মৰহা এজাৰৰ বসন্ত-(ডলী শৰ্মা তামুলী)

অৱশেষত পলমকৈ হ’লেও প্ৰভাত মাষ্টৰৰ ভনীয়েক লাৱণ্যৰ বাবে এজন দৰা ওলাইছিলগৈ। বয়সে গৰকা, প্ৰথমা পত্নীৰ মৃত্যুত দিশহৰা হোৱা এজনী কণমানিৰ বাপেকো তেওঁ। কণমাণিজনীৰ মাকৰ অভাৱখিনি হয়তো প্ৰভাত মাষ্টৰৰ বিয়াৰ বয়সে ভাটি দিয়া ভনীয়েক লাৱণ্যইহে বুজিব পাৰিব বুলি বিশ্বাস কৰি পেলাইছিল পৰিয়ালৰ আটাইয়ে। বুজাইছিলোঁ লাৱণ্যক, ‘হওঁক দে, ভাটি বয়সত হ’লেও হাড়ডালকে শুচি হওঁক অন্ততঃ’! লাৱণ্যয়ো সচাঁকৈয়ে নিখুঁতভাবেই সামৰি লব পাৰিছিল সংসাৰখন! মাতৃহীনা ছোৱালীজনীৰ অভাৱ-অভিযোগ, ঠেঁহ-পেচবোৰ নতুন মাকজনী হৈয়ো বুজিবলৈ চেষ্টা কৰিছিল। সুখী হৈছিল সকলো, প্ৰভাত মাষ্টৰো। আচলতে তেওঁ অকলশৰীয়া হ’লেও ভনীয়েকৰ যে শেষত এটা গত লাগিল সেই কথাটোৱে তেওঁৰ মনটোক পৰম সন্তোষ দিছিল। ‘মইহে লাৱণ্যৰ বাবে বৰলা হৈ ৰ’লোঁ, লাৱণ্যই আকৌ মোৰ বাবে কিয় ৰৈ যাব ওৰেটো জীৱন? ভাল সম্পৰ্ক এটা পোৱাৰ পিচত তাইক কোনোপধ্যেই ৰখায় থোৱাটো উচিত নহয় কেৱল মোৰ বাবেই’! পৰিয়াল, ওচৰ চুবুৰীয়া, চিনাকী মানুহবোৰে তেওঁৰ অকলশৰীয়া অৱস্থাটোৰ কথা কৈ দুখ কৰিলে তেনেকৈয়ে উত্তৰ দিছিল প্ৰভাত মাষ্টৰে। তেওঁ ভালদৰে জানিছিল এই একেখিনি মানুহেই ভনীয়েক বিয়া নোহোৱাকৈ ৰৈ গ’ল বুলি কমখন ঠাট্টা মস্কৰা কৰিছিল নে এসময়ত!

মনোৰমাৰ স্বামী ঢুকাইছে। প্ৰভাত মাষ্টৰৰ সহকৰ্মী যতীন মাষ্টৰেই মনোৰমাৰ স্বামী। স্কুলৰ কাষতে নতুনকৈ হোৱা চুবুৰিতে মাটি কিনি ওচৰা ওচৰিকৈয়ে ঘৰো সাজিছিল তেওঁলোকে। সেই চুবুৰীয়া সহকৰ্মী যতীন ঢুকোৱা কথাটোৱে প্ৰভাত মাষ্টৰৰ মনটোক সাংঘাটিক দুখী কৰিছিল যদিও অন্তৰৰ কোনোবাখিনিত হয়তো তেওঁ অকণমান হ’লেও সকাহো অনুভৱ কৰিছিল। জীৱনৰ আধাতকৈয়ো বেছি বয়স মনোৰমাই যতীনৰপৰা পোৱা মানসিক আৰু শাৰিৰীক সংঘাতবোৰৰ ভয়াবহতা কিমান আছিল সেয়া একমাত্ৰ প্ৰভাত মাষ্টৰৰ বাহিৰে আন কোনেও ইমান ওচৰৰ পৰা দেখা পোৱা নাছিল, অনুভৱো কৰিব পৰা নাছিল! সময়মতে ভনীয়েক লাৱণ্যক বিয়া দি উলিয়াই দিব নোৱাৰা কথাটোত যেনেদৰে তেওঁ এটা সময়ত অসহায় অনুভৱ কৰিছিল, মনোৰমাৰ ক্ষেত্ৰটো ঠিক একেদৰে সদায় নীৰৱ দৰ্শকৰ ভূমিকাহে পালন কৰি আহিছিল তেওঁ। মন থাকিলেও মনোৰমাৰ বাবে কেতিয়াও একো কৰিব নোৱাৰিছিল প্ৰভাত মাষ্টৰে। কাৰণ মনোৰমা যে যতীনৰ পত্নী।

মনোৰমায়ো দুই সন্তান ৰুবুল আৰু ৰুবীৰ মায়াতে সংসাৰখনত দিনে দিনে বাঢ়ি যোৱা অশান্তিবোৰকো কোনেও ধৰিব নোৱাৰাকৈ সহজ কৰি পেলাইছিল সময়ৰ লগে লগে! কিমান দিন যে আপোনঘাটী হোৱাৰ কথাটো ভাবিছিল তেওঁ! পিচে ৰৈ গৈছিল সিহঁত দুটাৰ বাবেই। যদিও যতীন আৰু প্ৰভাত মাষ্টৰ সহকৰ্মী-বন্ধুৱেই আছিল, তথাপিও স্বভাৱ চৰিত্ৰৰ ফালৰ পৰা যতীন সম্পূৰ্ণ বিপৰীত আছিল প্ৰভাত মাষ্টৰৰ। স্কুলৰপৰা বাহিৰে বাহিৰে মদৰ আড্ডালৈ যোৱা যতীন মাষ্টৰে গধূলি ঘৰলৈ উভতিছিল অস্থিৰ থৰক বৰক খোজেৰেহে। খাই বৈ টোপনি নহালৈকে সৰু সুৰা কথাৰ অজুহাতৰে ঘৰখনত হুলস্থূলৰ সৃষ্টি কৰাটো নিয়মিত ঘটনাৰ দৰেই আছিল। বাপেকৰ ব্যৱহাৰত অভ্যস্ত হৈ পৰা ৰুবুল ৰুবী কিন্তু পঢ়াত চোকা। এল পি, এম ই বৃত্তি পোৱা। প্ৰতিদিনে ঘৰখনত সৃষ্টি হোৱা খেলিমেলিবোৰৰ বাবেই বাপেক ঘৰলৈ ওভতাৰ আগতে সিহঁতে নিজৰ পঢ়া-শুনাখিনি শেষ কৰি আজৰি হৈ ৰৈছিল। এই পৰিবেশৰ বাবে বয়সতকৈ সিহঁত বহুত বেছি বুজন হৈ উঠিছিল। মাজে মাজে প্ৰভাত মাষ্টৰ আহি সিহঁতক পঢ়া শুনাখিনি চাই দিছিলহি। কেতিয়াবা তেওঁ সিহঁতৰ লগত লাগি থাকোতেই ঘৰ আহি পোৱা যতীন মাষ্টৰে সকলোৰে সন্মুখতে সৰু কথাতে দোষ ক্ৰুটি উলিয়াই মনোৰমাক গালি গালাজ কৰাও দেখিছিল। সেই সময়খিনিত প্ৰভাতৰ উপস্থিতিৰ কথা মুঠেও ভ্ৰুক্ষেপ নকৰিছিল যতীনে। সকলো দেখিয়ো কিন্তু প্ৰভাত মাষ্টৰে এৰিব পৰা নাছিল মনোৰমাৰ ল’ৰা-ছোৱালী দুটাৰ মৰম। সিহঁতৰ ঘৰলৈ নহাকৈয়ো থকা নাছিল। অকাৰণতে মনোৰমাৰ ওপৰত চলা অত্যাচাৰৰ প্ৰতিবাদ কেতিয়াবা কৰিম বুলি ভাবিও ৰৈ গৈছিল তেওঁ। তাৰ বিপৰীতে কিবা অথন্তৰ ঘটাৰ আগতেই তেওঁলোকৰ ঘৰৰ পৰা সোনকালে আতঁৰিহে গৈছিল নিজৰ ঘৰলৈ বুলি। কোনোবাদিনা আকৌ তেওঁৰ সন্মুখতে চৰ ভুকু খাই ক’লা পৰি উখহি উঠা মনোৰমাৰ গালখনৰ কথাটো ভাবিয়ে পিচদিনা বিষৰ টেবলেট দুটামান গুজি দি থৈহে স্কুললৈ গৈছিল প্ৰভাত মাষ্টৰ।

বছৰবোৰ সলনি হৈছিল। প্ৰকৃতিয়েও নিজকে ন ন ৰূপে সলনি কৰিছিল সময়মতে। এজাৰ ফুলবোৰো জাক জমককৈ ফুলিছিল। কিন্তু মনোৰমাৰ মনোজগতৰ বেজাৰৰ ফুলনিখনহে ফুলি ৰৈছিল মনৰ মাজতে বাৰ মাহে। দুয়োটা ল’ৰা-ছোৱালীয়ে এম.এ পাছ কৰি শিক্ষা শেষ কৰিছিল। সৰুৰে পৰাই সিহঁতৰ এটাই লক্ষ্য, মানুহ হৈ যেন অন্ততঃ মাকক সুখকণ দিব পাৰে। মাকৰ অন্তৰত থকা কাহানিও নুশুকুৱা কেঁচা ঘাঁৰ টুকুৰাটো সিহঁতৰ সফলতাৰ মলমেৰে শুকুৱাবলৈ সদায় যত্ন কৰিছিল সিহঁতে। কিন্তু সিহঁতৰ সেই সাফল্যই মনোৰমাৰ মানসিক উত্তৰণ কিমান ঘটাব পাৰিছিল তাৰ ভূ কোনেও অনুমান কৰিব পৰা নাছিল কাহানিও। মনোৰমায়ো তাইৰ মনৰ বেজাৰৰ পাহাৰখনলৈ জুমি চাবলৈকো কাকো সুবিধা দিয়া নাছিল। যতীনৰ ঘৰৰ মানুহেও সেই বাবেই বৰ ভাল পাইছিল মনোৰমাক। তেওঁলোক এককথাত ঋণী হৈয়ে ৰৈছিল তাইৰ ওচৰত। যতীনৰ ডেকা অৱস্থাতে সম্পৰ্কীয় ছোৱালী এজনীৰে সৈতে থকা ভালপোৱাৰ কথা ঘৰত জনাৰ পিচতে আটাইৰে সিদ্ধান্ততে মনোৰমাক পচন্দ কৰিয়ে বিয়া পাতি অনা হৈছিল। সেই যে মনোৰমাক অনিচ্ছাস্বত্বেও পত্নী হিচাপে গ্ৰহণ কৰাৰ পিচত অগা-পিচাকৈ তাইৰ গৰ্ভত ৰুবুল আৰু ৰুবীক আহিছিল, সেইখিনিতে মনোৰমাৰ প্ৰতি থকা যতীনৰ দায়িত্ব আৰু কৰ্ত্তব্য শেষ কৰি পেলাইছিল চিৰদিনলৈ। দিনটো স্কুলত থকাৰ পিচত আবেলিৰ পৰা মদৰ নিচাতে শেষ কৰিছিল গধূলিবোৰ। প্ৰথম অৱস্থাত সলনি কৰিবলৈ চেষ্টা নকৰা নহয় মনোৰমাই! কি কৰা নাছিল তাই! পিচে মদ খাই আহি তাইৰ ওপৰত অত্যাচাৰ কমাৰ সলনি দিনে দিনে বাঢ়িহে গৈছিল। মৌন হৈ সহ্য কৰিছিল প্ৰথমে। পিচলৈ দূৰত্ব বঢ়ায় নিয়াৰ বাহিৰে অন্য উপায় নাছিল তাইৰ।

ৰুবীৰ কলেজীয়া বন্ধু অম্লানৰ লগতে শেষলৈ বিয়াখন ঠিক হৈছিলগৈ। মনৰ বুজাবুজি হৈছিল সিহঁতৰ মাজত। বেংকত চাকৰি কৰা অম্লানৰ ঘৰৰো আটাইৰে পছন্দ হৈছিল ৰুবীক। বাপেকৰ স্বভাৱটোৰ বাহিৰে ঘৰৰখনৰ বাকীবোৰ কথা লাহে লাহে ভাললৈ আহিছিল যদিও যতীনৰ দিনে দিনে ভাঙিপৰা শাৰিৰীক অৱস্থাটোৱে হতাশ কৰিছিল আটাইকে। মদে ভিতৰি ভিতৰি শেষ কৰি পেলোৱা যতীনৰ লিভাৰৰ অসুস্থতাই ঘৰখনলৈ হুমুনিয়াহ কঢ়িয়াইছিল। পিচে এইবোৰৰ মাজতে ৰুবুললৈ এটা ভাল খবৰো আহিছিল। ডিব্ৰুগড় চহৰৰ কেন্দ্ৰীয় বিদ্যালয়খনত খালী হৈ থকা ইংৰাজীৰ শিক্ষক পদৰ চাকৰিটোৰ বাবে এদিন এডভাৰটাইজটো পেপাৰতে পাই এপ্লাই কৰি থৈছিল সি। এতিয়া চাকৰিটো তাৰ নামতে হৈছে বুলি কলিং লেটাৰখন অাহিছে। তাৰ চাকৰিটোৱে ঘৰখনলৈ আৰ্থিক সকাহৰ আশা কঢ়িয়াইছিল। তথাপিও নতুন চাকৰিত জইন কৰিবলৈ ইমান দূৰৈৰ চহৰখনলৈ যাব লগা হোৱা কথাটোত ৰুবুলৰ মনটো খেলিমেলি লাগিছিল প্ৰথমে। কিন্তু মনোৰমাৰ পৰা উৎসাহ পাই ৰুবুলে জইন কৰিছিল স্কুলখনত। ৰুবুলৰ অনুপস্থিতিত যতীনৰ শাৰিৰীক অৱস্থা আৰু বেয়াৰ ফাললৈ যোৱাৰ বাবে চিকিৎসালয়লৈ অনা-নিয়া কৰাৰ সমস্ত দায়িত্ব আকৌ প্ৰভাত মাষ্টৰৰ ওপৰতে পৰিলগৈ। আচলতে ঠিক দায়িত্ব নহয়, তেওঁ নিজেইহে হাত পাতি লৈছিল অসুবিধাবোৰ দেখি। কিছুদিন চিকিৎসাৰ অন্তত ডাক্তৰেও ঘোষণা কৰিছিল সেই নিষ্ঠুৰ সত্যটো, যতীনৰ হাতত জীৱনৰ সময় বৰ কম। লিভাৰৰ বহুখিনি অংশই ইতিমধ্যে শেষ হৈ গৈছিল। এইখিনি হোৱাটোকেই যেন যতীনে আশা কৰি আছিল ইমানদিনে। সেয়ে শেষ আৰু একমাত্ৰ ইচ্ছা ৰুবীৰ বিয়াখন চাই যোৱাৰ কথাটো প্ৰকাশ কৰিছিল তেওঁ। খুউব কম সময়ৰ ভিতৰতে খৰধৰকৈ অম্লানৰ ঘৰৰ লগত যোগাযোগ কৰি বিয়াখন মন্দিৰতে পতাৰ সিদ্ধান্ত লৈ সম্ভৱপৰ সকলো যোগাৰেই কৰি পেলোৱা হৈছিল। ৰুবুলেও ছুটী লৈ আহি প্ৰভাত ছাৰৰ লগ হৈ বিয়াৰ সকলো সম্ভৱপৰ কাম শেষ কৰিছিল। বিয়াখন সুকলমেই পাৰ হৈ গৈছিল!

বিয়াৰ তৃতীয়দিনা আয়োজন কৰা আঠ-মঙলাৰ আবেলিলৈ যতীনে বিদায় লৈছিল সকলোৰেপৰা। ‘কষ্ট দিলোঁ তোমাক মনোৰমা! তথাপি কেতিয়াও প্ৰতিবাদ নকৰিলা। সেয়ে হয়তো ভগৱানে ল’ৰা-ছোৱালী দুটাক তোমাৰ মনে বিচাৰা সাঁজতে গঢ় দিয়াত সহায় কৰিলে। তোমাৰ ওচৰত চিৰকৃতজ্ঞ’! যতীনৰ শেষ স্বীকাৰোক্তি আছিল সেয়া।

মৃতকৰ সকলো কৃত-কৰ্ম হৈ গ’ল। দহা-ভোজ, জ্ঞাতি লগ সকলো। আলহীবোৰো গৈ শেষ হ’ল। মনোৰমাৰ ভৰি থকা ঘৰখনো আজি একেবাৰে উকা হ’বগৈ। হঠাতে যেন সলনি হৈ গ’ল সকলো ফালেই। যতীন গৈ মনোৰমাও উকা হ’ল, ৰুবীও বোৱাৰী হৈ আনৰ ঘৰ শুৱনি হ’লগৈ। আৰু আজি ৰুবুলো তাৰ চাকৰিৰ ঠাইলৈ যাবগৈ আবেলিৰ বাছত। নতুন চাকৰি যেতিয়া আৰু বেছি ছুটী নাপায় সি, তাতে আকৌ শিক্ষকৰ চাকৰি। ঘৰৰ লেঠাবোৰ চিজিল কৰি যোৱাৰ কামতে ব্যস্ত হৈ আছে সি পুৱাৰেপৰা। দোকানত থকা বাকী পইচাখিনিও মাৰিছে, আকৌ যাতে মাকে ঘৰৰ লাগতিয়াল বস্তুবোৰ আনিবপৰা হয়। লাইটৰ বিল, ম’বাইল বিলৰ পইচাখিনি আদায় দি সুবিধাখিনি মাকক কৰি থৈ যোৱাৰ কামতে দৌৰা দৌৰি কৰি আছে সি। মনটো গধুৰ তাৰ। হাজাৰ হ’লেও আগতে দেউতাকটোৱেই সাহস আছিল মাকৰ লগ বুলি। সেই সাহসটোতে জইন কৰিছিল গৈ এদিন দূৰৈৰ চাকৰিটোত। আৰু আজিৰ পৰা! এতিয়াপৰা বাৰু কোন হ’ব সেই সাহস! কাৰ নিৰাপত্তাত বাৰু মাকক এৰি সি নিশ্চিন্ত হৈ থাকিব পাৰিব ইমান দূৰৈত! মনত পৰিল প্ৰভাত ছাৰলৈ। যোৱাৰ আগতে এবাৰ ছাৰক লগ ধৰি যাব লাগিব বুলি মনতে ভাবিলে সি। মাকৰ বাবে সেই সাহস তেওঁৰ বাহিৰে আৰু আন কোনোৱে দিব নোৱাৰে বুলি সি জানে। সৰুৰে পৰাই দেখি আহিছে ৰুবুল ৰুবীয়ে, কেনেদৰে প্ৰভাত ছাৰেহে সিহঁতক দেউতাকে লব লগা দায়িত্ববোৰ লৈছিল, কিতাপ বহীৰ অভাৱবোৰ পূৰ কৰিছিল, নিদিৰ্ষ্ট দূৰত্ব বজাই ৰাখি মাকৰ যত্ন লোৱা আঁৰে আঁৰে দেখিছিল সিহঁতে। এককথাত সিহঁতৰ মাকক বহুত ভালদৰে বুজিছিল তেওঁ….। অথচ এদিনো মাকৰ সৈতে তেওঁক নিৰলে বহি আলাপ কৰা মনত নপৰিল ৰুবুলৰ। কথাবোৰ ভাবি ভাবি ভাত কেইটা খাই ওলাবলৈ লওঁতেই প্ৰভাত মাষ্টৰ নিজেই আহি ওলালহি সিহঁতৰ ঘৰ। তেওঁ আজিও নিজৰ দায়িত্ব বুলিয়েই সময়মতেই উপস্থিত হয়হি ঘৰখনৰ দুখ-সুখ সকলো পৰিস্থিতিতে। সি যাবলৈ সাজু হৈ মাকক মাত লগাই প্ৰভাত ছাৰক উদ্দেশ্যি ক’লে, ‘বহুত দিনলৈকে মোক হয়তো আহিবলৈ ছুটীয়ে নিদিব ছাগৈ ছাৰ। গতিকে মাক আপোনাৰ ওচৰত দায়িত্ব বুলিয়ে গতালোঁ। বহুত দয়া কৰিছে আপুনি আমাক। এইখিনিও কৰি দিব বুলি বিশ্বাস আছে মোৰ। আপুনি অকলশৰীয়া মানুহ। আপত্তি নহ’লে আমাৰ ঘৰতে মাৰ ছাঁ হৈ থাকিব। তেনেকৈ থাকিলে সমাজে হয়তো বহুত বদনামো ৰচিব, বেয়া কথাও ক’ব। মানুহে সমালোচনা কৰা কথাবোৰে কেতিয়াও সমস্যা শেষ নকৰে, আৰম্ভণিটোহে সুন্দৰ ভাবে কৰিব জানে। এই সিদ্ধান্তটো মই ৰুবীৰ লগতো কথা পাতিহে লৈছোঁ। আপুনি লগত থাকিলে আমি নিশ্চিন্ত হৈ থাকিব পাৰিম।’
অবাক দৃষ্টিৰে প্ৰভাত মাষ্টৰে ৰুবুললৈ চালে। মনোৰমাই ভৰিৰ বুঢ়া আঙুলিৰে মাটি খুচৰি খুচৰি চকুৰ পানী টুকি থাকিল। চোতালৰ আগৰ আম গছডালত বহি থকা কুলিজনীয়েও যেন তাইৰ অমিয়া মাতেৰে ৰুবুলৰ প্ৰস্তাৱটোত সহাঁৰি দি আটাইয়ে শুনাকৈ বসন্ত অহাৰ জাননী দিলে। কথাখিনি কৈ ৰুবুলৰ মনটো পাতল লাগি গ’ল। দুয়োকে সেৱা জনাই যাবলৈ ওলাল সি। প্ৰভাত ছাৰে তাক বুকুৰ মাজলৈ চপাই কপালত এটি চুমা খাই বাছত উঠাই দিবলৈ আগবঢ়ায় লৈ গ’ল। মনোৰমাই চকুলো মচি মচি ৰুবুল যোৱাৰ ফালে চাই ৰৈ থাকিল নঙলা মুখতে। তেনেকৈয়ে অপেক্ষাত থাকিল প্ৰভাত ঘূৰি অহালৈকে….
****

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

Nice