মৌন প্ৰাৰ্থনাঃ কুশল দত্ত

প্ৰাথমিক বিদ্যালয়খনৰ দ্বিতীয়টো পিৰিয়দ শেষ হৈছিলহে মাত্ৰ, খবৰ আহিল অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতিগৰাকী ঢুকাল৷ বিষয়টোৰ গুৰুত্ব বুজি প্ৰধান শিক্ষকগৰাকী ততাতৈয়াকৈ মৃতকৰ ঘৰলৈ বুলি যাবলৈ ওলাল৷ থাওকতে সহকাৰী শিক্ষক হাজৰিকাক পাই ক’লেঃ
“হাজৰিকা, আপুনি এই পিৰিয়দটো শেষ হ’লেই শোকসভা এখন পাতি, এক মিনিট মৌন প্ৰাৰ্থনা জনাই স্কুল ছুটী দি দিব, মই আহিলোঁ৷”
হাজৰিকাই ভাবিলে, তাৰমানে এইটো ক্লাছৰ পাছত আৰু ক্লাছ নহ’ব৷ বঢ়িয়া কথা দেখোন! মাজে-সময়ে এনেকুৱা দুই এটা ‘চান্স’ পালে বেয়া নালাগে অৱশ্যে৷
উৎসাহী হৈ হাজৰিকাই প্ৰধান শিক্ষকক ক’লেঃ
“হ’ব হ’ব ছাৰ, আপুনি যাওক৷ মই ইয়াত এইখিনি কৰিম বাৰু৷ পিছে হেৰি নহয়…”
যাবলৈ বুলি মটৰ চাইকেলখন উলিয়াই হেডমাষ্টৰে মূৰত পিন্ধি লোৱা হেলমেটটোৰ ফিটাডাল লগাবলৈ লৈ সুধিলেঃ
“কিবা ক’ব হাজৰিকা?”
“মানে হেৰি ছাৰ, এই মানে ‘মৌন প্ৰাৰ্থনা’ কোনটো আছিল পাহৰি থাকিলোঁ নহয়৷”
হতভম্ব হৈ হেডমাষ্টৰে খঙে-ৰাগে উত্তৰ দিলেঃ
“সেইটোও যদি নাজানে তেন্তে ‘তুমি চিত্ত বৃত্তি মোৰ…’ টোকে গোৱাই দিব!!”
****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক