মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): চতুৰ্থ খণ্ড

——– সাহিত্য.অৰ্গৰ ক’বলগীয়াখিনি ——-

ড° শিৱনাথ বৰ্মনে তেখেতৰ বিষয়ে এনেদৰে লিখিছে — “ তেওঁ যেন লগাতকৈয়ো বেছি সৰল, বেছি ভাল।”  আধুনিক অসমীয়া সাহিত্যৰ কবিতা, সমালোচনা, নিবন্ধ আৰু অনুবাদৰ জগতখনৰ এক বিশাল অংশ আৱৰি ৰখা এই ঋষিতুল্য ব্যক্তিজনেই  হ’ল সাহিত্যাচাৰ্য নলিনীধৰ ভট্টাচাৰ্য। সময়ৰ জোখাৰে ৯২টা বছৰ পাৰ কৰা শ্ৰী ভট্টাচাৰ্যদেৱৰ বিষয়ে আমি কিবা  কবলৈ বা লিখিবলৈ যোৱা মানেই সেয়া হ’ব মাথোঁ ধৃষ্টতাৰ নামান্তৰ;  কিন্ত তেখেতৰ ঘটনাবহুল আৰু বৰ্ণাঢ্য জীৱনটোৰ বিষয়ে আত্মজীৱনীৰ ৰূপত পঢ়িবলৈ পালে আমাৰ দৰে বহুলোকেই অলপ হলেও উপকৃত হ’ব আৰু সেই  উদ্দেশ্যেই “ভাষা-সাহিত্য সন্মিলনী , অসমৰ” ফালৰ পৰা আমি তেখেতলৈ এই প্ৰস্তাৱটি আগবঢ়াইছিলো। ইণ্টাৰনেট জগতখনত অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আমি কৰা যৎসামান্য প্ৰচেষ্টাৰ  বিষয়ে জানিব পাৰি শ্ৰদ্ধাৰ ভট্টাচাৰ্যদেৱে একেষাৰতে আমাৰ মাহেকীয়া ই-আলোচনী  www.xahitya.org ত তেখেতৰ আত্মজীৱনীখন ধাৰাবাহিকভাৱে লিখিবলৈ সন্মতি প্ৰদান কৰে। এয়া আমাৰ বাবে আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা আনসকলৰ  বাবেও এক বৃহত প্ৰাপ্তি বুলি অনুভৱ কৰিছো। যদিও ভট্টাচাৰ্যদেৱৰ আত্মজীৱনীখন ধাৰাবাহিকভাবে  অসমৰ এখন অধুনালুপ্ত সাপ্তাহিক কাকতত  প্ৰকাশ পাইছিল, কিন্ত তেখেতৰ কৈশোৰৰ কথা বৰ্ণনা কৰা অৱস্থাতেই উক্ত কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে।   ইণ্টাৰনেটত পোন-প্ৰথমবাৰৰ বাবে অসমৰ কোনো এজন স্বনামধন্য ব্যক্তিৰ আত্মজীৱনী ধাৰাবাহিকভাবে প্ৰকাশ হ’ব, অৰ্থাৎ শ্ৰদ্ধেয়  ভট্টাচাৰ্যদেৱৰ পূৰ্ণাংগ আত্মজীৱনীখনে প্ৰথমে  ছপা আখৰৰ ৰূপ নলৈ ডিজিটেল ৰূপহে ল’ব। এইয়া  অসমীয়া সাহিত্য জগতৰ বাবে এক অভিলেখ।
ধাৰাবাহিক আত্মজীৱনীখন  প্ৰকাশৰ ক্ষেত্ৰত আমাক সৰ্বতোপ্ৰকাৰে সহযোগ আগবঢ়োৱা নলিনীধৰ  ভট্টাচাৰ্যদেৱৰ পুত্ৰ ড° ৰাজীৱ ভট্টাচাৰ্য আৰু “সাতসৰীৰ”  কাৰ্য্যবাহী সম্পাদক দিগন্ত ওজাৰ ওচৰত আমি চিৰ-কৃতজ্ঞ।
আত্মজীৱনীখনৰ ইউনিক’ড ৰূপান্তৰ কাৰ্যত আমাৰ দেশে-বিদেশে বাস কৰা বহুকেইজন সদস্য জড়িত হৈ আছে। সেইসকল হৈছে – অনুপমা বৰগোহাঁই ( নতুন দিল্লী ), স্যামন্ত কুমাৰ গোস্বামী ( দক্ষিণ কোৰিয়া ), মঞ্জিল কোঁৱৰ (গুৱাহাটী ), মনোজ মন কলিতা ( টাইৱান ) , ধ্ৰুৱজ্যোতি শৰ্ম্মা ( গুৱাহাটী), তিৰুজ্যোতি বৰা দাস (আমেৰিকা ), সুৰজিত নেওগ (গুৱাহাটী)  আৰু আফটাৰ  হুছেইন চৌধুৰী ( চৌদি-আৰৱ )।
প্ৰিয় পঢ়ুৱৈসকললৈ অনুৰোধ, ধাৰাবাহিক  আত্মজীৱনীখন একাদিক্ৰমে পঢ়াৰ লগে লগে  তেওঁলোকৰ  বহুমূলীয়া মন্তব্যও  যেন  অসমীয়া  বা ইংৰাজী ভাষাত ইয়াতে  আগবঢ়ায়  ।
বিনীত,
সাহিত্য.অৰ্গ

________________________________________________

চতুৰ্থ খণ্ড

 
অৱশ্যে দাদাৰ পঢ়া-শুনা নহ’লগৈ। পিচত দেউতাই তেওঁক চফ্ৰাইলৈ লৈ গ’ল। তাতে তেওঁ কলঘৰত কিছুদিন উমেদাৰী কৰি পিচলৈ স্থায়ীভাৱে কামত মকৰল হ’ল। বয়সত তেওঁ আমাতকৈ ডাঙৰ আছিল। পিছৰ জীৱনত তেওঁ তিনিচুকীয়াৰ ওচৰত এখন বাগানত কাম কৰি জীৱনত সু-প্ৰতিষ্ঠিত হ’ল আৰু ল’ৰা-ছোৱালীবোৰকো ভাল কৰিলে।
মই ক্লাছ ফ’ৰলৈ প্ৰমোচন পোৱাৰ লগে লগে বীৰেনেও কাকজান এম ই স্কুলত নাম লগালে। গাঁৱৰ সমনীয়া ল’ৰাবোৰে আমাক ভাল পাইছিল আৰু আমাক মৰমো কৰিছিল। প্ৰায় পাঁচ কিলোমিটাৰ ৰাস্তা সিহঁতৰ লগতে আমি স্কুললৈ খোজ কাঢ়ি গৈছিলো। স্কুলত আমি কেইবাজনো ভাল শিক্ষক পাইছিলো। হেডমাষ্টৰ ডম্বৰুধৰ খাউণ্ড, তেখেতে সেই অঞ্চলত জীৱিতাৱস্থাতে কিংবদন্তি হৈ পৰিছিল। তেওঁৰ কথা আগত উল্লেখ কৰিছো। স্কুলৰ পানীখোৱা ছুটীত আমি চাহৰ দোকানলৈ যাওঁ। তাত কেৱল নাৰিকলৰ লাৰু আৰু চাহ পায়। আমি তাকে খাওঁ। সেই সময়তে ছথুৱা নামৰ বিহাৰী মানুহ এজন ওলায়গৈ। সি আমাক বৰ গৰ্বেৰে কয়—বুজিছা, ইয়াত দুজন মানুহহে আছে, এজন ডম্বৰু খাউণ্ড, আনজন ( নিজৰ গাত আঙুলিটো দি ) মই। সকলোৱে গিৰ্জনি মাৰি হাঁহে, সি কিন্তু নিৰ্বিকাৰ। খাউণ্ড ছাৰ আগতে গ্ৰেজিং চুপাৰিণটেণ্ডেণ্ট আছিল, ছথুৱা তেতিয়া তেওঁৰ লগত আছিল। সেইসূত্ৰে সি ছাৰৰ ব্যক্তিত্বৰ আভাস পাইছিল। তাকেই সি আমাৰ আগত ব্যক্ত কৰিছিল। তাৰ নিজৰ কথাটোত, এজন ব্যক্তিত্বসম্পন্ন মানুহৰ সান্নিধ্য পাই সিও যে ধন্য হৈছিল পৰোক্ষভাৱে তাৰেই ইংগিত আছিল। সি প্ৰায়েই আমাৰ আগত এই কথাষাৰ কৈ ভাল পাইছিল। খাউণ্ড ছাৰে ক্লাছ থ্ৰি আৰু ছিক্সত ক্লাছ লৈছিল। তেওঁলৈ আমাৰ ভয়ো আছিল, শ্ৰদ্ধাও আছিল | আমাৰ ইংৰাজীৰ ভেটিটো তেওঁৰ বাবেই কিছু মজবুত হৈছিল। শিক্ষক হিচাপে তেওঁ ’চক্‌ এণ্ড টক্‌’  নীতি  লৈছিল, আৰু এই নীতিৰেই তেওঁ সফল শিক্ষক হৈছিল।
কাশীনাথ চাংকাকতি আৰু নৰেন ভুঞা এই দুজন শিক্ষককো আমাৰ ভাল লাগিছিল। দুয়ো যোৰহাটৰ মানুহ, সোমবাৰে পুৱা চাংকাকতি খোজ দিয়ে কাকজানলৈ, স্কুল বহা সময়ত পায়হি। ভূঞা অৱশ্যে চাইকেলেৰে আহিছিল। দুয়ো শনিবাৰলৈকে কাকজানতে থাকে। শনিবাৰে ছুটীৰ পিচত ঘৰমুৱা হয়। চাংকাকতিয়ে ফ’ৰ-ফাইভত ইংৰাজী পঢ়ুৱাইছিল। বৰ সুন্দৰকৈ বুজায় আৰু বুজোৱাৰ পিচত ক্লাছৰ কেপ্টেইনজনলৈ চাই হাতৰ তৰ্জনী আৰু মধ্যমা আঙুলী দুটা একেলগে কৰি কয়, ’কাইলৈ লৈ আহিবি দুআঙুলীয়া। ’ কেপ্টেইনজনে বুজি পায়, দুআঙুল বহল এডাল বেত সি পিচদিনা আনিব লাগিব। এই ভীতিপ্ৰদৰ্শনে কাম দিছিল, ল’ৰাহঁতে লেচনটো পঢ়ি-শুনি আহিছিল। আচলতে তেওঁ কাচিৎহে বেত লৈছিল, দুষ্টামিৰ বাবেহে তেওঁ দুচাট-এচাট দিছিল। ভূঞাই সাধাৰণ জ্ঞান, ভূগোল আদি পঢ়ুৱাইছিল। মানুহজন ক্ষণে ৰুষ্ট, ক্ষণে তুষ্ট। কেতিয়া খং উঠে ক’ব নোৱাৰি। সেই বাবে আমি সকলো সন্ত্ৰস্ত। কেতিয়াবা হাঁহি-মাতিও কথা কৈছিল। ভূঞা ’আৱাহন’ যুগৰ বিখ্যাত গল্পকাৰ কৃষ্ণ ভূঞাৰ দেউতাক।
আন আন শিক্ষকসকলৰ ভিতৰত কনকেশ্বৰ দত্ত, মোহন বৰুৱা, হানিফ আলী আদিৰ নামহে মনত পৰিছে। ত্ৰিশৰ দশকৰ স্মৃতি এতিয়া ধূসৰ হৈছে। দত্ত আৰু বৰুৱা স্থানীয়,  মই শিৱসাগৰত পাঠশালা স্কুলৰ বৃত্তি পৰীক্ষা দিওঁতে মোহন বৰুৱাক দেখিছিলো। তেওঁ মোৰ হাতৰ কাম চাইছিল। পাচি নে খৰাহি এটা সাজিবলৈ দিছিল। বাঁহৰ কাঠি-কামি লিৰিকি-বিদাৰি থাকোতে তেওঁ চাই ক’লে, ’পাচিৰ মোৰটোকে নাজান, তই পাচি সাজিবি কেনেকৈ?’ সেই মোহন বৰুৱাক কাকজানত আকৌ পালো। তেওঁ জ্যামিতি পঢ়ুৱাইছিল। উপপাদ্যটোৰ মূল সূত্ৰটো সুধি তেওঁ ছাত্ৰক ব’ৰ্ডত প্ৰমাণ কৰি দেখুৱাবলৈ কয়। নহ’লে ৰক্ষা নাই। সেইবাবে আমি সাজু হৈ গৈছিলো।
দত্ত ছাৰে অসমীয়া পঢ়ুৱাইছিল। দুই-এখন কবিতা পুথিও লিখিছিল। তেওঁক ভাল পাইছিলো। তেওঁৰ এটা চখ আছিল। ‘মুকুতি’ শব্দটো ক’ৰবাত ওলালেই আমাক সোধে: মুকুতি কি? যাক সোধে তেওঁ কয়: ‘মুক্তি ছাৰ’
‘বাৰু এতিয়া ক, মুক্তি কেইবিধ?’
প্ৰথমজন ল’ৰাই যদি কেৰঘেঁহাই, তেতিয়া আন এজনক সোধে।
সেইজন ল’ৰাই ক’ব-পাঁচবিধ।
‘কি কি?’
সাৰ্ষ্টি, সাৰূপ্য, সাযুজ্য, সালোক্য, নিৰ্বাণ।
নাই নহ’ল, এইপিনে আহ।
ল’ৰাজন ওচৰ চপাৰ লগে লগে ছাৰে হাতৰ মুঠিটো দাঙি সকলোৱে শুনাকৈ ‘মুকুতি আৰু এবিধ আছে, সেইটো হ’ল খকৰা মুকুটি’ – বুলি ল’ৰাটোৱে তধা-মধা খোৱাকৈ তাৰ গালত মুঠিটোৰে লাহেকৈ খুন্দা মাৰি দিয়ে। অপ্ৰস্তুত ল’ৰাজনে এনে ঘটনা হ’ব বুলি নাজানে, কিন্তু ছাৰৰ ওপৰত তাৰ খং নুঠে। বাকীবোৰেও মুকুতি আৰু মুকুটি এই দুটা শব্দৰ অৰ্থৰ পাৰ্থক্যটো জানি ৰং পায়। কাৰণ, ‘খকৰা মুকুটি’ৰ লগত অলপ নহয় অলপ পৰিচয় সকলোৰে আছে। হানিফ আলি অংকৰ শিক্ষক। তেওঁ সদায় ঘৰত কৰিবলৈ অংক দিছিল। নানিলে সুদাই নেৰে। বহী পৰিপাটীকৈ নাৰাখিলেও জগৰ। তেওঁ কছৰৎ কৰাইছিল। প্ৰথমতে শাৰী পাতিবলৈ কয়। শাৰীটো পোন হৈছেনে নাই তাকে চাবলৈ শাৰীটোৰ কাষেদি হাত দুখন অগা-পিচাকৈ সঞ্চালন কৰি দ্ৰুতগতিত যায়। কাৰোবাৰ গাত তেওঁৰ হাত লাগিলে বাৰুকৈয়ে দুখ পায়। তেওঁৰ বৰশী বোৱাত বৰ নিচা আছিল। স্কুল ছুটী হ’লেই চাহ খাই চাইকেলত টোপ আৰু বৰশীডাঁৰিবোৰ বান্ধি লয়। তেওঁ কামৰূপৰ ফালৰ মানুহ। দেখাত কঠোৰ হ’লেও অন্তৰত ছাত্ৰৰ প্ৰতি মৰম আছিল।
হেডমাষ্টৰ ডম্বৰুধৰ খাউণ্ড ‘লিজেণ্ড’ হৈ পৰাৰ আৰু কাৰণ আছিল। তেওঁ এটা পঠা ছাগলী হেনো অকলে খাইছিল। মানুহে তেনেকৈ কোৱা শুনিছিলো। এদিন খেলা-ধূলা চলি থাকোতে তেওঁৰ ওচৰতে ঘূৰি ফুৰা ছাগলী এটা দাঙি লগৰ শিক্ষকসকলৰ আগত কৈছিল-ইয়াৰনো কিমান মাংস ওলাব? বৰ বেছি চাৰি-পাঁচ সেৰ’… মই কথাষাৰ নিজ কাণে শুনিছিলো। তেতিয়া কথাটো সঁচা বুলি পতিয়ন গৈছিলো। তেওঁক সৰস্বতী পূজাত পায়স ৰন্ধাও দেখিছিলো। উদং গাৰে কঁকালত গামোচা বান্ধি তেওঁ কামত লাগি যায়। অতিশয় শকত-আৱত এই মানুহজনৰ শৰীৰৰো যেন এটা ভাষা আছিল। একোলৈকে পৰোৱা নকৰা অদ্ভুত সাহসী মানুহ, অথচ জ্ঞান-বিদ্যাতো চহকী। এনে দেহবল, মনোবল থকা মানুহ আজিকালি বিৰল। তেওঁ ধাৰ্মিক, কিন্তু ধৰ্মান্ধ নহয়, চৰকাৰী চাকৰি কৰিছিল যদিও বিচ্ছিন্ন নাছিল, ৰাজহুৱা কামত তেওঁ উঠি-পৰি লাগিছিল। কাকজানত হাইস্কুল স্থাপনত তেৱেঁই গুৰি ধৰিছিল। জাঁজীত ‘লাচিত মেলা’ দেখুৱাবলৈ তেৱেঁই আমাক লৈ গৈছিল, সেই সময়ত ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা প্ৰমুখ্যে জাঁজী অঞ্চলৰ গণ্য-মান্যসকলে (খাউণ্ড ছাৰো জাঁজীৰে মানুহ) লাচিত মেলা পাতিছিল। ধ্বনি-কবি টীয়কৰ মানুহ যদিও তেওঁ জাঁজী হাইস্কুলত হেডমাষ্টৰ আছিল। দেখাত গহীন ব্যক্তিত্বৰ মানুহ আছিল যদিও খাউণ্ড ছাৰে প্ৰিয় ছাত্ৰৰ মৃত্যুত (মোৰ বন্ধু সেই সময়ৰ ষষ্ঠমানৰ ছাত্ৰ বাপুৰাম গগৈৰ মৃত্যু হৈছিল) নীৰৱে চকুলো টোকাও আমি দেখিছিলো। শিক্ষক হিচাপে সফল খাউণ্ড ছাৰে ছাত্ৰৰ সামগ্ৰিক বিকাশলৈ চকু দিছিল। তেওঁ আমাক মাজে মাজে ক্লাছত মহাভাৰতৰ বন পৰ্বটো খৰচি মাৰি পঢ়িবলৈ কৈছিল। সম্ভৱতঃ মই ষষ্ঠ মানত পঢ়ি থাকোতে, প্ৰসংগক্ৰমে এই কথাটো তেওঁ উল্লেখ কৰিছিল। বকৰূপী ধৰ্ম আৰু অজগৰৰূপী নহুষে যুধিষ্ঠিৰক কৰা প্ৰশ্নবোৰৰ কথা তেওঁ উনুকিয়াইছিল আৰু যুধিষ্ঠিৰক মহাভাৰতৰ ঘাই চৰিত্ৰ বুলি মন্তব্য কৰিছিল। তেওঁ বোধহয় ঠিকেই কৈছিল, কিন্তু দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ দৰে ঘটনা তেওঁ কিয় সহ্য কৰিছিল, দ্ৰোণ, কৰ্ণ, দুৰ্যোধনক কিয় অন্যায়ভাৱে বধ কৰিছিল এনেবোৰ প্ৰশ্নৰ উত্তৰ মহাভাৰতত নাই। তেতিয়া এনেবোৰ প্ৰশ্ন কৰাৰ জোখাৰে আমাৰ জ্ঞান-বুদ্ধি হোৱা নাছিল। তেওঁৰ পৰামৰ্শ মতে আমি পঢ়িবলৈ যত্ন কৰিছিলো। খাউণ্ড ছাৰে স্বাধীনতা অন্দোলনত যোগ দিয়া নাছিল, ইংৰাজৰ বিৰুদ্ধে থিয় দিয়াও নাছিল, কিন্তু যেতিয়া আত্মসন্মানত আঘাট লাগে তেতিয়া চাহাবৰ বিৰুদ্ধে গৰ্জি উঠিছিল। তেওঁৰ কথা আজিও মনত পৰে, মোক আৰু বীৰেণক তেওঁ বৰ মৰম কৰিছিল।
তেতিয়া ত্ৰিশৰ দশক। মই বোধকৰো ১৯৩৫ চন মানত মাইনৰ পাছ কৰিছো । বীৰেণে তাৰ পিচৰ বছৰত মাইনৰ পৰীক্ষা দি বৃত্তি পাইছিল। খাউণ্ড ছাৰহঁতৰ যত্নত হৈ উঠা কাকজান হাইস্কুলত মই সপ্তম শ্ৰেণীত নাম লগালো। বীৰেনে মাইনৰ পাছ কৰি তালৈ এদিন কি দুদিন গৈছিল, তাৰ পিচত বৃত্তিৰ খবৰ পাই সি যোৰহাট চৰকাৰী হাইস্কুলত নাম লগালে৷ তাৰ আগৰ চাৰি বছৰমান আমি ঢেকীয়াখোৱাতে থাকি কাকজান মাইনৰ স্কুললৈ অহা-যোৱা কৰিছিলো৷
তেতিয়া বয়স তেৰ-চৈধ্যৰ ভিতৰতে আছিল৷ গাঁৱৰ পৰিৱেশৰ লগত আমি লাহে লাহে খাপ খাই পৰিছিলো৷ আমাৰ ঘৰৰ ওচৰতে এখন ডাঙৰ হাবি আছিল৷ তাত দুটা-এটা ফুটুকী বাঘ আছিল৷ কেতিয়াবা ৰাতি হোঁকৰে আৰু মানুহে টিং বজাই সিহঁতক খেদে৷ গাঁওখনত বহুত বান্দৰ আছিল, এইবোৰ কেতিয়াবা জাক পাতি আহি ঘৰত সোমাইছিলহি আৰু খোৱা বস্তু লৈ গৈছিল৷ তদুপৰি আম, কল, আম, কঁঠাল আদি গছতে খাই পেলাইছিল৷ অমিতা গছবোৰ ভাঙি তহিলং কৰিছিল৷ বস্তু আধা নাৰ্জি কৰাটোৱেই বোধহয় সিহঁতৰ ধৰ্ম৷ আমি প্ৰথমতে ভয় কৰিছিলো, পিছত সিহঁতক খেদিবলৈ সাহস গোটাইছিলো৷ সিহঁত দল পাতি ফুৰে, আৰু দলৰ নেতৃত্ব দিয়ে মলুৱাটোৱে৷ খেদি গ’লে সিহঁতে প্ৰতিবাদ নকৰাকৈ নাথাকে, মুখৰ ভংগীত সেইটো ধৰা পৰে৷ খেদি যোৱা মানুহৰ সংখ্যা বেছি হ’লে সিহঁতে আঁতৰি যায়৷
বৰদেউতা কমল চন্দ্ৰ ভট্টাচাৰ্যৰ কথা আগতে কৈছো৷ তেওঁ এখন ফুলনি কৰিছিল, তাত নানা তৰহৰ ফুল আছিল৷ পদূলিমুখতে এজোপা গুলঞ্চি ফুল৷ তাত সিফালে আছিল কেইবাধৰণৰ গোলাপ, ঘণ্টাকৰ্ণ, তগৰ, কাঞ্চন, নাৰ্জি আদি ফুল৷ কোনো সৌন্দৰ্যপিপাসাৰ বাবে এই ফুলবোৰ ৰোৱা নাছিল; ৰুইছিল গোসাঁইক দিয়াৰ বাবে৷ তেওঁৰ এটা গোসাঁইঘৰ আছিল, তাত থকা শালগ্ৰামত তেওঁ নিতৌ পুৱা পূজা দিছিল৷ ফুলবোৰ এই পূজাত লাগে৷ তেওঁ খুব পুৱাই পুখুৰীত জোবোৰা মাৰি গা ধোৱে আৰু কাপোৰ সলাই পূজা কৰে৷ তাৰ পিছত চাহ খোৱাৰ পৰ্ব৷ এই সময়ছোৱা তেওঁৰ মনটো ভালে থাকে আৰু আমিও ওচৰ চাপো৷ আমাকো চাহ দিয়ে৷ নিচেই ওচৰতে থকা তিলো হাজৰিকাকো মাতি আনি চাহ এটোপা দিয়ে৷ তেতিয়া বৰবৌ, মহেন্দ্ৰ দাদা, ৰম্ভা, প্ৰভা (বৰদেউতাৰ ছোৱালী) কোনো শুই নুঠে৷ প্ৰথম অৱস্থাত বৰদেউতাৰ অৱস্থা ভালেই আছিল, নিজে খেতি কৰাইছিল, ভঁৰালো ভৰিছিল৷ পিছলৈ মাটি আধি দিবলৈ ধৰিলে, আৰু ধানৰ পৰিমাণ কমি আহিবলৈ ধৰিলে৷ ব্ৰহ্মপুত্ৰৰ পানীয়ে যেতিয়া ভাদ আহিনমহীয়া পথাৰ বুৰাই পেলায়, আৰু পানী বেগেতে নাযায়, তেতিয়া ধান একেবাৰে নাপায়৷ কাতিমহীয়া বৰ দিগদাৰি হয়৷ আমিও ভীমকল খাই স্কুললৈ যাওঁ৷ তেতিয়া বাগানলৈ মনত পৰে৷ তাত অন্ততঃ লঘোণে থাকিব নালাগে৷ বৰদেউতাৰ জীৱনটো কষ্টতে গ’ল৷ ডাঙৰজনী ছোৱালীক বিয়া দিওঁতে দেউতাই অলপ সহায় কৰিছিল৷ পাচৰ দুজনী (ৰম্ভা-প্ৰভাক)তেওঁ, নিজেই বিয়া দিছিল৷ সৰুজনীৰ লগত একো দিব নোৱাৰিলে৷ তেওঁৰ অভাৱ-অনাটন বেছি হৈছিল৷ তেওঁ এটা ভুল কৰিছিল৷ তিনিগৰাকী বিয়া কৰাইছিল তেওঁ অৱশ্যে তৃতীয় পক্ষৰ কোনো ল’ৰা-ছোৱালী নাথাকিল৷ দ্বিতীয় গৰাকী বৰবৌ নিউমোনিয়াত ঢুকাল৷ চিকিৎসা বিশেষ নহ’ল৷ সেইসময়ত পুৰুষতান্ত্ৰিক সমাজৰ এনেবোৰ কু-ফল সম্বন্ধে কোনো সচেতন নাছিল, পইচা থকা মানুহে চাৰিগৰাকীলৈকে বিয়া কৰোৱা পুৰুষ তেতিয়া গাঁৱত দেখিছিলো৷ মোৰো মেলেৰিয়া হৈছিল মাজে মাজে৷ কেতিয়াবা এদিন এৰি জ্বৰ উঠে, কেতিয়াবা দুদিন জ্বৰ নাথাকে, আকৌ তৃতীয়দিনা জ্বৰ উঠে৷ গাটো কঁপে, লেপ ল’ব লাগে, তাৰ পিছত ঘামে৷ কাকজান ডিচপেনচাৰীৰ দাগ কটা বটলত দিয়া কুইনাইন খাওঁ, কামত নাহে৷ জ্বৰ চলি থাকিলে স্কুলো ক্ষতি হয়৷ দুই-চাৰিয়ে বেজ লগোৱাৰ কথা কয়৷ এইবিধ হেনো পাল জ্বৰ৷ কোনোবাই কিহবাৰ(কিহৰ পাহৰিছো) ফোঁট ল’বলৈ কয়, কোনোৱে চাম কাঠৰ পীৰাত বহি মাটিৰ মলাত সিজোৱা ভাত খাবলৈ দিহা দিয়ে৷ বৰদেউতাই এইবোৰত গুৰুত্ব দিছিল৷ মই ভাল পোৱা নাছিলো৷ সেই সময়ত ‘পাইৰেক্স’ নামৰ দৰব এটা ওলাইছিল৷ সেইটো খাইছিলো৷ কিছুদিন ভাল পাওঁ৷ দুবছৰমান ধৰি এই ৰোগত মই ভুগিছিলো৷ ৰোগটো যে বেয়া, ই মাৰাত্মকো হ’ব পাৰে এনে ধাৰণা মনলৈ অলপো অহা নাছিল৷ কোনেও কোৱাও নাছিল৷ সি যি কি নহওক অষ্টম শ্ৰেণীৰ পৰা জ্বৰ আৰু নুঠা হ’ল৷
ঢেকীয়াখোৱাত আমি (মই আৰু বীৰেনে) বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাক লগ পাইছিলো৷ দিহা নৈৰ পাৰতে তেওঁৰ ঘৰ৷ ঘৰৰ আগত দুজোপা বকুল গছ৷ তেওঁৰ ঘৰলৈ আমি যাওঁ৷ তেওঁৰ লাইব্ৰেৰীটোৰপৰা কিতাপ নি পঢ়িছিলো৷ গণেশ গগৈ,ৰবীন্দ্ৰনাথৰ কিতাপ৷ তেওঁৰ ‘বিসৰ্জন’ নাটকৰ অভিনয় গাঁৱৰ ল’ৰাবিলাকে কৰিছিল৷ মই আৰু বীৰেনে তাৰ বচনবোৰ লিখি দিছিলো৷ তাত আনন্দ বৰুৱায়ো ৰামৰ পাৰ্ট কৰিছিল৷ আমাক লৱ-কুশৰ ভাও দিছিল৷ আনন্দ বৰুৱাৰ ভায়েক বিপিন বৰুৱা, যতীন বৰুৱা আৰু তেওঁৰ বৰদেউতাকৰ ল’ৰা কুলধৰ বৰুৱায়ো ভাও লৈছিল৷
কবি বৰুৱাৰ সংস্পর্শত সাহিত্য-সংস্কৃতিৰ প্ৰতি আমাৰো মন ঢাল খাইছিল। তেওঁ কেতিয়াবা ঘৰতে “আসৰ” পাতিছিল। তাত আমাৰ ৰজনী দদাইদেৱে গান গাইছিল। বৰগীতো কোনোবাই গোৱা মনত পৰে। কবি বৰুৱাৰ নির্দেশত “আসৰ” চলি থাকে। আমি সাক্ষীগোপাল হৈ বহি থাকো। ভালো লাগে।   আমাৰ গাঁৱৰ কংগ্ৰেছ কর্মী শশীধৰ মলীয়া বৰুৱাক লগ পাইছিলো, গান্ধীজীৰ নির্দেশত তেওঁ কেইবাবাৰো কাৰাবাৰণ কৰিছিল। তেওঁৰ ঘৰখন আছিল খাদী ভাণ্ডাৰ। মেলেং কাঠগাঁৱৰ মোৰ সম্পৰ্কীয় মোমাইদেউ পদ্মেশ্বৰ গোস্বামীকো প্ৰায়ে পাইছিলো। পীৰাকটাৰ মহেশ্বৰ বৰকটকীও ঢেকীয়াখোৱালৈ আহি থাকে। বৰকটকী পিচত মোৰ শহুৰ হৈছিলগৈ। এওঁলোকৰ বাহিৰেও আন কেইবাজনো নিষ্ঠাবান কংগ্ৰেছ কর্মীক আমি লগ পাইছিলো। এই ধৰণৰ কংগ্ৰেছ কর্মীৰ যত্ন আৰু উদ্যোগত ঢেকীয়াখোৱাতে অসম ৰাষ্ট্ৰীয় সন্মিলন হৈছিল। তেতিয়া সম্ভৱত ত্ৰিশৰ দশকৰ শেষভাগ। তালৈ অমৃতা কৌৰ আহিছিল। অসমৰ সেই সময়ত বহুত কংগ্ৰেছী নেতা তাত গোট খাইছিল। আমি তেতিয়া তৃতীয় কি চতুর্থ শ্ৰেণীৰ ছাত্ৰ। কুলধৰ চলিহা, দেৱেশ্বৰ শর্মা, কৃষ্ণ শর্মা আদি নেতাসকলৰ উপৰি অসমৰ বহু ঠাইৰ কংগ্ৰেছ কর্মী আৰু স্বেচ্ছাসেৱকৰ সমাগম হৈছিল,হিল-দল ভাঙি ৰাইজো আহিছিল। এনে ধৰণৰ বিৰাট জনসভা আমি আগেয়ে দেখা নাছিলো। সেই সময়ত চলি থকা আইন অমান্য আন্দোলনৰ সংক্ৰান্ততে এই সন্মিলনখন হৈছিল যেন লাগে। আমি ভিতৰচ’ৰাৰ আলোচনা -বিলোচনাৰ বিশেষ একো উমান পোৱা নাছিলো, কিন্ত স্বাধীনতা আন্দোলনৰ লগত তাৰ যে সংযোগ আছিল সেই কথা আমি তেতিয়া ধৰিব পাৰিছিলো। এতিয়া তাৰ স্মৃতি ধুসৰ হৈ গৈছে, কিন্তু  সন্মিলনৰ মাজত দেখা দিয়া উতসাহ -উদ্দীপনাৰ ৰেশ যেন আমাৰ মনৰ মণিকোঠাৰ কোনোবা এচুকত ৰৈ গ’ল কেতিয়াবা এনে লাগে। গান্ধী বা জৱাহৰলালৰ নাম তেতিয়া মানুহৰ মুখে মুখে -বিশেষকৈ গান্ধী তেতিয়া জীৱন্ত কিংবদন্তিত পৰিণত হৈছিল। কোনোৱে কৈছিল তেওঁ হেনো আজানুলম্বিত। আমি এইবোৰ কথা বিশ্বাস কৰিছিলো। এই অর্ধনগ্ন ফকীৰক মানুহে দেৱতাৰ শাৰীলৈ তুলিছিল। সি যি কি নহওক আমি লগ পোৱা নিষ্ঠাৱান কংগ্ৰেছ কর্মীসকলৰ সান্নিধ্যত পৰাধীন দেশৰ দুখ-দৈন্যৰ কথা অলপ হ’লেও বুজিছিলো। গাঁৱখনৰ মাজেৰে বৈ যোৱা দিহা নৈখনৰ কথা মই আজিও পাহৰিব পৰা নাই। নৈখন গাঁৱৰ জীৱনৰেখা। তাত মানুহে গা ধোৱে, তাৰ মাছ-পুঠি খায়, হুকুমা পাতে, পাৰৰ হাবিত খৰি লোৰে, দাঁতিতে থকা পথাৰত ধান ৰোৱে, মন গ’লে সাঁতোৰে, বৰশী বায়-সকলো কৰে। তাৰ পাৰতেই বিহু মাৰে, বিহু এৰে, লগ-ভাগ খায়, নামঘৰ সাজে(ঢেকীয়াখোৱা বৰনামঘৰ দিহাৰ পাৰতে)-মুঠতে নৈখনৰ পাৰতে মানুহে স্বপ্ন দেখে। মৃত্যুতো মানুহ তাৰ পাৰলৈকে গৈ শেষৰ জিৰণি লয়। এতিয়া অবশ্যে সেইবোৰ নাই, কিন্তু নৈখন একেদৰেই হৈ আছে, বাৰিষা প্ৰবল স্ৰোতস্বিনী, খৰালী শীর্ণা, তৰাং। বকুলবনৰ কবিৰো ঘৰ এইখন নৈৰ পাৰতে, তেওঁ কবিতাৰে, গানেৰে দিহাক অমৰ কৰি থৈ গৈছে।
গাঁৱত তেতিয়া দুখীয়া মানু্হ আছিল বেছি। খাজনা দিব নোৱাৰিলে মাটি নিলামত গৈছিল। চাওখাট মৌজাৰ মৌজাদাৰ লক্ষ্মীনাৰায়ণ শর্মা(এওঁ অধ্যাপক তুলসীনাৰায়ণ শর্মাৰ ভায়েক)আমাৰ গাঁৱতে আছিল। তেওঁৰ চৌহদতে মাটিৰ নিলাম হৈছিল। চহৰৰ পৰা বিষয়া আহে। গাঁৱত চোৰো আছিল, সিন্ধি খান্দে কেতিয়াবা, কাৰোবাৰ গৰু নি ক’ৰবাত বেচেগৈ। মানুহৰ দৰিদ্ৰ অৱস্থা দেখি মনটো আমাৰ বেয়া লাগিছিল। আমাৰ মনত এইবোৰ ঘটনাৰ চাপ পৰিছিল।
বাৰিষা বোকা-পানী গচকিয়েই আমি স্কুললৈ গৈছিলো। খৰালি ধাননিৰ মাজে মাজে যাওঁ। হাতেৰে থোকবোৰ চুই চাওঁ। দুয়োপাৰে ধান , মাজেদি বঙিয়া, লুংলুঙীয়া বাট। দলে–বলে গৈ ভাল লাগে। উজানৰ সময়ত মানুহে নৈত বান দিয়ে। ৰাতি খপে। পুৱা আমি ওলাওঁতো। বৰালি মাছে বেছিকৈ জঁপিয়ায়। তাৰে দুটা–এটা মাছ আমাক দিয়ে। বহাগৰ বিহুত হুচৰি চাওঁ। দুখন-তিনিখন গাওঁ লগলাগি হুঁচৰি গায়। টিমাইকণ নামৰ এজন মানুহে নাকেৰে ম’হৰ শিঙৰ পেঁপা বজোৱা দেখিছিলো। গাঁৱৰ মানুহবোৰো তেতিয়া ভাল আছিল। মানুহলৈ মৰম আছিল। স্বাস্থ্য –পাতি সাধাৰণতে বেয়া আছিল, ওচৰত ঔষধালয় নাই। দৰব কাকজান ডিচপেনচাৰীৰ পৰা কেতিয়াবা আমিয়েই আনি দিব লাগিছিল। এনেকুৱা অৱস্থা সত্বেও ,বগাই মেধি নামৰ এজন মানুহ এশ বছৰ জীয়াই আছিল। বাগ্মীবৰ নীলমণি ফুকন আহি তেওঁক মালা পিন্ধাই শ্ৰদ্ধা জ্ঞাপন কৰা দেখিছিলো।
আমাৰ গাঁৱত দুখন সত্ৰ আছে। এখন পুণীয়া সত্ৰ। আনখন বটাৰ গঞা। এই সত্ৰদুখনত বৈষ্ণৱ সংস্কৃতি চলি আছিল। এতিয়াও আছে। পুণীয়া সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত দত্তদেৱ গোস্বামীয়ে একেলগে কেইবাটাও ঢোল বজাব পাৰিছিল। তেওঁৰ ঘৰত সাঁচিপতীয়া ভাগৱতো দেখিছো। বটাৰ গঞা সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত লক্ষ্ণণ চন্দ্ৰ গোস্বামীয়ে মূৰ্তি, সিংহাসন আদি নিৰ্মাণ কৰিছিল। এনে ধৰণৰ শিল্পকৰ্ম এতিয়াও চলি আছে বুলি শুনিছো।
আমাৰ সৰুকালৰ গাঁও এতিয়া নাই। বৰ্তমান সময়ে বন্দী কৰাৰ আগতে আমি যিখন গাঁও পাইছিলো তাত আমি মুকলিকৈ হাঁহি মাৰিব পাৰিছিলো। দুখ-দাৰিদ্ৰৰ মাজতো মানৱীয় সম্পৰ্ক আছিল। এতিয়া প্ৰতিযোগিতাৰ কবলত পৰিছে গাঁও। তথাপি গাঁওখনলৈ মনত পৰে। ঢেকীয়াখোৱাৰ সেই ল’ৰালি আমি আৰু ঘূৰাই নাপাওঁ।  (আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক