ময়ো এখন কিতাপ লিখিছিলো – লক্ষ্য জ্যোতি নাথ

ফটকৈ সাৰ পাই গ’লো যদিও তেতিয়ালৈকে কথাবোৰ সঁচা নে মিছা একো বুজি পোৱা নাছিলো৷ অলপ ইফালে-সিফালে চালো দেখিছো লগৰবোৰ শুয়ে আছে, ৰূমটোও আন্ধাৰ হৈ আছে৷ কথাবোৰ কেতিয়া ইমান বিষম হৈ গ’ল মই ধৰিবকে নোৱাৰিলো৷ ছেহঃ কি যে কৰা যায় এতিয়া৷

যোৱা দুবছৰ মানৰ পৰা বাতৰি কাকতত কেইবাটাও লেখা লিখিলো, ফেচবুকতো লেখাবোৰ দিওঁ৷ লেখাবোৰ পঢ়াৰ পাছত প্ৰায়ে কয় গোটেই লেখাবোৰ একলগ কৰি কিতাপ এখন ছপা কৰা৷ প্ৰথমে কথাটো ইমান গুৰুত্ব দিয়া নাছিলো৷ গুৰুত্ব দিয়া নাই সেইটো মোৰ ’ঔকাদ’ৰ বাহিৰৰ কথা৷ বাতৰি কাকতত লেখা প্ৰকাশ হোৱাৰ পাছতো বহু ব্যক্তিয়ে ফোন কৰে, বিভিন্ন শুভেচ্ছা লগতে কিতাপ এখনৰ কথা কয়৷ সিদিনাখনো অসমীয়া খবৰত লেখাটো প্ৰকাশ হোৱাৰ পাছত এজনে ফোন কৰি শুভেচ্ছা দিয়াৰ লগতে এনেবোৰ কথাৰে কিতাপ এখন প্ৰকাশ কৰা কথা ক’লে৷ কথাটো কেতিয়াবা মনলৈ আহে, ইমান দিনে কি কিনো লিখিলো নিজে চালো৷ তাৰ মাজত প্ৰকাশক এজনেও ক’লে তুমি লেখাবোৰ এনেকৈয়ে থৈ দিবানে, কিতাপ এখন বনাই দিয়া৷ মই আমাৰ প্ৰকাশনৰ পৰায়ে ছপা কৰি দিম কিবা এটা মিলাই৷ কথাবোৰ মনত খুন্দিয়াবলৈ ললে৷ মনেও ক’লে কিতাপ এখন প্ৰকাশ কৰি দিও নেকি! আকৌ মনেই মনক সোধে প্ৰকাশ বাৰু কৰি দিম কিন্তু কিনি পঢ়িব কোনে?

এদিন তাকে পৰীক্ষা কৰিবলৈ ফেচবুকত পষ্ট এটা দিলো “মোৰ লেখাবোৰ একেলগ কৰি আৰু দুটামান নতুন লেখা লিখি কিতাপ এখন প্ৰকাশ কৰাৰ ভাবিছো৷“ বছ; পষ্ট দিলোহে এক মিনিটত ৩০ টা লাইক, ৫ টা কমেণ্ট৷ দুঘণ্টাত ৪২৫ টা লাইক আৰু প্ৰায় ৭০ টাৰ ওপৰ কমেণ্ট৷ সকলোৱে কিতাপখন প্ৰকাশ কৰিবৰ বাবে শুভেচ্ছা, আৰ্শীবাদ দিছে৷ লগতে ভাল চিন্তা, আৰু আগতেই এই চিন্তা কৰিব লাগিছিল বুলি মন্তব্য দিলে৷ অৱশেষত দুদিনত লাইকৰ সংখ্যা প্ৰায় ৯০০ পাৰ হ’ল আৰু ৩০০ ৰ ওপৰ ফেচবুক বন্ধু-বান্ধৱীয়ে শুভেচ্ছা দি কিতাপ এখন প্ৰকাশ কৰিবলৈ ক’লে৷ মোৰ মনটোও আগতকৈ বহুত ডাঠ হ’ল আৰু কিতাপ এখন প্ৰকাশ কৰিমেই বুলি থিৰাং কৰিলো৷

থিৰাং কৰিলো যেতিয়া বেছি দেৰি নকৰি প্ৰকাশকক মোৰ লেখাবোৰৰ পাণ্ডুলিপি পঠালো৷ খুব কম সময়ৰ ভিতৰত তেওঁলোকেও মোৰ কিতাপখন তৈয়াৰ কৰি উলিয়ালে৷ মইয়ো মাজে ফেচবুক আৰু হোৱাটচএপত মোৰ কিতাপখনৰ বিষয়ে ৰাইজক জনাই থাকিলো৷ কিতাপ তৈয়াৰ হ’ল হয় কিন্তু এতিয়া কথা হ’ল কিমান কপি ছপা কৰি উলিয়াব৷ প্ৰথমে ভাবিলো ৫০০০ কপি নিশ্চয় লাগিব৷ তাৰ পাছত ফেচবুকৰ বন্ধু-বান্ধৱীৰ সংখ্যা, হোৱাটচএপৰ বন্ধু-বান্ধৱী, বাতৰি কাকতত লেখা প্ৰকাশ হোৱাৰ পাছত ফোন কৰা ব্যক্তিৰ সংখ্যা আদি হিচাপ এটা কৰি ৩০০০ কপি ছপা কৰিবলৈ থিৰাং কৰিলো৷ ৩০০০ কপি মোৰ কিতাপ ৰেডি৷ এটা শুভ দিন চাই গুৱাহাটীৰ প্ৰেছ ক্লাৱত অসমৰ কেইবাজনো বিশিষ্ট সাহিত্যিক, সমাজকৰ্মীৰ উপস্থিতিত কিতাপখন উন্মোচন কৰিলো৷ সেই দিনায়ে উন্মোচনী সভাত উপস্থিতি অতিথিৰ মাজত ২০০ কপি মান কিতাপ বিভিন্ন লোকে কিনিলে, কেইজনমানক উপহাৰ হিচাপে দিলো৷ তাৰ পাছত ফেচবুকৰ বাৰ্তা পাই আৰু বিভিন্ন পদ্ধতিৰে এমাহ মানৰ ভিতৰত মোৰ মোৰ ৫০০ কপি মান কিতাপ ৰাইজে লৈ যায়৷ বাকী কিতাপবোৰ মানে প্ৰায় আঢ়ৈ হাজাৰ কিতাপে তেতিয়াও ঘৰৰ এটা ৰুমৰ এটা অংশ ভৰি আছিল৷ আৰু ছমাহ মানৰ ভিতৰত আৰু দুশ মান কিতাপ ৰাইজে নিলে৷ এতিয়াও ঘৰত ২৩০০ কিতাপ পৰি আছে৷ দেউতায়ে এদিন কৈয়ে দিলে এই কিতাপবোৰ কি কৰ কৰ সোণকালে৷ দেখিলেই মূৰ ঘূৰাই যোৱা হৈছে, ৰুমটোতো বেলেগ একো থব ঠাই নোহোৱা হৈছে৷ তাৰ পাছত এদিন বন্ধ দিন এটাত কিতাপবোৰ ভালকৈ বান্ধি চানচেটত উঠাই থলো৷ তাৰ পাছৰে পৰা বিয়া খাবলৈ গ’লে, জন্মদিন খাবলৈ গ’লে মোৰ কিতাপ এখন ধুনীয়াকৈ বান্ধি লৈ যাওঁ আৰু সেইখন উপহাৰ দি বিয়া-জন্মদিন খাই আহোঁ৷ ঘৰলৈও আলহী আহিলে এখন দি পঠাওঁ৷ কথাবোৰ এবছৰ মান ঠিকেই আছিল পাছত কি হ’ল নাজানো আৰু ঘৰৰ ওচৰৰ জন্মদিন এটা হ’লেও আমাৰ ঘৰৰ কাকো নিমন্ত্ৰণ নিদিয়া হ’ল৷ গাঁৱৰ বিয়া, আনকি চিনাকি কাৰোবাৰ বিয়ালৈও নিমন্ত্ৰণ নিদিয়া হ’ল৷ এদিন দুদিন নহয় প্ৰায় চাৰিমাহ কাৰো একো নিমন্ত্ৰণ নাই আনকি আলহী অহাও কমি গ’ল৷ মই এই অজানিতে হোৱা পৰিৱৰ্তন দেখি আচৰিত৷ আচলতে কথাটো কি! চাৰি মাহৰ মূৰত যেনেতেনে বিয়া এখনৰ নিমন্ত্ৰণ পালো৷ আকৌ মোৰ কিতাপ এখন পেকিং কৰি বিয়া খাবলৈ গ’লো৷ সেইখনেই শেষ বিয়া৷ তাৰ পাছত আজি ডেৰ বছৰ হ’ল নাই এখন বিয়াৰ নিমন্ত্ৰণ, নাই এটা জন্মদিনৰ নিমন্ত্ৰণ৷ আলহী মামা-জেঠাইহঁতৰ বাদে কোনো অহা নাই৷ মাজে মাজে কোনোবাই ঘৰত মোৰ আৰু কিতাপ আছে নেকি সোধে, মই লবলৈ সোধে বুলি বৰ আগ্ৰহেৰে “আছে বহুত“ বুলি উত্তৰ দিওঁ কিন্তু নলয় তেওঁলোকে৷ কথাটোৱে মোক বৰ মানসিক অশান্তি দিব ললে৷ আগতে ইমান মানুহ আহে, আজিকালি মানুহবোৰ আমাৰ ঘৰলৈ কিয় নহা হ’ল ভাবি বৰ আচৰিত হওঁ৷ বিয়া এখন নোখোৱা এবছৰৰ ওপৰ হ’ল৷ কথাবোৰ কি হৈছে ভাবি ভাবি মই পাগল হৈ গৈছো৷ এই কথাবোৰে মোক এক মানসিক অশান্তি দিবলৈ আৰম্ভ কৰিলে৷ কিতাপৰ পাহাৰটোলৈ চাই কথাবোৰ চিন্তা কৰি কৰি কেতিয়া মই টোপনি গ’লো গমকে নাপালো৷

ফটকৈ সাৰ পাই উঠি মই দুই মিনিটমান ক’ত আছো, কি কৰি আছো একো বুজি নোপোৱাৰ দৰে বহি পৰিলো৷ মগজুটো অলপ সক্ৰিয় হোৱাত মোবাইলতে ঘড়ীটো চাই দেখো মাজৰাতি, সময় আঢ়ৈ বাজো বাজো৷ বাহিৰত বৰষুণ কিন-কিনাই আছে৷ কিতাপবোৰ ক’ত ভালকৈ চাই দেখো মই ঘৰতে নাই দেখোন৷ কথাবোৰ তেতিয়াহে বুজিলো৷ বটলৰ পৰা পানী অলপ খাই মূৰটো অলপ ক্ষান্ত কৰি আকৌ শুবলৈ যত্ন কৰিলো কিতাপ এখন প্ৰকাশ কৰো নে নকৰো ভাবি ভাবি৷■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments