মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): ত্ৰয়োদশ খণ্ড

——– সাহিত্য.অৰ্গৰ ক’বলগীয়াখিনি ——-

ড° শিৱনাথ বৰ্মনে তেখেতৰ বিষয়ে এনেদৰে লিখিছে — “ তেওঁ যেন লগাতকৈয়ো বেছি সৰল, বেছি ভাল।” আধুনিক অসমীয়া সাহিত্যৰ কবিতা, সমালোচনা, নিবন্ধ আৰু অনুবাদৰ জগতখনৰ এক বিশাল অংশ আৱৰি ৰখা এই ঋষিতুল্য ব্যক্তিজনেই হ’ল সাহিত্যাচাৰ্য নলিনীধৰ ভট্টাচাৰ্য। সময়ৰ জোখাৰে ৯২টা বছৰ পাৰ কৰা শ্ৰী ভট্টাচাৰ্যদেৱৰ বিষয়ে আমি কিবা কবলৈ বা লিখিবলৈ যোৱা মানেই সেয়া হ’ব মাথোঁ ধৃষ্টতাৰ নামান্তৰ; কিন্ত তেখেতৰ ঘটনাবহুল আৰু বৰ্ণাঢ্য জীৱনটোৰ বিষয়ে আত্মজীৱনীৰ ৰূপত পঢ়িবলৈ পালে আমাৰ দৰে বহুলোকেই অলপ হলেও উপকৃত হ’ব আৰু সেই উদ্দেশ্যেই “ভাষা-সাহিত্য সন্মিলনী , অসমৰ” ফালৰ পৰা আমি তেখেতলৈ এই প্ৰস্তাৱটি আগবঢ়াইছিলো। ইণ্টাৰনেট জগতখনত অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আমি কৰা যৎসামান্য প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰি শ্ৰদ্ধাৰ ভট্টাচাৰ্যদেৱে একেষাৰতে আমাৰ মাহেকীয়া ই-আলোচনী www.xahitya.org ত তেখেতৰ আত্মজীৱনীখন ধাৰাবাহিকভাৱে লিখিবলৈ সন্মতি প্ৰদান কৰে। এয়া আমাৰ বাবে আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা আনসকলৰ বাবেও এক বৃহত প্ৰাপ্তি বুলি অনুভৱ কৰিছো। যদিও ভট্টাচাৰ্যদেৱৰ আত্মজীৱনীখন ধাৰাবাহিকভাবে অসমৰ এখন অধুনালুপ্ত সাপ্তাহিক কাকতত প্ৰকাশ পাইছিল, কিন্ত তেখেতৰ কৈশোৰৰ কথা বৰ্ণনা কৰা অৱস্থাতেই উক্ত কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে। ইণ্টাৰনেটত পোন-প্ৰথমবাৰৰ বাবে অসমৰ কোনো এজন স্বনামধন্য ব্যক্তিৰ আত্মজীৱনী ধাৰাবাহিকভাবে প্ৰকাশ হ’ব, অৰ্থাৎ শ্ৰদ্ধেয় ভট্টাচাৰ্যদেৱৰ পূৰ্ণাংগ আত্মজীৱনীখনে প্ৰথমে ছপা আখৰৰ ৰূপ নলৈ ডিজিটেল ৰূপহে ল’ব। এইয়া অসমীয়া সাহিত্য জগতৰ বাবে এক অভিলেখ।ধাৰাবাহিক আত্মজীৱনীখন প্ৰকাশৰ ক্ষেত্ৰত আমাক সৰ্বতোপ্ৰকাৰে সহযোগ আগবঢ়োৱা নলিনীধৰ ভট্টাচাৰ্যদেৱৰ পুত্ৰ ড° ৰাজীৱ ভট্টাচাৰ্য আৰু “সাতসৰীৰ” কাৰ্য্যবাহী সম্পাদক দিগন্ত ওজাৰ ওচৰত আমি চিৰ-কৃতজ্ঞ।আত্মজীৱনীখনৰ ইউনিক’ড ৰূপান্তৰ কাৰ্যত আমাৰ দেশে-বিদেশে বাস কৰা বহুকেইজন সদস্য জড়িত হৈ আছে। সেইসকল হৈছে – অনুপমা বৰগোহাঁই (নতুন দিল্লী), স্যামন্ত কুমাৰ গোস্বামী (দক্ষিণ কোৰিয়া), মঞ্জিল কোঁৱৰ (গুৱাহাটী), মনোজ মন কলিতা (টাইৱান) , ধ্ৰুৱজ্যোতি শৰ্ম্মা (গুৱাহাটী), তিৰুজ্যোতি বৰা দাস (আমেৰিকা), সুৰজিত নেওগ (গুৱাহাটী) আৰু আফটাৰ হুছেইন চৌধুৰী (চৌদি-আৰৱ)। প্ৰিয় পঢ়ুৱৈসকললৈ অনুৰোধ, ধাৰাবাহিক আত্মজীৱনীখন একাদিক্ৰমে পঢ়াৰ লগে লগে তেওঁলোকৰ বহুমূলীয়া মন্তব্যও যেন অসমীয়া বা ইংৰাজী ভাষাত ইয়াতে আগবঢ়ায় ।

বিনীত,
সাহিত্য.অৰ্গ

——————————————————————

(ত্ৰয়োদশ খণ্ড)

ঘৰুৱা জঞ্জালৰ মাজতো ম‍ই এম.এ (অসমীয়া সাহিত্য) দিবলৈ ঠিক কৰিলো। বীৰেনে প্ৰায়ে কৈ আছিল। পৰীক্ষা দিয়াৰ ইও এটি কাৰণ। বি.এ. দিলো ১৯৫৪ চনত। এম.এ পৰীক্ষা তাৰ পাঁচ বছৰৰ পিছত দিবলৈ ঠিক কৰিলো। কিন্তু এম.এ. পৰীক্ষাৰ প্ৰশ্নকাকত আছিল আঠখন আৰু কিতাপো পঢ়িব লাগে যথেষ্ঠ। ইংৰাজী সাহিত্যও আছে। পাঠ্যক্ৰমবোৰ এতিয়া পাহৰিছো। মোৰ সমস্যা হ’ল, কিতাপ-পত্ৰৰ অভাৱ, ক’ৰ পৰা সংগ্ৰহ কৰিব পৰা যাব ? শিক্ষক হিচাপে প্ৰাইভেটকৈ তেতিয়া পৰীক্ষা দিয়াৰ ব্যৱস্থা আছিল কাৰণেই পৰীক্ষা দিবলৈ ওলালো। কিতাপ দিওঁতাও ওলাল। বিশেষকৈ অধ্যাপক অজিত কুমাৰ শৰ্মা আৰু সেই সময়ৰ অসম সাহিত্য সভাৰ সম্পাদক প্ৰয়াত স্নেহাস্পদ হৰি প্ৰসাদ নেওগে মোক ভালেমান কিতাপ দি সহায় কৰিলে। তেখেতসকলৰ ওচৰত ম‍ই ঋণী হৈ ৰ’লো। লাহে লাহে প্ৰস্তুতি চলিল। পৰীক্ষা হৈছিল ১৯৫৯ চনত। সময় উলিয়াই কেইবামাহো ধৰি একেলেথাৰিয়ে কিতাপ-পত্ৰ পঢ়িলো আৰু অৱশেষত পৰীক্ষাত কৃতকাৰ্য হ’ব পাৰিম বুলি অনুভৱ কৰিলো। পুৱা-সন্ধ্যা পঢ়াৰ সময় নাই, স্কুলৰ পৰা আহি কেতিয়াবা কেচুৱা কান্ধত লৈ কিতাপ পঢ়িছিলো। দেওবাৰে বকুলবনৰ ওচৰৰ পাঠশালা এখনত গৈ পঢ়ো- অকলে। দেওবাৰটোতে পঢ়া কিছু হয়। ভয় আছিল, ৰিজাল্ট বা কি হয় ? উত্তীৰ্ণ হ’ব পাৰিম বুলি ভাব হৈছিল যদিও সন্দেহ আছিল। সন্দেহ হোৱাৰ কাৰণো আছিল। ম‍ই পঢ়াৰ সময়ত শিক্ষকতা কৰা মানুহ এজনেও অসমীয়াৰ এম. এ. দিম বুলি মোৰ লগত পঢ়িবলৈ মাজে মাজে আহি আছিল। তেওঁৰ আকৌ পৰীক্ষা দিয়াটো নিচা। ম‍ই বৰকৈ বাধা নিদিওঁ। তেওঁ পঢ়ে আৰু মাজে মাজে সোধে। কিবাকিবি লেখেও। ম‍ই অলপ আমনি পাইছিলো যদিও তেওঁক শেহলৈকে একো নকলোঁ। এই শিক্ষকজনৰ নামটো ম‍ই ইয়াত উল্লেখ নকৰিলো। আমাৰ গাঁৱৰ বিনন্দ বৰুৱা, (এওঁ এতিয়া লেখক), প্ৰফুল্ল অধ্যাপক আদিয়ে কিতাপ সংগ্ৰহ কৰাত মোক সহায় কৰিছিল। এইখিনিতে তেওঁলোকৰ শলাগ ল’লো। শলাগ লৈছো আনন্দ বৰুৱাৰ ভায়েক স্বৰ্গীয় বিপিন বৰুৱাৰ। ম‍ই যিখন পাঠশালাত অকলে পঢ়ি থাকো, তেওঁ ভাৰা ঘৰ কৰি স্কুলখনৰ ওচৰতে আছিল। ছাগলী পুহিছিল তেওঁ, সময় পালে মোক ছাগলী গাখীৰৰ চাহ খুৱাইছিল। এই মানুহজন গুণী আছিল। চিনেমা (ৰঙা পুলিচ) কৰিছিল আৰু বিভিন্ন নাটকত অভিনয় কৰিছিল। গুৱাহাটীলৈ যাবলৈ ওলাওঁতেও তেওঁ মোৰ লগ নেৰিলে। প্ৰথমতে গৈ দুয়ো সোমালো বীৰেণৰ চেনিকুঠিৰ ভাড়াঘৰত। নাট্যকাৰ আৰু জিলা পুঠিভঁৰালৰ পুঠিভঁৰালী প্ৰয়াত ৰাম গোস্বামীৰ ঘৰ বীৰেণে ভাড়া কৰি আছিল। তেতিয়া সি ৰামধেনুৰ সম্পাদক। সি পৰিয়াল লৈ থকা কাৰণে দুজন মানুহ থকা অলপ টান হ’ল। গিৰীণ, অনিলো তাত আছিল। তথাপি মোৰ লগৰীয়াজনকো সি ৰাতিটোৰ বাবে ঠাই দিলে। বন্ধুজনে পিছদিনা অন্য ঠাইলৈ যাম বুলি ক’লে। পিছদিনা কথা ৰাখি তেওঁ আন এঠাইত থাকিবলৈ গ’ল। ইয়াৰ পিছত পৰীক্ষা হলতে তেওঁক লগ পাইছিলো। যাবৰ সময়ত তেওঁ আৰু মোক দেখা নকৰিলে। পৰীক্ষা হলত তেওঁ যিদৰে নিৰীক্ষকক কাগজ খুজি লিখি আছিল, ম‍ই দেখি আচৰিত হ’লো। পিছত জানিলো, তেওঁৰ আখৰবোৰ অবিশ্বাস্যভাৱে ডাঙৰ। ইয়াৰ অৰ্থ হ’ল এখন কাগজত বেছি কথা নধৰে। নিৰীক্ষকসকলো কাগজ খোজা দেখি আচৰিত হৈছিল। তেওঁ অবিৰাম লিখিছিল। আন আন পৰীক্ষাৰ্থী সকলেও কথাটো মন কৰিছিল। যি কি নহওক, এদিন পৰীক্ষা শেষ হ’ল। কান্ধৰ পৰা এটা গধুৰ বোজা আঁতৰ হ’ল। পৰীক্ষা শেষ হ’লত ম‍ই দুই-এদিন থাকি ঘৰমুৱা হ’লোঁ। পৰীক্ষাও মোৰ বেয়া হোৱা নাছিল। এনে এক সন্তুষ্টি লৈয়ে আহি ঢেকীয়াখোৱা পালোঁহি। আৰম্ভ হ’ল পুনৰ স্কুলৰ কাম।
এনেকৈ চলি থাকি দিনবোৰ অতিবাহিত কৰিলোঁ। এবাৰ অম্বিকাগিৰীও গৈ গাঁৱত উপস্থিত হ’ল। মোমাইদেউ, স্বাধীনতা কৰ্মী পদ্মেশ্বৰ গোস্বামীয়ে তেওঁক বোধকৰোঁ যোৰহাটত লগ পাই গাঁৱে গাঁৱে ফুৰাইছিল। এতিয়া পাহৰিছোঁ, সম্ভৱতঃ নিজ চিন্তা-চৰ্চাৰ আভাস দিবলৈকে তেওঁ এনেদৰে ফুৰিছিল। মিটিঙখন এখন পাঠশালা স্কুলত হৈছিল। তেওঁক সভাত গোটখোৱা সকলে শ্ৰ্দ্ধা জনাইছিল। তেওঁ কি কৈছিল, মোৰ এতিয়া মনত নাই। তেতিয়া ডায়েৰী লিখাৰ অভ্যাসো নাছিল। গাঁৱৰ পৰিবেশত লেখা-পঢ়াৰ সময় বেছি পোৱা নাছিলো। গাঁৱৰ মানুহৰ সামাজিক কামতো যোগ দি উত্‍সাহ দিছিলো। মোক আটায়ে ’মাষ্টৰ’ বুলিয়েই মাতিছিল আৰু সুখে-দুখে মোৰ খবৰ লৈছিল। গাঁৱত থাকি মোৰ এটা ধাৰণা হৈছিল – এই মানুহবোৰৰ আৰ্থিক, সামাজিক, আৰু বৌদ্ধিক জীৱন উন্নত হোৱা হ’লে ইমান দিনে দেশ বহুত আগবাঢ়িলহেঁতেন। স্বাধীনতা লাভ কৰা আজি প্ৰায় ৬৫ বছৰ হ’ল। এতিয়াও বহুত মানুহে পোহৰ দেখা নাই। সাম্প্ৰদায়িকতাৰ পৰা সন্ত্ৰাসবাদলৈ, ভাষা আন্দোলনৰ পৰা বিদেশী খেদা আন্দোলনলৈ – কত ৰকমৰ ঘটনা ঘটি আহিছে, তাৰ মাজত নেলীত হোৱা কৰুণ ঘটনা আছে। আবেগ এই আন্দোলনবোৰৰ মূল কথা, যুক্তিৰে কাম কৰিলে অসমৰ সকলো ধৰণৰ মানুহৰ মাজৰ ঐক্য সম্ভৱ হ’ব। সাম্প্ৰতিক পৰিস্থিতিত জিঘাংসাৰ জুই জ্বলি আছে মাজে মাজে। মানুহে সত্য নো কি অসত্য নো কি তাক উপলব্ধি কৰিব নোৱাৰে। ৰাজনীতি সংস্কৃতিপুষ্ট নহ’লে দেশৰ মানুহৰ অৱনতি অৱশ্যাম্ভাৱী।
মৌ-সনা সোঁৱৰণি: শ্বিলংৰ কথা
লাহে লাহে পৰীক্ষাৰ খবৰ ওলাল। সঠিক সময়টো ম‍ই পাহৰিছিলোঁ। মোৰ খবৰ বৰ বেয়া নহ’ল। মোৰ লগৰ বন্ধুজনে পাছ কৰিলে যদিও তৃতীয় শ্ৰেণী পালে। সেইবাৰ প্ৰথম শ্ৰেণী কোনেও পোৱা নাছিল। ম‍ই দ্বিতীয় শ্ৰেণীৰ প্ৰথম হ’ল। আৰু কেইবাজনেও দ্বিতীয় শ্ৰেণী পাইছিল। খবৰটো ’অসম ট্ৰিবিউন’ কাকতত ওলাইছিল। শ্বিলঙৰ এন্থনীজ কলেজত এজন মাথোন অধ্যাপক আছিল, তেওঁ বীৰেন্দ্ৰনাথ তালুকদাৰ। তেতিয়া আধুনিক ভাষা হিচাপে অসমীয়া, বাংলা আদি ভাষাহে (এম আই এল) পঢ়ুওৱা হৈছিল। ১৯৬০ চনৰ পৰা অসমীয়া, বাংলা আদিক দ্বিতীয় ভাষা হিচাপেও পঢ়ুৱাৰ ব্যৱস্থা কৰা হ’ল। গতিকে মানুহ লগা হ’ল। অধ্যাপক বীৰেন্দ্ৰনাথ তালুকদাৰে আহি গুৱাহাটীত বীৰেণক লগ ধৰিলে আৰু মোৰ খবৰ লৈ এন্থনীজ কলেজৰ সিদ্ধান্ত সম্পৰ্কে বীৰেণক ক’লে। এজন শিক্ষকো বিচাৰিছে বুলি জনালে। ম‍ই যদি এন্থনীজলৈ অধ্যাপনা কৰিবলৈ আহোঁ, তেন্তে আটায়ে ভাল পাব বুলিও ক’লে। ম‍ই মান্তি হ’লো। কিন্তু কথা হ’ল, ঘৰখন কোনে চলাব ? তেতিয়া কামাখ্যা কিছু জনা-বুজা হৈছিল। তাৰ ওপৰতে ভৰসা কৰি, বৌটিৰ লগতো আলোচনা কৰি, ৰিমলীকো কৈ শেষত যাবলৈকে ঠিক কৰিলো। গুৱাহাটীৰ পৰা অনিলো মোৰ লগত শ্বিলঙলৈ যোৱা কথা ঠিক হ’ল। অধ্যক্ষক লগ ধৰি সেইদিনা আকৌ ঘূৰি অহাৰ মনোভাব লৈ আমি শ্বিলং পালোগৈ। কলেজখনলৈ গৈ অধ্যক্ষক লগ ধৰিলো। অধ্যক্ষৰ কোঠাতে অধ্যাপক বীৰেন্দ্ৰনাথ তালুকদাৰক লগ পালো। দুয়ো মোক সোনকালে আহিবলৈ ক’লে। অধ্যাপক বীৰেন্দ্ৰনাথ তালুকদাৰে ক’লে, “থকাৰ ব্যৱস্থাও আমি কৰি থৈছোঁ। প্ৰফেছৰৰ ল’জ কলেজৰ ওচৰতে। কেইবাজনো প্ৰফেছৰ তাত থাকে। আপুনি তাতে থাকিব পাৰিব। আপুনি মাত্ৰ প্ৰয়োজনীয় বস্তুখিনি লগত আনিব।” ম‌ই তেওঁলোকৰ কথা-বতৰা ভাল পালো। সোনকালে আহিম বুলি কথা দিলোঁ।
গুৱাহাটীৰ পৰা পিছদিনাই ঢেকীয়াখোৱালৈ গুচি গ’লোঁ। স্কুলখনৰ শিক্ষক, ছাত্ৰসকল আৰু অন্যান্য বিলাকৰ পৰা বিদায় ল’বলৈকে যাব লগা হ’ল। গৈ পোৱা পিছদিনা হেডমাষ্টৰকে ধৰি সকলোকে আদ্যোপান্ত জনালো। তেওঁলোকে মনে মনে বেয়া পাইছিল যদিও মুখেৰে একো কোৱা নাছিল। পিছদিনা সভা এখন আহ্বান কৰা হ’ল। সেই সময়ত মোৰ লগত একেলগে কাম কৰা সোণাৰাম চুতীয়া সেইখন স্কুলত আছিল নে নাই সেইটো পাহৰিছোঁ। কাকজান হাইস্কুলৰ ওচৰতে তেওঁৰ ঘৰ। তেওঁ ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধেই থিয় দিছিল। লাহে লাহে কাকজান হাইস্কুল উচ্চতৰ মাধ্যামিক স্কুললৈ উন্নীত হৈছিল। সেইসময়ত ঘৰ-দুৱাৰ নকৈ সজা হৈছিল। নতুন ঘৰৰ উদ্বোধনী উত্‍সৱলৈ চুতীয়াক নিমন্ত্ৰণ কৰিছিল। সেইবাৰ ময়ো গৈছিলো কাকজানলৈ। তেতিয়া তেওঁৰ লগত মোৰ সাক্ষাত্‍ হৈছিল। আমাৰ সমাজত থকা ধৰ্মীয় সংকীৰ্ণতা আমি এৰিবৰ হ’ল, নহ’লে ঐক্যৰ এনাজৰী সম্ভৱ হৈ নুঠিব। মোৰ বিদায়-সভাত সকলো শিক্ষকেই গোট খাইছিল, ছাৰ সকলো আহিছিল। বিদায়ৰ মুহূৰ্তবোৰ সাধাৰণতে কৰুণ হৈ উঠে। সকলোৱেই এই স্কুল এৰি যোৱাটো নিবিচাৰিছিল , মোৰো মন নাছিল। কাকজান চৰকাৰী সাহায্য-প্ৰাপ্ত হাইস্কুলখনত এটা ঘৰুৱা পৰিৱেশ আছিল। সেইবাবে ম‍ই স্কুলখন এৰি যাবলৈ বেয়াও পাইছিলো, তথাপি আপোন মানুহ আৰু বন্ধু-বান্ধৱে শ্বিলঙলৈ যোৱাত বেছি গুৰুত্ব দিয়াত ম‍ই তেওঁবিলাকৰ পৰামৰ্শও উপেক্ষা কৰিব নোৱাৰিলো। অৱশ্যে, ঘৰখন আৰু স্কুল দুয়োটা এৰি যাব লগা হোৱাত মনত এটা দ্বন্দ্ব হৈছিল। মোৰ এই মানসিক দ্বন্দ্বৰ কথা সেইদিনাৰ সভাত উল্লেখ কৰিছিলো। হেডমাষ্টৰ ঠাকুৰ ছাৰকে ধৰি মোৰ কেইজনমান শিক্ষা-গুৰুও আছিল। সেইসকলক আৰু অন্যান্য সকলকো মোৰ শ্ৰদ্ধা জনালো। ছাত্ৰসকললৈ মোৰ স্নেহ যাচিলো আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক – এই আশা কৰিলো। মোৰ অনুভৱ হ’ল, সভাখনত শিক্ষক আৰু ছাত্ৰ সকলোৰে দৃষ্টি যেন সকৰুণ। বিদায় মুহূৰ্তৰ কৰুণ পৰিবেশৰ কথা মনত পৰিলে এই বৃদ্ধাৱস্থাতো মোৰ চকু চলচলীয়া হয়। এতিয়া চাগৈ কাকজান উচ্চতৰ মাধ্যমিক স্কুলত নতুন প্ৰজন্ম‍ই পঢ়ুৱাইছে আৰু সেই প্ৰজন্মৰে ল’ৰা-ছোৱালীয়ে পঢ়িছে। তেওঁলোকৰ স্মৃতিৰ মণিকোঠাত আমি নাই। এয়ে জাগতিক নিয়ম।
সি যি কি নহওক, মই সকলোৰে পৰা বিদায় লৈ ঘৰমুৱা হ’লোঁ। দুই-এদিনতে শ্বিলংলৈ বুলি ৰাওনা হ’ম। কাকজান এৰি শ্বিলঙত হয়তো কিছুদিন থাকিম, কিন্তু তাৰ পিছত? এনেবোৰ চিন্তাই মনলৈ আহিছিল।
বৌটি, বিমলী, কামাখ্যাহঁতে মোৰ যোৱাত আপত্তি কৰা নাই, এতিয়াও নকৰে বুলি জানো। কিন্তু তেওঁবিলাকৰ বাবে মই পা-পইচা পঠিয়াব লাগিব; তাতে মোৰ ল’ৰা-ছোৱালীবোৰো আছে। শ্বিলঙলৈ অহাৰ আগতে ল’ৰা দুটা (শৈলেন, গৌৰী) আৰু ছোৱালী দুজনীৰে (মিনু আৰু বিনু) মোৰ নিজৰ সংসাৰ ইতিমধ্যে বহল হ’ল। বাকীবোৰ আছেই। শৈলেন তেতিয়া কাকজান হাইস্কুলত পঢ়িব পৰা হ’ল। বাকীবিলাক ওচৰৰ পাঠশালাতে পঢ়িছিল। সকলোকে সুস্থভাৱে জীয়াই ৰখাৰ দায়িত্বও মোৰ ওপৰতে। ল’ৰা-ছোৱালীৰ শিক্ষাৰ কথাও আছে। সাতে-সোতৰই মোৰ চিন্তা বাঢ়িল। তেতিয়া অধ্যাপকৰ দৰমহাও বেছি নাছিল, যিখিনি পাম তাৰে ঢেকীয়াখোৱাৰ সংসাৰখন চলাবৰ জোখাৰে মই মাহে মাহে টকা পঠিয়াব লাগিব। এইবোৰ ভাবি-চিন্তি, কিবা এটা হ’ব বুলি ধৰি, এদিন অলপ টালি-টোপোলা লৈ যোৰহাটলৈ গৈ তাৰ পৰা গুৱাহাটীলৈ বাছ ধৰিলো। সেইদিনা বীৰেনৰ তাতে থাকি পিছদিনা পুৱাই শ্বিলঙৰ বাছ ধৰিলোঁ। আগবেলাই ‘প্ৰফেছৰচ লজ’ বিচাৰি ল’লো। তাত তিনিওজন অধ্যাপকৰে সতে চিনাকিও হ’লো। তাৰে ঈশ্বৰ চক্ৰৱৰ্তী গুৱাহাটীৰে। তেওঁ গণিতৰ অধ্যাপক। নয়নানন্দ বৰঠাকুৰ বোধকৰো ডিব্ৰুগড়ৰ ফালৰ, তেওঁ পদাৰ্থ বিজ্ঞানৰ অধ্যাপনা কৰিছিল। পিছত এই দুয়োজন কানাডালৈ গ’লগৈ। অৱশ্যে মই থকালৈকে তেওঁলোক বোধকৰো আছিল। আনজন গুৱাহাটীৰে, নামটো পাহৰিছোঁ। তেৱোঁ বোধকৰো পদাৰ্থ বিজ্ঞানৰ অধ্যাপনা কৰিছিল। কলেজৰ ভাইচ প্ৰিন্সিপালক গৈ দেখা কৰি মই যে নকৈ অসমীয়া বিভাগত নিয়ুক্তি পাইছোঁ সেই কথা তেওঁক জনালো, তেওঁ ইটালিয়ান মানুহ, ফাদাৰ কেণী। তেওঁ ক’লে, মই কথাটো জানো। প্ৰফেছাৰচ লজত ৰুম এটা আপোনাক দিয়া হৈছে। মানুহ গৈ আপোনাক দেখুৱাই দিব। তেওঁ সুন্দৰ ইংৰাজীত কথা কয়। প্ৰিন্সিপেল ফাদাৰ জোচেফ, তেওঁ বোধকৰোঁ কেৰালাৰ মানুহ, কথাপাতি দুয়োজনকে ভাল পাইছিলোঁ।
এনেদৰে আৰম্ভ হ’ল শ্বিলঙৰ জীৱন। প্ৰকৃতিৰ সৌন্দৰ্যই তাত আমাক মুগ্ধ কৰে সঁচা, কিন্তু মানুহৰ চাল-চলনত প্ৰতিভাৰ পোহৰ কম। এটা বৌদ্ধিক জীৱনৰ সাধনা নগৰখনত নাই বুলিলেই হয়। পাইন গছ, জলপ্ৰপাত, নিস্তব্ধ পাহাৰ, হঠাৎ অহা এজাক বৰষুণ, নৱেম্বৰৰ সোণালী ৰ’দ, এইবোৰত তৃপ্তি আছে, জানোঁ, কিন্তু মানুহে মানুহক সুন্দৰ কৰাৰ কথা যদি নেভাবে, তেন্তে আমি যাক মাটিৰ পৃথিৱী বোলো, তাৰ ৰং ৰূপ ৰস কংক্ৰীটৰ মাজত হেৰাই যাব। কংক্ৰীটৰ পৃথিৱী কৃত্ৰিম, তাত প্ৰাণ আৰু বুদ্ধিমত্তাৰ শৃংখলাৰ স্পৰ্শ দিব নোৱাৰিলে সি মানুহৰ অন্তৰত বিশ্ববোধৰ ৰাগিনী তুলিব নোৱাৰে। অফিচৰ গতানুগতিকতা, ধৰ্মীয় আনুষ্ঠানিকতাৰ মাজত বিশ্ববোধ হেৰাই যায়। অৱশ্যে, একো নাই বুলিবও নোৱাৰি। তাৰ অসমীয়া মানুহে সাহিত্য চৰ্চা কৰা দেখিছোঁ। তাত দুটা সাহিত্যানুষ্ঠান আছিল। সাহিত্যানুষ্ঠান মানে আলোচনা চক্ৰ। এটাৰ নাম সাহিত্য কানন আৰু আনটো হ’ল মুকুল সংঘ। মই যোগ দিছিলো বেছিকৈ সাহিত্য কাননত। তালৈ আহিছিল ৰাজেন হাজৰিকা, পুলিন বৰঠাকুৰ, কমল নাৰায়ণ চৌধুৰী, যুগল দাস, লোকনাথ ভৰালী, হৰি বৰকাকতি, ড° মোহিনী কুমাৰ শইকীয়া, বীৰেণ তালুকদাৰ আদি। মুকুল সংঘৰ আলোচনাবোৰলৈ মই বৰকৈ নগৈছিলো। মাজে মাজে পাক এটা মৰা মনত আছে। প্ৰতি দেওবাৰে এই আলোচনা চক্ৰ বহে। আন বাৰত বহিবলৈ মানুহৰ সময় নাথাকে। বাকীবোৰ বাৰত অফিচ থাকে। আলোচনাচক্ৰ বহে মানুহৰ ঘৰত। বহুতে কবিতা আৰু প্ৰবন্ধ পাঠ কৰে। কোনোৱে এটা বিষয়বস্তু লৈ বক্তৃতাও দিয়ে। মুঠতে, অলপ আলোচনা হয় আৰু শেহত ঘৰাঘৰি যায়। এনেবোৰ আলোচনাত কিছু চৰ্চা হয়। সেইটো অস্বীকাৰ কৰিব নোৱাৰি। অৱশ্যে এনেবোৰ আলোচনাই আমাৰ বৌদ্ধিক আৰু সাংস্কৃতিক জীৱনত গভীৰ সাঁচ বহুৱাব হয়তো নোৱাৰে।
অধ্যাপকসকলে কলেজৰ লাইব্ৰেৰীত পঢ়ি বেছ উপকৃত হয় বুলি মোৰ বিশ্বাস। সাহিত্য কানন পিছত গুৱাহাটীলৈ আহিল, মুকুল সংঘ শ্বিলঙতে থাকিল। সি যি কি নহওক, আলোচনা চক্ৰবোৰত লগ পোৱা মানুহখিনিক মই পাহৰি যোৱা নাই। তেওঁলোকৰ উজ্জল উপস্থিতি মোৰ মনৰ কুঠৰীত আজিও অনুভৱ কৰোঁ। ড° মোহিনী শইকীয়াৰ (এওঁ শংকৰদেৱ কলেজত অধ্যাপনা কৰিছিল) লগত মই মাল্কিত এটা কাঠৰ চাংবঙলাত একেলগে আছিলোঁ। তেওঁ পৰিয়াল লৈ আছিল। ময়ো বিমলীক কেইদিনমানৰ কাৰণে আনিছিলো। শইকীয়া আৰু মোৰ চ’ৰাঘৰ একেটাই আছিল। তাত তেওঁৰ অতিথিও বহে, মোকো লগ পাবলৈ যি যায় তেৱোঁ তাতেই বহে। তেওঁৰ লগত থাকি ভাল লাগিছিল। পিছত তেওঁক লগ পাইছিলোঁ গোলাঘাটত। জ্ঞানপীঠ বঁটা পাই গোলাঘাটলৈ যাওঁতে বীৰেণৰ সম্বৰ্ধনা সভা হৈছিল। তাৰ গুৰি ধৰিছিল মোহিনী শইকীয়াই। মানুহজনে অসমৰ খিলঞ্জীয়া মুছলমানৰ ইতিহাস সম্পৰ্কে গৱেষণা কৰি ডক্টৰেট লৈছিল। তেওঁলৈ, তেওঁৰ পৰিয়াললৈ মোৰ আজিও মনত পৰে। বিমলীয়েও তেওঁলোকক ভাল পাইছিল।
এন্থনীজত কাম কৰোঁতে, ৰাতিৰ ক্লাছ চলিছিল। তাৰ মাজতে সুৰুঙা উলিয়াই লেডী কীনতো বাছেৰে গৈ ক্লাছ কৰি আহিছিলো। অৱশ্যে বৰ বেছিদিন কৰা নাই। তাৰ প্ৰিন্সিপেল আছিল উষা ভট্টাচাৰ্য। তাহানিৰ কবি সাহিত্যিক কমলাকান্ত ভট্টাচাৰ্যৰ জীয়েক। তেওঁক লগ পাই ভাল লাগিছিল। আহোঁতে মাল্কি বজাৰেদি আহোঁ। কং মোলৈ ৰৈ থাকে। তাই মাছ এটা সদায় দিয়ে। পইচা থাকিলে দি আহোঁ, নেথাকিলে পিছত দিওঁ।
ভাইচ প্ৰিন্সিপেল ফাদাৰ কেনীৰ কথা এটা কওঁ। এদিন ক্লাছ লৈ আছিলোঁ। ক্লাছত যথেষ্ট ছাত্ৰ আছিল। সেইবাবে মই মাতটো অলপ ডাঙৰ কৰিব লগা হ’ল। পি. ইউৰ ক্লাছ। ঘণ্টা পৰাৰ পিছত মই ওলাই আহিলোঁ। কেনী দুৱাৰৰ আঁৰতে ৰৈ আছিল বোধকৰো। মই কমন ৰূমৰ পিনে মূৰ কৰি আগুৱাইছো-এনেতে কেনী আহি মোৰ কান্ধত হাত থৈ কাণে কাণে এষাৰ কথা ক’লে-Please moderate your voice. কৈ তেওঁ আৰু নৰ’ল। পিছত জানিলো, মোৰ মাত শুনি কাষৰ ৰূমৰ শিক্ষকজনে আমনি পাইছিল। শব্দ যাব নোৱাৰাকৈ ৰূমটো সজাই থোৱা নাছিল চাগৈ। সেইবাবে মোৰ মাত সিটো ৰূমলৈকে গৈছিল। কিন্তু কেনীয়ে মোক যি ভংগীত ক’লে, সেইটো মোৰ ভাল লাগিল। পিছত তেওঁক মই লগ ধৰি এইবুলি ক’লো যে এই ক্ষেত্ৰত মই আগলৈ সতৰ্ক হম।
কমন ৰূমত অধ্যাপকসকলে কেতিয়াবা হাঁহি উঠা কথা কয়, কেতিয়াবা আকৌ কবিতা আবৃত্তি কৰে। কেণ্টিনত থকা সময়ত মেঘালয়ৰ (তেতিয়াও হোৱা নাই) আঁচনি কাৰ্যত পৰিণত কিদৰে কৰিব পাৰি তাৰে আলোচনা কৰে। সেইবোৰত GG Sweli কে মুখ্য কৰি কেবাজনো অধ্যাপক থাকে। নামবোৰ এতিয়া মনত নাই। আমি চাহ খাই সোনকালে ওলাই আহোঁ। এতিয়া কমন ৰূমৰ কথা কওঁ। প্ৰথমতে পূৰ্ণ মজুমদাৰৰ কথা উল্লেখ কৰিব পাৰি। তেওঁ কেতিয়াবা জীৱনানন্দৰ বনলতা সেনৰ আবৃত্তি কৰে। তেওঁৰ আবৃত্তি বৰ সুন্দৰ। শুনিলে শুনি থাকিবৰ মন যায়। আবৃত্তিত নাটোৰেব’ বনলতা সেন মূৰ্ত হৈ উঠে। কালি মুখাৰ্জিয়ে প্ৰফেচৰ কাইনৰ লগত চুপতি মাৰে এনেকৈ
“Oh, Professor Kine,
You are very fine
For you
Your wife does pine”
Kine এ মিচিকি মাচাক হাঁহি থাকে। মুখাৰ্জিয়ে তেওঁৰ কবিতা আকৌ এবাৰ গাই দিয়ে। কাইন বৰ সহজ সৰল মানুহ। তেওঁৰ খং উঠা দেখা নাই। খাচী ভাষাৰ অধ্যাপক কাইনে মুখাৰ্জিৰ হাঁহি কটাক্ষ উপভোগ কৰে। প্ৰফেছৰ লজত থকা অধ্যাপক সকলো বিদ্যা -বুদ্ধিত, অন্ততঃ নিজ নিজ বিষয়ত গভীৰ জ্ঞান আছিল। মানুহ হিচাপেও তেওঁলোক সংবেদনশীল আছিল। এবাৰ মই জ্বৰত ভুগিছিলো। সেই সময়ত মোৰ আশু আৰোগ্যৰ বাবে তেওঁলোকে চিন্তা কৰিছিল আৰু প্ৰয়োজনীয় সহায় কৰিছিল। ডাক্তৰ মতাৰ পৰা কলেজত খবৰ দিয়ালৈকে সকলো কামৰ ভাৰ তেওঁলোকেই লৈছিল। তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ হৈ ৰ’লো।
এন্থনীজ কলেজত মই ১৯৬৩ ৰ অক্টোবৰ মাহলৈকে আছিলো। অৱশ্যে এইটো তাৰিখ সম্পূৰ্ণভাৱে শুদ্ধ হয়নে নহয় সেই বিষয়ে মোৰ সন্দেহ আছে। আজিকালি সম্ভৱতঃ বয়সৰ বাবেই কথাবোৰ পাহৰোঁ। কিন্তু এই সময়টো সঠিক নহলেও তাৰ ওচৰে পাঁজৰেই হব বুলি মোৰ একান্ত বিশ্বাস। সি যি নহওঁক, মই ৬২ চনৰ অক্টোবৰ নৱেম্বৰত শ্বিলঙতে আছিলো। সকলোৱে জানে, সেই সময়ত চীন দেশে আমাৰ দেশ আক্ৰমণ কৰিছিল। আক্ৰমণ হঠাৎ হৈছিল। ভাৰত অপ্ৰস্তুত। চীনা সৈন্য বোধহয় ব’মডিলালৈকে আহিছিল। তেজপুৰত হুলস্থুল লাগিল।তাৰ পৰা মানুহ আঁতৰি গৈছিল, আনকি প্ৰশাসনৰ মানুহো বিফল(?) হৈ নিৰাপদ ঠাইলৈ গৈছিল। এইবোৰ উৰাবাতৰি আহি যেতিয়া শ্বিলং পালেহি, আমাৰ মনতো শংকা ওপজিল। ছাত্ৰসকলেও ক্লাছলৈ আহিবলৈ এৰিলে। আমিও কলেজৰ বাহিৰলৈ ওলাই আহি আন আন অধ্যাপকসকলৰ লগত কথা বতৰা পাতিছিলো- এতিয়া কি হ’ব? কলেজৰ নিচেই ওচৰতে বাংলা ভাষাৰ মূৰব্বী অধ্যাপক গোপাল বাবুৰ এখন দোকান আছিল। স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ লগা বস্তুৱেই তাত বেছি আছিল। কেতিয়াবা মই তাতে বহোঁগৈ। গুৱাহাটীলৈ গ’লে তাৰ পৰাই কিবা বস্তু লৈ যাওঁ। সেইদিনাওঁ আমি কেইবাজনো তাতে বহি কথা পাতিছিলো আৰু কিনো হয় তাৰ আলেখ-লেখ চাই থাকো। চীনে আমাৰ ভালেখিনি সৈন্যক মাৰি যিমান দূৰ মনত পৰে চীনা সৈন্য বমডিলাৰ পৰাই আঁতৰি গ’ল আৰু যুদ্ধ-বিৰতিও ঘোষণা কৰিলে। নেহৰুৱে আমেৰিকাৰ সহায় বিচাৰিছিল। যুদ্ধ-বিৰতিৰ সিও এটা কাৰণ হব পাৰে। ভূপেন হাজৰিকাই গালে “কত জোৱানৰ মৃত্যু হ’ল। দিল্লীত লতা মঙ্গেশকাৰে গীত গালে; নেহেৰুৱে শুনি চকুলো টুকিলে। ক’লে –“বেটী, তই মোক কন্দুৱালি।” গানটো আৰম্ভ হৈছিল এনেকৈ:
এ মেৰে ৱতন কে ল’গ’
জাৰা আঁখ মে ভৰ ল’ পানী
যো শ্বহীদ হোৱে হে উনকি
যাৰা য়াদ কৰো কুৰবানী……
শ্বিলঙত মানুহ শান্তিৰে থাকিল। তাত তেজপুৰৰ দৰে পৰিস্থিতি হোৱা নাছিল। লতা মঙ্গেশকাৰৰ গীতৰ দৰে হাজৰিকাৰ গীতটোৰ কৰুণ ধ্বনি ব্যঞ্জনাই যিকোনো সংবেদশীল অন্তৰ চুই যাব পাৰে।
বাষষ্ঠি চন শ্বিলঙতে কটালো। এন্থনীজ কলেজৰ ওচৰতে এটা গীৰ্জা আছিল। কেতিয়াবা গীৰ্জাৰ মাছ প্ৰেয়াৰ (mass pyayer)ত যোগ দিছিলো। গীৰ্জাৰ মানুহৰ আদৰ-সাদৰ ভাল লাগিছিল। আমাৰ দৰে বৰ্ণবাদ তাত নাই। তাৰ প্ৰাৰ্থনাৰ জুতি লৈ ভাল লাগিছিল। বীডন ফলটো গৈ চাই আহিছিলো। এই প্ৰাকৃতিক দৃশ্যই শ্বিলঙৰ জেউতি চৰাইছে। খাচী সাহিত্যৰ চৰ্চা কৰিম বুলি ভাৱিছিলো যদিও তাৰ চৰ্চা কৰিবলৈ সুযোগ নহ’ল। তেতিয়া অসম চৰকাৰ তাত আছিল। মই তাৰ পৰা অহাৰ কিছুবছৰ পাছতহে ৰাজধানী গুৱাহাটীলৈ উঠাই অনা হৈছিল। তেতিয়া মুখ্যমন্ত্ৰী বোধকৰো প্ৰয়াত শৰৎসিংহ আছিল। সম্ভৱতঃ অসম চৰকাৰৰ দীৰ্ঘ উপস্থিতিয়েই মেঘালয় গঠনৰ দীৰ্ঘ আন্দোলন কৰিবলৈ খাচীসকলক উদ্গনি দিছিল। এই আন্দোলনৰ নেতৃত্ব দিছিল অধ্যাপকসকলেই। অৱশেষত ভাৰত চৰকাৰেও এই দাবী মানি লৈছিল। খাচীসকলৰ মধ্যবিত্ত শ্ৰেণীটোৱে আন্দোলনৰ গুৰি ধৰি কাম কৰিছিল। অৱশ্যে, তাৰ পৰা খাচী জনসাধাৰণৰ উপকাৰ হৈছিল বুলিব নোৱাৰি। জনজাতিসকল যে আমাৰ পৰা আঁতৰি গ’ল, তাৰ বাবে আমাৰ মধ্যবিত্তসকল কিছুপৰিমাণে দায়ী বুলি ক’ব লাগিব। আমি তেওঁবিলাকক অৱহেলা কৰিছিলো। জনজাতিসকলেও এতিয়া আত্মবিশ্লেষণ কৰিহে এটা সঠিক যুক্তিপূৰ্ণ সিদ্ধান্তলৈ অহা ভাল বুলি মই ভাবো। মানুহ কেৱল আৱেগত চলিব নোৱাৰে, সকলো কথাতে যুক্তিসন্মতভাৱে কাম কৰিলে দেশত শান্তি হ’ব। সকলো ধৰণৰ উন্নয়ণৰ বাবে শান্তিময় পৰিস্থিতি এটা বৰ প্ৰয়োজন। প্ৰশাসকসকলেও জনজাতিসকলৰ জীৱন পৰিক্ৰমা উন্নত আৰু বিকশিত কৰাত যৎপৰোনাস্তি সহায় কৰাটো দেশৰ কাৰণে মংগলজনক। মই বৰ্তমান অসমৰ জাতি-জনজাতিৰ সম্পৰ্ক সমন্ধেহে কথাটো উনুকিয়াইছোঁ।
শ্বিলঙত থাকোঁতে, মই বৰিছ পেষ্টাৰনেকৰ ডাঃ ঝিভাগোখন অনুবাদ কৰিছিলো। তেতিয়া ছোৱা-ছোৱাকৈ ৰামধেনুত ওলাইছিল। মূলতঃ বীৰেনেই কিতাপখন অনুবাদ কৰাৰ কথা উলিয়াইছিল। তাৰ কথামতেই ডাঃ ঝিভাগোৰ অনুবাদ আৰম্ভ কৰিছিলো। ৰামধেনু বন্ধ হোৱাৰ পিছৰ পৰা কিছুদিন অনুবাদ বন্ধই থাকিল, অৱশ্যে গুৱাহাটীলৈ অহাৰ পিছত লাহে লাহে আকৌ কামত ধৰিছিলো। প্ৰকাশন পৰিষদৰ ভুৱন কলিতাই মোক সোনকালে সম্পূৰ্ণ কৰিবলৈ কোৱাত মই আৰম্ভ কৰিলো। তেতিয়া প্ৰায় পাঁচোটামান অধ্যায় বাকী আছিল। সেইকেইটা শেষ কৰি কলিতাক গতালো। তেওঁৰ অনুৰোধত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰুচভাষাৰ অধ্যাপক শ্ৰীযুত কন্দৰ্প দাস আৰু অসমীয়া বিভাগৰ অধ্যাপিকা লীলাৱতী শইকীয়া বৰাই চাই-চিতি দিছিল। ভুৱনৰ তত্বাৱধানত প্ৰকাশন পৰিষদেই কিতাপখন প্ৰকাশ কৰিলে। ভুৱন আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক দাস আৰু অধ্যাপিকা শইকীয়া বৰা এই দুয়োগৰাকীৰ ঋণী হৈ থাকিলো।
ডাঃ ঝিভাগোৰ অনুবাদ বোধকৰো বেয়া হোৱা নাছিল। অৱশ্যে কবি নীলমণি ফুকনে কৈছিল, কবিতাখিনিৰ ভাষা কিছু সংস্কৃতগন্ধী হ’ল। কথাষাৰ মিছা নহয়। কবিতাৰ ভাষা ঘৰুৱা আৰু অৰ্থবহ হ’লে অধিক মৰ্মস্পৰ্শী হয়। গদ্যৰো ভাষা অতিশয় সংস্কৃতগন্ধী হ’ব নেলাগে।
কলেজৰ পৰা মাল্কিৰ ঘৰলৈ যেতিয়া যাওঁ, তেতিয়া প্ৰায়ে মোৰ লগ লয়হি এজন বাঙালী অধ্যাপকে। নামটো মনত পেলাব পৰা নাই। তেওঁৱো মাল্কিতে থাকে। মই থকা ঘৰৰ পৰা কিছু আগলৈ। তেওঁক মই কওঁ, “মাল্কি অলপ ওখ ঠাই। ইয়াত উঠা-নমাত অলপ কষ্ট কৰিবলগীয়া হয়।” তেওঁ মোক আশ্বাস দি কয়: নলিনী বাবু, জীৱনে একটু কষ্ট কৰতেই হয়। কথাষাৰ ইমান মিহিকৈ কয় যে মই শুনি আশ্বস্ত হওঁ। জীৱনত কষ্ট কৰিবই লাগে। আমিতো এলিট লাইফ-ষ্টাইল ল’ব নোৱাৰো। ৰবীন্দ্ৰনাথে তাহানি কৈছিল, এ জগতে হাঁয়, সেই বেছি চায়, আছে যাৰ ভুৰি ভুৰি। অধ্যাপকে কৈ যায় ভূপেন হাজৰিকাৰ গানৰ কথা, হাজৰিকাৰ অস্ত আকাশত গানটো হেনো তেওঁৰ বৰ ভাল লাগে। মই কওঁ সেইটো ভালেই, কিন্তু “মানুহে মানুহৰ বাবে/ যদিহে অকণো নেভাৱে/ কোনেনো ভাবিৱ কোৱা সমনীয়া/কোনেনো ভাবিৱ কোৱা” এই গানটো কেনে পায়। সেটাতো মাৰ্ভেলাচ, তেওঁ কৈ যায় কলকাতাত ভুপেনৰ জনপ্ৰিয়তাৰ কথা। প্ৰতিভাসম্পন্ন এই মানুজনক সকলোৱেই শ্ৰদ্ধা কৰে। তেওঁৰ দুই এটা দোষ আছিল হয়, তাৰ তুলনাত গুণ আছিল অপৰ্য্যাপ্ত। ভুপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে গাইছিল হাৰাধন ৰংমনৰ কথা। হাৰাধনে ৰংমনক কৈছিলঃ
তুমি নাচ নাচ বিহু নাচ আমি দিব তালি,
ঐক্যতানে মিলি যাব বিহু ভাটিয়ালী।
অধ্যাপকে ভাষা আন্দোলনৰ কথা জানে। ভূপেন আৰু বিশ্বাসৰ এই সংগীতমুখৰ যাত্ৰা , জয়যাত্ৰা আছিল। মানুহ মানৱতাৰ জয়গান গাই পুনৰ সুস্থ হ’ল ‘ তেওঁ ক’লে। মই ইতিমধ্যে ঘৰ পালোহি। তেওঁ এখোজ দুখোজকৈ গৈ থাকিল। মোৰ মনত পৰে এন্থনীজৰ সেই বৰ্ণাঢ্য দিনবোৰ।
(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক