে থকা ইক’ পাৰ্ক খনলৈ ৷ ইয়াত মুঠতে দুখন ইক’ পাৰ্ক আছে৷ ইক’ পাৰ্ক হৈছে আমাৰ অসমৰ চৰাইদেউ মৈদামৰ দৰে এক পাহাৰীয়া সৰু অঞ্চল৷ সৰু ল’ৰা ছোৱালীৰ খেলাৰ সা-সুবিধা আছে৷ দুঘন্টামান তাত কটাই হোটেললৈ ঘুৰি আহিলো৷ সেইদিনা আৰু ক’তো যোৱা ন’হল৷ পাচদিনা ১০ মান বজাত ওলালো তাৰ পৰা ৭ কিমি দূৰত থকা সুৰকন্দা দেৱীৰ মন্দিৰলৈ৷ এই মন্দিৰটো মৌচুৰী-চাম্বা পথটোত অৱস্থিত৷ যাতায়তৰ ব্যৱস্থা বৰ এটা ভাল নহয়৷ যাওঁতে চৰকাৰী বাচ এখন পালো যদিও, আহোঁতে দুঘন্টামান ৰৈও একো নাপায় টেক্সী লৈ আহিব লগা হ’ল৷ সুৰকন্দা দেৱীৰ মন্দিৰটো আমাৰ কামাখ্যাৰ দৰে এক শক্তিপীঠ৷ প্ৰবাদ আছে, দক্ষ যজ্ঞত অপমানিত হৈ পাৰ্বতীয়ে দেহ ত্যাগ কৰাৰ পাচত মহাদেৱে সতীৰ শৰীৰটো কান্ধত লৈ পৃথিবী ভ্ৰমণ কৰিছিল৷ ভ্ৰমণকালত সতীৰ মুৰ অংশটো এই পাহৰৰ ওপৰত পৰিছিল আৰু কালক্ৰমত এই মন্দিৰৰ সৃষ্টি৷ গাড়ী ৰখোৱা ঠাইৰ পৰা মুল মন্দিৰলৈ দূৰত্ব প্ৰায় আঢ়ৈ কিমি৷ একা বেকা আৰু থিয় (Average 30 degree Gradient) পথটোৰে মন্দিৰলৈ যাবলৈ দুটা ব্যৱস্থা আছে৷ এটা খোজ কাঢ়ি আৰু আনটো ঘোঁৰাৰে৷ ৩ বছৰীয়া ছোৱালীজনীক লৈ খোজ কাঢ়ি যোৱাতো টান বাবে আমি ঘোঁৰাৰে আগবাঢ়িলো৷ তেতিয়াও সময় লাগিল প্ৰায় ৪৫ মিনিত৷ এই মন্দিৰটোৰ উচ্চতা সমূদ্ৰপৃষ্ঠৰ পৰা ১০০০০ ফুট৷ ইয়াৰ পৰা গোটেই অঞ্চলটো দেখাপোৱাৰ উপৰিও শুকুলা হিমালয়ক স্পষ্টকৈ দেখা যায়৷ ই এটা ভাল ভিউ পইন্ট৷ কামাখ্যাৰ দৰে ইয়াত পাণ্ডা নেদেখিলো৷ পথটোত যদিও পূজাৰ সামগ্ৰীৰ সৰু সৰু দুই এখন দোকান আছিল, কোনেও প্ৰসাদ আদি কিনিবলৈ জোৰ কৰা নাছিল৷ সম্পূৰ্ণ এটা শান্ত পৰিবেশ৷ গৈ পাওঁতে মন্দিৰ বন্ধ আছিল যদিও অলপ পাছত মূল দোৱাৰ খুলি দিলে৷ ভিতৰত দেৱীৰ প্ৰতিমাৰ লগত এজন পুজাৰী৷ ভিতৰত ফ’টো তোলা নিষেধ বাবে ফ’টো ল’ব নোৱাৰিলো৷ এঘন্টামান তাতে থাকি এইবাৰ খোজেৰেই নামনিমুৱা যাত্ৰা আৰম্ভ কৰিলো৷ কাৰণ পথটো থিয়বাবে ঘুৰি আহোঁতে ঘোঁৰাত আহিব নোৱাৰি, দূৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰবল৷ অলপ আহিয়েই ছোৱালীজনীয়ে খোজ কাঢ়িব নোৱাৰা হ’ল৷ এইবাৰ তাইক কোলাত লৈ লাহে লাহে খুপি খুপি আহি তল পাওঁতে প্ৰায় ডেৰঘন্টামান লাগিল৷ বাটটোত পৰি থকা কিছুমান সৰু সৰু শিলগুটিৰ বাবে পিচল খোৱাৰ ভয়৷ যিকিনহওক, যেনেতেনে ভোকে ভাগৰে আহি পায়, যদিও ভাল হোটেল নাছিলতলতে থকা এখন হোটেলত ভাত খাই ঘুৰি আহিলো৷ ইমানতেই মৌচুৰী যাত্ৰাৰ সামৰণি মাৰি পিচদিনা পুৱাই ৭ বজাত ডেৰাডুনলৈ বুলি যাত্ৰা কৰিলো৷ আমি থকা হোটেলখনৰ (Crown Plaza) মালিক বেচ ভাল আছিল৷ টেক্সীৰ ব্যৱস্থা নোহোৱাৰ বাবে নুন্যতম ভাৰাৰ বিনিময়ত তেখেতৰ গাড়ীৰেই আমাক ডেৰাডুনত থৈ গ’ল৷
মৌচুৰী আৰু ধনৌল্টিৰ স্থানীয় মানুহবোৰ সহজ সৰল৷ জীবিকাৰ একমাত্ৰ পথ পৰ্য্যতন৷ কিছুমান ঠাইত আলু আৰু মটৰৰ খেতি হয় যদিও, অতি নগণ্য৷ মৌচুৰীলৈ যিকোনো সময়তে যাব পাৰি যদিও ধনৌল্টিৰ দৰে ঠাইলৈ খুুউব বেছি ঠাণ্ডা পৰাৰ দিনত গ’লেহে ভাল পাব৷ ধনৌল্টিত সুৰকন্দা দেৱীৰ মন্দিৰটোৰ বাহিৰে বিশেষ চাবলগীয়া ঠাই নাই, কিন্তু খুউব ঠাণ্ডাত গ’লে বৰফৰ আনন্দ ল’ব পৰা যায়৷ স্থানীয় লোকৰ মতে এইসময়ত আনবছৰৰ তুলনাত এইবাৰ উষ্ণতা বেছি৷ আমি যোৱাৰ দিনা নিশালৈ নুন্যতম উষ্ণতা আছিল ৩ ডিগ্ৰী চেলচিয়াচ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments