মৰমবোৰ ক’ত সাঁচি ৰাখিম – পল্লৱী হাজৰিকা

ঘৰৰ সৰু ছোৱালী তাই। তিনিটা ল’ৰাৰ পাছত ওপজা সকলোৰে মৰমৰ কনভনী। কেৱল ঘৰখনৰে নহয়, বৰদেউতাক, খুৰাক, পেহীয়েক, জেঠায়েকেৰে ভৰপূৰ পৰিয়ালটোৰ আটাইকেইজনৰে সন্তানৰ মাজত তাইয়ে একমাত্ৰ ছোৱালী। সেইবাবে গোটেই পৰিয়ালটোৰ তাই আলাসৰ লাড়ু। মূৰত থ’লে ওকণিয়ে খাব আৰু মাটিত থ’লে পৰুৱায়ে পাব। পৰিয়ালৰ আটাইকেইটা ল’ৰাৰে তাই মৰমৰ ভনীয়েক।

দেওবাৰে মাকে মাংস ৰান্ধি চিঞৰ মাৰে,-” কন ভাত খাবলৈ আহ। তোলৈ লিভাৰ কেইপিচ বাছি থোৱা আছে।”

কন দৌৰি আহি ভাতৰ পাতত বহেহি! ককায়েকহঁতৰ ভাগত কেতিয়াবা ভুলতে লিভাৰ এপিচ পৰে। সিহঁতে কনভনীক দি দিয়ে।

“এইপিচ মোলে আহিছিল। তইয়ে খা।”

কনভনীৰ কলেজলৈ যাবলৈ ল’ৰালৰি হয়। কাষৰ ঘৰৰ বৰদেউতাকৰ ল’ৰাই উঁকি মাৰে,- “কন ওলাই হ’লনে? ”

কনভনীয়ে ল’ৰালৰিকৈ অফিচলৈ ওলাই ৰৈ থকা ককায়েকৰ বাইকৰ পিছৰ ছিটত বহে।

কলেজ ছুটীৰ পাছত লগৰ কেইজনীৰ লগত ওলাই আহি মূল ৰাস্তাটোত উঠোঁতেই জেঠায়েকৰ ল’ৰাটোৱে আহি ওচৰতে গাড়ীখন ৰখায়।

“কন উঠ! মই তহঁতৰ ঘৰলৈয়ে যাবলৈ ওলাই আহিছিলোঁ। মায়ে তোলৈ ঘৰত লগা মধুৰীআম কেইটামান দি পঠাইছে। তই খাই ভাল পাৱ যে।”

তাই লগৰকেইজনীক বিদায় দি মুখতে ভোৰভোৰায়, – “ইহঁতৰ পৰা যে ক’তো অকন শান্তি নাই।”

লগৰকেইজনীয়ে মুখটিপি হাঁহে। সিহঁতেও জানে তাইৰ কথা।

তাই নথকা সময়খিনিত ঘৰটো নিজান হৈ থাকে। ঘৰ সোমোৱাৰ লগে লগে ভৰি উঠে ঘৰখন।

দুদিনমানৰ পৰা কনভনীৰ পানীলগা-জ্বৰ। পেহীয়েকে খবৰ পাই তাইলৈ মাংসৰ জালুকীয়া অকনমান ৰান্ধি ল’ৰাটোৰ হাতত দি পঠায়। মুঠতে কনভনী গোটেই পৰিয়ালটোৰ জীউকন।

এই জীউকনৰে এদিন সময় আহিল পৰিয়ালৰ অত মৰম-হেঁপাহবোৰ এৰি অন্য এঘৰলৈ যোৱাৰ। বিয়াৰ এমাহৰ আগৰে পৰা তাই বিচনাত পৰি পৰি কান্দে। মাকেও লগতে এসোঁতা কান্দে। ককায়েক কেইটাই মনে মনে লুকাই লুকাই কান্দে। কন নোহোৱা ঘৰখনৰ কথা ভাবি দেউতাকৰ বুকুখন বিষাই উঠে।

বোৱাৰী হিচাপে শহুৰেকৰ ঘৰত দায়িত্ববোৰ কনভনীয়ে কান্ধ পাতি লয়। শহুৰ – শাহু, দেওৰ-ননদেৰে গিজগিজাই থকা ঘৰ। তাই দায়িত্ববোৰ নিখুঁতকৈ পালন কৰিবলৈ চেষ্টা কৰে। ভাত ৰান্ধি ত‍াই সকলোকে খাবলৈ মাতে। সকলোৰে খাই হোৱাৰ পাছত নিজে খাবলৈ বহে। প্ৰথমতে তাইৰ অকলে অকলে খাবলৈ মন নগৈছিল। এতিয়া তাইৰ লাহে লাহে অভ্যাস হৈছেগৈ।

মাজতে কনভনীৰ পানীলগা জ্বৰ হয়। তাইৰ মাংসৰ জালুকীয়া তৰকাৰী এখন খাবলৈ খুব মন যায়। কিন্তু কোনে ৰান্ধি দিব তাইক! মাকে ফোনত তাইৰ পানীলগা মাতটো শুনি সোধে,- “কন তোৰ গা বেয়া নেকি? মাতটো ভাঙি আছে যে?” 

তাই কথা বদলাই কয়,-” নহয় মা। নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে তেনেকৈ শুনিছা ছাগে!”

তাইৰ মনত পৰে সেই দিনবোৰলৈ যেতিয়া গাটো অলপ বেয়া লাগিলেই মাকৰ ওচৰত থেনথেনায়। ঘৰৰ মানুহবোৰৰ মুখবোৰ চেৰেঙ চেৰেঙ কৈ তাইৰ মনত পৰে। আকৌ আগৰ নিচিনাকৈ থাকিব পৰা হ’লে!

মাকে মুখৰ আগত বাঢ়ি দিয়া ভাতকেইটা, ককায়েকহঁতে আবেলি ঘৰলৈ অনা কেঁচা বুটৰ চানা কেইটা, দেউতাকে ঘৰত সোমাই ‘আইজনী ক’ত আছ!’ বুলি দিয়া মাতষাৰ । আস……তাই আকৌ এইটো জনমত পাব জানো সেইদিনবোৰ ঘূৰাই!! সামান্য পানীলগা জ্বৰটোতে তাইৰ খবৰ লৈ থকা পেহীয়েক,  জেঠায়েকৰ নিভাঁজ মৰমবোৰ জানো তাই অন্য কাৰোবাৰ পৰা পাব?

উহ! বুকুখন বিষাই উঠিল তাইৰ।

আজি কনভনীৰ মনটো ৰাতিপুৱাৰে পৰা ভাল লাগি আছে। মাক-দেউতাক আৰু ককায়েকহঁত ভাতখোৱাকৈ আহিব। তাইৰ মানুহজনে গৈ নিজে মাতি থৈ আহিছে তেওঁলোকক। পুৱাৰে পৰা তাই বহুত হেঁপাহেৰে ৰন্ধা বঢ়াৰ কামত লাগিছে। সোনকালেই তাইৰ ৰান্ধি-বাঢ়ি শেষ হ’ল। মাকহঁতো আহি পালে। ডাইনিঙ টেবুলখন খোৱাৰ বাবে সাজু কৰি মাকহঁতক খাবলৈ মাতিলে। ডাইনিঙৰ চকীত বহি দেউতাকে ক’লে,-“কন, তয়ো আমাৰ লগতে খাবলৈ বহছোন।  বহুত দিন তোৰ লগত একেলগে বহি এসাজ খোৱা নাই অ’ আইজনী।”

মাকেও ক’লে,-“আহ কন। আজি আমাৰ লগতে বহ।” 

মাক-দেউতাকৰ কাতৰ অনুৰোধ তাই কেনেকৈ পেলাই !!!

তাইৰ মনৰ অৱস্থাটো অলপ ধৰিব পাৰি শাহুৱেকে  ক’লে, -“যোৱা, তুমি বহা মাহঁতৰ লগতে।”

তাই যেন এইষাৰ কথালৈহে বাট চাই আছিল।  মৰমৰ মানুহকেইটাৰ লগত একেলগে খাবলৈ পাই তাই কিমানখিনি সুখ পাইছে সেয়া জানো তাই প্ৰকাশ কৰিব পাৰিব! ডাঙৰ ককায়েকে তাইৰ ভাতৰ কাঁহিখনলৈ মাংসৰ লিভাৰ এপিচ দি ক’লে,  -“কন, এই লিভাৰ পিচ মোলৈ আহিছিল। তই খাই ভাল পাৱ নহয়।” 

কনভনীৰ তেতিয়াহে মনত পৰে তাইচোন নিজে পাহৰিয়েই গৈছিল, তাইৰ বাবে মাংসৰ লিভাৰ পিচ কিমান প্ৰিয় !!!

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক