মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): দ্বাদশ খণ্ড

——– সাহিত্য.অৰ্গৰ বলগীয়াখিনি ——-

° শিৱনাথ বৰ্মনে তেখেতৰ বিষয়ে এনেদৰে লিখিছে — “ তেওঁ যেন লগাতকৈয়ো বেছি সৰল, বেছি ভাল।আধুনিক অসমীয়া সাহিত্যৰ কবিতা, সমালোচনা, নিবন্ধ আৰু অনুবাদৰ জগতখনৰ এক বিশাল অংশ আৱৰি ৰখা এই ঋষিতুল্য ব্যক্তিজনেই সাহিত্যাচাৰ্য নলিনীধৰ ভট্টাচাৰ্য। সময়ৰ জোখাৰে ৯২টা বছৰ পাৰ কৰা শ্ৰী ভট্টাচাৰ্যদেৱৰ বিষয়ে আমি কিবা কবলৈ বা লিখিবলৈ যোৱা মানেই সেয়া মাথোঁ ধৃষ্টতাৰ নামান্তৰ; কিন্ত তেখেতৰ ঘটনাবহুল আৰু বৰ্ণাঢ্য জীৱনটোৰ বিষয়ে আত্মজীৱনীৰ ৰূপত পঢ়িবলৈ পালে আমাৰ দৰে বহুলোকেই অলপ হলেও উপকৃত আৰু সেই উদ্দেশ্যেইভাষাসাহিত্য সন্মিলনী , অসমৰফালৰ পৰা আমি তেখেতলৈ এই প্ৰস্তাৱটি আগবঢ়াইছিলো। ইণ্টাৰনেট জগতখনত অসমীয়া ভাষাসাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আমি কৰা যৎসামান্য প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰি শ্ৰদ্ধাৰ ভট্টাচাৰ্যদেৱে একেষাৰতে আমাৰ মাহেকীয়া আলোচনী www.xahitya.org তেখেতৰ আত্মজীৱনীখন ধাৰাবাহিকভাৱে লিখিবলৈ সন্মতি প্ৰদান কৰে। এয়া আমাৰ বাবে আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা আনসকলৰ বাবেও এক বৃহত প্ৰাপ্তি বুলি অনুভৱ কৰিছো। যদিও ভট্টাচাৰ্যদেৱৰ আত্মজীৱনীখন ধাৰাবাহিকভাবে অসমৰ এখন অধুনালুপ্ত সাপ্তাহিক কাকতত প্ৰকাশ পাইছিল, কিন্ত তেখেতৰ কৈশোৰৰ কথা বৰ্ণনা কৰা অৱস্থাতেই উক্ত কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে। ইণ্টাৰনেটত পোনপ্ৰথমবাৰৰ বাবে অসমৰ কোনো এজন স্বনামধন্য ব্যক্তিৰ আত্মজীৱনী ধাৰাবাহিকভাবে প্ৰকাশ , অৰ্থাৎ শ্ৰদ্ধেয় ভট্টাচাৰ্যদেৱৰ পূৰ্ণাংগ আত্মজীৱনীখনে প্ৰথমে ছপা আখৰৰ ৰূপ নলৈ ডিজিটেল ৰূপহে ব। এইয়া অসমীয়া সাহিত্য জগতৰ বাবে এক অভিলেখ।ধাৰাবাহিক আত্মজীৱনীখন প্ৰকাশৰ ক্ষেত্ৰত আমাক সৰ্বতোপ্ৰকাৰে সহযোগ আগবঢ়োৱা নলিনীধৰ ভট্টাচাৰ্যদেৱৰ পুত্ৰ ° ৰাজীৱ ভট্টাচাৰ্য আৰুসাতসৰীৰকাৰ্য্যবাহী সম্পাদক দিগন্ত ওজাৰ ওচৰত আমি চিৰকৃতজ্ঞ।আত্মজীৱনীখনৰ ইউনিক
ৰূপান্তৰ কাৰ্যত আমাৰ দেশেবিদেশে বাস কৰা বহুকেইজন সদস্য জড়িত হৈ আছে। সেইসকল হৈছেঅনুপমা বৰগোহাঁই (নতুন দিল্লী), স্যামন্ত কুমাৰ গোস্বামী (দক্ষিণ কোৰিয়া), মঞ্জিল কোঁৱৰ (গুৱাহাটী), মনোজ মন কলিতা (টাইৱান) , ধ্ৰুৱজ্যোতি শৰ্ম্মা (গুৱাহাটী), তিৰুজ্যোতি বৰা দাস (আমেৰিকা), সুৰজিত নেওগ (গুৱাহাটী) আৰু আফটাৰ হুছেইন চৌধুৰী (চৌদিআৰৱ) প্ৰিয় পঢ়ুৱৈসকললৈ অনুৰোধ, ধাৰাবাহিক আত্মজীৱনীখন একাদিক্ৰমে পঢ়াৰ লগে লগে তেওঁলোকৰ বহুমূলীয়া মন্তব্যও যেন অসমীয়া বা ইংৰাজী ভাষাত ইয়াতে আগবঢ়ায়
বিনীত,সাহিত্য.অৰ্গ

________________________________________________

দ্বাদশ খণ্ড

 

তেতিয়া শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এটা সৰ্ম্পক আছিল। অৱশ্যে কেতিয়াবা কিবা কাৰণত এই সৰ্ম্পক-সূত্ৰ ছিগিও গৈছিল। কিন্ত এনে ঘটনা সাধাৰণতে নঘটে। ছাত্ৰই পৰীক্ষাত নকল কৰি থাকোঁতে কোনোবা শিক্ষকৰ চকুত পৰিলে তেওঁ ছাত্ৰজনৰ শাস্তিৰ ব্যৱস্থা কৰিব। স্কুলবোৰত এনে ঘটনা প্ৰায়ে ঘটি থাকে। মোৰো তেনে অভিজ্ঞতা নোহোৱা নহয়। সম্প্ৰতি দেখা গৈছে, ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত নকল দেখাদেখিকৈয়ে কৰে আৰু বহুতক বাহিৰৰ পৰাও সহায় কৰে। এইধৰণৰ কাম কেনেকৈ নাইকীয়া কৰা যায়, সেইবিষয়ে আমাৰ কৰ্তৃপক্ষই আন্তৰিকভাৱে চিন্তা নকৰে। পৰীক্ষা পদ্ধতিক পৰিৱৰ্তন কৰা দৰকাৰ। ইংৰাজসকলে যি গাঁথনি তৈয়াৰ কৰি থৈ গ’ল সেই গাঁথনিয়েই চলি আছে। মেকলে চাহাবে ‘Indian in Blood , English in Taste’ – এনে লক্ষ্য লৈয়ে ভাৰতত ইংৰাজী শিক্ষাৰ আৰম্ভ কৰিছিল। সম্ভৱতঃ আমাৰ ল’ৰা-ছোৱালীৰ ৰুচিও এই ব্যৱস্থাত সলনি হৈ যায়। তাৰফলত ল’ৰা-ছোৱালীয়ে এতিয়া যিকোনো উপায়ে পৰীক্ষা বৈতৰণী পাৰ হ’বলৈ চেষ্টা কৰে। হয় মুখস্থ কৰে, নহয় সুবিধা পালে নকল কৰি বৈতৰণী পাৰ হয়। ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশ নহয়। মুলতঃ সততাও নষ্ট হৈ যায়। এনে শিক্ষা-ব্যৱস্থাত নৈতিক গুণ-সম্পন্ন সৎলোক ওলাব বুলি ধৰা টান। আনহাতে জীৱ-জগত সম্বন্ধে জ্ঞানো নেবাঢ়ে। অৱশ্যে , ব্যতিক্ৰম আছে নিশ্চয়। কিন্ত তেওঁলোকৰ সংখ্যা কম। আনহাতে, আমাৰ দেশত মানুহৰ  শ্ৰেণীও আছে। দুখীয়া শ্ৰেণীটোৰ  মাজত এতিয়া শিক্ষিত  মানুহৰ সংখ্যা কিছু বাঢ়িছে যদিও আশানুৰূপ ভাবে বঢ়া নাই। শিক্ষা-পদ্ধতিৰ লক্ষ্য হৈছে ধন ঘটা। অৰ্থলাভ যেতিয়া শিক্ষাৰ লক্ষ্য হয়, তেতিয়া জ্ঞানো নহয়, মানবীয় প্ৰমুল্যও হেৰাই যায়। আমাৰ দেশত সেয়ে হৈ আছে। অতদিনে শিক্ষালাভ কৰি আমি মানুহ মাৰিবলৈ বা আমাৰ মাজতে কন্দল কৰি জীৱনত অশান্তি আনিবলৈ শিকিছোঁ। আমাৰ কাম-কাজৰ আধাৰ হৈছে আবেগ , যুক্তি নহয়। প্ৰকৃত শিক্ষিত লোকে এনে নকৰে। মানুহে মানুহৰ  কল্যাণ সাধিবহে লাগে, নিঃশেষ কৰিব নেলাগে। স্বাৰ্থতকৈ মানুহ  ডাঙৰ। এই শিক্ষাৰ জৰিয়তে আমি ধনলোভী হৈ পৰিছোঁ। অতি সাম্প্ৰতিক কালত দেশত পঢ়া-শুনা কৰি জ্ঞান-অৰ্জাতকৈ আমি কেনেকৈ কোটিপতি হব পাৰোঁ, তাৰ চেষ্টাতহে উচ্চবিত্ত, মধ্যবিত্ত শ্ৰেণীৰ মানুহে কাল কটায়। কলা-বিজ্ঞান পঢ়াতকৈ এম.বি.এ পঢ়াতহে আজিকালি মানুহৰ মন। এম.বি.এ পাছ কৰিলে চাকৰি-বাকৰিত বহুত টকা পায়, সেইবাবেই ল’ৰা-ছোৱালীক অভিভাৱকসকলেও এম.বি.এ পঢ়িবলৈ  উদগায়। আমাৰ দেশো শাসন কৰে কৰ্পৰেট চেক্টৰে। বিশ্বায়নৰ কথা ক’লেও প্ৰকৃতাৰ্থত বিশ্বায়ন হোৱা নাই। একধৰণৰ শোষণৰ সুযোগ থকা ব্যৱস্থা এটাহে সৃষ্টি হৈছে। আমি যেতিয়া পঢ়িছিলোঁ বা পঢ়ুৱাইছিলোঁ, তেতিয়া পৰিৱেশ এনেকুৱা হোৱাগৈ নাছিল, এতিয়া আগতকৈও ভয়াবহ অৱস্থা এটাৰ উদ্ভৱ হৈছে। আমাৰ শিক্ষাই আমাক ক’লৈ লৈ যাব? বোধহয়, মানুহ, প্ৰকৃতিৰ পৰা প্ৰাচুৰ্য্য পৰিতৃপ্তিৰ মাজলৈ লৈ যাব। কিন্ত তাত সুখ নাই। প্ৰাচুৰ্য্যৰ তৃপ্তিত বস্তুৰ অপচয় হয়, আমাক  যিমান প্ৰয়োজন তাকহে আমি ল’ব লাগে। গান্ধীজীয়ে এই কথা কৈছিল। Goetheৰ এটা কথা ৰবীন্দ্ৰনাথে সদায় মনত  ৰাখিছিল। তেওঁ লিখিছে, গ্যেটেৰ কথা-ফাঁকি তেনেই পোনপটীয়া কিন্ত বৰ গভীৰ:
Thou must do without
Must do without
অতিভোগ নহয়, বাহিৰৰ সুখ-স্বাচ্ছন্দ্য বা বস্তু-বাহানিয়ে আমাক আমাৰ কৰি দিয়ে। বাহিৰৰ বস্তু যেতিয়া বিৰল হৈ পৰে, তেতিয়া আমি নিজক ভালকৈ পাওঁ। আজিৰ শিক্ষা-পদ্ধতিয়ে আমাক প্ৰাচুৰ্য্যৰ তৃপ্তি দিয়ে সচাঁ, কিন্ত তাৰপৰা আমি নিজৰ চৈতন্য আৰু বুদ্ধিমত্তা হেৰুৱাওঁ। এই ক্ষতি ডাঙৰ ক্ষতি; সেইবাবে অলপ সুখতে আমি সন্তুষ্ট থকা উচিত। গ্যেটেৰ কথাৰ মৰ্ম বোধকৰোঁ সেয়ে ৰবীন্দ্ৰনাথেও তাকেই কৈছে।
এইবোৰ কাৰণতে শিক্ষা-নীতি নিৰ্ধাৰকসকলে শিক্ষা বিষয়টো পুৰ্নবিবেচনা কৰা ভাল। নহ’লে, আমাৰ মানুহৰ চিন্তা, দৰ্শন, মনন শক্তিৰ কোনো উন্নতি আশা কৰিব নোৱাৰি। অৱশ্যে মই আগৰ কথাখিনিতে কৈ আহিছোঁ, ব্যতিক্ৰম আছে, আৰু সদায় থাকিব। কিন্ত কম-সংখ্যক মানুহে জাতিটোক গঢ় দিয়া টান।
ইংৰাজী শিক্ষাই অৱশ্যে আমাৰ উপকাৰো কৰিছে। বিশেষকৈ পাশ্চাত্য জগতৰ পৰা আমাৰ মানুহে অগ্ৰগতিত উমান পাইছিল। সাহিত্য-সংস্কৃতি, বিজ্ঞান আদিৰ ক্ষেত্ৰত যিবোৰ মানুহ ওলাইছিল সেইমানুহবোৰে নিজ নিজ ক্ষেত্ৰত অৱদান আগবঢ়াইছে। চি.ভি. ৰমণ , মেঘনাদ চাহা, জগদীশ বসু, ৰবীন্দ্ৰনাথ, লক্ষ্মীনাথ বেজবৰুৱা , আনন্দৰাম বৰুৱা, আনন্দৰাম ঢেকীয়াল ফুকন, কৃষ্ণকান্ত সন্দিকৈ, বাণীকান্ত কাকতি- এই স্মৰণীয় লোকসকলে পাশ্চাত্য সভ্যতাৰ পোহৰতে স্নান কৰি কাম কৰি গৈছে। কিন্ত এইসকল মনীষীৰ প্ৰাচুৰ্যৰ প্ৰতি মোহ আছিল বুলি আমি ক’ব নোৱাৰোঁ। এই সংকান্ত্ৰত জ্যোতিপ্ৰসাদৰ কথাও মনত পেলাব পাৰি। বিষ্ণুৰাভাৰো ত্যাগ স্মৰণীয়। এইসকলক বুজা মানুহে হয়তো পাহৰি নেযায়। জ্যোতি-বিষ্ণু উভয়েই আছিল ধনী, কিন্ত ধনৰ মোহ তেওঁলোকৰ নাছিল। পাশ্চাত্যৰ পোহৰে কম-সংখ্যক মানুহক বিজ্ঞ কৰিলে সঁচা, কিন্ত অধিক সংখ্যক মানুহৰে মানসিক, বৌদ্ধিক উন্নতি নহ’ল। এইবাবে শিক্ষা-ব্যৱস্থা আৰু পৰিবেশো দায়ী। ডিগ্ৰী লৈ চাকৰি-বাকৰি কৰাটোৱেই শিক্ষাৰ লক্ষ্য বুলি মানুহে হয়তো ভাবিছিল। পৰৰ্ৱতী কালত এই দৃষ্টিভংগীয়ে অন্য এক ৰূপ ল’লে আৰু  সি যেন বেছি অনিষ্টকাৰী হৈ পৰিল।
হেডমাষ্টৰ ঠাকুৰ ছাৰ গহীন মানুহ আছিল। স্বভাৱ সাধাৰণতে শান্ত কিন্ত ল’ৰাই যেতিয়া বেয়া কাম কৰে তেওঁৰ খং উঠে। খং উঠিলে ল’ৰাক দুছাটমান দিয়ে। কিন্ত মই শিক্ষক হোৱাৰ পাছত তেওঁ মোৰ আৰু সহকৰ্মীসকলক লৈ হাঁহি-ধেমালিও কৰিছিল। এদিন তেওঁৰ চ’ৰাঘৰত আমি কেইবাজনো শিক্ষক বহি আছিলোহঁক। তাতে এবাৰ  খেলিয়া বুলি এজন মাৰোৱাৰী ব্যৱসায়ীৰ কথা ওলাল। প্ৰসংগক্ৰমে ছাৰে ক’লে, “এ’ খেলিয়াৰ  কথা কি ক’বা? পৰহি খেলিয়া গাড়ীতে যোৰহাটলৈ বুলি ওলালোঁ। সি  গাড়ী চলাইছিল। তাৰ আসনৰ ওচৰতে  বহাৰ সুবিধা আছিল। তাতে  বহি গৈ আছোঁ। সি মাজে মাজে ছাৰ, ছাৰ বুলি কিবাকিবি কৈ যায়। এবাৰ সি তাৰ ল’ৰাটোৰ কথা ক’লে। ল’ৰাটো আমাৰ স্কুলতে পঢ়িছিল।  সি ক’বলৈ ধৰিলে, ল’ৰাটো আপোনাৰ স্কুলতে দিছোঁ। আপুনি চাব ছাৰ। সি এতিয়া অলপ সৰু হৈ আছে। লাহে লাহে ডাঙৰ হ’ব। সি এদিন মেট্ৰিক পাছ কৰিব ছাৰ। মেট্ৰিক পাছ কৰি সি যেতিয়া ওলাব,তেতিয়া যে মোৰ কিমান ভাল লাগিব বুলি কৈ ড্ৰাইভ কৰিবলৈ এৰি হাত-চাপৰি মাৰিবলৈ ধৰিলে। ম‍ই দেখিলো, ই গাড়ী চলাবলৈ এৰি দি দেখোন ল’ৰাৰ প্ৰশংসাত লাগিল। তেহে ম‍ই তাক ধমকি মাৰি ক’লো, ’তুমি এইদৰে হাত এৰি নিদিবা, ধৰা বেগেতে ধৰা। তেতিয়াহে সি হেণ্ডেলত আকৌ হাত থৈছে। নহ’লে বিপদেই হলহেঁতেন।” ছাৰে হাঁহি হাঁহি কৈছে আমিও নেহাঁহি নোৱাৰিলো। ছাৰে মাজে মাজে এনে হাঁহি উঠা ঘটনাৰ বৰ্ণনা দিয়ে তেখেতলৈ মোৰ মাজে মাজে মনত পৰে। মোৰ বয়সত তেখেতে অসুখত কষ্ট পালে। ম‍ই যোৰহাটৰ চৰলৈ গৈ চাই আহিছিলোঁ।
ম‍ই থাকোঁতেই, স্কুলখনৰ ঘৰ-দুৱাৰ পকা কৰা হৈছিল, কিন্তু মজিয়াবোৰ কেঁচা হৈয়ে আছিল। ওপৰত ফেনৰ ব্যৱস্থাও নাছিল। জেঠমহীয়া উত্‍কট গৰমত ল’ৰাবিলাক শ্ৰেণীত থাকিব নোৱাৰা অৱস্থা এটা হয়, তেতিয়া স্কুল ছুটী দিয়া হয়। অৱশ্যে, সেই ৰ’দত বাট কুৰি বাই যোৱাও টান। তথাপি স্কুল এটা সময়ত ছুটী দিয়া হয়। স্কুলৰ এই পৰ্য্যায়টো এটা সময়ত নাইকীয়া হ’ল। এতিয়া স্কুলখন উচ্চতৰ মাধ্যমিক স্কুল হ’ল। বোধকৰো আটাইবোৰ সুবিধাই এতিয়া পাইছে। লাইব্ৰেৰীটো ডাঙৰ কৰা হ’ল নে নহ’ল নাজানো। পুথিভৰাল এটা আৱশ্যকীয় বস্তু। কাকজান হাইস্কুলৰ কথা নেপাহৰোঁ, কিয়নো, তাতে পঢ়ি-শুনি, তাতেই প্ৰায় সোতৰ বছৰ শিক্ষকতা কৰি কাল কটাইছিলো, ছাত্ৰসকল আৰু শিক্ষকসকলৰ লগত মিলি-জুলি, সহায়-সহযোগ কৰি ম‍ই নিজে উপকৃত হৈছিলো।
শিক্ষকতা কৰি থাকোঁতে এবাৰ নেহৰুক বাটত ৰাখি সৰু ল’ৰা-ছোৱালীৰ হতুৱাই সম্বৰ্ধনা জনাইছিলো। সেইটো কোন চনৰ কথা এতিয়া পাহৰিছোঁ। তেতিয়া বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ ককায়েক নগেন্দ্ৰনাথ বৰুৱা অৱসৰ লৈ বকুলবনতে আহি আছিল। তেওঁ মোৰ তালৈ গৈ মোক ক’লে, “কাইলৈ নেহৰু যোৰহাটলৈ আহিব। তেওঁ শিৱসাগৰৰ পৰা আহিব। আমি যোৰহাটলৈ নেযাওঁ, তাত অজস্ৰ মানুহ হ’ব। আমি তেওঁ শিৱসাগৰৰ ফালৰ পৰা আহি থাকোঁতে কাকজান চৰকাৰী এম. ই স্কুলৰ সন্মুখত ৰাখি তেওঁক ল’ৰা-ছোৱালীৰ হতুৱাই মালা পিন্ধাই সম্বৰ্ধনা জনাব পাৰো। নেহৰুৱে ল’ৰা-ছোৱালীহঁতক ভাল পায়। কাইলৈ কিবা এটা কৰোঁ।” এই বয়োজেষ্ঠ মানুহজনৰ কথাষাৰ পেলাব নোৱাৰি ম‍ই এমুঠি খাই সোনকালে গৈ কাকজান পালোগৈ। তাতে ল’ৰা ছোৱালী অলপ গোটোৱা হ’ল। মৌজাদাৰ লক্ষ্মীনাৰায়ণ শৰ্মা তেতিয়া ঢেকিয়াখোৱাৰ পৰা আহি কাকজানতে ঘৰ লৈছিলহি। তেওঁৰ পুতেক সত্যব্ৰত শৰ্মা তেতিয়া সৰু, তেওঁকেই মালা পিন্ধোৱা দ্বায়িত্ব দিলো। আন কেইজনমান ল’ৰা-ছোৱালীও তাত গোট খালেহি। ম‍ই কাকজান চৰকাৰী মাইনৰ স্কুলৰ বোৰ্ডিঙত বহি এখন ’ফেষ্টুন’ ত ’জয়-হিন্দ’ শব্দ দুটা ডাঙৰ হৰফেৰে লিখি ৰাস্তাত আঁৰি দিলো। তেতিয়া নেহৰুৱে সুভাষ বসুৰ ’জয়-হিন্দ’ এই ধ্বনিটো শুনি ভাল পাইছিল। এইবোৰ গোটাই লৈ আমি কিছু মানুহ আৰু ল’ৰাছোৱালী নেহৰু অহালৈ বাট চাই ৰ’লো। সময়ত তেওঁৰ গাড়ী দেখিলোঁ। তেওঁ এখন কিতাপ পঢ়ি আছিল। হঠাত্‍ সন্মুখত মানুহ দেখি গাড়ী ৰখালে, আৰু মানুহজনে কিতাপখন জপাই জাপ মাৰি নামি আহিল। বেচ তজবজীয়া মানুহ। আহিয়েই ফেষ্টুনৰ তলত থৈ দিয়া প্লেটফৰ্মখনত উঠি মালা লৈ থকা সত্যব্ৰতক দাঙি ধৰিলে তেওঁৰ মূৰত মালাডাল দিলে। তাক থৈ তেওঁ হাতযোৰ কৰি গোটখোৱা ৰাইজক “ধন্যবাদ জ্ঞাপন কৰতা হুঁ” বুলি খৰখোজেৰে গাড়ীত উঠিল। আমিও বাধা নিদিলো। সময়- সচেতন মানুহ নেহৰু। যোৰহাটত অজস্ৰ মানুহ ৰৈ আছে বুলি ইতিমধ্যে জানিলো। নগেন দাদাক ধন্যবাদ দিলো, তেওঁৰ যহতে কাম ফেৰা হ’ল। তেতিয়া নেহৰুৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছিল অসীম। স্বাধীনতা লাভৰ সময়ত তেওঁ যি ভূমিকা ল’লে সেই ভূমিকা আমি ভাল পোৱা নাছিলো। মোৰ ধাৰণা আছিল দেশ বিভাজনৰ প্ৰস্তাৱনাত তেওঁ সন্মতি দি বৰ বেয়া কাম কৰিছিল। সম্ভৱ তাৰ পিছত মাউণ্টবেটেনৰ সন্মতি। গান্ধীৰ স্থিতি আছিল শুদ্ধ; কিন্তু তেওঁ উপেক্ষিত হৈ ৰ’ল। দেশ-বিভাজনৰ বাবেই অজস্ৰ মানুহৰ মৃত্যু হ’ল। সেই নৰমেধ যজ্ঞৰ ফল ভাল নহ’ল। ‘বুৰঞ্জীৰ হয় পুনৰাভিনয়’—সেই কথাষাৰ সঁচা যেন প্ৰতীয়মান হ’ল। আজিও সভ্যতাৰ বৰ্বৰ বাঁহী দেশে দেশে বাজি আছে। দিল্লীত প্ৰথম স্বাধীনতা দিবস উদযাপনলৈ গান্ধী নাহিল।
স্বাধীনতা দিৱস উদযাপন কাকজান-হাইস্কুলৰ আহল- বহল মুকলি চোতালতে পতাৰ দিহা কৰিছিলো। অজস্ৰ মানুহ গোট খাইছিল। সভাৰ সভাপতি আছিল বিপিন পাল দাস। তেতিয়া তেওঁ চফল ডেকা। তেওঁ উদাত্ত ভাষণ দিছিল। আমাৰ শিক্ষকসকলো আহিছিল। দিৱস উদযাপন কৰি আমি আশা কৰিছিলো, নতুন ভাৰতৰ নেতাসকলে দেশৰ কল্যাণৰ বাবে কাম কৰিব। সাধাৰণ মানুহেও সেই আশা কৰিছিল। কিন্তু ৰাইজৰ স্বপ্ন পূৰণ নহ’ল। ঘাঁহনিৰ পৰা নেতাসকল কাৰ্পেটলৈ উঠিল। এতিয়া F.D.I ৰ যুগত কি ৰূপ লয়গৈ সি এতিয়াও অনিশ্চিত। বিশ্বায়নে বিশ্ববোধ নানে। পৰিস্থিতিয়ে সেই কথাৰহে ইংগিত দিয়ে।
সাতচল্লিচৰ ১৫ আগষ্টৰ পৰা ১৯৬০ লৈকে কাকজান হাইস্কুলতে শিক্ষকতা কৰি কটালো। এই সময়ছোৱাত ঘৰখন চম্ভালি, স্কুল কৰি, চলি আছিলো। সংসাৰত সংখ্যাও বাঢ়িল। কম প‍ইচাৰে চলা বৰ টান হৈ পৰিল। আধিয়াৰসকলে ধান আগতে যেনেদৰে দিছিল, লাহে লাহে বছৰে বছৰে হোৱা বান-পানীত শস্য নষ্ট হোৱা বাবে সেইদৰে দিব নোৱাৰা হ’ল। ভাতমুঠি নহলে চলা বৰ টান। গাঁৱত কেইঘৰমান ধান থকা মানুহো আছিল। তেওঁবিলাকৰ পৰা ধানৰ বস্তা চাইকেলত কঢ়িয়াই খোজকাঢ়ি আহি ঘৰ পাওঁহি। এইবোৰ কৰিবলৈ প‍ইচা লাগে। মানুহে মোক ভাল পাইছিল বাবে টকা নোহোৱাকৈও ধান আনিব পাৰিছিলো। পিছত যেনে তেনে সংগ্ৰহ কৰি ধাৰ মাৰো। এইবোৰ সংকট আছিল। দেউতাৰ মৃত্যুৰ কথা আগত কৈ আহিছোঁ। শিক্ষকতাৰ ক্ষেত্ৰত হেডমাষ্টৰ ঠাকুৰ ছাৰে শিক্ষা-দান প্ৰসঙ্গত মোক একো কোৱা নাছিল। ম‍ই তাৰ পৰা বুজিছিলো, ছাৰে মোৰ শিক্ষা-দন প্ৰসংগত সন্তুষ্ট হৈছিল। বাকী বয়োজেষ্ঠ শিক্ষকসকলেও মোক এই বিষয়ত কিবা কোৱা মনত নপৰে। মোটামুটিভাৱে সুকলমেই ছাত্ৰৰ কল্যাণ হোৱাকৈ সোতৰ বছৰ কাম কৰি ১৯৬০ চনত ওলাই আহিলো। দুখীয়া ঘৰৰ ল’ৰাৰ মাজতো প্ৰতিভা থকা ল’ৰা আছিল, কিন্তু সৰহভাগৰে ঘৰত লেখা-পঢ়াৰ পৰিবেশ নথকাত পঢ়া-শুনাৰ ক্ষেত্ৰত সাহসেৰে আত্মবিশ্বাস লৈ আগবাঢ়িব নোৱাৰিছিল। তেনেবোৰ ল’ৰাক ম‍ই উদগনি দিছিলো। শ্ৰেণীত ব্লেকব’ৰ্ড ব্যৱহাৰ কৰি টান কথাবোৰ ফঁহিয়াই দেখুৱাইছিলো। সেই সময়ত স্কুললৈ ছাত্ৰী অহা নাছিল। কিছুদিন তাত এখন ছোৱালীৰ হাইস্কুল হৈছিল। সহশিক্ষা তেতিয়ালৈকে আৰম্ভ হোৱা নাছিল কাকজানত। কাকজানত আজি কিছু বছৰ আগতে এখন কলেজো হৈছে। ম‍ই গুৱাহাটীলৈ অহাৰ পিছত কাকজানৰ দুজন মুছলমান অধ্যাপকক কটনলৈ গ’লেই লগ পাইছিলো। তেখেতসকল নামকেইটা ম‍ই পাহৰিলো। তেখেতসকল গুৱাহাটীতেই থাকিল নে কাকজানলৈ আহিল সেই কথাও গম নেপালো। বিচাৰ-খোচাৰ কৰিলে তেখেতসকলৰ সন্ধান পোৱা যাব। এই অধ্যাপক দুজনে ম‍ই কাকজানৰ বুলি জানি মোক নাম ধৰিয়েই মাতিছিল। এটা আপোন ভাব কৰিছিল। আজান পীৰে তাহানি জিকিৰত কৈছিল, হিন্দু কি মুছলমান, একে আল্লাৰ ফৰমান। সেইজন মহান পুৰুষক ম‍ই অন্তৰেৰে শ্ৰদ্ধা কৰো। তেনেকৈ শংকৰদেৱৰো সেই বিখ্যাত উক্তি ’কুকুৰ-শৃগাল-গদৰ্ভৰো আত্মাৰাম’ পাহৰিব নোৱাৰোঁ। অসমত আগতে সেয়ে সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাছিল; কিন্তু পিছলৈ আৰম্ভ হৈছিল, যদিও, নেলী বাহিৰে আন ঠাইত বৰ বেছি ৰক্তপাত হৈছিল বুলি ক’ব নোৱাৰি। শংকৰদেৱ আৰু আজান পীৰে কোৱা সত্যক যেতিয়া অসত্যৰ আৱৰণে ঢাকি ধৰে তেতিয়াই অশান্তি হৈ আছে। সেইবাবে আবেগ এৰি আমি যুক্তিৰে কথাবোৰ ফঁহিয়াই চাব লাগে। হিংসাৰে সমস্যাৰ সমাধান নহয়। ইতিহাসত তাৰ উদাহৰণ কম।
(ক্ৰমশ….. )
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক