মৰমৰ ভন্টী (যতীন গগৈ)


মৰমৰ ভন্টী,
প্ৰথমতে তোলৈ হিয়া ভৰা মৰম যাচিলোঁ। কেনে আছনো তই? কেনে আছে আই-বোপাই? আজি কিমান বছৰ যে হ’ল তহঁতক দেখা নোপোৱা। বৰ মনত পৰিছে অ’ আজি তহঁতলৈ। সেয়েহে তোলৈ বুলি একলম নিলিখি নোৱাৰিলোঁ। এতিয়া চাগে তই বৰ গাভৰু জনী হৈ পৰিলি। তোক এবাৰ চাবলৈ মোৰ বৰ মন গৈছে জাননে! এই ভণ্টী সৰু থাকোঁতে আমি কিমান যে উৎপাত কৰিছিলোঁ তোৰ মনত আছেনে? বৰ সবাহৰ পকা মিঠৈক লৈ যে তোৰে মোৰে কিমান থপিয়াথপি লাগিছিল শেষত আইৰ গালি খাই খঙতে তই যে গোটেইখোপা মোলৈ দলিয়াই দি কৈছিলি হো ল’ তয়েই সোমোৱাই ল এই সোপা মই নাখাওঁ যা! তোক যে মই জেতুলীপকা দেখুৱাই দেখুৱাই খাইছিলোঁ আৰু কেইটামান দেনা বুলি কৈ যে মোৰ পিছে পিছে তই লাগি ফুৰিছিলি মনত বাৰু পৰে নে তোৰ কেতিয়াবা? তই বাৰু এতিয়া ভালকৈ তাঁত বব পৰা হ’লিনে? এদিন যে তই আইয়ে তাঁত শালত গামোচা লগাই থাকোতে নিজে বব লৈ গৈ মাকোডাল পাৰ কৰাব নোৱাৰি গোটেই খন যে জঁট লগাইছিলি আৰু মই আইক কৈ দিয়াত তই যে মোক দুদিনলৈ মতা নাছিলি তোৰ বাৰু মনত আছেনে? তামোল গছত যে টোকোৰা চৰাইবোৰে বাহ সাজিছিল আৰু মই যে এদিন বাটলু গুটি মাৰি বাহ এটা ফুটা কৰি পেলাইছিলোঁ, তেতিয়া তই দুখতে যে ইমান কান্দিছিলি। তই চাগে পাহৰিলি। ইমান মৰমিয়াল আছিলি তই।
কৈ থাকিলেচোন শেষেই নহয় তোৰ কথা। আজি মোৰ অতীতৰ সকলো কথা মনত পৰিছে জাননে! মোৰ কথা আৰু নুসুধিবি তই ভনী। তই জানই দেখুন মোৰ সকলো কথা। বন্দুকটো লৈয়েই হাবিয়ে হাবিয়ে ঘূৰি ফুৰিছোঁ মনত অনেক ক্ষোভ বহুত স্বপ্ন, লক্ষ্য আগত ৰাখি। মৃত্যুৱে প্ৰতিটো পলতে হাতবাউলী  মাতি থাকে। হয়তো এইখনেই তোলৈ মোৰ শেষ চিঠি। মই আৰু চাগে কোনোদিন যাব নোৱাৰিম তহঁতৰ ওচৰলৈ। বেজাৰ কৰি নাথাকিবি। আই-বোপাইক মোৰ মৰম দিবি আৰু দুখ কৰি নাথাকিবলৈ কবি। তোক মই একো দি যাব নোৱাৰিলো ভনী। পাৰ যদি ক্ষমা কৰি দিবি। আগতে ঘৰত থাকোতে তই দিয়া সেই যে সান্দহগুৰিৰ জলপান বৰ খাবলৈ মন গৈছে জান! আৰু লিখিব নোৱাৰো বুজিছ। তহঁতলৈ মনত পৰি মোৰ চকুপানী ওলাই গৈছে। নিজৰ যত্ন লবি। অ’ আৰু এটা কথা কৈ যাওঁ তই চকুত কাজল নলগোৱাকৈ নাথাকিবি আকৌ। তোক কাজল সানিলে বৰ ধুনীয়া দেখি অ’। তোৰ যেন ভাল হওঁক তাৰেই কামনা কৰিছোঁ। শেষত তোলৈ অশেষ মৰম আৰু মংগল কামনা কৰি বিদায় মাগিলোঁ।
ইতি
তোৰ দাদা

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
AnanyaDolly
4 years ago

অতি সুন্দৰ

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক