মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য) : দ্বিতীয় খণ্ড

——– সাহিত্য.অৰ্গৰ ক’বলগীয়াখিনি ——-

ড° শিৱনাথ বৰ্মনে তেখেতৰ বিষয়ে এনেদৰে লিখিছে — “ তেওঁ যেন লগাতকৈয়ো বেছি সৰল, বেছি ভাল ।”  আধুনিক অসমীয়া সাহিত্যৰ কবিতা, সমালোচনা, নিবন্ধ আৰু অনুবাদৰ জগতখনৰ এক বিশাল অংশ আৱৰি ৰখা এই ঋষিতুল্য ব্যক্তিজনেই  হ’ল সাহিত্যাচাৰ্য নলিনীধৰ ভট্টাচাৰ্য। সময়ৰ জোখাৰে ৯২টা বছৰ পাৰ কৰা শ্ৰী ভট্টাচাৰ্যদেৱৰ বিষয়ে আমি কিবা  কবলৈ বা লিখিবলৈ যোৱা মানেই সেয়া হ’ব মাথোঁ ধৃষ্টতাৰ নামান্তৰ;  কিন্ত তেখেতৰ ঘটনাবহুল আৰু বৰ্ণাঢ্য জীৱনটোৰ বিষয়ে আত্মজীৱনীৰ ৰূপত পঢ়িবলৈ পালে আমাৰ দৰে বহুলোকেই অলপ হলেও উপকৃত হ’ব আৰু সেই  উদ্দেশ্যেই “ভাষা-সাহিত্য সন্মিলনী , অসমৰ” ফালৰ পৰা আমি তেখেতলৈ এই প্ৰস্তাৱটি আগবঢ়াইছিলো। ইণ্টাৰনেট জগতখনত অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আমি কৰা যৎসামান্য প্ৰচেষ্টাৰ  বিষয়ে জানিব পাৰি শ্ৰদ্ধাৰ ভট্টাচাৰ্যদেৱে একেষাৰতে আমাৰ মাহেকীয়া ই-আলোচনী  www.xahitya.org ত তেখেতৰ আত্মজীৱনীখন ধাৰাবাহিকভাৱে লিখিবলৈ সন্মতি প্ৰদান কৰে । এয়া আমাৰ বাবে আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা আনসকলৰ  বাবেও এক বৃহত প্ৰাপ্তি বুলি অনুভৱ কৰিছো। যদিও ভট্টাচাৰ্যদেৱৰ আত্মজীৱনীখন ধাৰাবাহিকভাবে  অসমৰ এখন অধুনালুপ্ত সাপ্তাহিক কাকতত  প্ৰকাশ পাইছিল, কিন্ত তেখেতৰ কৈশোৰৰ কথা বৰ্ণনা কৰা অৱস্থাতেই উক্ত কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে ।   ইণ্টাৰনেটত পোন-প্ৰথমবাৰৰ বাবে অসমৰ কোনো এজন স্বনামধন্য ব্যক্তিৰ আত্মজীৱনী ধাৰাবাহিকভাবে প্ৰকাশ হ’ব, অৰ্থাৎ শ্ৰদ্ধেয়  ভট্টাচাৰ্যদেৱৰ পূৰ্ণাংগ আত্মজীৱনীখনে প্ৰথমে  ছপা আখৰৰ ৰূপ নলৈ ডিজিটেল ৰূপহে ল’ব । এইয়া  অসমীয়া সাহিত্য জগতৰ বাবে এক অভিলেখ ।

ধাৰাবাহিক আত্মজীৱনীখন  প্ৰকাশৰ ক্ষেত্ৰত আমাক সৰ্বতোপ্ৰকাৰে সহযোগ আগবঢ়োৱা নলিনীধৰ  ভট্টাচাৰ্যদেৱৰ পুত্ৰ ড° ৰাজীৱ ভট্টাচাৰ্য আৰু “সাতসৰীৰ”  কাৰ্য্যবাহী সম্পাদক দিগন্ত ওজাৰ ওচৰত আমি চিৰ-কৃতজ্ঞ ।

আত্মজীৱনীখনৰ ইউনিক’ড ৰূপান্তৰ কাৰ্যত আমাৰ দেশে-বিদেশে বাস কৰা বহুকেইজন সদস্য জড়িত হৈ আছে । সেইসকল হৈছে – অনুপমা বৰগোহাঁই ( নতুন দিল্লী ), স্যামন্ত কুমাৰ গোস্বামী ( দক্ষিণ কোৰিয়া ), মঞ্জিল কোঁৱৰ (গুৱাহাটী ), মনোজ মন কলিতা ( টাইৱান ) , ধ্ৰুৱজ্যোতি শৰ্ম্মা ( গুৱাহাটী), তিৰুজ্যোতি বৰা দাস (আমেৰিকা ), সুৰজিত নেওগ (গুৱাহাটী)  আৰু আফটাৰ  হুছেইন চৌধুৰী ( চৌদি-আৰৱ ) ।

প্ৰিয় পঢ়ুৱৈসকললৈ অনুৰোধ, ধাৰাবাহিক  আত্মজীৱনীখন একাদিক্ৰমে পঢ়াৰ লগে লগে  তেওঁলোকৰ  বহুমূলীয়া মন্তব্যও  যেন  অসমীয়া  বা ইংৰাজী ভাষাত ইয়াতে  আগবঢ়ায়  ।

বিনীত,

সাহিত্য.অৰ্গ

________________________________________________


দ্বিতীয় খণ্ড

‘নাফুক’ বাগানতে বিখ্যাত কবি কবিতা-কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকনেও কাম কৰিছিল। সেই কালৰ বাগানৰ পৰিৱেশ সাহিত্য-চৰ্চাৰ অনুকূল নাছিল যদিও চেতিয়া ফুকনে আন্তৰিকতাৰে কবিতা ৰচনাত লাগি গৈছিল। লীলা দত্তও সম্ভৱতঃ অনুপ্ৰাণিত হৈছিল। দত্ত পিচলৈ পুলিচ বিভাগত সোমাল। সাহিত্য এৰিলে। এতিয়া তেৱোঁ নাই , চেতিয়া ফুকনো নাই। বিয়াত তেওঁৰ নেতৃত্বতে দৰা আগচা হ’ল। বিয়া ঘৰৰ পৰা এমাইল দূৰত চফ্ৰাই নৈৰ পাৰত দুয়োপক্ষৰ তৰ্কাতৰ্কি আৰম্ভ হ’ল। ছোৱালী পক্ষৰ দাবী দৰাপক্ষ‍ই মানিব  নোখোজে। দৰাপক্ষৰ নেতৃত্ব দিছিল গুৰু প্ৰসাদ বৰঠাকুৰে। তেওঁ শিৱসাগৰৰ বিখ্যাত কংগ্ৰেছী নেতা দুৰ্গা প্ৰসাদ বৰঠাকুৰৰ ভায়েক। গুৰুপ্ৰসাদ শিক্ষিত, সংস্কৃতিবান মানুহ, ফল-মূলৰ উদ্যান কৰি তেওঁ ভাৰত-চৰকাৰৰ পৰা কৃষি-পণ্ডিত উপাধি পাইছিল। দত্ত আৰু গুৰু প্ৰসাদৰ তৰ্কৰ অন্ত নপৰা হ’ল। ইফালে দেউতাৰ চিন্তা লাগিল। দত্তলৈ বাৰ্তা পঠিয়ালে। দত্ত‍ই সেই বাৰ্তা পা‍ই বিপক্ষক জনালে; আমি ৰভাতলতে কিবা এটা মীমাংসা কৰিম, এতিয়া আপোনালোক যাওক। দৰা-বৰযাত্ৰীসকলো গুচি গ’ল, বিয়াও সুকলমে হৈ গ’ল। তাৰ পিচত শেষ-নিশা আকৌ দত্ত আৰু গুৰু প্ৰসাদৰ মাজত তৰ্ক আৰম্ভ হ’ল। অৱশেষত সমজুৱাসকলে আটায়ে লগ লাগি এটা মীমাংসাত উপনীত হ’বলৈ দুয়োকে বাধ্য কৰিলে। দৰাপক্ষ‍ই শৰাইত তামোল-পাণ আৰু সামান্য মাননি দি সেই যাত্ৰালৈ ৰক্ষা পৰিল।

 

সেই সময়ত নাৰীৰ শিক্ষা-দীক্ষাৰ কথা বৰকৈ ভবা নহৈছিল। আমাৰ বংশ-পৰিয়ালত ছোৱালীয়ে উচ্চ শিক্ষা পোৱা নাছিলেই বুলিব লাগে। আমি তেতিয়া সৰু সৰু কথাবোৰ দকৈ ভাবিব নোৱাৰিছিলো। তদুপৰি দেউতাই কলঘৰত ৰাতিয়ে-দিনে হাড় ভগা পৰিশ্ৰম কৰি যি সামান্য উপাৰ্জন কৰিছিল, তাৰে আমি আটাইকে‍ইটা ল’ৰাই ভালদৰে পঢ়া-শুনা কৰিব যে পাৰিম, আশা কৰা নাছিলো। আমি কেনেকৈ পঢ়িলো, সিও এক ইতিহাস, সেই কথাকে ক’ব খুজিছো। তাৰ আগতে পুতলীৰ বিষয়ে অলপ কথা কওঁ। তাইৰ ল’ৰা দুটা – দুলু, ননী আৰু ছোৱালী দুজনী মীৰা আৰু দীপালী (মাজনী)। দীপালীয়ে উপন্যাস, কবিতা আৰু দুৱৰা কবিৰ জীৱনী লিখিছে। বীৰেনৰ প্ৰবন্ধ-সংকলন এটাৰ সম্পাদনাও কৰিছে। তা‍ই চৰ্চা এৰি দিয়া নাই, লাগি থাকিলে তা‍ইৰ ভৱিষ্যত উজ্জ্বল হ’ব। তাইৰ গিৰিয়েক ডাঃ দীপ্তিমন্ত বৰুৱাৰ বিভিন্ন প্ৰজাতিৰ চৰাই সম্বন্ধে কৌতূহল আৰু অধ্যয়ন আছে। তেওঁ পাৰ্বতিপ্ৰসাদৰ বংশৰ। পুতলী বৰ্তমান বিধবা; গিৰিয়েক চন্দ্ৰেশ্বৰ ঢুকাল। মানুহজন মেধাৱী আছিল যদিও পঢ়া-শুনা বেছি কৰিব নোৱাৰিলে, জীৱনত তেওঁ আপোচ নকৰিলে, নিজে যিটো ভাল বুলি ভাবে তাকেই কৰে। চাকৰি ক’তো বেছি দিন কৰিব নোৱাৰে। ওপৰৱালাৰ বৰ কথা নুশুনে। বুঢ়া বয়সত অসম আন্দোলনতো যোগ দিলে। ফাটেকলৈও গ’ল। ম‍ই তেওঁক অসম-আন্দোলনৰ অশুভ পৰিণতিৰ ইংগিত দিছিলো। তেওঁ নুশুনিলে। তেওঁৰ আঁকোৰ-গোজালিৰ অন্ত নাছিল। তাৰ ফল হৈছিল অশুভ। তেওঁৰ মাকৰ এটা গুণ আছিল। কথাই কথাই একোটা ফকৰা কোৱাৰ তেওঁৰ অভ্যাস। এদিন এটা কামৰ দায়িত্ব মোক দি তেওঁ মোক ক’লে,
“আহোমৰ চকলং বামুণৰ বেই
তোমাৰ পাল পৰিছে যেই কৰা সেই।”

ইয়াত প্ৰথম শাৰীটোত গুৰুত্ব নাই। দ্বিতীয় শাৰীটোহে আচল কথা। আমাৰ বিহু নামবোৰৰ চৰিত্ৰও এনেকুৱা। এনে মানুহ আজিকালি পাবলৈ নাই। আমি শিপাগছ হেৰুৱাইছো, এয়া নগৰকেন্দ্ৰিক সভ্যতাৰে ফল। লোভ, লাভ আৰু প্ৰতিযোগিতাৰ মনোভাৱে আমাক অন্ধ কৰিছে। হেৰুৱাই পেলাইছো পূৰ্বৰ গাঁৱত থকা সৰলতা আৰু সংবেদনশীলতা।



এইবোৰ প্ৰসংগ পিছত ওলালে আৰু ক’ম। এতিয়া আহিব খুজিছো বিদ্যাৰম্ভৰ কথালৈ। চাৰি বছৰ পাৰ হোৱাৰ পিচত মোৰ ঘৰতে বিদ্যাৰম্ভ হ’ল। দেউতাই ফলি-পুথি, দোৱাত, খাগৰি কলম, চিয়াঁহীৰ বড়ি, ভোলৰ গুটি, ভীমকলৰ পাত গোটাই দিছিল। আখৰ-নেওতা শিকাবলৈ দেউতাৰ সময় নাছিল। দেউতা কাউৰীয়ে কা কৰোতেই উঠিছিল, সোনকালে গা-পা ধুই সন্ধ্যাদি কৰি চাহ খাই কলঘৰলৈ যাবলৈ ওলায়। তেতিয়া আমি নুঠো, বৌটিও নুঠে ; জাৰকালি আমি সোনকালে উঠিছিলো , কাৰণ দেউতাই খৰি নাইবা কয়লাৰ জুই ধৰে। সেই জুই ফুৱাবলৈ আমি উঠো। চাহপাত ছিঙি চাহ তৈয়াৰ কৰা দিনবোৰত (ছিজন টাইম) দেউতা শেহ নিশাই যাব লাগে। বৰ কষ্টকৰ সেই দিনবোৰ। সেইবাবে দেউতাৰ সময় নাছিল। গতিকে ভাৰটো পৰিছিল বৌটিৰ ওপৰত। বৌটিয়ে পাঠশালাহে দেখিছিল, কিন্তু কি আচৰিত দায়িত্ববোধ – ল’ৰাক পঢুৱাব‍ই লাগিব। পঢ়াৰ অভ্যাস কৰিবলৈ বৌটিয়ে আমাক শিকালে। ফলিত, হাতত ধৰি, আখৰ লিখা, ভোকগুটিৰে মাটিত আখৰ সজা, ভীমকলৰ আঁচ থকা পাতটোক খাগৰি কলমেৰে লিখা – এইবোৰ কামত বৌটিয়েই আমাক সহায় কৰিছিল। পঢ়া শেষ হ’লে সেই পৰম্পাৰগত সৰস্বতী বন্দনা আৰম্ভ হয় :
সৰস্বতী সৰস্বতী, কণ্ঠে কলাপী,
ভোগে বিলাপী, খৰুৱা চন্দন
লোকে বোলে সৰস্বতী, আমি বোলো আই
যিখিনি পাহৰো দিবা সোঁৱৰাই।
খৰি খৰি খৰি, বৰজৰ খৰি
খৰিয়ে মেলিলে পাত
আই সৰস্বতী কণ্ঠত থাক।

তাৰ পিচত ছুটী।  সৰস্বতী কণ্ঠত লাগ দিছিল নে নাই ক’ব নোৱাৰো, কিন্তু পঢ়া-শুনালৈ ধাউতি হ’লে হৈছিল। আমি আখৰ চিনাৰ আগতে বৌতিয়ে নিতৌ দুপৰীয়া কৃত্তিবাসী ৰামায়ণ বা কাশীদাসী মহাভাৰত পঢ়িছিল। তেতিয়া অসমীয়া ৰামায়ণ, মহাভাৰত পাবলৈ নাছিল। বৌতিয়ে পঢ়ি যায় আমি শুনি যাওঁ। মহাভাৰতৰ কাহিনীয়ে আমাক বৰকৈ মুগ্ধ কৰিছিল। ৰামায়ণৰ সীতাৰ কাহিনী শুনি চকুলো টুকিছিলো। পদবোৰ বৌতিয়ে গাবও পাৰিছিল সুললিতকৈ। বৌটিৰ আৰু এটা গুণ আছিল। সাধুবোৰ ভালকৈ জানিছিল। তেজীমলা, চিলনী জীয়েকৰ সাধু, কমলা কুঁৱৰী, তুলা আৰু তেজা আদি সাধু বৌটিয়ে আমাক কৈছিল আৰু তাত থকা গীত-পদবোৰ গাই শুনাইছিল। তেওঁ যেতিয়া গায় … কমলা কুঁৱৰী/ মোৰে প্ৰাণেশ্বৰী/ পানী বা কিমানে হ’ল, অথবা হাতো নেমেলিবি/ ফুলো নিছিঙিবি/ ক’ৰে গৰখীয়া ত‍ই – তেতিয়া তাৰ অন্তৰ্নিহিত কৰুণ সুৰে আমাৰ শিশু মন কোনোবা কল্পনা ৰাজ্যলৈ লৈ গৈছিল, সহানুভূতিৰে আমি কমলা-কুঁৱৰী আৰু তেজীমলাৰ সেই দুৰ্দশাৰ ছবি মনতে আঁকি বিভোৰ হৈছিলো। অসমীয়া ভাষাৰ কালিকা সেই সাধুবোৰতে যেন সোমাই আছিল, এনেকুৱা লাগিছিল। বৌটিয়ে আই নাম, বিয়া নাম আদিও জানিছিল।  ‘এ ঠাকুৰাণী আই/ তোমাৰ মান লাৱণী নাই’ অথবা ‘ছাঁতে শুকুৱা/ মুঠিতে লুকুৱা/ সেই সাজ সলাব পায়’— এনেবোৰ পদ বৌটিৰ মুখত শুনি, তাৰ লোকায়ত সুৰটো শুনি আমি মুগ্ধ হওঁ। তেতিয়া এইবোৰৰ অৰ্থ বুজা নাছিলো, কিন্ত বৰ আপোন আপোন যেন লাগিছিল। প্ৰকাশ-ভংগী ইমান সুন্দৰ ! আমাৰ ভাষাৰ এই সৌন্দৰ্য, কোমল ব্যঞ্জনাময় সুৰ বৌটিৰ মুখতে আমি প্ৰথম শুনিছিলো।

 

বৌটিয়ে সাঁথৰ, ফকৰা-যোজনাও জানিছিল। কেতিয়াবা সোধে, “ৰজাই ভাত খায়, কাঁহীৰ তলে সাপ যায়”- কি ক? আমি উত্তৰ দিব নোৱাৰো। উত্তৰটো বৌটিয়েই কৈ দিয়ে – নিসনি। ‘আইৰ ঘৰলৈ যাম, দুই হাতে খাম, বিধাতাই বোলে মই পাছে পাছে যাম।’ – এনে ধৰণৰ ফকৰা কথাৰ লাচতে মাতে। বৰকৈ নুবুজো , কিন্ত আকাৰে-ইংগিতে যে অনিশ্চিত ভৱিষ্যতৰ কথা কৈছে তাক বুজি পাওঁ। বৌটিৰ এনে অশিক্ষিত পটুত্য আমাৰ বাবে আশীৰ্বাদস্বৰূপ হৈছিল ; ভাষাৰ ঐশ্বৰ্য্যলৈ যেন তেৱেঁই প্ৰথমতে আঙুলিয়াই দিছিল এনে লাগে কেতিয়াবা। বৌটি বৰ নীৰৱ , প্ৰগলভতা নাই , নিৰ্মল অন্তৰত কপটতা নাই। বৌটিলৈ মোৰ এতিয়াও মনত পৰে। তেতিয়া বৌটিক ৰামায়ণৰ সীতা যেন লাগিছিল। তেনে ভাব কিয় মনলৈ আহিছিল তাৰ ব্যাখ্যা দিব নোৱাৰো। কোনো প্ৰতিবাদ নোহোৱাকৈ দিনটো বন কৰি নিশা এঘাৰ বজাত কাঁহী-বাটি ধুইহে নিশাটো জিৰণি লৈছিল। মই লেম ধৰি থাকো , বৌটিয়ে কাঁহী-বাটি ধোৱে। মনত পৰিলে এতিয়া বেয়া লাগে। আজি ‘ৱাচিং মেচিন’ত কাম চলোৱা মহিলাৰ বাবে এইবোৰ কথা অকল্পনীয়।



মোৰ আৰু বীৰেণৰ পঢ়া-শুনা লৈ দেউতাৰ চিন্তা হ’ল। তেতিয়া বাগানত পাঠশালা নাছিল। কি কৰা যায়? দেউতা আৰু আন আন বাবুসকল লগ লাগি বাগানৰ বাবু এজনক শিক্ষক হিচাপে লৈ বাগানৰ ঘৰ এটাত পঢ়াশালি পাতিলে। আমি গ’লো। কিন্ত কি হ’ব, ‘আলচা কথা নহয় সিদ্ধি বাটৰ আছে কণা বিধি।’ শিক্ষকজনে আৰম্ভণিৰে পৰা এচাৰি ল’লে। তেওঁৰ মতে ‘চেকনিৰ আগতহে বিদ্যা।’ ইংৰাজীতো এষাৰ কথা আছে : ‘Spare the Road, Spoil the Child.’ এই নীতি অনুসৰণ কৰা বাবে দেউতাহঁতে ভাল নেপালে আৰু ওচৰে-পাঁজৰে পাঠশালা আছে নেকি বিচাৰ-খোচাৰ কৰিবলৈ ধৰিলে। অৱশেষত চফ্ৰাই ষ্টেচনত ওচৰত লোকেল বোৰ্ডৰ অধীনত চলা পাঠশালা স্কুল এখন বিচাৰি পালেগৈ। স্কুলখন বাগানৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰ। তথাপি তাতে আমাক নাম লগাই দিয়া হ’ল। আমাৰ সমনীয়াৰ ভিতৰত আছিল বৰকেৰাণী বোধেশ্বৰ তামুলীৰ একমাত্ৰ ল’ৰা ৰুদ্ৰকান্ত বৰতামুলী , বৰমহৰী দশৰথ বৰগোহাঁইৰ ল’ৰা নাৰায়ণ বৰগোহাঁই , তদুপৰি লগত বীৰেণো আছিল। বাগানৰ পৰা ষ্টেচনলৈ এটা ট্ৰলি লাইন আছিল। তাত বাগানৰ বস্তু ষ্টেচনৰ পৰা আনে, বিশেষকৈ কয়লা। যাওঁতে এই ট্ৰলিবোৰ খালী হৈ যায়। আমি তাতে উঠি যাওঁ, ট্ৰলি চালকে ট্ৰলিখন জোৰেৰে ঠেলি দি জাপ মাৰি ট্ৰলিত উঠি লয়, গতি ধীৰ হ’লে আকৌ ঠেলি দিয়ে। আমি বৰ স্ফূৰ্তি পাইছিলো, কিন্ত আহিবৰ সময়ত আমি খোজকাঢ়ি আহিব লগা হৈছিল। স্কুলৰ শিক্ষক আছিল এজন , তেৱেঁই আটাইবোৰ শ্ৰেণী চম্ভালিছিল। আমি মাটিতে বহিছিলো। বহিবলৈ ঘৰৰ পৰা কঠ লৈ গৈছিলো। শিক্ষক এজন, তাতে মাজে মাজে বদলি হৈ থাকে। তেওঁবিলাকৰ নাম-ধাম এতিয়া পাহৰিছো। তেওঁবিলাকে আমাক মৰমেৰে পঢ়ুৱাইছিল আৰু অভিভাৱকসকলৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল। তেতিয়া স্কুল-পৰিদৰ্শনৰ ব্যৱস্থাও আছিল। পৰিদৰ্শক যোৱাৰ দিনা আমি সোনকালে গৈ স্কুলখন চাফ-চিকুণ কৰিব লাগিছিল। এইখন স্কুলতে পঢ়ি মই শিৱসাগৰত বৃত্তি পৰীক্ষা দিছিলো। বৃত্তি হ’লে নেপালো। এই স্কুলতে আকবৰ নামেৰে ল’ৰা এটা আছিল। পঢ়া-শুনাত তাৰ ধাউতি নাই। মহাশয় নহালৈকে সিয়েই আমাৰ ওপৰত ৰজা। আমাক শাৰী পতাই লৈ সি গান লগাই দিয়ে আৰু আমি গাব লাগে। তেতিয়া ত্ৰিশৰ দশক। আইন-অমান্য আন্দোলন চলি আছে। ‘সৌ যে উৰিছে স্বৰাজ নিচান’ – এই গানটো সি আৰম্ভ কৰে আৰু লগে লগে আমি গাই যাওঁ, কিন্ত তাৰ মুখত উচ্চাৰিত হয়, বেলেগ ধৰণে। সি গায়, ‘সৌ যে উৰিছে চৰাইজনী চান’ – লগতে আমিও সেইদৰেই গাওঁ। ভুলটো তেতিয়া আমি ধৰা পেলাব নোৱাৰিছিলো , সি যি গায়, তাকেই আমি অনুসৰণ কৰিছিলো। সি এদিন এটা বেয়া কাম কৰিলে। স্কুল ঘৰটোৰ এটা চুক হাউলি আছিল। এদিন সি আহিয়েই আমাক ক’লে: তহঁত বাহিৰলৈ যা, মই কিবা এটা কৰিম, কিন্ত খবৰদাৰ, মহাশয় আহিলে মোৰ কথা নক’বি।’ আমি আটাইবোৰ ওলাই গ’লো। সি ডাঙৰ ফঁই এডালেৰে হাউলি যোৱা খুটাটো বান্ধি গাৰ জোৰেৰে দিলে টানি। ঘৰটোৰ সেই ফালটো বইত পৰিল। আমাৰ ভয় লাগিছিল। সি ক’লে, মহাশয়ক তহঁতে একো নক’বি, মই ক’ম। মহাশয় অহা মাত্ৰকে সি কথাটো সজাই-পৰাই ক’লে। নিৰুপায় মহাশয়ে ক’লে: আজিলৈ তহঁতৰ ছুটী। আকবৰৰ স্ফূৰ্তি, সি হাঁহি হাঁহি ওলাই গ’ল। আমিও তাৰ পিচ ল’লো। মহাশয়ে ৰাইজক জনোৱাত সেইদিনাই ঘৰ আকৌ থিয় হ’ল।


পাঠশালাৰ পঢ়া শেষ হোৱা সময়ত মোৰ ন বছৰমান হৈছিল। জীৱনৰ এই শিশু কালছোৱা চফ্ৰাইতে কটাইছিলো। অৱশ্যে পিচত যোৰহাটৰ ওচৰৰ কাকজানত পঢ়িছিলো যদিও চফ্ৰাইৰ লগত আই এ পঢ়ালৈকে সম্বন্ধ ৰাখিছিলো। দেউতাই তেতিয়ালৈকে চফ্ৰাইতে কাম কৰিছিল। পাঠশালাত পঢ়ি থকা কালছোৱাত আমাৰ লগৰ ল’ৰাবোৰৰ কিছুমান বিশেষ গুণ আছিল। তেওঁবিলাকৰ বেছিভাগেই শিক্ষকক সন্মান কৰিছিল, পিতৃ-মাতৃৰ কথা শুনিছিল আৰু বন্ধুসকলকো মৰম-চেনেহ কৰিছিল। পাঠশালা স্কুলৰ বন্ধু-বান্ধৱসকলৰ কথা একেবাৰে পাহৰিছো ,  কিন্ত বাগানত যিসকলৰ সৈতে বল আৰু টাংগুটি খেলিছিলো , একেলগে ফুৰা-চকা কৰিছিলো তেওঁবিলাকক পাহৰিব পৰা নাই। ৰুদ্ৰকান্ত বৰতামুলী (দেউটি), তৰুণ শইকীয়া , নাৰায়ণ বৰগোহাঁই আদিয়েই আমাৰ লগৰীয়া আছিল। বীৰেণো আছিল। চফ্ৰাই বাগানত বৰকেৰাণী বোধেশ্বৰ তামুলী আৰু বৰমহৰী দশৰথ বৰগোহাঁয়ে হাতী পুহিছিল। মাউত, ফান্দী আদিয়ে সেই হাতীবোৰৰ তদাৰক কৰিছিল। কেতিয়াবা কেতিয়াবা এই হাতীবোৰত আমি উঠিছিলো। হাতীবোৰত উঠি, সিহঁতক খাদ্য দি আমি আনন্দ পাইছিলো। হাতী বৰ জ্ঞানী জন্ত , মৰম পালে সিহঁতে মৰম দিব জানে। এবাৰ এটা হাতীৰ মৃত্যু দেখিছিলো। তাৰ কিবা বেমাৰ হৈছিল। তেতিয়া জন্তৰ আধুনিক চিকিৎসাৰ ব্যৱস্থা নাছিল। সি তিনিদিন যন্ত্ৰণা ভুগিছিল। দুচকুৰে পানী বাগৰিছিল। আমাৰ দেখি বৰ বেয়া লাগিছিল। মৰাৰ পিচত তাৰ সৎকাৰ কৰা হ’ল নে নহ’ল এতিয়া মনত পেলাব পৰা নাই , কোনো নগা মানুহে ৰাতি তাৰ মাংস কাটি নিছিল বুলি শুনিছিলো।

 

বাগানত গাঁৱৰ দৰে প্ৰকৃতিৰ লীলা-খেলা সুলভ নহয়। সেউজীয়া চাহপাতবোৰে আমাক আকৃষ্ট কৰিছিল, চাহপাতৰ মাজে মাজে ফুৰি বনুৱা গাভৰুৱে খৰ হাতেৰে এটি কলি দুটি পাত ছিঙা দৃশ্য চাই আমি ৰং পাইছিলো। কেতিয়াবা মিনি, ৰুক্মিনীহঁতৰ ঝুমুৰ চাই ভাল লাগিছিল। সৰু সৰু বনুৱা লৰা-ছোৱালীৰ সৈতে আমি খেলিছিলোও। সিহঁতে নাচি নাচি গায় ‘এত এত কাদা , কাদা , চাহাব দাদা , এত এত পানী , গংগা ৰাণী’, আমিও লগতে সেইবোৰ আওৰাওঁ। বনুৱা লাইনলৈ বৰকৈ যোৱা নহৈছিল, সিহঁতৰ লগত আমাৰ এটা ব্যৱধান আছিল। বাবুসকলৰ লগত বনুৱাৰ সম্পৰ্ক দাস-মালিকৰ সম্পৰ্কৰ নিচিনা আছিল যদিও সম্পৰ্ক সম্পূৰ্ণ অমানৱীয় নাছিল। আমাৰ ঘৰত সিহঁতে কাম কৰিছিল সঁচা , কিন্ত সিহঁতে আমাক মৰমো কৰিছিল। আমি লগ পোৱা অৰ্জুন,  বাকহঁত বৰ বিশ্বস্তও আছিল। দেউতায়ো সিহঁতক খং কৰা দেখা নাছিলো। আচলতে বাগানৰ চাহাববিলাকেই সিহঁতক অত্যাচাৰ কৰিছিল। চাবুকেৰে কোবাইছিল। সিহঁতৰ শিক্ষা-দীক্ষা বা স্বাস্থ্যৰ বাবে চাহাবে বা কোম্পানীয়ে চিন্তা কৰা নাছিল। চাহাবক লাগে কাম। চৰ্দাৰবোৰ সিহঁতৰে মানুহ আছিল যদিও সিহঁত চাহাবৰ ফলীয়া। “চৰ্দাৰ বলে কাম কাম”… এই গীতটোতে যেন বনুৱাসকলৰ চৰ্দাৰৰ বিৰুদ্ধে ক্ষোভৰ ইংগিত আছিল। কিন্ত সিহঁতে বিনা প্ৰতিবাদে কাম কৰিছিল। বনুৱাবোৰে বাবুসকলৰ ঘৰত খৰি যোগান ধৰিছিল। তেতিয়া খৰিৰেই ৰন্ধন-কাৰ্য চলিছিল। দেউতাৰ মাংস-মাছ আদিৰ প্ৰতি বিশেষ দুৰ্বলতা আছিল। বনুৱাসকলেই এইবোৰ কেতিয়াবা আনি দিছিল। আমাৰ ঘৰত কাম কৰা বাকা, অৰ্জুন ৰামেয়াৰ কথা মনত পৰে। বাকা, অৰ্জুন দুয়োটাই আমাক মৰম কৰিছিল আৰু কিবা লাগে বুলি কলে তৎক্ষণাত কৰবাৰ পৰা আনি দিছিল। কাপোৰ-কানি ধুই দিছিল। ৰামেয়া সম্ভৱতঃ অন্ধ্ৰপ্ৰদেশৰ মানুহ আছিল। মানুহটো বৰ চাফ-চিকুণ, পৰিপাটী। বাবু লাইনৰ ওচৰতে থকা পুখুৰী এটাত সি সদায় সি গা ধুইছিল। এদিন সি গা ধুবলৈ গৈ পুখুৰীত পৰি মৰিল। তাৰ শৱটো পানীত উপঙি থকা আমি দেখিছিলো আৰু দেখি বৰ বেয়া লাগিছিল। মানুহৰ মৃত্যুৰ লগত আমাৰ প্ৰথম দেখা-দেখি, মানুহৰ যে মৃত্যু আছে সেই কথা আমি তেতিয়াই উপলব্ধি কৰিছিলো। এবাৰ দেউতাৰ লগতে থাকি কলঘৰৰ মহৰী হিচাপে কাম কৰা আমাৰ দদাইদেউ ৰজনীকান্তই ধুতি এখন নোধোৱাৰ বাবে অৰ্জুনক জেওৰাৰ খুঁটি এডালেৰে বৰকৈ কোবাইছিল। তাৰ গাত তেজ দেখি আমি বৰ দুখ পাইছিলো আৰু দদাইদেউৰ এই কাৰ্যৰ প্ৰতিবাদ কৰিছিলো। দেউতায়ো বেয়া পাইছিল। বনুৱাৰ দুৰ্দশাৰ কথা আজিও পাহৰা নাই।

 

আমাৰ ঘৰৰ আগফালৰ চোতালত দুজোপা সৰল গছ আছিল। কোনোৱে দেৱদাৰুও বুলিছিল। গছ দুজোপা বৰ পোন আৰু ওখ। বীৰেনে-ময়ে এই গছ দুজোপাৰ গুৰিত থিয় হৈ কৈছিলো , আমাৰ এই গছ দুজোপাৰ দৰে ওখ হ’ম। মই অৱশ্যে ওখ হব নোৱাৰিলো , কিন্তু বীৰেনে তাৰ কথা ৰাখিছিল। সি জীৱনত ওখ হোৱাৰ সাধনা কৰিছিল। এই সাধনাত সি সফল হৈছিল। সেই সৰু কালতে তাৰ পঢ়া-শুনাৰ প্ৰতি অনুৰাগ দেখি ঘৰৰ আটায়ে তবধ মানিছিল। বয়স বঢ়াৰ লগে লগে সেই কালৰ ‘অসমীয়া’  নামৰ বাতৰি কাকত পঢ়িছিল। ওচৰতে ‘ঠাকুৰ’ বুলি জনাজাত এজন শিক্ষিত বঙালী দোকানীয়ে ‘আনন্দ-বাজাৰ’ ৰাখিছিল। সেইখনো সি পঢ়িবৰ কাৰণে যত্ন কৰিছিল। জ্ঞান আহৰণ আৰু বিশ্বৰ লগত সম্পৰ্ক স্থাপনৰ প্ৰৱণতা এটা তেতিয়াই তাৰ মনত জাগি উঠিছিল যেন লাগে। অলপ বুজন হোৱাৰ পিচত, বিশেষকৈ কাকজান মাইনৰ স্কুললৈ অহাৰ পিচত (এই বিষয়ে পাচত কম) সি আৰু বাগানৰ ল’ৰাসকলে লগ লাগি ‘পূৰবী অৰুণ’ নামৰ এখন হাতে লিখা আলোচনীও উলিয়াইছিল। ল’ৰাবিলাকৰ নামৰ আদ্যক্ষৰলৈ আলোচনীখনৰ নামকৰণ কৰা হৈছিল । ‘পূ’ হ’ল পুটু (নাৰায়ণ বৰগোহাঁই) ‘বী মানে বীৰেন, ‘ৰু’ৱে ৰুদ্ৰকান্তক বুজাইছিল । বাগানৰ বাবুসকলৰ আটাইৰে ঘৰত ছোৱালীও আছিল, কিন্ত আজিকালিৰ দৰে তেওঁবিলাক বাহিৰলৈ নোলাইছিল । বনুৱা গাভৰুসকল কিন্ত ওলাইছিল, বাগানত পাত তুলিছিল, বাগানৰ বাবুসকলৰ ঘৰত কেতিয়াবা ইটো-সিটো কামো কৰিছিল । মধ্যবিত্তৰ ছোৱালী হয়তো অসূৰ্যস্প্ৰৰ্শা নাছিল, কিন্ত তেওঁলোকক শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত উপেক্ষা কৰা হৈছিল। বনুৱা ছোৱালীহে নালাগে, পুৰুষেও শিক্ষা নাপাইছিল।



বৰমহৰীৰ ঘৰত গ্ৰামোফোন আছিল। আমি কলগান বুলিছিলো। দেউতাই কিনিব পৰা নাছিল। আমি বৰমহৰীৰ ঘৰতে জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰ ৰেকৰ্ড শুনা মনত পৰে। তেতিয়াই ডালিমীৰ সেই অমৰ গীত, ‘ল’ৰা-বুঢ়া কয় কাক, ডালিমী নুবুজে তাক’ শুনি বৰ অভিভূত হৈছিলো। বাগানৰ ডাক্তৰজন বঙালী আছিল। তেওঁৰ ল’ৰাই গীত শুনি কৈছিল, ‘কেমন কেমন কৰে’…। আমাৰ অসমীয়া সুৰৰ মাধুৰ্য্যই সিহঁতকো আপ্লুত কৰিছিল।

 

ডাঙৰ হৈ জ্যোতিপ্ৰসাদ পঢ়ি মনে মনে কৈছিলো ‘তোমাৰ বিকল্প নাই।’ আমাৰ দদাইদেৱেও গান গাইছিল। তেওঁৰ গলা ভাল, আপোনা-আপুনি শিকা, তেতিয়া আৰু গানৰ চৰ্চাৰ কোনো সুযোগ নাছিল। হাৰমনিয়াম এটা লৈছিল তেওঁ। মাজে মাজে পাৰ্বতীপ্ৰসাদৰ ‘গৰখীয়া হেৰ গৰখীয়া’ গীতটো গাইছিল। সম্ভৱতঃ গংগাপ্ৰসাদ বৰঠাকুৰে ৰেকৰ্ড কৰা গীতটো তেওঁ শুনিছিল। আজিকালি গংগাপ্ৰসাদৰ কথা বৰকৈ নুশুনো। দদাইদেউৰ মুখত আনন্দ চন্দ্ৰ বৰুৱাৰ গান শুনিও তেতিয়া ভাল লাগিছিল। মানুহজনে সাজ-পাৰ ধুনীয়াকৈ পিন্ধিছিল। জোতাত পালিচ সদায় কৰিছিল। তেওঁৰ খঙো আছিল। মাজে মাজে আমাক ধমকিও দিয়ে। অৰ্জুনক জেওৰা খুঁটিৰে কোবোৱাৰ কথা আগতে কৈছো। তথাপি গান গাবৰ সময়ত আমি তেওঁৰ ওচৰ চাপিছিলো। তেওঁ চাহাবলৈ ৰুল মাৰি দাঙি খেদি গৈছিল বুলি কোৱা শুনিছিলো। চাহাব ৰুষ্ট হৈছিল । দেউতাই হেনো চাহাবক বুজালে। দেউতাই চাহাবক কি ক’লে নাজানো, কিন্ত দদাইদেউৰ একো নহ’ল। দদাইদেৱে কেতিয়াবা ফূৰ্তিও কৰে। নাম গাই থাকোতে কোনো কোনো মানুহে বিষয় জঞ্জালৰ কথা পাহৰিব নোৱাৰে। তাকে তেওঁ ধেমালি ছলেৰে আমাক অভিনয় কৰি দেখুৱায়। বহি লৈ হাত চাপৰি বজাই ‘কৃষ্ণ ৰাম নাৰায়ণ, গোবিন্দ জয় জয়’  মুখেৰে গায়, তাৰ পিচত হঠাতে চাপৰি বজোৱা অৱস্থাতে মুখ ঘূৰাই চিঞৰে-হেৰ মইনা গৰুজনী বান্ধিলিনে?’ তেওঁৰ এই অভিনয়ত আমাৰ হাঁহি উঠে। এবাৰ তেওঁ আলহী খেদোৱাৰ কাহিনী কৈছিল। চফ্ৰাইত কাম কৰাৰ আগতে তেওঁ মথুৰাপুৰ বাগানত কাম কৰিছিল। তেতিয়া তেওঁ চফল ডেকা। লগত নাজিৰাৰ যাদৱ বৰুৱা আছিল। তেৱোঁ ফূৰ্তিবাজ মানুহ। মথুৰাপুৰ চফ্ৰাইৰ পৰা বেছিদূৰ নহয়। এবাৰ দদাইদেউহঁত থকা কোৱাৰ্টাৰলৈ শিৱসাগৰৰ পৰা এজন বৃদ্ধ ব্ৰাহ্মণ আহি থাকিবলৈ ল’লে। প্ৰথমতে  আলহ-উদহকৈ বুঢ়া মানুহজনক দুয়ো ৰাখিলে। তেৱোঁ ভাল পাই থাকিল। লাহে লাহে আলহীয়ে ঘৰ এৰিব নোখোজা হ’ল। এদিন-দুদিনকৈ প্ৰায় দুসপ্তাহেই হ’লগৈ-আলহী নাযায়হে নাযায়। গৃহস্থ দুয়োজনে আলচ কৰিলে, এই কথাই কথা নহয়, আলহীক আৰু ৰাখিব নোৱাৰি। এদিন ৰাতি আলহী খাবলৈ সকলো যোগাৰ দি ক’লে, ‘দেউ, আপুনি ভাতমুঠি নিজে ৰান্ধি খাই-বৈ শুই থাকিব। আমাৰ অইন এঠাইত খোৱাৰ নিমন্ত্ৰণ আছে। আহোতে বহুত ৰাতি হ’ব।’ এইবুলি দুয়ো গুছি গ’ল। ৰাতি একমান বজাত উভতি আহি দেখে যে বৃদ্ধ ব্ৰাহ্মণে চেৰপাইখনত টোপনিত লালকাল দি পৰি আছে। দদাউদেউ আৰু বৰুৱাই, হাতত সাৰে ভৰিত সাৰে, ওচৰলৈ গ’ল আৰু চেৰপাইখনৰ এটা মূৰত এজনে আৰু আনটো মূৰত আনজনে ধৰি লাহকৈ, আলফুলে দাঙি, আগফালৰ চোতালত থ’লেগৈ। তাৰ পিচত মাটিত কলপাত পাৰি, মাটিৰ চাকি জ্বলালে আৰু আলহীক বৰ সাৱধানে দাঙি আনি কলপাতত শুৱাই দিলে। লগে লগে দুয়ো আঁঠু কাঢ়ি বহি লৈ হিয়া ভুকুৱাই কান্দিবলৈ ধৰিলে। কান্দোন শুনি ওচৰৰ মানুহ গোট খালেহি। ইতিমধ্যে আলহীয়ে সাৰ পাই কাণ্ড-কাৰখানা দেখি গৃহস্থক অভিশাপ দিলে-কটা ব্ৰহ্মবধী, মোক জীয়াই জীয়াই মাৰিলি, তহঁত ৰৌ ৰৌ (ৰৌৰৱ) নৰকত পচিবি।’ এইবুলি তেওঁ শোৱাৰ পৰা উঠিল আৰু যাবলৈ প্ৰস্তুত হ’ল। যাদৱ বৰুৱাই ক’লে,’দেউ, খং নকৰিব, আমি আহি আপোনাৰ জেঠীটো চালো, বিচাৰি হ’লে নাপালো। সেইবাবেই দাঙি লৈ আহিলো। বেয়া নাপাব।’ আলহী আৰু নৰ’ল,  সেই শেহনিশা বাঘ-ভালুকলৈও কেৰেপ নকৰি একেবাৰে চফ্ৰাই পালেহি। দেউতাক সকলো ক’লে। দুই-এদিন ৰাখি বুজাই-বঢ়াই তেওঁক দেউতাই শিৱসাগৰলৈ পঠিয়াই দিলে। বেণুধৰ শৰ্মাই তেওঁ লিখা সাধু এটাত এনেবিধ আলহীক বজ্ৰলেপ বুলিছে। বজ্ৰলেপ হোৱা বাবে বৃদ্ধ ব্ৰাহ্মণৰ এনে দশা হ’ল। আমি শুনি অৱশ্যে বৰ আমোদ পাইছিলো।



বাৰিষা যেতিয়া আমাৰ ঘৰৰ আগৰ খালটোৱেদি প্ৰৱল বেগেৰে পানী বৈ থাকে, তেতিয়া আমি ল’ৰাবোৰে লগ লাগি কাগজৰ নাও সাজো আৰু সেইবোৰ এখন এখনকৈ পানীত এৰি দি আমি চাই থাকো। কাৰোবাৰ নাও ক’তো নোৰোৱাকৈ গৈ থাকে, নেদেখা হোৱালৈকে আমি নাওখনৰ ওপৰত চকু ৰাখো। যাৰ নাও জাজিত লাগি ৰৈ যায়, সি লৰ মাৰি গৈ এৰুৱাই দিয়ে ।    ( আগলৈ )



Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments