মৌনতা (-ৰঞ্জিতা গগৈ)

৷৷একমিনিটৰ গল্প ৷৷
যিটো কয় এবাৰেই কোৱাৰ স্বভাৱ বনলতাৰ ৷ মন গলেই দিহিঙে দিপাঙে ঘূৰি ফুৰা স্বভাৱটোৰ বাবেই কোনেও একো নকয় তাইক ৷ ইয়াত নপঢ়োঁ হোষ্টেলত থাকিম বুলি ফোঁ ফোৱাই কাৰ্বিআংলঙলৈ লৰ মৰা ছোৱালীজনীয়ে পঢি শুনি অঁতাই ভাবিলে, ঘৰৰ কাষৰ প্ৰাইভেট স্কুলতে কাম কৰা ভাল ৷ কিন্তু টেঙৰ বনলতাই এদিনতে গোটেই হিচাপ কৰি পেলালে ৷ ইমানবোৰ লৰা-ছোৱালী, ইমান এডমিছন, কিমান লাখ টকা উঠিব আৰু কৰ্তৃপক্ষই শিক্ষক শিক্ষয়িত্ৰীক গাইপতি দিব সাতশ, এহাজাৰ ৷ কথা হ’ল নেকি এইটো? কষ্ট কৰি মৰিব সিহঁতে দামী গাডী, মাটি আৰু আৰ চি চি স্কুল বনাব তেওঁলোকে ৷ কি কথা ৷ একৈশ বছৰীয়া বনলতাই সকলোকে কলে বছৰে এশ টকা দৰমহা বঢায় ৷ এইবাৰ তাকো নাই ৷ নহব ৷ কালিৰ পৰা ক্লাচ নকৰোঁ আহক ৷ নহলে সবেই স্কুল এৰিম কালিলৈ ৷ সবেই হয়ভৰ দিলে ৷


পিছদিনা বেল মাৰিলে ৷ সকলো শিক্ষক-শিক্ষয়িত্ৰী নিজ-নিজ ক্লাচত ৷ তাই বোন্দাপৰ দি বাহিৰত ৰৈ থাকিল ৷ ক্লাচত নোসোমাল ৷ কি কথা ? কালিচোন সবেই ক্লাচ নকৰো বুলিছিল ৷ বনলতাই সকলোকে সুধিলে স্কুল কালিৰ পৰা আহিবনে ৷ সকলোৰে উত্তৰ, আহিম ৷ তাই ভোঁ ভোৱাই ঘৰ পায়েই ককায়েকৰ হাতত কাগজ দি পঠিয়ালে তাই স্কুল এৰিলে ৷ প্ৰিঞ্চিপালে ককায়েকক মাতি কলে বনলতাই কিয় নিজে নকলে তাইৰ দৰমহা বঢাই দিলোঁহেতেঁন ৷ তাইৰ কথা এটাই দৰমহাটোত শোষণ কৰা হৈছে ৷ তাই সেয়া নিবিচাৰে ৷ বাকী সকল আহিব ৷ তাই নাযায় ৷ কথা সিমানেই ৷
কিন্তু বনলতাই সিদিনাই বুজিলে সমূহীয়া প্ৰতিবাদত বহুতেই উঠাই দি পিছত নিতাল মাৰে ৷ সেয়েহে তাই মৌনতাই একমাত্ৰ উপায বুলি ভাবিলে তেতিয়াৰ পৰা….

ৰঞ্জিতা গগৈ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments