মৰমৰ ভণ্টিলৈ এখনি চিঠি (মল্লিকা কলিতা)

মৰমৰ ভন্টি,
মৰম ল’বি৷ কণমানি ৰিহা আৰু জোঁৱাইকো মোৰ আন্তৰিক মৰম দিবি৷ তহঁতৰ ভাল নিশ্চয়৷ তই চাগে ভাবিবলৈ ল’লি য়ে আজি মই চিঠি কেলেই দিছোঁ বুলি! কালি অসাৱধানভাৱে সৰু জনীৰ হাতৰ পৰা পানীৰ গিলাছটো লেপটপটোত পৰিল, পানী সোমাই কাম নকৰা হ’ল৷ তই দেখোন জানই তাই বৰকৈ কাৰ্টুনবোৰ চায় তাত৷ ময়ো নিয়াৰিকৈ ঘৰৰ কামবোৰ হওঁক বুলিয়ে তাইক বৰকৈ বাধা নিদিছিলোঁ৷ তই অৱশ্যে মোক তাইক লেপটপটোৰ পৰা পৰাপক্ষত আতঁৰাই ৰাখিবলৈ কৈছিলি৷ ইমান সৰুৰে পৰা তাইৰ অভ্যস্ত হ’বলৈ হ’লে চকু যাব আৰু! সি যি কি নহওক এতিয়া এটা ভাল হ’ল যে মই তোলৈ চিঠি লিখিবলৈ চেলু পালোঁ৷ মই এটি বিশেষ কথাৰ বাবেও এই চিঠি লিখাৰ উদ্দেশ্য৷ ‘Writing is a struggle against silence!’
দুদিনমান আগতে ঘৰলৈ ফোন কৰিছিলোঁ। ফোন বৰজনাই ধৰিছিল, কুশল-বাৰ্তা বিনিময় হোৱাৰ অন্তত তেখেতে ক’ৱলৈ ধৰিলে – ‘মণিৰ বিয়াখন পাতি দিওঁ বুলি ভাৱিছোঁ! তোমালোকৰ টিকেট হ’ল নে? আৰু দেৰি হ’লে তাই লাজ পাব নহয়!’ মই ভাবি পাৰ পোৱা নাই, এইখন ঘৰৰ মানুহখিনিৰ শিক্ষাৰ প্ৰতি বেছ ভাল ভাবেই আছিল, আজি আকৌ কি হ’ল! মণিক চৌদ্ধ বছৰ বয়সতে, (তই জাননে তাই নৱম মানতহে পঢ়ি আছে বৰ্তমান!) বিয়া দিবলৈ ওলাইছে! আমাৰ যোৱাৰ টিকেট ভিনদেউৰাই কৰিছে ৰ’৷ ডাঙৰ মাইনাৰ স্কুল বন্ধ থাকিব বাবে আগষ্টৰ প্ৰথম সপ্তাহতে আমি যাম৷ অ’ মই কি কৈ আছিলো? দাদাই আমি গৈ পালেই হেনো সুবিধা বুজি মণিৰ ‘তোলনি বিয়া’ খন পাতি দিব! অ’ ভণ্টি, ইমান দেৰিলৈ মোৰ মগজুৱে ঢুকি পোৱাই নাছিল এই সাধাৰণ কথাটোকে! দাদাই যদি সুদীৰ্ঘ আঠাইছ/উনত্ৰিছ বছৰৰ অন্তত পোৱা চাকৰিৰ স্থায়িত্বৰ বাবেও ৰাইজক এসাঁজ খুৱাবলৈ বিচাৰিছে বুলি ক’লেহেতেন, মই তেতিয়া চাগে নথৈ আনন্দিত হ’লোহেতেঁন! তোৰ লগত আজি এই বিষয়েই মোৰ ঢেৰ কথা পাতিবলগীয়া আছে৷ তই মোক বুজাই দেছোন যিজনী মণিৰ ডেৰ বছৰ আগতেই যৌৱন আহিল, (অৱশ্যে সেইখিনি সময়ত তাইৰ দেউতাকে সৰু খুৰাককলৈ অসমৰ বাহিৰত আছিল খুৰাকৰ অচিন বেমাৰৰ চিকিত্সাৰ অৰ্থে) আকৌ এবাৰ তাই পুৰুষ শাসিত সমাজখনক জনাব লাগিব যে, ‘তাই সন্তান ধাৰণৰ ক্ষমতা অৰ্জন কৰিলে!’ অ’ তেতিয়া সময় প্ৰতিকূল আছিল দেখি ঢোলটো ডাঙৰকৈ বজোৱা নহ’ল, সেইবাবে এইবাৰ বহল পৰিসৰত বজোৱা হ’ৱ! কিয় এই নিয়ম কেৱল আমাৰ বাবে? ছোৱালী এজনীৰ জীৱনলৈ যৌৱন আহে, কিন্তু এজন সমবয়সৰ ল’ৰাৰ জীৱনলৈ কি যৌৱন নাহে নেকি? হয়তু দুই তিনি বছৰৰ ব্যৱধান হ’ৱ পাৰে, কিন্তু এজন ল’ৰাও পুৰুষত্বৰ অধিকাৰী হয়, যৌৱন আহে৷ ভগৱানে কেৱল নাৰী দেহতহে সন্তান ধাৰণৰ ক্ষমতা আৰ্জন কৰিবলৈ শক্তি দিছে সেয়া সত্য, ধ্ৰুৱ সত্য৷ কিন্তু পুৰুষৰ বীৰ্য্য অৱিহনে সেয়া সম্ভৱনে? আমি জানোঁ গম পাওঁ এজন পুৰুষৰ প্ৰথম বীৰ্য্য কোন দিনা স্খলিত হয়? ঘৰৰ কোনোৱাই পায় নে খবৰ, পোৱাৰ উপায় থাকেনে? নাই এয়া নিষিদ্ধ, নাপায়! ছোৱালীজনী ৰজঃস্বলা হোৱাৰ লগে লগে ঘৰৰ মূৰব্বী লোক সকলে ঘড়ীৰ সময় টুকি ৰাখে, সময়ত গণকক দেখুৱাই ছোৱালীজনীৰ ভাগ্য পৰীক্ষা কৰা হয়! তাই কি যোগৰ অধিকাৰিণী হ’ল- পতিব্ৰতা, পতিহীনা, ইত্যাদি ইত্যাদি৷ তাৰ পিছত পোন্ধৰ দিনীয়া, ডেৰমহীয়া, তিনিমহীয়া নিৰামিষ খোৱা ব্ৰত! উসঃ কি মৰ্মন্তুদ৷ তই কল্পনা কৰচোন এজনী দহ/ এঘাৰ বছৰীয়া ছোৱালীয়ে কলপাতত গধূলি সিদ্ধ ভাত খাইছে, আৰু ঘৰৰ সমবয়সৰ ল’ৰাটোৱে যি কোনো খাদ্যৰে আমেজ লৈছে! তাই কি এনে অক্ষমণীয় অপৰাধ কৰিলে বাৰু? কিন্তু পুৰুষৰ বাবে কোনো নিয়ম নাই, পুৰুষৰ বাবে বৰদান পুৰুষত্ব?
এই নিয়ম কেৱল অসমতহে দেখা যায়, মোৰ গুজৰাটী বান্ধৱী ৰিংকল, প্ৰতিৱেশী কেৰলৰ দীপা, ঝাৰখণ্ডৰ তাব্বাচুম, মহাৰাষ্ট্ৰৰ প্ৰ্ড্ন্যা সকলোৱে এই নিয়ম শুনি বিচুৰ্তিহে খালে! অসমৰো উজনিৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ মাজত এই নিয়ম শিথিল৷ আৰু এই যে ঋতুমতী হোৱাৰ প্ৰথম দিনাৰ(নামনিৰ ফালে চাৰিদিন, উজনিৰ ফালে সাতদিন) পৰাই কেৱল নাম মাত্ৰ লঘু আহাৰ মানে ফলমূল-বুট-গাখীৰ খাবলৈ দি কোনো পুৰুষ, সূৰ্য্য, গছ-গছনিৰ মুখ নেদেখাকৈ মজিয়াত খেৰৰ বিচনাত শোৱাৰ ব্যৱস্থা কিমানখিনি বিজ্ঞানসন্মত? মোৰ বোধেৰে এই সময়ত আমি চাফ-চিকুণতাৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰিব লাগে৷ আৰু চাব লাগে যাতে ৰক্তক্ষৰণৰ ফলত ছোৱালী জনীয়ে দুৰ্বল অনুভৱ নকৰে তাৰ বাবে প্ৰ’টিন, ভিটামিন যুক্ত খাদ্যহে যোগান ধৰিব লাগে, নে নামমাত্ৰ খাদ্য! ধিক আমাৰ মানসিকতা! তই মোক ফোনেৰে জনাইছিলি যে আজিকালি দিনকাল সলনি হ’ল, বহুতো পৰিৱৰ্তন আহিল! তোলনি বিয়ালৈও পৰিৱৰ্তন আহিল(আচলতে অনাহক প্ৰতিযোগিতা!)৷ চুবুৰীয়া শইকীয়াৰ জীয়েকৰ তোলনি বিয়া হওতে চিঠি চপোৱাৰ কথা তয়ে জানো মোক কোৱা নাছিলি৷ এতিয়া বৰ বিয়াৰ দৰে এইখন বিয়াতো ল’জ ভাৰা কৰা (অৱশ্যে আজিকালি বহল চোতাল পাবলৈ নায়েই ) হ’ল৷ তিনি/চাৰি যোৰ পাতৰ কাপোৰ, গহনাৰ চেট, মেহেন্দী পৰ্ব, কইনা সজাবলৈ পাৰ্লাৰৰ ছোৱালী, ভিডিঅ’, বুফে, আপ্যায়নত কফি আদি কৰি কিছুমান অনৰ্থক খৰছৰ প্ৰকোপ বাঢ়িল। মুঠৰ ওপৰত ভৱ্য আয়োজন! মোৰ এই মুহূৰ্তত মনলৈ আহিছে সৰুতে যে এখন তোলনি বিয়া খাবলৈ যাওতে তই যে মিঠাই লাগে, মিঠাই খাম বুলি চিঞৰি থাকোতে কোনোৱা এজনে এমুঠা চেনি তোৰ পাতত দিছিল, আৰু কৈছিল বোলে ভণ্টি মিঠাই নাই নহয়, চেনিকে খোৱা! হয়দে, তেতিয়াৰ দিন আৰু এতিয়াৰ দিন, পৰিৱৰ্তন সঁচাকৈ তোলনি বিয়াত আহিছে! এই খৰছৰ পইচাখিনি ছোৱালী জনীৰ ভৱিষ্যতৰ উচ্চশিক্ষাৰ বাবে আমি সাঁচি ৰাখিব নোৱাৰোনে, নাইবা তেনে কল্যাণকামী কামলৈ বুলি?
আচলতে ইমান কম বয়সত এজনী ছোৱালীয়ে বুজা হৈ নুঠে ঋতুমতী হোৱাৰ অৰ্থ৷ জীৱনৰ এই আকস্মিক পৰিৱৰ্তনত ছোৱালী এজনী ভয়, শংকা আৰু কিমান যে লজ্জা অনুভৱ কৰে ভিতৰি ভিতৰি! মই ভাৱোঁ আমি আমাৰ কন্যাসকলক ভৱিষ্যতে ল’ৱ লগা সাৱধানতাৰ পাঠ হে দিয়া উচিত, যাতে সিহঁত কোনো অনাকাংক্ষিত পৰিবেশৰ মাজত নপৰে৷ এই তিনিবছৰত ইয়াত থাকি দেখিছোঁ আৰু বুজিছোঁ ইয়াত নাৰী কিমান সুৰক্ষিত! অৱশ্যে ‘পৰ্দা’ প্ৰথাক আমি সমালোচনাও কৰিম, যে একৈছ শতিকাত নাৰীৰ প্ৰতি এয়া কেনে আচৰণ! তোলনি বিয়া পাতি আমি আচলতে আমাৰ জীয়াৰি সকলক বিপদৰ মাজলৈ হে ঠেলি দিছোঁ৷ বাতৰিত প্ৰায়ে ওলায় ছয়মহীয়া শিশুও যৌন আতিশয্যৰ বলি হয়৷ দিল্লীৰ শিহৰণকাৰী ‘দামিনী হত্যাকাণ্ড’ আমি পাহৰি যোৱা উচিত নহয়৷ ঘৰে-বাহিৰে, কি শিক্ষিতা কি অশিক্ষিতা কোনো নাৰীয়ে আজি সুৰক্ষিত নহয়৷ তেনে ক্ষেত্ৰত তোলনি বিয়া অনুষ্ঠিত কৰি, ছোৱালীজনীৰে যৌৱনকালৰ বতৰা তাকৌ আপোন ঘৰখনে দিবলৈ গৈছো, বিপদক বৰপীৰা পাৰি দিয়া নাইনে আমি? আমি সাৱধান হ’ৱৰ হ’ল ভণ্টি! এই নিলাজ আৰু স্পৰ্শকাতৰ প্ৰথাৰ প্ৰতি মাত মাতিবৰ হ’ল৷ ভগৱানে আমাকো ছোৱালী সন্তানৰ মাতৃত্ব প্ৰদান কৰিছে৷ সিহঁতৰ সুৰক্ষাৰ দায়িত্ব আমাৰ, গোটেই ঘৰখনৰ৷ আমিয়ে আৰম্ভণি কৰোঁ আহ, এই কু-প্ৰথাক আমাৰ পদুলিত প্ৰৱেশ ঘটিৱলৈ নিদিওঁ!!
ইতি
মৰমেৰে তোৰ
‘বা’
(মল্লিকা কলিতা)
অল খোৰ, কাটাৰৰ পৰা
তাৰিখ-২৯মে২০১৪
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments