মৰমৰ প্ৰতিশোধ (যতীন গগৈ)

সিহঁতে আজি মোক ছাৰৰ লগত যাবলৈ মানা কৰিছে। ক’বলৈ গ’লে এক প্ৰ্কাৰৰ আদেশেই দিছিল। যদি যাওঁ পৰিণাম বোলে ভয়ংকৰ হ’ব। বহুত ভাবিলো। নাই মই যাবই লাগিব। সিহঁততো মোৰ একেবাৰে আপোন ল’ৰা। সৰুৰে পৰা একেলগে ডাঙৰ দীঘল হোৱা একেখন গাৱঁৰে ল’ৰা। মনতে ভাৱিলো ‘নাই, সিহঁতে একো কৰিব নোৱাৰে। ইমান নিষ্ঠুৰ হ’ব নোৱাৰে সিহঁত’। ছাৰেও কালি জোৰ কৰিয়েই কৈছে ‘তই কাইলৈ যেনেতেনে আহিবই লাগিব। নহাকৈ নাথাকিবি কিন্তু।’
সন্ধ্যা সময় হ’লহি। দিনটো ছাৰৰ তাতে থাকিলো যদিও মনটো বৰ চিন্তাক্লিষ্ট হৈ আছিল। আজি ছাৰ গাঁৱৰ ঘৰলৈ যাব। মোকো ল’গ ধৰিছে। যাবই লাগিব, উপায় নাই। নবস্মিতাৰ গাটোও ইমান ভাল নহয়। যাবলৈ মন নাছিল। ইফালে ছাৰৰ কথাও পেলাব নোৱাৰো। মোকতো বিপদে আপদে সহায় কৰা মানুহজন তেৱেঁই। ইমান দিনে মোক ইমান মৰম কৰি আহিছে। সেই মৰমক মই বিশ্বাসঘাতকতা কৰিব নোৱাৰো। মোৰটো কামেই ছাৰক সুৰক্ষা দিয়া। যদিও আজি মোৰ ডিউটি নাছিল, তথাপিও ছাৰে মোক মাতি পঠালে। বহুতো ভাৱিলো। শেষত যোৱাটোৱেই ঠিক হ’ল।
চাৰিখন গাড়ীৰ কনভয়টো লাহে লাহে গন্তব্যস্থানলৈ আগবাঢ়িল। চহৰৰ ৰাস্তা পাৰহৈ গাঁৱৰ শিলৰ ৰাস্তাত সোমাল। দুইফালে পথাৰ। ক’ৰবাত ধিমিক ধামাক কৈ এটা দুটা লাইট জ্বলি আছে। চাৰিওফালে আন্ধাৰ। দুৰৰ পৰা ভাহি আহিছে এটা দুটা কুকুৰৰ ভুকভুকনি। বিশাল পথাৰখন পাৰ হৈয়ে আমি সেই গেজেপ মৰা হাবিখনৰ মাজেৰে যোৱা ৰাস্তাটো পালোহি। দুয়োফালে বিশাল হাবি। ৰাতি হ’লে কোনোৱেই সেই হাবিখনৰ মাজেৰে অকলে যাবলৈ সাহস নকৰে।জিলিৰ মাতৰ বাহিৰে আন একো শব্দ শুনা পোৱা নাযায়। মানুহবোৰে বু বু বা বা কৰে যে উগ্ৰ্পন্থী দলটো এই হাবিখনতে আশ্ৰয় লৈ আছে বহুতদিন ধৰি। মাজে মাজে হেনো ৰাতি সিহঁত খাদ্যবস্তু বিছাৰি গাওঁবোৰলৈ ওলাই অহাও বহুতে দেখিছে। সহায়ো কৰে তেওঁলোকে। নকৰিবনো কিয়? তেওঁলোকৰ গাঁৱৰেই যে বহুত ল’ৰা এতিয়া সেই উগ্ৰপন্থী দলটোৰ সদস্য। সিহঁতৰ বাবেই এতিয়া গাঁৱৰ ছোৱালী, তিৰুতাবোৰ সেই মিলিটাৰীবোৰৰ পৰা শান্তিত শুৱলৈ পাইছে।
এনেতে হঠাত আমাৰ গাড়ীকেইখন ৰৈ গ’ল। এক অজান আত্ংকত গাটো কপি উঠিল। কিনো হৈছে বুলি বাহিৰলৈ চাওঁতেই দেখিলো একেবাৰে সন্মূখত কোনোবাই গছ বগৰাই ৰাস্তা বন্ধ কৰি থৈছে। কেইমূহুৰ্তমান সময় তেনেকৈয়ে গ’ল। হঠাৎ গভীৰ হাবিৰ নিস্তব্ধতা ভ্ংগ কৰি গুৰুম গুৰুম কৈ আমাৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ হ’ল। আমি একো তত ধৰিব নোৱাৰিলো। আমাৰ ওপৰত যে উগ্ৰপন্থীবোৰে জপিয়াই পৰিছে বুজিবলৈ বাকী নাথাকিল। চাৰিওফালৰ পৰা সিঁহতে আমাৰ কনভয়টো আগুৰি ধৰিলে। আমি প্ৰ্ত্যুত্তৰ দিবলৈ সময়েই নাপালো। গছৰ ওপৰৰ পৰাও সিহতে আমালৈ গুলীয়াবলৈ ধৰিলে। আমাৰ প্ৰায় ভাগ দেহৰক্ষীৰ মৃত্যু হ’ল। মাত্ৰ কেইজনমানেহে সিহঁতক প্ৰ্ত্যুত্তৰ দিবলৈ সক্ষম হ’ল। মইও যেনে তেনে গাড়ীৰ ভিতৰৰ পৰা যেনি তেনি গুলীয়াবলৈ ধৰিলো। লক্ষ্য কিন্তু একো নাছিল। য’ৰ পৰা গুলীৰ শব্দ আহিছিল সেই পিনেই গুলীয়াইছিলো। হঠাৎ এটা গুলী আহি মোৰ ভৰিত লাগিল। প্ৰ্চণ্ড যন্ত্ৰণাত মই চিৎকাৰ কৰি উঠিলো। হাতৰ পৰা বন্দুক খহি পৰিল। যেনেতেনে গাড়ীৰ ভিতৰৰ পৰা চুচৰি চুচৰি বাহিৰলৈ ওলাই ৰাস্তাৰ ওপৰতে বাগৰি পৰিলো। চাৰিওফালে চকু ফুৰাই দেখিলো প্ৰায়বোৰ দেহৰক্ষী জীবিত অৱস্থাত নাছিল। গাড়ীকেইখনো বৰ বেয়া ধৰনেৰে বিধ্বস্ত হৈ গৈছে। যেনিয়ে তেনিয়ে কেৱল মৰাশ। গাড়ীকেইখনৰ পৰা তেজ বৈ আহিছে। কিছুমান মূমুৰ্ষ অৱস্থাত মৃত্যু যন্ত্ৰ্ণাত চটফটাই আছে। মুঠতে এক ভয়ংকৰ পৰিৱেশ। মই চকু মুদি দিলো। মনলৈ ভাৱ আহিল— ছাৰো চাগে গাড়ীৰ ভিতৰতে মৰাশ হৈ পৰি আছে। বৰ দুখ লাগিল ছাৰলৈ। “মই আপোনাক ৰক্ষা কৰিব নোৱাৰিলো ছাৰ। ক্ষমা কৰি দিব। মইও একেই পথৰ যাত্ৰী। অলপ সময়ৰ পিছত মোৰো ছাগে মৃত্যু হ’ব।” ছাৰৰ কথা ভাৱি এক প্ৰচণ্ড শোকে বুকুখন খুন্দা মাৰি ধৰিলে। কিছু সময় মই তেনেকৈয়ে পৰি থাকিলো। লাহে গুলীবৰ্ষণ কমি আহিল। এটা সময়ত নাইকীয়া হ’ল। এটা এটাকৈ সিহঁত হাবিৰ মাজৰ পৰা ওলাই আহিল। সিহঁতে আধামৰা বোৰক চোচোৰাই নি এঠাইত একেলগে শাৰী কৰাইছে। কাৰোবাক গোৰ মাৰিছে আৰু মুৰত বন্দুক গুজি দিছে। সন্মূখত বীৰদৰ্পে থিয় দি আছে সিহঁতৰ দলপতি। মোকো এটা সময়ত সিহঁতে চোচোৰাই লৈ গ’ল। এনেতে কোনোবাই মোৰ মুখলৈ টৰ্চ মাৰি দি ভয়ত চিৎকাৰ কৰি উঠিল- “প্ৰ্দীপ তই? তই ইয়াত কেনেকে? তোক আজি আহিবলৈ মানা কৰা নাছিলো। কিয় আহিছিলি তই? তই আজি যদি মৰিলিহেতেন কি হ’লহেতেন। তোক কিমান বাৰ কৈছিলো নাহিবলৈ। কিয় আহিলি তই?”
অৱস শৰীৰে লাহে লাহে চকু মেলি চালো। চয়াময়াকৈ জোনৰ পোহৰত ভাহি আহিল বহুদিন নেদেখা এখন চিনাকী মুখ। হয় সেইটো অমৰেই হয়। কাষত ৰৈ আছে বন্দুকধাৰী গজেন, পদ্ম, দীপ, পলাশহঁত। আমি একেখন গাৱঁৰে ল’ৰা। সৰুৰে পৰা একেলগে খেলা ধুলা কৰা, একেলগে পঢ়া ল’ৰা। পৰিস্থিতিত পৰি নাঙলৰ ঠাইত এতিয়া সিহঁতি বন্দুক ধৰিছে। অমৰে আকৌ মোক সুধিলে “ক’ কিয় আহিছিলি আজি? তোক আহিবলৈ মানা কৰা নাছিলো জানো?” মই লাহে লাহে উত্তৰ দিলো— “সকলো শেষ কৰি দিলি তহঁতে অমৰ। ছাৰক কিয় মাৰিলি তহঁতে। তহঁতে যেনেকৈ আদেশ অমান্য কৰিব নোৱাৰ, মইও মোৰ ছাৰক বিশ্বাসঘাতকতা কৰিব নোৱাৰো। তহঁতৰ পৰা গুচি অহাৰ পিছত ছাৰেইটো আছিল মোৰ এক মাত্ৰ ভৰসা। সকলো সৰ্বনাশ কৰি দিলি। সকলোকেটো মাৰি শেষ কৰিছই। মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নাই। মাৰি পেলা মোকো। ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰিলি তহঁত? কি চাই আছ? শেষ কৰি পেলা মোক। যাওঁগৈ মই আইৰ ওচৰলৈ। আইয়ে ছাগে মোক ওপৰৰ পৰা চাই আছে। আৰু গজেন তই কাৰোবাৰ জীৱন কাঢ়ি ল’ব পৰা হৈ গ’লি?”
মোৰ কথা শুনি অমৰে উত্তৰ দিলে “কি বলকিছ এইবোৰ তই প্ৰ্দীপ? আৰু তই কাৰ বাবে ইমান দুখ কৰিছ? এই সকলোবোৰ আমি তোৰ বাবেই কৰিছো। তই নাজান এটা কথা। শুন আজি। যাৰ কাৰণে তই ইমান বছৰ কাম কৰি আছিলি, যাক তই ইমান ভাল পাইছিলি তোৰ সেই মৰমৰ ছাৰ তোৰ মাতৃ হত্যাকাৰী হয়। তোৰ নিজ মাতৃৰ সেই হত্যাকাৰীকে তই ইমান বছৰ ৰক্ষণাবেক্ষণ দি আছিলি। প্ৰথমতে তোক আমি ল’গ কৰাৰ বহুত চেষ্টা কৰিছিলো। কিন্তু সম্ভৱ হৈ উঠা নাছিল। পিছত তই সহ্য কৰিব নোৱাৰিবি বুলিয়েই তোক কোৱা নাছিলো। আমি তোৰ সকলো খবৰ পাই থাকো। কিন্তু আৰু মোৰ সহ্য নহ’ল। আমি তাক শেষ কৰাৰ পৰিকল্পনা কৰিলো। তোৰ আইৰ হত্যাকাৰীৰ প্ৰ্তিশোধ আমি্যেই ল’বলৈ ঠিৰ কৰিলো। সেইবাবে আজি তোক আহিবলৈ মানা কৰিছিলো। কিন্তু তই আহিলি প্ৰ্দীপ। তই কিয় আহিলি? তই আমাৰ কথা কিয় নুশুনিলি?”
অমৰৰ কথা শুনা মাত্ৰ্কে মোৰ মুৰটো ঘূৰাই আহিবলৈ ধৰিলে। ভৰিৰ তলৰ মাটিখিনি যেন হেৰাই গৈছে। ছাৰৰ প্ৰ্তি থকা শ্ৰদ্ধা নিমিষতে নাইকীয়া হৈ গ’ল। বুকুখন কিবা গধুৰ হৈ গ’ল। নিজৰ কাণকেই বিশ্বাস কৰিবলৈ টান লাগিল। যেন চিঞৰি চিঞৰি কান্দিম। হঠাৎ পিছফালৰ পৰা এটা বন্দুক গৰজি উঠিল। তাৰ গুলী মোৰ দেহৰ ইপাৰ সিপাৰ হৈ গ’ল। মই প্ৰ্চণ্ড যন্ত্ৰ্ণা অনুভৱ কৰিলো। কিন্তু সেই সময়ত মোৰ শাৰীৰিক যন্ত্ৰ্ণাতকৈ মানসিক যন্ত্ৰ্ণা বেছি আছিল। তৎক্ষণাত অমৰে লক্ষ্যস্থানৰ ফালে বন্দুক টোৱালে। এটা ক্ষতবিক্ষত শৰীৰ গাড়ীখনৰ পৰা চুচৰি নামি অহা দেখা পালো। তাৰ দুয়োটা ভৰিতে সম্ভৱ গুলী লাগিছে। লগে লগে পলাশে মাত লগালে “অই ই এতিয়াও জীয়াই আছে। এই নৰপিশাচটো। অই প্ৰদীপ এইটোৱেই তোৰ আইৰ হত্যাকাৰী।” পলাশে তাক চুলিত ধৰি চুচৰাই আনি মোৰ ওচৰ পোৱালেহি। মোৰ এনে লাগিছিল যেন মই তাৰ হাত দুখন ভাঙি পেলাম। মই তেতিয়া পৰিবৰ্তন হৈছিলো আগৰ সেই দুৰ্ধৰ্ষ উগ্ৰ্পন্থীলৈ। তীব্ৰ প্ৰ্তিশোধৰ আকাংক্ষাত মনটো লকলকাই উঠিল।তাক যেন মই তিলতিল কৈ মৃত্যুৰ মুখলৈ ঠেলি দিম। সি ইতিমধ্যে মোক গুলী মাৰি আধামৰা কৰি পেলাইছিল। মই তাক কিবা এটা শুধাৰ আগতেই সি সেহাই সেহাই ক’বলৈ ধৰিলে— “তোৰ মাক মইয়েই মাৰিছিলো প্ৰ্দীপ। তই যেতিয়া এই দলত আছিলি তোৰ পৰা আমি একো কাম কৰিব পৰা নাছিলো। তই নাজান তোৰ বাবে মোৰ কিমান লোকচান হ’ল।কিমান কষ্ট খালো তোৰ বাবে। তই যেতিয়া আমাৰ চোৰাং-কাঠ আৰু খৰ্গ ব্যবসায়ত বাধা দিছিলি তেতিয়া তোক মাৰি পেলাবলৈ মন গৈছিল। তীব্ৰ প্ৰ্তিশোধ জাগি উঠিছিল মোৰ মনত। তোক মাৰিব নোৱাৰি মই তোৰ মাক হত্যা কৰিছিলো। যিদিনা তই আত্মসমৰ্পন কৰিছিলি সেইদিনা তোৰ লগত মোৰ এক খেল খেলিবলৈ মন গ’ল। তোক মই মোৰ দেহৰক্ষী নিযুক্তি দিছিলো। তোক মিছা মৰম দেখুৱালো। তই ভাবিছিলি মই তোক বহুত ভাল পাইছিলো। কিন্তু নহয়। তোৰ প্ৰ্তি মোৰ আছিল তীব্ৰ ঘিণা ভাব। তই নাজানিছিলি তই তোৰ মাৰ হত্যাকাৰীকে তই দেহ ৰক্ষা কৰি আছিলি। তোৰ একেকুৱা পৰিস্থিতি দেখি মই তৃপ্তি পাইছিলো। তোৰ অসহায় অৱস্থা দেখি মই পেটে পেটে হাঁহিছিলো। এনেকৈয়ে তোৰ ওপৰত মই প্ৰ্তিশোধ লৈছিলো। যিদিনা তই এইবোৰ কথা জানিলিহেতেন মই তোক নিজ হাতেৰে হত্যা কৰিলোহেতেন। আৰু এটা কথা কি জান’ তোৰ যে সেই নৱস্মিতা আজি মই তাইকো শেষ কৰি আহিছো। মৰাৰ সময়ত তাই মোক প্ৰাণ ভিক্ষা খুজিছিল। বহুত কষ্টত ছটফতাই মৰিল তাই।” মোৰ আৰু শুনাৰ ধৈৰ্য নহ’ল। এটা ডাঙৰ শিল লৈ মই তাৰ মুৰত আচাৰিবলৈ ধৰিলো। তাৰ দুই খন হাত মই ভাঙি পেলালো। অৱশেষত বহুত দেৰি চটফটাই থাকি সি মৰি থাকিল। সি মৰাৰ পিছত আকাশৰ তৰা এটালৈ চাই চিঞৰি চিঞৰি ক’বলৈ মন গ’ল “মা অ’ মা চোৱা।আজি মই তোমাৰ হত্যাকাৰীৰ পোতক তুলিলো। ই মোৰ নৱস্মিতাকো হত্যা কৰিলে মা।” নৱস্মিতাৰ মুখখন মোৰ মনলৈ অহাৰ লগে লগে চকুৰে ধাৰাসাৰ পানী ওলাবলৈ ধৰিলে।মই অচেতন হৈ পৰিলো।
তীব্ৰ যন্ত্ৰণাত মোৰো জীৱন চমু চাপি আহিল। চকুৰ পতা মুদ খাই আহিবলৈ ধৰিলে। অমৰে তৎক্ষণাত মুৰটো তাৰ কোলাত তুলি ল’লে। এয়াই মোৰ শেষ অৱস্থা। এটাই মাথো সান্ত্বনা যে মই মাতৃ আৰু নৱস্মিতাৰ হত্যাকাৰীৰ প্ৰতিশোধ নিজ হাতে ল’ব পাৰিলো।লাহে লাহে শৰীৰটো জঠৰ হৈ আহিছে। সৌৱা চকামকাকৈ দেখিছো শুদ্ধ বগা সাজ পিন্ধি মায়ে মোলৈ দুই হাত মেলি ৰৈ আছে মোৰেই অপেক্ষাত। আৰু লগতে নৱস্মিতা। তাইৰ আঙুলিতচোন জিলিকি আছে কেইদিনমানৰ আগতে মই দিয়া সেই বাখৰ পতোৱা সোণৰ শেন আঙুঠিটো।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক