মৰমলগা চহৰ (দেৱব্ৰত গগৈ)

“ দেহা গোলাঘাটীয়া ….” বুলি কথা এষাৰ আছে। পিছে সিদিনা প্ৰায় 20 বছৰৰ মুৰত চহৰখনলৈ গৈ এই কথাষাৰ পুনৰ কবলৈ মন নগ’ল। আমাৰ দৰে অসমৰ মাথো 37 নং দক্ষিণ ৰাষ্ট্ৰীয় পথটো চিনি পোৱা মানুহৰ বাবে গোলাঘাট এখন আওহতীয়া ঠাই। বেপাৰ, শিক্ষা আদিৰ বাবে অসমৰ আন চহৰতকৈ গোলাঘাটৰ গুৰুত্ব কম। সেয়ে হয়তো জনসংখ্যাও আন চহৰবোৰতকৈ যথেষ্ট কম। তথাপিও গোলাঘাটত বহু বহু কিবা কিবি আছে যিবোৰ নেকি অসমৰ আন কোনো চহৰত পাবলৈ নাই। সেয়ে সিদিনা কেই ঘণ্টামানৰ বাবে চহৰখনলৈ গৈ মনটো সচাঁই ভাল লাগি আহিল। এক কথাত ঘৰ-বাৰী পাতি একেবাৰে নিগাজীকৈ থাকিবলৈ মন গ’ল।

 

প্ৰায় দুবছৰমানৰ আগতে “সাদিন” কাকতত অনুৰাধা শৰ্ম্মা পুজাৰীয়ে গোলাঘাটৰ বিষয়ে “এখন অসমীয়া নগৰ” শিৰোনামাৰে প্ৰৱন্ধ এটা লিখিছিল। সেইবাবেই গোলাঘাট চহৰখনৰ ন-ৰূপটো চাবলৈ মন গৈ আছিল। 37নং দক্ষিণ ৰাষ্ট্ৰীয় পথৰে দেৰগাওঁ হৈ গোলাঘাটলৈ বুলি সৰু অথচ মসৃণ পথটোত গাড়ীখন চলাই যাওতেই মনটো ভাল লাগি গৈছিল। পথৰ দুয়োপাৰে আহিনৰ সেউজীয়া প্ৰকাণ্ড ধাননি পথাৰখনে মনটো জুৰাই লৈ গৈছিল। সমগ্ৰ গোলাঘাট চহৰখনৰ পথবো

ৰেই মসৃণ, কতো এটা গাতৰ চিন নাই। গোলাঘাটত প্লাষ্টিক সৰ্ম্পূণৰূপে নিষিদ্ধ, সেয়ে তাৰ বাট-পথৰ দাঁতিবোৰ অতিকে চাফ-চিকুণ। অসমৰ আন চহৰবোৰৰ বজাৰবোৰত যি এক নৰক সদৃশ পৰিৱেশ হৈ থাকে তাৰবিপৰীতে গোলাঘাটৰ মুল বজাৰখনৰ পৰিৱেশ তুলনামুলকভাবে যথেষ্ট পৰিষ্কাৰ-পৰিচ্ছন্ন। যান-বাহনৰ ভিৰ আছে, কিন্ত সৰ্ম্পূণ নিয়ন্ত্ৰাধীন।

চহৰখনৰ এই ধুনীয়া, পৰিচ্ছন্ন আৰু শৃখংল ৰূপটো দেখিলে কোনেও নকয় যে এই এখন অসমৰ চহৰ। এসময়ত অসমৰ ভিতৰতে ধুনীয়া চহৰ বুলি নাম থকা আৰু এতিয়া এখন বিশৃংখল চহৰলৈ পৰিণত হোৱা তেজপুৰক যে গোলঘাটে চেৰ পেলালে তাক কোৱাটো নিষ্প্ৰয়োজন।

যিকোনো এখন ঠাইৰ পৰিৱেশটোৱে তাৰ বাসিন্দাসকলৰ মনৰ পৰিচয় দিয়ে, পৰিচয় দিয়ে ৰুচিবোধৰ। গোলাঘাটৰ এই ভাল লগা নৰূপটো চহৰখনৰ বাসিন্দাসকলে আনিছে। এই সংক্ৰান্তত তাৰে এজন স্থানীয় জেষ্ঠ্য নাগৰিকৰ লগত আলোচনা কৰোতে ক’লে যে এই সকলোবোৰ সম্ভৱ হৈছে অসমৰ বৰ্তমানৰ গড়কাপ্তানী মন্ত্ৰী স্থানীয় বিধায়িকা অজন্তা নেওগৰ সবল নেতৃত্বৰ বাবেই। চহৰখনক এই ৰূপ দিবলৈ মন্ত্ৰী নেওগে যোৱা দহ বছৰ ধৰি যথেষ্ঠ কাম কৰিছে আৰু এই ক্ষেত্ৰত চহৰখনৰ প্ৰশাসন আৰু তাৰ স্থানীয় বাসিন্দাসকলে মন্ত্ৰীগৰাকীক যথাসাধ্য সহযোগ আগবঢ়াইছে।

গুৱাহাটীলৈ বুলি ৰাওণা হোৱাৰ আগতে চহৰখনত এপাক মাৰি যাও বুলি গাড়ীখন লৈ অলপ ফুৰিলো, ধুনীয়া পথটোৰে নুমলীগড়ৰ ফালে গৈ থাকোতে ভাবিলো, চৰকাৰী টকাবোৰ একে ঠাই পৰাই আহিছে, কামও হৈছে, কিন্ত কোনোবাই ফটা ঢোল কোবাই মই কৰিছো, মই কৰিছো বুলি আটাহ

পাৰি আছে আৰু কোনোবাই মৌণ হৈ কাম কৰি আছে।

আজিৰ দিনত কোনোবা সাধাৰণ নাগৰিকে বিনা স্বাৰ্থত মন্ত্ৰীক প্ৰশংসা নকৰে আৰু সেই বাবেই মন্ত্ৰী অজন্তা নেওগে এক ব্যতিক্ৰমী স্বীকৃতি তেখেতৰ সমষ্টিৰ পৰা পাইছে বুলি ভাবো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments