মৰমৰ ৰেডিঅ’ -(ৰিমঝিম বৰঠাকুৰ)

মৰমৰ ৰেডিঅ’

-ৰিমঝিম বৰঠাকুৰ

বেয়া হৈ থকা ৰেডিঅ’টো ভাল কৰিবলৈ নি উদাস মনেৰে উভতি আহিল মহেন শইকীয়া৷ দুনাই বোলে আৰু ভাল হোৱাৰ আশা নাই, বহুত পুৰণি হ’ল যে ভিতৰৰ বস্তু সকলো বেয়া হ’ল৷ কথাষাৰ শুনি শইকীয়াৰ নিজৰ কাৰোবাৰ মৃত্যুৰ বাতৰি শুনাতকৈও বেচি দুখ পালে৷ কোনোবাই যেন আহি বুকুখনত শেল এপাতহে বহুৱাই থৈ গ’ল৷ ৰেডিঅ’টো নাছিল কি তেওঁৰ কাৰণে?

“অলপ আৰু চেষ্টা কৰি চাব নোৱাৰিবা নে যদি কেনেবাকৈ ঠিক হয়েই” অতি আশাৰে মেকানিকজনৰ মুখলৈ চাই ৰ’ল যেন তেওঁ এতিয়া সত্তৰ বছৰ বয়সৰ বৃদ্ধ নহয় এটা সাতবছৰীয়া ল’ৰাহে, যিয়ে নিজৰ লোভৰ বস্তুটোলৈ মুখ মেলি আশাপালি ৰৈ আছে৷ কিন্তু লাভ ন’হল যিটো মোনাত লৈ আহিছিল সেইটো মোনাতে মেকানিকজনে ৰেডিঅ’টো ভৰাই দি শইকীয়াক বিদায় দিলে৷

হঠাতে একেবাৰে অমাত হৈ পৰা তেওঁৰ মৰমৰ ৰেডিঅ’টো কোলাতে লৈ টিকটিকীয়া ৰ’দত ঘামি-জামি শইকীয়া ঘৰ পালেহি৷ ৰ’দত ভাগৰে-জোগৰে আহি পোৱা শহুৰেকক আতৌ পিতৌকৈ নেমু পানীকণ দিবলৈ গৈ বোৱাৰীয়েকে দেউতাকৰ মৰহা মুখখন দেখিয়েই বুজিলে ঘটনাটো কি৷ তথাপিও নজনাৰ দৰেই ওচৰলৈ গৈ নেমু পানীকণ দিয়াৰ চলেৰে কথাৰ উম ল’বলৈ ওচৰতে বহিল৷ কিন্তু দেউতাকৰ শুকাই যোৱা মুখখন দেখি সোধো বুলিও একো সুধিব নোৱাৰি অলপ সময় তেওঁৰ ওচৰতে উচপিচাই থাকি গুচি আহিল৷

আজি পুৱাই বন্দনা শুনিবলৈ গৈ ৰেডিঅ’টো বহুত চেষ্টা কৰিও বজাব নোৱাৰি শহুৰেকৰ যিহে অৱস্থা হৈছিল তাকে দেখি পুতেকে অফিচলৈ যাওঁতেই ৰেডিঅ’টো লৈ গৈ গাঁৱৰপৰা অলপ দূৰত থকা ৰেডিঅ’, ঘড়ী ভাল কৰা দোকানখনতে ঠিক কৰিবলৈ দি থৈ গ’ল৷ ভাল হয় যদি হওক, এইটো ন’হলে যে দেউতাকৰ কি দশা হ’ব জনা আছে৷ আকৌ ঘূৰি আহোঁতে লৈ অনাৰ কথা আছিল৷ কিন্তু শইকীয়াই পুতেকলৈ বাট চাব নোৱাৰিলে, পুতেক অফিচলৈ যোৱাৰ পিছতেই ছাতিটো লৈ ওলাই গ’ল৷ ভাল কৰি একেবাৰে লগতেই লৈ আনিব৷ বোৱাৰীয়েকে হাজাৰ মানা কৰাৰ পিছতো কথা নুশুনি খাও খাও ৰূপ লৈ থকা ৰ’দডালতে দোকান পালেগে৷ সেই তেতিয়াৰ পৰা দোকানখনতে বহি থাকি ভাল কৰিব নোৱাৰা যন্ত্ৰবিধ লৈ আনি ঘৰ পাইছেহি৷

ৰেডিঅ’টো একেবাৰে বেয়া হৈ যোৱাৰ কাৰণে বোৱাৰীয়েকে ভালেই পাইছে৷ ন’হলে ৰেডিঅ’ৰ উৎপাতত না তাই ভালকৈ শুব পাৰে না ভালকৈ প্ৰিয় হিন্দী চিৰিয়েল কেইখন চাব পাৰে৷ যেতিয়াই টিভিটো লগাব তেতিয়াই শহুৰেকে ৰেডিঅ’টো লগাই ওচৰতে বহি ল’ব৷ কেতিয়াবা তাইৰ ক’বলৈ মন যায় টিভি চাই যদি টিভি চাওক ন’হলে ৰেডিঅ’ শুনক৷ কিন্তু মন গ’লেও ক’ব নোৱাৰে, খংতে টিভিটো অফ কৰি উঠি গ’লেও পিছে পিছে শহুৰেক আহি ৰেডিঅ’ৰ সাৰমৰ্ম ক’বলৈ উঠি পৰি লাগিব৷ অলপো বুজি নাপায় মানুহে যে অশান্তি পায়৷ পুৱাবেলাৰ কথাটো ক’বই নালাগে পুৱাটো হ’বলৈ পায় নে নাপায় সিফালে শহুৰেকৰ আকাশবাণী কেন্দ্ৰ বাজিবলৈ আৰম্ভ কৰেই৷ এতিয়াৰ পৰা অলপ হ’লেও এইবোৰৰপৰা মুক্তি পাব৷ এতিয়া সোণকালে দুপৰীয়া সাজ খোৱাই বোৱাই চিৰিয়েল কেইখন চাব পৰাকে আজৰি হৈ লও বুলি লৰালৰিকৈ ভাতকেইটা বাঢ়িবলৈ গ’ল৷

ভাতকেইটা আগত লৈ আছে যদিও দুখতে তেওঁ এগৰাহো মুখলৈ নিব পৰা নাই৷ সুখে-দুখে যিটো তেওঁৰ লগৰী আছিল আজি সেইটোও নিমাত হৈ ৰ’ল৷ যি পাৰে ভাতকেইটা কোনোমতে শেষ কৰি পাতৰপৰা উঠি গৈ আগফালৰ বাৰান্দাখনতে বহিল৷ যেতিয়া তেওঁ স্কুলত শিক্ষকতা কৰি আছিল তেতিয়া তেওঁক কোনোদিনেই ঘড়ী চাবলৈ আৱশ্যক হোৱা নাছিল৷ ৰেডিঅ’টোৱে সকলোবোৰ আছিল৷ ৰেডিঅ’ৰ অনুষ্ঠান অনুসৰি সময় কিমান হৈছিল গম পাই গৈছিল৷ কেৱল তেওঁৱে নহয় তেওঁৰ পত্নীও একেই আছিল৷ ৰেডিঅ’টো লগাই থৈ কাম কৰি থাকিছিল যদিও সময়ৰ খিয়াল ৰাখি তেওঁক, ল’ৰা ছোৱালী কেইটাক সময়মতে স্কুললৈ উলিয়াই পঠাব পাৰিছিল৷ পুৱাৰ ’বন্দনা’ অনুষ্ঠানটোৱে দিনটোৰ কাৰণে যেন মনলৈ কিবা এক শান্তিহে কঢ়িয়াই আনে৷ ’আজি-পুৱা’ আৰম্ভ হৈ যায় মানে ঘৈণীয়েক তৰুলতাই য’ৰ কাম তাতে পেলাই লৰালৰিকৈ গা-ধুবলৈ সোমাই ন’হলে সময়ত ভাতকেইটা হোৱাব নোৱাৰিলে গোটেইমখাই পেটৰ ভোক পেটতে ৰাখি স্কুল যাব লাগিব৷ লেহেমীয়া গতিত ষ্টাইল কৰি স্কুললৈ ওলাই থকা জীয়েক মামণিও পুৱাৰ আঞ্চলিক বাতৰি শুনি খৰ-খেদা কৰি ওলাই যায়৷ সকলোকে স্কুললৈ পঠিয়াই শইকীয়া মাষ্টৰৰ ঘৈণীয়েকে অতি আগ্ৰহেৰে ৰৈ থাকে ’আইদেউৰ বুলনি’লৈ৷

’আহ্ কি যে এক ভাল লগা মুহূৰ্ত আছিল, কিন্তু এতিয়া…’ পুনৰ তেওঁৰ মনটোৱে উচাট বিচাট কৰিবলৈ ধৰিলে৷

’আজি ন’হলে বাবাকে ক’ব লাগিব, কেনেবাকৈ টাউনলৈ যোৱা মানুহ আছে নেকি খবৰ কৰিবলৈ৷ তেতিয়া তেওঁৰ হাততে ৰেডিঅ’টো ভাল কৰিবলৈ দিব পাৰিব’ কথাকেইটা মনতে পাগুলি পুতেক কেইটামানত পাবহি সুধিবলৈ বোৱাৰীয়েকৰ ওচৰ পালেগৈ৷ আপোনভোলা হৈ চিৰিয়েল চাই থকা বোৱাৰীয়েকক দেখি শইকীয়াৰ ঘৈণীয়েকলৈ বৰ মনত পৰিল৷ আজি যদি ঘৈণীয়েক তেওঁৰ কাষত থকা হ’লে ৰেডিঅ’টো বেয়া হোৱা বুলি গম পোৱা হ’লে কম দুখ পালেহেতেন নে৷ যিকোনো প্ৰকাৰে ভাল কৰোৱাৰ চেষ্টা চলালেহেঁতেন, তেওঁ কাৰ আগত প্ৰকাশ কৰিব তেওঁৰ বেদনা কিমান ৰেডিঅ’টোৰ কাৰণে৷ চিৰিয়েলত মছগুল হৈ থকা বোৱাৰীজনীক কিবা ক’লে যে তাই এতিয়া মন দিব শইকীয়াৰ নালাগিল৷ সেয়ে বাৰাণ্ডাখনতে বহি পুতেক অহালৈ বাট চাই ৰ’ল৷

আজি তেওঁৰ নিজকে বৰ অকলশৰীয়া যেন অনুভৱ হৈছে৷ আগতে তেওঁৰ লগত কথা পাতিবলৈ মানুহ নাথাকিলেও ৰেডিঅ’টো বজাই থ’লে কিবা এটা ভাল লাগি থাকে৷ কিন্তু আজি একেবাৰে মুদাই মৰি থাকিল৷ কেতিয়াবা পুতেক-বোৱাৰীয়েকে তেওঁক ৰেডিঅ’ৰ কাৰণে কথা নুশুনোৱাকৈও থকা নাই৷ কিন্তু তেওঁ সেইবোৰলৈ কাণ নিদিয়ে কেতিয়াবা পুতেকক ক’বলৈহে মন যায় আগতে দেখোন সেইটোৱে সকলো আছিল৷ এতিয়া টিভি, এফ এম নে কি সেইডাল হোৱাৰপৰা ৰেডিঅ’টো এলাগী হৈ পৰিল৷ সৰুকালত আকৌ ’অকণিৰ মেল’ শুনিবলৈ ককায়েক ভনীয়েক দুয়োৰে যি উৎপাত, বুধবৰীয়া নাটকখন নুশুনিলে সিহঁত এটাৰো ভালেই নালাগিছিল এতিয়া আকৌ কয় ৰেডিঅ’টো বেয়া হৈ থকায়েই ভাল৷ সন্ধ্যা লাগিবৰ হ’ল এতিয়াও পুতেক আহি পোৱা নাই, বোৱাৰীয়েক টিভিৰ ওচৰৰপৰা উঠাই নাই৷ পুতেক আহি নোপোৱালৈকে শান্তিত বহি থাকিব নোৱাৰি চোতালখনতে পাইচাৰি কৰি থাকিল৷ সন্ধ্যাৰ আঞ্চলিক বাতৰি শুনিবলৈ তেওঁ উচপিচাই আছে, এবাৰ ভিতৰলৈ গৈ ৰেডিঅ’টো আনি এনেই লিৰিকি বিদাৰি চালে কেনেবাকৈ মাত ওলাইয়ে নেকি৷ বেয়া হোৱা ৰেডিঅ’টো কোলাতে লৈ তেওঁ ভাবৰ সাগৰত ইমানেই বুৰ গ’ল যে কাষেদি পুতেক পাৰ হৈ যোৱাও গম নাপালে৷

ৰেডিঅ’ৰ বেদনাত দগ্ধ মাষ্টৰ কাইলৈ নিজেই টাউনলৈ যাবলৈ ওলাল, এনেকৈ লোকলৈ আশা কৰি থাকিলে চাউল নিসিজে৷ আজি ৰাতিটো কেনেবাকৈ পাৰ হওক কাইলৈ পুৱাই কাৰোবাক সোধ-পোছ কৰি লৈ যাব তেওঁৰ দেহ-লাউটোৰ মাতটো ঘূৰাই আনিবলৈ৷ সুখ-দুখৰ লগৰী ৰেডিঅ’ৰ মাতটো ঘূৰি নাহিলে যে তেওঁ একেবাৰেই অকলশৰীয়া হৈ পৰিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments